আজিৰ চিন্তাঃ প্ৰকৃতি ,সমাজ আৰু মানুহ -জ্যোতিমণি দেৱী
‘প্ৰকৃতি’ শব্দৰ আভিধানিক অৰ্থ হৈছে বহিৰ্জগত বা নিসৰ্গ; সৃষ্টিৰ মূল বা আদি কাৰণ ৷ গতিকে প্ৰকৃতি বুলিলে আমি আমাৰ সমগ্ৰ বিশ্ব চৰাচৰকে বুজি পাওঁ৷ আনহাতে মানুহ হ’ল এই বিশ্ব-প্ৰকৃতিৰে ক্ষুদ্ৰ অথচ গুৰুত্বপূৰ্ণ অংশ৷ গুৰুত্বপূৰ্ণ এই বাবেই যে প্ৰকৃতিৰ সৃষ্টিবোৰৰ ভিতৰত একমাত্ৰ মানুহেই হ’ল একক, অনন্য সৃষ্টি; যিয়ে চিন্তা কৰিব পাৰে, সেই চিন্তা ভাষাৰে ব্যক্ত কৰিব পাৰে, উচিত-অনুচিত বিচাৰ কৰি কৰ্ম কৰিব পাৰে,নিজৰ সা-সুবিধা বিবেচনা কৰি সেইমতে জীৱন ধাৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷ সেয়েহে মানুহে এই বিশ্ব চৰাচৰত নিজকে ‘জীৱশ্ৰেষ্ঠ’ বুলিও গণ্য কৰে৷
প্ৰকৃতিত সকলো বস্তুকে জীৱ আৰু জড় এই দুটা শ্ৰেণীত বিভক্ত কৰা হৈছে৷ জীৱ হ’ল যিবোৰ বস্তুৰ জন্ম আৰু মৃত্যু আছে, যিয়ে খাদ্য গ্ৰহণ কৰে,যি নিজৰ চেহেৰাৰ মাক-দেউতাকৰপৰা ওপজে, ডাঙৰ হয়, শেহত মৃত্যু বৰণ কৰে৷গতিকে আমি ক’ব পাৰোঁ জীৱৰ জীৱন আছে৷ এই জীৱন হ’ল জীৱৰ জীৱিতকালৰ এটি অৱস্থা৷ মানুহৰ বাহিৰে ইতৰ প্ৰাণীৰ বাবে খাই লৈ জীয়াই থকাটোৱেই জীৱন৷ কিন্তু মানুহৰ ক্ষেত্ৰত ‘জীৱন’ শব্দৰ অৰ্থ সুকীয়া৷ মানুহে কেৱল খাই লৈ জীয়াই থকাটোকে জীৱন বুলি মানি নলয়, ল’ব নোৱাৰে৷ অন্ন, বস্ত্ৰ, বাসস্থানক যদিওবা মানুহে জীয়াই থকাৰ প্ৰাথমিক প্ৰয়োজন হিচাপে চিহ্নিত কৰিছে , তথাপি তাৰ লগত সাঙোৰ খাই থকা কথাটো হৈছে ‘মানৱীয় মূল্যবোধ’৷ যদি তিনিটা প্ৰাথমিক প্ৰয়োজন পূৰণৰ পিছতো আমি এটি মূল্যবোধৰহিত জীৱন কটাবলগীয়া হয়, তেন্তে সেই জীৱনটোক আমি মৃত্যুৰ সমতুল্য জ্ঞান কৰোঁ৷ এতিয়া প্ৰশ্ন হ’ল মূল্যবোধনো কি? ইয়াৰ জন্ম ক’ত?
মূল্যবোধ হ’ল একপ্ৰকাৰৰ বিশ্বাস বা প্ৰমূল্যবোধ, যাক সমাজৰ গৰিষ্ঠসংখ্যক মানুহে অনুশীলন কৰে৷ গতিকে ইয়াৰপৰা আমি গম পাওঁ যে মূল্যবোধৰ জন্ম হয় সমাজত৷ অন্য জীৱ-জন্তুক প্ৰকৃতিয়ে আত্মৰক্ষাৰ বাবে তীক্ষ্ণ শিং, নখ, দাঁত,শুং আদি দিছে ৷ কিন্তু মানুহ এইক্ষেত্ৰত কিছু ব্যতিক্ৰম৷ প্ৰকৃতিয়ে মানুহৰ বাবে এনেধৰণৰ কোনো আত্মৰক্ষাৰ অস্ত্ৰ নিৰ্দিষ্ট কৰি দিয়া নাই৷ বিপৰীতে মানুহে আত্মৰক্ষাৰ অস্ত্ৰ নিজে সৃষ্টি কৰি ল’ব লগা হৈছে৷ তাৰ বাবে মানুহক দিছে বুদ্ধি, বিবেক, চিন্তা-শক্তি, অনুসন্ধিৎসু মন। গতিকে এই গুণৰাজিৰে মানুহে পাতি লৈছে সমাজ৷ এই সমাজ হ’ল ব্যক্তি-সমষ্টি, য’ত কিছুমান নিয়ম জীৱনক আগুৱাই লৈ যাবৰ বাবে পালন কৰিবলগা হয় আৰু এই নিয়মৰ সমষ্টিয়েই হ’ল মূল্যবোধ৷
প্ৰকৃতিয়ে সৃষ্টিতত্বত এনে এক শৃংখলৰ সৃষ্টি কৰি থৈছে যে ইয়াৰ মাজত আছে এক সুন্দৰ ভাৰসাম্যতা, যাক আমি কওঁ ‘প্ৰাকৃতিক ভাৰসাম্যতা’।এই ভাৰসাম্যতা ৰক্ষাৰ বাবে প্ৰকৃতিয়ে নিৰ্দ্ধাৰণ কৰিছে জৈৱিক নিয়ন্ত্ৰণ ব্যৱস্থা৷ জল, স্থলকে আদি কৰি প্ৰতিটো আবাদীতে আছে এই জৈৱিক নিয়ন্ত্ৰণৰ বাবে খাদ্য শৃংখলৰ ব্যৱস্থা৷ খাদ্যৰ বাবে আমি জীৱজগতে নিৰ্ভৰ কৰিছোঁ ইটোৱে সিটোৰ ওপৰত৷ কিন্তু এইক্ষেত্ৰত উদ্ভিদজগত ব্যতিক্ৰম৷ সেউজীয়া উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি লয় আৰু আমি প্ৰাণীজগতৰ সকলোৱে এই উদ্ভিদৰ ওপৰত প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে নিৰ্ভৰশীল৷ কিন্তু এই জৈৱিক নিয়ন্ত্ৰণৰ শৃংখলটোৰপৰা মানুহ জাতি বহু পৰিমাণে আঁতৰি অহা পৰিলক্ষিত হ’ল যেতিয়া মানুহে বন্য-জীৱন ত্যাগ কৰি সমাজ পাতি বাস কৰিবলৈ ল’লে৷ বন্য-জন্তুৰ আক্ৰমণৰপৰা ৰক্ষা পাবলৈ মানুহে হত্যা কৰিবলৈ ল’লে বন্য, হিংস্ৰ জন্তুক৷ ফলত বহুতো জীৱ-জন্তু হৈ পৰিল মানুহৰ খাদ্য৷ এক কথাত মানুহ হৈ পৰিল সৰ্বভোজী প্ৰাণী৷ কিন্তু এই ভোগৰ পৰিমাণ ইমানেই বাঢ়িল যে প্ৰকৃতিৰ বুকুত এতিয়া বহুতো প্ৰাণীৰ লুপ্তপ্ৰায় অৱস্থা ৷ নিজৰ বাসভূমি, আবাস ঘৰ নিৰ্মাণৰ বাবে মানুহে কাটি পেলালে প্ৰকৃতিৰ বুকুৰ বহুতো মূল্যবান গছ৷ ব্যৱসায়ৰ সুবিধাৰ বাবে ধ্বংস হৈছে বৃহৎ কৃষিভূমি ৷ যাতায়াতৰ সুবিধা কৰি ল’বৰ বাবে দিনে দিনে কটা গৈ আছে হেজাৰ- বিজাৰ গছ৷ আমাৰ চিন্তা আমি কেৱল সুখত থাকিব লাগিব, কোনোৱে আমাক আমনি কৰিব নালাগিব৷ এই চিন্তাই আমাক স্বাৰ্থপৰ কৰি তুলিছে৷ এই স্বাৰ্থপৰতাই আমাক লুভীয়া আৰু নিষ্ঠুৰ প্ৰাণীৰূপে গঢ়ি তুলিছে,যিবোৰে প্ৰকৃতিক এনে এটি পৰ্যায়লৈ লৈ গৈছে যে গোলকীয় উষ্ণতা বৃদ্ধিৰ দৰে ভয়াবহ সমস্যাৰে প্ৰকৃতি এতিয়া ভাৰসাম্যহীন৷
আজি এই একবিংশ শতিকাত থিয় হৈ আমি যদি আমাৰ অতীতক এবাৰ উভতি চাওঁ, তেন্তে দেখিম যে একমাত্ৰ মানুহেই হ’ল প্ৰকৃতিৰ আটাইতকৈ ধ্বংসকাৰী ভয়ানক প্ৰাণী৷ সমাজত নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ নিমিত্তে মানুহে পাহৰি যায় নিজৰ সুহৃদক দেখুৱাব লগা ন্যূনতম মূল্যবোধ৷ অৰ্থৰ লোভত হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে নিজৰ বংশধৰক৷ হত্যা, হিংসা, ধৰ্ষণ, সন্ত্ৰাসেৰে এই বিশ্ব প্ৰকৃতিক অস্থিৰ কৰি তুলিছোঁ আমি মানুহে৷ অস্থিৰ প্ৰকৃতিৰ বুকুত সেয়েহে আজি ভূমিকম্প, বানপানী, ধুমুহা, বজ্ৰপাত আদিৰ ৰূপো ভয়াবহ হৈ উঠিছে দিনে দিনে৷ ইয়াৰ পিচত কিহৰ ভিত্তিত আমি নিজকে ‘জীৱশ্ৰেষ্ঠ’ বুলি গৰ্ব কৰোঁ?
প্ৰকৃতি, মানুহ, সমাজৰ মাজত সঁচাকৈ জীৱশ্ৰেষ্ঠ হৈ যদি আমি প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰিব নোৱাৰোঁ, তেন্তে আমাৰো নিস্তাৰ নাই৷ আমিও হ’ম প্ৰকৃতিৰ বুকুত অধুনালুপ্ত এক প্ৰাণী, যিয়ে কেৱল নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দিবলৈ গৈ বিলুপ্তিৰ পথলৈ ধাৱমান হৈছোঁ৷সেয়েহে…….
হে সুধীসমাজ, আহক আমি সকলোৱে মূল্যবোধৰ শিক্ষাৰে অনুপ্ৰাণিত হৈ সমাজখন ৰক্ষা কৰোঁ, প্ৰচুৰ অনুশীলনেৰে নিজকে সঁচা অৰ্থত জীৱশ্ৰেষ্ঠ প্ৰমাণ কৰোঁ, লগে লগে ৰক্ষা কৰোঁ আমাৰ স্বাৰ্থতেই আমাৰ বিশ্ব প্ৰকৃতিক ৷প্ৰজন্মৰ পিছত প্ৰজন্মক জীয়াই ৰাখিবলৈ, আমাৰ সন্তানহঁতৰ পৃথিৱীখন বচাই ৰাখিবলৈ মানুহ, সমাজ আৰু প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষাৰ দায়িত্ব প্ৰকৃতিয়ে আমাৰ হাততেই ন্যস্ত কৰাৰ লগতে জীৱশ্ৰেষ্ঠ হিচাপে প্ৰমাণ কৰাৰ সুযোগো প্ৰদান কৰিছে৷আমি কেৱল মানৱীয়তাৰে, দয়াৰে, ক্ষমাৰে, উদাৰতাৰে, বিবেকেৰে, কৰ্মৰে সেই দায়িত্ব পালন কৰি এখন সুন্দৰ পৃথিৱী আমাৰ উত্তৰ প্ৰজন্মৰ হাতত শিকাই বুজাই তুলি দি নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিব লাগে৷ প্ৰকৃতিয়ে জানে একমাত্ৰ মানুহেই এই কাম কৰিব পাৰে আৰু সেইবাবেই প্ৰকৃতিয়ে আমাৰ হাতত দায়িত্ব অৰ্পণ কৰি আমাৰ মুখলৈ চাই আছে৷ আমি নিশ্চয় পালন কৰিব পাৰিম এই দায়িত্ব ।এনে কৰিব পাৰিলেহে প্ৰতি বৰ্ষৰ ৫ জুন তাৰিখে আমি ‘বিশ্ব পৰিবেশ দিৱস’ পালন কৰাটো প্ৰকৃত অৰ্থত সাৰ্থক হৈ উঠিব।