ইতিহাসৰ জলঙাইদি ঘৰ-উপাসা ভাগৱতী
ইংৰাজী শব্দ ‘হাউচ’ প্ৰাচীন ইংৰাজী শব্দ ‘হাচ’ৰপৰা উৎপত্তি ,যাৰ অর্থ বাসস্থান,অশ্ৰয় বা ঘৰ-দুৱাৰ ;যিটো প্ৰোটো জাৰ্মানি ‘হুচান’ শব্দৰ পৰা উদ্ভূত ৷ ঘৰ বুলি কওঁতে মানুহে বসবাসৰ বাবে নির্মিত কাঠামোকে বুজায়। ঘৰত পূৰ্বতে যৌথ পৰিয়াল থকা দেখা গৈছিল যদিও এতিয়া প্ৰায়েই এটা পৰিয়ালহে বাস কৰা দেখা যায় । বৰ্তমান অৱশ্যেই কেৱল এজন ব্যক্তি,সামাজিক গোট আদিয়েও বাস কৰিব পাৰে ।
সংস্কৃত ‘গৃহ’ শব্দটোৰপৰাই অসমীয়া ‘ঘৰ’ শব্দটোৰ উদ্ভৱ ৷ ঘৰ শব্দটোৰ অন্যান্য সমার্থক শব্দবোৰ হৈছে -ভৱন, আলয়, আৱাস,নিবাস ইত্যাদি ৷ ৰ’দ,বৰষুণ ,ক্ষতিকাৰক প্ৰাণী ,চোৰ আদিৰপৰা সুৰক্ষা দিবৰ বাবেই ঘৰৰ প্ৰয়োজনীয়তা আছে ৷ সেইবাবেই যেন তলা-চাবিৰ উদ্ভৱ হৈছে সুৰক্ষাৰ হেতুত ৷
আদিমকালত মানুহে প্ৰকৃতিৰ ৰুদ্ৰৰোষৰপৰা বাচি থাকিবৰ বাবে পাহাৰ পৰ্বতৰ গুহাত অৱস্থান কৰিছিল ৷ সমাজবদ্ধ জীৱ হিচাপে আৰু ইয়াৰ সুবিধাবোৰ অনুভৱ কৰি মানুহে এই গুহাকেই নিজৰ ঘৰ হিচাপে প্ৰথম ভাবিবলৈ শিকে ৷ পৰবৰ্তী অৱস্থাত মানুহে নিজৰ তীক্ষ্ণ বিচাৰ বুদ্ধি ,ক্ষমতা , দক্ষতা প্ৰয়োগ কৰা বাবে কালৰ পৰিক্ৰমাত বর্তমানৰ ঘৰে অৱস্থান কৰিছে ৷
পৰিৱৰ্তন পৃথিৱীত পুৰণি কালৰেপৰা চলি আহিছে । পূবৰপৰা পশ্চিমলৈ ভিন-ভিন ৰীতি দেখা যায় । প্ৰতিখন দেশৰে ৰীতি-নীতি ভিন্ন হোৱাৰ দৰে স্থাপত্য ৰীতিটো এই প্ৰভেদ দেখা যায় । প্ৰাচীন কালত গছৰ খোৰোঙত বাস কৰা মানৱে গুহাত থাকিবলৈ ল’লে সুন্দৰকৈ সজাই পৰাই আৰু বুদ্ধিৰ উন্নতিৰ লগে লগে মানুহে ঘৰ সাজিবলৈ ললে । অস্ত্ৰ-শস্ত্ৰৰ প্ৰয়োগ জনা হোৱাৰ পিছতে কাঠ,বাঁহ, শিল, মাটি আদিৰে নিজৰ সুবিধা অনুসৰি ঘৰ সাজিবলৈ শিকিলে । প্ৰথম স্থায়ী ঘৰ বোকা,শিল আৰু পোৰা মাটিৰে সজা হৈছিল । এতিয়াও এনে ঘৰ পেবল’ ইন্ডিয়ানবোৰৰ এদ’ব(adobe) ঘৰত দেখা যায় । দক্ষিণ-পূব এছিয়া আৰু চীন আদি দেশত কাঠ-বাঁহৰ প্ৰাচুৰ্যতাৰ বাবে ঘৰ সজাৰ উপদানো সেয়াই হৈ উঠিল । মধ্য প্ৰাচ্যত মাটিৰ ঘৰ দেখা যায় । প্ৰাচীন কালত শিলেৰে ইমান সুন্দৰকৈ কেনেকৈ ঘৰ সাজিছিল সেয়া আজিও আশ্চৰ্যৰ বিষয় । ইউথপিয়াৰ দৰ্জী শ্ৰেণীৰ মানুহবোৰে বাঁহৰ গাজেৰে মৌ বিচনীৰ আকাৰত ঘৰ সাজে । চুদানৰ মাচাকিনবোৰৰ ঘৰবোৰ দুৰ্গৰ দৰে বৃত্তাকাৰ পাঁচটা বা বেছি ঘৰ সাজি এটাত পোহনীয়া জন্তু আৰু বাকীবোৰত ঘৰৰ পৰিয়ালৰ মানুহ থাকে । কালাহাৰী মৰুভূমিত বুছমেনবোৰে স্কাৰমছ নামৰ ঘাঁহেৰে ঘৰ সাজে যদিও তেওঁলোক ঘৰৰ বাহিৰতহে শুৱে । অঘৰী চাহাৰা মৰুভূমিৰ বেদুইনবোৰ ছাগলীৰ তম্বুত বাস কৰে আৰু মংগোলীয় অঘৰীবোৰে তম্বুক য়াৰ্ট ( yurt)বুলি কোৱা দেখা যায় । জিপচীবোৰে আকৌ অলংকৃত গাড়ীত বাস কৰি অঘৰীৰ দৰে ঘূৰি ফুৰে যদিও তেওঁলোককো ঘৰৰ প্ৰয়োজন অনুভৱ কৰা দেখা যায় ।
ঘৰ তৈয়াৰ কৰিয়েই মানুহ সংসাৰী হৈছে ৷ সাধাৰণতে বসবাস কৰাৰ উপযোগী ঘৰ সাজি উলিয়াবলৈ বাঁহ, কাঠ, ইকৰা , খাগৰি ,নাৰিকল,তাল ,টকৌগছৰ পাত আদিৰ লগতে অন্যান্য সহায়ক প্ৰাকৃতিক সামগ্ৰীৰ প্ৰয়োজন হয় ৷ ইয়াৰদ্বাৰা ঘৰ বন্ধা বা কুটিৰ নির্মাণ কৰা হয় । খেৰৰ ঘৰ,ভঁৰালঘৰ আদিৰ প্ৰচলন হৈছিল তিনি চাৰি দশকৰ পূর্বলৈকে ৷ এতিয়া তাৰ ঠাই অধিকাৰ কৰিছে ইটা ,বালি, চিমেন্ট,লোহা আদিয়ে ৷
গৃহকর্তাৰ অর্থনৈতিক সামর্থ্যতাৰ ওপৰত ভিত্তি কৰি ঘৰ নির্মাণ ভিন্ন হয় ৷ পুৰুষজনক গৃহস্থ ,মহিলাগৰাকীক গৃহিনী বুলি কোৱা হয় ৷ ঘৰখনত দুয়োৰে উপস্থিতিৰ প্ৰয়োজন ৷ ব্যক্তি হিচাপে পুৰুষে স্ত্ৰীগৰাকীক ঘৰিনী বা গৃহলক্ষ্মী হিচাপে চোৱা হয় ৷ কুমন্ত্ৰণা ,ব্যক্তিৰ চৰিত্ৰ ,মানসিক ভাৰসাম্য আদি ঘৰ এখন ভঙাৰ বাবে অধিকাংশ ক্ষেত্ৰতে দায়ী ৷ ঘৰ এখনৰ ৰক্ষণাবেক্ষণত পুৰুষ- স্ত্ৰী দুয়োগৰাকীৰে গুৰুত্বপূর্ণ ভূমিকা আছে ৷
ঘৰৰ প্ৰথম উৎপত্তি সম্বন্ধে খুব কম কথা জনা যায় যদিও ইয়াক আশ্ৰয়স্থল হিচাপে সু-প্ৰাচীনকালৰেপৰা বিবেচিত হৈ আহিছে ৷ ৰোমান স্থপতিবিদ ভিট্ৰুভিয়াসে গছৰ শাখা আৰু মাটিৰ সমন্বয়ত তৈয়াৰী ঘৰৰ কাঠামোক প্ৰথম বাসযোগ্য ঘৰৰ উদাহৰণ বুলি বিবেচিত কৰিছে ৷ ইয়াক পর্ণ কুটিৰ বুলিও ক’ব পাৰি ৷ আন এজন স্থপতিবিদৰমতে ১৭ শতিকাৰ ডাচ ঘৰবিলাকেই হেনো আধুনিক ঘৰৰ ভিত্তি ৷ঘৰৰ প্ৰাচীন ইতিহাস সম্পর্কে যিমান দূৰ ধাৰণা পোৱা যায় সেয়া বিচাৰ কৰিলে নেদাৰলেণ্ডৰ নিবাসবোৰক ঘৰ বুলি ক’ব পাৰি ৷ নির্মাণ আৰু বুৎপত্তিৰ ইতিহাস ১৭ শতিকাৰ এক তৃতীয়াংশক ধৰি ডাচবোৰৰ ভিন্ন ভিন্নকৈ কৰা ঘৰবোৰ একত্ৰীকৰণৰ মাধ্যমৰ বাবে নগৰ নির্মাণ আৰম্ভ হয় ৷
মানুহক গ্ৰীষ্ম,বর্ষাৰপৰা আত্মৰক্ষা কৰিবলৈ আৱাস বা ঘৰৰ প্ৰয়োজন আছে৷ সেইদৰে গ্ৰীষ্মপ্ৰধান বা শীতপ্ৰধান হিচাপে সকলো দেশৰে ঘৰৰ সংস্কাৰ কৰিব লগা হৈছে যুগে যুগে ৷ ইয়াৰ লগত ভৌগলিক দিশটোও জড়িত হৈ আছে । পৃথিৱীত এতিয়াও এনে জাতি আছে যি এতিয়াও সেই আদিম প্ৰস্তৰ যুগৰদৰেই ঘৰ বান্ধি বাস কৰিছে ৷ এনেধৰণৰো জাতি আছে যি আজিলৈকে ঘৰ বান্ধিবলৈ নিশিকিলে ৷ তম্বু তৰি বাস কৰি দেশে দেশে ঘূৰি ফুৰি জীৱন কটাইছে৷ এনেধৰণৰ যাযাবৰ সমগ্ৰ পৃথিৱীতে বিয়পি আছে ৷ তেওঁলোকৰ যাযাবৰী জীৱনটো দেখিয়েই যেন সুধাকণ্ঠইও গাই উঠিছিল ‘মই এটি যাযাবৰ ‘। মানুহৰ জ্ঞান-বুদ্ধিৰ ক্ৰমবিকাশৰ লগে লগে ঘৰ বন্ধাৰ ৰীতিৰো ক্ৰমোন্নতি হৈছে ৷ প্ৰকৃত স্থাপত্য কলাৰ মাজেৰে মানুহে শ্ৰী আৰু মার্জিত মনৰ পৰিচয় ডাঙি ধৰিছে ৷ সেইবাবেই বোধকৰোঁ তাজমহল এগৰাকী সম্ৰাজ্ঞীৰ কবৰ নহয়, মানুহৰ বাস্তুকলাৰ এক শ্ৰেষ্ঠ নিদর্শন ৷
দেশ আৰু যুগৰ সংস্কৃতিৰ লগত ঘৰ আৰু গৃহ নিৰ্মাণৰ প্ৰণালীৰ প্ৰত্যক্ষ সম্বন্ধ আছে বুলি অসমৰ লোক সংস্কৃতি নামৰ পুথিত ডঃ বিৰিঞ্চি কুমাৰ বৰুৱাদেৱেও উল্লেখ কৰি গৈছে । সামাজিক,ভৌগোলিক,জলবায়ু আৰু প্ৰাকৃতিকভাৱে উদ্ভৱ হোৱা বস্তুৰ ওপৰত ভিত্তি কৰি ঘৰ কেইবাপ্ৰকাৰৰো হ’ব পাৰে ৷ এনে পৰিস্থিতিত পোৱা আহিলা-পাতি আদিৰ বাবেই এনে পাৰ্থক্য পৰিলক্ষিত হয়। ঘৰৰ প্ৰকাৰবোৰ—
১/ইগ্লো—– বৰফেৰে নির্মিত ঘৰ য’ত এস্কিম’সকলে বাস কৰে,
২/বঙলা—–ইটা ,শিল আদিৰে বনোৱা ঘৰ ,
৩/পঁজা——খেৰ ,বাঁহেৰে সজা সাধাৰণ ঘৰ ,
৪/কনাক—- অত্তমান ৰাজৰ সময়ত তুর্কীসকলৰ এক প্ৰচলিত ঘৰ .
৫/মেনৰ হাউচ—-মধ্যযুগৰ ৰাজন্যৰ ঘৰ
৬/ট্ৰি হাউচ——–গছৰ ওপৰত নির্মিত ঘৰ
৭/ এপার্টমেন্ট—— এটি অট্টালিকাত একেধৰণৰ কোঠাৰ মাজত এটি কোঠা বা কোঠাৰ গোট।
৮/হাউচ ব’ট———পানীত ওপঙা,সমতল তলিৰ এখন নাও যাক বাসৰ বাবে ব্যবহাৰ কৰা হয়।
৯/তম্বু ——————–ডাঠ কাপোৰেৰে সজা এক অস্থায়ী ঘৰ,সাধাৰণতে পাহাৰ -পর্ব্বত বগাবলৈ যাওঁতে ব্যবহাৰ হয়।
১০/চাংঘৰ————–ওখকৈ চাং পাতি সজা ঘৰ ৷ জনজাতীয় মানুহখিনিয়ে নদীৰ বানৰপৰা ৰক্ষা পাবলৈ এনে ঘৰ সজা দেখা যায় আদি৷
প্ৰাচীন কালৰ স্থাপত্যৰ নিদর্শনে ভাৰতৰ সভ্যতাৰো প্ৰাচীনত্ব ডাঙি ধৰে ৷ অতি প্ৰাচীন নিদর্শন পোৱা নগ’লেও বেদ ,পুৰাণ আদিত থকা বর্ণনাবোৰৰপৰা তাৰ অস্তিত্বৰ কথা আমি ভালকৈ জানিব পাৰোঁ।গুৰু গৃহ,আশ্ৰম বাসৰ যোগেদি কুটিৰত থকা আৰু নগৰত ৰজাৰ বাসস্থানবোৰৰ মাজত যাক জনপদ বোলা হৈছিল সেইবোৰত স্থাপত্যৰ শোভা দেখিবলৈ পাওঁ ৷
অথর্ব বেদত গৃহ প্ৰতিষ্ঠাৰ বিষয়ে উল্লেখ আছে আৰু মহানির্বাণ তন্ত্ৰতো মন্দিৰ প্ৰতিষ্ঠাৰ কথা পোৱা যায় ৷ এটা প্ৰাচীন শ্লোকত আছে –
“গেহ তৱং সর্ব্বলোকণাং
পূজ্যঃ পুণ্যো যশঃপ্ৰদঃ
দেবতাস্থিতিদানেন
সুমেৰুসদৃশো ভৱ।৷……’’
অর্থ্যাৎ হে গৃহ ,তুমি সর্ব্বলোকৰ পূজ্য, তুমি পুণ্য ও যশ প্ৰদান কৰা।দেৱতাক প্ৰতিষ্ঠান কৰি তুমি সুমেৰুৰদৰে হোৱা ৷ তুমি কৈলাশ ,তুমিয়েই বৈকুন্ঠ ,তুমিয়েই ব্ৰহ্মভৱন ; যি মহাদেৱতাৰ অন্তৰত জগৎ-চৰাচৰ স্বচ্ছন্দে বিৰাজ কৰিছে , সেই পৰম দেৱতাক তুমি অন্তৰত ধাৰণ কৰি আছা,সেইবাবে তুমি দেৱতাবোৰৰো বন্দিত ৷তুমি দেৱমাতৃসদৃশ আৰু তুমি সর্ব্বতীর্থময় ৷ আমাৰ সকলোৰে কামনাক পৰিপূর্ণ কৰি আমাৰ শান্তি বিধান কৰা ,তোমাক প্ৰণাম জনাওঁ ৷
মহানির্ব্বাণতন্ত্ৰতো সেইদৰে আছে —
“বিশ্ববাসায় বাসায় গৃহং তে বিনিবেদিতম্
অঙ্গীকুৰু মহেশান কৃপয়া সন্নিধীয়তাম৷৷”
অর্থ্যাৎ– বিশ্ব তোমাৰ মন্দিৰ ,হে দেৱতা এই গৃহ তোমাৰ মন্দিৰ হওক ,এই নিমিত্তে এয়া তোমাক নিবেদন কৰিছো। তুমি সকলোৰে মহানেতা ,তুমি কৃপাপূর্ব্বক এই মন্দিৰ গ্ৰহণ কৰা ,দয়া কৰি তুমি ইয়াৰ মাজত সন্নিহিত হোৱা ৷ এই শ্লোকসমূহৰদ্বাৰা ঘৰ এখন মন্দিৰৰ লগত তুলনা কৰাৰ উমান পাওঁ ।
বাস্তু শাস্ত্ৰত ঘৰৰ চাৰিওদিশে চতুষ্কোণৰ হিচাপ দিয়া আছে আৰু মন্দিৰেই হওক বা বাসভৱনেই হওক তাৰ অনুৰূপেহে ইয়াক তৈয়াৰ কৰা হয় ৷ চাৰিওদিশে চাৰিজন বিশেষ দেৱতাৰ অধিষ্ঠান –উত্তৰে অশ্ববাহন কুবেৰ, দক্ষিণে মহিষবাহন যম , পশ্চিমে মকৰবাহন বৰুণ , পূবে হস্তিবাহন ইন্দ্ৰ বিৰাজমান ৷ ইয়াৰ ওপৰিও বায়ুকোণত হৰিণবাহন বায়ু ,নৈঋত কোণত গৰুড়বাহন বিষ্ণু আছে ৷ ঘৰত দেৱতাও স্থান অনুসৰিহে স্থাপিত কৰা হয়
মৎস্য পুৰাণত ওঠৰজন বাস্তুশাস্ত্ৰজ্ঞৰ নাম আছে সেইসকল হৈছে – ভৃগু,অত্ৰি,বশিষ্ঠ,বিশ্বকর্মা,মায়া, নাৰদ, নগ্নজিৎ ,বিশালাক্ষ,পুৰন্দৰ ,ব্ৰহ্মা,কুমাৰ, নন্দিশ,সৌনক, গর্গ, বাসুদেব ,অনিৰুদ্ধ,শুক্ৰ আৰু বৃহস্পতি ৷ কাল পৰীক্ষা,দিশ নির্ণয় ,ভূ-পৰীক্ষা আদি কৰিহে ঘৰ এটা সজাৰ যোগ্য বুলি বিবেচনা কৰা হয়৷
প্ৰাচীন স্থাপত্যৰ নিদর্শন মাটিৰ তলত খনন কৰি পোৱা মহেঞ্জোদাৰো আৰু হৰাপ্পাৰ কথা ক’ব লাগিব ৷ তাৰপিছতেই আহে বৌদ্ধ যুগৰ স্থাপত্যসমূহ—- ভাৰতৰ নালন্দা,তক্ষশীলা আৰু সাৰনাথৰ বিশ্ববিদ্যালয়সমূহ তথা পাটলিপুত্ৰ আদিৰ স্থাপত্যকলাত পানী নিষ্কাশণৰ প্ৰণালী,সাজি থোৱা স্নানাগাৰসমূহ আৰু ঘৰবোৰৰ নিদর্শনত ইটা বা পাথৰ দি তৈয়াৰ কৰা পদ্ধতি ৷ ইয়াৰ ইটাবোৰ বর্তমানৰ ইটাতকৈ বহু ডাঙৰ ৷ মাটি আৰু চূণৰ গাঁথনি চকুত পৰে ৷ মোগল যুগত ইয়াতকৈ সৰু ইটাৰ ব্যবহাৰ কৰা দেখা যায় ৷
পৰৱৰ্তী সময়ত বিভিন্ন চাহিদা অনুযায়ী লাহে লাহে বিভিন্ন ধৰণৰ ঘৰ তৈয়াৰ হবলৈ ধৰিলে ৷ ঘৰবোৰত পৰিয়াল আত্মীয়-স্বজন ,কর্মচাৰী, চাকৰিজীৱী আৰু অতিথিসহ অসৎখ্য লোকৰ বসবাস হ’বলৈ আৰম্ভ কৰিলে। সভ্যতাৰ লগে লগে ঘৰৰ গঠনৰ সলনি হ’ল ।পশ্চিম এচিয়া,ভাৰত আৰু চীনত মনোহৰ অট্টালিকা সজা দেখা গৈছিল । শিলৰ ভিলাত বাস কৰা গ্ৰীক আৰু ৰোমানবোৰৰ ঘৰৰ দেৱাল আৰু মজিয়া টাইলচৰ হোৱাৰ লগতে ঘৰৰ মাজভাগত এটা সৰু পুখুৰী খান্দিছিল ।
পশ্চিমৰ ঘৰবোৰত এক বা একাধিক শয়ন কক্ষ ,স্নানাগাৰ, ৰান্ধনী ঘৰ আৰু বহাঘৰ থকা দেখা যায়। কিছুমান ঘৰত বিনোদনৰ বাবেও কক্ষ থাকে ৷ কৃষি প্ৰধান এলেকাত জীৱ-জন্তুৰ বাবেও সুকীয়া ঘৰৰ ব্যৱস্থা কৰা হয় ৷ অসমীয়া ঘৰবোৰৰ ভিতৰত চ’ৰাঘৰ,বৰঘৰ,সৰুঘৰ, মাৰলঘৰ,শোৱনি ঘৰ,বুলনী ঘৰ,পাকঘৰ বা ৰান্ধনি ঘৰ,ঢেঁকীশাল, তাঁতশাল,গোহালিঘৰ,ভঁড়ালঘৰ আৰু তাৰ উপৰিও বাটচ’ৰা নামঘৰ বা কীৰ্তনঘৰ আদি আছিল। আহোমৰ দিনত কাঠৰ কাৰেঙৰ পিছত ইটাৰে নিৰ্মিত কাৰেংঘৰ ,ৰংঘৰ,পাটঘৰ,হোলোংঘৰ আৰু শিঙৰিঘৰ থকা দেখা গৈছিল। ডাকৰ বচনত ঘৰৰ দিশ নিৰ্ণয়ৰ হেতু কোৱা হৈছিল–
পূবা পছিমাকৈ সাজিবা ঘৰ।
অকাল মৃত্যুকো নাহিকে দৰ ।।
পূবে ভঁড়াল পছিমে গঁড়াল ।
উত্তৰে চৰু দক্ষিণে গৰু।।
পছিমে বাঁহ পূবে বেত।
উত্তৰে তামোল দক্ষিণে খেত।। আদি।
ঘৰৰ লগত বহুতো বিশ্বাসো জড়িত হৈ আছে । ঘৰ লোৱা, ঘৰ উঠা আদি । এইবোৰকে লৈ ভালেমান গীত-মাত,প্ৰবচন,উপমা,দৃষ্টান্ত,যোজনা,ফকৰা,শাও-শপনিৰো সৃষ্টি হৈছে ।
“চুটি খেৰৰ বেচা ঘন,তোমালৈ যাবলৈ মন ।(বিহুগীত),উৰুখা ঘৰত বাৰিষা বাসা , বৰঘৰৰ মেকুৰী সৰুঘৰলৈ যায়, বৰঘৰৰ শুৱনি কাকিনী তামোল ঐ, আদি ইয়াৰে দুটামান উদাহৰণ ।
ঊনবিংশ আৰু বিংশ শতাব্দীত ঘৰসমূহত উচ্চ প্ৰযুক্তিৰ সৰঞ্জাম,ইলেকট্ৰনিক পণ্যৰ ব্যৱহাৰৰ বৃদ্ধি পৰিলক্ষিত হয় । ঘৰৰ কক্ষবোৰৰ পৃথকীকৰণ আৰু গোপনীয়তা ৰক্ষাৰ প্ৰয়োজনীয়তাৰ ফলস্বৰূপে কক্ষ বৰ্ধনৰ প্ৰথম উদাহৰণ ১৫৯৭ চনত নিৰ্মিত লণ্ডনৰ চেলসিৰ বিউফটঁ হাউচ । ঘৰৰপৰা চলাচলৰ পথৰ বিচ্ছিন্নতাৰ ফলস্বৰূপে কৰিড’ৰৰ বিকাশ হৈছিল । ই বৰ জনপ্ৰিয়তা হৈছিল । পশ্চিমৰ এই ঘৰবোৰত একাধিক শয়ন কক্ষ, গা ধোৱা ঘৰ,ৰান্ধনি ঘৰ,খোৱা-বোৱা কৰা কক্ষ আদি সলগ্ন হৈ থকা দেখা যায় ।
শতিকাৰ সলনিৰ লগে লগে ঘৰৰ আকাৰ সলনি হবলৈ ধৰে । এলিজাবেথান যুগৰ ইংলেণ্ডত কাঠৰ ঘৰ আজিও জনপ্ৰিয় । এঢলীয়া আকাৰৰ ঘৰ সজা ডাট্ চসকলে ঘৰৰ বাৰাণ্ডাৰ প্ৰচলন কৰে । জলবায়ু গৰম বাবে ইটালীৰ ঘৰবোৰ চেপেটা আৰু স্কাণ্ডিনেভিয়াত অতিমাত্ৰা জাৰৰ বাবে ঘৰবোৰ উমাল কৰি ৰাখিবলৈ ছালত ঘাঁহ থোৱা হয় । প্ৰবল ভূমিকম্পৰ হেতু জাপানত পাতল বস্তুৰে ঘৰ সজাৰ বিপৰীতে এক্সিমোবোৰে ইগ্লু নামৰ বৰফৰ ঘৰত বাস কৰে । ভাৰতৰ কাশ্মীৰৰদৰে নাৱৰ ঘৰ হংকঙতো দেখা যায় । মাটিৰ অভাৱৰ বাবে তেওঁলোকে নাৱৰ ঘৰত থাকে ।
মধ্যযুগৰ সম্ভ্ৰান্ত ইউৰোপবাসীয়ে ডাঙৰ ঘৰত(castle) বাস কৰিছিল য’ত চাৰিওফালে গড়খাৱৈ আছিল । ড্ৰ ব্ৰিজৰ(draw bridge) দ্বাৰাহে ঘৰবোৰত প্ৰৱেশ কৰিবপৰা হৈছিল । শিল-ইটাৰে গঁথা ঘৰ-মন্দিৰ আদি মধ্যযুগত ধৰ্মৰ আদৰ্শৰ অনুৰূপে গঢ় ল’বলৈ ধৰাৰ পিছতে আমি দেখিবলৈ পাওঁ যে বিজ্ঞানৰ প্ৰগতিৰ লগে লগে এই প্ৰাচীন ৰীতি-নীতিৰ আমূল পৰিবৰ্তন ঘটিল । প্ৰথম মহাযুদ্ধৰ আগৰ দহ বছৰ কাল বিজ্ঞান আৰু কলাৰ চৰম উন্নতিৰ যুগ । এইখিনি সময়তে স্থাপত্য কলাৰো যথেষ্ট উন্নতি সাধিত হয় । ইয়াৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰ আৰু শিল্প উদ্যোগবিলাকৰপৰা পৃষ্ঠপোষকতা পাইছিল । বিশেষকৈ পশ্চিম ইউৰোপ আৰু আমেৰিকাত ই অধিকতৰ বিকাশ হৈছিল। সামাজিক সংশোধন কৰাৰ মনোবৃত্তিৰ বাবে এনেদৰেই আধুনিক স্থাপত্য গঢ় লৈ উঠিছিল । জাৰ্মানীত ইয়াৰ পৰিবৰ্তনৰ বাবে বৰ্ডহাউচ স্কুল স্থাপন হ’ল।
জনসংখ্যা বৃদ্ধিৰ বাবে বৰ্তমান পৃথিৱীৰ বিভিন্ন চহৰত স্কাইস্কেপাৰ সজা হৈছে । ষ্টীল ফ্ৰেমৰ সহায়ত ডাঙৰ ডাঙৰ ঘৰবোৰ সাজি উলিওৱা হ’ল । গ্লাছৰ পাতল বেৰ, ওখ ওখ ঘূৰণীয়া চক্ৰাকাৰ চিৰি, লিফ্ট ,ওখ বাকচৰ দৰে ঘৰবোৰ আধুনিক যুগৰ স্থাপত্য ৰীতিৰ মূল হৈ পৰিল আৰু ই এখন দেশতে সীমাবদ্ধ হৈ নাথাকি আন্তৰ্জাতিক হৈ পৰিল। মানুহৰ সা-সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অন্যান্য বস্তুৰ দৰে ঘৰৰ আকাৰ-আকৃতিৰ বাহ্যিক বা আভ্যন্তৰীণ দুয়োটা ক্ষেত্ৰতে সদায় পৰিবৰ্তন হৈ আহিছে আৰু হৈ থাকিব ।
উৎস:
(১) ইণ্টাৰনেট
(২) ভাৰতেৰ শিল্প কথা স্থাপত্য ভাস্কৰ্য ও শিল্পকলা-অসিত কুমাৰ হালদাৰ
(৩) অসমৰ লোক সংস্কৃতি-ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা