লেখকৰ প্ৰথম গ্ৰন্থঃলভ এন এডভেঞ্চাৰ অৱ ফিলিংছ্,মোৰ অনুভৱ-খজেন ডেকা
–বুকুখন ভৰি থাকিলেও কোতিয়াবা কথাবোৰে আঁত হেৰুৱাই পেলায়। ক’ব খুজিও ক’ব নোৱাৰা কথাবোৰে আকৌ বুকুলৈকে বাট পোনায়, গধুৰ হৈ পৰে বুকুৰ ভিতৰখন।
–তাই অকলে আছে ঘৰত। অকলশৰীয়া সময়বোৰে পাৰ হৈ যোৱা স্মৃতিৰ কোলাত সপোন ৰচে। হেঁপাহবোৰ জাগি উঠে। …
–মৌনতাৰো ভাষা থাকে। নিজস্ব ভাষা। কিন্তু কেতিয়াবা মৌনতায়ো বৰ অস্থিৰ কৰি তোলে মনক।…. বৰ অপূৰ্ব মৌনতা ভাষাৰ মূৰ্ছনা । অনূভৱী হৃদয়ে ঠিকেই পঢ়ি পেলাব পাৰে এই ভাষাৰ লালিত্য আৰু ব্যঞ্জনা।
—হেঁপাহৰ পিঠিতে আঁউজি আশাবোৰ ঢপলিয়াই আৰু এই আশাবোৰেই মানুহক জীয়াই থাকিবলৈ প্ৰেৰণা যোগায়।
.. এয়া মোৰ ভাষা নহয়। এয়া মই অলপতে পঢ়ি শেষ কৰা সঁচা ঘটনাৰ আলমত ৰচনা কৰা লেখকৰ প্ৰথম উপন্যাস। লেখক বিৰিঞ্চি মহন্তৰ প্ৰথম উপন্যাস – লভ্ এন এডভেন্সাৰ অৱ ফিলিংছ(কুহেৰিকা ক্ষণবোৰ)ত ব্যৱহৃত ভাষাৰ ব্যঞ্জনা। লেখকৰ এই ভাষাই কয় যি মূলা বাঢ়িব তাৰ দুপাততে চিন।
…..কিছুদিন আগতে মাতু কুকুৰাছোৱাই মোলৈ এই উপন্যাসখন প্ৰেৰণ কৰিছিল। লগতে উপন্যাসখন পঢ়ি কেনেকুৱা পালো জনাবলৈ কৈছিল। মোৰ শাৰীৰিক অসুস্থতা আৰু ব্যস্ততাৰ বাবে পঢ়িব পৰা নাছিলোঁ। কিন্তু যেতিয়াই পঢ়িবলৈ আৰম্ভ কৰিলো মই আৰু এৰিব নোৱাৰিলোঁ। প্ৰথম অধ্যায়ৰ প্ৰথম খণ্ড পঢ়াৰ পিচত পিচৰ খণ্ডত কি ঘটিব জানিবলৈ মন যায়। এইদৰে ক্ৰমাৎ পাঠকৰ উৎস্যুকতা বাঢ়ি যায় আৰু কাহিনীৰ মাজত পাঠক সোমাই পৰে। ২৮৩ পৃষ্ঠাৰ অইন উপন্যাস পঢ়িবলৈ মোৰ সাধাৰণতে এসপ্তাহ সময়ৰ প্ৰয়োজন হয়। কিন্তু বহু জৰুৰী কাম বাদ দিও এই উপন্যাসখন মই তিনিদিনত পঢ়ি শেষ কৰিলোঁ। মই মোৰ অনুভৱ লিখিবলৈ গৈ থমকি ৰ’বলগীয়া হৈছে। ভাবি পোৱা নাই ক’ৰ পৰা আৰম্ভ কৰোঁ। সেয়ে মই দ্বিতীয়বাৰ পঢ়িবলগীয়া হৈছে।
সাধাৰণ দৃষ্টিত এহাল ডেকা-গাভৰুৰ প্ৰেম কাহিনী। কিন্তু লেখকৰ সুন্দৰ উপস্থাপন শৈলী আৰু ভাষাৰ ব্যঞ্জনাই উপন্যাসখনক এক অনন্যমাত্ৰা প্ৰদান কৰিছে। উপন্যাসখনত মূল বিষয়বস্তু প্ৰেমৰ হ’লেও ই কোনো পেনপেনীয়া প্ৰেমৰ কাহিনী নহয়।
ঘটনাৰ মূল নায়ক অৰিন্দম গুৱহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ। এমএচচিৰ ফাইনেল পৰীক্ষা দি ঘৰলৈ আহিছে। ইফালে অৰিন্দমৰ সম্পৰ্কীয় মহেন খুৰাৰ তেজপুৰৰ বায়েকৰ ছোৱালী পাহিও উচ্চতৰ মাধ্যমিকৰ ফাইনেল পৰীক্ষা দি মহেন খূৰাকৰ ঘৰলৈ ফুৰিবলৈ আহিছে। কাকতালীয়ভাৱে সেইদিনাখনেই মহেনৰ জীয়েক নেহাৰ সৈতে পাহি অৰিন্দমহঁতৰ ঘৰলৈ ফুৰিবলৈ আহিছিল। দুয়োৰে মাজত বিশেষ কথা-বতৰা নহ’লেও দুয়ো দুয়োৰে প্ৰতি আকৃষ্ট হৈ নিজৰ নিজৰ মনৰ ভিতৰতে দুয়ো দুয়োকে লৈ সপোন ৰচে। এই সপোনে দুয়োৰে অন্তৰত গভীৰভাবে সাঁচ বহুৱাই ভালপোৱাৰ এনাজৰীৰে বান্ধি পেলায় দুয়োকে। ম’বাইলত মেছেজৰ বিনিময় হয়। মাজে মাজে অৰিন্দমে পাহিক লগ কৰিবলৈ যায়। কলিয়াবৰ আৰু তেজপুৰৰ মাজত ব্যৱধাননো কিমান। অৰিন্দমে এমএচচি পাছ কৰি গুৱাহাটীৰ এক কোম্পানীত চাকৰি কৰিবলৈ যায়। ইফালে পাহিয়েও উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ দৰং মহাবিদ্যালয়ত জিঅ’গ্ৰাফিত মেজৰ লৈ পঢ়িবলৈ আৰম্ভ কৰে। সময়ত প্ৰথম শ্ৰেণী লাভ কৰি পাহি বি এ পাছ কৰি ডিব্ৰুগড় বিশ্ব বিদ্যালয়ত নাম ভৰ্তি কৰে। সেইদৰে অৰিন্দমো গুৱাহাটীৰ কোম্পানীৰ কাম বাদ দি কলিকতাৰ অইন এক কোম্পানীত উচ্চ পদ লাভ কৰি গুৱাহাটী এৰি যায়। যেতিয়াই সুবিধা হয় তেতিয়াই ঘৰলৈ আহি পাহিক লগ কৰি যায় আৰু পাহিক ভালদৰে পঢ়িবলৈ অনুপ্ৰেৰণা দি যায়। কিন্তু বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়তে পাহিয়ে অংকুৰ সোণাৰ নামৰ ল’ৰা এজনক লগ পায়। অংকুৰে পাহিক নানা ধৰণে সহায় কৰাৰ ছলেৰে প্ৰেমৰ জালত পেলায়। এইক্ষেত্ৰত পাহিয়ে প্ৰথম অৱস্থাত অংকুৰক ভাল নাপালেও লাহে লাহে অংকুৰৰ প্ৰতি আকৃষ্ট হয়। একে সময়তে অৰিন্দমকো পাহিয়ে ভাল পাই থাকে। অংকুৰৰ সৈতে তাইৰ সম্পৰ্কক ঘৰে মানি নলয় বুলি জানিও লগতে অৰিন্দমৰ সৈতে গভীৰ ভালপোৱাৰ সম্পৰ্ক থকা স্বত্বেও অংকুৰৰ প্ৰস্তাৱক তাই না কৰিব নোৱাৰিলে। এই সময়ত পাহিৰ অন্তৰত চলি থকা অন্তৰ্দ্বন্দ্বক লেখকে বৰ ধুনীয়াকৈ প্ৰকাশ কৰিছে। পাহিৰ দুই নাৱত দুই ভৰি। অংকুৰক ক’ব নোৱাৰে অৰিন্দমৰ কথা, অৰিন্দমক ক’ব নোৱাৰে অংকুৰৰ কথা। পাহিৰ মনত সদায় দুয়োজনৰে তুলনা হয়। যুক্তিৰ তুলাচনীত দুয়োকে জুখি চায় বাৰে বাৰে। অৰিন্দমৰ পাল্লাখন সদায় গধুৰ হয়। তথাপি এজনক সদায় কাষতে পোৱাৰ বাসনাৰে হেঁচি ধৰি অংকুৰৰ পাল্লাখন গধুৰ কৰি অৰিন্দমৰ পাঁচবছৰীয়া সঁচা প্ৰেমক অৱজ্ঞা কৰে। আৰম্ভ হয় দুয়োৰে মাজত সংঘাত। ইফালে অৰিন্দমৰ সৈতে পাহিৰ সম্পৰ্কৰ কথা জানি অংকুৰৰ সৈতেও পাহিৰ সংঘাত হয়। তথাপি অৰিন্দমে পাহিক ক্ষমা কৰি দিয়াৰ মানসিকতা লৈ মুম্বাইৰপৰা ঘৰলৈ আহিয়েই পাহিক লগ কৰিবলৈ ইচ্ছা কৰে। কিন্তু পাহিয়ে ফাঁকি মাৰি মঙলদৈৰ মাহীয়েকৰ ঘৰত থকা বুলি কয়। সেইদিনাই বন্ধু মৃন্ময়ে অৰিন্দমক লৈ তেজপুৰলৈ গৈ থকাৰ সময়তে এখন ৰেষ্টুৰেন্টত পাহিক অংকুৰৰ সৈতে মুখামুখিকৈ বহি থকা দেখি অৰিন্দমৰ মানসিক অৱস্থাৰ পৰিৱৰ্তন হয় আৰু পাহিক লগ নকৰাকৈ গুচি যায়। এয়াই উপন্যাসখনৰ মূল কাহিনী।
পঢ়ুৱৈসকলে হয়তো ভাবিব পাৰে এয়া এক সাধাৰণ প্ৰেমৰ কাহিনীৰ উপন্যাস। সাধাৰণৰ মাজত থকা অসাধাৰণবোৰ সদায়েই আকৰ্ষণীয়। ব্যক্তিগত কথাত আৰু সমাজ তথা ঘৰৰ সকলো দিশতে সামঞ্জস্য ৰাখিব পাৰিলে মানুহে জীৱন পৰিচালনাত সুস্থিৰতাৰে আগবাঢ়িব পাৰে। উপন্যাসখনৰ নায়ক অৰিন্দম কাশ্যপে সেই সুস্থিৰতা বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে। প্ৰতিটো সম্পৰ্কৰেই এডোখৰ সুকীয়া নিৰ্দিষ্ট স্থান থাকে। সেই অনুপাতে সম্পৰ্কবোৰ ৰক্ষা কৰিবলৈ হ’লে সময়ৰ পৰিক্ৰমা মিলাই চলাও প্ৰয়োজন হৈ পৰে। পাহিৰ সৈতে চলি থকা প্ৰেমৰ মাজে মাজে অৰিন্দমে তাৰ বন্ধু বৰ্গৰ সৈতেও সমানে সম্পৰ্ক বজাই ৰাখিছে।
উপন্যাসখনৰ উল্লেখযোগ্য আন এটা দিশ হৈছে মহাপুৰুষ গুৰুজনাৰ আদৰ্শক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ মানসেৰে দেউতাকৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাক পুত্ৰ হিচাপে সহায়ৰ হাত আগবঢ়াই দি, দেউতাকক সামাজিক কামত সহায় কৰাৰ দৰে কথাবোৰে এজন পুত্ৰৰ দায়িত্বকো সোঁৱৰাই দিবলৈ লেখক সক্ষম হৈছে।
পুত্ৰ এজন ডাঙৰ হোৱা মানেই মাক -দেউতাকৰ সাৰথিস্বৰূপ। মাকে নোকোৱাকৈ সেই মৰমক উপলব্ধি কৰিবলৈ এটা কোমল মন আৰু এখন অনুভৱী হৃদয়ৰ প্ৰয়োজন। তদুপৰি কথাতে আছে ‘যিজন সন্তানে জন্মদাত্ৰীক সন্মান কৰিব পাৰে, সেই সন্তানে নাৰী জাতিকো সন্মান কৰে।’ উপন্যাসখনৰ নায়কো এই ভাৱমূৰ্তিৰ এক নিদৰ্শন। লগতে উপন্যাসখনত বায়েকৰ বিয়াত ভাতৃ হিচাপে থাকিবলগীয়া সকলো দায়িত্ব পালন আৰু এজন ভাতৃৰ মৰ্মবেদনা বৰ সুন্দৰকৈ প্ৰকাশ পাইছে। নিজৰ নিজৰ সন্তানৰ প্ৰতি থকা মাক-দেউতাকৰ দায়িত্বৰ কথাও লেখকে অৰিন্দমৰ মাক আৰু পাহিৰ মাকৰ মাজেদি ফুটাই তুলিছে। নিজৰ অঞ্চলৰ কথাও উপন্যাসখনত ফুটাই তুলিবলৈ লেখক সক্ষম হৈছে।
হয়তো শেষৰফালে পাঠকৰ মনত এটা খোকোজা ৰোৱাৰ থল নথকা নহয়। আৰম্ভনিৰেপৰাই যিহেতু লেখকে পাহিক এজনী সৰলমনা, মৰমলগা, আলসুৱা ছোৱালী হিচাপে উপস্থাপন কৰি পাঠকৰ মনত পাহিৰ এক পবিত্ৰ ভাৱমূৰ্তি গঢ়ি তুলিছিল। সেয়ে পঢ়ি যাওতে পাঠকে পাহিৰ সৈতে অৰিন্দমৰ সংঘাত হ’ব এই কথা ভাবিব নোৱাৰে। কিন্তু মানুহৰ মন আৰু হৃদয়ৰ মাজত এটা বৃহৎ ফাঁকো নথকা নহয়। কেতিয়াবা মানুহৰ জীৱনলৈ সংঘাতে চোৰৰদৰে প্ৰবেশ কৰে।
অৰিন্দমৰ জীৱনলৈও সংঘাত আহিল। পাহিৰ প্ৰতি অৰিন্দমৰ প্ৰেম আছিল প্ৰথম আৰু সঁচা প্ৰেম। পাঠকৰ মনত হয়তো প্ৰশ্ন হ’ব প্ৰথম প্ৰেমক ইমান সহজে এৰিব পাৰিনে? হয়তো বিশ্বাস আৰু আস্থা হেৰাই গ’লে পাৰি! প্ৰথম অৱস্থাত সংঘাত যদিও আহিছিল তথাপি অৰিন্দমে বিচলিত নহৈ পাহিক বুজাই ক্ষমা কৰি দিবলৈ বিচাৰিছিল আৰু কৰিও দিছিল। কিন্তু যি ক্ষমাক পাহিয়ে অৰিন্দমৰ দুৰ্বলতা বুলি ভাবি এবাৰ-দুবাৰ নহয় তিনিবাৰকৈ পদাঘাত কৰিছিল। পাহিয়েও অন্তৰ্দ্বন্দ্বত ভুগিছিল, আত্মবিশ্লেষণো কৰিছিল কিন্তু আত্মশুদ্ধি হ’লে কৰিব নোৱাৰিলে। যিটো মানুহৰ জীৱনত আটাইতকৈ প্ৰয়োজনীয়। পঢ়ুৱৈ আশাহত হয় দুয়োৰে বিচ্ছেদত। কিন্তু বাৰে বাৰে হোৱা অবিশ্বাসৰ কথা আৰু বাস্তৱ দৃশ্যই হয়তো অৰিন্দমক পুনৰ সেই প্ৰেমৰ সৌধ নিৰ্মান কৰিব নোৱাৰাকৈ দুৰ্বল কৰি তুলিলে। বিয়োগাত্মক পৰিসমাপ্তিয়ে মোৰ দৰে পাঠকক আশাহত কৰিলেও নায়কৰ সুদৃঢ় মানসিকতাৰ লগতে নায়িকাকো লেখকে দোষাৰোপ কৰি পাঠকৰ দৃষ্টিত আধোগামী কৰি তোলা নাই। যিহেতু লেখকে পাতনিতে বাস্তৱ ঘটনাৰ আলমত কথাষাৰৰ উল্লেখ কৰিছে, সেয়ে হয়তো পৰিসমাপ্তিৰ মিলনাত্মক হোৱাত কিছু বাধ্যবাধকতা থকাৰ কথাও নুই কৰিব নোৱাৰি।
দুই এটা বানানৰ ভুল আছে। এইখিনিক বাদ দি উপন্যাসখনত তেনে বিশেষ ত্ৰুটি নাই বুলি কব পাৰি। লেখকৰ প্ৰথম উপন্যাস হিচাপে কিন্তু এখন উচ্চ মানদণ্ডৰ উপন্যাস বুলিব পাৰি। পঢ়ি অকণো আমনি নলগা এখন সুখপাঠ্য উপন্যাস। লেখকৰ প্ৰথম গ্ৰন্থ হ’লেও উপন্যাসখনৰ প্ৰতিখন পাতে পাতে এজন অভিজ্ঞ লেখকৰ হাতৰ পৰশ অনুভূত হয়। আমি লেখকৰ উত্তৰোত্তৰ কামনা কৰিলোঁ আৰু পৰৱৰ্তী সময়ত লেখকৰপৰা আৰু অধিক গ্ৰন্থ আশা কৰিলোঁ।
*********
গ্ৰন্থৰ নামঃ লভ এন এডভেঞ্চাৰ অব্ ফিলিংছ।
লেখকঃ বিৰিঞ্চি মহন্ত
পৃষ্ঠাঃ ২৮৩ পৃষ্ঠা
মূল্যঃ ২৭০ টকা
প্ৰকাশকঃ গ্ৰন্থাকাৰ
**********
10:01 PM
ভাল লাগিল গ্ৰন্থ খনৰ বিষয়ে জানিব পাৰি।পঢ়িব লাগিব।