সংখ্যাটোৰ আঁৰৰ কথা-অৰবিন্দ গোস্বামী
নয়নমনি হালৈৰ সম্পাদনাত ‘শব্দচিত্ৰ ই-আলোচনী’ৰ প্ৰথম বৰ্ষৰ প্ৰথম সংখ্যাটো প্ৰকাশ পোৱাৰ পিছতে এই সংখ্যাৰ সম্পাদক কোন হ’ব—বিষয়টো পেনেলত আলোচনা হৈছিল।দুই এজনে তেতিয়া মোৰ নামটো প্ৰস্তাৱ কৰিছিল যদিও সেই সময়ত মই চকু মুদা কুলিৰ ভাও ধৰিলো।কাৰণ মাৰ্চ মাহৰ শেষত আছিল স্কুলৰ বছৰেকীয়া পৰীক্ষা।গতিকে ‘এইবাৰলৈ আন কোনোবাই দায়িত্ব লওক’ ভাৱ এটা লৈ মনে মনে থাকিলো।ফেব্ৰুৱাৰীৰ শেষলৈ কথাটো পুণৰ চৰ্চালৈ আহিল আৰু আলোচনা অনুসৰি ময়েই দায়িত্বভাৰ ল’বলৈ সন্মত হ’লো।ইতিমধ্যে পৰীক্ষাৰ ৰুটিনো দিছিল আৰু মই হিচাপ-নিকাচ মিলাই ১৫-১৬ দিনমান কাম কৰিবলৈ সুবিধা পাম বুলি নিশ্চিত হোৱা বাবেহে হয়ভৰ দিলো।
এইবাৰ আলোচনীৰ ঘোষণা দিয়াৰ দিনাই দুটা লেখা আহিল।মনটো বৰ ভাল লাগিল আৰু ভাল লাগিবলগীয়া কথাও।মাৰ্চৰ ৩১ তাৰিখলৈকে কিমান কি লেখা আহিছিল মই বিশেষ একো হিচাপ-পত্ৰ ৰাখিবপৰা নাছিলো।মাত্ৰ লেখাসমূহ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আলোচনীৰ ‘বৰ্ণাশুদ্ধি টিম’ক দি গৈছিলো।তেওঁলোকে মোক পলম নকৰাকৈ লেখাবোৰ চাই-চিতি জমা দিছিল।ইলি তালুকদাৰ বাইদেৱে ক’লে…
‘লেখা থাকিলে আৰু দিব পাৰিবা।’
মই মনে মনে ভাবিলো—‘দিওঁ ক’ৰপৰা!’
সেই সময়লৈকে ১৭-১৮ টা মানহে লেখা আহিছিল আৰু সেয়া ইতিমধ্যে সকলোকে ভাগ কৰি দিয়াই হ’ল।
এপ্ৰিলৰ আৰম্ভণিৰেপৰা লেখা বানৰ দৰে আহিবলৈ ধৰলে।ময়ো স্কুলৰ পৰীক্ষা শেষ কৰি তেতিয়া আজৰি হৈছিলোঁ।সেয়ে তেতিয়াৰপৰা কামবোৰ শৃংখলাবদ্ধভাৱে কৰিবলৈ আৰম্ভ কৰিলোঁ।ভাতৃপ্ৰতিম দেৱজিত শৰ্মাৰ সৈতেও কাৰিকৰী দিশত সহায় বিচাৰি যোগাযোগ কৰিলো।উল্লেখযোগ্য যে কাৰিকৰী দিশত যোৱা সংখ্যা আৰু এই সংখ্যাত দেৱজিত শৰ্মাই আমালৈ পূৰ্ণ সহযোগিতা আগবঢ়াইছে।এই আপাহতে দেৱজিতলৈ ‘শব্দচিত্ৰ’ৰ তৰফৰপৰা আন্তৰিক ধন্যবাদ জনালোঁ।
এইবাৰ আমাৰ বাবে প্ৰত্যাহ্বান অলপ বেছি আছিল কাৰণ গ্ৰুপ এডমিন সমীৰণ শৰ্মা পৰীক্ষাত ব্যস্ত থাকিবলগা হ’ল।গ্ৰুপ এডমিন জ্যোৎস্নাৰাণী দাসে আলোচনীৰ কাম চলাই নিয়াৰ সমান্তৰালকৈ গ্ৰুপ পৰিচালনাও কৰিব লগা হৈছিল।
মই নিজেও আলোচনীৰ লগতে গ্ৰুপৰপৰাও ধ্যান আঁতৰাব পৰা নাছিলোঁ।
এইবাৰ আলোচনীৰ বৰ্ণাশুদ্ধি টিমলৈ নতুনকৈ দুগৰাকী সদস্যাৰ আগমন ঘটিল।গ্ৰুপৰ সকলোৰে পৰিচিত চিত্ৰলেখা দেৱী বাইদেউক আমি আলোচনী টিমলৈ আমন্ত্ৰণ জনাই আনিলো।কুমকুম দেৱী শৰ্মাবৰুৱা বাইদেৱে এদিন নিজে মোলৈ মেছেজ কৰিলে….
‘মই কিবা কৰিবপৰা কাম থাকিলে দিবা।’
মনতে নিজকে বৰ ভাগ্যবান বুলি ভাবিলোঁ কাৰণ যিটো সময়ত বৰ্ণাশুদ্ধিৰ বাবে সম্পাদকে যোগ্য ব্যক্তি এজন বিচাৰি নাপায়,তেনে সময়ত বাইদেৱে নিজে সহায় কৰিবলৈ আগবাঢ়ি আহিছে।পলম নকৰি সেইদিনাই বাইদেউৰ নাম আলোচনীৰ হোৱাটছ্ এপ্ গ্ৰুপত সংযোগ কৰি বাইদেউলৈও লেখা বৰ্ণাশুদ্ধিৰ বাবে পঠোৱা আৰম্ভ কৰুলো।সময়মতেই সকলোবোৰ লেখা ঘূৰি আহিল।
আলোচনী এখন প্ৰকাশ কৰিবলৈ যাওঁতে দুটা কথাই আটাইতকৈ বেছি প্ৰত্যাহ্বানজনক।
(১)লেখা নিৰ্বাচন আৰু (২)বৰ্ণাশুদ্ধি
এইবাৰ অৱশ্যে লেখা নিৰ্বাচনত বৰ বিশেষ অসুবিধা নহ’ল কাৰণ অগ্ৰাহ্য কৰিবলগীয়া তেনে কোনো লেখা অহাই নাছিল।মুঠতে এইবাৰ সংখ্যাটো সম্পাদনা কৰাতকৈ উপভোগ কৰা বুলি ক’লেহে ভাল হ’ব।
বৰ্ণাশুদ্ধি টিমৰ কুশল মহন্ত,জ্যোৎস্নাৰাণী দাস,ইলি তালুকদাৰ,কুমকুম দেৱী শৰ্মাবৰুৱা,চিত্ৰলেখা দেৱী সকলোৰে সহযোগত বৰ্ণাশুদ্ধিতো বিশেষ অসুবিধা নহ’ল।আলোচনীৰ বৰ্ণাশুদ্ধি টিমৰ আটাইকেইগৰাকী সদস্য/সদস্যালৈ মোৰ আন্তৰিক ধন্যনাদ থাকিল।আপোনালোকৰ সহযোগিতাৰ বাবেই জটিল কাম এটা সহজ হৈ পৰিল।
পৰীক্ষাৰ ব্যস্ততাৰ মাজতে “সাক্ষাতকাৰ” যুগুতাই দিয়া ভাতৃপ্ৰতিম সমীৰণ শৰ্মালৈও মোৰ আন্তৰিক ধন্যবাদ থাকিল।
শেষ সমস্যাটো আছিল ক’ভাৰ ফটো।অৱশ্যে ইয়াৰ বাবেও মোৰ ঘৰৰে ওচৰৰ প্ৰাঞ্জল দত্ত দাদাই মোক সহায় কৰি ফটো দুখন বনাই দিলে।প্ৰাঞ্জলদালৈও মোৰ আন্তৰিক ধন্যবাদ থাকিল।সদায় মোৰ সৈতে ধেমেলীয়া কথা পাতি থকা প্ৰাঞ্জলদাই ঘৰতে লেপটপত ফটো বনাই থাকোঁতে মোলৈ ফোন কৰি চুপতি কৰিবলৈ পাহৰা নাছিল।
শেষৰ কেইবাটাও দিন মই আৰু দেৱজিতে ৰাতি প্ৰায় ১২ বজালৈকে কামত লাগি থাকোঁ।মাজে মাজে মেছেজ…দুই এটা ধেমেলীয়া কথা।এনে ধেমেলীয়া কথা বৰ্ণাশুদ্ধি টিমৰ সৈতেও চলি থাকে।
এইবাৰ বিহুৰ দুটা দিনো আলোচনীতে ব্যস্ত থাকিলো।আনে যি নাভাবক বা যি নকওক,মই এই কামবোৰ উপভোগ কৰোঁ।ভিন্ন ভিন্ন স্থানত থাকিও কেইবাজনো মানুহৰ সহযোগিতাৰ অন্তত হৈ উঠা ভাল কামৰ ফলাফল দেখি ৰোমাঞ্চিত হওঁ।
আলোচনীখন আজি প্ৰকাশ হ’ল আৰু আগলৈও হৈ থাকিব।প্ৰতিটো সংখ্যাৰ কাহিনী প্ৰায় একে,তথাপি এই কাহিনীতো এক সুখ আৰু আনন্দ আছে,যিখিনি ভাষাৰে প্ৰকাশ কৰা অসম্ভৱ।
যিসকল লেখক/লেখিকাই নিজৰ লেখাৰে সহযোগিতা আগবঢ়ালে,সকলোলৈকে আন্তৰিক ধন্যবাদ জনালোঁ।আচলতে আপোনালোকহে কৰ্ত্তা ,আমি মাথোঁ নিমিত্তহে।
শেষত সকলোলৈকে ধন্যবাদসহকাৰে
“জয়তু শব্দচিত্ৰ।”
************