মনপক্ষী উৰে পাখি মেলি নামদফা পাহাৰৰ শিখৰে কন্দৰে-জয়ন্ত গগৈ

“পুৱতিৰ আলোকেৰে আলোকিত দেশ” উত্তৰ-পূব ভাৰতৰ ৰাজ্য অৰুণাচল প্ৰদেশ যাক ‘সূৰ্য্য উঠা দেশ’ বুলিও জনা যায়। প্ৰকৃতিয়ে অকৃপণভাৱে ঐশ্বৰ্য্যশালী মনোৰম প্ৰাকৃতিক পৰিৱেশ গঢ়ি তুলিছে এই পুৱতিৰ আলোকেৰে আলোকিত ঠাইখণ্ডত। সেয়ে সেউজপ্ৰিয় সকলোকে হাতবাউল দি আমন্ত্ৰণ জনাই থাকে অৰুণাচলৰ মনোৰম প্ৰকৃতিয়ে। এনে এক বৈচিত্র্যময় জৈৱিক পৰিবেশৰ সন্মুখীন হােৱাৰ সৌভাগ্য ঘটিছিল ১৯৯৫ চনৰ অক্টোবৰ মাহত। এটি তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ মহাবিদ্যালয়ৰ (তিনিচুকীয়া) স্নাতক দ্বিতীয় বার্ষিক উদ্ভিদ বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীসকল ৰাওনা হৈছিলোঁ ’নামদফা ৰাষ্ট্ৰীয় উদ্যান’ৰ এটি পৰ্য্যটক ভূমি ‘দিবান’ অভিমুখে৷

অৰুণাচললৈ যাবৰ বাবে যাৱতীয় কাগজ পাতি ডিব্ৰুগড় জিলাৰ মোহনবাৰীত থকা চৰকাৰী অফিচত তৈয়াৰ কৰি যাত্ৰাৰ বাবে সাজু হৈছিলোঁ। দিনটো আছিল ২৫ অক্টোবৰ। আমাৰ দলটো আছিল ১২জনীয়া– ছয়জন ছাত্র, চাৰিগৰাকী ছাত্রী, উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী প্ৰবক্তা দেৱেন্দ্র নাথ ভট্টাচাৰ্য্য ছাৰ আৰু প্রাণীবিজ্ঞান বিভাগৰ প্ৰবক্তা ড° ঋষি দাস ছাৰ। সেইদিনা পুৱা প্রায় ছয়মান বজাত তিনিচুকীয়াৰপৰা অৰুণাচল প্রদেশৰ ৰাজ্যিক পৰিবহন নিগমৰ বাছেৰে দিবান অভিমুখে যাত্ৰা কৰিছিলোঁ। ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ডিগবৈ হৈ নামচিক গেটেদি আমি অৰুণাচল প্ৰদেশত প্ৰবেশ কৰিছিলোঁ। নামচিকতে অসম অৰুণাচলৰ সীমান্তচকী আছে আৰু ইয়াতে যাৱতীয় প্ৰবেশপত্ৰ পৰীক্ষাৰ অন্ততহে অৰুণাচললৈ যোৱাৰ অনুমতি পোৱা যায়। নামচিক গেটৰপৰা বাছেৰে যাব পৰা শেষ প্ৰান্ত মিয়াও পোৱালৈ সমগ্ৰ পথছোৱা হাবিতলীয়া আৰু অৰণ্যৰে আগুৰা আছিল। দুয়োকাষৰ হাবি-অৰণ্যৰপৰা ওলাই অহা জিঞাঁ- ঝিলিৰ চিঁচিঁঞণি শব্দই গোটেই পথছোৱাতেই কাণত বাজি গ’ল। তিনিচুকীয়াৰপৰা দিবানলৈ মুঠ দূৰত্ব প্রায় ১৪০ কিলােমিটাৰ৷ ’মিয়াও’ৰ পৰা দিবানলৈ চলাচল কৰা যাতায়তৰ কোনো ব্যৱস্থা নাই। হয় জীপ বা টেক্সিজাতীয় গাড়ী ভাড়া কৰিব লাগিব, নহয় মিয়াওৰ বন বিভাগৰপৰা নামদফাৰ দিবান বনৰক্ষী কাৰ্য্যালয়লৈ দৈনিক বনৰক্ষী অথবা ৰচদপাতি কঢ়িওৱা চৰকাৰী জীপ গাড়ীত যাব লাগিব। আমি কেৱল ‘মিয়াও’লৈকেহে বাছেৰে যাব পাৰিছিলোঁ। মিয়াও চাংলাং জিলাৰ অন্তর্ভুক্ত এখন সৰু চহৰ। প্রায় ভৈয়াম যেন লগা এই অঞ্চলটো বর্তমান বনাঞ্চল ধ্বংস কৰাৰ কাৰণে বহুখিনি মুকলি হৈ পৰিছে যদিও আধুনিকতাৰ বিশেষ প্ৰভাৱ পৰা নাছিল। ১১ মান বজাত আমি মিয়াও পাইছিলোঁ। পুৱাতেই চাহ বিস্কুট খাই দীঘলীয়া যাত্ৰা কৰোঁতে পেটত ভোক এটাও লাগিছিল। মিয়াওৰ হােটেল এখনত দুপৰীয়াৰ আহাৰ খাইছিলোঁ। ভোকত সকলোৱে পেট ভৰাই খাইছিলোঁ, তাতে পাহাৰীয়া ঠাইৰ জনজাতীয় খাদ্যৰ জুতি; ভৈয়ামৰ দৰে নহয়। পুনৰ যাত্ৰাৰ বাবে সাজু হৈছিলোঁ। দিবানলৈ যিহেতু যাতায়াত ব্যৱস্থা নাই, গতিকে তালৈ যাব লগা হ’লে মিয়াওৰ পৰাই নিত্য প্ৰয়োজনীয় সামগ্ৰীবোৰ ল’ব লগীয়া হয়। দিবানত ফুটা-কড়ি এটাও পাবলৈ নাই। গতিকে দুদিনৰ দৰকাৰী সামগ্ৰী মিয়াও বজাৰৰপৰাই যোগাৰ কৰি লৈছিলোঁ। মিয়াওত থকা বন বিভাগৰ ডি এফ অ’ কাৰ্য্যালয়ত গৈ দিবানলৈ যোৱাৰ যাৱতীয় নথি পাৰপত্ৰৰ অনুমতি দেখুওৱা হ’ল। যিহেতু মিয়াওত হঠাতে গাড়ী ভাড়ালৈ পোৱা নগৈছিল, সেয়ে ডি এফ অ’ মিষ্টাৰ এচ বনচ্যাল চাৰে জনোৱা অনুসৰি বন বিভাগৰ জীপ গাড়ী এখন দিবানলৈ খাদ্য ৰচদ-পাতি লৈ যাব ,গতিকে সেই গাড়ীতে আমাৰ দলৰ পাঁচজনমান যাব লাগিব আৰু আন কেইজনক সন্ধিয়াৰ আগে আগে অন্য এখন জীপগাড়ীৰে থোৱাৰ সুবিধা এটা কৰি দিয়াৰ কথা আমাক জনালে। আমি শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে অহাৰ বাবেহে তেখেতে আমাক সেই চৰকাৰী গাড়ীৰ সুবিধা এটি কৰি দিছিল।

প্রায় একমান বজাত বন বিভাগৰ জীপ গাড়ীখন আহিল। গাড়ীৰ পিছৰ ফালে এখন সৰু ট্ৰেলাৰ  সংলগ্ন কৰা আছিল, য’ত খাদ্য ৰচদ-পাতিৰে পূৰ্ণ হৈ আছিল। আমি পাঁচোজন লৰাই সেই ট্ৰেলাৰ গাড়ীত উঠিলোঁ। বাকীসকলে আমাৰ ফালে মিচিকিয়া হাঁহিৰে ইজনে সিজনলৈ চাই যাত্ৰাৰ শুভেচ্ছা জনাইছিল। আমি আগবাঢ়িছিলোঁ বন বিভাগৰ জীপৰ পিছফালৰ ট্ৰেলাৰ গাড়ীৰে । পাহাৰৰ খাঁজ কাটি কাটি নির্মাণ কৰা একা-বেঁকা শিলগুটিৰ পথেৰে। এই দুর্গম পথটোৰে দিবান চেৰাই গৈ পূব প্ৰান্তত ব্রহ্মদেশৰ বিজয় নগৰ(ভূগোলৰ কলিয়াপানী) চুইছেগৈ। মিয়াওৰপৰা বিজয় নগৰৰ দূৰত্ব ১৫৭ কিলােমিটাৰ আৰু দিবানলৈ মাথােন ৩০ কিলােমিটাৰহে বাট। ১৭ নং এম ভি ৰোড নামাকৰণেৰে কৰা মিয়াওৰপৰা দিবানলৈ এই দুর্গম পথছােৱাৰ সোঁফালে সু-উচ্চ পাহাৰৰ সেউজ শাৰী আৰু বাওঁফালে খৰস্ৰোতা নোৱা-দিহিং নৈ। কিঞ্চিত পথচ্যুত হ’লেই গাড়ী হাজাৰ ফুট তলৰ নৈত পৰিবগৈ। নিপুণ, পাকৈত চালকজনে একা-বেঁকা পথটোৰে বৰ সাৱধানেৰে গাড়ীখন আগবঢ়াই নিছিল। দুটা এটা কেঁকুৰি এনেকুৱা আছিল যে আমাৰ ট্ৰেলাৰ অংশই পাহাৰৰ আলিৰ একেবাৰে দাঁতিত চুইচেগৈ। বুকুত এক অজান শিহৰণ তুলি গৈছিল। যিমান পাৰোঁ সজোৰে ট্ৰেলাৰৰ সৰু সৰু ৰেলিঙত ধৰিছিলো। মনলৈ শংকা, ভয়, এডভেন্সাৰ, আনন্দ সকলোৱে ক্ৰিয়া কৰিছিলহি। যিমানেই আগুৱাই গৈ আছোঁ, সিমানেই পাহাৰৰ থিয় একা-বেঁকা পথ অতিক্ৰম কৰি যাব লগা হৈছে। পাহাৰীয়া যাত্ৰা, তাতে মুকলিকৈ গৈছোঁ। মুক্ত বিহংগৰ দৰে চাৰিওফালে প্ৰকৃতিৰ নৈসৰ্গিক শোভা উপভোগ কৰি গৈছোঁ। ৰিণিকি ৰিণিকি সুদূৰত চকুত পৰিছিল নৈৰ সিপাৰৰ নীলিম সেউজ পাহাৰৰ সলিল ৰাশিৰ গাৰে বাগৰি অহা সৰু সৰু জুৰিবিলাকৰ অপূর্ব দৃশ্য, পৰ্বতৰ টিঙত শুভ্ৰ বৰফৰ পাতল আস্বাদন। পথৰ বাওঁফালে হাজাৰ ফুট তলেদি বৈ যােৱা নোৱা-দিহিং নৈৰ নীলা জলধাৰাৰে কিমান যে মনােৰম লাগিছিল। এমপেন নামৰ ঠাইতে পালোঁ বন বিভাগৰ তালাচী চকী আৰু নামদফা ৰাষ্ট্ৰীয় উদ্যানলৈ আদৰণি জনোৱা এখন তোৰণ। ইয়াৰপৰাই নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ আৰম্ভণি হৈছে। মনলৈ অজান পুলক এটি বৈ আহিল। দুই ঘণ্টাৰ পাহাৰীয়া যাত্ৰা কৰি প্ৰায় তিনিমান বজাত দিবান বন বিভাগৰ কাৰ্য্যালয় পাইছিলোঁগৈ। আমি চিনাকি হওঁ দিবানৰ মুখ্য বন বিষয়া এ. চি. দেৱৰ লগত আৰু আমাৰ আহিবলগীয়া দলৰ বাকী সদস্যৰ বিষয়ে অৱগত কৰোঁ। তেখেতক আমাৰ আগমনৰ কথা ইতিমধ্যেই জনােৱা হৈছিল। চা-চিনাকি হােৱাৰ পাছত তেখেতে আমাক দিবান পৰিদর্শন ভৱনলৈ গৈ বিশ্রাম লােৱাৰ কথা ক’লে৷

‘দিবান’, চাংলাং জিলাৰ অন্তর্ভুক্ত এক পাহাৰীয়া দাঁতিকাষৰীয়া অঞ্চল। সমতল বুলিবলৈ প্রায় নায়েই। কাষেদি নোৱা-দিহিং নৈখন পূবৰপৰা পশ্চিমলৈ বৈ গৈছে। নৈখনৰ কাষৰ ওখ ঠেক সমতল খণ্ডৰ ওপৰত ‘দিবান’ৰ পৰিদৰ্শন ভৱনটো অৱস্থিত। অষ্টভুজাকৃতিৰ এই ধুনীয়া ভৱনটো দুমহলীয়া, তলৰ মহলাত কোঠা তিনিটা আৰু ওপৰৰ মহলাত দুটা। কোঠাৰ মজিয়াবোৰ সেউজীয়া দলিচাৰে আবৃত আছিল। কাঠেৰে নির্মিত এই ভৱনটো দূৰৈৰপৰা চাবলৈ বৰ চকুত লগা। পকী মজিয়াৰে বগা টাইলচ্ খচিত কোঠা সংলগ্ন বাথৰূম কেইটাও চকুত লগা আছিল। ঘৰৰ চাৰিওফালে এখন বৃহৎ বাগিচা। বাগিচাৰ সীমাত হেজ্ কটা গছৰ বেৰা। মাটিৰ ওপৰৰ দূবৰি বনবোৰ মসৃণকৈ কাটি ধুনীয়াকৈ কেহেঁৰাজ বৰণীয়া সঞ্জীৱনী গছবোৰ ৰুইছিল যে চকু পৰিলেই মনলৈ এক প্ৰশান্তি আহিছিল। চৌহদৰ ফুলনিত নানাৰঙী ফুলৰ গছ, পাইন গছেৰে পৰিবেশটোৱে অতিশয় মনোযোগ আকর্ষণ কৰিছিল। একাষে টিনৰ বাের্ড এখনত অংকিত কৰি থােৱা আছিল নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ সম্পূর্ণ মানচিত্র এখন। চৌহদৰ একাষে অর্থাৎ উত্তৰ দিশত হাতীৰ পিঠিত সহজতে উঠিব পৰাকৈ তৈয়াৰ কৰা আছিল এটি ওখ পকী বাটচ’ৰা । য’ত উঠিলেই চৌহদৰ কাষেদি বৈ যোৱা খৰস্ৰোতা নোৱা-দিহিংখন দেখিবলৈ পোৱা গৈছিল। ব্রহ্মদেশৰ গাতে লাগি থকা দফাবুম পর্বতৰ ‘কম’ নামৰ শৃংগটোৰপৰা সৃষ্টি হোৱা নামদফা নৈখন বৈ আহি মিলিত হোৱা নােৱা দিহিঙৰ সংগমস্থলী। সেয়েহে বাটচ’ৰাত উঠিলেই নদীৰ সোঁসোৱণি শব্দ আৰু পাহাৰীয়া ফেৰফেৰীয়া বতাহচাটিয়ে আপোনাৰ মন-প্ৰাণ কাঢ়ি নিবই। বন বিষয়াজনে যদিও আমাক জিৰণি লােৱাৰ বিষয়ে কৈছিল আমি কিন্তু অলপাে ভাগৰুৱা অনুভৱ কৰা নাছিলোঁ৷ নির্মল বায়ু আৰু তাৰ পৰিৱেশে আমাৰ অনুসন্ধিৎসু মনক দুগুণে উৎসাহিত কৰিছিল । চৌহদৰ ভিতৰত ফুৰা চকা কৰি থাকোঁতে অনবৰতে কাণত পৰা, বতাহত ভাহি অহা  সৰ্-সৰ্ শব্দই আমাক বেছিকৈহে আকর্ষণ কৰিছিল। পৰিদৰ্শন ভৱনৰ নেপালী চকীদাৰজনে দেখুৱাই দিয়া বাটেৰে অলপ আগুৱাই গৈ চকুত পৰিল কাষেদি বৈ যােৱা নোৱা-দিহিং নৈখন আৰু নামদফা নৈৰ সংগমস্থলী। পাহাৰীয়া শিলাময় নৈখনৰ বুকুৱেদি বৈ যােৱা খৰস্ৰোতা পানীয়েই  শিলৰ স’তে হােৱা ঘৰ্ষণৰ ফলত সেই শব্দৰ সৃষ্টি কৰিছিল সেয়া বুজিবলৈ সময় নালাগিল। সেয়াই আছিল পাহাৰীয়া নৈৰ সৈতে মােৰ প্রথম অভিজ্ঞতা৷ লগে লগেই আমি নামি গৈছিলো নৈৰ কাষলৈ৷ খৰালি কালৰ বাবে নৈখনৰ প্ৰায় মাজভাগেৰে পানীৰ সোঁত বৈছিল। কাষৰীয়া অংশত নৈৰ পানী চিলচিলিয়াকৈ বৈ গৈছিল। অলপ গভীৰতালৈ চকু দিলেই দেখা গৈছিল নৈৰ সেউজৰাশি জলধাৰা৷ নৈৰ বুকুত পৰি থকা ৰং-বিৰঙৰ শিলৰ ওপৰত ৰ’দৰ পােহৰ পৰি চিকমিকাই আছিল । তীব্র বেগী নির্মল জলধাৰাৰ ওপৰত অস্তগামী সূৰ্য্যৰ ৰশ্মিয়ে সৃষ্টি কৰা অপূর্ব দৃশ্য কিমান সময় যে আপােন পাহৰা হৈ চাই আছিলো। প্রকৃতিৰ এই অপৰূপ চিত্র দেখি এক বুজাব নােৱৰা অজান উল্লাসেৰে মন-প্রাণ ভৰি পৰিছিল। মনটোৱে লভিছিল এক অনন্য প্রশান্তি। ভাৱ হৈছিল মনটোৱে যেন প্রথমবাৰৰ বাবে সিদিনাহে কাষ চাপিছিল এনে এক নির্মল পৰিবেশৰ, য’ত প্রকৃতিয়ে জীৱন্ত ৰূপত শান্তি আৰু পবিত্ৰতাৰ এক স্বর্গীয় অনুভূতি জগাই তুলিছিল। কবিগুৰু ৰবীন্দ্র নাথ ঠাকুৰৰ কবিতাৰ এটি স্তৱকলৈ বৰকৈ মনত পৰিছিল-

“কোঠা এৰি চেঁকুৰে, চোতালৰ পিনে,

তাৰ পৰা মন মেলে বাটৰ ফালে

বাট এৰি যায় দূৰ প্ৰান্তৰ দুৰ্গম পাহাৰে-বনে।”

সন্ধ্যা পাঁচমান বজাত আমাৰ দলৰ বাকী সকলাে সদস্য দিবান পাইছিলহি। সূৰ্যাস্তৰ লগে লগেই আন্ধাৰ নামি আহিছিল। বন বিষয়া আৰু চকীদাৰজনে নিশা আমাক বাহিৰৰ বাগিচালৈ ওলাবলৈ মানা কৰি থৈ গ’ল। যিহেতু এই ৰাষ্ট্ৰীয় উদ্যানখন ব্যাঘ্র প্রকল্পৰ অধীনত। কেইবাবিধো বাঘৰ বাবেই এই উদ্যান বিখ্যাত। আন্ধাৰ হোৱাৰ লগে লগেই বাঘবোৰ অৰণ্যৰ পৰা চিকাৰ বিচাৰি ওলাই আহে। তাতে আগদিনা ৰাতি পৰিদৰ্শন ভৱনৰ গেটৰ ওচৰৰপৰাই বাঘে ছাগলী এজনী ধৰি নিলে। নিশাৰ আহাৰ খাই আমিও নিদ্ৰাদেৱীৰ কোলাত আশ্রয় লৈছিলো। নিশা অহা এজাক পাতলীয়া বৰষুণে আৰু আহিন-কাতিমহীয়া পাহাৰীয়া হিমশীতল চেঁচা পৰিবেশ এটাৰ বাবেই টোপনিৰ আমেজটো, যেন দুগুণে বৃদ্ধি কৰিছিল৷

প্রকৃতিৰ বিচিত্র শ্যামলীমাৰে অতুলনীয়, সৌন্দৰ্য্যৰ প্রতিভূ, প্রাকৃতিক ৰূপৰসেৰে ভৰপূৰ নামদফা ৰাষ্ট্ৰীয় উদ্যান অৰুণাচল প্রদেশৰ দক্ষিণ-পূৱ প্ৰান্তৰ এক বিশাল বনভূমি। ইয়াৰ ওখ-চাপৰ পাহাৰ, নদ-নদী, গছ-লতা, জীৱ-জন্তু আৰু চৰাই-চিৰিকতিয়ে সৃষ্টি কৰা মনােমােহা দৃশ্যৰাজিৰ মাদকতাই সুকীয়া। ১৯৮৩ চনৰ মাৰ্চ মাহত ব্যাঘ্র প্রকল্পৰ তালিকাত অন্তর্ভুক্ত কৰা এই বনাঞ্চলে প্রায় ১৯৮৫ বর্গ কিলােমিটাৰ অঞ্চলজুৰি বন্য প্রাণীৰ বাবে এক বিৰাট বিচৰণ ভূমিৰ সৃষ্টি কৰিছে। কিছুমান বিলুপ্তপ্রায় উদ্ভিদ তথা প্রাণীয়ে এই বনাঞ্চলৰ গুৰুত্ব বৃদ্ধি কৰিছে। মাটিকালিৰ ফালৰপৰা এই নামদফা হৈছে ভাৰতৰ তৃতীয় বৃহৎ ৰাষ্ট্ৰীয় উদ্যান। এই নামদফা নামটো প্ৰকৃততে গোটেই ৰাষ্ট্ৰীয় উদ্যানখনক দুভাগ কৰি বৈ যোৱা ‘নামদফা’ নামৰ নৈখনৰ পৰাহে আহিছে। এই নদীখন ডিয়ুন নদীৰ এখন উপনৈ। টাই ভাষাত ‘নাম’ শব্দৰ অর্থ হৈছে পানী আৰু ‘দফা’ শব্দৰ অৰ্থ হৈছে চিংফৌসকলৰ এটা ফৈদৰ নাম। যি দুটা বিশেষ শব্দ মিলি “নামদফা” শব্দৰ উৎপত্তি হৈছে । ব্রহ্মদেশৰ গাতে লাগি থকা দফাবুম পর্বতৰ ‘কম’ নামৰ শৃংগটোৰ পৰা এই নামদফা নৈখন ওলাই নােৱা দিহিঙত মিলিছেহি। নােৱা দিহিঙৰ দুয়ােকাষৰ শুভ্র বৰফেৰে আবৃত পাহাৰৰ টিং, নামনিৰ সেউজীয়া বননি আৰু নৈৰ নীলা পানীয়ে নামদফাৰ সৌন্দর্য আৰু নৈসর্গিকতাক সােণত সুৱগা চৰাইছে। উল্লেখ্য যে, কম শৃংগটো সমুদ্রপৃষ্ঠৰপৰা প্রায় ৪৫০০ ফুট উচ্চতাত অৱস্থিত, ইয়াক এই অঞ্চলৰ সর্বোচ্চ স্থান বুলি ধৰা হয়; যিটো উচ্চতাত অৱস্থানে অৰণ্যখনিক বিশ্বৰ ভিতৰতে এক সুকীয়া মর্যাদা প্রদান কৰিছে। গ্রীষ্ম, নাতিশীতােষ্ণ আৰু হিমমণ্ডলীয় পাৰিপাৰ্শ্বিকতাৰ সমাহাৰে বিশ্বখ্যাত বৰ্ষাৰণ্য হিচাপে অৰণ্যখনিত উদ্ভিদ আৰু প্রাণীসমূহৰ বাসস্থানৰ অনুকূল পৰিৱেশসমূহ ৰচনা কৰি আহিছে। সৰ্বমুঠ ২০০০ কিলােমিটাৰ নামদফাই এফালে ব্রহ্মদেশৰ ইৰাৱতী উপত্যকা আৰু আনফালে ব্রহ্মপুত্র উপত্যকা স্পর্শ কৰি আছে। সমুদ্র পৃষ্ঠৰ ২০০ মিটাৰৰপৰা ৪৫০০ মিটাৰ তাৰতম্য উচ্চতাৰ ক্রান্তীয় অঞ্চলৰ এই বনাঞ্চল বিশেষকৈ চিৰসেউজীয়া অৰণ্যৰে ভৰপূৰ। ইয়াত দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ ফলত বছৰি প্রায় ২০০ৰ পৰা ৩০০ মিলিমিটাৰ বৰষুণ হয়। এই অৰণ্যাঞ্চলত পাঁচবিধ বাঘৰ বাসস্থান হিচাবে নামদফা ৰাষ্ট্ৰীয় উদ্যানখন ’ব্যাঘ্র প্রকল্প’ৰ তালিকাত অন্তর্ভুক্ত কৰি বর্তমান সংৰক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰি তােলা হৈছে। বনাঞ্চলৰ উচ্চতাৰ তাৰতম্যৰ সৈতে সামঞ্জস্য ৰাখি ঢেঁকীয়াপতীয়া বাঘকে ধৰি প্রায় কেইবা প্রকাৰৰ বিৰল নাহৰফুটুকী বাঘে এই উদ্যানত বিচৰণ কৰা দেখা যায়। তাৰ উপৰিও হলৌ গিবন, লাজুকী বান্দৰ, ক’লা কেৰ্কেটুৱা, হাতী, মেথােন, হৰিণা, ভালুক,ফেঁটী সাপ আদি নানা জীৱ-জন্তু আৰু অসংখ্য চৰাই-চিৰিকটিয়েও পৰ্যটকৰ মন বিশেষভাৱে আকর্ষণ কৰিবলৈ সক্ষম হৈছে। সর্বশেষত ক’ব পাৰি যে নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ এই জৈৱিক বৈচিত্র্য আৰু বৈশিষ্ট্যই অনুসন্ধিৎসু পৰ্যটকক বিশেষ সমলৰাে যোগান ধৰিব পাৰিছে।

টোপনিৰ পৰা আমি সােনকালেই সাৰ পাইছিলো৷ পুৱাৰ উজ্জ্বল পােহৰত ৰাতিৰ বৰষুণজাকে তিয়াই থৈ যােৱা আৰু পুৱাৰ কুঁৱলীয়ে গছৰ পাত, বন বিলাকক জলমলাই তুলিছিল৷ নেপালী ৰান্ধনিজনে বনাই দিয়া ৰাতিপুৱাৰ চাহ-পুৰী-মটৰ খাই আমি সাজু হৈছিলোঁ পাহাৰ বগোৱাৰ(ট্ৰেকিং) মানসেৰে। প্রথম পাহাৰ বগোৱাৰ (ট্ৰেকিং) সৌভাগ্য ঘটিছিল, তাকো নামদফাৰ দৰে এখন চিৰসেউজ ঘন বৰ্ষাৰণ্যত। স্বাভাৱিকতে মন ৰোমাঞ্চিত হ’বই। আমাৰ লক্ষ্য আছিল দিবানৰ উত্তৰ-পূৱ দিশত অৱস্থিত ‘হর্ণবিল’। ‘হর্ণবিল’ ঠাইডােখৰ উদ্যানৰ এক অন্তৰ্ৱৰ্তী অঞ্চল। হর্ণবিল চৰাইৰ আৱাসভূমি। এই চৰাইবিধক অসমীয়াত ’ৰাজ ধনেশ’ বুলি কোৱা হয়। যাত্ৰা আৰম্ভ কৰাৰ আগেয়ে বন বিষয়াগৰাকীয়ে আমি পালন কৰিবলগীয়া কিছুমান নিয়ম সম্পৰ্কীয় দুআষাৰ কৈ যাত্ৰাৰ শুভেচ্ছা জনালে। দিবান পৰিদৰ্শন ভৱনৰপৰা আমি যাব লগা ঠাইলৈ প্ৰায় ১২-১৩ কিলোমিটাৰ মান হয়। পথটো অতি দুৰ্গম আৰু হাবিতলীয়া। বনৰক্ষীসকল কেতিয়াবাহে তালৈ যাব লগা হয়। বিস্তীৰ্ণ নামদফা এলেকাকে ধৰি ইয়াৰ দাঁতিকাষৰীয়াত কোনো জনবসতি নাই বাবেই সেই অঞ্চলত চিকাৰী জাতীয় মানুহৰ আগমন নহয়। আমাক বন বিভাগৰপৰা জনোৱা তথ্যমতে এই চিৰসেউজ অৰণ্যাঞ্চল ইমানেই দুৰ্গম যে ইয়াৰ ৬০% অৰণ্য এতিয়াও পৰ্য্যৱেক্ষণৰ আওতাত আনিব পৰা নাই। পথচোৱা অসংখ্য জোকৰ প্ৰভাৱৰ লগতে পাহাৰীয়া চোৰাতজাতীয় গছৰ বাবে পদযাত্ৰী বহু আহুকালৰ সন্মুখীন হ’বলগীয়া হয়। চোৰাতসদৃশ গছজোপা শৰীৰত স্পৰ্শ কৰিলে ইমানেই খজুৱতি হয় যে ভুক্তভোগীজনে খজুৱাই শৰীৰৰ ছাল এৰুৱাই তেজ পৰ্যন্ত উলিয়াই দিয়ে। সেয়ে বনৰক্ষীসকলে হাতীত অহা-যোৱা কৰিছিল আৰু লিটচ্ গাৰ্ড মোজা, টুপী, জোক এৰুৱাবলৈ তেল আদি ব্যৱহাৰ কৰিছিল। আমাৰ সদস্য কেইবাজনো হোৱাৰ বাবে হাতীৰ ব্যৱস্থা নহৈছিল। আৰু বন বিভাগৰ তৰফৰপৰা আমাৰ ১২জনীয়া দলটোক কেৱল ১০যোৰ লিটচ্ গাৰ্ড মোজা আৰু টুপীহে যোগান ধৰিব পাৰিছিল। অৱশ্যে জোক এৰুওৱা তেল সকলোকে আগবঢ়াইছিল। আমি সকলোৱে ভৰি আৰু হাতত তেল সানি লৈছিলোঁ। মই আৰু এজন বন্ধুৱে লিটচ্ গাৰ্ড মোজা, টুপী ভাগত নাপালোঁ। বনকৰ্মীসকলে দিয়া বুদ্ধি মতেই লগত থকা ডাঙৰ পলিথিনেৰে ভৰিৰ আঁঠুৰ ওপৰলৈকে আৰু গামোচাৰে মূৰটো কেৱল মুখখন ওলাই থকাকৈ বান্ধি লৈছিলোঁ। আমাৰ দুইটাকে দেখাত বাকী সকলতকৈ পৃথক লাগিছিল। প্রায় আঠ বজাত আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ । তিনিজন বনকর্মী পথ প্রদর্শক হিচাপে আমাৰ লগত গৈছিল। নোৱা-দিহিং নৈখন নাৱেৰে পাৰ হ’ব লগা হৈছিল। নদীৰ সিটোপাৰে পাহাৰৰ থিয় অংশলৈকে বিয়পি থকা ডাঠ বন-ইকৰানি অঞ্চলটি হাতীৰ সহায়ত আমাক পাহাৰৰ দাঁতিলৈকে আগবঢ়াই দিছিল। আমি পাহাৰৰ হাবিতলীয়া বাট এটাৰে বৰ সাৱধানেৰে আগবাঢ়িছিলোঁ। সন্মুখত এজন বনৰক্ষী, সোঁমাজত এজন আৰু এজন একেবাৰে দীঘলীয়া লানিৰ শেষত আহিছিল। আমিবোৰ এজন এজনকৈ আগে পিছে আগবাঢ়িছিলোঁ। দীঘলীয়া শাৰীৰ প্ৰথমত আমি লিটচ্ গাৰ্ড নিপিন্ধা দুজনেই স্থান পাইছিলোঁ। কাৰণ মানুহৰ তেজৰ গোন্ধ পোৱাৰ লগে লগেই লিউ লিউকৈ ওলাই অহা তেজপিয়া জোকবোৰে যাতে আমাৰ দুটাক আক্ৰমণ কৰিব নোৱাৰে। বৰ্ষাৰণ্যত কেইবাতৰপীয়া গছ-লতিকা থকাৰ বাবে ইয়াৰ ভূ-ভাগত সূৰ্য্যৰ পোহৰ তেনেকৈ নপৰে। ক্ষীণ পোহৰৰ ৰশ্মিহে দেখিবলৈ পোৱা যায়। সেয়ে ভূ-ভাগ অনবৰতে সেমেকা হৈ থাকে। দুর্গম পথটোৰে বেগাই আগুৱাব পৰাটো সম্ভৱ নাছিল। হাই উৰুমি বা কথা পাতি গ’লে প্ৰকৃতিগত প্ৰাণীবোৰ দেখাৰ পৰা বঞ্চিত হ’ম। গতিকে সকলোৱে প্ৰায় মনে মনে লাহে লাহে আগবাঢ়িছিলোঁ। আমাৰ শিক্ষক আৰু গাইড কেইজনৰ সহায়েৰে বহুতাে অচিনাকি উদ্ভিদ চিনি পাবলৈ সক্ষম হৈছিলোঁ। কিছু দূৰৈত হলৌ বান্দৰৰ হুক হুক শব্দবোৰ শুনিবলৈ পাইছিলোঁ। আমাৰ উপস্থিতিৰ কথা জানিব পাৰি হলৌবোৰেও খৰতকীয়াকৈ এজোপা গছৰপৰা আনজোপা গছৰ ডালত ওলমি ওলমি আঁতৰি গৈছিল। ইমান ভাল লাগিছিল হলৌ বান্দৰজাকৰ ক্ৰিয়া-কলাপ দেখি। কেইবাটাও হৰিণ দৌৰি হাবিৰ মাজত লুকাই পৰিছিল। হাবিৰ ভিতৰৰপৰা ভাঁহি অহা হেম্বেলনিৰ শব্দ শুনি সেয়া যে শৰপহু তাৰ বিষয়ে বনৰক্ষীয়ে জনাইছিল। অচিন অচিন চৰাই চিৰিকটিৰ নানান সুৰীয়া মাত, লুংলুঙীয়া পথৰ দুয়োকাষৰ চাপৰ গছ-লতিকাৰ ওপৰে ওপৰে উৰি ফুৰা বিভিন্ন ৰঙীন ধুনীয়া পখিলাৰ সৈতে চকু ফুৰাই যাওঁতে হঠাতে আমাৰ দলৰ এজনৰ টুপীৰ ওপৰত ঠপকৈ সেউজীয়া ৰঙৰ কিবা এটা পৰা দেখিলে। হাতেৰে আঁতৰাই দিয়াৰ চেষ্টা কৰোঁতে হাতত লাগি ধৰিল। তৎক্ষণাত বনকৰ্মী এজন আগবাঢ়ি তেল লৈ আঁতৰাই দিয়াতহে গম পোৱা গ’ল- এয়া অৰণ্যৰ গছৰ পাতত থূপ পাতি ওলমি থকা জোকৰ কথা। জোকটো দেখাত চেপেটা আঙুলিৰ সমান আৰু সেউজীয়া বৰণৰ, পিঠিত সোণালী হালধীয়া ফুট ফুট আছে। সাধাৰণ জোকতকৈ পৃথক। মানুহ বা জন্তুৰ তেজৰ গোন্ধ পালেই ইহঁতে ওলমি থকাৰপৰা জীৱটোৰ গাত ঢলি পৰে আৰু কামোৰে। এই জোকে কামোৰিলে ক্ষত অংশত ঘাঁ সৃষ্টি কৰে। বহু দিনলৈ ঘাঁ অংশ নুশুকায়। সেয়ে আমি এনে জোকৰপৰা হাত সাৰিবলৈ পুনৰ তেল সানি লৈছিলোঁ। এই জোক সম্বন্ধে স্বৰ্গীয় পৰাগ কুমাৰ দাসৰ “ছাংলট ফেনলা” নামৰ উপন্যাসত উল্লেখ কৰা কথালৈ বৰকৈ মনত পৰিছিল। নিশাৰ বৰষুণজাকৰ বাবে সেইদিনা সাধাৰণতে দেখি অহা জোকবোৰ বেছিকৈ ওলাইছিল চাগৈ। যিমানেই আমি হাবিৰ অভ্যন্তৰলৈ গৈ আছোঁ  সিমানেই অসংখ্য লিউ লিউকৈ জোকবোৰ আমাৰফালে আগুৱাই আহিছিল। কিবা ৰঞ্জু হাজৰিকাদেৱৰ ৰহস্যময় উপন্যাসৰ কাহিনীৰ দৰে অনুভৱ কৰিছিলোঁ। জোকলৈ ভয়ো লাগিছিল। লিটচ্ গাৰ্ড থকা স্বত্বেও সকলোকে সৰু জোকে আক্ৰমণ কৰিছিল । বন বিভাগৰ তৰফৰ পৰা আমালৈ আগবঢ়োৱা বিশেষধৰণৰ মােজা প্রত্যেকৰে নােহােৱা হ’লে হয়তাে আমাৰ ভৰি তেজেৰে তুমৰলি হ’লহেঁতেন । প্রায় আঢ়ৈ ঘণ্টা সময় খোজকাঢ়ি আমি চাৰে দহমান বজাত মুকলি ঠাই এডোখৰ পালোগৈ। সেয়া হালধিবাৰী বনৰক্ষীৰ জিৰণি ঘৰ। গোটা বাঁহেৰে তৈয়াৰী চাংঘৰ। এটি সৰু খেৰী ঘৰৰ বাহিৰে তাত একোৱেই নাছিল। মনে মনে ভাৱিছিলোঁ..

“এই হেন হাবিৰ মাজত কোনে, কেতিয়া ইয়াত হালধিৰ খেতি কৰিছিল যে হালধিবাৰী হ’বলৈ পালে।”

বনৰক্ষীৰপৰা গম পালোঁ যে প্ৰাকৃতিকভাৱে এই ঠাইত হালধি গছ পোৱা গৈছিল। সেয়ে ঠাইখনৰ নাম হালধিবাৰী। পাহাৰীয়া উঠা নমা কৰা পথেৰে একেৰাহে খোজকাঢ়ি ঘৰ্মাক্ত আৰু ভাগৰুৱা হৈ য’তে ত’তে বহি পৰিছিলোঁ। লিটচ্ গাৰ্ড পিন্ধা স্বত্বেও জোকে কেইবাজনকো বিন্ধিলে। লগত নিয়া লঘু আহাৰ– কল, কণী আৰু ব্ৰেড খাই লৈছিলোঁ। পানী খাবলৈ বনৰক্ষী এজনে বাঁহৰ চুঙা কাটি দিছিল আৰু বাটতে পাই লৈ গৈছিল কুমলীয়া বাঁহগছৰ কেইডালমান। বাঁহগছৰ পাবৰ ভিতৰত পানী থকা বিশেষ বাঁহগছ বহুতো দেখিবলৈ পাইছিলোঁ। তেওঁলোকে পাহাৰৰ মাজত পিয়াহত সেই পানীকে ব্যৱহাৰ কৰে। খাবলৈও সোৱাদ।ক্ষন্তেক জিৰণি লৈছিলো। শৰীৰৰ ক্লান্তি দূৰ হোৱাৰ পিচত আমি পুণৰ আৰু অলপদূৰ আগবাঢ়ি গৈয়ে ‘হর্ণবিল’ পাওঁগৈ। এক অতুলনীয় প্রাকৃতিক পৰিবেশ , য’ত বিৰাজমান এটি নিৰিবিলি মােহনীয় পৰিৱেশ। য’ত অনুভৱ কৰিছিলোঁ সৰু-বৰ গছ-লতা, আকাশ-বতাহ, নিজৰাৰ সৈতে এক মনোমোহা পৰিবেশ। নানান পক্ষীকুলৰ কলৰৱ, সুৰীয়া মাত। ওখ হোলোং গছৰ ডালত সেই বিখ্যাত হৰ্ণবিল। কেইজনীমান যেন উলাহতে উৰি ফুৰিছে অতিথিক দেখি। নিজৰাৰ পাৰত ৰঙা মূৰীয়া দেওহাঁহে পানীৰ পৰা উঠি পাখিত ঠোঁট গোঁজি পখালি আছে।পক্ষীকুলৰ মাজতে আছে এক নান্দনিকতাৰে ভৰপূৰ অদৃশ্য সুদৃঢ় আন্তৰিক বন্ধন। মন-প্রাণ হৰি নিব খােজা এনে এক নির্মল পৰিবেশৰ মাজত মই নিজকে বাৰে বাৰে পাহৰি পেলাইছিলোঁ। কিছুমান সংজ্ঞাবিহীন প্রশ্নই মােৰ মনৰ মাজত বাৰে বাৰে পাকঘূৰণি খাইছিল। চিন্তা জগতত মই যেন এক নতুন দিশৰ সন্ধান পাইছিলোঁ। অজান উল্লাসেৰে মন-প্রাণ ভৰি পৰিছিল; পাহৰি পেলাইছিলোঁ জড়তাৰে পূৰ্ণ বৈষয়িক আৰু কৃত্রিমতাৰে ভৰা জগতখনৰ কথা। মনে নিবিচাৰিলেও বেলি পৰাৰ আগেয়েই আমি এই অটব্য অৰণ্যৰ মাজৰপৰা পুণৰ দিবানলৈ বুলি উভতিছিলোঁ। আবেলি আঢ়ৈ মান বজাতহে দিবান আহি পালোহি। হাত মুখ ধুই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি অলপ সময় জিৰণি লৈ আমি ওলাই গৈছিলো নোৱা-দিহিং নৈত গা-ধুবলৈ। সন্ধিয়া বন বিভাগৰ তৰফৰপৰা আমাক সেই ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তু আৰু গছ-লতাৰ ওপৰত আধাৰিত এখন সম্পূর্ণ তথ্যচিত্র দেখুৱাইছিল। নিশাৰ আহাৰ গ্ৰহণ কৰি কিমান সময় অন্তক্ষৰী খেলিছিলোঁ মনত নপৰে, দিনৰ ভাগৰুৱা দেহাই আমাক ৰং-ধেমালিৰ মাজতে নিদ্ৰাদেৱীৰ কোলাত বিলীন কৰালে। 

পিছদিনা অর্থাৎ ২৭ অক্টোবৰ তাৰিখে আবেলি আমাৰ দিবান এৰাৰ কথা। ৰাতিপুৱা আঠমান বজাত ব্ৰেকফাষ্ট খাই আমি মিয়াও বিজয় নগৰ সংযোগী পথেৰে কিছুদূৰ ট্ৰেকিং কৰাৰ মানসেৰে আগবাঢ়িছিলোঁ। আমাক গাইড কৰি এজন বন বিষয়া আৰু এজন বনকৰ্মী লগত গৈছিল। পাহাৰৰ এঢলীয়া গড়াৰ খাঁজ কাটি কাটি তৈয়াৰ কৰা পথটো একা-বেঁকা আৰু খলা-বমা আছিল। পথচোৱা যিমানেই আগুৱাই গৈ আছোঁ সিমানেই এক জয়াল পৰিবেশৰ মুখামুখি হৈছিলোঁ। পথৰ ওপৰত পচি পৰি ৰোৱা কেইবাজোপা ডাঙৰ ডাঙৰ গছৰ অৱশেষ দেখিছিলোঁ। পৰি ৰোৱা বৃহৎ আকাৰৰ গছৰ ধোন্দত যে বনৰীয়া জন্তুৱে আবাস হিচাবে ব্যৱহাৰ কৰিছে দেখিয়েই বুজিব পাৰিছিলোঁ। দুই এঠাইত পথটো মকৰাৰ জালেৰেও আবৃত হৈ আছিল। বুজাত অসুবিধা নহৈছিল পথটো যে বহুদিন ধৰি পৰিত্যক্ত হৈ পৰি আছে । সেয়ে যাতায়াত সুচল নহয়। তদুপৰি পাহাৰৰ ভূমিস্খলনে পথ বন্ধ কৰি প্ৰায়ে বন বিভাগৰ যাতায়াতত অসুবিধাৰ সৃষ্টি কৰে। দিবানৰপৰা প্রায় ৪০ কিলােমিটাৰমান নিলগৰ দলং এখন বানপানীয়ে বাৰম্বাৰ উটুৱাই নিয়াৰ ফলতেই যে মিয়াও আৰু বিজয়নগৰ সংযোগী এই পথছােৱা বর্তমান পৰিত্যক্ত অৱস্থাত আছে সেই কথা বন বিষয়াজনৰ পৰা জানিব পাৰিছিলোঁ। তেখেতৰপৰাই জানিছিলোঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ চীন ভাৰতৰ একমাত্ৰ সংযোগকাৰী বিখ্যাত লিডু-বাৰ্মা পথৰ (ষ্টিলৱেল পথ) সামান্তৰালকৈ অন্য এক পথ এই প্ৰান্তেদি বনাই লৈছিল। জাপানৰদ্বাৰা চীন আৰু বার্মা আক্ৰমণৰ পাচত অসমৰ চাবুৱাপৰা কুনমিঙলৈকে মিত্রশক্তিৰ সহায়সমূহ চিয়াংকাই চেকৰ কুমিন্টাং আর্মীলৈ নিয়মীয়াকৈ এই পথেৰেই পঠোৱা হৈছিল; আৰু তেতিয়াই অৰণ্যখনিৰ অলেখ জৈৱ-বৈচিত্র্যতাৰ ভাণ্ডাৰসমূহ জনচক্ষুলৈ আহিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়তহে এই নামদফাই আচলতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গুৰুত্ব অর্জন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পৰৱর্তী কালত জৈৱ-বৈচিত্র্যতা সংৰক্ষণৰ লগতে বহুতাে বহিৰাগত শৰণাৰ্থীৰ কেম্প হিচাপেও এই অৰণ্যখন ব্যৱহাৰ হৈ আহিছিল। বিশেষকৈ বাংলাদেশৰ চাকমাসকল হৈছে নামদফাত অৱস্থান কৰা সর্বশেষ তথা শেহতীয়া বহিৰাগত শৰণার্থী। যিসকলক আমি মিয়াওৰপৰা ১৭ নং এম ভি ৰোডেৰে যেতিয়া গৈ আছিলোঁ তেতিয়াই এই শৰণাৰ্থীৰ কিছু লোকক দেখিবলৈ পাইছিলোঁ। নামদফা সংৰক্ষণৰ প্রাথমিক ইতিহাস প্রকৃতপক্ষে স্বাধীনােত্তৰ কালতহে আৰম্ভ হৈছিল। ১৯৪৭ চনত সেই সময়ৰ বন পৰীক্ষক “W. Maiklinjalm” এ অসমৰ গৱৰ্ণৰলৈ নামদফাত থকা বন্যপ্রাণীসমূহক সুৰক্ষা প্রদান কৰি অৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘােষণা কৰাৰ দাবী তুলিছিল কিন্তু হঠাতে সূচনা হােৱা ভাৰত-চীন যুদ্ধই ইয়াক প্রায় ২৫ বছৰৰ কাৰণে তল পেলালে; যিটো তথ্য ১৯৬৯ চনত উদ্ধাৰ হােৱা কেতবােৰ নথি-পত্ৰই প্ৰমাণ কৰিছিল। যি নহওক, ইয়াৰ পৰৱর্তী ২৫ বছৰৰ পাছত ১৯৭২ চনত অৰণ্যখনে এক সুকীয়া মৰ্য্যদাৰে অভয়াৰণ্য হিচাবে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়।

আমি সেই ঐতিহাসিক পথেৰে প্ৰায় ১৩ কিলোমিটাৰ মান আগুৱাই গৈ থাকোঁতেই আমি প্রাকৃতিক পৰিবেশত একেবাৰে ওচৰৰপৰা ‘গিবন’ আৰু দুটা ক’লা কেৰ্কেটুৱা দেখিবলৈ পাইছিলোঁ। গিবনবিলাক দেখিবলৈ সাইলাখ মানুহৰ দৰেই, নেজ নাই, হাত দুখন আঁঠুৰ তললৈকে দীঘল। গাৰ নােম ক’লা, মাথোঁ চেলাউৰিযোৰহে বগা। সেয়ে ইংৰাজীত সিহঁতক ‘হােৱাইট ব্রউড মাংকি’ বুলি কোৱা হয়। ইহঁত বৰ লাজুক। হাতত সময় কম, সেয়ে  উভতিবৰ মন ন’গলেও উলটি আহিবলগা হ’ল। দিবান আহি পোৱাৰ পাছত বন বিষয়াজনে আমাক দিবান বন বিভাগৰ কাৰ্য্যালয়ৰ কাষতে সজাই তোলা সংগ্রহালয় আৰু উদ্ভিদ উদ্যানখন দেখুৱাইছিল। বন্যজীৱন সম্পর্কেও আমি তেখেতৰ পৰা বহুকথা জানিব পাৰিছিলোঁ। তেখেতে আমাক নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ সম্পূর্ণ মডেল এটাও দেখুৱাইছিল। অৱশেষত সকলােৰেপৰা বিদায় লৈ সেইদিনা আমি প্রায় দুইমান বজাত দিবান এৰিছিলোঁ। আমি গাড়ীত উঠাৰ আগেয়ে এহাল ৰাজ ধনেশ পক্ষী আমাৰ ঠিক অলপ ওপৰেৰে কেঁক কেঁককৈ মাত এষাৰি লগাই আঁতৰি যোৱা দেখিলো। এনে লাগিল যেন ৰাজ ধনেশ পক্ষীহালিয়েও আমাক বিদায় পৰত কৃতজ্ঞতাহে জনাই গ’ল।

দিবানৰ পৰা মিয়াও পাওঁহি মানে সন্ধিয়া হ’বৰে হৈছিল। নিশাটো মিয়াও টুৰিষ্ট ল’জতে কটোৱাৰ দিহা কৰা হৈছিল। নিশাটো তাতে কটাই পিছদিনা পুৱা মিয়াওৰ কার্পেট উদ্যোগ চাবলৈ গৈছিলোঁ। ব্যক্তিগত খণ্ডৰ এই উদ্যোগৰপৰা বহুত উৎকৃষ্ট ধৰণৰ কার্পেট বিদেশলৈও ৰপ্তানি কৰা হয়। কার্পেট উদ্যোগ চাই আমি মিয়াওৰ চিৰিয়াখানা চাবলৈ গৈছিলোঁ। চিৰিয়াখানাটো বৰ বেছি ডাঙৰ নহয় যদিও ভালেমান জীৱ-জন্তু আৰু চৰাই-চিৰিকটিক যথােপযুক্ত ব্যৱস্থাৰে জীয়াই ৰখাৰ প্ৰচেষ্টা হাতত লৈছে।

অৰুণাচলৰ নামদফাৰ প্রাকৃতিক সৌন্দৰ্য্য আৰু ইয়াৰ গভীৰতাত বিস্তাৰিত জৈৱ বৈচিত্ৰ্যই দিনক দিনে পৰ্য্যটকৰ মন বেছিকৈ আকর্ষণ কৰিবলৈ ধৰিছে। বহু বিদেশী পৰ্য্যটকৰ দলে এই উদ্যান পৰিদৰ্শন কৰি গৈছে। আমি যোৱাৰ দুদিনৰ আগতো কেইবাজনো বিদেশী পৰ্য্যটকে পৰিভ্ৰমণ কৰি গৈছিল। বিশেষকৈ দুষ্পাপ্য জীৱ প্ৰাণীৰ লগতে অর্কিডৰ বাবেই এই ৰাষ্ট্ৰীয় উদ্যানৰ গুৰুত্ব বাঢ়ি আহিছে। আমাৰ ভাৰতবৰ্ষত বিস্তৃত হৈ থকা ১১০০ বিধ অর্কিডৰ প্ৰায় ৫২৫ বিধ প্রজাতিয়েই এই ৰাষ্ট্ৰীয় উদ্যানত পােৱা যায়। ৰঙা, নীলা, বগা, গুলপীয়া আদি বিভিন্ন ৰঙৰ অর্কিডসমূহৰপৰা বুজন পৰিমাণৰ বিদেশী মুদ্রা অর্জনৰ সম্ভাৱনা আছে। উল্লেখযােগ্য যে, এই অর্কিডসমূহৰ কেইবাটাও প্ৰজাতিক ইয়াত বাস কৰা লােকসকলে প্রাচীন কালৰে পৰা বনৌষধ হিচাপে ব্যৱহাৰ কৰি আহিছে বাবে বর্তমান ঔষধ প্রস্তুতকৰণৰ দিশত এই অর্কিডসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰােপ কৰা হৈছে। এনে এক বৃহৎ লক্ষ্য আগত ৰাখি অৰুণাচল প্রদেশ চৰকাৰে পশ্চিম কামেং জিলাৰ ‘টিপি’ নামে ঠাইত এটা ‘অর্কিড ৰিচাৰ্ছ চেণ্টাৰ’ স্থাপন কৰিছে। অর্কিডৰ উপৰিও আন এবিধ বিল উদ্ভিদ এই উদ্যানত পােৱা যায়, সেয়া হৈছে ‘গছ ঢেঁকীয়া’। বৃহৎ আকাৰৰ এইবিধ ঢেঁকীয়াৰ প্ৰজাতিক পৃথিৱীৰ বহুতাে দেশত আনকি ভাৰতৰ আন অৰণ্যত পােৱা নাযায়। মুঠতে প্ৰকৃতিয়ে অকৃপণ ভাৱে জৈৱ মণ্ডল ভৰপূৰ কৰি দিছে। প্ৰায় ২৫ বছৰ হ’ল অৰুণাচলৰ নামদফা ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰি অহা; অথচ আজিও মনপক্ষী উৰে পাখি মেলি নামদফা পাহাৰৰ শিখৰে কন্দৰে।

************

Leave a Reply

Your email address will not be published. Required fields are marked *