অবিনাশী প্ৰেম-কুমকুম দেৱী শৰ্মাবৰুৱা

“প্ৰেমত ফুলিছে শতদল,

প্ৰেমত ঘূৰিছে ভূমণ্ডল।”

                           -ৰসৰাজ বেজবৰুৱা।

    বতৰটো বৰ ঠাণ্ডা।এনেয়েও মাঘৰ ঠাণ্ডা যোৱাই নাই,তাতে আকৌ চিপচিপীয়া বৰষুণ।আজি বাগ্ দেৱী বীণাপাণি সৰস্বতী দেৱীৰ পূজা।সৰুৰপৰা ডাঙৰলৈ ছোৱালীবিলাক সাজি-কাচি বিদ্যালয়লৈ যোৱা দৃশ্যটো বৰ মনোৰম।কিমান দিনৰ পৰা যে জল্পনা-কল্পনা কৰে কোনে কি পিন্ধিব।চুলি মেলি পুষ্পাঞ্জলি দিব।পুৰোহিতৰ লগে লগে উচ্চাৰণ কৰে পুষ্পাঞ্জলিৰ মন্ত্ৰ।

” ওম সৰস্বত্যৈ নম: নিত্যং

ভদ্ৰকালৈ নমো নম:।

বেদ বেদাঙ্গ বেদান্ত বিদ্যাস্থানেভ্য

এবচ: এশ পুষ্পাঞ্জলি

ওম সৰস্বত্যৈ দেব্যৈ নম:।”

 তাৰ পিছত ওচৰৰ স্কুল-কলেজতো এপাক মাৰি নিজৰখনত খাবলৈ অহা হয়।কেতিয়াবা লগৰ ছোৱালীৰ ঘৰলৈও যোৱা হয় মিলিজুলি।মাইনুৰ যোৱা বছৰলৈকে পঢ়া-শুনা আছিলেই।গতিকেই সৰস্বতী পূজা ভালদৰে উপভোগ কৰি আছিল।এইবাৰ পূজালৈ যোৱা নাই যদিও তাইৰ বাবে অতি আনন্দৰ দিন হৈ পৰিল এই বাগ্ দেৱীৰ অৰ্চনাৰ দিনটোৱেই।আজি ৰূপকৰ মাক -দেউতাকে তাইক আঙঠি পিন্ধাই মূৰত হাত থৈ আশীৰ্বাদ দি গ’লহি।আৰু তিনিমাহৰ পিচতেই তাইৰ ৰূপকৰ লগত বিয়া।

      ঘৰৰ ওচৰৰ সৰুৰেপৰা দেখি থকা ল’ৰা ৰূপক।একেলগে খেলি-ধূলি ডাঙৰ হোৱা দুয়োটা।ৰূপক মাইনুতকৈ মাত্ৰ এবছৰৰ ডাঙৰ ।মেজিভোজ ৰূপকহঁতে সৰুবোৰেও বেলেগে এদিন খাইছিল ।মাইনুৰ বায়েকহঁতে ৰান্ধি দিছিল। খোৱাবস্তুবোৰ ঘৰে প্ৰতি উঠাইছিল ল’ৰা-ছোৱালী হিচাপত।মেজিৰ বাবে একেলগে হাবিলৈ খৰি কাটিবলৈ যোৱা,ছাগলী হেৰালে বিচাৰি যোৱা, পথাৰত ধান কাটি অতালে ফুটবল খেলা ,মাৰ্বল খেলা ,ঘিলা খেলা আদি সকলোতে লগ আছিল ৰূপক।এবাৰতো খৰি কাটিবলৈ যাওঁতে মাইনুৰ বেয়াকৈ ভৰিত কাটিছিল।ৰূপকেই ধৰি ধৰি ঘৰলৈ লৈ আহিছিল ।তাত কোনো যৌৱনৰ প্ৰেম নাছিল ।খেলাৰ লগ মাথোঁ আছিল চুবুৰীয়া কাৰণে।বাৰিষা দুয়োটাই ওচৰৰ খাল-দোঙত বৰশীও বায় একেলগে।মাইনুৱে মাছ নাপালে কেতিয়াবা ৰূপকেই দুটা দি পঠায়।মধুৰী গছত উঠি মধুৰী পাৰি দিয়ে ৰূপকে।

           ইফালে ঘৰত সৰু বুলি মাইনুক ককায়েক  আৰু বায়েকে খুব মৰম কৰে।ককায়েকে বিয়া কৰোৱাৰ পিচতো তাইক একে মৰমেই কৰে।তায়ো ককায়েকৰ ল’ৰা-ছোৱালীহাল অত্যন্ত মৰম কৰে।সিহঁতক কোচত লৈয়ে তাই পঢ়া-শুনা কৰে।

    এদিন সৰস্বতী পূজালৈ যাওঁতে সপ্তমমানত থাকোতে ৰূপকে তাইক দেখি ৰ লাগি চাই ক’লে,

“মাইনু ,তোক আজি বৰ ধুনীয়া লাগিছে।”।

‘এ হয়নেকি’….বুলি লাহেকৈ কৈ মাইনুৱে খোজ ল’লে।কিন্তু সেইদিনাই অপৰিপক্ক মন দুটাই কিবা যেন বেলেগ অনুভৱ কৰিছিল।তাৰ পিছৰপৰা মাইনুৰ ৰূপকলৈ অলপ লাজ লগা হ’ল।আনে কিন্তু ধৰিব পৰা একো বাহ্যিকতা এই প্ৰেমত নাছিল ।দুয়োটাই ভালকৈ পঢ়ি গৈছিল।মাইনুৰ বায়েকক বিয়া দিয়াই নাছিল।ককায়েকেও বিয়া পতা নাছিল তেতিয়া।ৰূপকে ধুনীয়াকৈ মাউথ অৰগেন বজাইছিল ।সি ধুনীয়া ধুনীয়া গানবোৰ মাউথ অৰগেনত বজায় আৰু মাইনুৱে শুনে।কথা-বাৰ্তাও বেচি নাই।কিন্তু মন দুয়োটাৰে প্ৰেমেৰে পূৰ্ণ হৈ থাকে।দুয়োটাৰে জাত মিলা নাছিল ।গাঁৱৰ সমাজত লোকে গম পালে কথা যে ওলট-পালট হৈ যাব এই বিষয়ে দুয়োটাই সচেতন আছিল।কিন্তু প্ৰাক্- বিশ্ববিদ্যালয়ৰ পৰীক্ষা পাচ কৰি ৰূপকে যেতিয়া ইঞ্জিনীয়াৰিঙত চিট পালে সি মাইনুক এদিন আবেলি মাইনুহঁতৰ ঘৰৰ সন্মুখতে সাহ গোটাই ক’লে,

“মাইনু ,মই তোক বৰ ভাল পাওঁ।তোক মই আনৰ হ’বলৈ  দিব নোৱাৰোঁ।সময়লৈ অপেক্ষা কৰিবি দেই।”

মাইনুৰ মুখ শুকাই গ’ল।কিন্তু চকুত চকুপানী ওলাল।তাই একো ক’ব নোৱাৰিলে।মাইনু কোচ সম্প্ৰদায়ৰ আৰু ৰূপক কলিতা সম্প্ৰদায়ৰ।ঘৰত গম পালে ভাল কথা নহ’ব বুলি দুয়োটাই চিঠি-পত্ৰৰ আদান -প্ৰদানো কৰা নাছিল ।মাত্ৰ ৰূপক হোষ্টেলৰপৰা ঘৰলৈ আহিলে লগ পায়।এখন ঘৰতো কোনেও ধৰিব পৰা নাছিল সিহঁতৰ মাজত কিবা ভালপোৱা আছে বুলি।দুয়োটাই পঢ়া-শুনাও ঠিকমতেই চলাই আছিল।মাইনুৱেও বি এচ চিত প্ৰাণীবিজ্ঞানত মেজৰ লৈ পঢ়ি থাকিল।

   ইতিমধ্যে মাইনুৰ বায়েকৰ বিয়া হৈ গ’ল।তাৰ এবছৰৰ পিচতেই ককায়েকেও বিয়া পাতিলে।ককায়েকৰ ডেৰ বছৰৰ ডাঙৰ -সৰু দুটি মৰমলগা ল’ৰা-ছোৱালীও হ’ল।এইবাৰ ওলাল মাইনুৰ বিয়াৰ কথা।তাই ক’লে,

“অলপদিন ৰ’বাচোন।মইনো কি দোষ কৰিছো সোনকালে যে মোক বিয়া দিব খুজিছা।ৰ’বাচোন ,ইহঁত দুটা অলপ ডাঙৰ হওক।”

ককায়েকে কিন্তু মৰমেৰে মাতি তাইক সুধিলে,

“তই সঁচা কথা ক’বিচোন দেই মই কথা এটা সোধো।তোৰ ৰূপকৰ লগত কিবা আছেনেকি?সি আহিলে দুয়োটাই বৰ কথা পাতি থকা দেখোঁ।সিহঁত আমাতকৈ উচ্চ জাতৰ।পিচত ঘৰৰপৰা বিয়া নাপাতিলে তই মনত বৰ দুখ পাবি।গতিকে কথাটো নভবাই ভালনেকি? মই ল’ৰাটো অকণো বেয়া নাপাওঁ।ভালহে পাওঁ।তথাপিও সমাজ এখন আছে।তাৰো মাক-দেউতাকে বা কি কয়।”

মাইনুৱে একো উত্তৰ নিদিলে।দেউতাক ঢুকুৱাৰেপৰা ককায়েকেই ঘৰখনৰ দায়িত্ব মূৰপাতি ল’লে।তায়ো ককায়েকক যথেষ্ট শ্ৰদ্ধা কৰে।তাই আচলতে তেনেকুৱাই।তাইৰ লগৰ ছোৱালীৱেও কোনেও নাজানে সিহঁতৰ মাজৰ সম্পৰ্কৰ কথা।

       ৰূপকে ইঞ্জিনীয়াৰ ‌পাচ কৰি প্ৰায় লগে লগেই এছিষ্টেণ্ট ইঞ্জিনীয়াৰ হিচাবে চাকৰি পালে অসম চৰকাৰৰ অধীনত।মাইনুৱেও বি এচ চি পাচ কৰিলে মেজৰ ৰাখিয়েই। এইবাৰ ৰূপকে মাইনুক ৰিজাল্টৰ  খবৰটো দিওঁতে মাইনুৱে এটা এটা শব্দৰে লাহে লাহে ক’লে,

“প্ৰথমে তুমি তোমাৰ ঘৰৰ মানুহখিনিক সৈমান কৰোৱা আৰু আমাৰ ঘৰলৈ প্ৰস্তাৱটো লৈ পঠোৱা।আমাৰ ককাইদেউৱে ভয় কৰি আছে।অসন্মত কিন্তু নহয়।”

 ‘বাৰু’…. বুলি কৈ ৰূপক লাহেকৈ ঘৰলৈ গ’লগৈ।

       প্ৰথমে ৰূপকৰ মাক-দেউতাকে সন্মতি প্ৰদান কৰা নাছিল।তেওঁলোকে মাইনুক বেয়া নাপায়, কিন্তু সমাজলৈ ভয় কৰিছিল।ৰূপকে ক’লে,

‘প্ৰথমে সমাজ মাতি নামঘৰত সেৱা লওঁ তেন্তে।’

দেউতাকে ক’লে, ‘মানিব জানো।দেখা যাওকচোন।’

‘হেৰা,তোমালোকে এবাৰ ভাবি চোৱাচোন, গাওঁখনৰ ইমানবোৰ ল’ৰাই অসমৰ বাহিৰত চাকৰি কৰি অনা অসমীয়া ছোৱালী বিয়া পাতিছে,ছোৱালীও অনা অসমীয়া ল’ৰালৈ বিয়া হৈছে।ক’তা কাকোতো সমাজে এৰি থোৱা নাই।প্ৰথমতে দুদিনমান চিঞৰ-বাখৰ কৰে আৰু।পিচত সিহঁত ‌আহিলে সি অমুকটো আনিলে সি তমুকটোহে আনিলে,বোৱাৰীয়ে মেখেলা-চাদৰ ধুনীয়া কৈ পিন্ধে ,কৈ তত্ নাই।ৰোহিনী বৰদেউতাৰ ল’ৰাই দেখোন আমেৰিকাত পঢ়িবলৈ গৈ আমেৰিকান ছোৱালীকে বিয়া কৰালে।আহোঁতে চাবলৈ গৈছিলা নহয়।সকলোৰে মুখত ন-ছোৱালী গোঁসানীহেন গোঁসানীহেন।পাটৰ মেখেলা-চাদৰজোৰে ইমান শুৱাইছে,কৈ অন্ত নাই।তোমালোকে জন্মৰপৰা দেখা ছোৱালীজনী বিয়া কৰাব খুজিছো তাত এনেকুৱা কিয় কৰিছা।মই উত্তৰ দিম সমাজক ।তোমালোক নিচিন্ত থাকা।মাইনুৱে তোমালোকক কিমান শ্ৰদ্ধা-ভক্তি কৰে এবাৰ ভাবি চোৱাচোন।যতীনে পোৰা গালৰ দাগ থকা অৰুনিমাক বিয়া পাতিব খোজোঁতেও তাক সকলোৱে কিমান কি কৈছিল।অ’ সি ল’ৰাটোৱে ভাল পাইছে ছোৱালীজনীৰ মনটোকহে।গালখন পুৰিলে বুলিয়েই তাইক এৰি দিবনে?দেখিছা সিহঁত দুটা কিমান সুখেৰে আছে এতিয়া।”

 ৰূপকে মাক-দেউতাকক বুজাই বুজাই ক’লে।

‘যি কৰা যি নকৰা মই কিন্তু মাইনুৰ বাদে আন ছোৱালী বিয়া নাপাতো।লাগে মই জীৱনত বিয়াই নাপাতো।আমাৰ দুয়োখন ঘৰৰ মাজত খোৱা-লোৱা সদায় হৈয়েই আছে ।তাৰ পিছতো তোমালোকে কিহৰ সমাজলৈ ভয় কৰিছা।এৰে যদি এৰিব সমাজে।আমি দুয়োঘৰ মিলি থাকিম।মোক জানো ভাল নোপোৱা তোমালোকে?পোৱা যদি এবাৰ ভাবাচোন মোৰ কথা ।”

মাকৰ বেয়া লাগিল ।ক’লে, ঠিক আছে বাৰু, মই খুজিবলৈ যাম বিধিমতে।সেইদিনা যথাসময়ত মাকে খুজিবলৈ আহিব বুলি গম পাই মাইনু ওচৰতে থকা মোমায়েকৰ ঘৰলৈ বুলি ওলাই গ’ল হিয়াত দুৰু দুৰু কঁপনি লৈ।একে বয়সীয়া মোমায়েকৰ ছোৱালী মানসীয়ে অলপ দুয়োটাৰ মাজত কিবা আছে বুলি জানে।মাইনুৱে তথাপি তাইকো ৰূপকৰ মাকে খুজিবলৈ আহিব বুলি নক’লে।কি বা হয়গৈ কথা-বতৰাবোৰ।

     ‘তই কেলৈ ইমান ঠাণ্ডা হৈ আছ’ বুলি বাৰম্বাৰ মানসীয়ে সোধাতো মাইনুৱে মুখ নুখুলিলে।গাটো অলপ বেয়া বুলিহে ক’লে।আচলতে মাইনু তেনেকুৱাই।’বুকু ফুটে তবে মুখ ফুটে না’ ধৰণৰ।ওচৰ-চুবুৰীয়াৰ মানত তাই একেবাৰে ঠাণ্ডা ছোৱালী।ইমান ভালকৈ পঢ়া-শুনা কৰিও মাইনুৱে তাঁত বোৱাৰ পৰা ৰোৱা -তোলালৈকে সকলো ঘৰুৱা কাম কৰে।নবৌৱেকৰ লগত মিলি-জুলি থাকে।কলেজৰ পৰা শিক্ষামূলক ভ্ৰমণত যাওঁতে তাই পইচাই নোজোৰাত নিজলৈকে একো কিনা নাই ,কিন্তু ককায়েকৰ পৰিয়ালৰ সকলোলৈকে চুৱেটাৰ,শ্বাল কিবা একোটা আনিছে।মনত ভাৱ তাইৰ ‘ককাইদেৱে পইচা দি পঠাইছে কাৰণেহে আনিব পাৰিছোঁ।মোৰছোন আছেই সকলো।’ সেইজনীয়েই মাইনু।ওচৰ-চুবুৰীয়াই নসলাগি নোৱাৰে। কিন্তু বিয়াৰ এইটো কথাত একেখিনি ওচৰ-চুবুৰীয়াই ভাল এটা যে নক’ব তাক মাইনুৱে বঢ়িয়াকৈ বুজি পায়।সেয়ে তাই মনত শংকা লৈ মানসীহঁতৰ ঘৰতে ৰাতিটো থাকি ৰাতিপুৱাহে ঘৰলৈ যোৱাৰ কথা ভাবিলে।ৰাতিপুৱা ঘৰলৈ গৈ গম পালে ৰূপকৰ মাকে তামোল-পাণ দি ছোৱালী খুজিলে আৰু নামগোৱা এভাগ সোনকালে পাতিব বুলি কৈ গ’ল।নাম গোৱাত সকলোৱে ৰূপকৰ বিয়াখন সোনকালে পতাৰ বাবে পৰামৰ্শ আৰু আশীৰ্বাদ দিলে।ৰূপকেও ক’লে,

‘আপোনালোকৰ আশীৰ্বাদত মই মনৰ মতন ছোৱালী পালে এইবছৰেই বিয়াখন পাতিম বুলি ভাবিছোঁ।’

        তাৰ পিছতেই সৰস্বতী পূজাৰ দিনাই ৰূপকে কৰাই দিয়া আঙঠি এটা লৈ মাক-দেউতাকে মাইনুক পিন্ধাই থৈ গ’লহি।দেউতাকে ক’লে,

‘তাইক আমি ভালপাওঁ, পচন্দ কৰিছোঁ, তাত আনৰ কথা কেলৈ লাগে।দুদিনমান চিঞৰ-বাখৰ কৰিব পাৰে কিছুমানে ।তাত আমি একো নামাতিলেই হ’ল।আমি দুঘৰ মিলি থাকিলেই হ’ল।আমি ল’ৰা-ছোৱালীহালৰ মঙ্গল কামনা কৰোঁ।দুয়োটা সৰুৰেপৰা একেলগেই ডাঙৰ হোৱা।সিহঁতে জাতিভেদ চিনি নোপোৱাকৈয়ে ডাঙৰ হৈছে।গতিকে আনে কি কয় মন দিব নালাগে।’

          মাইনুৰ মনটো হাজাৰটা সূৰ্যৰ আলোকেৰে আলোকিত হৈ উঠিল ।এওঁলোককে তাই শহুৰ-শাহু ৰূপে পাব বুলি মনটো আনন্দেৰে ভৰি পৰিল।মাঘমহীয়া পুৱাৰেপৰা একেৰাহে দি থকা  চিপচিপীয়া বৰষুণৰ বতৰতো যেন অকণমান সময় বেলি ওলায় সকলোৰে মনবোৰ উমাল কৰি থৈ গ’ল।মাইনুৰ ককায়েকে ৰাতিলৈ মোমায়েকৰ ঘৰৰ সকলোকে ভাত খাবলৈ মাতি আহিলগৈ।মাকে মাইনুক গামোচা এযুতি লগোৱাৰ কথা ক’লে।নবৌৱেকে মাইনুক জোকাই জোকাই হায়ৰান কৰিলে।এছাতি বসন্তৰ বা বলি গোটেই ঘৰখনকে যেন ঢৌৱাই থৈ গ’ল প্ৰেমেৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *