স্বাস্থ্য আৰু চাইকেল-হৰগোবিন্দ দাস
এনে এটা সময় আছিল- যিসময়ত পৰিয়াল এটাত এখন চাইকেল থকাটো পৰিয়ালটিৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছিল ৷কিন্তু অতি সাম্প্ৰতিক কালত দিনে দিনে , ক্ষণে ক্ষণে চাইকেলৰ গুৰুত্ব যেন বহু পৰিমাণে হ্ৰাস পাইছে।
১৮১৭ খ্ৰীষ্টাব্দত জাৰ্মান বিজ্ঞানী বেৰণ কালভনৰ চাইকেলৰ প্ৰথম নমুনাক সম্বল কৰি ভিন্নজনৰ নিৰলস সাধনাৰ ফলত অনেক ৰূপান্তৰৰ মাজেৰে চাইকেলে যাতায়াত ব্যৱস্থাত এক বিৰল কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু বৰ্তমান সময়ত চাইকেলৰ
গুৰুত্ব,জনপ্ৰিয়তা অভূতপূৰ্বভাৱে কমি অহা পৰিলক্ষিত হৈছে ৷ সম্প্ৰতি চাইকেলৰ বিকল্পস্বৰূপে বিভিন্ন মডেলৰ বাইক, স্কুটি, সৰু চাৰিচকীয়া বাহনক যাতায়াতৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰি চাইকেলক যেন এলাগী কৰি তুলিছে ৷
উল্লেখযোগ্য যে- আজিৰ নব্য আধুনিক যুগত মানৱৰ অসীম ব্যস্ততা।সেই দিশৰপৰা চাবলৈ গ’লে বাইক, স্কুটি,চাৰিচকীয়া বাহনেৰে নিজৰ সময় বচাই চলিবলৈ প্ৰযত্ন কৰাটো নিশ্চয় বেয়া কথা বুলি ক’ব নোৱাৰি ৷
তৎস্বত্বেও এই লেখাৰ জৰিয়তে চাইকেলৰ সপক্ষে কিছু কথা ব্যক্ত কৰিবলৈ প্ৰয়াস কৰা হৈছে ৷ কাৰণ – “দেহাই বেহা, দেহা নহ’লে কিহৰ বেহা“ বুলি মানুহে কৈ আহিছে ৷ মানুহ সুখী হ’বলৈ হ’লে, নিজৰ পৰিয়াল-পৰিজনক তথা সমাজক সুপৰিকল্পিতভাবে পৰিচালনা কৰিবলৈ মানুহ নিৰোগী হৈ থকাটো নিতান্তে বাঞ্ছনীয় ৷ সেই কথা গ্ৰীক সকলে অনুভৱ কৰি এক মতবাদ সৃষ্টি কৰিছিল-“ সুস্থ দেহত , সুস্থ মন” বুলি ৷
সাম্প্ৰতিক সময়ত মানুহৰ বিৰামহীন ব্যস্ততা,নানা ৰকমৰ ভেজাল খাদ্য সেৱন, প্ৰদূষিত বায়ু গ্ৰহণ, অতি আৰামপ্ৰিয় শাৰীৰিক পৰিশ্ৰমহীনতা আদি ভিন্ন কাৰণত মানুহৰ অলেখ ৰোগ- ব্যাধি আৰু মানসিক অস্থিৰতা বৃদ্ধি পাই অহাটো সৰ্বজনবিদিত ঘটনা ৷ৰোগীৰ তুলনাত চিকিৎসকৰ সংখ্যা বহুত কম হোৱা হেতু চিকিৎসালয়সমূহত বিৰ দি বাট নোপোৱা অৱস্থা।
এনে জটিল পৰিস্থিতিত মানুহৰ স্বাস্থ্য ৰক্ষা আৰু আৰ্থিক ক্ষেত্ৰত চাইকেলে কিছু পৰিমাণে হ’লেও নিশ্চয় সকাহ দিব পাৰে বুলি কোৱাৰ থল আছে ৷ নিম্নাংশত কেইটামান উদাহৰণ ডাঙি ধৰা হ’ল —-
(অৱশ্যেই চাইকেলখন যান্ত্ৰিক বিজুতি মুক্ত হোৱাটো প্ৰয়োজনীয়)
(১) বাইক বা গাড়ীৰ তুলনাত চাইকেলৰ খৰচ নাই বুলিবই পাৰি।
(২) চাইকেলত কোনো ইন্ধনৰ প্ৰয়োজন নহয় ৷ফলত ই প্ৰকৃতিপ্ৰদত্ত ইন্ধন ৰাহি কৰাত সহায় কৰে।
(৩) চাইকেলে কোনো ধৰণৰ প্ৰদূষণৰ সৃষ্টি নকৰে।
(৪) কম মূলধনেৰে ইয়াক ক্ৰয় কৰিবপৰা যায় আৰু ইয়াৰ মেৰামতিৰ খৰচ কম।
(৫) অন্যান্য বাহনতকৈ দুৰ্ঘটনাৰ সম্ভাৱনা যথেষ্ট কম।
(৬) চাইকেল চলোৱা ব্যক্তিৰ নিয়মিতভাৱে তেজ চলাচল হোৱাত সহায় কৰে বাবে এনে ব্যক্তিৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি পায় আৰু হৃদপিণ্ড সবল কৰি ৰখাত সহায় কৰে লগতে শাৰীৰিক শক্তিও আটুট ৰাখে।
(৭) চাইকেল চলোৱা ব্যক্তিৰ সিৰা-উপসিৰা , হাড় আদি মজবুত হৈ থাকে।
(৮)নিয়মিত চাইকেল চালনাই দেহক চৰ্বি মুক্তকৈ ৰখাত সহায় কৰে।
(৯) চাইকেল আৰোহীৰ হজম শক্তি বাঢ়ে। ফলস্বৰূপে অনেক বেমাৰ আঁতৰি থাকে।
(১০) চাইকেল চলাবলৈ বিভাগীয় কোনো প্ৰমাণপত্ৰৰ আৱশ্যক নহয় ৷খৰচৰো প্ৰয়োজন নহয়।
(১১) নিয়মিত চাইকেল চলোৱা ব্যক্তিৰ দেহ-মন ভালে থাকে ৷ সেয়ে ভালেমান ৰোগে অপকাৰ কৰিব নোৱাৰে।
(১২) ডায়েবেটিছ ৰোগী , অতিমাত্ৰা শকত ব্যক্তিৰ বাবে চাইকেল চলোৱাটো উত্তম ব্যৱস্থা বুলি ইতিমধ্যে বিভিন্ন মাধ্যমত প্ৰচাৰ হৈ অহাতো প্ৰণিধানযোগ্য ৷
আনপিনে বাইক, চাৰিচকীয়া বাহনৰ ঋণাত্মক দিশসমূহ হ’ল—
(১) বহু পৰিমাণৰ ইন্ধনৰ প্ৰয়োজন হেতু অধিক আৰ্থিক ব্যয় বহন কৰিব লগা হয়।
(২) এই বাহনসমূহৰ অতিমাত্ৰা প্ৰচলনে বায়ু, শব্দকে আদি কৰি বিভিন্ন ক্ষেত্ৰত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি কৰে।
(৩) চাইকেলতকৈ দুৰ্ঘটনাৰ সম্ভাৱনা বহু বেচি।
(৪) চালকে সময়ত আঠুৰ বিষ, কঁকালৰ বিষত ভুগিবলৈ বাধ্য হয়।
(৫) অযথা গাড়ী চলাচলে যানজঁটৰ সৃষ্টি কৰে আৰু ৰাইজে দুৰ্ভোগ ভুগিব লগা হয়।
(৬) চালকৰ চকু, কাণ আৰু মগজুৱে অতিৰিক্ত বোজা বহন কৰিব লগা হোৱাৰ ফলত মানসিক অৱসাদত ভোগে।
(৭) চালকৰ ৰক্ত সঞ্চালন নিয়মিত নোহোৱাৰ ফলত সিৰা উপসিৰা ৰোগাক্ৰান্ত হ’ব পাৰে।
(৮) শাৰীৰিক পৰিশ্ৰমহীনতাৰ বাবে শৰীৰত চৰ্বি বৃদ্ধি হয় আৰু হজম শক্তিৰ গণ্ডগোল হ’ব পাৰে।
(৯) সদায় গাড়ীত চলাফুৰা কৰা ব্যক্তি কিছু পৰিমাণে পৰমুখাপেক্ষী হৈ পৰে আৰু কেতিয়াবা আহুকালত পৰিবলগীয়া হয়।
উক্ত আলোচনাৰ পৰা দেখা যায় যে– বাইক, স্কুটি , চাৰিচকীয়া বাহনতকৈ মানুহৰ স্বাস্থ্য ৰক্ষাৰ নিমিত্তে চাইকেল বহু বেচি উপকাৰী ৷
প্ৰিয় পাঠক, আমাৰ এই আলোচনাৰে দ্ৰুতবেগী বাহনসমূহৰ প্ৰয়োজনীয়তাক নস্যাৎ কৰিব বিচৰা হোৱা নাই ৷ একবিংশ শতিকাৰ ব্যস্ততাপূৰ্ণ জীৱনত এইবোৰে আমাক নিশ্চিতভাবে সহায় কৰে ৷ আমি মাথোঁ ক’ব বিচাৰিছোঁ — বদ্ অভ্যাসবশতঃ, এলাহ, বা আভিজাত্য প্ৰদৰ্শনৰ বাবে অপ্ৰয়োজনীয়ভাবে বাহন ব্যৱহাৰ কৰি নিজৰ ক্ষতি কৰাৰ উপৰিও ৰাইজকো অসুবিধা দিয়াৰপৰা বিৰত থাকিলে সকলোৰে বাবেই মঙ্গল ৷
সম্প্ৰতি এনে ঘটনাও সহজ লভ্য যে – ৫০ মিটাৰ আঁতৰৰ চ’কটোলৈ পাণ এখন খাবলৈকো বাইক বা গাড়ীখন লৈহে ওলাই যায় ৷ঘৰৰপৰা অকণমান আঁতৰৰ ‘জীম’ত যাওঁতেও বাহনখন লৈহে যায়। ’জীম’ত গৈ আকৌ চাইকেলৰদৰে মেচিনত পেডেল মাৰি শৰীৰ চৰ্চা কৰা দেখা যায় য’ত আকৌ মাচুলৰ প্ৰয়োজন হয়। এইবোৰ বাৰু অসচেতনতাৰ পৰিচায়ক নহয় নে ? চিন্তনীয় বিষয় হ’ব পাৰে নে ?
সামৰণিত এটি বিনম্ৰ আহ্বান —-
আহক,আমি সকলোৱেই নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হৈ অপ্ৰয়োজনীয়ভাবে গাড়ী,বাইক,স্কুটী চলোৱাৰ অভ্যাস ত্যাগ কৰি নিয়মিতভাৱে অকণমান সময় চাইকেল চলোৱাৰ অভ্যাস কৰি নিজৰ লগতে সমাজৰো মঙ্গল সাধন কৰোঁ।
************