৯৪ তম অস্কাৰত মনোনীত হোৱা দুখন ছবি-বিকাশ দত্ত

(১) টিক টিক বুমঃ

টনী এৱাৰ্ড, পুলিৎজাৰ বঁ‌টা আদিৰ পূৰ্বে আমেৰিকাৰ সংগীত জগতত যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰা এজন স্বল্পখ্যাত শিল্পী আছিল জনাথন লাৰ্ছন। ৯০ ৰ দশকত ৰক সংগীতক এক নতুন মাত্ৰা প্ৰদান কৰা লাৰ্ছনৰ জীৱনৰ আধাৰত নিৰ্মিত তথা তেওঁৰ বিখ্যাত এলবাম “টিক টিক বুম” (১৯৯১) ৰ জন্ম কাহিনীক লৈ এখন ছবি নিৰ্মাণ কৰি উলিয়াইছে জনপ্ৰিয় সংগীত পৰিচালক তথা গীতিকাৰ লিন মেনুৱেল মিৰাণ্ডা আৰু টনী বঁ‌টা বিজয়ী ষ্টিভেন লেভিনছনে। ছবিখনৰ পৰিচালনা লিন মেনুৱেল মিৰাণ্ডাৰ। মাথো ৩৫ বছৰ বয়সতে ইহলীলা সম্বৰণ কৰা লাৰ্ছনৰ প্ৰতিটো গীততেই আছিল জীৱনবোধ। যুৱ প্ৰজন্মৰ ধনাত্মক তথা বাস্তৱবাদী জীৱনশৈলী আৰু ৰক সংগীতক লৈ থকা নিজৰ যি আনুগত্য তাক পৰিচালক মিৰাণ্ডা আৰু চিত্ৰনাট্যকাৰ লেভিনছনে সুন্দৰকৈ উপস্থাপন কৰিছে। উল্লেখযোগ্য যে ছবিখনত চিত্ৰায়িত প্ৰতিটো গীত তথা সংগীতৰ ধ্বনিসমূহো লাৰ্ছনে ৯০ ৰ দশকতেই সৃষ্টি কৰা।

ছবিখনৰ আটাইতকৈ শক্তিশালী দিশ হ’ল মুখ্য চৰিত্ৰত এন্দ্ৰিউ গাৰ্লফিল্ডৰ অভিনয়। জনাথন লাৰ্ছনৰ স্বভাৱগত হাস্যাস্পদ আৰু গীত পৰিৱেশনক চিত্ৰনাট্যৰ সৈতে সমান্তৰালভাৱে উপস্থাপন কৰাত গাৰ্লফিল্ডৰ যিমানেই প্ৰশংসা কৰা হয় সিমানেই কম হ’ব। সেয়েহে হয়তো ৭৯ তম গোল্ডেন গ্লোব বঁ‌টা অনুষ্ঠানত এন্দ্ৰিউ গাৰ্লফিল্ডে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেতা (মিউজিকেল বা কমেডি) ৰ বঁ‌টা। তদুপৰি ৯৪ তম অস্কাৰ বঁ‌টা অনুষ্ঠানত শ্ৰেষ্ঠ অভিনেতাৰ বাবে তেখেত মনোনীতও হৈছিল।

জনাথন লাৰ্ছনক মৰণোত্তৰভাৱে তেওঁৰ “ৰেন্ট” শীৰ্ষক এলবামটোৰ বাবে তিনিটাকৈ টনী বঁ‌টা আৰু এটা পুলিৎজাৰ বঁ‌টা প্ৰদান কৰা হৈছিল।

ছবিখন নেটফ্লিক্সত উপলব্ধ। চিনেমাৰসিকসকলে এই ছবিখন নিশ্চয়কৈ চাব পাৰে।

(২) ডুনঃ

ফ্ৰেংক হাৰ্বাৰ্টৰ ১৯৬৫ চনত প্ৰকাশিত উপন্যাস “ডুন”ৰ আধাৰত নিৰ্মিত ছবি ডেনী ভিলনুভৰ “ডুন” যোৱা বৰ্ষৰ এখন অন্যতম শ্ৰেষ্ঠ ছবি হিচাপে অভিহিত কৰিব পাৰি। ছবিখনৰ কাহিনী বা চিত্ৰনাট্য সম্পৰ্কে মোৰ বিশেষ প্ৰকাশ কৰিবলগীয়া একো নাই কাৰণ মই উপন্যাসখন এতিয়ালৈকে পঢ়া নাই। সেয়েহে ছবিখনৰ কাহিনীকথন তথা চিত্ৰনাট্যৰ গভীৰতাক এগৰাকী দৰ্শক হিচাপে মই বহুত বেছি ভাল হোৱা বা বেয়া হোৱা বুলিও নকওঁ। অৱশ্যে প্ৰথমবাৰলৈ ছবিখন চোৱা বাবে চিত্ৰনাট্যৰ ক্ষেত্ৰত ক’ব পাৰি যে ছবিখনৰ এটা দৃশ্যৰপৰা আন এটা দৃশ্যলৈ ইন্টাৰকাট কৰাৰ ক্ষেত্ৰত সামঞ্জস্যশীলতাৰ সামান্য অভাৱ আছে। লগতে ছবিখনৰ বহুকেইটা চৰিত্ৰক ন্যূনতম স্ক্ৰীণটাইম দিয়াৰ বাবে চৰিত্ৰ গঠনৰ ক্ষেত্ৰত কিছু কিছু ত্ৰুটি পৰিলক্ষিত হয়। অৱশ্যে ছবিখনৰ আন এটা খণ্ড ২০২৩ লৈ পুনৰ মুক্তিলাভ কৰিব। হয়তো সেই ছবিখনত এই চৰিত্ৰসমূহৰ এক নতুন প্ৰকাশভঙ্গী দৰ্শকৰ আগত পৰিচালকে দাঙি ধৰিব।

কাৰিকৰী দিশত ছবিখন অতুলনীয়। নান্দনিক ভিজুৱেল এফেক্টছ, মুখ্য অভিনয়ত থকা তিমথী ছেলমে, ৰেবেক্কা ফাৰ্গুছন, ষ্টেলান ছাৰ্ছগাৰ্ড আৰ জছ ব্ৰলিনৰ স্পৰ্ধা ছবিখনত পৰিলক্ষিত হয়। লগতে গ্ৰেগ ফ্ৰেইচাৰৰ চিত্ৰগ্ৰহণো খুবেই সুন্দৰ। কিন্তু ছবিখনৰ আটাইতকৈ শক্তিশালী দিশ হৈছে হান্স জিমাৰৰ সঙ্গীত। প্ৰায় আঢ়ৈ ঘন্টাযোৰা ছবিখনৰ হান্স জিমাৰৰ শক্তিশালী সাংগীতিক ধ্বনিক পৰিচালক ডেনী ভিলনুভে অসাধাৰণ গতিত সংযোজন কৰিছে। ছায়েন্স ফিকশ্যন, স্পেছ অপেৰা বা “ষ্টাৰ ৱাৰ্ছ”ৰ  অনুৰাগীসকলে “ডুন” নিশ্চয়কৈ চাব পাৰে।

এই বৰ্ষৰ অস্কাৰ বঁ‌টাত ডুনে লাভ কৰে ১০ টাকৈ মনোনয়ন য’ত আছিল শ্ৰেষ্ঠ ছবি আৰু শ্ৰেষ্ঠ অনুকূলিত চিত্ৰনাট্যৰ মনোনয়ন। ছবিখনে জয় কৰে অনুষ্ঠানৰ সৰ্বাধিক ৬ টা বঁ‌টা, য’ত আছিল 

হান্স জিমাৰৰ শ্ৰেষ্ঠ মৌলিক সঙ্গীত, গ্ৰেইগ ফ্ৰেইচাৰৰ শ্ৰেষ্ঠ চিত্ৰগ্ৰহণৰ লগতে শ্ৰেষ্ঠ ভিজুৱেল এফেক্টছ, শ্ৰেষ্ঠ ছাউণ্ড, শ্ৰেষ্ঠ সম্পাদনা আৰু শ্ৰেষ্ঠ প্ৰডাকছন ডিজাইনৰ বঁ‌টা।

************

2 Comments

  • বিজু বুঢ়াগোহাঁ‌ই

    সুন্দৰ ভাই। ভাল লাগিল।

    Reply
  • বৰ ভাল লাগিল দুইখন বোলছবিৰ বিষয়ে জানিব পাৰি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *