বিবাহ আৰু বৈদিক শ্লোকসমূহত পত্নীৰ মহত্ব-উপাসা ভাগৱতী

কুলিৰ মাতত ব’হাগ পালেহি। বছৰৰ প্ৰথম এই মাহটোতে বহুতে জীৱনৰ এক গুৰুত্বপূৰ্ণ সংস্কাৰ বিয়াখন পাতি গাৰ্হস্থ্য জীৱনত প্ৰবেশ কৰিবলৈ উত্তম সময় বুলি বিবেচনা কৰে বাবেই কয় ‘বহাগতে পাতি যাওঁ বিয়া’ আৰু বিহুনামবোৰতো তাৰেই ধ্বনি শুনা যায়।

গাৰ্হস্থ্য জীৱনত স্বামী আৰু স্ত্ৰীলৈ পৰিণত হোৱা নৰ-নাৰীৰ বিশেষ ভূমিকা থাকে। বিশেষকৈ জন্মৰ ঘৰখন এৰি আহি স্বামীৰ ঘৰখনক আঁকোৱালি লৈ সংসাৰ ধৰ্ম পালন কৰা নাৰী এগৰাকীৰ গুৰুত্ব অধিক।বৈদিক শ্লোকসমূহত বিবাহৰ লগতে কিছুমান পত্নী বিষয়ক শ্লোকত পত্নীৰ মহত্ত্ব বৰ সুন্দৰকৈ ফুটি উঠা দেখিবলৈ পাওঁ। 

হিন্দু সংস্কৃতিত বিবাহ এক অটুট, পৰম পবিত্ৰ ধাৰ্মিক সংস্কাৰৰূপে বিবেচিত। সংস্কৃত ‘বিবাস’ শব্দৰপৰা উৎপত্তি ‘বিবাহ’ শব্দটিয়ে বিশেষভাবে বসবাস কৰা বুজায়। প্রাগ-ঐতিহাসিক যুগত  দলবদ্ধভাৱে জীৱন-যাপন কৰা বন্য মানুহৰ ক্ষেত্ৰত পৰিয়াল তথা স্বামী-স্ত্ৰীৰূপে নিৰ্দিষ্ট ঘৰ সাজি বসবাস কৰাৰ কোনো ব্যৱস্থা নাছিল। একোটা ফৈদৰ লোকে সমাজ পাতি বসবাস কৰাৰ পিচৰপৰাহে এই অনুষ্ঠানৰ সৃষ্টি হ’ল। বিশ্ববিশ্ৰুত পণ্ডিত ৰাহুল সংকৃত্যায়নে তেওঁৰ ‘ভল্গা চে গঙ্গা’ নামৰ বহুচৰ্চিত গ্ৰন্থত মানুহ কেনেদৰে আদিম বন্যৰূপৰপৰা এই বান্ধোনৰ স্তৰলৈ আহিল তাক বৰ মনোৰম ৰূপেৰে বৰ্ণনা কৰি গৈছে। 

বৈদিক সাহিত্যত ঋষি শ্ৰুতকেতুৱে মৰ্য্যাদা ৰক্ষাৰ হেতু বিবাহ প্ৰণালী স্থাপন কৰিছিল। ইয়াৰ উদ্দেশ্য হ’ল সন্তান উৎপত্তিৰদ্বাৰা এক পৰিয়ালৰ ভেঁটি স্থাপন৷ এই সংসাৰৰ সৃষ্টি পুৰুষ আৰু নাৰীৰ মিলনৰ ফলশ্ৰুতিত।এই মিলন সামাজিকভাৱে যি অনুষ্ঠানৰ জৰিয়তে সম্ভৱপৰ হৈ উঠে, সেয়া হৈছে সাত জনমৰ বন্ধন বুলি ভবা  বিবাহ অনুষ্ঠানৰ যোগেদি  যি সকলোতকৈ সন্মানীয় আৰু শ্ৰেষ্ঠ। 

অসমীয়া সমাজত আমি বিয়া বুলি অভিহিত কৰা এই সামাজিক অনুষ্ঠানটি অতি উৎসাহ উদ্দীপনাৰে পালিত হয়। এই বিবাহ  শব্দটোৰ মূল সংস্কৃত শব্দ ‘বিবাস’, এই বিবাস শব্দৰ প্ৰাকৃত ৰূপ বিবাহ। হেমচন্দ্ৰ বৰুৱাই তেওঁৰ হেমকোষত ইয়াৰ বুৎপত্তিগত অৰ্থ এনেদৰে দেখুৱাইছে– সংস্কৃত বিশেষৰূপে গ্ৰহণ কৰ। অৰ্থ বিধিমতে স্বামী স্ত্ৰী ৰূপে গ্ৰহণ কৰা কাৰ্য্য। ইয়াৰ সমাৰ্থক শব্দ পৰিণয়, পাণিগ্ৰহণ। 

