ভাল পাওঁ বুলি এবাৰো নাপালা কৈ-সমুজ্জ্বল কাশ্যপ
ফুল সা খিল কে
পাস আ দিল কে
দূৰ সে মিলকে
চেইন না আয়ে
অউৰ কব তক মুঝে
তৰপায়েগী তু…..
মেৰে সপনো কি….ৰাণী কব…
আয়েগী তু…
আই ৰুত…..মস্তানি….
বাছৰ স্পীকাৰত কিশোৰ কুমাৰৰ গীতটো উচ্চ স্বৰত বাজি আছিল। গীতৰ কলিটো অমিতেও মুখৰ ভিতৰতে গুণগুণাই চালে। প্ৰিয় গীতটোৰ তালে তালে নিজকে ৰাজেশ খান্না আৰু সম্মুখৰজনী শৰ্মিলা ঠাকুৰৰ দৰে লাগিল তাৰ। পাৰ্থক্য মাথো, ৰাজেশ খান্নাৰ দৰে সমান্তৰালকৈ জীপৰ ওপৰত নাথাকি সি যেনিবা নায়িকাৰ লগত একেখন বাছতেই বহি আছে।
যান-জঁটৰ বাবে বাছখনৰ গতি যথেষ্ট লেহেমীয়া। সম্মুখৰ ছোৱালীজনীৰ চুলি কেইডালমান উৰি আহি তাৰ চকুৱে মুখে কোবাই গৈছে। বাৰে বাৰে আমনি কৰি থকা আবেলিৰ ৰঙা বেলিটোৰ আভাখিনি হাতেৰে বাধা দিবলৈ চেষ্টা কৰি থকাৰ পৰাই তাই পিছলৈ দুবাৰমান ঘূৰি চাইছে। এবাৰ চকুতে চকু পৰাত সি হাঁহি দিলে।পিছে সিফালৰপৰা কোনো সঁহাৰি নাহিল।
কিছুদূৰ আগত ছোৱালীজনী বাছৰপৰা নামিল৷ কিবা এটা ভাবি বাছখনৰ পিছদুৱাৰেদি সিও নামি পৰিল আৰু ছোৱালীজনীৰ পিছ ললে।
ভিৰৰ মাজেৰে আগুৱাই গ’ল অমিত। ছোৱালীজনীক লগ কৰাৰ হেঁপাহটোৱে ভাগৰুৱা শৰীৰটোত যেন দুগুণ ফূৰ্ত্তি আনি দিছিল। পিছে কাষ চাপিবলৈ চেষ্টা কৰি, এবাৰ দুবাৰ নহয় বাৰে বাৰে সি ব্যৰ্থ হ’ল। মাত দিম বুলি ভাবিলেও অলপ ওচৰ চাপিলেই তাই আনফালে আঁতৰি যায়।
বাছৰ ভিতৰত প্ৰথম দেখোঁতেই কিবা এটা ভাল লাগিছিল তাইক! বগা হাফপেণ্ট আৰু নীলা টী-চাৰ্ট পিন্ধি, কাণত ডাঙৰ হেডফোন এডাল ওলোমাই ছোৱালীজনী ঠিক তাৰ আগৰ চিটটোতে আহি বহিছিল। তাইৰ দেহৰপৰা বিয়পি অহা ঘাম মিশ্ৰিত উগ্ৰ গোন্ধটোৱে তাক উন্মাদ কৰি পেলাইছিল।
‘এইবাৰ দেখিলেই চিঞৰি মাতিম।’
মনতে ঠিক কৰি সি ইফালে সিফালে চালে। কিন্তু ছোৱালীজনী চকুৰ আগৰপৰা হেৰাই গ’ল৷ নিমিষতে তাই কোনদিশে আঁতৰি গ’ল, সি তলকিবই নোৱাৰিলে। ইফালে ভাগৰে জুৰুলা কৰা মনটোৱে যেন হাহাকাৰ কৰি উঠিল।
****
: মই প্ৰেমত পৰিলো!
: হয়নে? তোৰ এনেকুৱা প্ৰেম আগতেও হোৱা নাই জানো? মই জনাত বহুবাৰ হৈছে!
: নহয় অ’। এইবাৰ চিৰিয়াছ।
: থ হেৰৌ! কালিলৈ আন এজনী দেখিলে তোৰ চিৰিয়াছ প্ৰেম ক’ৰবাত উৰি যাব।
: বিশ্বাস কৰ, এইবাৰ মই ডেম চিৰিয়াছ।
: হয় নেকি! ঠিক আছে, দেখিম বাৰু।
ৰুমলৈ আহি বৰুণৰ আগত ছোৱালীজনীৰ বৰ্ণনা দি আছিল সি। বৰুণ আৰু অমিত দুয়োটাই একেটা অফিচতে কাম কৰে, একেলগেই থাকে। বৰুণ সাংঘাটিক গহীন, কেৱল কামক লৈ ব্যস্ত। ছোৱালীৰ পিছত ঘূৰিবলৈ তাৰ হেনো সময় নাই। ঘৰত দুজনীকৈ ভনীয়েক আৰু মাক৷ সিহঁতক কষ্টহীন জীৱন এটা উপহাৰ দিবলৈ বহু টকা উপাৰ্জন কৰিব সি।
তাৰ স্পষ্ট কথা –
: দুয়োজনী ভনীক সোনকালে বিয়া দিব লাগে। তাৰ পিচতহে নিজৰ বিষয়ে ভাবিম।
: হেৰৌ! প্ৰেম মানুহে ভাবি চিন্তি সময় উলিয়াই কৰে নেকি!…..প্ৰেম নিজে নিজেই হৈ যায়।
বৰুণক উপদেশ দিয়া সেইজন অমিত৷ এজনীৰ পিছত আনজনীৰ আগে পিছে লাগি থাকিবলৈ সি অকণো আমনি নাপায়।
কেতিয়াবা বৰুণৰ ভয় হয় – ‘ই যদি কেতিয়াবা বিপদত পৰে!’
অমিতে অনা পকৰিকেইটা চোবাই থকাৰপৰা বৰুণে সুধিলে
: এনেদৰে যে থাক, তোৰ ভাগৰ নালাগে নেকি অ’!
: ভাগৰ!….কিয়?
: দিনৰ দিনটো অফিচত টিঘিলঘিলাই ফুৰ, আকৌ সন্ধিয়া ছোৱালীবোৰৰ পিছত ঘূৰ! ইমান এনাৰ্জি ক’ত পাৱ ভাই?
: হাঃ হা। তয়েই মোৰ চিক্ৰেট অৱ এনাৰ্জি।
: বাদ দে!
: হাঃ হা। ভাত বনালিনে?
: কিয়? সদায় তোৰ কাৰণে বনোৱা ভাতকেইটা পেলাবলগীয়া হয়চোন! বাহিৰতেই খাই আহ। আজিও খাই আহিবি বুলি ভাবিলো!
: হয় নেকি! তাৰমানে নবনালি! ঠিক আছে ডাৰ্লিং। বাহিৰতে খাই আহোঁগৈ। যাবি?
: এই ৰাতিখন? নাযাওঁ মহাৰাজ! আপুনিয়েই গৈ আহক।
অমিত ওলাই গ’ল। কেতিয়ালৈ ঘূৰিব ঠিক নায়। বৰুণে দুৱাৰখন বন্ধ কৰি বিছনাখনতে বাগৰি দিলে। কম্বলখন গাত মেৰিয়াই টিভিটো অন কৰি ল’লে সি। ডিচক’ভাৰীত প্ৰিয় অনুষ্ঠান এটা আৰম্ভ হৈছিল, সি তাতে সোমাই পৰিল।
জেকেটত হাতদুখন সুমুৱাই অমিত আগুৱাই গ’ল৷ লক্ষ্য হোটেল এখন বিচাৰি কিবা এটা খোৱা। বাহিৰত ঠাণ্ডা পৰিছে। ৰাস্তাত মানুহৰ অহা যোৱাও কম। অলপ আগত এখন ধাবা আছে৷ আগতে খাই পোৱা নাই যদিও ভাল বুলি শুনিছে। মাজৰাতিলৈও হেনো খোলা থাকে।
: আজি তাতেই টেষ্ট লোৱা যাওক।
অমিতে ভাবিলে।
আনেৱালা
কই তুফান হে
কই তুফান হে…..
আজ মৌচম…
অ’ আজ মৌচম…..বড়া
বেইমান হে….বড়া…..
গুণগুণাই অমিত আগবাঢ়িল। মুখেৰে ওলাই অহা ভাপৰদৰে ধোঁৱাবোৰ চাই সি বৰ আনন্দ পায়। ঠাণ্ডাৰ দিনবোৰ বৰ প্ৰিয় তাৰ। কিছুদূৰ আগত ধাবাখন খোলা আছিল। মানুহৰ ভিৰ এতিয়াও কমা নাই। ইফালে-সিফালে চকু ফুৰাই এখন খালী টেবুল পাই বহিব লওঁতে কাৰোবাৰ মাতত পিছফালে ঘূৰি চালে।
: ইয়াত বহিব পাৰিম নেকি?
: অ’….কিয় নোৱাৰিব! ..বহক।
নিজৰ চকুহালকেই বিশ্বাস কৰিবলৈ টান পাইছিল সি৷ দিনত বিচাৰি হাবাথুৰি খাই ফুৰা ছোৱালীজনী ঠিক
সম্মুখতে ঠিয় হৈ আছে৷ দেহত এতিয়াও সেই একেযোৰেই সাজ – বগা হাফপেণ্ট আৰু নীলা ৰঙৰ টী-চাৰ্টটো। খালি কাণৰ হে’ডফোনডাল নমাই ডিঙিত ওলোমাই থোৱা আছে।
: ইহঁতৰ বাৰু ঠাণ্ডা নালাগে নেকি!
ছোৱালীজনীক ভৰিৰপৰা মূৰলৈকে ভালদৰে চাই চকীখন তাইলৈ আগুৱাই দিলে সি। অমিতৰ চাৱনিটো দেখি হয়তো তাই অলপ অসুবিধা পাইছিল। ভৰি দুখন বেঁকাকৈ কোঁচাই তাৰ চকুৰপৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰি সাৱধানেৰে বহি পৰিল তাই।
‘অসুবিধা যদি হৈছে, হাফপেণ্ট পিন্ধি এই ৰাতিখন কিয় ঘূৰি ফুৰিছে!’ – এনেকুৱা ভাৱ এটাত সিও ছোৱালীজনীলৈ চাই থাকিল।
: কিবা অৰ্ডাৰ কৰিলে?
: অ নাই!…. কৰোঁহে।…….. এই
পোৱালি….এইফালে আহচোন।
আচলতে কিবা এটা অৰ্ডাৰ কৰিবলৈ সি পাহৰি গৈছিল। ছোৱালীজনী হঠাতে তেনেদৰে সম্মুখতে আহি ওলোৱাত ভোকটোও উৰি গ’ল। তথাপিও ল’ৰাজনক দুইপ্লেট ৰুটি ভাজি আৰু অমলেট দুটা বনাবলৈ কৈ ছোৱালীজনীৰ লগত ব্যস্ত হৈ পৰিল অমিত।
: মই ওচৰতে থাকো, আৰু তুমি?
: মই ইয়ালৈ নতুনকৈ আহিছো৷ বৰ্তমান পি.জি. এটাত আছো। লাহে লাহে ভাড়াঘৰত সোমাবগৈ লাগিব।
: নিশ্চয়! মই সহায় কৰি দিব পাৰিম। মোৰ চিনাকি ভাড়াঘৰ বহুত আছে ইয়াত।
: অ’..হয়নেকি! চ’ চুইট অৱ ইউ। থেংকছ্ দেই!
: এনিটাইম! এনিটাইম! বাৰু তোমাৰ নামটো….?
: অনিতা! ‘এনি’ বুলিয়েই কয় সকলোৱে।
: ময়ো ক’ম দেই। হ’বনে?
: হ’ব বাৰু।
ঘড়ীটোৰ কাটাডালৰ লগে লগে সিহঁতৰ কথা-বতৰাও আগবাঢ়িল। এসময়ত খোৱা বোৱা শেষ কৰি দুয়ো নিজৰ নিজৰ ঠাইলৈ ওলাল। ফোন নম্বৰ, ঠিকনা আদি আদান প্ৰদানৰ অন্তত দুয়ো দুফালে আঁতৰি আহিল। অতি সোনকালে পুণৰ লগ হোৱাৰ প্ৰতিশ্ৰুতিয়ে অমিতৰ মনটো ভৰাই তুলিছিল। টোপনিটোৱে হেঁচা মাৰি ধৰিছে যদিও আজি ৰাতি তাৰ টোপনি নহ’ব।
****
: অমিত, এনেদৰে ছোৱালীজনী দুজন ডেকা ল’ৰাৰ ৰুমত আছে, কথাবোৰ ভাল হৈছে জানো? ওচৰৰ মানুহবোৰে নিশ্চয় আমাক ভাল চকুৰে চোৱা নাই।
: ৰুম এটা নোপোৱালৈকে তাই ইয়াত থাকিব, কোনোবাই কিবা ক’লে মোৰ লগত কথা হ’বলৈ ক’বি।
: তেনেকৈ কথাবোৰ উৰুৱাই নিদিবিচোন।
মোৰ নিজৰেই ভাল নলগা হৈছে। তহঁত দুয়োটা সিফালে সোমাই থাক, আৰু মই ইয়াত। মোৰো প্ৰাইভেচী বোলা কিবা এটা আছে। মুকলিকৈ একো এটা কৰিব নোৱাৰা হৈছো। ৰুমত সোমাব লাগিলেও তাইক সুধি সোমাব লাগে৷ বিৰক্তি লাগিছে অ’!
: ঠিক আছে, তাইক ক’ম বাৰু তোৰ অসুবিধাৰ কথা।
: বেয়া নাপাবি। পাৰিলে তাইক সোনকালে বেলেগ ৰুম এটা ঠিক কৰি দে। এনেদৰে দুয়োটা এদিন বিপদত পৰিম।
দো নেইনা অউৰ
এক কহানী।
থোড়া সা বাদল
থোড়া সা পানী…
অউৰ…..এক কহানী
দো নেইনা অউৰ…….
ৰেডিঅ’টোৰ ভলিউমটো কমাই অনিতা দুয়োৰে কাষ চাপি আহিল। বৰুণ আৰু অমিতৰ কথাবোৰ তাই শুনি আছিল। যোৱা দহদিনৰপৰা সিহঁতৰ লগত আছে তাই। অতি কম সময়ৰ ভিতৰতে অমিতৰ লগত এটা মধুৰ সম্পৰ্ক গঢ়ি উঠিছে তাইৰ৷ ৰুম এটা বিচাৰি নোপোৱালৈকে অমিতে তাইক নিজৰ ৰুমলৈকে লৈ আনিছিল।
: বৰুণ দাদা, মই আজিয়েই গুচি যাম ইয়াৰপৰা। আপোনাৰ কষ্ট হৈছে যে মই ভাবিয়েই চোৱা নাছিলো। আই এম ভেৰী ছ’ৰি।
ভিতৰলৈ সোমাই দুৱাৰখন বন্ধ কৰি দিলে তাই। অমিতে বৰুণৰ মুখলৈ চাই থাকিল। বৰুণে একো নোকোৱাকৈ বাহিৰলৈ ওলাই আহিল। অলপ সময়ৰ পিছত কোঠাটোৰ দুৱাৰখন খোল খালে আৰু পিঠিত বেগটো লৈ তাই ওলাই আহিল। অমিতে আগবাঢ়ি আহি তাইৰ হাতদুখনত খামুচি ধৰিছিল।
: বেয়া নাপাবা! তোমাৰ বন্ধুৰ মনত দুখ দি মই ইয়াত সুখেৰে থাকিব নোৱাৰিম। মোৰ পিছত নাহিবা, কিবা এটা বন্দৱস্ত মই নিজেই কৰি লম।
অমিতক কোনো কথা কোৱাৰ সুযোগ নিদি তাই ওলাই গ’ল। বাহিৰৰ বেৰখনত এখন ভৰিৰে ভেজা দি দাড়িকোছাত হাতখন ফুৰাই বৰুণ থিয় হৈ আছিল। তালৈ চাই মিচিকিয়াই হাঁহি ছোৱালীজনী আঁতৰি গ’ল। বৰুণে ভিতৰলৈ চালে, অমিতে চকীখনত বহি ৰেডিঅ’টো পিটিকি আছিল। ভলিউমটো সি বঢ়াই দিলে।
…….
য়ে শাম ঢল তো লে জৰা
য়ে দিল সম্ভল তো লে জৰা….
মেই থোড়ি দেৰ জী তো লু
নচে কে ঘূঁট পী তো লু
অভি তো কুছ কহা নেহি
অভি তো কুছ শুনা নেহি….
……..
অভি না জাও ছোড়কৰ
কে দিল অভি ভৰা নহী…।
আজিকালি অমিত অফিচৰপৰা সোনকালে আহে।ৰান্ধনী ঘৰত সোমাই কিবাকিবি কৰি থাকে৷ ৰেডিঅ’টো বজাই লৈ কেতিয়াবা দুয়োটালৈ ভাত বনায় আৰু কেতিয়াবা বেচিনৰ ওপৰৰ পানীৰ টেপটো খুলি সেইফালে চাই কিবা ভাৱত বিভোৰ হৈ থাকে।তাৰ এই ৰূপ দেখি বৰুণ আচৰিত হয়। অনবৰতে হাঁহি মাতি খিলখিলাই থকা ল’ৰাজন এতিয়া একেবাৰে নিস্তব্ধ। জুখি মাখি যি দুই এটা কথা কয়, অকল অনিতাৰ বিষয়ে। ফোনত মাকহঁতৰ লগতো কথা কোৱা কমাইছে সি।অমিতৰ দেউতাকে বৰুণলৈ ফোন কৰিহে পুতেকৰ খবৰ লয়।
ৰোজ শাম আতি থি,
মগৰ এইচি ন থি
ৰোজ ৰোজ ঘটা চাতি থি,
মগৰ এইসি ন থি
য়ে…. আজ…..মেৰে…জিন্দগী….মে ….
কৌন….আ…..গয়া…..!
‘সাংঘাটিক পৰিবৰ্তন!
এজনী ছোৱালীৰ আগমনে সঁচাকৈয়ে মানুহৰ জীৱনশৈলী কেনেদৰে সলনি কৰি দিব পাৰে!’
অমিতক এনেদৰে ভাল নালাগে।গান গাই জঁপিয়াই ফুৰা ল’ৰাজন ৰুমৰপৰা নোলোৱাই হ’ল৷ বন্ধুত্বৰ খাতিৰত ছোৱালীজনীক একো ক’বও নোৱাৰিলে বেচেৰাই।
‘এইটো অৱস্থাৰপৰা ইয়াক উলিয়াব লাগিব’।
সিহঁতৰ সৰু ৰান্ধনী ঘৰটোলৈ বৰুণ সোমাই আহিল।অমিতে কিবা বনাই আছিল৷ বৰুণ অহা গম পালে যদিও ভাবলেশহীনভাবে সি থিয় হৈ থাকিল।ফ্ৰীজৰ ওপৰত বাজি থকা ৰেডিঅ’টো বন্ধ কৰি বৰুণে তাৰ কান্ধত হাতখন থৈ ক’লে-
: ব’ল তাইক বিচাৰি যাওঁ।
: কাৰ কথা কৈছ?
: এনি আকৌ!
কান্ধৰপৰা বৰুণৰ হাতখন আঁতৰাই সি ধনীয়া কেইপাতমান পানীত জুবুৰিয়াই ধুলে।
: হোষ্টেল গৈছিলো, তাই নাই। গুচি গৈছে হেনো।
: গুচি গৈছে? ক’ত?
: নাজানো!
: তোক একো নক’লে? ফোন নম্বৰ?
: তাই মোক লগ নকৰে! বৰ অভিমানী অ’! ফোন নম্বৰো সলাইছে।
: কাইলৈ আকৌ তালৈকে যামগৈ, ব’ল।
: একো লাভ নাই, সিহঁতে কোনো কথাই নকয়।
: আস্! মই যাম নহয়, কিবা এটা কৰিব লাগিব দে।
অনিতাক বিচাৰি দুয়ো পিছে বেছি হাবাথুৰি খাবলগীয়া নহ’ল।হোষ্টেলৰপৰা ঘৰৰ ঠিকনাটো উলিয়াই দুয়োটা তাইৰ ঘৰ ওলালগৈ। অনিতা ঘৰতেই আছিল।ঘৰৰ অৱস্থা খুবেই ভাল।কিন্তু তাইৰ ডাঙৰ ঘৰটোৰ মানুহখিনিৰ মনবোৰ কিমান ঠেক, বুজি উঠিবলৈ সিহঁতৰ বেছি সময় নালাগিল।
সতীয়া মাকজনীৰ অত্যাচাৰৰপৰা পৰিত্ৰাণ বিচাৰি তাই ঘৰৰপৰা আঁতৰি থাকিবলৈ লৈছিল।দেউতাকে এসোপামান টকা পঠিয়াই দায়িত্ব সামৰে, মাহীমাকৰ বিৰুদ্ধে এষাৰো মাত নিদিয়ে।সিহঁতে বুজি উঠিল কিয় তাই ঘৰখনৰপৰা আঁতৰি থাকিব বিচাৰিছে।অমিতৰ ৰুমৰপৰা ঘূৰি আহি ছোৱালীজনী আকৌ একেটা পৰিবেশতে সোমাই পৰিছিল।
বৰুণ আৰু অমিতকো মাহীয়েকে অপমান কৰি পঠিয়ালে৷ অনিতায়ো একো নোকোৱাকৈ ৰুমৰ ভিতৰলৈ সোমাই গ’ল। কি কৰিম কি নকৰিম ভাবি দুয়ো ঘৰলৈ গুচি আহিল।
নিশা বাছৰপৰা নামি ইটোৱে সিটোৰ কান্ধত হাত থৈ খোজকাঢ়ি ৰুমলৈ আহি আছিল৷
: খেদি দিলে অ’! – অমিতে যে মনত ভীষণ কষ্ট পাইছিল সেয়া তাৰ কথাত স্পষ্ট।
: দিল্লীৰ মানুহৰ দিল নাই দোষ্টি! একেবাৰে দিল নাই।
: বেয়া নাপাবি ভাই, মোৰ কাৰণে আজি তয়ো কথা শুনিলি।
: একো নাই দে। তোৰ কাৰণে জান ভি হাজিৰ।
: আই লাভ ইউ দোষ্টি।
: আমাৰ অসমত এনেদৰে ঘৰলৈ অহা অতিথিক অপমান কৰি নপঠায়। নহয়নে?
: অতিথি? আমি? হাঁ হাঁ। অবাঞ্চিত অতিথি!
: কিয়? অতিথি নকয় নেকি?
দুয়োটাৰে নিচা হৈছিল। আহোঁতে বাৰ এখনত সোমাই দুয়ো ঢেৰ কিবাকিবি খালে।ৰাস্তাত পৰি থকা বটল এটা অমিতৰ ভৰিত লাগি ছিটিকি গ’ল।সেইটো গৈ কাষতে থকা লাইটৰ খুটা এটাত খুন্দিয়াই ভাঙি থাকিল।শব্দটো শুনি কুকুৰ এটাই ভুকিবলৈ ধৰিছিল। ঢলং পলংকৈ সিহঁত তাৰপৰা আঁতৰি আহিল।লাহে লাহে কুকুৰটোৰ ভুক-ভুকনি নিশাৰ নিস্তব্ধতাৰ মাজত নোহোৱা হৈ গ’ল।
: দো দিৱানে চহৰ মে
: ৰাত মে য়া দোপহৰ মে….
: আৰে দো দিৱানে চহৰ মে….এ ৰাত মে য়া দোপহৰ মে…..
: আৰু কি, তাৰপিছত?
: ধেই পাহৰিলো।
: দো দিৱানে…..চহৰ মে…..
: হম..হ…হ….হম……লা লা লা…
: আবুদানা ধুন্দতে হে….আবুদানা……!! সে সে…
: আচিয়ানা ধুন্দতে হে
: আবুদানা মানে কি ৰে?
: চাবুদানা টাইপ কিবা হ’ব নেকি! হে হে।
***
অমিত আৰু অনিতা আকৌ একেলগে থাকিবলৈ ললে।বৰুণে, সিহঁতৰ ওচৰতে আন এটা ৰুমত অকলে এডজাষ্ট হ’বলৈ চেষ্টা কৰিছে।ৰাতি আহি সিহঁতৰ লগতেই একেলগে খায়। কেতিয়াবা তাৰ অফিচতো খোৱা হয়।
: লেটছ্ গেট্ মেৰিড, এনি।
: কি কৈছা! মই এতিয়াও সৰু হৈ আছো৷ এতিয়াই বিয়া?
: সৰু হৈ আছো মানে?
: মানে এইবোৰ আৰু – সংসাৰ, ল’ৰা ছোৱালীৰ কাৰণে আমি জানো প্ৰস্তুত?
: তাৰমানে কি ক’ব খুজিছা তুমি?
: মই পঢ়িব খোজো, পোষ্ট গ্ৰেজুৱেচনটো শেষ কৰি কিবা এটা চাকৰি কৰিব বিচাৰো৷ ৰাইটাৰ হ’ব খোজো অমিত৷ আই ৱান্ট টু এক্সপ্লোৰ ড ৱৰ্ল্ড৷ বিভিন্ন ঠাইলৈ যাব বিচাৰো, বিভিন্ন মানুহৰ সংস্পৰ্শলৈ আহিব বিচাৰো।
: বিয়াৰ পিছত এইবোৰ কৰিব নোৱাৰিবা নেকি?
: মই ঠিক সেইটো কোৱা নাই৷ কিন্তু মই এতিয়াই বিয়াৰ কথা ভবা নাই। আই এম জাষ্ট টুৱেন্টি ওৱান।
: ছ’….হোৱাট? হোৱাট এবাউট ড বেবী?
: আই থিংক আই ড’ন্ট ৱান্ট টু – কিপ ইট্। মই এতিয়াই মা হ’ব বিচৰা নাই। প্লীজ বেয়া নাপাবা অমিত।
: কি কৈছা এইবোৰ? উই কান্ট কিল এ বেবী! সেইটো মই কৰিব নোৱাৰো।
: কিবা এটা কৰা অমিত। মোক এই চিটুৱেচনটোৰ পৰা বচোৱা।
: লেটছ্ গেট্ মেৰিড এনি। সকলো ঠিক হৈ যাব।
নিৰবে সময়বোৰ পাৰ হ’ল। অনিতাই একো নক’লে। এতিয়াই বিয়াত বহিবলৈ তাইৰ মন নাই, কিন্তু অমিতৰ মনত আঘাত দিয়াৰ ইচ্ছাও নাই।আত্মীয়, পৰিয়াল, এইবোৰ তাইৰ ভাল নালাগে। জীৱনত শিকিবলৈ বহুতো আছে। ল’ৰা-ছোৱালী, শহুৰ-শাহুৰ লগত তাই হয়তো নিজকে মিলাবই নোৱাৰিব।
বৰুণ অহাৰ পিছত পৰিবেশটো অলপ পাতলিল। তিনিওটা বিয়াৰ আলোচনাত বহিল।অমিতৰ ঘৰত কথাটো কেনেদৰে ল’ব৷ দেউতাক-মাকক দিল্লীলৈ মাতি পঠিয়াব নে সিহঁত ঘৰলৈকে যাব! মাকে জানো ছোৱালীজনীক আঁকোৱালি ল’ব? তাতে তাইৰ এনেকুৱা এটা অৱস্থা!
সেইদিনা তিনিওৰে ভালদৰে খোৱা নহ’ল। বৰুণৰ ওপৰত ডাঙৰ দায়িত্ব।অমিতৰ ঘৰৰ সকলোৱে তাক খুব ভাল পায়, সকলোকে সৈমান কৰোৱা তাৰ কাম।
কাষৰ ৰুমৰপৰা ৰেডিঅ’টোৱেও সিহঁতৰ আলোচনাত সহযোগ কৰি গ’ল –
মেহঁন্দী হে ৰচনে ৱালী
হাথোঁ মে গহৰী লালী
ক’ই সখীয়া, অব কলিয়া,
হাথোঁ মে খিলনে ৱালী হে
তেৰে মনকো, জীৱন কো,
নই খুছীয়া মিলনে ৱালী হে!
ও হৰিয়ালি বন্নো
লে জানে তুঝকো গুইয়া
আনেৱালে হে সইয়া
থামেঙ্গে আকে বইয়া
গুঞ্জেগী চেহনাই
মেহঁন্দী হে ৰচনে ৱালী
*******
: তাই অসমীয়া ক’ব নাজানে, সেয়া ডাঙৰ কথা নহয়। কিন্তু তাই আমাৰ একোৱেই নাজানে। আমাৰ সাজ-পোছাক, আচাৰ-ব্যৱহাৰ, খোৱা-লোৱা, এইবোৰ তাই কেনেদৰে আঁকোৱালি ল’ব?
: আস! সকলো লাহে লাহে হৈ যাব দিয়ানা মা৷ তায়ো মানুহেই, বেলেগ গ্ৰহৰপৰা অহা নাই নহয়৷ বিয়াৰ পিচত তাই মোৰ লগত দিল্লীলৈ গুচি যাবইচোন।
: জানো পাই, কি কৰিবলৈ ওলাইছ! মুঠতে চুবুৰীয়াৰ আগত মুখ উলিয়াব নোৱাৰি বাপেৰটো মৰি নাথাকিলেই হৈছে।
: একো নহয় দিয়া। দেউতাই মানি লৈছে, তুমিহে লাগি আছা।
: বাপেৰটোৱে মানিবই৷ আজিলৈ তোক মুখতে কিবা এষাৰ কৈ পাইছেনে? মইহে পিছত কথা শুনিবলগীয়া হওঁ।
মাক পুতেকৰ মিঠা মিঠা যুদ্ধখনৰ আমোদ লৈ থকা বৰুণে উঠি আহি অমিতৰ মাকক ৰান্ধনীঘৰলৈ লৈ গ’ল৷ ইফালে ভাতৰ টেবুলত আমন- জিমনকৈ বহি থকা অমিতে দেউতাক আৰু বৰুণৰ মাকৰ আলোচনাৰ মাজত সোমাবলৈ চেষ্টা কৰি থাকিল।
: ল’ৰা জনা-বুজা হৈছে, ছোৱালীও দেখা শুনাই ভালেই। বাকী ওচৰৰ মানুহে কি ক’ব সেইবোৰ চিন্তা কৰি কিবা লাভ আছে জানো, ককাইদেউ?
: এ মই সেইবোৰ ভবাই নাই, বৌৱেৰাইহে অলপ কষ্ট পাই আছে। পুতেকলৈ ছোৱালী চাই ফুৰিছিল যে! তাতে আকৌ বিয়াৰ পিছত গুচি যাব দিল্লীলৈ৷ বোৱাৰীয়েকৰ ওপৰত অত্যাচাৰ চলাব সুবিধা নাপাব কাৰণে জ্বলি পুৰি মৰিছে কিজানি! হা হা হা।
দুইখন ঘৰৰ মাজত ভাল সম্বন্ধ এটা আছে। বৰুণ সৰু থাকোঁতেই দেউতাক ঢুকায়। তেতিয়াৰপৰাই সিহঁতৰ পৰিয়ালটো অমিতৰ দেউতাকেই চোৱা-চিতা কৰি আহিছে। বৰুণৰ মাক তেওঁৰ দূৰ সম্পৰ্কীয় ভনীয়েকো হয়। আটাইকেইটা ল’ৰা ছোৱালীক তেওঁলোকে নিজৰ দৰেই মৰম কৰে।
দুয়োখন ঘৰত সকলোৱে হিন্দী জানে বাবে তেওঁলোকৰ লগত কথা হ’বলৈ অনিতাৰ অকণো অসুবিধা নহ’ল।প্ৰথমতে তাইক আঁকোৱালি ল’বলৈ অসুবিধা পাইছিল যদিও পিছলৈ কোনেও বিয়াখনত আপত্তি নকৰিলে। বৰুণৰ দুয়োজনী ভনীয়েকক লগ পাই অনিতাই কিছু সকাহ পাইছিল। বিয়ালৈ তাই সিহঁতৰ ঘৰতে থাকিব। তাৰপৰাই তাইক কইনা সজাই উলিয়াই দিব বৰুণৰ মাকে৷
*******
জোৰোণেৰে বিয়াৰ আৰম্ভনি হ’ল৷ আগদিনা ৰাতি বৰুণহঁতৰ পদূলিমুখত তোৰণ আৰু চোতালত বিয়াৰ মণ্ডপ সজোৱা হৈছিল।
: একেদিনাই দুয়োটা কাৰ্য সমাপণ কৰিব লাগিব। দিনত জোৰোণ, ৰাতি বিয়া। হ’বনে আই?
অমিতৰ দেউতাকে অনিতাক সুধিছিল। তাই মাথো মূৰ দুপিয়াই সন্মতি জনালে। ক’ত কি হৈ আছে তাই ভালদৰে বুজি নাপায়। তাইৰ কাৰণেই সকলোৱে ইফালে সিফালে দৌৰি ফুৰা দেখি নিজকহে ভাগৰুৱা অনুভৱ কৰিছিল।
জোৰোণ আহি পদূলি পালে। বৰুণৰ মাকে জোৰোণ আদৰিবলৈ শৰাই এখনত আগ গুৰি কটা তামোল-পাণ সজাই, কাঁহৰ কাঁহী এখনত চাকি, ধূপ, ফুলাম গামোচা, বিচনী আদি লৈ দৰাঘৰীয়াসকলক আদৰি আনি চোতালত বহুৱালে। দলিচা পাৰি দিয়া ঢাৰিখনৰ ওপৰত সকলো বহিল। অমিতৰ মাকে কইনা বাহিৰলৈ উলিয়াই আনিবলৈ অনুৰোধ জনালে। দৰাঘৰৰ বিয়া নাম আৰম্ভ হ’ল-
ধূপ-ধূনা জ্বলোৱা
শৰাইখনি সজোৱা
জোৰোণ আহি ৰৈ আছে
কইনাক উলিয়াই দিয়া।
ভিতৰত বৰুণৰ দুয়ো ভনীয়েকে অনিতাক সজাই তুলিলে। ৰাতি দুপৰলৈ সিহঁতৰ ঘৰত মেখেলা-চাদৰ পিন্ধি খোজ কঢ়াৰ প্ৰেক্টিচ চলিছিল। আগতে এইবোৰ পিন্ধি নোপোৱা বাবে তাইৰ বৰ কষ্ট হৈছিল।
ওলাই আহা আইদেৱে
ঐ শশী, দুৱাৰডলিৰ বাজে,
ঘৰতে পিন্ধাব লাগে
ঐ শশী, নকৰিবা লাজে।
বৰুণৰ মাকে কইনাক ভিতৰৰপৰা আনি সকলোৰে মাজত বহুৱাই দিলে। এইবাৰ কইনাঘৰৰ বিয়ানাম আৰম্ভ হ’ল-
আগৰখন ভাৰতে কি কি আনিছা
ঐ ৰাম চোতালৰ মূৰতে থোৱা হে,
পিছৰখন ভাৰতে কি কি আনিছা
ঐ ৰাম সমাজৰ মাজতে থোৱা হে।
জোৰোণৰ সামগ্ৰীবোৰ সকলোকে দেখুওৱাৰ পিছত কইনাৰ শিৰত আঙুঠি এটাৰে সেন্দূৰৰ ফোঁট দি আ-অলঙ্কাৰ পিন্ধোৱা হ’ল। তাৰ পিছিত কইনাই আহি সমাজৰ মাজত আঁঠু লৈ ৰাইজৰ আশীৰ্বাদ বিচাৰিলে। বিয়া নাম আৰু উৰুলিয়ে গোটেইখন উৎসৱমুখৰ কৰি তুলিলে।
কৈকেয়ী আহিছে সুমিত্ৰা আহিছে
আহিছে ৰামৰে মাও,
জনকৰ জীয়ৰী জানকী সুন্দৰী
জোৰোণ পিন্ধাই আজি যাওঁ।
অমিতৰ ঘৰৰপৰা অনা গহনা, সাজ-পাৰ পিন্ধি কইনাই এফালৰপৰা সকলোৰে ভৰি চুই আশীৰ্বাদ লৈ গ’ল।
সমাজৰ মাজতে বহাহি আহি,
বোৱাৰী সাজেৰে সজাই দিম আমি।
খোপাটো বান্ধি দিম ওখকৈ তুলি,
কাপোৰযোৰ পিন্ধাই দিম ধুনীয়া কৰি।
অনিতাৰ বাবে এইবোৰ আচহুৱা যদিও সকলোৰে লগত মিলিবলৈ তাই যিমান পাৰে চেষ্টা কৰি গৈছে। কাৰোবাৰ কথা বুজি নাপালে বৰুণৰ মাকৰ মুখলৈ লাজ লাজকৈ চাই ৰয়, মাকে সৰু সৰুকৈ তাইক কাণৰ কাষত সকলো বুজাই দিয়ে।
***
জোৰোণ সামৰি মানুহবোৰ ঘৰাঘৰি হ’ল। ৰাতিলৈ বিয়া। বহুতো কাম আছে।
: বৰুণ….বৰুণ….! এই ল’ৰাটো ক’ত? ইমান কাম পৰি আছে, ই দৰাৰ লগত লেকচাৰ পকাই আছেগৈ নেকি?
: দাদা পিছফালে আছে মা।
: অ’। তাক হোমৰ কাঠবোৰ আনি চোতালত থ’বলৈ কবিচোন, মই ককাইদেউহঁতৰ ঘৰৰপৰা আহোঁগৈ। তহঁত দুয়োজনী কইনাৰ ওচৰত থাকিবি।
: মা। বৌৱে কাপোৰবোৰ খুলিবনে? বৰ কষ্ট পাইছে।
: খুলিব দে, বেলেগ কিবা এটা পিন্ধি অলপ জিৰণি লওক। বেচেৰীৰ এইবোৰ পিন্ধি থকাৰ অভ্যাসো নাই। মাত্ৰ তাইক……হাফপেণ্ট পিন্ধিবলৈ নিদিবি। আৰু শুন….
কিবা এটা ক’বলৈ লৈ তেওঁ থমকি ৰ’ল। ইফালে সিফালে চাই ইঙ্গিতেৰে জীয়েকক ওচৰলৈ মাতিলে।
: কি হ’ল মা, ফুচফুচাই ক’বলগীয়া কি হ’লনো?
: তাইক চিগাৰেট খাবলৈ নিদিবি। বেলেগে দেখিলে সৰ্বনাশ হ’ব। বুজিছ?
: অ’ তই দেখিলি মানে? তইহে নক’বি কাকো। আমি বাৰু নকওঁ।
হাঁহি মাৰি মাক আঁতৰি গ’ল। অনিতাই অলপ জিৰণি ল’ব বিচাৰিছে। মেখেলা-চাদৰযোৰ খুলি তাই বৰুণৰ ভনীয়েকৰ বিছনাত বাগৰি লৈছে। সকলোৰে ভৰি চুই সেৱা কৰোঁতে কঁকাল বিষাই আছিল। আজি মাকলৈ বৰকৈ মনত পৰিছে তাইৰ।সকলো গম পায়ো দেউতাকে এবাৰলৈ ফোন নকৰা কথাটোৱে তাইক বৰকৈ খুন্দিয়াই থাকিল৷ অকলশৰীয়া ভাৱটোৱে মনটো গধুৰ কৰি ৰাখিলে।
সকলো আছে তাইৰ ওচৰত, কিন্তু তথাপিও যেন কিবা এটা খালী। সময় বাগৰাৰ লগে লগে মনটো আৰু অধিক অস্থিৰ হৈ আহিল৷ কিবা এটা ছায়াই যেন অনবৰতে তাইৰ পিছ লৈছে, কিন্তু ঘূৰি চালে পিচলৈ একোৱেই নেদেখে।
হেডফোনডাল লগাই অনিতাই ম’বাইলৰ মিউজিক প্লেয়াৰটো অন কৰি ল’লে। পুৰণি হিন্দী গীত আজিকালি ভাল লাগে। অমিতেই অভ্যাস কৰাইছিল।
অকেলে হে চলে আৱ’
জহাঁ হো
অকেলে হে চলে আৱ’
জহাঁ হো
কহাঁ আৱাজ দে তুমকো
কহাঁ হো
অকেলে হে চলে আৱ’
জহাঁ হো।
বৰুণৰ ভনীয়েক সোমাই আহি অনিতাৰ হাতৰপৰা চিগাৰেটটো মাটিত পেলাই চেণ্ডেল এপাতেৰে মোহাৰি দিলে।
:আজি এইবোৰ এৰা, বাহিৰত শ্ৰাদ্ধ আৰম্ভ হৈছে৷ অলপ জিৰণি লোৱা, আকৌ ৰিচেপছনলৈ ওলাব লাগিব নহয়।
: শ্ৰাদ্ধ কি? আৰু বিয়াৰ আগতেই ৰিচেপছন?
: বিয়াৰ দিনা বৈদিক ৰীতি অনুসৰি শ্ৰাদ্ধ সম্পন্ন কৰি উপৰি পুৰুষক স্মৰণ কৰা হয়। শ্ৰাদ্ধ কৰিবলৈ পুৰোহিতৰ উপস্থিতিত হোমাগ্নি জ্বলাই পূৰ্বপুৰুষলৈ ভোগ আগবঢ়ায়। আমাৰ ইয়াত বিয়াৰ আগতেই ৰিচেপছন হয়।
: তেতিয়া মানুহ এজনীয়ে মই কি ফাৰ্ণিছাৰ আনিম সুধিছিল। তাৰ মানে কি ক’লে?
: ও…তাৰ মানে সুধিছে তুমি কি যৌতুক দিবা।
: হয়? অমিতে কৈছিল তোমালোকৰ ইয়াত বোলে যৌতুক নাই!
: বাদ দিয়া। সকলোৱে তেনেকৈ কয়, কিন্তু ছোৱালী এজনীয়ে মাকৰ ঘৰৰপৰা কি অলংকাৰ আনিলে, কি ফাৰ্ণিছাৰ আনিলে এইবোৰৰ খবৰ ল’বলৈ কোনেও নেৰে।
: মোৰ যে একো নাই?
: হ…ম….মম্। যৌতুক নিদিলে কিন্তু ছোৱালীক জ্বলায়ো দিয়ে।
: ইছ! মোকো জ্বলাই দিব নেকি?
: অমিতদাক সুধি তোমাক কৈ আছো দেই, হ’বনে?
দুয়োজনীয়ে হাঁহি হাঁহি বাগৰি পৰিল।
*****
নিৰ্দিষ্ট সময়ত দৰা আহি পদূলিমুখ পালেহি। কইনাঘৰত উখল মাখল লাগি পৰিল। দৰাক আদৰিবলৈ সকলো ব্যস্ত। বৰুণৰ মাক আৰু ভনীয়েকে দৰা আদৰি আনি চোতালত বহুৱালে। বৰণ কৰি আনি হোমৰ গুৰিত বহুৱাই পুৰোহিতে বৈদিক কাৰ্য আৰম্ভ কৰিলে। কইনা সম্প্ৰদান কৰিবলৈ দৰাক কাঁহী, বাটি, কলহ, বস্ত্ৰ আদি বৰণ দিয়া পৰম্পৰাবোৰ আৰম্ভ হ’ল।
বৰপীৰাত বহি অমিতে কইনা ওলাই অহালৈ অপেক্ষা কৰি ৰ’ল। এই মুহূৰ্ত্তটোৰ বাবেই মনত ইমান উৎকণ্ঠা এটা লৈ ঠাণ্ডাত কঁপি কঁপি ৰৈ আছে সি। কইনা ঘৰলৈ অহাৰ আগত গা ধুৱাওঁতে উশাহ-নিশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছিল তাৰ।
‘ তাইক বাৰু অসমীয়া সাজত কেনেকুৱা দেখিছে! দিনত জোৰোণৰ একপি ফটোও নপঠালে বৰুণে।’
আহিব দিছিলো গধূলি সাত বজাতে
ৰাতিকৈ আহিলা কিয়
ৰ’ব দিছিলো বাটচ’ৰাৰ মুখতে
কলৰ তল সোমালা কিয়?
বিয়ানাম সি বৰ ভাল পায়। বিয়া এখনৰ সৌষ্ঠৱ বৃদ্ধি কৰাত ই যথেষ্ট অৰিহণা যোগায়। আয়তীসকলৰ মুখে মুখে চলি অহা এই নামবোৰ অসমীয়া লোক সংগীতৰ এক আপুৰুগীয়া সম্পদ। সময়ৰ পৰিবৰ্তনৰ লগে লগে এই নামবোৰ আমাৰ সমাজৰপৰা হেৰাই যাবলৈ ধৰিছে আৰু তাৰ ঠাই দখল কৰিছে কিছুমান আমদানিকৃত কৃত্ৰিম জাকজমকতাই। অমিতে সেইবোৰ মুঠেও ভাল নাপায়।
: দুয়োখন ঘৰত অকল বিয়ানামৰ বাহিৰে আন কোনো ছাউণ্ড ছিচ্টেমৰ ব্যৱহাৰ নকৰে যেন।
দেউতাক আৰু বৰুণক এইবিষয়ে সি আগতেই সকীয়াই থৈছে।
কইনা ওলাই অহাৰ সময় আহি পালে। সকলোৰে চকু দুৱাৰলৈ গ’ল। আয়তিসকলৰ বিয়ানামো খৰতকীয়া হ’ল। উৰুলি জোকাৰে গোটেইখন ৰজনজনাই তুলিলে।
তেনেতে বৰুণ ভিতৰৰপৰা ওলাই আহিল, তাৰ মুখত ভীষণ উৎকণ্ঠা। চোতালৰ মানুহখিনিৰ মাজেৰে আগুৱাই আহি অমিতৰ ওচৰত বহি তাৰ হাত দুখন খামুচি ধৰিলে সি। অমিতে বেঁকাহৈ ঘূৰি তাক সাবটি ল’লে।
: ফাইনেলি! ড মমেণ্ট অৱ মাই লাইফ আহি গ’ল ন! তই পিছে আখৈ তুলিবি নে কি?
বৰুণে তলমূৰ কৰি ৰ’ল। কিবা এটা ক’ব খুজিও সি ক’ব পৰা নাছিল। অমিতে তাৰ অৱস্থাটো বুজি পালে।
‘ভিতৰত কিবা এটা হৈছে। নহ’বলগীয়া কিবা নহ’লে বৰুণে এনেকুৱা নকৰে, তাকো এই মুহূৰ্ত্তত!’
: ভিতৰত কি হৈছে?
বৰুণ তলমূৰ কৰি ৰ’ল। ‘কেনেকৈ ক’ব অমিতক! এনেদৰে বৰপীৰাত বহি থকা ল’ৰাটোক এইবোৰ ক’ব পাৰি জানো!’
: কি হ’ল? তোৰো ঠাণ্ডা লাগিছে নেকি? গা ধুই থাকোঁতে মই উশাহ বন্ধ হৈ মৰিব ওলাইছিলো। গম পাৱনে? – বৰুণক সহজ কৰিবলৈ সি হাঁহি দিলে।
: অমিত, অলপ ৰ’বি। কেনেকৈ কওঁ তোক, ভাবি পোৱা নাই।
: কি হৈছে বৰুণ? সোনকালে ক না ভাই।
: ‘এনি’ ঘৰত নাই….! চাৰিওফালে বিচাৰিলো, তাইক ক’তো পোৱা নাই।
অমিতৰ মুখেৰে এটা শব্দও নোলাল। কি ক’ব সি ভাবি নাপালে। বৰুণৰ ডিঙিত ধৰি তাৰ চকুলৈ চাই থাকিল। ওচৰৰ মানুহ খিনিয়েও কিবা এটা সন্দেহ কৰি সিহঁত দুয়োটালৈ চাবলৈ ধৰিলে।
: এইবোৰ কি কৈছ? কেনেকৈ?
বৰুণে একো নক’লে, মাথোঁ আয়তীসকললৈ চাই হাতযোৰ কৰি বিয়ানাম বন্ধ কৰিবলৈ অনুৰোধ জনালে।
ভিতৰৰ পৰা ভাহি অহা কান্দোনৰ শব্দত সকলোৰে কাণ ঠিয় হ’ল। ‘কি হ’ল’ ‘কি হ’ল’ কৈ এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল। কেইজনমান দৌৰি ভিতৰলৈ সোমাই গ’ল। ভিতৰত বৰুণৰ মাক আৰু ভনীয়েক দুজনীয়ে কান্দি বহি আছিল। অমিতে এবাৰ বৰুণলৈ আৰু এবাৰ পুৰোহিতে জ্বলাবলৈ আৰম্ভ কৰা সম্মুখৰ জুইকুৰালৈ চাবলৈ ধৰিলে।
*****
তেৰা নচিলা বদন
বাহো নে চোড়া নহী
আঁখে তো খোলি মগৰ
সপনা ৱ’ চোড়া নহী
হা ৱহী, ৱ’ ৱহী
সাঁচো পে ৰখা হুৱা তেৰে হোঁঠো কা
সপনা অভি হে ৱহী
ৰাত কা নছা অভি
আঁখ সে গয়া নহী….
অফিচৰ পৰা আহোঁতে বাৰখনত সোমাই দুপেগ গিলি অহাটো অমিতৰ এটা নিয়মত পৰিণত হৈছে।দিনটোৰ পৰিশ্ৰম আৰু তিক্ততাবোৰ আঁতৰোৱাৰ বাবেই হওক বা সন্ধিয়াটো জীপাল কৰি তোলাৰ উদ্দেশ্যেই হওক, এইখিনি তাৰ দিনসূচীত অন্তৰ্ভুক্ত কৰি লৈছে। বাৰখনত এখন নিৰ্দিষ্ট টেবুল আছে, তাতে নীলা লাইটটোৰ তলত বহি ছোৱালীজনীৰ গানত মগ্ন হৈ যায় সি। কেতিয়াবা টম আঙ্কলৰ লগত কথা পাতে। তেওঁৰ জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ বিষয়ে শুনি ৰয়।
টম এজন এংলো ইণ্ডিয়ান৷ বয়স সত্তৰৰ উৰ্দ্ধত। প্ৰায়ে তেওঁক বাৰখনত লগ পায় অমিতে। দিল্লী বিশ্ববিদ্যালয়ৰ এসময়ৰ ‘গেষ্ট লেকচাৰাৰ’ টম, এতিয়া এখন বৃদ্ধাশ্ৰমৰ আলহী। দিল্লীৰ মাজমজিয়াত থকা তেওঁৰ বিশাল সম্পত্তি নিলাম হ’ল, তাত চৰকাৰী অতিথিগৃহ নিৰ্মাণ হ’ল। কিন্তু সকলোৱে পদাৰ্থ বিজ্ঞানৰ স্কলাৰজনক পাহৰি গ’ল। অমিতৰপৰা কেতিয়াবা তেওঁ এপেগ লয়, কেতিয়াবা এনেই বহি থাকে। লগত সদাই একোখন কিতাপ লৈ আহে। অমিতক তাৰপৰা গল্প বা নিবন্ধ পঢ়ি শুনায়। কেতিয়াবা অমিতেও পঢ়ে।
: আপুনি ইয়ালৈ কিয় আহে?
: আই কাম হিয়েৰ টু ড্ৰিংক উইথ ইউ মাই বয়, টু লিভ উইথ ইউ এ প্ৰেচিয়াছ ম’মেণ্ট। ডু ইউ এনজয় মাই কাম্পেনী?
: মোৰো ভাল লাগে আপোনাৰ সান্নিধ্য।
বন্ধুত্ব আৰু প্ৰেমৰ কোনো বয়স নাথাকে, এজন শিশু আৰু এগৰাকী বৃদ্ধৰ মাজতো হ’ব পাৰে গভীৰ প্ৰেম। অমিত আৰু টমৰ সম্পৰ্কটোও তেনেকুৱা। কেতিয়াবা মাজনিশালৈ দুয়ো একেলগে বহি ৰয়, কেতিয়াবা সোনকালেও ওলাই আহে। বাৰখনৰপৰা ওলাই মানুহজনক তেওঁৰ আশ্ৰমত নমাই অমিত ঘৰলৈ ওভতে। কেতিয়াবা টমক নীলা লাইটটোৰ তলত গল্পবোৰৰ মাজত এৰি অকলেই অমিত গুছি আহে।
: আঁখে তো খোলি মগৰ, সপনা ৱ’ তোড়া নহী। চোড়া নহী নহয়, তোড়া নহী।
ওকে? নেক্সট টাইম শুদ্ধকৈ গাবা।
টমক টেবুলৰ ওচৰত এৰি বাহিৰলৈ ওলাই যোৱাৰ আগতে গান গাই থকা ছোৱালীজনীৰ ওচৰ চাপি অমিতে হাঁহি মাৰি ক’লে। ওখকৈ টুলখনৰ ওপৰত বহি গাই থকাৰপৰা তায়ো বুকুত হাত এখন থৈ চকুদুটা মুদি তাক ধন্যবাদ জনাই আধৰুৱা গীতটোত মন দিলে। ইয়াতেই সদাই দেখে ছোৱালীজনীক। তাইৰ গান শুনে, কিন্তু কেতিয়াও মাতহে দিয়া নহয়। তেনেকৈয়ে বাৰখনলৈ অহা-যোৱা কৰা বহুতো মানুহৰ লগত তাৰ চকুৰ চিনাকি।
*****
অনিতাক হেৰুওৱা পাঁচবছৰ হ’ল। কেঁচা ঘা-টুকুৰা এতিয়াও ভালদৰে শুকোৱা নাই। মদৰ নিচাটো কমিলেই বুকুখন চেৰেংকৈ বিন্ধে। বিয়াৰ নিশা তাই নোহোৱা হোৱাৰ পিছত ঘৰখনত সৃষ্টি হোৱা পৰিবেশটোৰ কথা মনত পেলাবলৈ ইচ্ছা নকৰে যদিও বাৰে বাৰে সেইবোৰ দৃশ্য চকুৰ আগত ভাহি আহে।
বুকুত খুন্দা মাৰি ধৰা বেদনাটো সহিব নোৱাৰি মুহূৰ্ত্ততে নীলা পৰি যোৱা দেউতাকৰ মুখখন,চোতালত চুলিবোৰ মেলি বাউলীৰ দৰে চিঞৰি থকা মাকজনী, এম্বুলেন্স আনিবলৈ গৈ কোনোদিন ঘূৰি নহা বৰুণ, ছেদেলি ভেদেলি হৈ পৰি থকা বিবাহৰ মণ্ডপটো, এই সকলোবোৰ এটা এটাকৈ চিনেমাৰ দৃশ্যৰ দৰে তাৰ চকুৰ সম্মুখেৰে পাৰ হৈ যায়।
কিচি কি মুস্কুৰাহটো পে হো নিচাৰ
কিচি কা দৰ্দ মিল চকে তো লো উধাৰ
কিচিকে ৱাস্টে হো তেৰে দিল মে প্যাৰ
জীনা ইসি কা নাম হে…..
ৰাতিপুৱা অফিচলৈ ওলাওঁতে ৰেডিঅ’টো বন্ধ কৰিবলৈ পাহৰি গৈছিল সি৷ সেইটো এতিয়াও বাজি আছে। এইটো তাৰ বৰ মৰমৰ। সকলোৱে এৰি গ’লেও ৰেডিঅ’টোৱে এতিয়ালৈ লগ এৰা নাই। পুৱা গধূলি পুৰণি গীতবোৰে মনতো ভৰাই তোলে। বৰুণে উপহাৰ দিয়া ৰেডিঅ’টোৱে সিহঁতৰ স্মৃতিবোৰ সজীৱ কৰি ৰাখিছে।
দেউতাক, অনিতা, বৰুণ নোহোৱা হোৱা দিন ধৰি সি অসমলৈ ঘূৰি নগ’ল। বিধৱা মাকজনীয়ে ফোন কৰি মাতি থাকে যদিও তাৰ মনটোৱে নামানে। সিহঁতৰ থকা ঘৰ মাটিখিনি বিক্ৰী কৰি মাকক একেবাৰে দিল্লীলৈ মাতি পঠিয়াইছিল, কিন্তু তেওঁ নিজৰ ভেটিটো এৰি আহিবলৈ মান্তি নহ’ল।
****
তিনিদিন হ’ল, টমক বাৰখনত দেখা নাই। মানুহজনক একেৰাহে তৃতীয় দিনাও নেদেখি অমিতৰ মনটোৱে খূ-দুৱাবলৈ ধৰিলে।
‘তেওঁ এখন নতুন কিতাপৰ কথা কৈছিল, নামটোও সুধিব পাহৰিলো। সেইখন বিচাৰি ক’ৰবাত ঘূৰি থকা নাইতো!’
: এইখন আপোনাৰ বাবে।
ছোৱালীজনীৰ মাতত সি ঘূৰি চালে। হাতত এটুকুৰা কাগজ লৈ তাই পিছফালে থিয় হৈ আছিল।আজি তাই এখন নীলা শাৰী পিন্ধি আহিছে।
মেখেলা-চাদৰ পিন্ধা প্ৰেক্টিছ কৰোঁতে অনিতালৈও ঠিক এনেকুৱা শাৰী এখনেই আনিছিল সি।
: টম আঙ্কলে দুদিন আগতেই দিছিল, মইহে আপোনাক দিবলৈ পাহৰিলো। ছৰি!!
কাগজখন হাতত দি ছোৱালীজনী বাৰখনৰ এটা কোণত থকা তাইৰ নিৰ্দিষ্ট ঠাইটুকুৰালৈ আঁতৰি গ’ল। তাই ইয়াত দুঘণ্টা গান গাব।
: আই এম্ ভেৰি চিক, নিড ছাম মানি আৰ্জেণ্টলি। কুড ইউ হেল্প, প্লীজ?
কাগজখনৰপৰা যেন টমৰ ক্ষীণ মাতটোহে ওলাই আহিছিল, পঢ়ি মনটো বিচলিত হৈ উঠিল অমিতৰ।
‘সি এতিয়াই যাব, টমক নিশ্চয় চিকিৎসাৰ প্ৰয়োজন’।
ততাতৈয়াকৈ বাৰৰপৰা ওলাই, বাইকখন টমৰ আশ্ৰমলৈ পোনালে। বাহিৰত এটোপ দুটোপকৈ বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে।
ৰাস্তাত দেউতাকৰ নীলা হৈ যোৱা মুখখন তাৰ বাৰে বাৰে মনলৈ আহিবলৈ ধৰিলে। এম্বুলেন্স বিচাৰি বৰুণ দৌৰি ওলাই যোৱা দৃশ্যটো সাউৎকৈ চকুৰ আগেৰে পাৰ হৈ গ’ল। সেই যোৱাই…….. বৰুণ আৰু ঘূৰি নাহিল। সময়ত এম্বুলেন্স আহি নোপোৱাত দেউতাকৰ শেষ নিশ্বাসটো ধৰি ৰাখিব নোৱাৰিলে সিহঁতে। তেওঁৰ নিথৰ দেহটো দুহাতেৰে সাবটি চোতালত বৰষুণজাকৰ মাজত সি বহুদেৰি বহি আছিল। ৰাতি কইনাঘৰলৈ যোৱাৰ আগত গা ধুৱাওঁতে আৰম্ভ হোৱা বুকুৰ বিষটোৱে তাক খুন্দিয়াই ধৰিছিল।
ক্ৰে….ছ।।
ব্ৰেকডাল টানি যেনেতেনে নপৰাকৈ বাইকখন ৰখালে অমিতে। বৰষুণ পৰি ৰাস্তাটো পিছল হৈছে। আশ্ৰমৰ সম্মুখত কেইবাজনো মানুহৰ ভিৰ দেখি অমিত আচৰিত হ’ল। বৰষুণত ভিজি ভিজি তেওঁলোক ঠিয় হৈ আছে।
‘কোনোদিনে ইয়াত এনেদৰে মানুহ জমা নহয়। আজি কি হ’ল?’
যিমানে ভিতৰলৈ সোমাই গৈছে, বুকুৰ বিষটোও বাঢ়ি আহিছে। এজন বয়সীয়াল ব্যক্তি ভিতৰৰপৰা আগুৱাই আহিল।
: আপুনি কোন?
: মই, অমিত। টম…..টম আঙ্কলক লগ কৰিব…..
: টম ইজ ন’ ম’ৰ। দুপৰীয়া ঢুকাল।
মানুহজনে তাৰ হাতখনত ধৰি ভিতৰলৈ লৈ গ’ল। বিছনাৰ ওপৰত এটা কফিনত টমৰ দেহাটো শুৱাই থোৱা আছে। সি ওচৰলৈ আগবাঢ়ি গ’ল। জোতাৰ তলৰপৰা বোকা মিহলি গছৰ পাত এখিলা দুৱাৰত পাৰি থোৱা দলিচাখনত লাগি ধৰিছিল। শৰীৰৰপৰা পানীৰ টোপালবোৰ টপটপকৈ মজিয়াখনত সৰি আছিল। কফিনটোৰ ভিতৰত টমৰ মুখখন সি আলফুলে চুই চালে। দেউতাকৰ মুখখনৰ লগত যেন বহুখিনি মিল আছে।
I will remember you,
Will you remember me?
Don’t let your life pass you by
Weep not for memories
Remember the good times we had?
*******
এখন দুখন নহয় প্ৰায় সত্তৰখন কিতাপ। এইখিনিয়েই টমৰ সম্পত্তি। আশ্ৰমৰ স্বত্বাধিকাৰীৰ সৈতে কথা হৈ আটাইখিনি কিতাপ অমিতে লৈ আহিল। অফিচৰপৰা আজিকালি বাৰখনলৈ যোৱা কমাইছে সি৷ সেই টেবুলখনৰ কাষ চাপিলেই টমৰ মুখখন চকুৰ আগত ভাহি আহে। ঘৰলৈ আহি টমৰ কিতাপবোৰৰ মাজত সোমাই পৰে অমিত। এইটো তাৰ নতুন নিচা। সকলোবোৰ গল্প সি এটা এটাকৈ পঢ়ি গৈছে। প্ৰায়বোৰ টমৰ মুখত আগতেই শুনা, তথাপিও কিবা এটা বিচাৰি সি পুনৰ গল্পবোৰ পঢ়িবলৈ লৈছে। টমৰ লগত কটোৱা মুহূৰ্তবোৰ এনেদৰেই সজীৱ কৰি ৰাখিবলৈ চেষ্টা কৰিছে সি।
‘আজি তেওঁৰ ৰুমলৈ গৈছিলো। দুমহলীয়া ঘৰটোৰ ওপৰ মহলাটোত তেওঁলোক থাকে, মানে লগত আৰু এজন। বন্ধু বুলি কয় যদিও পিছলৈ সম্বন্ধীয় ভায়েক বুলি গম পাইছিলো। ৰুমত সোমাওঁতে সেইজনো তাতেই আছিল, অফিচ নহ’লে সাধাৰণতে ঘৰতেই থাকে হেনো। টেলেকা চকু দুটাৰে মোলৈ যিটোহে চাৱনী দিলে, এক মুহূৰ্তৰ বাবে মই ভীষণ অপ্ৰস্তুত হৈ পৰিলো।
কোঠালিটোলৈ সোমাওঁতে যিটো ভেকেটা ভেকেট গোন্ধ নাকত লাগিছিল, মই এতিয়াও পাহৰিব পৰা নাই। তেওঁ দৌৰা দৌৰিকৈ বিচনাৰ তলৰপৰা কিবা এখন উলিয়াই ৰান্ধনিঘৰৰ ভিতৰলৈ দৌৰ দিছিল। ওলাই আহি কৈছিল ৰাতি ভাত খোৱা থালখন, ধুবলৈ পাহৰিছিল হেনো।
‘এয়া কি? কিবা এটা চিনাকি চিনাকি! এইবোৰ ঘটনা যেন তাৰ লগতো হৈ গৈছে। টমে এয়া ক’ত পালে? কাৰ কিতাপ?’
কিতাপখন লুটিয়াই অমিতে বেটুপাতটো আকৌ এবাৰ চালে। লেখকৰ নাম নাই, কিতাপখনৰো নামটো ভালদৰে ধৰিব নোৱাৰি। পাৰ্চি বা ইটালিয়ান কিবা এটা ভাষাত লিখা হ’ব। ভিতৰফালে আকৌ কথাবোৰ ইংৰাজীত। বেটুপাতত থকা ইংৰাজী আখৰকেইটা যেনেতেনে জোঁটাই পঢ়ি চালে…’নন্ পট্ৰেই দীৰে চে টি এমো’।
অৰ্থ সি বুজি নাপালে। খৰধৰকৈ পৃষ্ঠাবোৰ লুটিয়াই গ’ল, ক’ৰবাত কিবা বিচাৰি পাই নেকি। হয়, এইবোৰ তাৰেই কথা লিখা আছে। বৰুণ, তাৰ আৰু এনি……
: কোনে লিখিছে এইবোৰ, অনিতাই?
একে উশাহতে যেন গোটেইখন পঢ়ি শেষ কৰি পেলাব সি। প্ৰতিটো শব্দৰ মাজত সি নিজক বিচাৰি পালে, অনিতাৰ হাতৰ পৰশ যেন লাগি আছে আখৰবোৰত। সেইবোৰৰ মাজেৰে মুখখন উলিয়াই দীঘলীয়া উশাহ লৈ এফালৰপৰা তাই সকলো কৈ গৈছে। ঘন নিশ্বাসৰ লগতে দুচকুৰ পৰা যেন ওলাই আহিছে এচেকুৰা তপত তেজ।
দিল্লীৰ ৰাস্তাত বাছৰপৰা তাইৰ পিছে পিছে অহাৰপৰা আৰম্ভ কৰি অনিতা সিহঁতৰ ৰুমলৈ অহা, বৰুণৰ চকুৰ আঁৰ লৈ তাইক জোৰে সাবটি ধৰা, বৰুণ ওলাই গৈ তিনিওটালৈ গৰম গৰম পকোৰা লৈ অনা, এই সকলোবোৰ কথাই আছে কিতাপখনত।
সি বুজি উঠিল এইখন অনিতাৰ বাহিৰে আন কোনেও লিখিব নোৱাৰে। এফালৰ পৰা অনিতাৰ কথাবোৰ সি পঢ়ি যাবলৈ ধৰিলে।
‘দিনবোৰ কেনেদৰে পাৰ হৈছিল গমেই নাপালো। মোৰ বাবে এইখিনি সময় জীৱনৰ আটাইতকৈ সুন্দৰ সময়। তেওঁৰ মাজত মই বিচাৰি পাইছিলো মোৰ মনৰ মানুহজন। সপোনৰ পৃথিৱীত বিচৰণ কৰি ফুৰা মইজনীক যিয়ে অনবৰতে সাবটি ধৰি থাকিব, মোৰ কথাবোৰ শুনিব, মোক বুজিব পাৰিব, মোক সাহস দিব। হয়তো মই তেওঁক খং কৰিম, কথাও শুনাম, কিন্তু তেওঁ মোক কোনোদিনে একো নক’ব। মোক ভুলে শুদ্ধই অন্তৰৰ পৰা সমৰ্থন কৰিব।
তেওঁ মোক পাগলৰ দৰে ভাল পাইছিল আৰু হয়তো ময়ো। আমাৰ মৰমবোৰে এদিন মোৰ গৰ্ভত স্থান ল’লে। তেওঁ মোক বিয়াৰ প্ৰস্তাৱ দিলে। কিন্তু মই জানো বিয়াৰ বাবে প্ৰস্তুত আছিলো? অনবৰতে মনৰ মাজত এখন যুদ্ধ চলি আছিল। সেই যুদ্ধত কেতিয়াবা তেওঁ জয়ী হয় আৰু কেতিয়াবা দেউতা-মাহীমা। অমিতৰ মনত আঘাত দিয়াৰ অকণো ইচ্ছা নাছিল, সেয়েহে বিয়া হোৱাৰ সিদ্ধান্ত লৈ পেলালো। তেওঁৰ বাবে নিজকে সম্পূৰ্ণ সলনি কৰি দিয়াৰ প্ৰণ লৈ এদিন তেওঁৰ গাঁৱলৈ গুচি আহিলো।
গাঁৱত সকলোৱে আদৰি ল’লে যদিও অমিতৰ মাকে মোক সহজভাৱে নল’লে। হয়তো মোৰ সাজ-পোছাক, খোজ-কাটল আদিয়ে তেওঁৰ মনত এটা বিৰূপ মনোভাৱৰ সৃষ্টি কৰিছিল। জোৰোণৰ দিনা বৰুণহঁতৰ ঘৰত তেওঁ কোৱা কথাকেইটা মই সহজভাৱে ল’ব নোৱাৰিলো।
গৰ্ভস্থ সন্তানটি হত্যা কৰিবলৈ তেওঁ মোক বৰকৈ জোৰ দিছিল। বিয়াৰ আগতেই মাক হ’বলৈ ওলোৱাটো হেনো মোৰ পাপ আৰু এই পাপে আমাৰ ভৱিষ্যত ধ্বংস কৰিব। মোৰ গৰ্ভৰ সন্তানটি তেওঁৰেই পুত্ৰৰ বুলি তেওঁ কোনোপধ্যেই মানি নলয়। সন্তানটিক বাদ দিহে হেনো মোক বোৱাৰী হিচাপে আদৰি ল’ব। মানুহগৰাকীৰ চিন্তাধাৰা দেখি তবধ মানিছিলো। নিজকে বহুতো বুজাই বঢ়ায়ো শেষত মনটো ডাঠ কৰিব নোৱাৰিলো।
কিন্তু সেই মুহূৰ্ত্তত অমিতৰ বাহিৰে মোক যে একো নালাগে, তেওঁৰ সন্তানটিও নালাগে। মাকৰ কথা মানিবলৈ মনে প্ৰাণে মই প্ৰস্তুত। সন্ধিয়া এগৰাকী মহিলাই মোক বৰুণহঁতৰ ঘৰৰপৰা লৈ গ’ল। মই জানো এইখিনি গম পোৱাৰ পিছত অমিতে মোক কেতিয়াও ক্ষমা নকৰে, কিন্তু তেওঁক বুজাম। তেওঁৰ লগতে ঘৰখনো বিচাৰোঁ। যদি সন্তানটোৰ বিনিময়ত মই মাকৰ মৰম বিচাৰি পাওঁ, মোক আৰু কি লাগে।’
এইবোৰ কি? হাতৰপৰা দলিয়াই দিলে সি কিতাপখন৷
অমিতৰ চকু দুটা বিষাবলৈ ধৰিলে। কথাবোৰ তাৰ বিশ্বাস হোৱা নাই। মাকে জানো এইবোৰ কৰিব পাৰে! ইমান তললৈ নামিব পাৰিলেনে তেওঁ?
কিতাপখন এৰি ফোনটো উলিয়াই মাকলৈ ফোন লগালে সি। দুই তিনিবাৰ ৰিং হৈ ফোনটো কাটি গ’ল। সিফালৰপৰা কোনো উত্তৰ নাহিল। বাহিৰত বৰষুণজাকো বাঢ়ি আহিছে। পেটৰ ভোকটো কেতিয়াবাই নোহোৱা হৈছিল।কুকাৰটোত ৰাতিপুৱাই বনোৱা চাউল আৰু দাইল অলপো আছে। বাথৰুমত সোমাই পানীৰ টেপটো জোৰে খুলি তলত বহি ৰ’ল সি।
কিতাপখন আগলৈ পঢ়িবলৈ তাৰ সাহস হোৱা নাই; সি পলাব বিচাৰিছে। এইমাত্ৰ যেন আখৰবোৰৰ মাজৰপৰা অনিতা ওলাই আহি তাৰ ওপৰত প্ৰতিশোধ ল’ব।
আজিও যে নুবুজো একোকে
কাৰ বাবে আছোহি ৰৈ
জানিছিলো তুমি মোৰ নোহোৱা
তথাপিতো মই ৰ’ম……..
দূৰে দূৰে থাকিবা কিমান আৰু….
ফোনটো ৰিং হৈ কাটি গ’ল। বাথৰুমৰপৰা ওলাই মাকৰ ফোনলৈ অপেক্ষা কৰিলে অমিতে। অলপ পিছত আকৌ কৰিব নিশ্চয়। কিতাপখন লওঁ নলওঁকৈ আকৌ এবাৰ হাতত তুলি ল’লে সি।
‘ডাঙৰ জোপোহা গছবোৰৰ মাজেদি মানুহজনীৰ পিছে পিছে আগুৱাই গ’লো। কিমান দূৰ গৈছিলো মনত নাই। খোজ কাঢ়িব নোৱাৰি বাৰে বাৰে পৰি যাওঁ। মানুহজনীয়ে মোক আকৌ উঠাই তেওঁৰ পিছ ল’বলৈ কয়। ভাষাটোৰ বাবে কথা ক’বলৈ অসুবিধা হৈছিল। মই অসমীয়া ক’ব নাজানো আৰু তেওঁ হিন্দী। বেলি পৰি সন্ধিয়া নামিল, আমি গৈয়েই থাকিলো। তেনেদৰে গৈ গৈ কেতিয়া জংঘলৰ মাজত সোমাই পৰিছিলো মোৰ মনত নাই। এসময়ত আৰু আগুৱাব নোৱাৰি মই পৰি গলো।
কিছুসময় পিছত কেইজনমান মানুহে মোক ডাঙি লোৱা গম পাওঁ, কিন্তু তেওঁলোকক বাধা দিবলৈ মোৰ দেহত অকণো শক্তি নাছিল। মোক লৈ অনা মানুহগৰাকী ক’ত হেৰাল সেয়াও নাজানিলো। গোটেই নিশাটো সেই পাষণ্ডকেইটাই মোৰ দেহটো ফালি চিৰি নেফানেফ কৰি পেলালে। মোৰ হাত ভৰিবোৰ বান্ধি দিয়া হৈছিল। মই চিঞৰিব পৰা নাছিলো। হয়তো মই জীয়াই থকা নাই ভাবি সিহঁতে মোক তাতেই পেলাই আঁতৰি গ’ল। গোটেই ৰাতিটো যন্ত্ৰণাত চটফটাই সেই গছজোপাৰ তলত পৰি থাকিলো মই।
ইফালে মই নোহোৱা হোৱাত অমিত আৰু বৰুণৰ ঘৰত হাহাকাৰ লাগি পৰিছিল। অমিতৰ দেউতাকে গম পালে তেওঁৰ পত্নীয়ে মোৰ গৰ্ভস্থিত সন্তানটিক হত্যা কৰিবলৈ এগৰাকী মহিলাৰ সৈতে মোক এফালে পঠিয়াই দিছে। তেওঁ হয়তো কথাটো মানি ল’ব পৰা নাছিল, দেউতাবোৰ যে তেনেকুৱাই। চোতালৰ মাজতে বাগৰি পৰিছিল তেওঁ। সেই পৰাই…. তেওঁ আৰু উঠিব নোৱাৰিলে। এইখিনি কথা পিছত মোক বৰুণে কৈছিল, দেউতাৰ হেনো লগে লগে মৃত্যু হৈছিল।
: নাই হোৱা, দেউতা মৰা নাছিল। বৰুণে এম্বুলেন্স আনিবলৈ ওলাই গৈছিল, সি ঘূৰি নাহিল। এম্বুলেন্স আহি নোপোৱাতহে দেউতাৰ মৃত্যু হ’ল।
অমিতৰ চকুৰে ধাৰাসাৰ চকুপানী ওলাবলৈ ধৰিলে। সৰু লৰাটোৰ দৰে সি কান্দোনত ভাঙি পৰিল।
: বৰুণ ক’ত? বৰুণ! কিতাপখনত তাৰ কথা ক’ত লিখিছে এনিয়ে!!
অমিত অধৈৰ্য্য হৈ পৰিছে। কিতাপৰ পৃষ্ঠাবোৰ এফালৰপৰা লুটিয়াই গৈছে সি।তেজেৰে ৰাঙলী হৈ পথাৰৰ মাজত পৰি থকা অনিতাৰ উলঙ্গ শৰীৰটো বাৰে বাৰে চকুৰ আগত ভাঁহি আহিছে তাৰ। বৰুণৰ বিষয়ে, তাইৰ বিষয়ে আৰু জানিবলৈ মনটোৱে হাহাকাৰ কৰি উঠিছে।
‘এম্বুলেঞ্চ বিচাৰি ওলাই অহা বৰুণে মোক পথাৰৰ কাষত পৰি থকা দেখা পালে। ৰাস্তা-ঘাট যদিও চিনি নাপাওঁ, কিবা এটা অনুমান কৰি মই ঘৰৰফালে চোঁচৰি বাগৰি আহিবলৈ চেষ্টা কৰিছিলোঁ। বৰুণে মোক তাৰপৰা আঁতৰাই লৈ গ’ল।ট্ৰাক এখনৰ পিছফালে মোৰ অৰ্ধমৃত শৰীৰটো উঠাই চহৰৰ হস্পিটালখনলৈ লৈ গৈছিল সি। মোৰ শৰীৰৰ পৰা ইতিমধ্যে যথেষ্ট তেজ ওলাইছিল। মই হয়তো বেছি সময় বাচি নাথাকোঁ, যদিহে সোনকালে হস্পিটাল গৈ নাপাওঁ। পাঁচদিনৰ মূৰত হেনো মই সুস্থ হৈছিলো, কিন্তু মোৰ ওচৰত কোনো নাছিল। অমিত, বৰুণ, এজনকো নেদেখি মই বহুত কান্দিছিলো।
ডাক্তৰৰ পৰা গম পালো, হস্পিটাল পোৱাৰ ঠিক আগমুহূৰ্ত্তত আমি আহি থকা ট্ৰাকখন বোলে ৰাস্তাৰ কাষত বাগৰি পৰিল। বৰুণে মূৰত বেয়াকৈ আঘাত পাই সংজ্ঞাহীন হৈ পৰে। সি তেনেকৈয়ে থাকিল। আমাক বিচাৰি অমিত আৰু বৰুণৰ ঘৰৰপৰা কোনোৱেই নাহিল। অমিতে হয়তো মোক এবাৰ বিচাৰিও নাচালে। হয়তো তেওঁ ভাবিছিল তেওঁৰ দেউতাকৰ মৃত্যুৰ বাবে মই দায়ী!
: মোক ক্ষমা কৰা এনি, মোক ক্ষমা কৰ বৰুণ৷ অ মই তহঁতৰ ওপৰত খং কৰি পিছদিনাই গুচি আহিছিলো। বিবেকহীন হৈ পৰিছিলো সেইদিনা। তহঁত দুয়োটা এনে এটা পৰিস্থিতিত পৰিব পাৰ বুলি মই সপোনতো ভবা নাছিলো।মোৰ মনত এটাই কথা খেলাই থাকিল যে এনি বিয়াৰ বাবে প্ৰস্তুত নাছিল, সেয়েহে তাই আঁতৰি গ’ল আৰু বৰুণেও হয়তো তাইৰ লগ দিলে। আঁতৰাই লৈ গ’ল তাইক মোৰপৰা। মোক ক্ষমা কৰি দে, বৰুণ।
চকুপানী মচি সি আকৌ কিতাপখন পঢ়িবলৈ ধৰিলে।
‘দিল্লীৰপৰা দেউতা আহিল, সকলো আইনী কামবোৰৰপৰা মোক উলিয়াই দিল্লীলৈ লৈ আনিলে। বৰুণকো আমি লৈ আহিলো। কিন্তু এইমছত দুবছৰ চিকিৎসা কৰাৰ পিছতো সি ভাল নহ’ল। দেউতাই দুয়োটাকে ইটালীলৈ লৈ আহিল। আজিকালি ইয়াত মই তেওঁৰ ব্যৱসায় চোৱা-চিতা কৰোঁ। বৰুণৰ চিকিৎসাও চলি আছে।
সেউজীয়া লনখনত হাৰ্দিকে খেলিছে। আইনাৰ বেৰখনৰ ইফালে মই কিতাপখনৰ কামত ব্যস্ত। হাৰ্দিকৰ শৰীৰত কাৰ তেজ আছে মই নাজানো, কিন্তু হাৰ্দিক মোৰ ল’ৰা। বাহিৰত হাৰ্দিকৰ কাষত হুইল চেয়াৰখনত বৰুণক বহাই থোৱা আছে। তেওঁৰ চকু দুটা খোলা, কিন্তু তেওঁ একো ক’ব নোৱাৰে। গোটেই শৰীৰটো মৃত। হাৰ্দিকে মাজে মাজে আহি তেওঁক কিবা কয়, কণমানিটোৱে নাজানে চকীখনত বহি থকাজনে তাৰ কথা শুনাও নাপায়, বুজিও নাপায়।
নাজানো অমিত কেনে আছে, তেওঁক লগ পাবলৈ বৰ মন যায়। সুধিবলৈ মন যায় কিয় মোক কোনোদিনে বিচাৰি নাহিল! কিয় বৰুণৰ এবাৰো খবৰ নল’লে! নাজানো কেতিয়াবা বৰুণে সাৰ পাই উঠিবনে নাই৷ যদি কেতিয়াবা উঠে, তেওঁ নুশুধিবনে মোক অমিতৰ কথা?
যিদিনা তেওঁ ক’মাৰপৰা ঘূৰি আহিব, মই সকলো ক’ম। হয়তো মই আকৌ এবাৰ উপেক্ষিত হ’ম, তথাপিতো মই ক’বই লাগিব। সেই দিনটোলৈ মই অপেক্ষা কৰি ৰ’ম যেতিয়া বৰুণে মোক এষাৰ মাত দিব, হাৰ্দিকক কোলাত তুলি ল’ব। মই তেওঁৰ শুশ্ৰূষা কৰি যাম, আজীৱন। শিৰত আঁকি লৈ তেওঁৰ নামৰ সেন্দুৰকণ।’
‘আজিও যে নুবুজোঁ একোকে
কাৰ বাবে আছোহি ৰৈ
জানিছিলো তুমি মোৰ নোহোৱা
তথাপিতো মই ৰ’ম…….
দূৰে দূৰে থাকিবা কিমান আৰু.
কিমান দেৰি তেনেদৰে মজিয়াত বহি থাকিল অমিতৰ মনত নাই। ফোনৰ ৰিংটোত খকামকাকৈ উঠি চকুপানীবোৰ মচি ললে সি।সিফালৰপৰা মাকৰ মাতটো ভাহি আহিল –
: ফোন কৰিছিলি নেকি অ’? বৰষুণৰ শব্দত একো নুশুনিলো। পৰহিলৈ দেউতাৰৰ শ্ৰাদ্ধ, আহিবিনে এইবাৰ?
: আহিম মা, কালিলৈ আহি আছো। তোৰ লগত এসোপামান কথা আছে। মই আহি আছো।
অমিতৰ মুখখন কঠিন হৈ আহিল৷ চকুপানীবোৰ কেতিয়াবাই শুকাল যদিও বাহিৰৰ বৰষুণজাকে মনৰ ভিতৰৰ কোনোবা এডোখৰ ঘা কুৰুকি কুৰুকি পুনৰ তেজাল কৰি তুলিলে৷ কালিলৈ টমৰ ফিউনাৰেল৷ সি যাবনে নাযাব তাকেই ভাবি থাকিল৷ এই মুহূৰ্তত তাক যে আন কিছুমান প্ৰশ্নৰ উত্তৰ লাগে৷ লাগে কেইটামান অবুজ সাঁথৰৰ সমিধান৷
**********
6:00 PM
বৰ ভাল লাগিল উপন্যাসিকাখন।