‌হেঁপাহ-কমলা দাস

বোৱাৰী পুৱাতে খিৰিকী খন খুলি দিলোঁ। 

এজাক শৰালি বেলিটো আনিবলৈ উৰি গৈ আছিল। 

সিহঁতৰ  ডেউকাৰ সৈতে মোৰ মনো উৰিছিল। 

আজি মাৰ ঘৰলৈ যাম! 

বনফুল তেল ঘঁহা মাৰ  চুলিৰ সুঘ্ৰাণ প্ৰাণ ভৰি উজাই ল’ম। দেউতাৰ চেনেহ সনা আদৰুৱা মাতত, মই এতিয়া বোৱাৰী বুলি এখন্তেক পাহৰি থাকিম !

নিয়ম

আবেলিৰ ৰংবোৰ সানি এজাক পখী ঘৰমুৱা হৈছে। 

বেলি নৌ উঠাৰপৰাই কৰা সংগ্ৰাম, দিনান্তত সামৰি থৈছে। 

নতুন দিন এটাত নতুন উদ্যমেৰে পুনৰ সংগ্ৰাম আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতিৰে।

প্ৰকৃতিয়ে, প্ৰকৃতিৰ নিয়ম মানে। নৰমনিচে হে নামানে।

পিঞ্জৰা

আদালতৰ কাঠগৰাত তলমূৰ কৈ থিয় হৈ থাকিল সি। 

শব্দৰ পকনীয়াত সত‍্যৰ পৰাজয় ঘটিল। 

আইনৰ সততাৰ ওপৰত তাৰ বিশ্বাস হেৰাল। 

বিবাহ-বিচ্ছেদ পত্ৰখন বুকুৰ মাজত লৈ, ওপৰমুৱাকৈ বিছনাত পৰি চিলিঙৰ ফালে চাই চাই সি ভাবি থাকিল!  মহিলা হ’ল বুলিয়েই তেওঁলোকে কোৱা সকলোবোৰ কথা সঁচা হয় জানো!  

মই মোৰ কলিজাজনীক বুকুৰ উমেৰে সজাল কৈ ৰাখিব বিছাৰিছিলোঁ , পিছে তেওঁৰ প্ৰিয় আছিল সোণৰ পিঞ্জৰাটো হে!

জীৱন লগৰী

মানুহ জনৰ লগতে ল’ৰা বোৱাৰীহঁতকো কাম পেলাই থৈ বহি থকা দেখিলে কৰ্মপটু নীলিমাৰ সহ্য নহয়। নিজে কাম কৰি থকাৰ মাজতে সিহঁতকো চিঞৰি চিঞৰি গালি পাৰি ঘৰে-বাহিৰে ৰজনজনাই  থকা বিয়লি বেলাৰ নীলিমা, বিছনাত পৰি থকা আজি কেইবাদিনো হ’ল। চকু দুটাৰে ট-টকৈ চাই থকাৰ বাহিৰে নীলিমাৰ কোনো সাৰসিকতি নাই। 

মানুহজনে মাতবোল নোহোৱাকৈ অকলশৰে চোতাল খনতে চকী এখনত বহি জীৱনৰ লগৰীজনী নিঃসাৰ হৈ পৰি থকা কোঠাটোলৈ চাই থাকে।  যেন ক’ব খোজে–

: ঐ, তই মোক গালি পাৰিবলৈকে উঠি বহ চোন! 

কাণৰ লতি তললৈ হালি পৰা দেখি খবৰ কৰিবলৈ অহা কোনোবাই ক’লে- জীউটোৱে ভূমি বিচাৰিছে , তেখেতক মাটিৰ বিছনাত থ’ব লাগে। 

ল’ৰা-বোৱাৰীহঁতে মাকক মাটিৰ বিছনাত শুৱাই থওঁতেই গেঙেৰি এটা শুনা গ’ল! 

মানুহজন কলা-বোবা হৈ চকীখনতে থিৰ হৈ বহি থাকিল।

তৃপ্তি

ৰাতিপুৱাৰ  মিঠা কোমল কিৰণৰদৰেই মাক দেউতাকে গৌৰৱ কৰিব পৰাকৈ কৰা প্ৰতিটো ফলাফলেই লাহে লাহে ল’ৰা দুজনক উন্নতিৰ শিখৰলৈ লৈ গ’ল। 

দিনমণিৰ পূৰ্ণ প্ৰখৰত সিহঁতে গৈ বিদেশৰ সা-সুবিধাবোৰ ল’লেগৈ। 

আবেলিৰ হেঙুলীয়া ৰহণখিনিত সিহঁতে দেশৰ মাটিৰ টান অনুভৱ কৰিলে। বিদেশৰ সা-সুবিধাবোৰ এৰি থৈ আহি দেশৰ মাটিতে শিপা বিচাৰি খোপনি পুতিলেহি! 

দিনান্তত ল’ৰা-বোৱাৰী আৰু নাতিৰ লগত হাঁহি মাতি সুখত দিন কটোৱা বৃদ্ধই, মানুহ জনীৰ লগত কথা পাতে– 

:হেৰা, আমি দুপৰীয়াৰ চোকা ৰ’দৰ তাপ খিনি সহ্য কৰিব নোৱাৰিম বুলি ভাবি কৰি অহা ভয়টোচোন অমূলক আছিল হে! 

বৃদ্ধাই তেওঁৰ ফালে চাই তৃপ্তিৰ হাঁহি এটা মাৰিলে! 

************

One comment

  • বন্দিতা জৈন

    ভাল লাগিল বাইদেউ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *