ৰ’দ ফুলা , জোনাক ফুলা বতৰৰ সাধু-জ্যোতিমণি দেৱী

(১) বনফুলৰ গছ আৰু এজাক পখিলাঃ

উৰুঙা উৰুঙা এটি ভোকাতুৰ দুপৰীয়া , তাঁতৰ পাটত বহি আনমনা হৈ পৰা সময়ৰ আমনি । ওচৰতে কোনোবা এটি গছৰ ডালত বহি হেটুলুকা চৰাই এটিয়ে মাতিছে –হেটুলুক্ ,হেটুলুক্ । ধূলিয়ৰি বতাহে ধূসৰিত কৰা আকাশৰ তলত তাঁতশালৰ চালিখন। চালিখনৰ আগৰ প্ৰায় দহ-বাৰ ফুট আহল-বহল এডৰা মাটি। মাটিডৰা বনজালুক , শুহুনিবনৰ দৰে বন কিছুমানে ছানি ধৰিছে । গছবোৰত ফুল ফুলিছে –বগা ,কমলা ,হালধীয়া ফুলেৰে মাটিডৰাত এখন ফুটুকীয়া ফুলেৰে বনকৰা সেউজীয়া দলিচা পাৰি থোৱা যেন দেখা গৈছে আৰু ফুলবোৰৰ ওপৰত মৌ বিচাৰি অহা এজাক পখিলাই নাচি-বাগি ফুৰিছে । সেউজীয়া হালধীয়া ৰঙৰ মাজত উৰি ফুৰা পখিলাজাকে আমনি কৰিছে , বৰ আমনি কৰিছে ।মোৰ মন এতিয়া তাঁতশালত নাই। মন এতিয়া মোৰ উৰিব লাগিছে পখিলাৰ সতে মৌ বিচাৰি । উৰিব ধৰোঁতেই সিহঁতে মোক মনত পেলাই দিছে কিছুদিন আগতে চোতালৰ কোণৰ ডালিমজোপাত গছৰ ছালৰ সৈতে মিলি থকা জৰীবিছাবোৰৰ কথা, মনত পেলাই দিছে ফটাকানিৰ জুবুৰীয়া বান্ধি কেৰাচিন ঢালি জুই জ্বলাই বিছাজাকক নিধন কৰাৰ কথা । বিছা দেখিলেই ভয় আৰু আতংকত গাৰ নোম শিয়ৰি উঠা , গাত খজুলি উঠা , সিহঁতৰ প্ৰতি নিষ্ঠুৰ হৈ পৰা মই, পখিলা হ’ব পৰা নাই । এই দুখন হাতেৰে বৰ নৃশংসতাৰে হত্যা কৰি আহিছোঁ প্ৰতিদিনে মই ৰাংঢালীহঁতৰ বংশধৰক। বাধা দিছোঁ মই এপাহৰপৰা এডৰা হোৱা ফুলৰ সৃষ্টি প্ৰক্ৰিয়াত। অথচ ময়ে কৈছোঁ –পখিলা প্ৰজাপতি, নাচিছোঁ বাগৰুম্বা, পঢ়িছোঁ আনমনা হৈ হীৰুদাৰ     ‘সুগন্ধি পখিলা ‘ । মই কোনোদিনে বুজিবলৈ চেষ্টা কৰা নাই এডাল বিষাক্ত বিছাৰ আঁৰত প্ৰকৃতিৰ যে কি এক বিচিত্ৰ বাসনা ;যি বাসনাই জীয়াই ৰাখিছে মোক, আমাক , সকলোকে । ধূলি ধূসৰিত এটি উৰুঙা দুপৰীয়াৰ ভোক মই পাহৰিব লাগিছোঁ এডৰা বনফুল আৰু তাত উৰি ফুৰা এজাক ৰংচঙীয়া পখিলাই মন কাঢ়ি নিয়া দৃষ্টিত ।

(২)আমনি নকৰিবি দুষ্ট ফাগুন আহি —

বিৰামহীন বতাহজাক বলিয়েই থাকিল সোঁ-সোঁ , জিৰ- জিৰ ; সৰি থাকিল খচ-মচ ,খচ-মচকৈ পকা পকা শুকান শুকান পাতবোৰ । বতাহজাকে কৈছে –‘খুলি দিয়া পুৰণিবোৰ, লাগিলে নাঙঠেই হোৱা।’ 

বতাহজাকৰ উচটনিত নাঙঠ হ’ব ধৰিছে গছবোৰ। হাক-বচন নামানি দুষ্ট শিশুটোৱে চতিয়াই যোৱাৰ দৰে খোলা খিৰিকীৰে বাধাহীনভাৱে সোমাই অহা বতাহজাকে ঘৰৰ মজিয়া, শোৱা বিছনা, মেজৰ কিতাপ -কানি একো বাদ নিদিয়াকৈ চতিয়াই গৈছে ধূলিৰ আবিৰ । ক’ৰবাত অলসভাৱে লাগি থকা শুকান পাত এটিও খিৰিক্ কৈ পৰিলহি মজিয়াত খোলা খিৰিকীৰে ।তাৰমানে? ধূলিয়ৰি পচোৱাৰে গছক নাঙঠ কৰা ফাগুন আহিল । বৰ দুষ্ট এই ফাগুন , বৰ আমনি এই দুষ্ট ফাগুনৰ। উৎপতীয়া চঞ্চল কিশোৰৰ দৰে ফাগুনে হাঁহি হাঁহি কৈছে —

      মই এইদৰেই আহোঁ 

     সুহুৰিয়াই সুহুৰিয়াই 

     খোলা খিৰিকীৰে ফাঁকুগুৰি চতিয়াই 

     এইদৰেই সানোঁ মই

      নঙঠা দেহত আবিৰ 

      উৰুৱাওঁ দহোটি আঙুলিত বান্ধি 

      ৰঙীন ৰুমাল

      হৃদয় মোৰ ৰঙীন বতৰাৰে উমাল ।

খঙতে গালি দিছোঁ –‘আমনি নকৰিবি দুষ্ট ফাগুন’ !কিন্তু খং জানো উঠিছে? নাই নাই, দুষ্ট বাবেই ভালপাওঁ মই ফাগুনক। দুষ্ট শিশুটোক বাধা দিবলৈ এয়া মোৰ কৃত্ৰিম খং । ফাগুন মোৰ বাবে এটি দুষ্ট শিশু , চঞ্চল কিশোৰ , ফাগুন এটি কাব্যময়ী খেয়াল ।

৩/ নঙঠা হোৱাৰো যে আছে বহু স্বাদঃ

আবেলি ক’লাপিঠীয়া ছালৰ একা – বেঁকা সৰ্পিল গতিৰ ৰাস্তাটোৰে বতাহৰ ফাঁকে ফাঁকে খোজ কাঢ়িছোঁ। ৰাস্তাৰ দুদাঁতিৰ উদং পথাৰ , নঙঠা গছবোৰ চাই মনটো কেনেবা কেনেবা লাগিছে । তেনেতে গছবোৰে কাণে কাণে ক’লে –‘ নঙঠা হোৱাৰো যে আছে বহু স্বাদ, অদূৰতে বসন্তই মেলি আছে হাত’ ।

বসন্ত ? ক’ত বসন্ত ?

এনেতে দেখিলো বৰ আঁহত এজোপাৰ ডালত দুই এটি ৰঙচুৱা থোৰপাতে উৰু উৰু নাচোনেৰে দুলিব লাগিছে । তাৰে ফেৰেঙনিত কপৌফুলৰ হাঁহো হাঁহো মুখ, কাঁইটীয়া মদাৰ শিমলুত থোপা -থুপি কলিবোৰৰ ৰঙৰ দেশলৈ যোৱাৰ প্ৰস্তুতি , দূৰৈৰ পলাশবনৰ ডালে -ডালে ফুৱাব অনা জুইৰ আঙঠা, এজাৰত বেজাৰৰ বেঙুনীয়া মন, সোণাৰুত সৰিয়হ -হালধীয়া এচেৰেঙা ৰ’দ।

