ভিয়েটনাম ভ্ৰমণৰ বাখৰুৱা স্মৃতি(হানয়ৰ আশে পাশে)-ৰঞ্জনা দত্ত

দক্ষিণ-পূব এছিয়াৰ ভিয়েটনাম দেশখন হেনো ভ্ৰমণকাৰীৰ স্বৰ্গ। আমাৰে চিনাকি দুটা পৰিয়ালে ২০১৬ চনত ভিয়েটনাম ভ্ৰমণ কৰি আহি আমাক ঠাইবোৰৰ বৰ্ণনা দিছিল আৰু ফটোবোৰ দেখুৱাইছিল। বাকী বহুত ঠাইৰ তুলনাত বেচ কম খৰচতে সুন্দৰ বৈচিত্ৰ্যময় ঠাইবোৰ ফুৰি আহিব পৰা যায়। ২০১৯ চনৰ প্ৰথম ভাগতে ভিয়েটনামলৈ যোৱাৰ বাবে তেওঁলোকৰ পৰা ভিয়েটনামৰ ট্ৰেভেল এজেঞ্চী এটাৰ নম্বৰটো লৈ যোগাযোগ আৰম্ভ কৰিলো। গুগলত চাবলগীয়া ঠাইবোৰৰ বিশদ বিৱৰণ ফটো আদি চাই ১৩ দিনৰ বাবে প্লেন এটা যুগুত কৰিলো। এই যাত্ৰাত আমাৰ এপাৰ্টমেন্টৰে বাসিন্দা ৰাজীৱ শৰ্মা আৰু তেওঁৰ পত্নী অদিতিও আমাৰ সঙ্গী হ’ল। তেওঁলোক ৯০ শতাংশ নিৰামিষভোজী বাবে ভিয়েটনামী ট্ৰেভেল এজেঞ্চীৰ সহায় লোৱাতকৈ আমাৰ পুস্পক ট্ৰেভেলচৰ লগত যোগাযোগ কৰিলে ভাল হ’ব বুলি ভাবিলো। আমাৰ আগৰ এজেঞ্চীটোৱে তৈয়াৰ কৰা ভ্ৰমণৰ তালিকাখন তেওঁলোকক দিলো। তেওঁলোকে একে খৰচতে সকলোবোৰ ঠাই দেখুৱাব পৰা যাব বুলি ক’লে। ২০১৯ চনৰ মাৰ্চ মাহৰ ১৫ তাৰিখৰপৰা ২৭ তাৰিখলৈকে ১৩দিনীয়া ভিয়েটনাম ভ্ৰমণৰ সকলো বন্দবস্ত হৈ গ’ল আৰু আমি যাত্ৰাৰ বাবে লাহে লাহে সাজু হ’লো।

 

 

ভিয়েটনাম দেশখন ঠেক আৰু দীঘল, ওপৰ আৰু তলৰ অংশ সামান্য বহল। উত্তৰে চীন দেশ, পশ্চিমে লাওচ আৰু কম্বোডিয়া আৰু পূব দিশত ওপৰৰপৰা তললৈকে দক্ষিণ চীন সাগৰ। আমাৰ ভ্ৰমণ তালিকাত আছিল উত্তৰ ভিয়েটনামৰ হানয়, মধ্য ভিয়েটনামৰ হুৱে(Hue) আৰু হৈ এন (Hoi An) আৰু দক্ষিণ ভিয়েটনামৰ হো চি মিন (চাইগন চিটি)। গুগলত চাই গম পাইছিলো যে উত্তৰ ভিয়েটনামৰ হানয়ত কিছু ঠাণ্ডা থাকিব যদিও দক্ষিণলৈ যোৱাৰ লগে লগে ঠাণ্ডা একেবাৰে কমি যাব। গতিকে বতৰ বুজি দৰকাৰী কাপোৰ কানিৰ লগতে শুকানে খাব পৰা দুই এটা খোৱা বস্তুও ভৰাই ল’লো। ১৫ মাৰ্চ তাৰিখে পিছ ৰাতি কলিকতাৰপৰা থাই বিমান সেৱাৰ বিমানেৰে ৰাওনা হৈ ৰাতিপুৱা ৭:৩০ বজাত ভিয়েটনামৰ ৰাজধানী হানয় পালোগৈ। বিমান বন্দৰত ভিছা আদিৰ কাম কৰি ওলাই আহোঁতে ৯:০০ মান বাজিল। বাহিৰত আমাৰ নাম লিখা প্লে-কাৰ্ড এখন লৈ গাইড জন ৰৈ আছিল। গাইডজনৰ নাম ফাম আন বিন, ২৫-২৬ বছৰীয়া ল’ৰা এজন। ৰঙা বগা ধুনীয়া ল’ৰাজনে এমুখ হাঁহিৰে আমাৰফালে আগুৱাই আহিল। বাহিৰত আমাক হোটেললৈ নিবৰ বাবে গাড়ী এখন ৰৈ আছিল। গাড়ীখন ১২ জনীয়া সৰু ট্ৰেভেলাৰৰ দৰে। বিনে আমাক ক’লে যে ইয়াত সৰু গাড়ী একেবাৰে নচলে। বেচিভাগ গাড়ীয়েই ১২টা বা তাতকৈ বেচি চিটৰ। হানয় চহৰখনত সোমোৱাৰ লগে লগে দুচকীয়া বাহনৰ পয়োভৰ দেখিবলৈ পাই আচৰিত হ’লো। ৰাস্তাবোৰত গাড়ী কম কেৱল শয়ে শয়ে স্কুটাৰ, ট্ৰেফিক পইন্টবোৰত দুচকীয়া বাহনৰ যানজঁট। বিনক সুধিলো——

“ভিয়েটনামত লেফ্ট হেণ্ড ড্ৰাইভিং নে ৰাইট হেণ্ড ড্ৰাইভিং?”

