সাম্প্ৰতিক অসমৰ প্ৰেক্ষাপটত অনলাইন  মাধ্যমৰ  সাহিত্য চৰ্চাৰ প্ৰাসংগিকতা, প্ৰত্যাহ্বান  আৰু প্ৰত্যাশা-নিবেদিতা হাজৰিকা

সাহিত্য হৈছে মানৱ মনৰ ভিন্ন ৰুচিবোধ, অন্বেষণৰ পাণ্ডুলিপি। মানৱ মনৰ ভাব আৰু চিন্তাৰ  অপৰিসীম পৰিধি আৰু প্ৰকাশভংগীৰ প্ৰতিষ্ঠিত  আনুষ্ঠানিকতাৰ  মাজৰ নিৰন্তৰ অন্তৰ্দ্বন্দ্ব প্ৰকাশ পায়  সাহিত্যৰ জৰিয়তে। সাহিত্যৰ ক্ষেত্ৰখনৰ  পৰিধি যিদৰে ব্যাপক সেইদৰে ইয়াৰ মাধ্যমসমূহো ভিন্ন। ইয়াৰ ভিতৰত  ছপা মাধ্যম আৰু অনলাইন মাধ্যম অন্যতম।

সাম্প্ৰতিক সময়ত অনলাইন মাধ্যম কেৱল যোগাযোগৰ মাধ্যমেই হৈ থকা নাই। এই  মাধ্যম বৰ্তমান  যোগাযোগৰ লগতে সাহিত্য চৰ্চাৰো উল্লেখযোগ্য মাধ্যম হৈ পৰিছে৷ অসমীয়া সাহিত্যক বৈদ্যুতিক মাধ্যমৰ জৰিয়তে বিশ্বমুখী কৰি তোলাৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাই অসমৰ সাহিত্য জগতখনক এক নতুন দিশ অৱশ্যেই  প্ৰদান কৰিব বুলি ক’ব পাৰি।

অনলাইনত বা ইণ্টাৰনেটত সাহিত্য (ই-সাহিত্য)  চৰ্চাৰ বিষয়টো অসমৰ বাবে এক প্ৰকাৰৰ নতুন বিষয় বুলিয়ে ক’ব পাৰি। অতি কম দিনৰ ভিতৰতে পৰিপক্কতা লাভ কৰাৰ লগতে ইয়াৰ প্ৰসাৰতা লাভৰ বিষয়টোৱে  এক শুভ ইংগিত বহন কৰিছে সাহিত্য বিষয়টোৰ ক্ষেত্ৰত। ই সাহিত্যপ্ৰেমীসকলৰ বাবে খুব আশাব্যঞ্জক খবৰ বুলি ক’ব পৰা যায়। দুৰন্ত আৰু অতি কম সময়তে  অধিক জনপ্ৰিয়তা আৰু সম্প্ৰসাৰণৰ  ক্ষমতাৰে  চ’চিয়েল মেডিয়াই (সামাজিক মাধ্যম) লেখক আৰু পঢ়ুৱৈৰ মাজত যি পৰস্পৰ সংযোগ গঢ়ি তুলিবলৈ সক্ষম হৈছে, সংযোগ দৃঢ় কৰিবলৈ সক্ষম হৈছে ই এক শুভ সংকেত। পাঠক, লেখকৰ মাজত  এক সু-সম্পৰ্ক  ৰক্ষা কৰিবলৈ সক্ষম হোৱা এই অনলাইন মাধ্যমৰ  সাহিত্য চৰ্চাৰ প্ৰচাৰ আৰু প্ৰসাৰে  সাহিত্য জগতখনলৈ  এক সুকীয়া পৰিৱৰ্তন আনিবলৈ নিশ্চয় সক্ষম হ’ব।