সন্ধিয়ালৈ বতাহজাক চেঁচা চেঁচা হ’ল। আকাশত ওলমিল চপৰা-চপৰ মেঘ ; মেঘবোৰে যেন বৰকাঁহ বজালে— বিজুলী , ঢেৰেকনি ; মেঘবোৰ চঞ্চল হৈ পৰিল, আৰু নামি আহিল লাস্যময়ী, ছন্দোময়ী নাচোনেৰে ; ঘৰৰ টিনৰ চালত শব্দ কৰিলে—থন-থন, হুৰ-হুৰ , ৰিম-জিম , টুপুৰ-টুপুৰ; বৰষুণ আহিল –শিল বৰষুণ ,ধাৰাসাৰ বৰষুণ । ঢৌ তুলি তুলি যেনি তেনি বৈ গ’ল ৰূপালী পানীৰ সোঁত, চিৰাল ফাট মেলি গভীৰ প্ৰতীক্ষাত থকা উদং পথাৰ , খাল -ডোং সকলো আগুৰি পেলালে বৰষুণৰ ৰূপালী সোঁতে আৰু ক’ত জানো লুকাই থকা ভেকুলীজাকে ইটোৱে সিটোক জগাই সমস্বৰে গালে — টোৰ- টোৰ-টোৰ ।

(৪)আইদেউৰে বুলনিতে পোহৰৰে ধেমালি 

সদ্যস্নাতা প্ৰকৃতিৰ বুকুত ঋতুৰাজে ন-সাজ পিন্ধালে । মদাৰ ,শিমলুৱে ক’লে –‘আমাক ৰঙা সাজ দিয়া ‘, তগৰে ক’লে –‘মোক বগা সাজ দিয়া’ , সোণাৰুৱে ক’লে -‘মোক লাগে ৰ’দ জিলমিল হালধীয়া সাজ’,এজাৰ কপৌৱে ক’লে বেঙেনাবুলীয়া, আৰু সকলোৰে আব্দাৰ পূৰাই পূৰাই ঋতুৰাজে সজাই গ’ল প্ৰকৃতিৰ সন্তানহঁতক নৱ পল্লৱেৰে ,ফুলেৰে , ৰঙেৰে । গছে গছে দোৰোল খাই ওলমিল ৰ’দ, ডালে ডালে ফুলিল জোনাক , নৱপল্লৱৰ আঁৰে আঁৰে লুকাই লাজুকী কুলিটিয়ে বাঁহীত ফু দি ক’লে –‘ঋতুৰাজ বসন্ত আহিল ‘। বনফুলৰ মৌ বিচৰা ৰঙীন পখিলাজাকো ছেদেলি- ভেদেলি হৈ উৰিল গছে গছে, ডালে ডালে ওলমা ৰ’দ আৰু জোনাকৰ সন্ধানত। এনেকৈয়ে আহিল ঋতুৰাজ বসন্ত প্ৰকৃতিয়ে ৰচা বাৰটি খেয়ালী কবিতা আওঁৰাই আওঁৰাই প্ৰকৃতিৰ আজন্ম প্ৰেমিকৰ ৰূপত । লাজ লাজকৈ প্ৰকৃতিয়ে ঢাকি ল’লে তাইৰ গা-ভৰুণ দেহটি বসন্তই উপহাৰ দিয়া সেউজীয়া আঁচলখনিৰে ।

বিঃ দ্ৰঃ — কপৌফুলপাহ খোপাত মেৰিয়াই , দেহত তগৰৰ সুবাস সানি মই মোক মনে মনে বুজালোঁ–‘ ফুল আৰু পখিলাৰ ভালপোৱা পাবলৈ বিছাৰ আঁচোৰো সহিবলৈ শিকিব লাগিব।’

************

Leave a Reply

Your email address will not be published. Required fields are marked *