সি ক’লে—–

“আপোনালোকৰ লেফ্ট হেণ্ড ড্ৰাইভিং আমেৰিকাৰ ৰাইট হেণ্ড আৰু আমাৰ ভিয়েটনামত লেফ্ট আৰু ৰাইট দুয়োটাই চলে।”

যদিও ৰাইট হেণ্ড ড্ৰাইভিং, স্কুটাৰ চলোৱা মানুহবোৰে নিয়ম নামানে হেনো। বিনে আমাক হোটেলত নমাই থৈ সেইদিনাৰ বাবে বিদায় ল’লে। হোটেলৰ চেক ইন সময় ২:০০ বজাত আছিল যদিও কোঠা খালি থকাত আমাক সোনকালেই সোমাবলৈ দিলে। ৰাতিৰ টোপনি খতিৰ ভাগৰত আমি ক্লান্ত হৈ পৰিছিলো বাবে আবেলি ওলাই নগ’লো। গুগল মেপত চাই চাই ৰাতি খোজকাঢ়ি কিছু দূৰৰ ভাৰতীয় ৰেষ্টুৰেন্ট এখনত খাবলৈ ওলাই গ’লো। 

ৰাতিপুৱা হোটেলতে ব্ৰেকফাষ্ট কৰি ভিয়েটনামৰ ৰাজধানী চহৰ হানয় ভ্ৰমণৰ বাবে ওলালো। বিনে আগদিনা কৈ থোৱা দৰেই ৰাতিপুৱা ৮ বজাতে হোটেলৰ লবিত উপস্থিত হ’লহি৷

টেম্পল অফ লিটাৰেচাৰ

বিনে আমাক প্ৰথমেই লৈ গ’ল টেম্পল অফ লিটাৰেচাৰ বা সাহিত্যৰ মন্দিৰ দৰ্শনৰ বাবে। বাহিৰত চিপচিপিয়া বৰষুণ আৰু ফেৰফেৰীয়া ঠাণ্ডা বতাহ। বিনে টিকেট ল’বলৈ যোৱাৰ সময়তে আমি গাড়ীৰ ভিতৰৰপৰা চাৰিওফালে চকু ফুৰাই চালো। বেলেগ বেলেগ স্কুলৰপৰা অহা ইউনিফৰ্ম পিন্ধা অসংখ্য কণ কণ স্কুলীয়া ল’ৰা ছোৱালী শাৰী পাতি ভিতৰলৈ যাবলৈ সাজু হৈছে। কিছুমানৰ গাত ৰেইনকোট বা হাতত ছাটি। বহুতো বিদেশী পৰ্যটকো গেটৰ সমুখত। বিনে টিকট কৰি অনাৰ পিছতে আমিও মূল গেটখন পাৰ হৈ ভিতৰলৈ সোমাই গ’লো।

১০৭৬ চনত নিৰ্মান কৰা এই বিশ্ববিদ্যালয়খন চীন দেশৰ দাৰ্শনিক, পণ্ডিত আৰু চিন্তাবিদ কনফিউচিয়াচৰ নামত উচৰ্গা কৰা হৈছিল। পিছলৈ এইখন ৰাষ্ট্ৰীয় অধ্যয়ন ক্ষেত্ৰ হিচাবে আৰু ডাঙৰ কৰা হয়। প্ৰথমে এইখন বিশ্ববিদ্যালয়ত কেৱল ৰজাৰ পৰিয়াল আৰু উচ্চ বংশৰ লোকসকলেহে অধ্যয়ন কৰিব পাৰিছিল যদিও পিছলৈ সাংঘাটিক মেধাসম্পন্ন সাধাৰণ ছাত্ৰকো ইয়াত অধ্যয়ন কৰিবৰ বাবে অনুমতি দিয়া হয়। মূল গৃহটোৰ পিছফালৰ দীঘল বাৰান্দাখনত থকা শিলৰ ফলকবোৰত ইয়াৰপৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰসকলৰ নাম খোদাই কৰা আছে। শিলৰ ফলকবোৰ একোটা শিলৰ কাছৰ পিঠিত থিয়কৈ ৰখা হৈছে। ভিতৰৰ মূল কোঠালিটোৰ ভিতৰত কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীবোৰক স্থানীয় ভাষাত কিবা বুজাই থকা দেখিবলৈ পাইছিলো। সম্পূৰ্ণ শ্ৰদ্ধা সহকাৰে ভাষণ শুনি থকা কণমানিবোৰক চাই আচৰিত হৈছিলো। একেবাৰে কুমলীয়া বয়সৰপৰাই দেশৰ গৌৰৱময় ইতিহাসৰ কথা কৈ তেওঁলোকৰ মনত দেশৰ প্ৰতি শ্ৰদ্ধাৰ বীজ ৰোপণ কৰাটো কম ডাঙৰ কথা নহয়। মূল গৃহটোত থকা কনফিউচিয়াচৰ মূৰ্তিৰে স’তে থকা থাপনাখনৰ আগত ফলমূল, ফুল, সুগন্ধি ধূপ আদিৰ লগতে পাণ আৰু কুমলীয়া তামোলৰ থোক আগবঢ়াই থোৱা দেখিছিলো। শিক্ষাৰ্থীসকলৰ বাবে শুভেচ্ছাৰ চিন হিচাবে থাপনাখনৰ কিছু আঁতৰত বেচ ডাঙৰ আকাৰৰ ধাতুৰে নিৰ্মিত সোণালী ৰঙৰ কাছ আৰু কৰ্চন(crane) পক্ষীৰ যোৰা সজাই থোৱা দেখিবলৈ পাইছিলো।

বিশ্ববিদ্যালয়খনৰ মুঠ পাঁচটা ডাঙৰ ডাঙৰ ভাগ আছে। দুটামান ভাগত ডাঙৰ ডাঙৰ গছ, বিস্তৃত ঘাঁহনি আৰু বনছাইৰে সুশোভিত। এটা ভাগত এটা ডাঙৰ চাৰিকোণীয়া পুখুৰী আছে। গোটেই কেইটা ভাগতে সৰু ডাঙৰ কিছুমান সুন্দৰ শিলৰ মূৰ্তি আছে। গাইডৰ সতে মন্দিৰ পৰিসৰৰ ভিতৰত খোজ কাঢ়ি ফুৰোঁতে এঠাইত এটা প্ৰকাণ্ড ডবা আৰু এটা ঘণ্টা দেখিবলৈ পালো। বিনে ক’লে কেতিয়াবা কোনো বিখ্যাত লোকৰ মন্দিৰলৈ আগমন ঘটিলে মন্দিৰৰ পুৰোহিতে এই ডবা আৰু ঘণ্টাটো বজায়। কিনকিনিয়া বৰষুণৰ মাজে মাজে বিশ্ববিদ্যালয়খনৰ বিভিন্ন অংশ ঘূৰি পকি চাই ইয়াৰ স্থাপত্য কলাবোৰ দেখি আচৰিত হৈছিলো। এজোপা বনছাই আঁহত গছৰ তলত দুজন চীনা পণ্ডিতৰ মূৰ্তি এনেদৰে বহৱাই থৈছে যেন তেওঁলোক কোনো গভীৰ আলোচনাত মগ্ন। মূৰ্তিটো দেখি ভাব হৈছিল যেন আমাৰ ভাৰতবৰ্ষৰ কোনো পুৰণি আশ্ৰমত এইদৰে বটবৃক্ষৰ তলত বহি সন্যাসী দুজনে জ্ঞান-বিজ্ঞানৰ আলোচনা কৰি আছে। মনত পৰিছিল ৬-১২ শতিকাৰ কালছোৱাত জ্ঞানৰ জ্যোতিৰে জিলিকি থকা আমাৰ নালন্দা বিশ্ববিদ্যালয়লৈ। এসময়ত পৃথিৱীৰ বিভিন্ন ঠাইৰ ছাত্ৰ আৰু  অধ্যাপকেৰে ভৰি থকা বিশাল নালন্দা বিশ্ববিদ্যালয়খন পুনৰুদ্ধাৰ কৰি সকলোকে ইয়াৰ ঐতিহ্য সমূহ দেখুৱাব পৰা হ’লে! আমাক বান্ধি দিয়া চল্লিছ মিনিটত ভিয়েটনামৰ সাহিত্যৰ মন্দিৰটো চাই ঘূৰি আহিছিলো।

হো চি মিনৰ সমাধি ক্ষেত্ৰ আৰু তেওঁৰ আবাসস্থল

টেম্পল অফ লিটাৰেচাৰৰপৰা আমাক লৈ গ’ল হো চি মিনৰ সমাধিস্থললৈ। ভিয়েটনামৰ সংগ্ৰামী নেতা আৰু ভিয়েটনামৰ বিপ্লৱী যুদ্ধৰ এজন সক্ৰিয় সেনা হো চি মিন ১৯৪৫ চনৰপৰা ১৯৬৯ চনলৈকে ভিয়েটনামৰ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰৰ ৰাষ্ট্ৰপতি আছিল। জেনেভা একৰ্ড আৰু প্ৰথম ভাৰত চীন যুদ্ধত তেওঁৰ এক মহত্বপূৰ্ণ অৱদান আছিল। শান্ত সমাহিত নানা বৰণীয়া ফুলেৰে সুশোভিত এক সুন্দৰ পৰিবেশৰ মাজত গ্ৰেণাইট পাথৰেৰে নিৰ্মিত হো চি মিনৰ সমাধি ভৱনটো চাবলৈ ৰাতিপুৱাৰেপৰা পৰ্যটক আৰু স্থানীয় লোকৰ ভিৰ দেখা গৈছিল। সমাধি গৃহটোৰ ভিতৰত স্বচ্ছ কাঁচৰ কফিনৰ ভিতৰত হো চি মিনৰ নশ্বৰ দেহটো ৰখা হৈছে। ভিয়েটনামৰ লোকসকলৰ বাবে তেওঁলোকৰ মৰমৰ ‘আঙ্কল হো’ৰ সমাধিস্থলখন এখন তীৰ্থস্থান। স্কুলৰ ইউনিফৰ্ম পিন্ধা সৰু ছাত্ৰ ছাত্ৰীৰ দল আৰু সুন্দৰ পৰম্পৰাগত সাজ পোছাক পিন্ধি সম্পূৰ্ণ ভক্তিভাৱেৰে ভিতৰত সোমোৱা লোকৰ দীঘল শাৰী দেখি আমি ভিতৰলৈ যোৱাৰ চিন্তা বাদ দি বাহিৰৰপৰাই ফটো তুলিলো। সেনাবাহিনীৰ লোকে সমাধিস্থলৰ চাৰিওফালে সূক্ষ্ম দৃষ্টিৰে লক্ষ্য কৰি থকা দেখিবলৈ পালো।

সমাধিগৃহটোৰ পিছফালেই আছে আবাস নম্বৰ ৫৪। ইয়াতে থাকি ৰাষ্ট্ৰপতি গৰাকীয়ে ১৯৫৪ চনৰপৰা ১৯৫৮ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।  ইয়াৰ কাষতে থকা উজ্জ্বল সোণালী ৰঙৰ ৩০টা কোঠালিৰে ভৰা ফৰাচী স্থাপত্য কলাৰে নিৰ্মিত ডাঙৰ তিনিমহলীয়া ৰাষ্ট্ৰপতি মহলটোত থাকিবলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে অস্বীকাৰ কৰে আৰু আগতে ৰাষ্ট্ৰপতি মহলৰ ইলেকট্ৰিচিয়ান এজন থকা সাধাৰণ ভিয়েটনামী আৰ্হিত নিৰ্মাণ কৰা আৱাস নম্বৰ ৫৪ত থাকিবলৈ লয়। সৰু গাঁৱলীয়া আৰ্হিৰ ঘৰটো দেখি আমি আচৰিত হৈ পৰিছিলো। এখন দেশৰ এজন ৰাষ্ট্ৰপতিৰ কি সহজ-সৰল আৰু সাধাৰণ জীৱন যাপন! বহা কোঠাত এযোৰা চকী টেবুল আৰু বিভিন্ন বিষয়ৰ কিতাপেৰে ঠাহ খাই থকা এটা লাইব্ৰেৰী, খোৱা কোঠাত এখন সাধাৰণ সৰু ডাইনিং টেবুল আৰু মাত্ৰ এখন চকী, শোৱা কোঠাত টান তুলিৰ সতে এখন সৰু খাট আৰু কাষতে এখন সৰু টেবুল। বিনে আমাক ক’লে তেওঁৰ পাকঘৰত হেনো এটা থাৰ্মোমিটাৰ আছে। এই থাৰ্মোমিটাৰটোত যিদিনাই তাপমান ১০০ ৰ কম হৈছিল তেওঁ শিক্ষামন্ত্ৰীলৈ খবৰ দিছিল যে সকলো প্ৰাইমাৰী স্কুল সেইদিনাৰ বাবে বন্ধ ৰাখিব লাগে। সেই নিয়মটো এতিয়াও চলি আছে। তেওঁৰ ঘৰত থকা চকী-টেবুল আদি সামান্য বস্তু কেইটাও আছিল বিভিন্ন দেশৰপৰা পোৱা উপহাৰ। পৃথিৱীৰ এই কালজয়ী মহান নেতা আৰু ৰাষ্ট্ৰপতি গৰাকীলৈ শ্ৰদ্ধাত মূৰ দোঁ খাই গৈছিল। ঘৰটোৰ কাষতে বেলেগ এটা ডাঙৰ কোঠাত তেওঁ উপহাৰ হিচাপে পোৱা তিনিখন গাড়ী সজাই থোৱা আছিল।

বৃহৎ চৌহদটোৰ ভিতৰত আছিল অসংখ্য পুৰণি গছ-গছনি আৰু মাছেৰে ভৰি থকা এটা ডাঙৰ পুখুৰী৷ তাৰ কিছু আঁতৰত এটা ভিয়েটনামী আৰ্হিৰ সৰু ষ্টিল্ট হাউছ। আবাস নম্বৰ ৫৪ ত চাৰি বছৰ কাল কটোৱাৰ পিছত হো চি মিন এই ঘৰটোলৈ গুচি আহে। এইটো ঘৰত দুটা মহলা। তলৰ মহলাত আলোচনাত বহিবৰ বাবে এটা কোঠা আৰু ওপৰ মহলাত আছে তেওঁৰ শোৱা কোঠা আৰু এটা কিতাপৰ ছেল্ফৰ সতে এটা পঢ়া কোঠা। খোৱা-বোৱা কৰা বা নিজৰ নিত্য-নৈমিত্তিক কামবোৰৰ বাবে তেওঁ আবাস নং ৫৪ লৈ গৈছিল। চিৰকুমাৰ ৰাষ্ট্ৰপতিজনাৰ গধূলিৰ পিছৰ সঙ্গী আছিল হাংগেৰীৰ ছাত্ৰসকলে তেওক উপহাৰ দিয়া সৰু ৰেডিঅ’টো। 

আমাৰ গাইড বিনে আমাক ওচৰতে থকা পেগোডাটো নিজে গৈ চাই আহিবলৈ ক’লে। মতা মানুহ দুজনে যাবলৈ ইচ্ছা নকৰাত মই আৰু অদিতিয়ে পেগোডাটো চাবলৈ গ’লো। এটা চাৰিকোণীয়া পদুম ফুলৰ পুখুৰীৰ মাজত অৱস্থিত এটা খুঁটাৰ ওপৰত নিৰ্মিত এই পেগোডাটো প্ৰথমে ১০৪৯ চনত নিৰ্মাণ কৰা হৈছিল। ১৯৫৪ চনত ফৰাচী সৈনিকবোৰে ইয়াক নষ্ট কৰে আৰু পুৰণি আৰ্হিটোৰে আঙ্কল হোৱে ১৯৫৫ চনত ইয়াক পুণৰ নিৰ্মাণ কৰে। এই পেগোডাটোৰ কাষত সাধাৰণ আৰ্হিৰ আৰু কেইবাটাও পেগোডা আছিল। অদিতি আৰু মই পৰ্যটকৰ ভিৰৰ মাজেৰে গৈ পেগোডাটাত দুখনমান ফটো তুলি আহিলোগৈ।

দুপৰীয়াৰ আহাৰৰ বাবে ‘দালচিনি’ নামৰ ৰেষ্টুৰেন্টখনলৈ আমাক লৈ গ’ল। সম্পূৰ্ণ ভাৰতীয় আহাৰেৰে দুপৰীয়াৰ সাঁজ খোৱাৰ পাছত গাইড বিনে আমাক লৈ গ’ল ভিয়েটনামৰ ৫৪ টা বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ নিদৰ্শনেৰে ভৰা ’এথনোলজি মিউজিয়াম’লৈ। প্ৰকাণ্ড দুমহলীয়া মিউজিয়ামটোৰ দুয়োটা মহলাত ভিয়েটনামৰ বিভিন্ন জনগোষ্ঠীসমূহৰ পোছাক, ঘৰ, খেতি-বাতি, বিয়া-সবাহ, কৃষ্টি-সংস্কৃতিৰ নমুনা আদি পুংখানুপুংখভাৱে দেখুওৱা হৈছে। কোনোবা এটা জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা বস্তুসমূহৰ ভিতৰত আমাৰ অসমীয়া মানুহে খোৱাৰ দৰে পাণ-তামোল আৰু চূণ থোৱা টেমা দেখি আমি বৰ ভাল পাইছিলো। ভিয়েটনামৰ বহুতো জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি আৰু সাজ-পোছাকত আমাৰ পাহাৰীয়া জনগোষ্ঠী সমূহৰ লগত অদ্ভুত সাদৃশ্য দেখা পাইছিলো। মিউজিয়ামটোৰ বাহিৰ ফালে ঠায়ে ঠায়ে বেলেগ বেলেগ আকৃতিৰ ধুনীয়া খেৰী চালৰ ঘৰবোৰ দেখিবলৈ পাইছিলো। মিউজিয়ামটো চাবৰ বাবে বিনে আমাক এঘণ্টা সময় দিছিলে যদিও আমি এঘণ্টাাত আধামানহে চাই শেষ কৰিব পাৰিলো।

গধূলি হোৱাৰ আগে আগে হোটেলৰ পৰা নাতিদূৰৰ এখন ব্যস্ত বজাৰত আমাক গাড়ীখনেৰে নমাই দিলে। ব্যস্ত বজাৰখনৰ মাজত নিজৰ মতে ঘূৰি পকি নিজে হোটেললৈ খোজকাঢ়ি গুচি আহিলো। তেতিয়ালৈকে আমি ভিয়েটনামী মুদ্ৰা ব্যৱহাৰ কৰিব লগা হোৱা নাছিল। আমি গুৱাহাটীৰ পাণবজাৰ শাখাত ভিয়েটনামী মুদ্ৰা উলিয়াবৰ বাবে পইচা অলপমান ভৰাই লৈছিলো। বেঙ্কৰপৰা আমাক ভিয়েটনামত ব্যৱহাৰ কৰিবৰ বাবে এ টি এম কাৰ্ড এখন দিছিল। ভিয়েটনামৰ যিকোনো এ টি এম মেচিনত কাৰ্ডখন ভৰাই দিলে ভিয়েটনামী মুদ্ৰা ওলাই আহে। আমাৰ ১০০ টকা মানে প্ৰায় ২৯,০০০ ভিয়েটনামী ডঙ। প্ৰথমে টকাখিনি উলিয়াই নিজকে খুব ধনী যেন ভাব হৈছিল। হোটেলৰ কাষৰ দোকান এখনত কফি খালো। প্ৰতি কাপত ২০,০০০ ভিয়েটনামী ডঙকৈ (ভি এন ডি) ল’লে। পইচাখিনি দিওঁতেহে বৰ দুখ লাগিল। ভিয়েটনামত ভি এন ডিৰ বাহিৰে আমেৰিকান ডলাৰো চলে। ৰাজীৱ শৰ্মাই হাতত কিছু ডলাৰ লৈ গৈছিলে বাবে মাজে মাজে আমি ডলাৰেৰেও দাম পৰিশোধ কৰিব পাৰিছিলো।  

গধূলি কিছু সোনকালেই ৰাতিৰ আহাৰ কৰিবলৈ বাহিৰলৈ ওলাই গ’লো। আগদিনা যোৱা ভাৰতীয় ৰেষ্টুৰেন্ট খনতে খোৱা-বোৱা কৰি হোটেললৈ ঘূৰি আহিলো। কাইলৈ বিন ৮.০০বজাতে আহিব আৰু আমাক ৰেডি হৈ থাকিবলৈ কৈ গৈছিল।

হুৱা লু আৰু টেম কক গুহা( Hoa Lu and Tam Coc caves)

পুৱাৰ আহাৰ কৰি পূৰ্ব নিৰ্ধাৰিত সময়মতে আমি যাত্ৰা আৰম্ভ কৰিলো। আজি আমি যাম হুৱা লু(Hoa Lul) নামৰ এখন ঠাইলৈ। ঠাইখনলৈ হানয়ৰপৰা দক্ষিণ পূব দিশলৈ গাড়ীৰে দুঘণ্টাৰ বাট। বাটৰ কাষৰ বিস্তৃত ঘন সেউজীয়া ধাননি পথাৰৰ মনোৰম দৃশ্যসমূহ চাই চাই চকু মন জুৰ পৰি গৈছিল। মাজে মাজে একেবাৰে অসমৰ গাঁৱৰ মাজেৰে গৈ থকা যেন লাগে। ৰাস্তা-ঘাট অতি সুন্দৰ। ডিভাইডাৰৰ মাজৰ অংশবোৰতো মূৰত ভিয়েটনামী জোঙা জাপি পিন্ধা মুনিহ তিৰোতাসকলে কাম কৰি থকা দেখিবলৈ পালো। ঝাৰু মাৰিছে, গছ-ফুলৰ যত্ন লৈছে নহ’লে গছবোৰত পানী দিছে। তেওলোকৰ নিষ্ঠা আৰু একাগ্ৰতা দেখি বৰ ভাল লাগিল। হুৱা লু খন অতীজতে ভিয়েটনামৰ ৰাজধানী

আছিল( ৯৬৮-১০০৯ খৃষ্টাব্দলৈকে)। ডাঠ কুঁৱলী আৰু দুই এটোপাল বৰষুণৰ মাজে মাজে খোজ কাঢ়ি প্ৰকৃতিৰ সৌন্দৰ্য্য পান কৰাত আমি নিমগ্ন হৈ পৰিছিলো। ঘন সেউজীয়া ধাননি পথাৰবোৰৰ মাজে মাজে মূৰ ডাঙি থকা লাইমষ্ট’নৰ থিয় পাহাৰবোৰ চাই চাই অভিভূত হৈ পৰিছিলো। কি যে সুন্দৰ দৃশ্য!

এৰোমা নামৰ ভাৰতীয় ৰেষ্টুৰেন্ট এখনত দুপৰীয়াৰ আহাৰ কৰাৰ পিছত আমাক টেম কক ( Tam coc) গুহাবোৰ চাবলৈ লৈ গ’ল। টেম কক মানে তিনিটা গুহা। পানীৰে ভৰি থকা এই লাইমষ্টোনৰ গুহাবোৰ ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইটৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াক মাটিৰ হালং উপসাগৰ বুলিও জনা যায়। নাৱৰ ঘাটৰপৰা আমি নাও দুখন বন্দোৱস্ত কৰি গুহাবোৰৰ ভিতৰলৈ আগবাঢ়িলো। পানীৰ মাজত থকা তিনিটা প্ৰকাণ্ড প্ৰকাণ্ড গুহা। এইবোৰ নদীৰ পানীয়ে লাইমষ্ট’নৰ পাহাৰবোৰ ক্ষয়ীভূত কৰাৰ ফলত সৃষ্টি হোৱা গুহা। এন্ধাৰৰ মাজে মাজে মোবাইল লাইটৰ পোহৰৰ সহায়ত গুহাৰ ভিতৰেৰে আগবাঢ়ি যাওঁতে এক অদ্ভুত শিহৰণ অনুভৱ কৰিছিলো। গুহাৰ মাজে মাজে চাদখন একেবাৰে চাপৰ। মূৰত খুন্দা খাওঁ বুলি মূৰটো একেবাৰে তললৈ কৰি যাব লাগে। গুহাৰ দেৱালৰ লাইমষ্ট’নবোৰ ক্ষয় গৈ গৈ কিছুমান সুন্দৰ আকৃতিৰ সৃষ্টি কৰিছে। গুহাৰ ভিতৰত আমাৰ বাহিৰেও দুই এখন নাও থকাত মনলৈ সাহস আহিছিল। ডেকা ল’ৰা দুটামানে গুহাৰ অন্ধকাৰৰ মাজত কিৰিলিয়াই উঠিছিল। গুহাবোৰ চাই ওলাই অহাৰ পিচত ওখ ওখ জোঙা পাহাৰবোৰৰ মাজে মাজে নাওখন চলাই লৈ গৈছিল। চাৰিওফালে গছ গছনিৰে ভৰা সেউজীয়া পাহাৰবোৰ পাৰ হৈ নদীখন সেউজীয়া ধাননি পথাৰৰ মাজত সোমাই পৰিছিল। কি যে মায়াময় যাত্ৰা! বিনে আমাক কৈছিল আমি আৰু এমাহমান পিছত অহা হ’লে হালধীয়া পকা ধানবোৰ দেখিলোহেঁতেন। মূৰত ভিয়েটনামী টুপি পিন্ধা মহিলা নাৱৰীয়া গৰাকীয়ে আমাক এঘন্টামান ফুৰোৱাৰ পাচত ঘাটত নমাই দিলেহি। 

গধূলি ৬টা মান বজাত আমি হোটেল পালোহি। পিছদিনা পুৱা হালং উপসাগৰলৈ যাম। বিনে আমাক ৮:৩০ বজাত হোটেলৰ লবীত ৰৈ থাকিবলৈ ক’লে।

হালং উপসাগৰ( Halong Bay) ( বিশ্বৰ প্ৰাকৃতিক সপ্তম আশ্চৰ্য্যৰ ভিতৰত  অন্যতম)

১৯৯২ চনত হালং উপসাগৰক বিশ্বৰ ঐতিহ্যময় ঠাই হিচাবে গণ্য কৰিছে। সম্পূৰ্ণ নীলা সেউজীয়া পানীৰ মাজত মূৰ ডাঙি থকা প্ৰায় ডেৰ হেজাৰটাতকৈও অধিক লাইমষ্ট’নৰ দ্বীপৰ বাবে হালং উপসাগৰ বিশ্ব প্ৰসিদ্ধ। সৰু ডাঙৰ প্ৰত্যেকটো দ্বীপৰ উপৰিভাগ গছ-গছনিৰে সেউজীয়া হৈ থাকে। দ্বীপ সমূহৰ বিশেষ আকৃতি অনুযায়ী সেইবোৰ বিশেষ নামেৰে নামাকৰণ কৰা হৈছে। আমাৰ ভিয়েটনাম ভ্ৰমণ কালছোৱাৰ দৰ্শন কৰিবলগীয়া ঠাইবোৰৰ তালিকাৰ সকলোতকৈ ওপৰত আছিল হালং উপসাগৰ।

হালঙত আমাৰ বাবে গ্ল’ৰি লিজেণ্ড ক্ৰুজত প্ৰমোদ ভ্ৰমণৰ বন্দৱস্ত কৰা আছিল। তেওঁলোকৰ নিজা চাটল বাছত আমাক হোটেলৰ সন্মুখৰপৰা উঠাই ল’লে। চাৰিওকাষৰ সুন্দৰ সুন্দৰ দৃশ্য বোৰ চাই চাই চাৰে তিনি ঘণ্টাৰ মূৰত হালং উপসাগৰৰ পাৰৰ টুৱান চু দ্বীপ পালোগৈ। আমাৰ ক্ৰুজ জাহাজখন পাৰত ৰখাই থোৱা আছিল। বস্তু-বাহানিবোৰ উঠোৱাৰ পিছত আমি গৈ জাহাজত উঠিলোগৈ।

জাহাজ খনৰ একেবাৰে সমুখৰ ফালে থকা দুটা কোঠা আমাৰ বাবে সংৰক্ষিত আছিল। কোঠাৰ সমুখত বাহিৰ ফালে টেবুল চকীৰে সতে ডাঙৰ বাৰান্দা। বাৰান্দালৈ ওলাই গৈয়েই ধুমধাম ফটো তোলাত লাগিলো। কি সুন্দৰ সেউজীয়া পানীৰ ৰং! জাহাজখন বিভিন্ন আকৃতিৰ সেউজীয়া দ্বীপবোৰৰ মাজে মাজে আগবাঢ়িবলৈ ধৰিলে। নীলা সেউজীয়া ৰঙৰ পানীৰ মাজে মাজে সৰু ডাঙৰ অসংখ্য দ্বীপ আৰু পানীত আমাৰ দৰে দুই এখন প্ৰমোদ ভ্ৰমণৰ জাহাজ। বতৰটো ডাৱৰীয়া বাবে মনটো খুব দুখ লাগিল। কুঁৱলীৰ বাবে পানীৰ ইমাৰেল্ড নীলা ৰংটো দেখিবলৈ নাপালো। কোঠাৰ ভিতৰত থকা লাউড স্পিকাৰত ধুনীয়া মাত এটা ভাঁহি আহিল। আমি ডাইনিং হললৈ যাব লাগে। সুন্দৰভাৱে পৰিবেশন কৰা সম্পূৰ্ণ ভিয়েটনামী খোৱা উপভোগ কৰিলো। মুৰ্গী মাংসৰ বাহিৰেও কেঁকোৰা ,শামুক আৰু অন্য কেইবাবিধো মাছৰ ব্যঞ্জন আছিল। শৰ্মাহঁতে মাছ নেখায় বাবে তেওঁলোকৰ বাবে নিৰামিষ খাদ্যৰ যোগান ধৰা হ’ল। খাই উঠাৰ পিচতেই আমাক মুকুতা তৈয়াৰ কৰা দ্বীপ এটালৈ নাৱেৰে লৈ গ’ল। কেনেকৈ শামুকবোৰ প্ৰতিপাল কৰি সিহঁতৰ পেটত উন্নত মানৰ মুকুতা তৈয়াৰ কৰা হয় তাক পুংখানুপুংখভাৱে দেখুৱালে। অদিতিহঁতে এটা খুব উচ্চ মানসম্পন্ন মুকুতা কিনিলে। সেইটো দ্বীপৰ পৰা বহু পৰ্যটকে ৰঙ বিৰঙী নাৱত উঠি কায়াকিং কৰি থকা দেখিবলৈ পালো।

জাহাজলৈ ঘূৰি আহি নিজৰ বাৰান্দা খনত বহিলোহি। গৈ থকা আমাৰ জাহাজ খনৰপৰা দূৰৈত সাগৰৰ বীচ্চ এটা দেখা যেন লাগিল। তেতিয়াই কোঠাৰ মাইকত কোৱা শুনিলো বীচ্চলৈ যাবলৈ সাজু হওক। তলত নাও ৰৈ আছে।

সুন্দৰ বিচ্চটোৰ নাম ‘টি টপ’( Ti Top) বীচ্চ। বীচ্চটোৰ পানীবোৰ উজ্বল নীলা আৰু বালিবোৰ চিকচিকিয়া পৰিষ্কাৰ । বতৰটো ডাৱৰীয়া আছিল যদিও বহু লোকে চুইমিঙৰ কাপোৰ পিন্ধি সাগৰত সাঁতুৰি থকা দেখিবলৈ পালো। টি টপ বীচ্চটোৰ মাজত এটা ওখ পাহাৰ আছে। পাহাৰটোৰ ওপৰৰপৰা হালং উপসাগৰৰ সুন্দৰ দৃশ্যসমূহ উপভোগ কৰিব পৰা যায়। এওঁ পাহাৰৰ ওপৰলৈ যাম বুলি ক’লে। আমি কেইজনে সাগৰৰ বালিতে সময় কটাম বুলি ঠিক কৰিলো। ‘হালং বে’ৰ ৰূপোৱালী বালিত প্ৰায় এঘণ্টামান কটোৱাৰ পিছত আমি আকৌ নাৱেৰে জাহাজলৈ ঘূৰি আহিলো।

ৰাতি জাহাজৰ ডেকত ভিয়েটনামী ৰন্ধা শিকোৱাৰ ক্লাছ আছিল। অদিতি আৰু মই চাউলৰ পাপৰেৰে বনোৱা স্প্ৰিং ৰ’ল বনাবলৈ শিকিলো। মতা মানুহ কেইজনে হাফ প্ৰাইচ বিয়েৰৰ সোৱাদ ল’লেগৈ। আমি দুজনে ৰাতিৰ আহাৰৰ পিছত বহুত দেৰি জাহাজৰ ডেকত বহি আছিলো। চাৰিওফালে নিস্তব্ধ পৰিবেশত অজস্ৰ সৰু সৰু দ্বীপৰ মাজত আমাৰ জাহাজখন ৰখাই থৈছিল। কিছু দূৰে দূৰে অজস্ৰ লাইটৰ তিৰবিৰণি। সেইবোৰ ৰাতি লংগৰ পেলোৱা অন্য জাহাজবোৰৰ লাইট। বহুতো পৰ্যটকে বৰশী লৈ জাহাজৰ তলৰ খাপৰপৰা সাগৰত মাছ মৰাও দেখিবলৈ পাইছিলোঁ।

ৰাতিপুৱাই জাহাজৰ ওপৰ মহলাৰ ডেকত ‘টাই চি’ নামৰ ধ্যানৰ ক্লাছ এটা আছিল। মোৰ যোৱা নহ’ল। ডাইনিং ৰুমত পুৱাৰ চাহ জলপান খাই নিজৰ কোঠালৈ আহিলো। আকৌ লাউড স্পিকাৰত মানুহ এজনৰ মাত ভাহি আহিল “চাং চট গুহালৈ যাবৰ বাবে নাও সাজু হৈছে। সকলোকে আৰামদায়ক কাপোৰ আৰু জোতা পিন্ধিবলৈ অনুৰোধ কৰা হ’ল”৷ 

সাগৰ পৃষ্ঠৰপৰা ২৫ মিটাৰ ওপৰত অৱস্থিত হং বং দ্বীপত থকা চাং চট (Sung Sot) গুহাটো হালং উপসাগৰৰ আটাইতকৈ ডাঙৰ গুহা। ১৯০১ চনত ফৰাচীসকলে ইয়াক আৱিস্কাৰ কৰে। নাওখন পাৰত লগোৱাৰ পিচতেই আমাক গুহাৰ ভিতৰলৈ সোমাবৰ বাবে যাৱতীয় নিৰ্দেশ দিলে। তলৰপৰা গুহাৰ মুখলৈ প্ৰায় ১০০ টা মান চিৰি বগাই ওপৰলৈ উঠিব লাগিব। মোৰ কঁকালৰ বিষ থকা বাবে কঁকালত বেল্ট বান্ধি আহিছিলো। জাহাজৰ মেনেজাৰজনে মোক ওপৰলৈ যাবলৈ মানা কৰিছিল যদিও মই লাহে লাহে চিৰি বগাই গুহালৈ উঠি গ’লো। এইখন ঠাইলৈ আৰুনো আকৌ ক’ত আহিব পাৰিম!

গুহাৰ ভিতৰলৈ সোমাই গৈয়েই স্বৰ্গপুৰীত সোমোৱা যেন লাগিল। প্ৰকাণ্ড ডাঙৰ দুমহলীয়া ঘৰৰ সমান ওখ গুহাটোৰ দেৱাল চাদ আদিৰপৰা সুন্দৰ ষ্টেলেগমাইট আৰু ষ্টেলেকটাইটৰ গঠনবোৰ ওলাই আহিছে। ক’ৰবাত চেণ্ডেলিয়াৰ লাইটৰ দৰে ওপৰৰপৰা ওলমি আছে যদি আন ক’ৰবাত দেৱাল বা তলৰ মজিয়াৰপৰা সুন্দৰ কাৰুকাৰ্যখচিত শিলবোৰ ওলাই আহিছে। ধুনীয়া শিলৰ ডিজাইনবোৰৰ ওপৰত বিভিন্ন ৰঙৰ লাইটৰ পোহৰ পেলাই থোৱা বাবে এক অপূৰ্ব মায়াৱী পৰিবেশৰ সৃষ্টি হৈছে। শৰ্মা আৰু অদিতিক বহু আগত গৈ থকা দেখিবলৈ পালো। মই এওঁৰ পিছে পিছে মন্ত্ৰমুগ্ধৰ দৰে গৈ গৈ গুহাৰ এটা প্ৰকোষ্ঠ পাৰ হৈ সৰু বাট এটাৰে আন এটা প্ৰকোষ্ঠত সোমালো। এইটো খোটালি আৰু ডাঙৰ তথা ধুনীয়া। ইয়াত আগতকৈ বহুত বেছি শিলৰ আকৃতি দেখিবলৈ পালো। শিলৰ বিভিন্ন আকাৰবোৰ লৈ স্থানীয় লোকসকলৰ মাজত হেনো বহুতো লোক প্ৰবাদ আছে। আমি লাহে লাহে চাই চাই ফটো তুলি তুলি আগবাঢ়ি গৈ আছো। আমাৰ লগৰ বাকী মানুহখিনিৰ কাকো ওচৰত দেখা নাছিলো যদিও একো চিন্তা কৰা নাছিলো। গুহা চাই শেষ কৰি নামি আহোঁতেই মেনেজাৰজনক পালো। তেওঁৰ খুব খং উঠি আছিল। আমালৈ ৰৈ ৰৈ নাওখন উভতি গুচি গ’ল। বৰ লাজ পালো। কিছু সময় অপেক্ষা কৰাৰ পিচত বেলেগ এখন নাৱত উঠি জাহাজলৈ ঘূৰি আহিলো।

লাহে লাহে জাহাজখনৰ ওভতনি যাত্ৰা আৰম্ভ হৈছিল। আমি গা-পা ধুই হালং উপসাগৰৰ প্ৰাকৃতিক দৃশ্যৰাজি উপভোগ কৰি জাহজতে দুপৰীয়াৰ খোৱা সমাপন কৰিছিলো। জাহাজঘাট পাই কৰ্মী সকলৰ পৰা হাত যোৰ কৰি বিদায় লৈছিলো। লিজেণ্ড গ্ল’ৰি ক্ৰুজৰ বাছখনে আমাক টুৱান চু দ্বীপৰ বন্দৰৰপৰা হোটেলত নমাই থ’লেহি। আজি আমাৰ হানয়ত শেষ দিন। কাইলৈ নাইবয় বিমান বন্দৰৰপৰা ভিয়েটনামৰ পূৰ্বৰ ৰাজধানী হুৱেলৈ উৰা মাৰিম। সুন্দৰ বতৰৰ মাজত প্ৰকৃতিৰ কোলাত পালিত হানয়ত কটোৱা এই পাঁচদিনীয়া ভ্ৰমণৰ স্মৃতি মোৰ মানসপটত চিৰ যুগমীয়া হৈ ৰ’ব।

 

************

One comment

  • বন্দিতা জৈন

    ইমান সুন্দৰ কৈ লিখিলে বাইদেউ। আপোনাৰ লগতে আমি লগত থকা দৰে লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *