ৰʼদৰ বাট-ঋতুপৰ্ণা দত্ত

কাৰোবাক লগ পাবলৈ বা নাপাবলৈ কিছুমান অজুহাত লাগে। অজুহাতবোৰৰ হাত ধৰি আগুৱাই যাব পাৰি নিজে তৈয়াৰ কৰা সোণালী, মসৃণ পথ নাইবা আন্ধাৰৰ বাট খেপিয়াই খেপিয়াই নিজকে হেৰুৱায়ো পেলাব পাৰি। 

তাক পাবলৈকে তাই এই অজুহাতবোৰক পোহৰেৰে সজাইছিল। আশাবোৰক নিচুকাই নিচুকাই তাই নিজৰ সন্তানৰ দৰেই বুকুৰ উম দি জীয়াই তুলিছিল।

প্ৰেম নামৰ সাগৰখনৰ সোণালী সৈকতত বহি একাত্ম হৈ তাই মাত্ৰ জীৱনৰ গান আওৰাইছিল।

সি তাইৰ কাষত নাছিল  কিন্তু শত যোজন আঁতৰত থাকিও তাইৰ গান সি শুনিছিল।

নুশুনিবনো কিয়!

সেয়া যে গান আছিল সঁচা অন্তৰৰ।

সি টোপনি গৈছিল নিৰ্ভয়ে।

সময়ৰ লগে লগে বোলে কথাবোৰ এৰি দিব লাগে। এৰি দিব লাগে বুলি কʼলেই কথাবোৰ এৰি দিব পৰাহেঁতেন!

এৰি দিব পৰাহেঁতেন নতুন কথাৰে সজালেহেঁতেন খালী হোৱা সেই মগজুৰ কোঠা।কিন্তু কথাবোৰ তেনেকুৱা নহয়। 

পৰাহেঁতেন কিমান যে ভাল আছিল।

আকুহি বাকুহি শুকুৱা ঘাঁ বহল কৰে জানো কোনোবাই? 

কিন্তু নিজান পৰত কথাবোৰ সুৰসুৰাই আহি মগজুত ভিৰ কৰি পেলায়হি। কোনোবাই জানো বাৰণ কৰিব পাৰে?

কোনোবাই জানো ক’ব পাৰে নাহিবি সোঁৱৰণী বুলি?

নোৱাৰে।

নিৰন্তৰ দুখ কিছুমান বৈ থাকিবলৈকে যেন আছে মানুহবোৰ!

এখন বিশাল দেশৰ সীমান্তৰ প্ৰহৰী সি। 

আমু তাৰ নাম। মাকৰ মৰমৰ মু। মৰমবোৰ ভাৰ বান্ধি লৈ আহিছে সি কামৰ ঠাইলৈ। ৰুক্ষ পাহাৰৰ হাড় কঁপোৱা ঠাণ্ডা আৰু অনিশ্চিত জীৱনটোৰ আটাইতকৈ ডাঙৰ সম্পদ এই মৰমবোৰ। 

আৰু এটা আত্মাই সকলো সময়তে আমুক ধ্যান কৰিছিল বৰ গোপনে। তাক জানিবলৈ নিদিয়াকৈ নিজৰ সৰ্বস্ব উজাৰি দিবলৈ সকলো সময়তে প্ৰস্তুত আছিল তাই। 

তাই মানু। সকলোকে মৰম লগাব জনা মানু। পৃথিৱীত সকলোকে আদৰ কৰিবলৈকে যেন তাইৰ জন্ম।

সীমামূৰীয়া দেশ দুখনৰ মাজত ক্ৰমান্বয়ে বাঢ়ি অহা উত্তাপবোৰে মানুৰ সৰু বুকুখন কঁপায়। আজিকালি তাই বৰকৈ শিৱ বাবাৰ থানত চাকিগছ জ্বলাবলৈ যায়। প্ৰাণৰ দেৱতাৰ মঙ্গল কামনা কৰি তাইৰ মনৰ বোজা পাতল কৰিব বিচাৰে।

নুশুনিলে দেৱতাই।

তাইৰ আত্মাৰ বিননিবোৰ শিলৰ দেৱতাই শুনিবলৈ নিবিচাৰি ওফৰাই পঠালে। 

ভগৱানলৈ এসোপা অভিমান বুকুত বান্ধি তাই মুখৰ হাঁহিবোৰ নোহোৱা কৰি পেলালে। সকলোৰে অলক্ষিতে এটা আত্মা লেৰেলি যাবলৈ ধৰিলে।

সীমান্তৰ প্ৰহৰী কৰ্ণেল আমোঘ দুৱৰা নোহোৱা হৈ গৈছিল। ধূলিৰ লগত মিলি গৈছিল যেন মানুহটো! উদাস, ৰংহীন হৈ পৰিছিল চৌদিশ।

 

তেনেকুৱা উদাস উদাস লগা দিন এটাতে তাইৰ ঘৰৰ আগেদি এখন গাড়ী হো-হোৱাই পাৰ হৈ গ’ল। আগফালৰ গছবোৰত পানী দি থকাৰপৰা তাই বাল্টিটো থেকেচা মাৰি থৈ বাটলৈ ওলাই আহিল। গাড়ীখন আমুহঁতৰ পদূলিত ৰʼল। 

গাড়ীৰপৰা ওলাই আহিল কঙ্কালসাৰ এটা শৰীৰ। শ্ৰীহীন শৰীৰটোৰ মুখত নাছিল কোনো ভাৱ। ঘোলা চকুহাল দেখি মানুহবোৰৰ কলিজাবোৰ এহাত বহি গ’ল। কেইবাজনো মানুহে ধৰি নি আমুক ভিতৰৰ বিছনা এখনত শুৱাই দিলে। খবৰটোৱে গাঁওখন মুহূৰ্ততে শোকবিহ্বল কৰি তুলিলে।

শেলুৱৈৰে তৰপ বন্ধা মানুৰ লৰচৰ কৰিবলৈ শক্তিবোৰ নোহোৱা হৈ পৰিল। দূৰৰ পৰা তাই চাই চাই খবৰবোৰ গোটাই গ’ল। এটা এটাকৈ… বাকী নৰখাকৈ। 

“শত্ৰুৰ অত্যাচাৰত আমুৰ দুয়োটা কিডনি শেষ। পলাই যেনেতেনে আহিল বুলিহে ল’ৰাটো। ইস্… ইস্! এইহেন চফল ল’ৰাটোৰ কি দুৰ্গতি!”

“আৰু?” 

বিমলা খুৰীয়েকে তাইলৈ তধা লাগি চালে। কি সোধে এইজনীয়ে! এইভাৱত খুৰীয়েকে চোৱা দেখি তাই অস্বস্তিত পৰিল।

“মনটো অস্থিৰ হৈ আছে। আৰু একো নাই। কিডনী এটানো লাগ বুলিলেই ক’ত পাব ইমান সোনকালে?” কথাবোৰ কৈ কৈ বিমলা খুৰী আঁতৰি গ’ল।

“উস্ ৰক্ষা!” মানুৰ সকাহ পোৱা যেন লাগিল।

“আমুদাদাক কিডনী এটা মই দিম।” 

তাই প্ৰায় দৌৰি যোৱাদি গৈ কথাকেইষাৰ কৈ দিলেগৈ। মনৰ ভিতৰত গুমগুমাই থকা কথাখিনি কৈহে যেন শান্তি পাব তাই!

ভেবালাগি চাই থকা মুখবোৰলৈ চাই তাই আকৌ ক’লে, 

“চিৰদিনৰ লগৰী হোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ একমাত্ৰ চৰ্তত।” 

লাজ মান কাটি কৰি একমাত্ৰ তাৰ বাবেই তাই কথাকেইটা ক’লে।কথাকেইটা কৈ তাই আমুলৈ চালে।ৰ’দ এখিনি সোমাই আহি আমুৰ ঘোলা চকুহাল জীৱন্ত কৰি তুলিলে।

************

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *