শিশু সকলৰ সাধু শুনাৰ প্ৰয়োজনীয়তা -কমলা দাস

বৰ্তমান যুগত শিশুসকলৰ উপযোগী বহুতো কিতাপ-পত্ৰ, দেশ, বিদেশৰ কাহিনীৰ কাৰ্টুন ছবি আদি সামাজিক মাধ্যমত সুলভ যদিও সাধুকথা শুনাৰ প্ৰয়োজনীয়তা কেতিয়াও  নুই কৰিব নোৱাৰি। কাহিনী এটা চোৱা আৰু শুনাৰ মাজত বহুতো পাৰ্থক্য আছে।  চোৱা কাহিনীত যি দেখুৱায় তাকেহে চাবলৈ পায়। কিন্তু যেতিয়া শ্ৰৱণ কৰে, তেতিয়া কাহিনীৰ লগত শিশুৰ মনো সমানে আগুৱাই গৈ কল্পনাৰ জগতখনত বিচৰণ কৰি ফুৰে। 

শিশুৰ মনৰ জগতখন অতি কোমল। কোমলতে বাঁহ ভাজ লোৱাৰ নিচিনাকৈ শিশুসকলকো কুমলীয়া বয়সতে দিয়া শিক্ষা মনৰ স্মৃতি কোঠাত সঞ্চিত হৈ ৰৈ যায়।  ভাল শিক্ষা আৰু সংস্কাৰ সৰুৰে পৰাই শিকালে সময়ত গৈ সিহঁত দেশৰ ভাল নাগৰিক হ’ব পাৰে। শিশুৰ স্বভাৱ-চৰিত্ৰ গঠনত সাধুকথাই বহু পৰিমাণে সহায়ক ভূমিকা গ্ৰহণ কৰে।

প্ৰায় তিনি বছৰ মান বয়সৰপৰাই শিশুৱে সাধু শুনি ভাল পোৱা হয়। ৰাতি শুবৰ সময়ত নাইবা গধূলি সময়ত সাধু শুনাৰ বা কোৱাৰ উত্তম সময় বুলি ধৰি ল’ব পাৰি। কাৰণ সেইখিনি সময়ত দিনটোৰ খেল-ধেমালি, স্কুলৰ পঢ়া, খোৱা আদিৰপৰা সিহঁত আজৰি হয়। তেতিয়া সিহঁতক ওচৰত শুৱাই নাইবা বহাই লৈ সুন্দৰ পৰিবেশ এটা সৃষ্টি কৰি খুব মনোযোগেৰে শুৱলাকৈ সাধু এটি ক’লে সিহঁতে শুনিবলৈ ইচ্ছা কৰাৰ লগতে মনতো ৰৈ যায়। সাধু কওঁতাজনৰ লগত শুনোতা শিশুজনৰ সদায়েই এটা আত্মিক সম্বন্ধ গঢ়ি উঠে।  খুব মনোযোগেৰে সাধুকথা শুনা শিশুৰ  কল্পনা শক্তি, স্মৃতি শক্তি, ধৈৰ্য্য, মনোযোগ আদি বৃদ্ধি পায় ;  নতুন নতুন শব্দৰ লগত চিনাকি হয়। দেহৰ শক্তিৰে  বলে নোৱাৰা কামবোৰ বুদ্ধিৰে কেনেদৰে কৰিব পাৰি, ধূৰ্ত মানুহৰ চালাকি, ৰজাৰ উচিত বিচাৰ আৰু অনুচিত বিচাৰ আদি বিভিন্ন ধৰণৰ কথাবোৰ সাধুৰ জৰিয়তে শিশুসকলে বহু পৰিমাণে আয়ত্ব কৰিব পাৰে— যিবোৰ কথা শিশুসকলৰ ভৱিষ্যত জীৱনৰ ভেঁটি গঢ়াতো সহায়ক হয়।

পিছে  আজিৰ ব্যস্ততাপূৰ্ণ জীৱনৰ ধামখুমীয়াত সাধু কওঁতা তথা শুনোতাৰ আগ্ৰহো কিছু পৰিমাণে কমি যোৱা যেন অনুভৱ হৈছে । সৰু সৰু ল’ৰা – ছোৱালীবোৰে মোবাইল, টিভি আদিত কাৰ্টুনবোৰ চায়েই ভাল পোৱা হৈছে। ডাঙৰবোৰেও সৰুৰেপৰা সিহঁতক মোবাইলটো হাতত দি নাইবা টিভিটো চলাই থৈ ব‍্যস্ত কৰি ৰাখি নিজৰ কামবোৰ সামৰি ল’বলৈ বিচাৰে —- নহ’লে যে একক পৰিয়ালৰ কৰ্মব‍্যস্ত মাক বাপেকবোৰে সিহঁতৰ লগত লাগি থাকিবলৈ সময় মিলাব নোৱাৰে।

পিছে , আমি সময়ৰ আহ্বানক সঠিকভাৱে প্ৰয়োগ কৰি সামাজিক মাধ্যমৰ যোগেদিয়েই সিহঁতক সাধু শুনোৱাৰ ব‍্যৱস্থা গ্ৰহণ কৰিব নোৱাৰোঁ নে !  নিশ্চয় পাৰোঁ।  দৃশ্য-শ্ৰাব‍্য সাধুকথাৰ জৰিয়তে সিহঁতৰ মনোৰঞ্জনৰ লগতে বিভিন্ন সজ কথা শিকাব পৰা যায়। এই ক্ষেত্ৰত ‘অসম প্ৰকাশন পৰিষদ’ৰ প্ৰচেষ্টা শলাগিবলগীয়া।  তেওঁলোকে ইউটিউৱ চেনেলৰ জৰিয়তে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কেইবাটাও সাধুকথা দৃশ্য-শ্ৰাব‍্য ৰূপত শিশুসকলৰ বাবে আগবঢ়াইছে ।  বীণ-বৰাগী, তিনিজন ডেকা পণ্ডিত, হাতী আৰু সাপ, বামুণৰ ভাগ্য, বামুণ আৰু বামুণী, কুৰুৱা চৰাই আৰু বামুণ,টোকোৰা চৰাই আৰু চিতল আদি কেইবাটাও শ্ৰুতিমধুৰ সাধুকথা তেওঁলোকে দৃশ্য আৰু শ্ৰাব‍্য ৰূপত শিশু সকলৰ উদ্দেশ্যে প্ৰস্তুত কৰি সামাজিক মাধ্যমত উলিয়াই দিছে। এই সাধুবোৰত উল্লেখ থকা ভাল-বেয়া, ধন উপাৰ্জন, ভোদা চোৰ, অবিবেচক ৰজা, গছৰ তলত ধনৰ টেকেলি পাই ধনী হোৱা, তিনি পণ্ডিতে নৱদীপত শিক্ষা গ্ৰহণ কৰি আহি বাটত নিজৰ পণ্ডিতালিৰ প্ৰমাণ চাওঁতে ৰজাৰ টেকেলাই বন্দী কৰা, উৰণ-বুৰণ আদি বিভিন্ন ৰস থকা  সাধুকথাবোৰ শিশুৱে শুনি বৰ ৰস পাব।

************

Leave a Reply

Your email address will not be published. Required fields are marked *