বিহু আহে, বিহু যায়। কৈ থাকিলেও ওৰকে নপৰে !-জয়ন্ত গগৈ
বিহু আহে, বিহু যায়, নাজানাে এই অহা-যােৱাৰ সাঁকোৰ উৎপত্তি ক’ত কেনেকৈ হৈছিল বা হ’বলৈ পালে।আমি মাত্র জানিছিলাে, বিহুৰ আগমনৰ জাননী কুলি-কেতেকী চৰাইৰ কুহু কুহু ধ্বনি শুনাৰ পাছত, যেতিয়া তাহানিতে গাঁৱৰ গাভৰুৱে ঢোল-পেঁপাৰ মাতত যঁতৰ ভাঙিছিল, ঢেকীৰ গুম-গুমনিত গাঁৱখন ৰজনজনাইছিল, গছৰ কুঁহিপাতে , ফুলে মিচিকিয়াই কৈ যােৱা বিহুৰ বতৰা…লগে লগে গা–মন ৰাইজাই কৰেহি , দহিকতৰা জনীৰ থেউ ধৰি ধৰি গা-নচুৱাই যােৱা বতৰাই আমাৰ মন-প্ৰাণত সঞ্চাৰিত কৰে এক বিহুৰ অবুজ কিবা মিঠা ভাল লগা মন গা-নচুৱাই দিয়া হেন্দোলনি – যাৰ বাবেই আমি নেনাচি নােৱাৰােঁ, নাচায়ো নােৱাৰােঁ, নেখায়ো নােৱাৰােঁ, নিপিন্ধিও নােৱাৰাঁ আৰু জনাওঁ মনৰ হেঁপাহেৰে বিহুৰ ওলগ ! মনত অপাৰ আনন্দৰ জোৱাৰ আহে, দেহত থৰ-কাছুটি হেৰাই নতুনক আদৰণি জনাবৰ বাবে। নতুনক নতুন আশাৰে প্ৰিয়জনক হিয়া দিয়া-নিয়াৰ সুযােগ অহাৰ বাবে। দূৰৰ বিহুৱা ডেকাৰ পেঁপাৰ টিঁহিটি টিঁ ধ্বনি যেতিয়া বিহুৱতী গাভৰুৰ কাণত পৰিছিল তেতিয়া মনৰ আনন্দত ৰ’ব নােৱাৰি গাইছিল-
“মহৰ শিঙৰ পেঁপাটি নবজাবা চেনাইটি
দেহামন কেনেবা কৰে।
তােমালৈ বুলি বিহুৱান বৈছাে।
ফুলত কেণা লাগিব পাৰে ।
মৰমৰ দীঘদি চেনেহৰ বাণীৰে
হেঁপাহৰে গুটি ফুল বাচো ।
অহা বহাগতে চেনাইকে দি যাম
পমনতে কল্পনা কৰাে ৷৷”
এইদৰে বিহু আহি আছিল,গৈ আছিল, আহিব, যাব ই সংসাৰ চক্ৰৰ চিৰন্তন নীতি। চ’ত মহীয়া নিৰিবিলি পৰিবেশত ৰ’লেই হঠাৎ গা-মন নচুৱাই দিয়া ঢোলৰ মাতে, পেঁপা-বাঁহীৰ সুমধুৰ সুৰে নতুবা কোনো গছতল বা মুকলি পথাৰৰপৰা ভাহি অহা গাভৰু ছোৱালীৰ জেং বিহুৰ কিৰিলিৰ মাতে মনটোক ৰিঙিয়াই তুলিবই। ইফালে দূৰদৰ্শনৰ পৰ্দাত বাজি থকা অসমীয়াৰ অতিকে আপােন বিহু নৃত্য , ঢোলৰ চেৱে চেৱে, পেঁপা-বাঁহীৰ সুৰে সুৰে, নাচনীৰ খমখমিয়া মুগাৰ সাজে ,গছে পাতে ফুলে ৰসে নাচি থকা প্ৰকৃতিজনীৰ ছবিখনি বাস্তৱ কৰি দেখুৱাই দিলেই দেহ মনত আপোনা-আপুনি থৌকি বাথৌ এক মনে ক্ৰিয়া কৰে। চ’ত মাহত আপুনি যেনিয়েই নাযাওক ,চকুত পৰিবই ইঠাই-সিঠাইত হৈ থকা বিহুৰ কৰ্মশালাবোৰ , য’ত ঢোল-পেঁপা-বাঁহীৰ মাতত নাচনীয়ে কঁকাল ভাঙি ভাঙি নাচি থাকে। সিৰা-উপসিৰাই বুজি উঠে চেনেহৰ বিহুটি ৰৈ আছেহি পদূলি মুখত। ক’ত আছে এনে সুৰ, এনে লয়, গা-মন নাচি উঠা প্ৰকৃতিয়ে উদঙাই দিয়া অসমীয়াৰ আদৰৰ ৰঙালী বিহুটি। পৃথিৱীৰ কোন দেশেনাে এই বিহুৰ নিচিনা মাদকতা ভৰাই তোলে প্ৰকৃতিক। প্রাণ চিত্ উতলাব পাৰিব । পাৰি জানাে জোৰকৈ টানি আনিব এই বিহুৰ সুষমা। ই প্ৰকৃততে স্বতঃস্ফূর্ত আত্মপ্ৰকাশ। প্রকৃতিৰ সৈতে মানৱ প্ৰাণৰ একাত্ম অনুভূতি এয়াই অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু । প্ৰকৃতিৰ লগত একাত্ম হৈ পৰা অসমীয়াৰ বাপতি সাহােন বিহুৰ কথা সঁচাকৈ কৈ থাকিলেও ওৰকে নপৰে।
বিহু প্রত্যেক জাতিৰে প্ৰাণ স্বৰূপ । বিহু বুলিলে প্রত্যেকৰে গা-মন ৰাই-জাঁই কৰে।প্রকৃতি জগতৰ লগত বিহুৰ সম্বন্ধ ওতঃপ্রােত। মকৰ সংক্ৰান্তিৰপৰাই অসমত বসবাস কৰা জাতি উপজাতিৰ উৎসৱ-পার্বন বা বিহু আৰম্ভ হয় বুলি ক’ব পাৰি। প্রত্যেকটি বিহুৱেই কৃষিজীৱি চহা গাঁৱলীয়া জীৱনৰ লগত জড়িত । আহিন মাহৰ দুমাহীত সােণালী শস্য চপােৱাৰ প্ৰাৰম্ভনিতেই কাতি বিহু বা কঙালি বিহু । সােণালী শস্য ভৰাঁলত সুমাুওৱাৰ কাম বা শস্য চপােৱাৰ কাম পুহ মাহত শেষ হয়। পুহমাহৰ দোমাহীৰ আগদিনা ভােজ-ভাত খাই পিছৰ দিনা ভােগৰ বিহু ভােগালী উৎসৱ পালন কৰা হয় । আকৌ কৃষিকৰ্মত লগাৰ আগে আগে চ’তৰ দোমাহীত অতি আদৰৰ ৰঙালী বা ব’হাগ বিহু পালন কৰা প্ৰথা পূর্বপুৰুষসকলৰ দিনৰেপৰা চলি আহিছে । তিনিওটা বিহু অসমৰ লােক সংস্কৃতিৰ আপুৰুগীয়া সম্পদ । তিনিওটা বিহুৱেই কৃষিজীৱি অসমীয়া পৰম্পৰাগত কৃষ্টিসম্ভূত। অসমৰ বৈচিত্র্যপূর্ণ প্রকৃতিৰ লগত বিহুৰ সামগ্রিক প্ৰাচুৰ্য্য জড়িত হৈ আছে । অসমৰ আদিম জনগােষ্ঠীৰ সাতাম পুৰুষৰপৰাই কৃষি-উৎসৱ হিচাপে বিহু-উৎসৱ ভিন ভিন ৰূপত প্ৰচলিত হৈ অহাৰ উমান পােৱা যায়। পৰম্পৰাগত সমন্বয়ৰ মাজেদি আহোঁতে বিহুৱে বৰণ সলাই আহিছে ই ধুৰূপ।জন-জীৱনৰ চিন্তা আৰু আচৰণৰ ভেঁটিত লােকসংস্কৃতি গঢ় লৈ উঠে। অসমৰ জনগােষ্ঠীসমূহৰ মাজত চলি অহা লােক-বিশ্বাস, আচৰণ পদ্ধতি, সামাজিক ৰীতি-নীতি, জীৱন-ধাৰণৰ পদ্ধতি আদি লােক-উৎসৱসমূহত প্রতিফলিত হয় । অসমৰ ভিন্ ভিন্ জনগােষ্ঠীৰ ভিন্ ভিন্ ৰীতি-নীতি অসমৰ বিস্তৃত গ্রাম্য জীৱন ধাৰাত প্রচলিত হৈ আহিছে। আহােম স্বৰ্গদেউসকলৰ সময়ত এক জাতি গঠনৰ প্রচেষ্টা অবিৰতভাৱে চলি থকাৰ ফলত অসমৰ বিভিন্ন জাতি-গােষ্ঠীৰ মাজত সমন্বয়ৰ প্রক্রিয়া আৰম্ভ হয় । আহােম স্বৰ্গদেউসকলৰ দিনত ৰজাঘৰীয়া পৃষ্ঠপােষকতাৰ ফলত ৰঙালী বিহুৱে জাতীয় উৎসৱৰ মৰ্য্যাদা লাভ কৰে । সম্ভৱতঃ তেতিয়াৰপৰাই হুঁচৰিৰ প্রচলন হয়। ক্রমান্বয়ে হুঁচৰিৰ লগত বিহুনাম, বিহুনাচ সংযুক্ত হৈ আজিৰ হুঁচৰি বিহুৰ প্ৰচলন হয় । ৰজাঘৰীয়া বিহু কালক্ৰমত আহি আহি প্ৰজাৰঘৰত বা সৰ্বসাধাৰণৰ ৰাইজৰ মাজত প্রচলিত হবলৈ ধৰিলে । সেয়ে হয়তো বিহুৰ যোজনা গোৱা হয়-
“স্বৰ্গদেউ ওলালে বাটচ’ৰা মুখলে
গাতে গােমচেঙৰ চোলা ;
কাণত জিকেমিকাই কানৰে জাংফাই
দুলিয়াই পাতিছে দোলা।”
শিৱসাগৰত অৱস্থিত ৰংঘৰ তাৰেই প্রমাণ । ৰজাই এই ৰংঘৰৰপৰাই প্ৰজাৰ দ্বাৰা ৰং-আনন্দ উপভােগ কৰিছিল । মাঘৰ বিহুৰ মল্ল যুঁজ, ম’হ যুঁজ , ৰঙালী বিহুৰ ৰং- ৰহইচ আদিও ৰজাই এই ৰংঘৰৰপৰাই উপভােগ কৰিছিল বুলি বুৰঞ্জীয়ে প্রমাণ দিয়ে। আগেয়ে হুঁচৰি বা বিহুত নাচনীৰ প্ৰভাৱ নাছিল । বিহুৱাদলৰ পৰাই এজনে নাচনীৰ ভাও ধৰিছিল । কিন্তু আজিৰ বিহু হুঁচৰিত নাচনীৰ প্রভাৱ অত্যন্ত বেচি। নাচনী নহ’লে বিহুতলি বা হুঁচৰিৰ উকা, উকা লগা অৱস্থা। সেইবাবেই হুঁচৰিৰ বিহুৱাই গায় —–
“ওলাই জকে মকাই আকাশৰ চন্দ্রমা
ওলাই জকে মকাই তৰা ;
ওলাই জকে মকাই আমাৰে নাচনী
সমাজৰ মাজৰেপৰা।”
কেতিয়াবা আকৌ ৰাতি বিহুত বা গছতলৰ বিহুত , লগ বিহুত গাভৰুসকলে বিহুৱা ডেকাক জোকাই জোকাই বিহুগীত জোৰাটোও মন কৰিবলগীয়া। ৰাতি বিহু বা গছতলৰ বিহু, লগ বিহু বিশেষকৈ উজনিৰ তিনিচুকীয়া জিলাৰ কেইখনমান ঠাইতহে দেখিবলৈ পোৱা যায়। গাভৰুৰ বিহু উপভোগ কৰিবলৈ যোৱা ডেকালৈ চাই তেতিয়া বিহুৱতীয়ে বিহু গায়—–
“খাবৰ মনে গলে বগী হাঁহ এজনী।
চোবাব নােৱাৰাে ঠেং
যাবৰ মনে গলে পিলিঙা ডেকালৈ
বাটত আছে বগৰীৰ জেং।”
আৰু সেই গাভৰু বিহু তলিৰপৰা প্রিয়জনে লাভ কৰা চেনেহৰ বতৰা পাই বিহুৱা ডেকায়ো বিহু নামেৰে প্ৰত্যুত্তৰ জনাই বিহু গাবলৈ আৰম্ভ কৰে। বিহুৰ জোৰা-নামৰ উৎপত্তি এনেকৈয়ে আৰম্ভণি হৈছিল বুলি ঠাৱৰ কৰিব পাৰি। এই বিহুৰ সুষমা ইমানেই নান্দনিকতাপূৰ্ণ যে সেই বিহুতলিত উপস্থিত থকাজনেহে উপলব্ধি কৰিব পাৰে ইয়াৰ মাদকতা। সম্পূৰ্ণ প্ৰাকৃতিক পৰিবেশত বৰ্তমানেও পালিত হৈ অহা এই বিহুৰ মাদকতা অতিশয় অতুলনীয় আৰু মাৰ্জিত।
বিহু হুঁচৰিৰ সামগ্রিক ধাৰণাটোৱেই বৈষ্ণৱ আদৰ্শৰ বুলি বহুতে মতপোষণ কৰিছে ,যিবোৰ সচৰাচৰ হুঁচৰিৰ মাজত অন্তৰ্ভুক্ত হৈ আছে। নতুন বছৰৰ বাবে সৰ্ব্বতােপ্ৰকাৰৰ মঙ্গল কামনা কৰি ৰাইজে হৰিধ্বনি কৰি গৃহস্থক আৰ্শীবাদ দিয়ে। হুঁচৰিৰ ঘােষা-পদসমূহ এক বিশেষ সময়লৈকে লােক কাহিনীক কেন্দ্ৰ কৰি ৰচিত ফুল-কোঁৱৰ, মনি-কোঁৱৰ, জনা-গাভৰুগীত আদিৰ আছিল যদিও পিছলৈ বৈষ্ণৱী প্ৰভাৱ পৰি কীৰ্ত্তণ-দশমৰ পদসমূহৰ প্রচলন হয়। ৰাজহুৱা ধৰ্ম্মীয় অনুষ্ঠানসমূহৰ প্ৰচলিত দিহা-নাম, গোঁসাই-নাম, কীৰ্ত্তন-দশমৰ পদ আদিৰ আৰ্হিও হুঁচৰিৰ নামত চলিবলৈ ধৰে।
ঘােষাৰ উদাহৰণ –
“কৃষ্ণাইৰ মূৰতে বকুল ফুল এপাহি
নিয়ৰ পাই মুকলি হ’ল ঐ গােবিন্দাই ৰাম।”
অথবা
“ৰাধাই বােলে কৃষ্ণাই মােকে পাৰে কৰা
এহি যমুনাৰ জলে ঐ গােবিন্দাই ৰাম।”
অথবা
” ৰাম জয় ৰাম জয় ৰাম হৰি এ জয় নাৰায়ণ।”
অথবা
“গােবিন্দ কৃষ্ণ ৰাম নাৰায়ণ হৰি এ জয় “। ইত্যাদি , ইত্যাদি।
উজনি অসমত বৈষ্ণৱ ধৰ্ম্মৰ প্রচলন মহাপুৰুষ দুজনাৰ দিনত হােৱা নাছিল । কাল সংহতিৰ গােপালদেৱৰ দিনতহে উজনিত মহাপুৰুষীয়া ধৰ্মৰ প্ৰবৰ্ত্তন হয়। গােপালদেৱৰ মুখ্যসেৱক বৰ্যদুমণি আৰু অনিৰুদ্ধদেৱৰদ্বাৰাহে উজনি অসমত মহাপুৰুষীয়া ধৰ্ম্মৰ প্রবৰ্ত্তন সম্ভৱপৰ হয় । সেয়েহে উজনি অসমত দিহিং থুল আৰু মায়ামৰা থুলত শিষ্যই অধিক কাল সংহতিৰ থুলৰ সত্ৰসমূহৰ উদাৰ ধৰ্ম্মীয় ব্যৱস্থা এক বিশেষ বৈশিষ্ট্য। এই ধর্মীয় উদাৰতাই উজনিৰ জন-জাতীয় সমাজ ব্যৱস্থাৰ সকলাে স্তৰতে গভীৰ প্ৰভাৱ পেলােৱাৰ কথা লােক সংস্কৃতিৰ গৱেষক সকলে স্বীকাৰ কৰিছে। সমাজত প্রেম, বিবাহ আদিৰ ক্ষেত্ৰতাে এই ধর্মীয় উদাৰতাৰ প্ৰভাৱ দেখা যায়। সম্ভৱতঃ এই বাবেই উজনিৰ সমাজত গন্ধর্ব বিবাহৰ প্ৰচলন ব্যাপক আছিল। গাওঁসমূহত ডেকা-গাভৰুৰ উছাহ উদ্দীপনাৰ মাজত জেং-বিহু, ৰাতি-বিহু , লগ বিহু আদি প্ৰচলিত হৈ আহিছিল। আৰু এই বিহুতলিৰপৰাই বিহুৱা ডেকাই মনে মিলা বিহুৱতী গাভৰুক জীৱন সঙ্গীনি কৰিছিল।এই বিহুবিলাকত পােনপতীয়াকৈ ধৰ্ম্মীয় প্ৰভাৱ পৰা নাছিল যদিও ধর্মীয় চেতনাৰ আওপকীয়া প্ৰভাৱ নিশ্চয় পৰিছিল ।
উজনি অসমৰ গ্ৰাম্য সমাজত গুৰুৰ প্ৰভাৱ অতিশয় গভীৰ আছিল । বহুতাে গাঁৱত নিজ নিজ গোঁসাইক ‘দেউতা’ বুলি সম্বােধন কৰি গুৰুক প্ৰাণৰ আপােন বুলি গ্ৰহণ কৰাৰ উদাহৰণ সৌ সিদিনালৈকে পােৱা গৈছিল।ওচৰত গুৰুঘৰ থাকিলে সত্ৰৰ গুৰুঘৰত নতুবা ৰাজহুৱা নামঘৰত হুঁচৰি-বিহু আৰম্ভ কৰিছিল । কোনাে কোনাে ঠাইত গুৰুঘৰত হুঁচৰি গাই বিহু উৰুওৱা হৈছিল । হুঁচৰিৰ নামতাে ইয়াৰ প্ৰভাৱ পৰা দেখা যায় । উদাহৰণ –
“শঙ্কৰ এ আমাৰ নিজগুৰু
দৈৱকী নন্দন দেৱ এ”
অথবা
“শঙ্কৰ চতি মাধৱ মাৰলি
হৰিনাম ধৰমৰ খুটি ঐ গােবিন্দাই ৰাম।”
অথবা
‘গুৰুদেউৰ পদূলিত গােন্ধাইছে মাধুৰী
কেতেকী মলেমলায় অ’ গােবিন্দাই ৰাম ।” ইত্যাদি।
হুঁচৰিৰ লগত বিহু সাঙোৰ খালে যদিও বিহু নাম আৰু বিহু-নাচসমূহ অতি সংযত ভাৱে বাচি বাচিহে হুঁচৰিৰ ঘােষা-পদত পাছত ডেকাসকলে স্থান বিশেষে পৰিবেশন কৰিছিল । সকলােতে নহয় ।
হুঁচৰি-বিহু বৈষ্ণৱী ধ্যান-ধাৰণাৰদ্বাৰা সম্পূৰ্ণৰূপে প্ৰভাৱিত হােৱাৰ আন এটি উদাহৰণ হল হুঁচৰি দলক জনােৱা ভকতীয়া আদৰনি। গৃহস্থই পদূলিৰপৰাই চেলেং কাপােৰ পাৰি আদৰি আনি হুঁচৰি গােৱাই বিহুৰ সময়ত ৰাইজৰ আশীষ প্রার্থনা কৰে। বয়ােবৃদ্ধ আৰু গুণবৃদ্ধ জনেও হুঁচৰি-গােৱা ৰাইজৰ ওচৰত আঁঠু লােৱাৰ নিয়ম। বৰসবাহ, ভাওনা আদিত গায়েন-বায়েন আদৰোঁতে খনীয়া কাপােৰ পাৰি , তাৰ ওপৰেদি খােজ কঢ়াই আনােতে গৃহস্থই যি ধৰণৰ ভকতীয়া সম্ভ্ৰম প্রকাশ কৰে,সেই একেধৰণৰ আচৰণ হুঁচৰি-বিহুৰ ক্ষেত্ৰতাে প্রকাশ কৰা দেখা যায়।সকলাে লােক-সংস্কৃতিয়েই লােক-বিশ্বাস আৰু লােক-পৰম্পৰাৰদ্বাৰা সমৃদ্ধ হয়।
বিহু অসমৰ লােক সংস্কৃতি । অসমীয়া সমাজ জীৱনৰ গাঢ় বৈষ্ণৱী-চেতনা বিহু সংস্কৃতিত সন্তর্পণে সােমাই বিহু-সংস্কৃতিক অধিক ঐশ্চৰ্য্যমণ্ডিত কৰি তুলিছে ।
গ্ৰাম্য সমাজৰ সহজ-সৰল লােকৰ বিনন্দীয়া সৃষ্টি বিহুক সাম্প্রতিক কালত বাণিজ্যিক ৰূপ দিয়া হৈছে বুলি কোৱাৰ যুক্তি নথকা নহয়। বিহুৰ বাণিজ্যিকীকৰণ হোৱাক লৈ বিহু বিশেষজ্ঞসকলৰ মাজতো বহু মতভেদ নথকা নহয়। এই বিষয়ত বহলাই কোৱাৰ মোৰো ধৃষ্টতা নাই। বিষয়টি পাঠক সমাজলৈ এৰিলোঁ। বিহুৰ স্বকীয় পৰম্পৰা অক্ষুণ্ণ ৰক্ষাৰ্থে ” বিহু সুৰক্ষা সমিতি”ও সংগঠিত হৈছে । ই শুভ পৰিচায়ক যদিও পৰিবৰ্তনৰ গজালি মেলা পোখাক পুণৰুদ্ধাৰ কৰাটোও সিমান সহজসাধ্য কাম নহয়।সময়তহে এই বিষয়ত বিতংকৈ ক’ব পৰা যাব। এটা সময় আছিল প্ৰজাঘৰীয়া বিহু প্রথমে গুৰু-গোঁসাই বা মান্যজনৰ ঘৰৰপৰাহে গােৱা আৰম্ভ কৰি গাঁও বা অঞ্চলটোত একাদিক্রমে ঘৰে ঘৰে গােৱাৰ নিয়ম আছিল। তাত কোনাে দান-দক্ষিণাৰ প্ৰশ্ন নাছিল । তেতিয়াৰ বিহু উদ্দেশ্যধৰ্ম্মী নাছিল । বছৰৰ বিহুত আৰ্শীবাদ বা পদধূলা লােৱা বা দিয়াৰহে মুখ্য উদ্দেশ্য আছিল । ব’হাগ বিহুৰ আগমনৰ লগে লগে গাঁৱৰ প্ৰতি ঘৰতে হুঁচৰি গাই গৃহস্থক আৰ্শীবাদ দিছিল । আজি ঘৰে ঘৰে হুঁচৰি গাই “মূৰৰ চুলি ছিঙি আৰ্শীবাদ” দিলেও তাৰ সতে আন্তৰিকতা আৰু সৰলতা কমি আহিছে তেনে অনুমান হয়। বর্তমানে হুঁচৰিক ধন ঘটাৰ উপায় হিচাপে ব্যৱহাৰ কৰা হয় বা দেখিবলৈ পোৱা গৈছে। এতিয়া এনেও হয় যে হুঁচৰি সকলাে মানুহৰ ঘৰত গােৱা নহয় । যিবিলাক ধনীক শ্ৰেণী আৰু টকা দিবলৈ সমৰ্থবান, তেনে লােকৰ ঘৰতহে হুঁচৰি গাবলৈ হাবিয়াস কৰা দেখা যায়। কেতিয়াবা এনে হয় যে আগতীয়াকৈ হুঁচৰি গাব খােজা ঘৰত চিঠিৰে জনােৱা হয়। ওচৰতে থকা দুখীয়া তথা টকা দিবলৈ অসমর্থ লােক এজনৰ ঘৰত হুঁচৰি গােৱা নহয়।আপুনি বিহু বা হুঁচৰি চাম বা আশীৰ্বাদ ল’ম বুলি আশা পালি থাকিলেও আপুনি বিহু বা হুঁচৰি চোৱাৰ বা আৰ্শীবাদ লোৱাৰ সৌভাগ্য নাপায়। গাঁৱৰ ৰাইজে মিলিজুলি বিহুত আনন্দ কৰা সমাজখনতেই সাম্প্রতিক কালত আধুনিক সভ্যতাই বৈষম্য স্পষ্টভাৱে দেখুৱাইছে।
ৰং ৰহইচেৰে পৰিপূৰ্ণ ৰঙালী বিহুৰ পৰম্পৰা সময়ৰ আচোঁৰত ক্ষত-বিক্ষত হৈ পৰিছে বুলি ক’ব পৰা যায়। নতুন ৰং আৰু ৰূপে আগৰ বিহুৰ জঁকাটোত চিনিব নােৱাৰাকৈ প্ৰলেপ সানিবলৈ আৰম্ভ কৰিছে যেন অনুভৱ হয়।কৃষ্টি-সংস্কৃতিলৈ অহা সকলাে পৰিবর্তনেই সমাজখনৰ বাবে মংগলজনক আৰু সুস্থ মানসিকতাৰ পৰিচায়ক নহ’বও পাৰে। অৱশ্যে সমাজ- সংস্কৃতিৰ ক্ষেত্ৰত ঘটা ধাৰাবাহিক পৰিবর্তন কিছুমান সময়, পৰিবেশ আৰু পৰিস্থিতি সাপেক্ষে অনিবার্য বুলি ধৰা হয় ; এনে পৰিবর্তন কিছুমান বৃহৎ স্বাৰ্থত মংগল নহয় বুলি জানিলেও সময় আৰু পৰিস্থিতিৰ হেঁচাত আমি মানি ল’বলৈ বাধ্য।শিল্প-উদ্যোগৰ বিকাশ আৰু জনসংখ্যা বৃদ্ধিৰ লগে লগে এসময়ৰ কৃষিজীৱি সহজ-সৰল গ্রাম্য সমাজখনলৈ জটিলতা আহি পৰিল। কি গ্রাম্য কি নগৰীয়া সকলােধৰণৰ সমাজতে এই পৰিবর্তন বিৰাজমান ।বৰ্তমান কৃষিয়েই একমাত্র জীৱিকা হৈ থকা নাই। বৃত্তিৰ ক্ষেত্ৰতো ভিন্নতা আৰু জটিলতা আহি পৰিল আৰু মানুহৰ জীৱন ধাৰণৰ মানদণ্ড,ৰুচিৰ সলনি হল । লগে লগে সলনি হ’ল মানুহৰ মানসিকতা,পৰস্পৰৰ মাজত থকা আন্তৰিকতা আৰু সমান্তৰালভাৱে সলনি হ’ব ধৰিলে সামাজিক কৃষ্টি-সংস্কৃতিৰ আচাৰ-লোকাচাৰ ,অনুষ্ঠানসমূহ।এনে সন্ধিক্ষণত বিহু উৎসৱৰ লগত জড়িত থকা ৰীতি-নীতি সলনি হােৱাটো নিতান্তই স্বাভাৱিক কথা । নিঃসন্দেহে বসন্ত উৎসৱটোৰ সতে জড়িত থকা মানুহৰ আন্তৰিকতা আগতকৈ তুলনামূলকভাৱে কমি আহিছে । গ্রাম্য সমাজৰ গছ তৰল বিহু আধুনিক সভ্যতাৰ সংস্পৰ্শলৈ আহি পণ্য সামগ্রীত পৰিণত হােৱাৰ উপক্রম হৈছে । অপ্রিয় হলেও সত্য যে এনে অৱস্থাই বিহুৰ মূল ৰূপটো নাইকিয়া কৰি পেলাইছে। গছ তলৰ বিহু এতিয়া ড্রয়িং ৰূমৰ টি ভি পর্দাত , ইণ্টাৰনেট মাধ্যমত দেখা আৰু শুনাৰ সুবিধা ওলাল।এই আধুনিকীকৰণক স্বাগতম জনাবই লাগিব। তথাপি বিহু বুলিলে যেন এতিয়া এনে লাগে ইলেকট্ৰনিক মিডিয়াৰ চেনেল কেইটাৰ হে বিহু ! বিহু সন্মিলনৰ নামত ৰাতিৰ সাংস্কৃতিক অনুষ্ঠানটোহে মুখ্যতঃ হৈ পৰিছে ! লাখ লাখ টকা খৰচ কৰি মঞ্চত বিহু ফাংচন পতাৰ প্ৰতিযোগিতা হয়।বিহুৰ নামত ‘বিহু কোঁৱৰ’, ‘বিহু কুঁৱৰী, “বিহু সম্রাজ্ঞী’ আদি প্রতিযােগিতাৰ জনপ্রিয়তা ব্যাপকভাবে বৃদ্ধি পাইছে আৰু সেইবােৰত পৰম্পৰাগত সংস্কৃতি প্রতিফলন হােৱাতকৈ বাণিজ্যিক দিশটোৱে অধিক অগ্রাধিকাৰ পাইছে । বিহুক কেন্দ্ৰ কৰি একশ্রেণী পেছাদাৰী শিল্পী তথা সাংস্কৃতিক কর্মীৰ সৃষ্টি হৈছে, যি বিলাকে সংস্কৃতি ৰক্ষা কৰাতকৈ নিজৰ আর্থিক লাভালাভৰ ওপৰতহে অধিক গুৰুত্ব দিয়ে। এনে ধৰণে বিহুৰ সীমাবদ্ধতা আহি পৰিছে আৰু মূল চালিকা শক্তিও সলনি হৈছে।বিহুৰ এই ৰূপ ধনী, মধ্যবিত্ত তথা আর্থিকভাৱে অৱস্থাসম্পন্ন লােকসকলেহে প্রতিপালন কৰিব পাৰে। দৰিদ্ৰ গাঁৱলীয়া লােকসকলে দূৰৰপৰা উপভােগ কৰাৰ বাহিৰে সেই ৰূপৰ সতে সহ-অৱস্থান তথা আত্মীয়তা অনুভৱ কৰাৰ সামৰ্থ্য হেৰুৱাই পেলাইছে । পৰিবৰ্তিত বিহুৰ ৰূপটোত ইয়াৰ প্রকৃত আত্মাটো পাবলৈ নাই; বিহুৰ নামত যিটো কায়িক ৰূপ আছে সিও তেজ মঙহৰ নহয় ; ধাননি পথাৰত নতুবা ৰবিশস্যৰ বাৰীত চৰাই খেদিবলৈ চূণ-ছাই সানি জলহু-চোলা পিন্ধাই থােৱা প্রতিকৃতিটোহে যেন অনুভৱ হয়। অপসংস্কৃতিৰ বীজাণু কিছুমান গা কৰি সমগ্ৰ সমাজখনৰ তথাকথিত পৰিবর্তনশীলতাৰ প্ৰকৃত স্বৰূপটো উদঙাই দেখুৱাইছে।সমাজ ব্যৱস্থা আৰু অর্থনৈতিক অৱস্থাৰ পৰিবৰ্তনৰ লগে লগে পৰম্পৰাগত সংস্কৃতিত সংঘাত তীব্র হৈ পৰিছে । পৰম্পৰাগত কৃষ্টি সংস্কৃতিৰ কথা যিমানেই নহওক লাগিলে কিয়, পৰিবৰ্তিত ৰূপে সর্বগ্রাহী ৰূপ ধাৰণ কৰিছে। দুর্ভাগ্যবশতঃ সংস্কৃতিৰ পৰিবৰ্তিত ৰূপবােৰে ধনাত্মকতকৈ ঋণাত্মক প্রভাৱ বেছিকৈ পেলাইছে । গাঁৱতে জন্মগ্ৰহণ কৰি গাঁৱতেই জীৱন পৰিক্ৰমাত ব্ৰতী আছোঁ যদিও ল’ৰালিৰেপৰা বৰ্তমানলৈকে দেখিবলৈ পোৱা, উপভোগ কৰা বিহুৰ ক্ৰমবিকাশৰ পৰিবৰ্তিত ৰূপৰ কথা এতিয়া এনেকৈয়ে কবলৈ মন যায়—-
“তেতিয়াৰ শৈশৱ-কৈশোৰতে উপভোগ কৰা বিহুৰ উছাহ-উদ্দীপনাবোৰ আছিল বুকুৰ শ্বাস আৰু এতিয়াৰ বিহুৰ উছাহ-উদ্দীপনাবোৰ হ’ল বুকুৰ নিশ্বাস!”
************
9:47 PM
ভাল লাগিল, সুন্দৰ।