সমস্ত সংস্কাৰৰ ভিতৰত বিবাহ সংস্কাৰ সকলোতকৈ ভিন্ন আৰু মহত্ত্বপূৰ্ণ বুলি বিবেচিত। এই সংস্কাৰৰ জৰিয়তে মানুহে গৃহস্থাশ্ৰমত প্ৰৱেশ কৰে, জীৱন, ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ এই সংস্কাৰৰ দ্বাৰা সম্ভৱ হয়। বিবাহ দুই আত্মাৰ মিলন। বিবাহ স্বর্গতে ঠিক হৈ আহে বুলি কোৱা হয়। শ্ৰুতি অনুসাৰে বিবাহত দুই শৰীৰ, দুই মন, দুই বুদ্ধি, দুই প্ৰাণ, দুই হৃদয় আৰু দুই আত্মাৰ সমন্বয় সাধিত হয়। দুই প্ৰাণ একাকাৰ হৈ আজীৱন প্ৰেমৰ অটুট বন্ধনৰদ্বাৰা বান্ধ খাই পৰে। বিবাহৰ সম্বন্ধ, কেৱল স্ত্ৰী-পুৰুষৰ মিলনতে নহয় ই দুই পৰিয়ালৰো মিলন। ইয়াৰ জৰিয়তে দুই সংস্কৃতি, দুই সংস্কাৰ, পৰম্পৰা আৰু সভ্যতা আদিৰ মিলন হয়। বোধকৰো সেইবাবেই ইয়াক অধিক উৎসাহ-উদ্দীপনাৰে পালন কৰা হয়। এই পবিত্ৰ সংস্কাৰ পালন কৰি মানুহে আজিও ষোল্ল সংস্কাৰত বৰ্ণিত বিবাহ সংস্কাৰৰ সম্পূৰ্ণ মহত্ত্ব দিয়ে । 

বিবাহ প্ৰথা অতি প্ৰাচীন প্ৰথা। বেদৰ অনেক মন্ত্ৰত বিবাহৰ উল্লেখ পোৱা যায় উদাহৰণ স্বৰূপে ঋক বেদৰ দুটা মন্ত্ৰ——

১৷ “সোমস্য জায়া প্ৰথমং গন্ধৰ্বস্তুতে পৰঃ পতিঃ।

      তৃতীয়োহগ্নিস্তে পতিস্তোবিষ্টে মনুস্যজাঃ।।”

আৰু 

২৷ “সুমদলীৰিয়ঙ বধুৰিমাং”

ঋকবেদ ১০/৭/৮০/৮৫)

উক্ত দুয়োটা মন্ত্ৰ বৰ্তমান বিবাহ বিধিত হুবহু আছে৷ 

শাস্ত্ৰকাৰসকলে বিবাহৰ স্বৰূপ বা লক্ষণ এইদৰে বৰ্ণাইছে—-“ভাৰ্য্যাত্ব সম্পাদক গ্ৰহ নং বিবাহঃ।” অৰ্থাৎ ভাৰ্য্যাত্ব সম্পন্ন কৰা গ্ৰহণ বা স্বীকাৰ কৰা।

প্ৰাচীন কালত বিবাহ আঠ প্ৰকাৰৰ আছিল। ব্ৰাহ্ম, দৈৱ, আৰ্য, প্ৰজাপত্য, আসুৰ, গান্ধৰ্ব্য, ৰাক্ষস আৰু পৈশাচ। এই বিবাহ প্ৰথা সমূহৰ বিষয়ে মনু সংহিতা যাজ্ঞবল্ক্য স্মৃতিত স্পষ্টকৈ বৰ্ণিত আছে। 

“ব্ৰাহ্মো দেৱোস্তথা আৰ্যঃ প্ৰজাপত্যস্তথাসুৰঃ।

গান্ধৰ্বো ৰাক্ষসশ্চৈৱ পৈশাচাশ্চষ্টমোহধমঃ।।” 

ধৰ্ম ,অৰ্থ,কাম,মোক্ষৰ দৃষ্টিত বিবাহৰ যি মহত্ত্ব আছে ধৰ্মৰ দিশেৰে চালে বৈদিক নিয়মমতে পত্নীবিহীন পতিয়ে ধাৰ্মিক কোনো কাৰ্য্য সমাপন কৰিব নোৱাৰে। সম্ভৱতঃ শিৱৰ অৰ্ধ নাৰীশ্বৰ ৰূপ ইয়াৰে প্ৰতীক। ৰজঃস্বলা নোহোৱালৈকে কুমাৰী বুলি পূজিত নাৰী বিবাহৰ পিছত অৰ্দ্ধাঙ্গিনী হৈ পুৰুষক পূৰ্ণতা প্ৰদান কৰে। মাংগলিক সকলো দিশতে স্ত্ৰীৰ উপস্থিতি শুভ বুলি কোৱা হয়।যজ্ঞস্থলীত ৰামে সীতা অবিহনে সোণৰ সীতা বহোৱা ইয়াৰে ইংগিত। স্ত্ৰী-পুৰুষ উভয়ে মিলিহে একোজন পূৰ্ণাংগ মানৱ সেয়ে পত্নীক অৰ্দ্ধাঙ্গিনী বোলা হয়। 

ঋকবেদৰ দশম মণ্ডলত থকা দুটামান মন্ত্ৰত বৰে কন্যাক তেওঁৰ ঘৰৰ অধিকাৰ দান এইদৰে কৰিছে। আজিৰপৰা ভঁৰালঘৰ, দেৱগৃহ, গোহালিঘৰ আৰু ৰান্ধনীঘৰ তোমাৰ হ’ল। অৰ্থাৎ স্ত্ৰী গৰাকী ঘৰখনৰ পৰিচালিকা হ’ল। 

স্ত্ৰীক গৃহলক্ষ্মী বুলি কোৱা হয়। ধন, সোণ, ঐশ্বৰ্য্য, বিভূতি, কৃষি-কৰ্ম আদি আৰু গো-সম্পত্তিক লক্ষ্মী বোলাটো (লখিমী) বৰ্তমান কাললৈকে প্ৰযোজ্য হৈ আছে। সেই যুগত ঘৰুৱাহি আয়-ব্যয়ৰ হিচাপ স্ত্ৰীৰ তত্বাৱধানত চলিছিল৷ “ব্যয়ে চ অমুক্ত হস্তয়া” অৰ্থাৎ ব্যয় কৰোঁতে হাতৰ মুঠি টানকৈ ধৰিবা বুলি উপদেশ দিয়াও দেখা যায়।।

এটা মন্ত্ৰই বন্ধুত্ব, সুখ আৰু স্নেহ-প্ৰীতি দান কৰে কাৰণে স্বামীক প্ৰিয়তম বোলে বুলি কোৱা হৈছে। “প্ৰিয়ো নাস্তি প্ৰিয়াত পৰং” প্ৰিয়াতকৈ প্রিয় আন কোনো নাই। স্ত্ৰীৰ ক্ষেত্ৰত কোৱা হৈছে এশ পুত্ৰতকৈও স্ত্ৰীৰ বাবে স্বামী আৰু তেওঁৰ কুল বা বংশ পৰিয়াল বেছি প্রিয়— এনে বচনে স্বামী তেওঁৰ বংশ পৰিয়ালৰহে এক নিবিড় অংগ সেই কথা প্ৰকাশ কৰিছে। 

শাস্ত্ৰকাৰসকলে বিবাহৰ স্বৰূপ বাখ্যা কৰোতে “ভাৰ্য্যাত্ব সম্পাদক গ্ৰহনং বিবাহঃ” বুলি কৰা উল্লেখে ভাৰ্যাত্ব গ্ৰহণ বা স্বীকাৰ কৰা কৰ্মক বিবাহ বুলিছে আৰু বিবাহৰ প্ৰয়োগ বিধি বিচাৰ কৰি চালে এই কথাই প্ৰতীয়মান হয়। বিধিত আছে কন্যাদাতা পিতৃয়ে কন্যাদান কৰাৰ পিচত বৰক স্বীকাৰ কৰোৱা হয় “কন্যা দাতা বদেৎ”। 

“ধৰ্মে চাৰ্থেচ কামেচ নাপচৰিতব্যা……

নাম্লী কন‍্যকা তবেয়ম।”

ইয়াত কোৱা হৈছে ধৰ্ম, অৰ্থ,কাম এই ত্ৰিবৰ্গ সাধনৰ ক্ষেত্ৰত এই কন্যাজনীক কোনো অপ-আচৰণ বা অপ-ব্যৱহাৰ নকৰিবা। আজিৰপৰা অমুকী নামৰ কন্যাজনী তোমাৰ হ’ল। সেইদৰে বৰেও প্ৰতিজ্ঞাবদ্ধ হৈ অপ-আচৰণ নকৰোঁ বুলি মন্ত্ৰ গাব লাগে। 

বিবাহিতা পত্নী কেৱল ভোগ বিলাসৰ সামগ্ৰী নহয়। গাৰ্হস্থ্য জীৱনৰ সহধৰ্মিনী৷ সেই কাৰণে বিবাহিতা পত্নীক ধৰ্মপত্নী বা সহধৰ্মিনী বোলা হয়। মহাভাৰতৰ শান্তিপৰ্বত শয্যাগত ভীষ্মদেৱে যুধিষ্ঠিৰক বহুতো নীতিশিক্ষা জ্ঞান দিছিল। তাৰ ভিতৰত “কপোতলুধ্বকোপাখ‍্যানম”ত মতা কপৌটোৱে ভাৰ্য্যা ঘূৰি নহাত কিদৰে চিন্তিত তথা ভাৰ্য্যাৰ অনুপস্থিতিত মনৰ অৱস্থা কি হৈছে শ্লোককেইটাৰপৰাই অনুভৱ কৰিব পাৰোঁ। 

“নগৃহং গৃহমিত্যাহু  গৃহিনী গৃহমুচ‍্যতে।

তয়াহিসহিতঃ সৰ্ব্বান পুৰুষাৰ্থন্ সমশ্মুতে।।” 

অৰ্থাৎ ঘৰক ঘৰ নোবোলে, গৃহিনী (ভাৰ্য্যা) থাকিলেহে ঘৰ। ভাৰ্য্যাসহিত পুৰুষাৰ্থ লাভ কৰিব পাৰে। এই বিষয়ে ঋকবেদতো উল্লেখিত আছে। 

“অথ পুৰুষস্তাবদ সৰ্ব্বো যজ্জায়ন বিন্দতে।

যদৈব জায়াং বিন্দতে অথ প্ৰজায়তেতৰহি সৰ্ব্বো-ভৱতি।।” 

অৰ্থাৎ,  পুৰুষ সেই পৰ্য্যন্ত অর্ধাংগ যি পৰ্য্যন্ত স্ত্ৰী গ্ৰহণ নকৰে, অৰ্থাৎ বিয়া নকৰে। যেতিয়া স্ত্ৰী গ্ৰহণ আৰু সন্তান হয় তেতিয়াহে পুৰুষ সৰ্ব্ব অৰ্থাৎ সম্পূৰ্ণ হয়। 

“পতিব্ৰতা পতিগতিঃ পতিপ্ৰিয়হিতেৰোতা।

যস্য স্যত্তাদৃশী ভাৰ্য্যা ধনঃস‍্ পুৰুষ ভুর্ব ।।” 

অৰ্থাৎ, তাই পতিব্ৰতা, পতিৰ হিতাকাংক্ষী। যাৰ পৃথিৱীত এনে ভাৰ্য্যা আছে তেওঁ ধন্য। 

 “ভাৰ্য্যা হি পৰমো হৃৎথঃ পুৰুষসেহ‍্য পঠতে।

অসহায়স‍্য লোকে অস্মিং ল্লোকযাত্ৰাসহায়িনী।।” 

ভাৰ্য্যাই পুৰুষৰ পৰম ধন। এই অকলশৰীয়া জীৱন পথত ভাৰ্য্যাই একমাত্ৰ সহায়কাৰিণী। 

“ন সা স্ত্ৰী হ্যাভিমন্তব্যা যস‍্যাং ভৰ্তা ন তুষ‍্যতি।

তুষ্টে ভৰ্তাৰি নাৰীনাং তুষ্টাঃ স্ত‍্যঃ  সৰ্ব দেৱতা।।” 


এনে স্ত্ৰী সুখী নহয় যাৰ স্বামী সন্তুষ্ট নহয়।নাৰীয়ে নিজৰ স্বামীক সন্তুষ্ট কৰিব পাৰিলেই সকলো দেৱতা সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। প্ৰকৃততে সংসাৰখনৰ মূল স্বামী-স্ত্ৰী দুয়োগৰাকী। এগৰাকী অবিহনে সংসাৰ নচলে গতিকে দুয়ো দুয়োকে বুজি এই নাওখন চলালেহে সকলো সুখময় হয়। 

সেয়ে স্বামী স্ত্ৰীৰ দুখন হৃদয় এখনৰ দৰেই অৰ্থাৎ “যদি ইদং হৃদয়ং তব, তদ ইদং হৃদয়ং মম”। এই কথাই প্ৰমাণ কৰে বিবাহ দুজন লোকৰ নহয় দুই আত্মাৰ মিলন। স্বৰ্গতে ঠিক হৈ অহা বুলি বিশ্বাস কৰা এই বিবাহত দুই শৰীৰ, দুই মন, দুই আত্মাৰ সমন্বয় সাধিত হয়। দুই প্ৰাণ একাকাৰ হৈ আজীৱন প্ৰেমৰ অটুট বন্ধনৰদ্বাৰা বান্ধ খাই পৰে। এই মন্ত্ৰৰ মাধ্যমেৰে স্বামী স্ত্ৰীৰূপে গঢ়ি উঠে গভীৰ একাত্মতাৰ সম্পৰ্ক। 

“উদীৰস্বাতো বিশ্বাবাসো নমসেলামহে ত্বা।

অনামিচ্ছ প্ৰফৰব্যং সং জায়াংপত‍্যা সৃজ।।” 

অৰ্থাৎ, তুমি যোৱা সেই অবিবাহিত নাৰীক তোমাৰ অৰ্দ্ধাঙ্গিনী কৰা আৰু তেওঁক সম অধিকাৰ প্ৰদান কৰা। এইদৰেই নৰ-নাৰী স্বামী-স্ত্ৰী হৈ সুখে দুখে একেলগে থাকিবৰ বাবে প্ৰতিজ্ঞা কৰে। 

ঘৰ এখনত পত্নীৰ মহত্ত্ব বুজাবলৈ আৰু কিছুমান শ্লোক আমি পঢ়িবলৈ পাওঁ। 

“বিদ্যা মিত্ৰং প্ৰবাসেষু ভাৰ্যা মিত্ৰং গৃহষে চ।

ব্যাধিত সৌধধিং মিত্ৰং ধৰ্মো মিত্ৰং মৃত্যস্য চ।।” 

প্ৰবাসত বিদ্যা,বেমাৰ-আজাৰ হ’লে ঔষধ, মৃত্যুৰ পিছত যিদৰে ধৰ্ম মিত্ৰ হৈ থাকে সেইদৰে ঘৰত পত্নীয়েই মিত্ৰ। সেইদৰে এটা শ্লোকত “ভাৰ্য্যা ছন্দানুগামিনি” বোলা কথাই পত্নীগৰাকী বেদৰ অনুগামিনী আৰু শ্ৰদ্ধাশীলা হ’লে পুত্ৰ, পিতৃ-মাতৃৰ অনুগত আৰু সা-সম্পত্তি লৈ সন্তুষ্টি আৰু আনন্দ থকা লোকৰ ঘৰত সুখ বিৰাজমান  কৰে বুলি  উল্লেখ কৰা পাওঁ। 

“কান্তা বিয়োগ স্বজনাপমানো।

স্বৰ্ণস্য শেষঃ কুনৃপস্য সেৱা।।

দৰিদ্ৰ ভাবো বিষয়া সভা চ।

বিনাগ্নি মেতে প্ৰদহন্তি কায়ম্।।” 

মানুহে আত্মীয়-স্বজনৰপৰা অপমানিত হোৱা, পৰিশোধ কৰিব নোৱাৰাকৈ থকা ঋণ, দুষ্ট বা কু ৰজাৰ সেৱা কৰিবলৈ বাধ্য হোৱা, দৰিদ্ৰতা আৰু অসৎ সংগত থকা মানুহক জুইৰ দৰে দহি কষ্ট দিয়াৰ দৰে পত্নীৰ বিয়োগতো একেই দশা হয়। 

সেইদৰে “বৃদ্ধকালে মৃতস্য ভাৰ্য্যা”ৰে আৰম্ভ কৰা শ্লোকটোৰ যোগেদি নিজৰ ধন আনৰ হাতত থকা, খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হোৱাৰ দৰেই বৃদ্ধকালত ভাৰ্য্যাৰ অনুপস্থিতি অৰ্থাৎ মৃত্যু পুৰুষৰ বাবে সঁচাকৈয়ে বিড়ম্বনাৰ বিষয় বুলিছে। 

এইদৰে বিবাহৰ যোগেদি পত্নীৰ সম্বন্ধলৈ উন্নীত নাৰী এগৰাকীয়ে ঘৰ এখনত কেনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু কিদৰে সন্মানেৰে এখন ঘৰৰ গৰাকী কৰা হয়,  ঘৰ এখনত স্ত্ৰী অবিহনে পতিৰ কেনে অৱস্থা হয় সেয়া বৈদিক যুগৰ এই শ্লোকবোৰৰ জৰিয়তে অনুভৱ কৰিব পাৰোঁ।

************

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *