সম্পাদকীয়

 

পুৱাৰ সূৰুয যেনেদৰে পূব আকাশত উদিত হয়, একেদৰে নিৰ্দিষ্ট সময় হ’লে ই পশ্চিম আকাশত মাৰ যায়। এয়া সময় অথবা কালচক্ৰৰ অমোঘ বিধান। একেদৰে মানৱ জীৱন জন্মৰে আৰম্ভ হয় আৰু ইয়াৰ মৃত্যুত সমাপ্তি ঘটে।

আজিৰেপৰা কুৰি বৰ্ষৰ আগলৈকে বাৰ্ধক্য কোনোধৰণে সংশয়ৰ কাৰণ নাছিল। এনে নহয় যে তেতিয়া ৰোগ-ব্যাধিবোৰ নাছিল। ৰোগ-ব্যাধি মানুহৰ তেতিয়াও আছিল, আজিও আছে আৰু আগলৈও থাকিব। পাৰ্থক্য ইমানেই যে আজিৰ দিনৰ ৰোগ-ব্যাধিবোৰৰ স্বৰূপ বহু পৰিমাণে সলনি হ’ল। আজিৰ দিনত বাৰ্ধক্য মানেই যেন ৰোগ হ’বই। আশী আৰু নব্বৈৰ দশক বা তাৰ আগৰ সময়ৰ বয়োজ্যেষ্ঠসকল ৰোগ সম্পৰ্কে ইমান সচেতনো নাছিল বা তেওঁলোকে আজিৰদৰে ৰোগ ৰোগ বুলি সংশয়তো ভুগি থকা নাছিল। তেওঁলোকৰ চাৰিওফালে আছিল এখন সুন্দৰ সমাজ আৰু বয়োজ্যেষ্ঠৰ শাৰীলৈ উন্নীত হোৱাৰ লগে লগে তেওঁলোকে পৰিয়ালৰ চিন্তাৰ উপৰিও সমাজখনৰ বাবে কিবা এটা কৰিবলৈ হৃদয়ৰপৰাও এক তাগিদা অনুভৱ কৰিছিল। পৰিয়াল বা যৌথ পৰিয়াল এটাই তেওঁলোকক এনেদৰে আৱৰি ৰাখিছিল যে বাৰ্ধক্য অৱস্থাত উপনীত হৈয়ো তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য বাঢ়িছিলহে। একেদৰে সামান্য ৰোগ এটা হ’লেও পৰিয়ালটোৱে তেওঁলোকক আৱৰি ধৰিছিল, যাৰ ফলত তেওঁলোকে কোনো কাৰণতে নিজকে অসুৰক্ষিত বুলি অনুভৱ কৰা নাছিল। তদুপৰি সেই সময়বোৰত খাদ্য সম্ভাৰৰ প্ৰাচুৰ্য আৰু বিশুদ্ধতাই তেওঁলোকৰ শৰীৰটো আটিল আৰু নিৰোগী কৰি ৰাখিছিল। একোখন ঘৰৰ পিছফালে এখন শাক-পাচলিৰ বাৰী নথকাটো বৰ আচহুৱা কথা আছিল। মানুহৰ ঘৰে-ঘৰে মাছ পুহিব পৰালৈ পুখুৰী আছিল। অৰ্থাৎ নিজৰ বাৰীৰ শাক-পাচলি, পুখুৰীৰ মাছ…ইত্যাদি। গতিকে খাদ্যসম্ভাৰৰ বিশুদ্ধতাত কোনোধৰণৰ প্ৰশ্ন নাহে। ৮০ ৰপৰা ১০০ বছৰ বয়সলৈকে তেওঁলোকৰ অধিকাংশই নিৰোগী হৈ জীয়াই থাকিব পাৰিছিল।

সময় পৰিবৰ্তনশীল আৰু ই নিজস্ব ধৰ্ম পালন কৰি যোৱা দুই-তিনিটা দশকৰ ভিতৰত সকলোবোৰ যেন ওলট-পালট কৰি হৈ গ’ল। শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰে অসমখনৰে ৰেহ-ৰূপ সলনি কৰি পেলালে। মানুহৰ ভাবধাৰা আৰু আচৰণতো সাংঘাতিক পৰিৱৰ্তন ঘটিল। এসময়ত ঘৰতে খেতি-বাতি কৰা বা ওচৰতে চৰকাৰী চাকৰি কৰা ল’ৰাবোৰে চৰকাৰী অথবা বেচৰকাৰী চাকৰি এটা কৰিবলৈ ঘৰৰপৰা দূৰলৈ যাবলগীয়া অৱস্থাৰ সৃষ্টি হ’ল। আধুনিকতাৰ পৰশ লাগি মানুহৰ ঘৰৰ পিছফালে থকা শাক-পাচলিৰ বাৰী আৰু পুখুৰীবোৰ নোহোৱা হ’ল। পঢ়া-শুনা কৰি চৰকাৰী বা বেচৰকাৰী চাকৰি কৰিবলৈ মানুহবোৰ চহৰমুখী হ’ল। চহৰত মাটি কিনি বৰ বৰ অট্টালিকা সাজিলে আৰু নিজকে আধুনিক ৰূপত সজাই-পৰাই পৰিৱৰ্তনৰ সৈতে নিজকে খাপ খুৱাবলৈ অহোপুৰুষাৰ্থ কৰিলে। পিতৃৰ পদাংক অনুসৰণ কৰি ল’ৰা-ছোৱালীবোৰে কেৰিয়াৰৰ পিছত দৌৰ দি দেশ এৰি একেবাৰে বিদেশ পালেগৈ। অৱশ্যে এয়া কোনো বেয়া কথা নহয়। সময়ৰ সৈতে খাপ খাব পৰাটোৱেই বুদ্ধিমত্তা।

কিন্তু সকলোখিনি কথা তেতিয়া খেলিমেলি হৈ গ’ল যেতিয়া ঘৰবোৰ শূন্য হৈ গ’ল। ইতিমধ্যে চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰাসকলে নিজৰ চাৰিওফালে চকু ফুৰাই দেখিলে যে তেওঁৰ চাৰিওফালে দেখোন কোনো নাই।

পৰিয়াল আৰু সমাজ অবিহনে শেষ জীৱন সদায় অসম্পূৰ্ণ। এনে নহয় যে আজি কেৱল চহৰৰ বয়োজ্যেষ্ঠসকলহে অকলশৰীয়া। আজি গাঁৱৰ বয়োজ্যেষ্ঠসকলো নিঃসঙ্গ। অতীতৰ সেই সমাজো নাই আৰু সেই পৰিবেশো নাই। মানুহবোৰো ভাগ ভাগ হৈ একেখন গাঁৱতে তিনি-চাৰিটা নামঘৰ হ’ল। এটা সময় আছিল যেতিয়া সকলো মানুহে বয়োজ্যেষ্ঠসকলক সমাজত প্ৰথম স্থান দিছিল আৰু বয়োজ্যেষ্ঠসকলেও সমাজৰ হিতাৰ্থে এক সজ পৰামৰ্শ আগবঢ়াইছিল। কিন্তু সময়ৰ লগে-লগে মানুহবোৰ ধনকেন্দ্ৰীক হৈ পৰিল আৰু সকলোৱে নিজকে ‘মই বৰ’ প্ৰতিপন্ন কৰাৰ প্ৰতিযোগিতাখনৰ বাবে সমাজখনক উচিত পথ প্ৰদৰ্শন কৰিবপৰা বয়োজ্যেষ্ঠসকল উপেক্ষিত হৈ ৰ’ল। তেওঁলোকৰ ঠাই ল’লে ধনীক শ্ৰেণীয়ে। এতিয়া সমাজত আগস্থান পাবলৈ বয়োজ্যেষ্ঠ আৰু জীৱনৰ অভিজ্ঞতাৰে পুষ্ট নহ’লেও হয়।

যি কি নহওক, বৰ্তমান যুগৰ অপ্ৰিয় সত্যসমূহৰ এটা হৈছে বয়োজ্যেষ্ঠসকল আজি সমাজ, পৰিয়াল আদি সকলোতে নচলা টকা। কোনোবাই যদি চৰকাৰী চাকৰি এটা কৰি অৱসৰৰ পিছত পেন্সনটো পাই আছে, তেওঁ কিছু পৰিমাণে চলি থাকিব পাৰিব।সন্তানৰ সৈতে থাকিলেও তেওঁলোকে নিজকে উপেক্ষিত অনুভৱ কৰে। আজিৰ দিনত বয়োজ্যেষ্ঠসকলৰ বাবে আমাৰ সময়ৰ অভাৱ। হয়তো তেওঁলোকৰ প্ৰতি কৰ্তব্য বহুতেই কৰিছে কিন্তু তেওঁলোকক মানসিকভাৱে সন্তুষ্টি দিয়াৰ কথা কোনেও ভবা নাই। তেওঁলোকৰ নাতি-নাতিনীবোৰো ধীৰে-ধীৰে যন্ত্ৰৰ দৰে হ’বলৈ আৰম্ভ কৰা একো একোটা চাবি দিয়া পুতলা। এয়া তেওঁলোকৰ দোষ নহয়, সময় আৰু পৰিবেশে তেওঁলোকক তেনেকৈয়ে গঢ়িছে। আজিৰ ককাহঁতৰ নাতি-নাতিনীয়ে ককা-আইতাৰ ৰসাল সাধু বিচাৰে ইউ-টিউবত। গতিকে ককা-আইতাই নাতি-নাতিনীক সাধু কৈ ইয়াৰ শেষৰ উপদেশটো বুজাই দিয়াৰো মুদা মৰিল।

মুঠতে বয়োজ্যেষ্ঠসকলৰ চাৰিওফালে এক বিশাল শূন্যতা। আজি তেওঁলোকৰ মনৰ কথা শুনিবলৈয়ো কোনো মানুহ নাই। কোনো কোনো ‘জানটো’, ‘সোনটো’ ৰূপী অসৎ পুত্ৰই তেওঁলোকৰ পেঞ্চনৰ টকাকেইটা তেওঁলোকৰে এ টি এম কাৰ্ড ব্যৱহাৰ কৰি হৰলুকী কৰাৰো দেধাৰ কাহিনী আছে। এনে অধিকাংশ বয়োজ্যেষ্ঠই লাজতে বা সমাজত পুত্ৰজন হেয় প্ৰতিপন্ন হোৱাৰ ভয়ত বাৰ্ধক্যৰ ওপৰিও ভীষণ দুখ-কষ্ট আৰু মানসিক চাপ সহি সমাজত হাঁহিমুখে জীয়াই আছে।

বৰ্তমানৰ বয়োজ্যেষ্ঠসকল এনেদৰে শাৰীৰিক দুৰ্বলতাৰ লগতে প্ৰবল মানসিক চাপত পতিত হ’বপৰা অসংখ্য কাৰকে ক্ৰিয়া কৰি তেওঁলোকৰ শেষ জীৱনৰ মাদকতাখিনি নোহোৱা কৰি পেলাইছে।

শৰীৰ আৰু মন অভিন্ন। মানুহৰ শৰীৰত যিমান ৰোগ থাকে, তাৰে অধিকাংশ ৰোগৰে কাৰণ মন। মানসিক চাপত পৰি মন ব্যাধিগ্ৰস্ত হৈ পৰিলে শৰীৰত বহুতো ৰোগে দেখা দিব পাৰে।

আমাৰ অসমীয়া মানুহে আজিকালি খেতিও নকৰা হ’ল। একোটা চাকৰি কৰি বজাৰত পইচা দি মোনাখন কীটনাশকযুক্ত শাক-পাচলিৰে ভৰাই আনিব পৰাটোৱেই আজিৰ মানুহে জীৱনৰ সাৰ্থকতা বুলি গণ্য কৰে। আমি আচলতে শাক-পাচলি খাইছোঁ নে কিছুমান কীটনাশক খাই আছোঁ। শাক-পাচলিৰ দামো এনেদৰে বাঢ়িল যে সৰ্বসাধাৰণে শাক-পাচলি খাবলৈ বাদ দিব লগা হৈছে। অৱশ্যে উচ্চ দৰত শাক-পাচলি ক্ৰয় কৰিব নোৱাৰাসকলৰ একপ্ৰকাৰে ভালেই হৈছে যে তেওঁলোকে কিছুমান ‘কেমিকেল’ নোখোৱাকৈ জীয়াই আছে। এনে বিষৰূপী খাদ্যই বয়োজ্যেষ্ঠসকলৰে নহয়, সকলো বয়সৰ লোকৰ শৰীৰত বিৰূপ প্ৰতিক্ৰিয়া কৰিবই। ফলত মানুহৰ চুলি অকালতে পকিছে, দাঁত সৰিছে, ডায়েবেটিচ, হাৰ্ট আৰু কিডনী ৰোগীৰ সংখ্যা বাঢ়িছে।কেৱল এয়াই নহয়,এনে কিছুমান নতুন নতুন ৰোগ ওলাইছে,যিবোৰ চিকিৎসা বিজ্ঞানত একেবাৰে নতুন।ৰোগৰপৰা পৰিত্ৰাণ পাবলৈ ঔষধ খোৱাটো বয়োজ্যেষ্ঠসকলৰ ৰুটিনৰ অন্তৰ্গত হৈছে।মুঠতে বয়োজ্যেষ্ঠসকলৰ মনৰ অৱস্থাও দুখলগা আৰু ভেজাল খাদ্য খাই তেওঁলোকৰ শৰীৰৰ অৱস্থাও তথৈবচ।

ঘৰ একোখন অথবা সমাজৰ বাবে বয়োজ্যেষ্ঠ ব্যক্তি একোজন জীৱনৰ অভিজ্ঞতাৰে পুষ্ট ৰত্নৰ দৰে।আজীৱন পৰিয়াল বা সমাজৰ বাবে কৰ্ম কৰা এইসকল ব্যক্তিক শেষ বয়সত অলপ জিৰণি,অলপ পুষ্টিকৰ খাদ্য,অলপ শান্তি  আৰু মানসিক অৱসাদমুক্ত মন এটা লাগে।কিন্তু দুখৰ কথা যে আজিৰ বয়োজ্যেষ্ঠসকলৰ বেছিভাগেই প্ৰথমটো পালেও পিছৰকেইটাৰ এটাও নাপায়।কেৱল জানো দৰৱে মানুহক সুস্থ কৰি ৰাখিব পাৰে?তদুপৰি দৰৱৰ নামততো তেওঁলোকৰ দেহত আমি কেমিকেলৰূপী নতুন বিহ এটা সুমুৱাই দিওঁ।আমি তেওঁলোকক আচলতে অলপ সময়হে দিব লাগে।যদি আমি অতি কমেও এইটো কৰিব পাৰোঁ তেন্তে তেওঁলোকৰ মন বহু পৰিমাণে মুক্ত হৈ পৰিব যি তেওঁলোকক সুস্থ হৈ জীয়াই থকাত সহায় কৰিব।তেওঁলোক ঘৰ একোখনৰ মূল স্তম্ভ।তেওঁলোক যিমান দিন আমাৰ পথ প্ৰদৰ্শক হৈ জীয়াই থাকিব আমাৰো সিমানেই মঙ্গল।তেওঁলোকৰ উপদেশ, পৰামৰ্শক আওকাণ কৰা নিজৰ ভৰিত কুঠাৰ মৰাৰ দৰেই ক্ষতিকাৰক।বয়োজ্যেষ্ঠজন যদি আমাৰ পিতৃ বা মাতৃ হয়,তেন্তে আমি আমাৰ দায়িত্বখিনি পালন কৰিয়েই সন্তোষ লভিলে নহ’ব।তেওঁলোকৰ মানসিক প্ৰশান্তিৰ বাবে অলপ সময় তেওঁলোকৰ লগত কথাও পাতিব লাগিব।তেওঁলোকে জীৱনৰ সমস্ত সময় আমাক দিয়ে কিন্তু নিজলৈ এবাৰো ঘূৰি নাচায়।আমি যদি তেওঁলোকক দিনটোৰ অকণমান সময়ো দিব নোৱাৰোঁ তেন্তে আমাতকৈ অকৃতজ্ঞ আৰু কোন হ’ব পাৰে?কেৱল পিতা-মাতাই কিয়,সমাজৰ আন বয়োজ্যেষ্ঠসকলকো পাৰিলে মাত এষাৰ দিব লাগে,দুআষাৰ তেওঁলোকৰ লগত কথা পাতিব লাগে।সঁচা কথা হ’ল বয়োজ্যেষ্ঠসকলৰ সৈতে কথা পতাৰো এক আমেজ আছে।তেওঁলোকৰ কথাবোৰত জীৱনৰ সত্যতা ফুটি উঠে,তেওঁলোকৰ কথাবোৰ জ্ঞানবৰ্দ্ধক আৰু তাত এক সৰগীয়া অমিয়া থাকে।

পৃথিৱীৰ কোনো এখন সমাজে এই বয়োজ্যেষ্ঠসকলক উপেক্ষা কৰি এখন আদৰ্শ ঘৰ আৰু আদৰ্শ সমাজ গঠন কৰিব নোৱাৰে।মনত ৰাখিব লাগে যে আমিও এদিন বাৰ্ধক্যৰ শাৰীত উপনীত হ’ম।ভগৱানে নকৰক,আমিও যাতে এনেদৰে এদিন শেষ বয়সত উপেক্ষিত হৈ নৰওঁ।

                     

সম্পাদক,শব্দচিত্ৰ-জীৱন জিজ্ঞাসা

(প্ৰথম বৰ্ষ,দ্বিতীয় সংখ্যা)

14 Comments

  • সুন্দৰ। বাস্তৱ চিত্ৰ আজিৰ সমাজৰ।

    Reply
  • ডলী তালুকদাৰ

    সুন্দৰ সম্পাদকীয়। ভাল লাগিল।

    Reply
  • নয়নমণি হালৈ

    খুব গুৰুত্বপূৰ্ণ বিষয় এটা আলোকপাত কৰা বাবে সম্পাদক ডাঙৰীয়ালৈ ধন্যবাদ যাচিলোঁ৷

    Reply
  • সত্যজিৎ বৰ্মন

    ভাল লাগিল সম্পাদকীয় টোকা৷

    Reply
  • বিজয় আগৰৱাল

    ভাল লাগিল পঢ়ি ৷ সুন্দৰ সম্পাদকীয় ৷

    Reply
  • জয়ন্ত গগৈ

    পুৱাই এটি মনপৰসা লেখনি পঢ়িলোঁ। বহুত সুন্দৰ চিন্তাধাৰা। সামাজিক এই পৰিবৰ্তনৰ গোটেই কথাখিনিয়ে আমি প্ৰত্যেক জনেই মৰ্মে মৰ্মে উপলব্ধি কৰি আহিছোঁ।সচাকৈ সেই আগতে যি আছিল সকলো সতেজ-নিভাজ, আন্তৰিকতাৰে ভৰপূৰ, সৌহার্দ্যমূলক আছিল। যি সমূহ এতিয়া ৰোমণ্ঠন কৰিবহে পাৰি। সম্পাদক ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো।

    Reply
  • বন্দিতা জৈন

    সুন্দৰ সম্পাদকীয় লেখা। বাস্তৱ সময়ৰ বাবে প্ৰয়োজনীয়।।

    Reply
  • Upasha Bhagawati

    বৰ্তমান সময়ত বৃদ্ধসকলৰ বাবে নকৈ চিন্তা কৰাৰ সময় আহি পৰিছে।সম্পাদকীয়টোত তাকেই পৰিস্ফুট হৈছে।

    Reply
  • Minati Mahanta

    সুন্দৰ লিখনিটোৱে নিজকে মোচোকা খোৱাই দিলে । বাৰ্দ্ধক্য কি বস্তু নিজেই উপলদ্ধি কৰাৰ সময়ত শূণ্যতা তথা জীৱনৰ সত্যতা বিচাৰি বিচাৰি হাবাথুৰি খালেও তাতো শূণ্যতা মাথোন । ভূক্তভোগীয়েহে বুজিব পাৰে , :ভাষাহীণ । ধন্যবাদ অৰবিন্দ !

    Reply
  • মনালিছা পাঠক

    গুৰুত্বপূৰ্ণ আৰু সময়োপযোগী লেখা ৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    ভাল লাগিল সম্পাদকীয়টো৷ সাম্প্ৰতিক সময়ৰ সঁচা চিত্ৰ৷

    Reply
  • Hargobinda Das

    ভাষাৰ সৰলতাৰে, অতি প্ৰাসংগিক চিন্তনৰে সমুজ্জ্বল এটি মন পৰশা সম্পাদকীয় ৷ ভাল লাগিল পঢ়ি ৷

    Reply
  • কুমকুম শৰ্মাবৰুৱা।

    এটা অনুভৱী মনৰ প্ৰকাশ। সঁচা কথা আমি বয়োজেষ্ঠসকলৰ পৰা শিকিবলগা বহু কথা থাকে।জীৱনৰ অভিজ্ঞতাৰে তেওঁলোক উজ্বলি থাকে।

    Reply
  • দীপালি বৰ্মন

    পঢ়ি বহুত ভাল লাগিল।সময়োপযোগী লেখা।এইদৰেই আগলৈকো সম্পাদনা কৰি যাওক আৰু শব্দচিত্ৰৰ গৰিমা অটুট ৰাখক।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *