হাট!-ৰিমঝিম বৰঠাকুৰ
অকণ হাটলৈ যাব আজি। আহ্, কিমান বছৰৰ মূৰত সি হাটলৈ যাব। সেই স্কুলত পঢ়ি থাকোঁতেই চাগে তাৰ শেষ হাটলৈ যোৱা। তাৰপিছত পঢ়িবলৈ বুলি ঘৰৰপৰা বাহিৰত থাকিবলৈ লোৱাৰপৰা এতিয়া চাকৰি কৰালৈকে তাৰ ঘৰলৈ যিকেইটা দিন থকাকৈ অহা হয় ইটো সিটো কিবাকিবি কৰোঁতেই গুচি যায়। দেউতাকে হাটত কিবাকিবি বেচি ঘৰ চলোৱা কাহিনীবোৰো বহুত পুৰণি হ’ল। হয়তো সি স্কুলৰ দেওনা পাৰ হোৱাৰ পিছৰেপৰা সেইবোৰ নোহোৱা হ’ল। পিছলৈ ঘৰৰ বস্তুকেইটাহে আনিবলৈ যায়। শেষত বজাৰলৈ যোৱা মানুহটো একেবাৰে নোহোৱা হোৱাৰ পিছত হাটৰ নামটো শুনিবলৈকে নোপোৱা হ’ল সি। কিবা দৰকাৰ হ’লে ভায়েকে সেই ঘৰৰ ওচৰত বহা দৈনিক বজাৰখনৰপৰাই ইটো-সিটো লৈ আহেগৈ। বাকী গেলামালৰ কাৰণে এখন দোকানতো আছেই সিহঁতৰ। বহুত দিন ধৰি সেইখনৰপৰাই খাই আহিছে। সেয়েহে হাটলৈ যাব লগা নহয়। এইবাৰ বিয়া পাতিবলৈ বুলি ঘৰলৈ আহি অকণৰ খুউব মন গৈছে এবাৰ তাৰ হাটলৈ যাবলৈ।
: পিতাই অ’ মোকো নিবি?
চাইকেলৰ আগফালে কাচকল দুআশি আৰু কলডিল পাঁচটা বান্ধি কেৰিয়াৰত বাঁহৰ কামিৰে বন্ধা সজা দুটাত পাৰ দুযোৰ বান্ধি হাটলৈ যাবলৈ ওলোৱা দেউতাকক আবদাৰ কৰিলেহি তৃতীয়মানত পঢ়ি থকা অকণে।
দেউতাকৰ লগত অকণৰ হাটলৈ যাবলৈ বৰ মন নাযায়, আগতেও দেউতাকক খোচামতি কৰিছে যদিও সুযোগটো অহা নাই। আজি স্কুল বন্ধৰ সুযোগটো পাই সি নেৰানেপেৰাকৈ লাগিছে তাক নিবই লাগিব।
: নালাগে দে আজি বেলেগ এদিন যাবি।
: নাই নহ’ব সদায় মিছা কথা কৱ। আজি মোক নিবই লাগিব…..
বুলি চাইকেলত বহিবলৈ ধৰা দেউতাকক পিছফালৰপৰা টানিবলৈ ধৰিলে। দেউতাকেও উপায় নোহোৱাত ‘যাহ সাউৎকৈ কামিজটো গাত সুমুৱাই আহ’ বুলি ক’বলৈহে পালে, অকণে একেলৰে গৈ পালেংখনৰ ওপৰত পৰি থকা চাৰ্টটো গাত সুমুৱাই বুটাম নমৰাকৈয়ে দৌৰি আকৌ দেউতাকৰ ওচৰ পালেহি। আগফালে বহুৱাই দেউতাকে যি তাক সেইদিনা লগত লৈ গ’ল, সেইটো প্ৰতি শনিবাৰে নিত্য-নৈমিত্তিক ঘটনালৈ পৰিণত হ’ল। শনিবাৰে স্কুল ক্ষতি কৰি হাটলৈ যোৱা অকণে স্কুলৰ টিনৰ বাকচটোতে তাৰ পঢ়া-শুনাৰ যোগাৰো লৈ যায় লগতে। সময় পালে সেইবোৰ আওৰাই থাকে। এনেও সিহঁতে বৰ বেছি দেৰি হাটত বহিবলগীয়া নহয়, গ্ৰাহক পালেই যিকেইটা বস্তু থাকে দামে-দৰে মিলিলে দেউতাকে বিকি দি তাৰে দুটামান হাত কৰি থৈ ঘৰলৈ বুলি আকৌ সপ্তাহটো জোৰাকৈ লৈ যায় কিবা দুটামান।
: কি নাম?
সিহঁতৰ কাষতে বহি থকা অকণমানি ছোৱালী এজনীলৈ চাই অকণে সোধোঁ নোসোধোঁকৈ সুধিলে। সদায় দেখি থাকে অথচ মাত দিম বুলিও ছোৱালীজনীৰ যিহে কথা সি ভয়ত তাপ মাৰে। বয়সত সমনীয়াই হ’ব দুয়োটা।
: কাৰ নাম?
নীলা তিৰ্পালখনৰ ওপৰত সিচৰতি কৰি থোৱা মাছকেইটা থূপাই আনি কাষতে থকা এলুমিনিয়ামৰ বটুৱাটোৰপৰা হাতেৰে পানী উলিয়াই আনি মাছখিনিৰ ওপৰত সিচি দি তাই তাক সুধিলে।
: তোৰ নাম আকৌ।
: ফুলমণি।
: মোৰ নাম অকণ।
তাই নিজৰ নামটো কৈ তাৰটো সুধিবলৈ অকণো আগ্ৰহ প্ৰকাশ নকৰিলে যদিও সি উপযাচি তাৰ নামটো তাইক ক’লে।
: তোৰ নাম অকণ মই কি কৰিব লাগে?
তাইৰ উত্তৰটো শুনি ‘এইজনী বৰ মুখেশ্বৰী’ বুলি মনতে ভোৰভোৰাই সি ফলিগুটি উলিয়াই লৈ কিবাকিবি লিখাত লাগিল। মাজে মাজে তাইলৈ কেৰাহিকৈ চায়ো। তায়ো সিনো কি লিখিছে সি নেদেখাকৈয়ে ডিঙিটো বেঁকা কৰি চাবলৈ যত্ন কৰে। সি আকৌ মূৰটো তোলা যেন পালেই তাই সিফালে মুখ কৰে।
এনেদৰেই চিনাকি অকণ আৰু ফুলমণি চকুৰ আগতেই ডাঙৰ হৈ আহিল। অকণে ফুলমণিক কিবাকিবি লিখিবলৈ পঢ়িবলৈ শিকায় যদিও তাইৰ সেইবোৰৰ প্ৰতি গুৰুত্ব নাই।
: তই স্কুল কিয় নাযাৱ?
: তই কিয় নাযাৱ?
অকণে সোধা প্ৰশ্নটো ফুলমণিয়ে ওলোটাই তাকে আকৌ সুধিলে।
: মই যাওঁতো। কেৱল শনিবাৰেহে নাযাওঁ। বিদ্যা শপত।
অকণে তাৰ হাতত থকা ফলিখনতে হাতটো দি ফুলমণিলৈ চাই ক’লে।
: তইনো কিয় নাযাৱ?
: মই স্কুললৈ গ’লে বাবাৰ লগত হাটলৈ কোন আহিব?
: কিয় বাবা অকলে আহিব নোৱাৰে?
: নোৱাৰেতো।
তায়ো একে সুৰতে অকণক উত্তৰটো দি তাই বটুৱাটোৰ ভিতৰত হাতটো ভৰাই এনেই পানীখিনিত খলখলাই দিয়ে।
: মই তোক পঢ়াম আৰু তই পঢ়িব লাগিব।
: তেন্তে তই মোৰ লগত হাটৰ পিছত চৰাই বাহ সলোৱা খেলিব লাগিব। খা বিদ্যা শপত।
ফুলমণিয়ে তাৰ হাতখন ধৰি ফলিখনত আকৌ এবাৰ লগাই দি কথাকেইটা ক’লে।
: ঠিক আছে হ’ব।
অকণে কথাকেইটা তেনেকৈ ক’লে যদিও তাৰ পিছৰপৰা তাৰ হাটলৈ অহাটো কমিল। সদায় শনিবাৰে স্কুল ক্ষতি কৰাত হেড ছাৰৰ এদিন কথাটো চকুত পৰিল। ইফালে অকণ পঢ়া-শুনাতো ভাল। অকণমান ঘৰত জোৰ দিলেই চতুৰ্থমানৰ বৃত্তিটো ৰ’ব। সেয়ে ঘৰত আহি কথাকেইটা মাক-দেউতাক আৰু তাৰ আগত আহি কৈ গ’লহি। সেইদিন ধৰি অকণৰ হাটলৈ অহা মুদা মৰিল। স্কুল ছুটীৰ পিছতহে অকণমান সোমাই ফুলমণিৰ লগত দুই এটা কথা পাতি যায় আৰু তাইক অহা শনিবাৰে কৰি আনিবলৈ কিবা দুটামান দি থৈ যায়। সি তাইক পঢ়াবলৈ লোৱাৰপৰাই তায়ো ফলি এখন মোনাতে ভৰাই লৈ আনে। এতিয়া লাহে লাহে জোঁটাই জোঁটাই তাই নিজৰ নামটো লিখিব পৰা হৈছে। তথাপিও পঢ়াত অকণো মন নাই। অকণে তাইৰ লগত হাটৰ শেষত খেলা-ধূলা নকৰে বুলিহে ভয়ত সেইকেইটা শিকিছে।
অকণে চতুৰ্থমানৰ বৃত্তি দি বৃত্তিটো ৰাখি স্কুলৰ নামটো ৰাখিলে। পঞ্চম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ পাছত তাৰ স্কুলখন সলনি হ’ল, একেবাৰে হাটৰ কাষতে লাগি থকা স্কুলত দেউতাকে নামটো লিখাই দিলে। পঞ্চম শ্ৰেণী পাই সি ইংৰাজী লিখিবলৈ শিকিছে। তাৰ নামটো ইংৰাজীত লিখিবলৈ পোৱাৰ আনন্দভাগি ফুলমণিকো দিবলৈ সি দৌৰি দৌৰি স্কুল ছুটীত তাইৰ ওচৰ পালেহি। ইফালে আকৌ এগৰাকীৰ ঠেহ, আজিকালি বোলে স্কুলখন ওচৰত হৈয়ো তাৰ আহিবলৈ সময় নাই। এতিয়া আকৌ ইংৰাজী শিকিছে। তাই তাৰ নামটো ইংৰাজীত দেখি একেষাৰে তাৰ মুখলৈ চাই কৈ উঠিল,
: তই নিজেই শিকিছ শিকি থাক, মোক কিন্তু আৰু নিশিকাবি। মোৰ হৈ গ’ল পঢ়া।
এইজনীৰ পঢ়ালৈ ইমান ভয় বুলি মুখখন ভেঙুচাই থৈ সি তাইক হাটতে এৰি ঘৰ পায় ।
গৰমৰ বন্ধ খোলাৰ পিছৰ কোনোবা এটা দিন। অত্যন্ত গৰম। বাহিৰত চৰি থকা গৰু-ছাগলীয়েও উঠি আহি ৰ’দত ঘাঁহ খাবলৈ মন কৰা নাই। গছৰ তলতে আগৰ খোৱাসোপা পাগুলি পাগুলি গৰুবোৰে টোপনি মাৰিছে। গছৰ পাত এখিলায়ো নিজৰ গাটো লৰাই বতাহ এছাটি মাৰিবলৈ অক্ষম টিকা ফটা ৰ’দত। স্কুলৰ উৎপতীয়া ল’ৰা-ছোৱালীকেইটায়ো পানী খোৱা ছুটীত দৌৰাদৌৰি নকৰি বহি আছে। অকণহঁতৰ লগৰকেইটাৰ কোনোবা এটাই আমলখি, নিমখ, জলকীয়া কাটি আনিছিল ঘৰৰপৰা। সিহঁতকেইটাই সেইখিনি লৈ স্কুলৰ পিছফালৰ গছ এজোপাৰ তলত বহি লৈছে। সিহঁতৰ কথাৰ শেষ নাই। এপাকত ওলাল বিয়াৰ কথা কোনে কাক বিয়া পাতিব। কোনোবা এটাই ক’লে সি সিহঁতৰ সমাজ অধ্যয়নৰ বাইদেউকে পাতিব বিয়া। এনেই সি সমাজ অধ্যয়ন বেয়া পায়, বাইদেউক বিয়া পাতিলে অন্ততঃ সি নপঢ়াকৈয়ে নম্বৰকেইটা পাব। সৱৰে কথা শুনি থকা অকণে ঘপককৈ কৈ উঠিল যে সি বিয়া ফুলমণিক পাতিব। ফুলমণিৰ নামটো তাৰ মুখৰপৰা ওলাবলৈ পালেহে সবেই তাক ফুলমণিৰ লগত যোৰা দিবলৈ ধৰিলে। পঞ্চম শ্ৰেণীত পঢ়ি থকা অকণে সেইসময়ত কি বুজিছিল সি নিজেই নাজানে কিন্তু কথাটো ফুলমণিক ক’বলৈ সি ব্যগ্ৰ হৈ উঠিল। তাৰ সেইসময়ত শনিবাৰটো কেতিয়া আহে যেন লাগিল।
হাতত দুটকাৰ মিছল লৈ স্কুল ছুটীৰ পিছত দৌৰি দৌৰি অকণ বজাৰ পালেহি। একে কোবে সিহঁত আৰু ফুলমণিহঁত বহা জেগাখিনি পাই ফুলমণিক নেদেখি চকুকেইটা বজাৰৰ চাৰিওফালে পিতপিতাই উঠিল। নাই তাইক চকুদুটিয়ে ঢুকি নাপালে। গ্ৰাহকৰ লগত ব্যস্ত থকা ফুলমণিৰ দেউতাকক তাইৰ কথা সুধিম বুলি মেলা মুখ মেলাতে আছে অকণৰ। কথাটো সুধিবহে পৰা নাই। এবাৰত মানুহ কমা যেন লগাত সাউৎকৈ সুধিয়েই পেলালে,
: খুড়া ফুলমণি?
: অ তাই ভিতৰ সোমাল অ’ পিতাই।
: ভিতৰ সোমাল মানে?
অকণৰ পিছৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ সময় নহ’ল ফুলমণিৰ দেউতাকৰ। যিকেইটা মাছ আছিল ৰৈ থকা গ্ৰাহক দুজনক বৰ বেছি দাম-দৰ নকৰি বিকি কৰি ঘৰলৈ যাবলৈ ওলাল।
: যাওঁ দে পিতাই, আজি ঘৰত বহুত কাম..
বুলি কৈয়ে বটুৱা, তিৰ্পাল সামৰি ফুলমণিৰ দেউতাকে চাইকেল পোনালে।
অকণ সেইদিনা শান্তিত থাকিব নোৱাৰিলে। ভাতকেইটা খাবলৈ বহিও তাৰ চিন্তা ফুলমণিৰ ভিতৰ সোমোৱাটোক লৈহে। তাই যে আজিহে ভিতৰ সোমাইছে, ইমান দিন কি ঘৰৰ বাহিৰত আছিল নেকি! তাৰ মূৰত খুন্দিয়াই থকা কথাবোৰে তাক বৰ আহুকাল দিছে। উপায় নাপাই ভাতৰ পাতত বহি থাকিয়ে কাষতে খাবলৈ বহা মাকক সুধিলে,
: মা ভিতৰ সোমোৱা মানে কি?
মাকে তাৰ প্ৰশ্নটোৰ উত্তৰ নিদি তাকহে ওলোটাই সুধিলে,
: কোন ভিতৰ সোমাল?
মাকৰ প্ৰশ্নটোত অকণে থতমত খাই কি উত্তৰ দিব ভাবি নাপায় তাৰ মুখত যিটোকে নাম ওলাল তাকেই ক’লে,
: ভনী যে তাই।
তাৰ কথা শুনি মাকে এইবাৰ ভাতকেইটা চোবাই চোবাই ক’লে,
: কেলেই, ভনী দেখোন দুমাহমান আগতেই ভিতৰ সোমাল। তোৰ আজিহে মনত পৰিলেনে? তোক দেখোন লগ লৈছিলোঁ। তইহে নগ’লি দাড়ি নগজিব বুলি।
মাকৰ কথাকেইটা শুনি অকণৰ ভিতৰ সোমোৱা সংজ্ঞাটো বুজিবলৈ বেছি পৰ নালাগিল। এতিয়া মানে ফুলমণিয়ে তাৰ লগত আগৰ নিচিনাকৈ লৰি ঢাপৰি খেলি ফুৰিব নোৱাৰিব! ভনীয়েকক মাকহঁতে এদিন বুজাই থকা সি নিজ কাণেৰে শুনিছিল, এতিয়া বোলে আগৰ নিচিনাকৈ তাইৰ ধিতিঙালি কৰি ফুৰাৰ বয়স গ’ল। অকণৰ কথাটো মনত পৰাত কিবা এটা দুখ লাগিল। ভাতৰ গৰাহটো সি মুখত ভৰাবলৈ লৈয়ো ভৰাব নোৱাৰিলে। ফুলমণিয়ে দেখোন তাৰ লগত নেখেলিলে তাৰ লগেই নোহোৱা হ’ব। আৰু তাৰ যে ফুলমণিক কথাটো ক’বলৈ থাকিয়ে গ’ল। তাই বা বজাৰলৈ আৰু আহেনে নাহে!
: অকণ ঔ, তই দেখোন বজাৰলৈ যাম বুলিছিলি। কাহানিকে যাবি?
চোতালতে পাৰি থোৱা চকীখনত বহি অতীত ৰোমন্থন কৰি বহি থকা অকণক মাকে পিছফালৰপৰা চিঞৰটো লগোৱাতহে তাৰ সম্বিত ঘূৰি আহিল।
: অহ অহ যাওঁ দে। মোনাটো দেচোন।
সি মাকক তাৰ ভাৱনাবোৰ নেদেখুৱাই খপজপাই উঠি মাতটো দিলে।
: ৰহ মই এতিয়াই আনিছোঁ।
বুলি মাক আকৌ ভিতৰ সোমাল। অকণেও কিবা এটা মনত পৰাৰ দৰে মাকৰ পিছে পিছে গৈ মাত দিলে,
: মা ফুলমণিহঁত আহেনে এতিয়া হাটলৈ?
: কোন ফুলমণি অ’?
মাকৰ প্ৰশ্নটো শুনি অকণে তৎক্ষণাত কৈ উঠিল,
: অহ তই চিনি নাপাৱ। পিতায়েহে পাইছিল….
বুলি মাকৰ হাতৰপৰা মোনাখন লৈ সি গাড়ীত বহিল। ‘আজি যদি ফুলমণিক লগ পাই যাওঁ’ গাড়ীখন চলাই গৈ থাকোঁতে অকণৰ মনত কিবা এই অদৰকাৰী চিন্তাবোৰ আহি থাকিল আৰু সি বজাৰ পালেহি। ‘এতিয়া আৰু ক’ত লগ পাম তাইক’ নিজকে নিজে সান্ত্বনা দিয়াৰদৰে কৈ বজাৰৰ ওচৰতে গাড়ীখন পাৰ্ক কৰি থৈ হাতত মোনাটো লৈ অকণ বজাৰৰ ভিতৰলৈ সোমাই গ’ল। মাকে কোৱাটোৱেই হয় বজাৰখনৰ স্থান সলনি হোৱাৰ লগতে ৰূপো সলনি হ’ল । আজিকালি আগৰ দৰে বাঁহৰ খুঁটাৰ ওপৰত খেৰ সুতাৰ চালি দিয়া, কেঁচা মাটিৰ বজাৰ ঘৰ নাই। পকা খুঁটাৰ সৈতে ওপৰত টিনপাত দি তলটো খহটা পকাৰে বজাৰ ঘৰবোৰ কৰিলে।
অকণে এখন দুখনকৈ দোকানত বস্তুৰ দাম সুধি সুধি একেবাৰে সিমূৰ পালেগৈ। যদিও সি শাক-পাচলিৰ বজাৰখনত সোমাল তথাপিও চকুৰে সি বিচাৰি থাকিল বেলেগ কাৰোবাকহে। তাৰ খুউব মন গ’ল আজি ফুলমণিক লগ পাবলৈ। পাচলি বজাৰখন এৰি মাছৰ বজাৰলৈ যাবলৈ ধৰোঁতেই তাৰ ফোনটো বজাতহে মনত পৰিল আজি সি নীলাঞ্জনালৈ ফোন কৰাই নাই নহয়। এইটো নীলাঞ্জনাৰে যদি ফোন হয় সি যে ঠিকচে গালি খাব নিশ্চিত। সি পকেটৰ পৰা ফোনটো উলিয়াই দেখিলে যে তাৰ সন্দেহ সত্য। ফোনটো কাণত লৈয়ে সি কৈ উঠিল,
: মই ফোন কৰিম বুলি ভাবিয়েই আছিলোঁ।
প্ৰেমিকবোৰৰ দৰে সঁচৰাচৰ মিছা কথাটোকে সিয়ো মাতিলে।
: হ’ব গম পাইছোঁ। কোনজনী এক্সৰ লগত আছা কোৱাচোন।
নীলাঞ্জনাই তাক কামোৰ এটা যে মাৰিব বুলি সি ঠিকেই অনুমান কৰিছিল। সেয়েহে তাইৰ সুৰতে সিয়ো ক’লে,
: এতিয়া নকওঁ। আমাৰ গাঁৱৰ বোৱাৰী হৈ যেতিয়া আহিবা তেতিয়া একেবাৰে লগ কৰাই দিম। এতিয়া ৰাখোঁ হা….
বুলি ফোনটো সি কাটি দিলে। এনেকৈ কাটি দিয়াৰ পৰিণাম সি কি হ’ব ভালকৈয়ে বুজিছিল। সকলো শিৰ পাতি ল’বলৈ সাজু আছে কিন্তু এতিয়াৰ এইকণ সময় এৰি দিব নোৱাৰি। জানোচা…
লাহে লাহে অকণ মাছৰ বজাৰখনলৈ সোমাই গ’ল। মাছৰ এখন দোকানো সি এৰি নিদিলে চকুৰ আগৰপৰা। সৱতে পিতপিতকৈ চাই আগবাঢ়ি যাওঁতে হঠাৎ সৰু ছোৱালী এজনীৰ মাত শুনি সি ৰৈ গ’ল। পিছলৈ ঘূৰি চাই দেখিলে অকমানি ছোৱালী এজনী ঠিক ফুলমণিৰ বয়সৰে গ্ৰাহকক কৈ আছে,
: অকণমান ৰ’ব, ককা আহিলেই জুখি দিব।
কিন্তু তাইৰ ককাকলৈ কোন ৰৈ থাকে বুলি এজন দুজনকৈ কাষৰখনত সোমাইছে।
সেই একেই মাজেদি সেওঁতা ফালি দুফালে ৰঙা ফিটা মাৰি আগফালে অকণমানকৈ কেঁকোৰা অলক কপালত পেলাই থৈ মাছ বেচি থকা ছোৱালীজনী। ক’ৰবাত যেন কিবা এটা মিল আছে। অকণে অকণো পলম নকৰাকৈ তাইৰ ওচৰ পালেহি। অকণক দেখি তাই টেপেছকৈ মাতিলেই,
:অকণমান ৰ’ব দেই ককা আহিলেই জুখি দিব।
: কিয় তুমি জুখিব নাজানা?
: নাজানো।
: পঢ়িব জানানে?
: পঢ়িব শিকিছোঁ।
: কোন স্কুলত?
: স্কুল নাযাওঁ।
: কিয়?
: মই স্কুল গ’লে বজাৰলৈ কোন আহিব?
ছোৱালীজনীৰ কথাটো শুনি অকণৰ হাঁহি উঠি গ’ল। আকৌ সুধিম বুলি মুখ মেলোঁতেই সি লক্ষ্য কৰিলে তাই যেন তাক এইবোৰ কথা সুধি থকাৰ কাৰণে বৰ এটা ভালপোৱা নাই। ‘ককাটো যে কেতিয়া আহিব’ বুলি সি শুনাকৈয়ে তাই কথাটো কৈ এবাৰ দুবাৰ ডিঙি মেলি চাই মাছবোৰ লিৰিকি বিদাৰি থাকিল।
: ফলিখন যে আনিছা লিখিব জানা নেকি?
: নাজানিলে আনিম নেকি?
এইবাৰ তাৰ কথাত তাইৰ সঁচাকৈয়ে খং উঠিল। তাইৰ খং দেখি অকণে খুউব ৰং পালে। এইবাৰ তাইক ক’লে,
: লিখিব জানা যদি লিখাচোন মাৰ নামটো।
তাৰ কথা শুনি তাই মুখেৰে বিৰক্তি পোৱাৰ দৰে এটা শব্দ বাহিৰ কৰি ফলিখন হাতত তুলি ল’লে। তাইক ফলিখন লোৱা দেখি অকণৰ মনটো কিবা এটা ভাল লাগি গ’ল। তাই ফলিখন এনেকৈ ল’লে যাতে তাই কি লিখিছে অকণে অকণো নেদেখে। ইফালে অকণো ব্যাকুল তাইনো মাকৰ নামটো কি লিখে তাকে চাবলৈ। তাই মাটি পেঞ্চিলডালেৰে ফলিখনত ঘঁহাই থাকোঁতে এবাৰ মূৰ তুলি দেখিলে ককাক আহি আছে। ককাকক দেখিয়ে তাই য’ৰে ফলি ত’তে পেলাই
“ককা আহি গ’ল,আপুনি ৰখক” বুলি অকণক কথাটো কৈ জেগাৰ পৰা উঠি লৰ দিলে। অকণেও ‘ক’লৈ যোৱা ক’লৈ যোৱা’ বুলি চিঞৰ লগালে। লগতে তাই পেলাই যোৱা ফলিখন তুলি ল’লে। ফলিখন তুলি দেখে যে তাত তাই পেঞ্চিলডালেৰে ঘঁহাই থকাৰ বাদে আখৰৰ আঁক এটাও মৰা নাই। লগে লগে সি ঘূৰি চাই দেখে ছোৱালীজনী তাৰ একেবাৰে কাষত নহ’লেও সি ঢুকি নোপোৱা জেগা এটাতে ৰৈ আছে।
: মই লিখিবলৈ কোৱাটো নিলিখিলা যে?
তাই শুনাকৈয়ে সি মাত দিলে।
: পাহৰি গ’লোঁ ।
: তেন্তে কৈয়ে দিয়া।
সি এইবাৰ বেলেগ এটা বুদ্ধি উলিয়ালে। তায়ো সেইটোৱে সহজ হ’ব বুলি চিঞৰ এটা মাৰিবলৈ ধৰোঁতেই তাইৰে সমনীয়া দুজনীমানক আহি থকা দেখি সিহঁতৰ ফাললৈ লৰ ধৰিলে। তাইক দৌৰা দেখি অকণেও মাত লগাবলৈ ধৰোঁতেই দেখিলে যে তাইৰ ককাক ইতিমধ্যে আহি পাইছেহি। মানুহজনক দেখি অকণৰ মনটো সেমেকি গ’ল। এইজন দেখোন ফুলমণিৰ দেউতাক নহয়।
: কি লাগিব?
: দিয়ক ভাল চাই ৰৌ এক কেজি।
মানুহজনলৈ কেৰাহিকৈ চাই সি উত্তৰ দিলে। সোধোঁ নোসোধোঁকৈ সি মাত দিলে,
: ইয়াত থকা অকণমানিজনী?
: তাই মোৰ দাদাৰ নাতিনী, ক’বলৈ গ’লে আমাৰ জী নাতিনী। মানে তাইৰ কথা ক’বলৈ গ’লে কাহিনী বৰ দীঘল হ’ব…
মানুহজনে কাহিনীটো ওপৰে ওপৰে ক’লেহেঁতেন যদিও সেইসময়তে অকণমানিজনী আহি ককাকক খাটনি ধৰিলেহি “পাঁচটকা এটা দেনা, মিছল খাম।”
ককাকে মাছৰ পলিথিনটো অকণৰ হাতত তুলি দি বহি থকা মোনাটোৰ এটা ফালে দাঙি পইচাবোৰৰ পৰা গণি গণি পাঁচটকা তাইৰ হাতত দি ৰৈ থকা বাকী গ্ৰাহকবোৰৰ কাৰণে মাছ জুখিবলৈ ল’লে। অকণেও মাছৰ টোপোলাটো লৈ ৰৈ থাকিলে ভাল নেদেখিব বুলি গাড়ীৰফালে আগবাঢ়িল। গাড়ীৰ ওচৰলৈ গৈ থাকোঁতে তাৰ চকুৰে পিতপিতাই থাকিল কেনেবাকৈ আকৌ ছোৱালীজনী দেখে নেকি! নাই, পখিলীজনী হাটৰ মাজতে ক’ৰবাত নোহোৱা হৈ গ’ল, ঠিক ফুলমণিৰ দৰে!
************
8:56 PM
সুন্দৰ গল্প।
11:27 AM
সুন্দৰ গল্প। কিবা এটাই সদায় চুই যায়।এই গল্পটি ও একেই।