গতিশীল এই  অনলাইন সাহিত্য চৰ্চাৰ ক্ষেত্ৰখন ঐতিহাসিক পৰিস্থিতিৰদ্বাৰা পৰিশোধিত আৰু  ভৱিষ্যতৰ সম্ভাৱনাপূৰ্ণ সমলেৰে ভৰপূৰ। গণ মাধ্যমৰ  এক অসম্পাদিত ৰূপস্বৰূপ এই সামাজিক মাধ্যমৰ জৰিয়তে  দেশ-বিদেশত  বাস কৰা  অসমীয়াসকলকে  ধৰি বহুতেই অনলাইন  বা বৈদ্যুতিক মাধ্যমৰ  জৰিয়তে  অসমীয়া সাহিত্য সৃষ্টি কৰাৰ লগতে পাঠক হিচাপেও নিয়োজিত হৈ আছে। কেৱল সেয়ে নহয়,  ন-ন  লেখক-লেখিকাসকলৰ সাহিত্য কৰ্ষণ তথা  সাধনাৰ থলী হিচাপেও পৰিগণিত হৈছে এই  অনলাইন সাহিত্য চৰ্চাৰ  ক্ষেত্ৰখন। এইক্ষেত্ৰত অৱশ্যেই প্ৰথমে নাম ল’ব লাগিব  ‘ফেচবুক’ৰ। কিয়নো অলেখ ফেচবুক গোটে  ন-ন  লেখক-লেখিকাসকলক সাহিত্য চৰ্চাৰ বাবে এখন মঞ্চ দিবলৈ সক্ষম হৈছে।

অনলাইন মাধ্যমত সাহিত্য চৰ্চাৰ যি ধাৰা সেই ধাৰা অসমৰ বাবে খুবেই  নতুন বুলিব পাৰি। অৱশ্যে অতি কম দিনতে এই মাধ্যমে যথেষ্ট প্ৰসাৰ লাভ কৰিছে যদিও ইয়াৰ  জনপ্ৰিয়তা  আজিও  এটা সীমাৰ মাজতেই আছে বুলিব পাৰি। 

ছপা মাধ্যমৰ ক্ষেত্ৰত থকা কিছুমান সুবিধা ইয়াত দেখা নাযায় বা পোৱা নাযায়। বিশেষকৈ প্ৰকাশৰ বাবে লিখা কথাখিনি কোনো ধৰণৰ সম্পাদনা অবিহনেই  পোনে পোনে প্ৰকাশ কৰাৰ ফলত  সেই লেখাত থকা ভুল-ভ্ৰান্তিসমূহ শুদ্ধ কৰোৱাৰ  কোনো উপায় নাথাকে। ফলত ইয়াৰ গুণ-মান নিৰূপণ  কৰাৰ ক্ষেত্ৰত অসুবিধা  হয়।

সাম্প্ৰতিক  সময়ত  অনলাইন মাধ্যমত সাহিত্য চৰ্চা কৰাৰ যি পৰিবেশ গঢ়ি উঠিছে  ই একপ্ৰকাৰ শুভ  সংকেত। কিয়নো আজিকালি অসমীয়া  ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত বহুতে অনীহা প্ৰকাশ কৰা দেখা যায়৷ কিন্তু  অনলাইন মাধ্যমত কৰা সাহিত্যচৰ্চাই এই মানসিকতা দূৰ কৰাত যেন সফল হৈছে। ন-পুৰণি অসমীয়া ভাষাপ্ৰেমী লোকসকলৰ এই  উদ্যমে  অসমীয়া ভাষা চৰ্চাক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

সাহিত্যৰ মান আৰু নীতিগত  দিশবোৰৰ ফালৰপৰাও অসমীয়া ই-সাহিত্যৰ বিচাৰ কৰি চোৱাৰ প্ৰয়োজন আছে। কিয়নো কেৱল কিবা এটা সৃষ্টি কৰিলেই  তাক সাহিত্য বুলি ক’ব পৰা নাযায়। সাহিত্যৰ কিছুমান নিৰ্দিষ্ট মান আৰু নীতিও থাকে। যিয়ে সৃষ্ট সাহিত্যৰ মান নিৰূপন কৰে। অনলাইন সাহিত্যত  সেই কথা বা দিশসমূহ  বিবেচনা কৰি চোৱাৰ সুবিধা নাই।

আন আন সাহিত্যৰ তুলনাত আমাৰ অসমীয়া সাহিত্যৰ যি চৰ্চা সেই চৰ্চা খুব কম বুলি ক’ব পাৰি। ঠিক সেইদৰে অনলাইন অসমীয়া ব্লগ আদিও ইমান উপলব্ধ নহয়। অৱশ্যে পূৰ্বৰ  তুলনাত অসমীয়া সাহিত্য চৰ্চাৰ  বাবে অনলাইনত  কিছু সুবিধা লাহে লাহে উপলব্ধ হোৱা পৰিলক্ষিত হৈছে।

অসমৰ দৰে ৰাজ্য এখনৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ কথাটোৱেই খুব ডাঙৰ বিষয়। প্ৰযুক্তিগত সাহিত্যৰ ক্ষেত্ৰত সময়ৰ লগত খোজ মিলাই  অনলাইন মাধ্যমত  সাহিত্য চৰ্চাৰ বাবে পৰিবেশ এটা অসমত যে দেৰিকৈ হ’লেও গঢ়ি উঠিছে ই এটা ডাঙৰ খবৰ বা এক উল্লেখযোগ্য  সংবাদ।

অসমৰ বাবে অনলাইন  ব্যৱস্থাটো  যিমান নতুন তাতকৈও নতুন  অনলাইন বা সামাজিক মাধ্যমত সাহিত্য চৰ্চা কৰা বিষয়টো। বহুতো অসুবিধা থকা স্বত্বেও বহুতো প্ৰত্যাহ্বান নেওচি  হ’লেও অনলাইন মাধ্যমত সাহিত্য চৰ্চা কৰা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। অনাগত দিনসমূহত ছপা মাধ্যমত সাহিত্য চৰ্চা কৰা লোকৰ  দৰে  অনলাইন মাধ্যমতো সাহিত্য চৰ্চা কৰা লোক অসম মুলুকত বৃদ্ধি পাব বুলি আশা কৰিব পাৰি।

সাম্প্ৰতিক  অসমৰ  প্ৰেক্ষাপটত  অনলাইন বা ই-সাহিত্য চৰ্চাৰ  প্ৰাসংগিকতা খুবেই দৰকাৰী। কিয়নো  বৰ্তমান সময়ত সামাজিক মাধ্যম হিচাপে ফেচবুক আদিৰ দৰে জনপ্ৰিয় মাধ্যমসমূহে সামাজিক চেতনা বৃদ্ধিৰ লগতে মানুহৰ  কিছুমান সুপ্ত প্ৰতিভা প্ৰকাশ আৰু বিকাশৰো উপযুক্ত ক্ষেত্ৰ হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কেৱল ছপা আখৰতেই  আৱদ্ধ থকা  আমাৰ সাহিত্যসমূহে ডিজিটেল মাধ্যমৰ জৰিয়তেও  যদি জনপ্ৰিয়তা  লাভ কৰিবলৈ সক্ষম হয় তেন্তে সেই দিশৰ প্ৰতি লেখক, সাহিত্যিক, পঢ়ুৱৈসকল স্বাভাৱিকতে আকৃষ্ট হ’ব। বৰ্তমানৰ যুগটো হৈছে তথ্য-প্ৰযুক্তিৰ যুগ। অনলাইন মাধ্যমৰ জৰিয়তেই আজিকালি বহুতো কথা হৈ থাকে তেনেক্ষেত্ৰত  সাহিত্য চৰ্চাৰ মাধ্যম হিচাপে অনলাইন ব্যৱস্থা খুবেই সময়োপযোগী  আৰু  প্ৰাসংগিক। অনলাইন সাহিত্য চৰ্চাৰ  ক্ষেত্ৰত আহি পৰা বা দেখা পোৱা অসুবিধাসমূহ হয়তো সদায় নাথাকে। কিয়নো  উন্নত চিন্তা-চৰ্চা আৰু উন্নত  প্ৰযুক্তিয়ে এই সকলো সমস্যা অৱশ্যেই  নোহোৱা কৰিব।

অনলাইন  সাহিত্য চৰ্চাৰ  ক্ষেত্ৰত  কিছু অসুবিধা  অৱশ্যেই আছে আৰু অসুবিধা থাকিবই। বিশেষকৈ অসমত। তথাপি একে ঠাইতে থাকি পৃথিৱীৰ বিভিন্ন স্থানত থকা সাহিত্যৰ  সমলসমূহ পঢ়িব পৰা বা বিচাৰি পোৱাৰ দৰে অসমীয়া ভাষাৰ লেখক-পঢ়ুৱৈ সকলেও নিজৰ লেখা আদি আনৰ মাজত এই মাধ্যমৰ  জৰিয়তে খুব কম সময়ৰ ভিতৰতে  বিলাই দিব পাৰে।

সামাজিক  মাধ্যম বা বৈদ্যুতিক  মাধ্যমৰ  মেলা, সাহিত্য চৰ্চাক আগৰ দৰে উপেক্ষা কৰা নাযায় বৰং  বৰ্তমান সময়ত এই ধাৰণাৰ সলনি হৈছে আৰু এই পৰিবেশ উন্নত হোৱাৰ লগতে সামাজিক  মাধ্যমৰ  জৰিয়তে সাহিত্য চৰ্চা কৰা বিষয়টোৱে  বিশেষ সমাদৰ আৰু গুৰুত্ব লাভ কৰা পৰিলক্ষিত হৈছে।

আজিকালি সকলো ছপা আলোচনী,বাতৰি-কাকত আদিৰো নিজাকৈ ৱেবচাইট থাকে। অনলাইনত উপলব্ধ সংস্কৰণো  সুলভ। তেনেক্ষেত্ৰত  অসমীয়া  আলোচনী বা তেনে ধৰণৰ পুস্তিকা তথা সাহিত্যৰ সোৱাদ লোৱাৰ ক্ষেত্ৰত কোনো অসুবিধা হোৱাৰ আশংকা  নাথাকে। বিভিন্ন  ম’বাইল আৰু কম্পিউটাৰ  এপৰ জৰিয়তে পঢ়িব পৰা, অসমীয়া ভাষাত  নিয়মীয়াকৈ  প্ৰকাশ হৈ থকা বিভিন্ন সাহিত্যৰ সম্ভাৰসমূহ প্ৰকাশৰ অনলাইনৰ যিসমূহ মাধ্যম সেইসমূহে  ই- সাহিত্যক স্থায়িত্ব প্ৰদানৰ লগতে এটা স্থান লোৱাৰ ক্ষেত্ৰতো  সহায় কৰিছে। ই-মেইল  যোগে  প্ৰচলিত সাহিত্যৰ কথাও এই ক্ষেত্ৰত উনুকিয়াব পাৰি।

প্ৰকাশৰ সুবিধা, বিতৰণৰ সুবিধা, পৰিবহণৰ সুবিধা, সংৰক্ষণৰ সুবিধা, ন্যুনতম ব্যয়, যিকোনো সময়তে (সুবিধা মতে) আৰু যিকোনো  ঠাইতে  পঢ়াৰ  সুবিধা ই-সাহিত্য অনলাইন মাধ্যমত সুলভ। যিটো আন ছপা মাধ্যমৰ ক্ষেত্ৰত সুলভ নহয়।

অনলাইন ব্যৱস্থাৰ জৰিয়তে মুৰ্হূতৰ ভিতৰতে পৃথিৱীৰ এটা কোণৰপৰা আন এটা কোণলৈ প্ৰেৰণৰ  সুব্যৱস্থা থকা এই মাধ্যমে বিশ্বৰ  প্ৰতিটো কোণলৈ ইয়াৰ সম্প্ৰসাৰণ ঘটাব পাৰে।

অসমীয়া সাহিত্য চৰ্চাৰ ক্ষেত্ৰত  অনলাইন মাধ্যম বা অসমীয়া  ই-সাহিত্যৰ যি যাত্ৰা সি ছপা  মাধ্যমৰ সমান ফেৰ মাৰিব পৰা হোৱা নাই যদিও  সাহিত্যৰ ক্ষেত্ৰখনত  নিজা এক আসন  লাভ কৰিব পৰাৰ  পূৰ্ণ সম্ভাৱনা যে  আছে সেই কথা নুই কৰিব নোৱাৰি। সাহিত্য চৰ্চাৰ ক্ষেত্ৰত অসমীয়া ছপা মাধ্যমৰ  তুলনাত অনলাইন সাহিত্য  চৰ্চাৰ বিষয়টো  খুবেই  নতুন। ই-সাহিত্যৰ যাত্ৰা আজিও এক প্ৰকাৰ নতুন বুলিয়ে ক’ব পাৰি। সাহিত্য চৰ্চাৰ মাধ্যম হিচাপে ছপা আৰু অনলাইন মাধ্যম  দুয়োটাৰে মাজত যথেষ্ট পাৰ্থক্য আছে৷ এই দুই মাধ্যমৰ মাজত  সামঞ্জস্য থকাটো  খুবেই প্ৰয়োজনীয়। কিয়নো এই দুই মাধ্যমৰ জৰিয়তে লেখক-পঢ়ুৱৈ উভয়ে উপকৃত হ’ব পাৰে। আৰু সেই বাবেই  এই দুয়োটা মাধ্যম  ইটো-সিটোৰ পৰিপূৰক  হোৱা উচিত। অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাৰ ক্ষেত্ৰত এই  অনলাইন সাহিত্যৰ  বিশেষ ভূমিকা আছে। বহু কিশোৰ-কিশোৰী তথা সাহিত্যৰ প্ৰতি ৰাপ আৰু ৰুচি থকা লোকে  অৱসৰৰ  সময়ত বা নিজকে ব্যস্ত ৰাখিবৰ বাবেও অনলাইন  সাহিত্য সৃষ্টিত মনোনিৱেশ কৰা দেখা গৈছে। সেই ফালৰ পৰা চাবলৈ গ’লে  অনলাইন সাহিত্য মূলতঃ  স্ব-সম্পাদিত আৰু স্ব-প্ৰকাশিত এক মাধ্যম হ’লেও সাহিত্য সৃষ্টিৰ  ক্ষেত্ৰত, নতুন -নতুন লেখক সৃষ্টিৰ ক্ষেত্ৰত এই মাধ্যম  অদ্বিতীয়।

ভৱিষ্যতে সামাজিক মাধ্যমত, অনলাইন মাধ্যমত সাহিত্য  চৰ্চা কৰা লোকৰ  সংখ্যা আশানুৰূপ ভাবেই বাঢ়িব। সাম্প্ৰতিক সময়তেই  কাগজ-কলমতকৈ  ম’বাইলত  বা আন বৈদ্যুতিক মাধ্যমৰ প্ৰতি উঠি  অহা প্ৰজন্মৰ যি হাবিয়াস সেই হাবিয়াস  আৰু আন সৃষ্টিশীল কৰ্ম (সাহিত্য আদি সৃষ্টিৰ ক্ষেত্ৰত)  অনলাইন মাধ্যমকেই  অধিক গুৰুত্ব দিয়া আৰু সহজ যেন  অনুভৱ কৰে। তেনে ক্ষেত্ৰত অনলাইন মাধ্যমে অৱশ্যেই অধিক  গুৰুত্ব লাভ কৰিবলৈ সক্ষম হ’ব। সাহিত্য কৰ্ষণ আৰু  সাধনাৰ থলী হিচাপে  অনলাইন মাধ্যমৰ  সমাদৰ  আৰু প্ৰয়োজনীয়তা  কেতিয়াও  অস্বীকাৰ কৰিব নোৱাৰি। মাধ্যম মূল কথা নহয়। সাহিত্য চৰ্চাই যাতে নতুন লেখক তথা পঢ়ুৱৈ  সৃষ্টি কৰিব পাৰে  সেইটোহে মূল কথা। অসমীয়া  সাহিত্য চৰ্চাৰ ক্ষেত্ৰত  ছপা মাধ্যমৰ  দৰে  অনলাইন  মাধ্যমেও  যদি  সমাদৰ আৰু  প্ৰচাৰ তথা প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হয় তেনেহ’লে  অসমীয়া সাহিত্য চৰ্চাৰ বিষয়টোৱে  এক নতুন গতি  লাভ কৰিবলৈ অৱশ্যেই  সক্ষম হ’ব।

************

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *