মাতৃস্নেহ-অনামিকা কলিতা
পৃথিৱীত সন্তানৰ বাবে মাক-দেউতাকৰ ভালপোৱা অদ্বিতীয়। এগৰাকী মাতৃয়ে সন্তানৰ বাবে সকলো ত্যাগ কৰিব পাৰে। যি ত্যাগৰ কোনো স্বাৰ্থ নাথাকে।এনে ক্ষেত্ৰত পাই হেৰুওৱাৰ বেদনা কিমান গভীৰ হ’ব পাৰে তাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি।তেনে এক ঘটনাৰ চিকাৰ হৈছিল অৰিন্দ্ৰম বৰুৱাৰ পৰিয়াল।
আজি বহুদিনৰ মূৰত বৰুৱাৰ পৰিয়ালত কিছু আনন্দ-উছাহৰ পৰিৱেশ দেখা গৈছে। ছোৱালীজনীৰ জন্মদিনৰ আয়োজনৰ কাৰণে বৰুৱানী আকাশীয়ে বিধে বিধে ব্যঞ্জন ৰন্ধাত ব্যস্ত।এক আনন্দৰ পৰিবেশ । ইয়াকে দেখি অৰিন্দ্ৰম বৰুৱাক অতীতৰ স্মৃতিয়ে আৱেগিক কৰি তুলিলে যাৰ বাবে তেওঁৰ চকুলো ওলাই আহিল ।
বৈবাহিক জীৱনৰ দহটা বসন্ত গৰকাৰ পিচত ডাক্তৰ,বেজ ,মন্দিৰত স্তুতি -মিনতি আদি সকলো কৰাত যেনিবা ভগৱানৰ কৃপাদৃষ্টি তেওঁলোকৰ ওপৰত পৰিছিল আৰু তেওঁলোকে এটা পুত্ৰ সন্তান লাভ কৰিছিল। নতুন সদস্যৰ আগমনে তেওঁলোকৰ পৰিয়ালৰ শূণ্যতা দূৰ কৰিছিল আৰু সন্তানটিৰ নাম ৰাখিছিল আকাশ।পিতৃ-মাতৃৰ মৰম- স্নেহ ,ভাল সংস্কাৰত লালিত-পালিত হৈ, ডাঙৰ দীঘল হোৱা পুত্ৰ আকাশে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হয়।
কিন্তু বিধিৰ বিপাক যে দুঃখজনকভাবে পৰীক্ষাৰ ফলাফলৰ পিছদিনা সমনীয়াৰ সৈতে গা ধুবলৈ গৈ আকাশ সন্ধানহীন হয়। পুত্ৰৰ অবিহনে অৰিন্দ্ৰম বৰুৱাৰ পত্নী আকাশীক শোকে কোঙা কৰি পেলালে। তাই খাবলৈ-শুবলৈও পাহৰি গ’ল । বৰুৱাই নিজৰ দুখ অন্তৰত ৰাখিও পত্নীক সান্ত্বনা দিবলৈ অসমৰ্থ হ’ল কাৰণ ই আছিল তেওঁলোকৰ বাবে এক মৰ্মান্তিক দুৰ্ঘটনা।
এই দুৰ্ঘটনাৰ সাক্ষী হৈ ৰ’ল মাথোন হিয়াভঙা কান্দোন।
সময় বাগৰি গ’ল।বেদনাৰ জুইকুৰা শাঁত পেলাবলৈকে চাগে হিল-দ’ল ভাঙি অহা বৰদৈচিলাৰ প্ৰবল সোঁতত ওচৰ চুবুৰীয়া দম্পত্তি হালৰ মৃত্যুত ঘাত-মাউৰা হোৱা অবোধ কন্যা শিশুটিৰ দায়িত্ব ল’লে বৰুৱাই আৰু ছোৱালীজনী ঘৈণীয়েকৰ কোলাত তুলি দিলে।তাৰ পিছত দুয়োজনে সেই ছোৱালীজনীকে নিজৰ হেৰুওৱা সন্তানৰ পৰিপূৰক হিচাপে লালন-পালন কৰি আহিছে।তাইৰ আজি পাঁচ বছৰীয়া জন্মদিন ।
পত্নী আকাশীয়ে নিজৰ মানুহজনে দুখ নাপাওক বুলিয়েই হাঁহি-ধেমালি কৰি থাকে।তাইৰ অনুভৱ হ’ল ,দেৱশিশুটিৰ মুখখন যেন সাইলাখ নিজৰ হেৰুওৱা সন্তানটিৰেই প্ৰতিচ্ছবি।
************
9:11 PM
সুন্দৰ