মধুমেহ-ভনিতা শৰ্মা

হাতত চকোলেটৰ পেকেট এটা আৰু এথোপা ফুল লৈ বৰুৱা ওলাই গ’ল৷বিয়া-সকাম,জন্মদিন আদিত বৰুৱাই ঘৈণীয়েকক জীয়েকৰ সৈতে একেলগে যোৱাৰ সুবিধাটো কৰি দি নিজে আগতীয়াকৈ গৈ মাত লগাই আহে৷ঘৈণীয়েকে সোধে কেতিয়াবা…

’’প্ৰতিবেশীৰ নিমন্ত্ৰণবোৰ ৰক্ষা কৰোঁতে আইজনীক প্ৰতিবাৰেই মই লগত লৈ যোৱাতকৈ তুমিয়ে ময়েচোন একেলগে যাব পাৰোঁ৷”

“এহ,তোমালোকৰ সাজোতে কাচোতে যিমানহে সময় লাগে,তেতিয়ালৈ মই গৈ সাউতকৈ মাত এষাৰ দি অহাই ভাল৷খোৱা বোৱাততো মোৰ এনেয়ো ৰাপ নাই৷মিঠা-মচলা দিয়া আদি খাবই নোৱাৰোঁ৷মই কেৱল যাব লাগে আৰু মাতটো লগাই আহিব লাগে৷তোমালোক লাহে ধীৰে খোৱাৰ পৰত গৈ থাকিবা।”

বৰুৱাৰ উত্তৰ৷

মধুমেহ ৰোগী বৰুৱা৷খোৱা-বোৱাত বহুত ৰেচট্ৰিকচন৷মিঠা,আলু আদি সম্পূৰ্ণ নিষেধ৷বৰুৱানীয়ে সেয়ে পাকঘৰৰপৰা মুক্তি নাপায়৷ক’ৰবাত গ’লেও বৰুৱালৈ খোৱা-বোৱা যতনাই থৈহে ওলাই যাব পাৰে৷বাহিৰত ক’তো একো নাখায় বৰুৱাই৷বিয়া-সবাহততো একোৱেই মুখত নিদিয়ে৷

আজিও সেই বৰুৱাৰ সহকৰ্মী মজুমদাৰৰ সৰুটো পুতেকৰ জন্মদিনৰ নিমন্ত্ৰণ৷বৰুৱানীয়ে ঘৰ-পাকঘৰৰ লেঠা অতাই দুপৰীয়া এপাক মাৰিম বুলি ভাবি থৈছে৷নিমন্ত্ৰণ আকৌ দিনৰ ভাতসাঁজৰ৷

বৰুৱাই বোলে…

“তোমাৰ ঘৰুৱা কামৰ লেঠা শেষ হোৱালৈকে মই গৈ মাত এষাৰ দি আহোঁ৷এক কিলোমিটাৰ বাটহে৷যাম আৰু আহিম৷মই দিনৰ ভাতকেইটা ঘৰতেই খামহি৷” 

এইবুলি কৈ বৰুৱা যাবলৈ ওলাল৷

“উপহাৰ দিবলৈ বুলি আনি থোৱা চকোলেটৰ পেকেট আৰু ফুলৰ থোপাটো তুমিয়েই লৈ যোৱা।” 

বৰুৱানীয়ে সোৱঁৰাই দিলে বৰুৱাক৷

ডেৰ-দুঘন্টামানৰ মূৰত বৰুৱা উভতি আহিল৷বৰুৱানী আৰু জীয়েক সাজি কাচি জন্মদিন খাবলৈ যাব ওলাল৷যথাস্হানত উপস্থিত হৈ জাকজমক আয়োজন দেখি অভিভূত হ’ল বৰুৱানী৷মজুমদাৰৰ পত্নীয়ে আহি মাতি নি আথে বেথে বহুৱালে৷মজুমদাৰৰৰ বাৰ বছৰীয়া সৰু  পুত্ৰক গৈ জন্মদিনৰ শুভেচ্ছা জনালে বৰুৱানীয়ে৷বাৰ্থদে’ বয় পিছে মোবানইলতহে ব্যস্ত৷

বৰুৱানীয়ে মজুমদাৰৰ ঘৈণীয়েকক ক’লে

“আজিকালিৰ ল’ৰা ছোৱালীয়ে সময় উপভোগ কৰিবই নাজানে৷অনবৰত এই মোবাইলটোতেই ব্যস্ত থাকে।”

মজুমদাৰৰ পত্নীয়ে বৰুৱানীৰ কথাকেইটাত অকণ লাজ পালে৷পুতেকক ধমক দিয়াৰ সুৰত ক’লে 

“তোমাৰ আজি জন্মদিন

বাবা৷মোবাইলটোত কি চাই আছা?আলহীবোৰ আহিছে ,মাত দিয়া৷”

“নাই মা৷এইটো বৰুৱা আংকলৰ ভিদিঅ’টোকে চাই আছো৷কি যে ফানি(Funny) নহয় বৰুৱা আংকল!অথনি যে আহিছিল মোৰ কাৰণে চকোলেট আৰু ফুল লৈ;চকোলেটবোৰ খুলি মই আৰু মোৰ ফ্ৰেইণ্ডবোৰে ভাগত নাপালোৱেই৷আধাৰ বেছি বৰুৱা আংকলেই খাই পেলালে৷চোৱাচোন কেনেকৈ খাইছে মোকােৰা-মোকোৰে৷তাকেই ভিদিঅ’ কৰি থৈছিলো৷এতিয়া চাই হাহিঁ মৰিছো।”

’বাৰ্থদে’ বয়’ৰ কথা শুনি মজুমদাৰনীয়ে হাহিঁবলৈ ল’লে৷ইফালে বৰুৱানীৰ মুচকচ যোৱা অৱস্থা৷জীয়েকে চকী এখন টানি আনিলত তাতেই বহি পৰিল বৰুৱানী৷

 

************

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *