স্তৱক-শিখা গোস্বামী মহন্ত

১.                   

#গোলাপ

প্ৰিয়ই আছিল

ভয় আছিল ৰক্তাক্ত হোৱাৰ

২.

#বৰষুণ

বুলিলেই মনত পৰে ‘অৰুন্ধতী’ৰ কবিলৈ

পেভিলিয়নত ভৰি থোৱাৰ আগতেই পলায়িত মই

৩.

“#ৰূপালী ৰং চুলিত লাগিছে বেয়া নেদেখি লাগক”

এতিয়া এডাল-দুডাল চুলিত সময়ৰ আঁচোৰ

দিন আগবঢ়াৰ লগে লগে ভাবিছোঁ

কাহানিও প্ৰিয় হ’ব নোৱাৰা ৰংটোৱেই হ’ল বগা

৪.

#বেলি_ডুবাৰ_আগতেই_আহা

এবাৰৰ বাবে হ’লেও অন্তিমবাৰৰ বাবেই

শীৰ্ণ দুহাতত সঞ্চাৰিত আবেগৰ সৰ্বোত্তম আভা ঢালি

একেলগে পাঠোদ্ধাৰ কৰোঁ মৌনতাৰ শ্ৰেষ্ঠ আলাপ

************

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *