বাজী (The Bet),মূলঃ এণ্টন চেখভ (Anton Chekhov):অনুবাদ-জ্যোৎস্না ৰাণী দাস
(১)
সেয়া আছিল এক শৰতকালৰ অন্ধকাৰ নিশা৷ বৃদ্ধ বেংকাৰজনে ইকোণৰ পৰা সিকোণলৈ অস্থিৰভাৱে পায়চাৰি কৰি আছিল তেওঁৰ অধ্যয়নকক্ষত, মনটো তেওঁৰ উৰা মাৰিছিল পোন্ধৰ বছৰ আগতে এনেকুৱা এটা শৰতকালত তেওঁ দিয়া সেই পাৰ্টীটোলৈ৷ তাত আছিল ভালেসংখ্যক বুদ্ধিমান লোক আৰু আমোদজনক কথোপকথনেৰে মুখৰিত হৈ আছিল পাৰ্টীটো৷ তেওঁলোকে আন আন কথাৰ লগতে চৰম শাস্তিৰ (মৃত্যুদণ্ড) বিষয়ে কথা পাতি আছিল৷ অতিথিসকলৰ ভিতৰত বেছ কিছুসংখ্যক পণ্ডিত আৰু সাংবাদিকেই নহয়, উপস্থিত বেছি অংশই মৃত্যুদণ্ডক অপছন্দ কৰিছিল৷ তেওঁলোকে ইয়াক শাস্তি হিচাপে কাল-বিৰুদ্ধ বুলি গণ্য কৰিছিল, যি খ্ৰীষ্টিয়ান দেশ এখনৰ বাবে অনুপযুক্ত আৰু অনৈতিক৷ তেওঁলোকৰ কিছুমানে বিশ্বাস কৰিছিল যে গোটেই বিশ্বতেই মৃত্যুদণ্ডৰ সলনি যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে৷
“মই আপোনাৰ সৈতে একমত নহওঁ”, কৈছিল আতিথেয়জনে(হ’ষ্ট)৷ “মই নিজে চৰম শাস্তি বা যাৱজ্জীৱন কাৰাদণ্ডৰ অভিজ্ঞতা লাভ কৰা নাই, যদি কোনোবাই কোনো এটাক অগ্ৰাধিকাৰ দিব খোজে তেন্তে মোৰ মতে চৰম শাস্তিয়েই কাৰাদণ্ডতকৈ বেছি নৈতিক আৰু মানৱীয়৷ প্ৰাণদণ্ডই তাৎক্ষণিক মৃত্যু দিয়ে, যাৱজ্জীৱন কাৰাদণ্ডই ঢাপে ঢাপে মৃত্যু দিয়ে৷ কোনজন বেছি মানৱীয় জল্লাদ, সেইজন যিয়ে কিছু চেকেণ্ডত হত্যা কৰে, নে সেইজন যিয়ে অহৰহ তোমাৰ জীৱনক আঁতৰাই নিব, বছৰলৈ?
“সেই দুটা উভয়ে সমানে অনৈতিক”, কৈছিল অতিথিসকলৰ এজনে, “কাৰণ দুয়োটাৰে উদ্দেশ্য একেই, জীৱন কাঢ়ি নিয়া৷ ৰাষ্ট্ৰ ভগৱান নহয়৷ ইয়াৰ কোনো অধিকাৰ নাই যে ই সেইটো কাঢ়ি নিব যিটো ওভোতাই দিব নোৱাৰে, যেতিয়াই ইচ্ছা কৰে৷”
অতিথিবৃন্দৰ মাজত এজন উকীল আছিল, প্ৰায় পঁচিশ বছৰীয়া এজন চফল ডেকা, তেওঁৰ মতামত বিচৰাত তেওঁ ক’লে:
“চৰম শাস্তি আৰু যাৱজ্জীৱন কাৰাদণ্ড দুয়োটাই সমানে অনৈতিক; কিন্তু মোক যদি দুয়োটাৰ যিকোনো এটা পছন্দ কৰিবলৈ প্ৰস্তাৱ দিয়া হয়, তেন্তে মই দ্বিতীয়টো পছন্দ কৰিম৷ অলপো জীয়াই থাকিবলৈ নোপোৱাতকৈ কেনেবাকৈ হ’লেও অলপ জীয়াই থাকিব পৰাটো ভাল৷”
এক প্ৰাণৱন্ত আলোচনা চলি আছিল৷ ডেকা বেংকাৰজনক খুব অস্থিৰ দেখা গৈছিল, তেওঁ ক্ৰুদ্ধ হৈ পৰিছিল৷ তেওঁ হাতৰ মুঠিৰে টেবুলত ভুকুৱাইছিল আৰু ডেকা উকীলজনৰ ফালে ঘূৰি চিঞৰি উঠিছিল:
“এইটো এটা মিছা৷ মই আপোনাক দুই মিলিয়ন বাজী লগাইছোঁ আপুনি এটা চেলত পাঁচ বছৰো থাকিব নোৱাৰিব”৷
“যদি আপুনি চিৰিয়াছলি কৈছে”, কৈছিল উকীলজনে, “তেন্তে মই বাজী লগাইছোঁ যে মই পাঁচ বছৰ নহয় পোন্ধৰ বছৰ থাকিম”৷
“পোন্ধৰ! ঠিক! চিঞৰি উঠিছিল বেংকাৰজনে৷ “জেণ্টলমেন, মই দুই মিলিয়ন বাজী লগালোঁ৷”
“সন্মত৷ আপুনি দুই মিলিয়ন বাজী লগালে আৰু মই মোৰ স্বাধীনতাক”, কৈছিল উকীলজনে৷
এনেদৰে এটা প্ৰচণ্ড হাস্যকৰ বাজীৰ ঘটনা ঘটি গ’ল৷ বেংকাৰজনে যি সময়ত বহুত মিলিয়ন গণি থাকিব লাগিছিল, খামখেয়ালীৰে কৰিলে ধ্বংস, তাৰ উপৰি তেওঁ পৰমানন্দত আত্মহাৰা৷ নৈশ আহাৰৰ সময়ত তেওঁ উকীলজনক ব্যংগাত্মকভাৱে কৈছিল,
“বেছি দেৰি হোৱাৰ আগতে হুঁচলৈ আহাঁ, ডেকা ঘোঁৰা, দুই মিলিয়ন মোৰ বাবে একো নহয়, কিন্তু তুমি তোমাৰ জীৱনৰ আটাইতকৈ ভাল সময়ৰ তিনিৰ পৰা চাৰি বছৰ হেৰুৱাবা৷ মই তিনিৰ পৰা চাৰি এইকাৰণেই কৈছোঁ যে ইয়াতকৈ বেছিদিন তুমি তাত থাকিব নোৱাৰিবা৷ আৰু নাপাহৰিবা, বেচেৰা ল’ৰা, জোৰপূৰ্বক কাৰাদণ্ডতকৈ স্বেচ্ছাকৃত কাৰাদণ্ড বেছি গধুৰ৷ তুমি তোমাক যেতিয়াই মন যায় তেতিয়াই নিজকে মুকলি কৰিব পাৰিবা, এই ধাৰণাটোৱে তোমাক চেলত খুলি খুলি খাব৷ তোমালৈ সমবেদনা থাকিল৷”
এতিয়া বেংকাৰজনে ইফালৰ পৰা সিফালে পায়চাৰি কৰি কথাবোৰ পাগুলিয়াই আছে আৰু নিজেই নিজক সুধিলেঃ
“মই কিয় বাৰু এই বাজী লগালোঁ? কি ভাল আছিল ইয়াত? উকীলজনে তেওঁৰ জীৱনৰ পোন্ধৰ বছৰ হেৰুৱালে আৰু মই দুই মিলিয়ন৷ এইটোৱে মানুহক পতিয়ন নিয়াব পাৰিব নে মৃত্যুদণ্ড যাৱজ্জীৱন কাৰাদণ্ডতকৈ ভাল বা বেয়া? নাই নাই, চব অৰ্থহীন কথা আৰু আৱৰ্জনা৷ মোৰ পক্ষে এইটো এটা স্থূলদেহৰ লোকৰ খামখেয়ালী কাম আৰু উকীলজনৰ পক্ষে সম্পত্তিৰ লোভ৷”
তেওঁ সেই সন্ধিয়াৰ পাৰ্টিটোৰ পিছত কি হৈছিল মনত পেলালে৷ এইটো সিদ্ধান্ত হৈছিল যে উকীলজনে বেংকাৰজনৰ বাগিছাৰ এক কক্ষত তীক্ষ্ণ পৰ্যবেক্ষণৰ মাজত কাৰাদণ্ড ভোগ কৰিব লাগিব৷ এইটো সহমত হৈছিল যে তেওঁ সেই সময়খিনিত বঞ্চিত হ’ব দুৱাৰমুখো পাৰ কৰাৰ অধিকাৰৰ পৰা, জীৱিত লোক দেখিবলৈ বা মানুহৰ মাত শুনিবলৈ আৰু চিঠি বা বাতৰিকাকত ল’বলৈ৷ তেওঁক অনুমতি দিয়া হৈছিল বাদ্যযন্ত্ৰ ল’বলৈ, কিতাপ পঢ়িবলৈ, চিঠি লিখিবলৈ, মদ্যপান আৰু ধূম্ৰপান কৰিবলৈ৷ চুক্তিপত্ৰ মতে তেওঁ যোগাযোগ কৰিব পাৰিব, কিন্তু মাত্ৰ নিৰলে, বাহিৰৰ জগতখনৰ সৈতে মাত্ৰ সৰু খিৰিকী এখনেৰে যিখন অকল এইটো উদ্দেশ্যতেই বনোৱা হৈছিল৷ প্ৰয়োজনীয় সকলো, কিতাপ, সংগীত মদ, যিকোনো কোৱালিটিৰ, এই খিৰিকীখনেৰে এটা টোকা পঠিয়াই দিলেই তেওঁ পাব৷ চুক্তিপত্ৰখনে সূক্ষ্মতম বিৱৰণ দিছিল, যিয়ে এই কাৰাবাসক বিশেষভাৱে একাকী কৰিছিল, আৰু ইয়ে বাধ্য কৰিছিল উকীলজনক ঠিক পোন্ধৰ বছৰ, ১৪ নৱেম্বৰ, ১৮৭০চনৰ বাৰ বজাৰ পৰা ১৪ নৱেম্বৰ, ১৮৮৫ চনৰ বাৰ বজালৈকে৷ খুবেই কম তেওঁৰ ফালৰ পৰা চৰ্ত উলঙ্ঘন কৰাৰ প্ৰচেষ্টা হ’ব, মাত্ৰ যদি দুই মিনিট আগতেও কাৰাবাস ৰেহাই হয় তেন্তে বেংকাৰজনে দুই মিলিয়ন দিবলৈ বাধ্য নহয়৷
প্ৰথম বছৰৰ বন্দীত্বৰ সময়ত উকীলজনে, যিমান সম্ভৱ তেওঁৰ চুটি টোকাবোৰৰ পৰা অনুমান কৰিব পাৰি যে, তেওঁ তীব্ৰ একাকীত্ব আৰু বিৰক্তিত ভুগিছিল৷ তেওঁৰ পিনৰ পৰা দিনে নিশাই পিয়ানোৰ শব্দ ভাঁহি আহিছিল৷ তেওঁ মদ আৰু ধপাত প্ৰত্যাখ্যান কৰিছিল৷ “মদ”, তেওঁ লিখিছিল, “বাসনাক উত্তেজিত কৰে আৰু বাসনা এজন কাৰাবন্দীৰ প্ৰধান শত্ৰু, তাৰোপৰি, ভাল মদ অকলে সেৱন কৰাৰ দৰে বিৰক্তিকৰ একো নাই৷” আৰু ধূম্ৰপানে কোঠাটোৰ বতাহ বেয়া কৰে৷ প্ৰথম বছৰত উকীলজনলৈ পঠিওৱা হৈছিল পাতল ধৰণৰ কিতাপ, জটিল প্ৰেমকাহিনীৰ ৰুচিগত উপন্যাস, অপৰাধ আৰু ফেণ্টাচী গল্প, ব্যংগ ৰচনা ইত্যাদি ইত্যাদি৷
দ্বিতীয় বছৰটোত পিয়ানাৰ মাত আৰু শুনা নগৈছিল, উকীলজনে এতিয়া কেৱল উচ্চশ্ৰেণীৰ সাহিত্য বিচাৰিছিল৷ পঞ্চম বছৰত, পুনৰ সংগীত শুনা গৈছিল আৰু বন্দীজনে মদ বিচাৰিছিল৷ যিসকলে তেওঁক সেইখিনি সময়ত লক্ষ্য কৰি আছিল তেওঁলোকে কৈছিল যে তেওঁ সেই বছৰটোত কেৱল খোৱাত, পানীয় সেৱনত আৰু শোৱাত মনোনিৱেশ কৰিছিল৷ তেওঁ মাজে মাজে এঙামুৰি দিছিল আৰু নিজৰ সৈতে নিজেই খঙেৰে কথা পাতিছিল৷ কিতাপবোৰ তেওঁ পঢ়া নাছিল৷ মাজেসময়ে তেওঁ মাজৰাতি লিখিবলৈ উঠি বহিছিল৷ তেওঁ বহুত সময় ধৰি লিখিছিল আৰু ৰাতিপুৱা এইবোৰ নষ্ট কৰি পেলাইছিল৷ কেইবাবাৰো তেওঁক কন্দা শুনা গৈছিল৷
এইটো আছিল ষষ্ঠ বছৰৰ দ্বিতীয়াংশ, কয়দীজনে খুব উৎসাহেৰে ভাষা, দৰ্শন আৰু ইতিহাস অধ্যয়ন আৰম্ভ কৰিছিল৷ তেওঁ এই বিষয়কেইটাৰ ওপৰত ইমানেই ক্ষুধাৰ্ত আছিল যে বেংকাৰজনে কিতাপসমূহ সংগ্ৰহ কৰি দিবলৈ খুব কম সময়হে উলিয়াব পাৰিছিল। চাৰি বছৰত ছশ খণ্ডৰ পৰিমাণ তেওঁৰ বাবে কিনা হৈছিল। যেতিয়ালৈকে নিচাটো বৰ্তি আছিল বেংকাৰজনে এখন চিঠি পাইছিল এনেধৰণে—-
“মোৰ মৰমৰ গাওলাৰ, মই এই শাৰীকেইটা ছয়টা ভাষাত লিখিছোঁ৷ এইখিনি বিশেষজ্ঞক দেখুৱাব৷ পঢ়ি চাবলৈ দিব৷ যদি তেওঁলোকে এটাও ভুল দেখা নাপায় তেন্তে মই অনুৰোধ কৰিছোঁ যে আপুনি বাগিছাৰ চোতালত গুলী ফুটাবলৈ দিব৷ শব্দটো শুনিলে মই গম পাম যে মোৰ কষ্ট অথলে যোৱা নাই৷ বিভিন্ন সময়ৰ আৰু বিভিন্ন দেশৰ জিনিয়াছসকলে বিভিন্ন ভাষা কয়, কিন্তু তেওঁলোকৰ মাজত জ্বলে একে একুৰা জুই৷ উস, যদি আপুনি জানিলেহেঁতেন মোৰ এতিয়াৰ স্বৰ্গীয় সুখ যিটো মই বুজি পাওঁ!” কয়দীজনৰ আকাংক্ষা পূৰণ কৰোৱা হৈছিল৷ বেংকাৰজনৰ নিৰ্দেশত বাগিছাত দুটা গুলী ফুটোৱা হৈছিল৷
পিছলৈ, দহ বছৰৰ পাছত, উকীলজনে টেবুলৰ সন্মুখত অটল, স্থিৰ হৈ বহি আছিল আৰু একমাত্ৰ নিউ টেষ্টামেণ্টখন পঢ়ি আছিল৷ বেংকাৰজনে এইটো আচৰিত পাইছিল যে যিজন মানুহে চাৰি বছৰত ছশ পাণ্ডিত্যপূৰ্ণ গ্ৰন্থ আয়ত্ত কৰিছিল, এখন মাত্ৰ গ্ৰন্থ অধ্যয়নৰ বাবে প্ৰায় এটা বছৰেই যথেষ্ট আছিল, বুজিবলৈ সহজ আৰু কলেৱৰো ডাঙৰ নহয়৷ নিউ টেষ্টামেণ্টখন তেতিয়া ধৰ্মৰ ইতিহাস আৰু ধৰ্মশাস্ত্ৰৰে সলনি কৰা গ’ল৷
কাৰাবাসৰ শেষৰ দুটা বছৰ কয়দীজনে এক অসাধাৰণ ৰাশিৰ গ্ৰন্থ পঢ়িছিল, অত্যন্ত অস্থিৰতাৰে৷ এতিয়া তেওঁ নিজকে প্ৰাকৃতিক বিজ্ঞানেৰে নিজক সংশ্লিষ্ট কৰিব, তাৰপাছত তেওঁ বাইৰন নাইবা শ্বেক্সপীয়েৰ পঢ়িব৷ তেওঁৰ কৰা অহা টোকাবোৰ য’ত একেসময়তে বিচাৰিছিল ৰসায়ন বিজ্ঞানৰ ওপৰত এখন কিতাপ, মেডিচিনৰ এখন পাঠ্যপুথি, দৰ্শনৰ কিছু সন্ধি বা ধৰ্মশাস্ত্ৰ৷ তেওঁ এনেধৰণে পঢ়িছিল যেন তেওঁ ধ্বংসাৱশেষৰ টুকুৰাৰে ভৰপূৰ এখন সাগৰত সাঁতুৰি আছে আৰু তেওঁৰ জীৱন উদ্ধাৰৰ আকাংক্ষাই তেওঁক ইটোৰ পিছত সিটো টুকুৰা আঁকোৱালি ল’বলৈ ইপ্সিত ইংগিত কৰিছে৷
__________________
(২)
বেংকাৰজনে এই সকলোবোৰ কথা মনত পেলাইছিল, আৰু ভাবিছিল:
“কাইলৈ বাৰ বজাত সি স্বাধীনতা লাভ কৰিব৷ চুক্তিপত্ৰৰ মতে, মই তাক দুই মিলিয়ন অৰ্থ দিব লাগিব৷ যদি মই দিওঁ, মোৰ সকলো শেষ হৈ যাব৷ মই চিৰদিনৰ বাবে ধ্বংস….”
পোন্ধৰ বছৰ আগতে তেওঁৰ আছিল অগণিত মিলিয়ন, কিন্তু এতিয়া তেওঁৰ নিজকে সুধিবলৈ ভয় লাগে, তেওঁৰ কি বেছি আছে, টকা নে ধাৰ? ষ্টক এক্সচেঞ্জৰ জুৱা খেলি, বিপজ্জনক(risky) অনুমান, আৰু বেপৰোৱা স্বভাৱ যাৰপৰা তেওঁ নিজকে মুক্ত কৰিব নোৱাৰিলে এই বৃদ্ধ বয়সলৈকে, অনুক্ৰমে ইয়ে তেওঁৰ ব্যৱসায়ৰ ক্ষতি কৰিছিল; আৰু নিৰ্ভীক, আত্মবিশ্বাসী, ব্যৱসায়ত গৰ্বিত লোকজন এজন সাধাৰণ বেংকাৰত পৰিণত হৈছিল, প্ৰতিটো উত্থানত কম্পিত হৈছিল আৰু বজাৰত ব্যৱসায় তললৈ নামি গৈছিল৷
“সেই অভিশপ্ত বাজীটো”, বেংকাৰজনে হতাশাত মূৰটো আঁজুৰি ধৰি বিৰবিৰাইছিল….. “মানুহজন নমৰিল নো কিয়? সি মাত্ৰ চল্লিশ বছৰীয়া৷ সি মোৰ শেষ পইচাটোও লৈ যাব, বিয়া পাতিব, জীৱন উপভোগ কৰিব, এক্সচেঞ্জত জুৱা লগাব, আৰু মই থাকিম এজন ঈৰ্ষান্বিত ভিখাৰীৰ দৰে, আৰু প্ৰতিদিনে তাৰ মুখৰ পৰা শুনিম একেই কথা: ’মোৰ জীৱনলৈ অহা সুখৰ বাবে আপোনাৰ ওচৰত মই বাধ্য৷ মোক আপোনাক সহায় কৰিবলৈ দিয়ক’৷ নাই, বহুত হ’ল! দেৱলীয়া আৰু অপমানিত হোৱাৰ পৰা বাচি থকাৰ একমাত্ৰ উপায় হৈছে—- এই মানুহজন মৰিব লাগিব”৷
ঘড়ীটোৱে তিনি বজাৰ সংকেত দিলে৷ বেংকাৰজনে কাণ উনাই আছিল৷ ঘৰৰ সকলোৱে শুই পৰিছিল, আৰু কোনোবাই শুনিলে মাত্ৰ ঠেঁটুৱৈ লগা গছবোৰ খিৰিকীৰ বাহিৰত হোঁহোৱাই থকাহে শুনিব৷ কোনো শব্দ নকৰাকৈ খুপি খুপি, তেওঁ সাৱধানে দুৱাৰখনৰ চাবিপাত উলিয়ালে, যিখন দুৱাৰ পোন্ধৰ বছৰ ধৰি খোলা হোৱা নাছিল, তেওঁ অভাৰকোটটো পিন্ধি ল’লে আৰু ঘৰৰ পৰা বাহিৰ হৈ গ’ল৷ বাগিছাখন আন্ধাৰ আৰু শীতাৰ্ত হৈ পৰিছিল৷ বৰষুণ দি আছিল৷ এজাক ভিজা, তীব্ৰ বতাহে বাগিছাত সোঁসোঁৱাই আছিল আৰু গছবোৰক বিৰতি দিয়া নাছিল৷ যদিও তেওঁ চকুজুৰি টানি মেলিছিল, তথাপি বেংকাৰজনে বাগিছাৰ কাষ আৰু গছবোৰ দেখা নাছিল৷ বাগিছাৰ কাষলৈ আগুৱাই, তেওঁ চকীদাৰজনক দুবাৰ মাতিলে৷ কোনো উত্তৰ অহা নাছিল৷ নিশ্চয় চকীদাৰজনে বেয়া বতৰৰ বাবে আশ্ৰয় লৈছিল আৰু এতিয়া পাকঘৰ বা চ’ৰাঘৰৰ ক’ৰবাত শুই পৰিছে৷
“মই যদি মোৰ অভিপ্ৰায় সফল কৰিব পাৰোঁ”, ভাবিছিল বৃদ্ধজনে, “সকলোতকৈ আগতে সন্দেহ চকীদাৰজনৰ ওপৰতে পৰিব”৷
আন্ধাৰত তেওঁ খুপি খুপি খোজকাঢ়ি গৈছিল দুৱাৰখনলৈ, আৰু প্ৰৱেশ কৰিছিল বাগিছাৰ কাষত, তাৰপাছত তেওঁৰ পথটো টুকুৰিয়াই ঠেক কৰিছিল আৰু এটা দিয়াচলাই জ্বলাইছিল৷ এটি জীৱও তাত নাছিল৷ কাৰোবাৰ বিছনা, ওপৰত কোনো বিছনাচাদৰ নাই, থিয় হৈ ৰৈছিল, আৰু এটা লোৰ ষ্টোভ আন্ধাৰত অস্পষ্ট অৱয়বৰ দৰে দেখা গৈছিল৷ কাৰাবন্দীজনৰ কোঠাৰ সন্মুখৰ দুৱাৰখনৰ ছীল অক্ষত আছিল৷
যেতিয়া দিয়াচলাই কাঠীডাল নুমাই গ’ল, বৃদ্ধ মানুহজনে উৎকণ্ঠাত কঁপি উঠিছিল আৰু সতৰ্কতাৰে সৰু খিৰিকীখনৰ ফালে জুমি চাইছিল৷
কয়দীজনৰ কোঠাত ঢিমিকঢামাককৈ এডাল মম জ্বলি আছিল৷ কয়দীজন টেবুলৰ সন্মুখত বহি আছিল৷ তেওঁৰ পিছফালে মাত্ৰ চুলিৰে ভৰ্তি মূৰটো আৰু হাতদুখন দেখা গৈছিল৷ খোলা কিতাপবোৰ টেবুলত আকীৰ্ণ বিস্তৃত হৈ আছিল, দুখন চকীত, আৰু কাৰ্পেটৰ ওপৰত টেবুলৰ কাষত৷
পাঁচ মিনিট পাৰ হৈ গ’ল কিন্তু কয়দীজনে এবাৰো লৰচৰ নকৰিলে৷ পোন্ধৰ বছৰৰ কাৰাবাসে তেওঁক শিকাইছে স্তব্ধ হৈ বহি থাকিবলৈ। বেংকাৰজনে খিৰিকীত আঙুলিৰে টুকুৰিয়াই দিলে, কিন্তু কয়দীজনে কোনো লৰচৰেই নকৰিলে৷ তেতিয়া বেংকাৰজনে কৌতূহলী হৈ ছীলটো দুৱাৰৰ পৰা সাৱধানে ভাঙিলে আৰু তলাটোত ছাবিপাত সুমুৱাই দিলে৷ মামৰে ধৰা তলাটো কৰ্কশভাৱে আৰ্তনাদ কৰি উঠিল আৰু দুৱাৰখন খৰমৰাই উঠিল৷ বেংকাৰজনে আশা কৰিছিল যে তৎক্ষণাত তেওঁ এটা আশ্বৰ্য্যৰ চিঞৰ আৰু খোজৰ শব্দ শুনিব৷ তিনি মিনিট গ’ল কিন্তু আগৰ দৰে ভিতৰত একেই শান্ত পৰিৱেশ দেখা গ’ল৷ তেওঁ ভিতৰত প্ৰৱেশ কৰিবলৈ থিৰাং কৰিলে৷
টেবুলখনৰ সন্মুখত, এজন মানুহ বহি আছিল, আন সাধাৰণ জীৱিত মানুহৰ দৰেই৷ এইটো এটা কংকাল আছিল, হাড়ে-ছালে লগা, মহিলাৰ দৰে দীঘল একোছা কেঁকোৰা চুলি, আৰু একোছা ৰুক্ষ দাড়ি৷ তেওঁৰ মুখৰ ৰং আছিল হালধীয়া, মটীয়া ৰঙৰ; গাল দুখন আছিল সোমাই যোৱা, পিঠিখন দীঘল আৰু ঠেক, আৰু হাতখন য’ত তেওঁ কেশাবৃত মূৰটো পেলাই থৈছিল,একেবাৰে ক্ষীণ নিশকতীয়া আৰু চৰ্মসাৰ আছিল যে চাবলৈ খুব দুখলগা হৈছিল৷ তেওঁৰ চুলিবোৰ ইতিমধ্যে ধূসৰ আৰু ৰূপালী বৰণ ধৰিছিল, আৰু কোনেও এই বাৰ্ধক্য জড়তাৰে ভৰা মুখখন দেখি নক’ব যে তেওঁ মাত্ৰ চল্লিশ বছৰীয়া৷ টেবুলৰ ওপৰত, হাউলি থকাৰ মূৰটোৰ আগত, এখিলা কাগজ পৰি আছিল য’ত এই ক্ষুদ্ৰ হাতেৰে কিবা লিখি থোৱা আছিল৷
“বেচেৰা চয়তান”, ভাবিছিল বেংকাৰজনে, “সি শুই আছে আৰু হয়তো সপোনত মিলিয়ন টকা দেখি আছে৷ মই কেৱল মাত্ৰ এই অৰ্ধমূৰটো বিছনাত পেলাই দিব লাগে আৰু একমুহূৰ্তৰ ভিতৰতে গাৰু এটা লৈ শ্বাসৰুদ্ধ কৰিব লাগে, আৰু আটাইতকৈ বিচক্ষণ পৰীক্ষাৰ পিছতো নোলাব যে এয়া এক অস্বাভাৱিক মৃত্যু৷ কিন্তু, প্ৰথমে, পঢ়ি চাওঁহ’ক তেওঁ নো ইয়াত কি লিখিছে”৷
বেংকাৰজনে কাগজখিলা টেবুলৰ পৰা উঠাই ল’লে আৰু পঢ়িবলৈ ধৰিলে:
“কাইলৈ ৰাতি বাৰ বজাত, মই মোৰ স্বাধীনতা লাভ কৰিম আৰু মানুহৰ সৈতে সংশ্ৰৱিত হোৱাৰ অধিকাৰ পাম৷ কিন্তু মই এই কোঠাটো এৰাৰ আগতে আৰু সূৰ্য্য দেখাৰ আগতে মই ভাবো যে আপোনাক কেইটামান শব্দ কোৱাটো আৱশ্যকীয়৷ মোৰ স্পষ্ট জ্ঞানে আৰু ভগৱানক সাক্ষী কৰি মই আপোনাৰ আগত ঘোষণা কৰিলোঁ যে মই প্ৰত্যাখ্যান কৰিলোঁ স্বাধীনতা, জীৱন, স্বাস্থ্যক আৰু আপোনাৰ সেই সকলোখিনি কিতাপ যিবোৰক পৃথিৱীৰ আশীৰ্বাদ বুলি কয়৷”
“পোন্ধৰ বছৰ ধৰি মই অধ্যৱসায়েৰে পাৰ্থিৱ জীৱনৰ বিষয়ে অধ্যয়ন কৰিলোঁ৷ সঁচা, মই না দেখিছোঁ পৃথিৱী না দেখিছোঁ মানুহ, কিন্তু আপোনাৰ কিতাপবোৰত মই পান কৰিছোঁ সুগন্ধি মদ, গীত গাইছোঁ, অৰণ্যত হৰিণ আৰু বনৰীয়া গাহৰি চিকাৰ কৰিছোঁ, নাৰীক ভাল পাইছো….. আৰু সুন্দৰী নাৰীবোৰ, আকাশত থকা মেঘৰ দৰে, আপোনাৰ কবিবোৰৰ দ্বাৰা সৃষ্ট প্ৰতিভাৰ যাদুৱে, মোক দেখা কৰেহি সদায় ৰাতি আৰু ফুচফুচাই কয়হি বিস্ময়কৰ সাধুবোৰ, যিয়ে মোৰ মগজু নিচাসক্ত কৰি তোলে৷ আপোনাৰ কিতাপবোৰত মই বগাইছিলোঁ এলব্ৰুজ আৰু ম’ণ্ট ব্লেংক (দুখন পৰ্বত)ৰ শিখৰ৷ আৰু তাৰপৰা দেখিছিলোঁ কেনেকৈ সূৰ্য্য ৰাতিপুৱা উদয় হয়, আৰু সন্ধিয়াৰ আকাশ ভৰাই তোলে, মহাসাগৰ আৰু পৰ্বতৰ শৈলশিৰাত পৰি থাকে হেঙুল বৰণ৷ মই তাৰপৰা দেখিছিলোঁ কেনেকৈ ওপৰত বজ্ৰপাতে আভাবোৰ বিদীৰ্ণ কৰি মেঘৰ মাজত সিঁচৰতি তোলে; মই দেখিছোঁ সেউজীয়া অৰণ্যবোৰ, পথাৰবোৰ, নদীবোৰ, হ্ৰদ, মহানগৰী; মই শুনিছোঁ চাইৰেণে গান গোৱা, আৰু পেনৰ পাইপৰ খেল; মই স্পৰ্শ কৰিছোঁ ধুনীয়া চয়তানৰ ডেউকা যিয়ে মোৰ তালৈ উৰি আহিছিল ভগৱানৰ কথা ক’বলৈ…. আপোনাৰ কিতাপত মই নিজকে নিক্ষেপ কৰিছিলোঁ অতল তলিলৈ (ৰসাতল), চমৎকাৰ কৰিছিলোঁ, মহানগৰী জ্বলাইছিলোঁ, নতুন ধৰ্ম প্ৰচাৰ কৰিছিলোঁ, সকলোবোৰ মহানগৰ জয় কৰিছিলোঁ…৷
আপোনাৰ কিতাপে মোক জ্ঞান দিছিল৷ মানুহৰ সকলো নগ্ন চিন্তাই শতিকাজুৰি কৰা সৃষ্টি মোৰ লাওখোলাৰ এটি মাত্ৰ পিণ্ডত সঞ্চিত হৈ আছে৷ মই জানো যে মই আপোনালোক সকলোতকৈ বুদ্ধিমান৷”
“আৰু মই প্ৰত্যাখ্যান কৰোঁ আপোনাৰ কিতাপবোৰ, প্ৰত্যাখ্যান সকলো শাব্দিক আশীষ আৰু জ্ঞান৷ সকলো বিফল, দুৰ্বল, কাল্পনিক আৰু মৰীচিকাৰ দৰে ভ্ৰম৷ যদিও আপুনি গৰ্বিত আৰু জ্ঞানী আৰু সুন্দৰ, তথাপি মৃত্যুৱে আপোনাক মচি পেলাব পৃথিৱীৰ সন্মুখৰ পৰা এটা মাটিৰ তলৰ নিগনিৰ দৰে; আৰু আপোনাৰ উত্তৰপুৰুষ, আপোনাৰ ইতিহাস, আৰু আপোনাৰ প্ৰতিভাশালী লোকৰ অমৰত্বই হিমায়িত লাভা হৈ পৰিব, একেলগে জ্বলাই পেলাব লৌকিক গোলক৷
“আপুনি পাগল আৰু ভুল পথেৰে গৈছে৷ আপুনি মিছাক সঁচা বুলি মানি লৈছে আৰু কুৎসিতক সুন্দৰ বুলি৷ আপুনি চমৎকৃত হ’ব যদি আপেল আৰু কমলা টেঙাৰ গছত ফলৰ সলনি ভেকুলী আৰু জেঠী বগাই থাকে, আৰু যদি গোলাপে উশাহ ল’বলৈ ধৰে আৰু ঘোঁৰাৰ ঘামৰ দৰে গোন্ধাবলৈ ধৰে৷ গতিকে মই আপোনাক লৈ আচৰিত, যিজনে পৃথিৱীৰ বাবে স্বৰ্গ সলনি কৰিলে৷ মই আপোনাক বুজিব নোখোজোঁ৷
“যে মই আপোনাক দেখুৱাব পাৰোঁ মোৰ কামেৰে মোৰ অৱজ্ঞাৰে যিটোৰে আপুনি জীয়াই আছে৷ মই দুই মিলিয়ন মাফ কৰি দিলোঁ যিটো এসময়ত মই স্বৰ্গৰে তুলনা কৰিছিলোঁ, আৰু যিটো এতিয়া মই অৱজ্ঞা কৰিলোঁ৷ সেইটোৰ অধিকাৰৰ পৰা পৰা মই নিজকে বঞ্চিত কৰিলোঁ, মই ইয়াৰ পৰা নিৰ্দিষ্ট সময়ৰ পাঁচ মিনিট আগতে ওলাই যাম, আৰু তেনেকৈয়ে চুক্তি উলঙ্ঘন হ’ব৷”
যেতিয়া তেওঁ পঢ়ি অঁতালে, বেংকাৰজনে কাগজখিলা টেবুলত থ’লে, আচৰিত মানুহজনৰ কপালত চুমা খালে , আৰু কান্দিবলৈ ধৰিলে৷ তেওঁ তাৰপৰা বাহিৰলৈ ওলাই গুচি গ’ল৷ আন কোনো সময়তো নহয়, আনকি এক্সচেঞ্জত তেওঁৰ ভয়ানক লোকচানৰ সময়তো এতিয়াৰ দৰে এনে আহত অনুভৱ কৰা নাছিল৷ ঘৰলৈ আহি, তেওঁ বিছনাত পৰিল, কিন্তু উদ্বিগ্নতা আৰু চকুপানীয়ে তেওঁক বহুসময় টোপনি যাবলৈ নিদিলে…৷
পিছদিনা ৰাতিপুৱা বেচেৰা চকীদাৰজনে তেওঁৰ ওচৰলৈ দৌৰি আহি জনালে যে বাগিছাৰ কাষত থকা মানুজনক সি খিৰিকীৰে জঁপিয়াই বাগিছাৰ বাহিৰলৈ ওলাই যোৱা দেখিছে৷ মানুহজন গেটৰ মুখলৈ গ’ল আৰু নাইকিয়া হৈ গ’ল৷ বেংকাৰজনে তৎক্ষণাত তাৰ সৈতে তালৈ গ’ল আৰু তেওঁৰ কয়দীজনৰ পলায়ন চিহ্নিত কৰিলে৷ অনাৱশ্যক উৰাবাতৰি এৰাবলৈ তেওঁ আত্মত্যাগৰ দলিলখন টেবুলৰ পৰা ল’লে আৰু ঘূৰি আহি সাৱধানে তলা মাৰি থ’লে৷
************