উপল ধৰা-চন্দামিতা শৰ্মা

“Raped and murder”- শব্দ দুটাৰে পোষ্টমৰ্টেমৰ কাগজখন দাঙিব নোৱাৰাকৈ গধূৰ হৈ পৰিছে।নিস্তব্ধ- নিতাল সময়।যেন মৃত্যুমুখী মানুহ এজনৰ শেষ হ’বলৈ উপক্ৰম হোৱাৰ উশাহ।

চুমকীৰ অন্ত্যেষ্টিক্ৰিয়া সমাপনৰ পিচত ঘৰ সোমাই দেখিলোঁ- সকলো যেন কিবা উদং।অনুভৱ কৰিলোঁ নিস্তব্ধতাৰ একধৰণৰ তীক্ষ্ণ দংশনৰ দৰে প্ৰভাৱ আছে। চুমকীৰ অনুপস্থিতিয়ে  এক দৃঢ় উপস্থিতিৰ সঞ্চাৰ কৰিছে। শেষ হৈও শেষ নোহোৱাৰ স্থিতি।

-চুমুকী বা ক’ত দেতা? ঋতুৰ প্ৰশ্ন। 

চুমকী বা ঋতুৰ কথা পতা আৰু খেল-ধেমালিৰ একান্ত সংগী।ঋতুৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মই ৰৈ দিলোঁ- সময়ে উত্তৰ দিব।সময়ত নিজৰ উত্তৰ নিজেই বিচাৰি পাব।তাক সময় দিয়াটোৱেই সমীচিন হ’ব। গা-পা ধুই উঠাৰ পিছত ভিতৰৰ কোঠালিটোলৈ সোমাই গ’লোঁ।বিছনাত শুই থকা ৰীমাৰ গাল আৰু নাকেৰে মধ্যাকৰ্ষণৰ সূত্ৰ মানি নামি অহা লোতকে নিয়ন লাইট জ্বলি থকা কোঠাটোৰ পোহৰখিনি যেন আৰু গহীন কৰি তুলিছে। 

উফ বৰ অসহ্যকৰ এই অনুভৱ।ভালকৈ উশাহ ল’বলৈ কঠিন হৈ পৰা সময়।দুচকু মুদি দিলোঁ।চুমকীৰ নিষ্পাপ মুখখন ভাঁহি উঠিল।  অনুভৱ কৰিলোঁ কেঁকনি সদৃশ শব্দ এটা বাহিৰ হৈছে ডিঙিৰপৰা, যেন চিৎকাৰ কৰি উঠিম।ঘোটঘোটকৈ পানী পি খালোঁ।চকুৱে মুখে পানী মাৰি পুনৰ বেডৰুমলৈ গ’লো।ৰীমাৰ পিনে এপলক চাই বিছনাত উঠিলোঁ।বিছনাত উঠাৰ লগে লগে প্ৰথমে  উচুপি উচুপি আৰু তাৰ পিচত কান্দোনত ভাগি পৰা ৰীমাৰ পিনে হাতখন আগবঢ়াই নিও কোঁচাই আনিলোঁ।কান্দোনত ৰীমাৰ গাটো যিমানেই জোকাৰ খাই উঠিল , মোৰ মনটোও সিমানেই জোকাৰ খাই উঠিল।এটা সময়ত ৰীমা উঠিল বিছনাৰপৰা আৰু মই জোৰকৈয়ে টোপনি যাবলৈ বৃথা চেষ্টা চলালোঁ।লগে লগে মগজুত যোৱা তিনিদিনৰ ঘটনা প্ৰবাহে পাকঘূৰণি খাই উঠিল।

-” চাৰ , ছোৱালীজনীৰ ডেডবডীটো পোৱা  গৈছে,পিছে অলপ গোন্ধ ওলাইছে হেনো।”  

দহটা শব্দৰে গঠিত বাক্যটো অফিচৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী খগেনে  কোৱাৰ লগে লগে এনে লাগিল যেন প্ৰচণ্ড গতিৰে অহা চলন্ত গাড়ী এখনে মই চলাই থকা গাড়ীখনত খুন্দা মাৰি ছেদেলি-ভেদেলি হৈ ৰৈ দিলে আৰু মই  লগে লগে হামখুৰি খাই পৰি গ’লোঁ।

  তিনিদিন পাৰ হৈ গ’ল , বহু বিচাৰ-খোচাৰ কৰাৰ অন্তত পুলিচত এজাহাৰো দাখিল কৰা হল— চুমকীৰ কোনো শুংসূত্ৰ নাই। আমি বাস কৰা কলনীটোৰে বাসিন্দা এগৰাকীয়ে মুষ্টিমেয় কেইজনমান শিশুক ‘ড্ৰয়িঙ’ৰ  ক্লাছ লয়, সপ্তাহটোৰ দুদিন।ক্লাছৰ নিৰ্ধাৰিত সময় শেষ হোৱাৰ পিছত ঋতুক  চুমকীয়ে আনিবলৈ যায়।

– ঋতুক নিবলৈ হেনো চুমকী অহা নাই! কি হ’ল তাইৰ।আচৰিত! তাইচোন এনেকুৱা কেতিয়াও নকৰে?’ ড্ৰয়িঙৰ মিছে’ ফোন কৰিছে। কি কৰোঁ এতিয়া?

অফিচৰ এশ এবুৰি কামৰ বোজাৰ মাজত ৰীমাৰ ফোনকলটোৱে লগে লগে টানি লৈ গৈছিল ঘৰলৈ।

ক’লৈ বা গ’ল  এইজনী?ৰীমাৰ ওপৰতে খং উঠিছিল। কিহে পাইছিল কিছুমান অদৰকাৰী আৰু অনৰ্থক বোজা কঢ়িয়াবলৈ।অসহ্য লাগিছিল। 

চুমকী, ৰীমাৰ দূৰ সৰ্ম্পকীয় পেহীয়েকৰ ছোৱালী।

ৰীমাৰ মনটো  কোমল, লগাতকৈ বেছি কোমল বুলি মই ধাৰণা কৰোঁ।তেনেকৈয়ে ৰীমাৰ বদান্যতাত দুখীয়া নিচলা পেহীয়েকজনীৰ ছোৱালী চুমকী আহি আমাৰ ঘৰত সোমাইছিল।অলপ আমন জিমনকৈ থকা চুমকীৰ পঢ়া শুনাৰ বিষয়ে ৰীমাই মোৰ লগত আলোচনা কৰাৰ পিছত বিশেষ সঁহাৰি নোপোৱা স্বত্বেও তাইক নামভৰ্ত্তি কৰাইছিল ওচৰৰে চৰকাৰী হাইস্কুল এখনত।

এক নিৰ্দিষ্ট সময়ত চৰকাৰী গাড়ী আহি হাজিৰ হয় মোৰ ঘৰৰ গেইটত। আগতে ৰীমাক তাইৰ অফিচত নমাই থৈ গৈছিলোঁ কিন্তু চুমকী অহাৰ লগে লগে তাইকো স্কুলত নমাই থোৱাৰ এটা কাম আহি পৰিছিল। অসহজ পাইছিলোঁ মই। মা দেউতা আছিল প্ৰশাসনিক সেৱাৰ বিষয়া ,তাতে আকৌ মই সৰুৰেপৰাই বৰ্ডিং স্কুলত পঢ়া-শুনা কৰা। সকলোৰে(?) লগত মিলিবলৈ কিছু অসুবিধা পাওঁ।

সময়ৰ ঘোঁৰা নিজ বেগেৰে ধাৱমান হৈ গৈ আছিল।ঘৰুৱা কাম কাজত সহায় কৰিবলৈ দুজনী আছিলেই বাবে ঘৰখনত চুমকীয়ে কৰিবলৈ একো কামেই নাছিল। এনেয়ে এজনীক পুহি ৰখা কামটোত যথেষ্ট অস্বস্তি পাইছিলোঁ কিন্তু ৰীমাৰ বাবে সেই অশান্তি আৰু অস্বস্তিৰ প্ৰকাশ কৰা নাছিলোঁ। বিহুৱে পূজাই  যেতিয়া   ৰীমাক শ্বপিংৰ বাবে লৈ যাওঁ ,তেতিয়া   দামী  শ্বপিংমলত ৰীমাৰ লগতে চুমকীৰ বাবেও দামী   কাপোৰ   ল’লে মোৰ গাটো বিছাই ডকা যেন পাওঁ। ডাইনিং টেবুলত চুমকীৰ লগত একেলগে   খাবলৈ  দিগদাৰ পাওঁ।কিন্তু    ৰীমাৰ  বাবেই…। পিছে মোৰ ধৈৰ্য্যৰ বান্ধ সিদিনা ছিগিছিল যিদিনা চুমকীৰ স্কুলৰ  হেড মাষ্টৰৰপৰা ঘৰলৈ ফোন এটা আহিছিল।

– চাৰ, আপোনাক ক’বলৈ বেয়াই লাগিছে পিছে উপায় নথকাৰ বাবেহে কৈছোঁ, চুমকী ছোৱালীজনী অলপ বেলেগ।  আপোনালোকে তাইক কোনোবা মানসিক চিকিৎসকক দেখুৱালে ভাল হ’ব নেকি?

ৰীমা অফিচৰপৰা আহি পোৱাৰ পিছত চুমকীক লৈ থকা মোৰ জঠৰতাই সিদিনা চূড়ান্ত পৰ্যায় পাইছিল।

তেনেকৈয়ে সময় পাৰ হৈছিল।  চুমকীৰ স্কুল যোৱা বন্ধ হৈছিল। আমিও কাঠৰ ঘোঁৰাত যোৱাদি গৈ আছিলোঁ  । প্ৰকৃতাৰ্থত ক’ব নোৱাৰাকৈ গৈ আছিলোঁ নে ৰৈ আছিলোঁ গম নোপোৱাকৈ।

মাজে মাজে আমি উফৰি পৰিছিলোঁ হয়তোবা কাঠৰ ঘোঁৰাটোৱে উজুটি খাইছিল।কেৱল সেই সময়বোৰত যেতিয়াই মই ৰীমাৰ সৈতে একান্ত হৈ কটাব বিচৰা সময়খিনিৰ কোনোবা এটা পলত চুমকীকো ৰীমাই সংগী কৰিবলৈ বিচাৰিছিল ঠিক সেই সময়খিনিতে কাঠৰ ঘোঁৰাটোৱে উজুটি খাইছিল আৰু আমি উফৰি পৰি কিছু সময় টলকা মাৰি থাকিছিলোঁ।

এইবোৰৰ ফাঁকে ফাঁকে জীৱনে পুনশ্চ: গতি লৈছিল আৰু তাৰ মাজতেই সৰগৰ দূত হৈ আমাৰ জীৱনলৈ পূৰ্ণতা কঢ়িয়াই ঋতু আহিছিল আৰু ঠিক সেই সময়তেই চকুত লগাকৈ পৰিৱৰ্তন হৈছিল চুমকীৰ। তাই যেন তাই গঢ়ি লোৱা খোলাটোৰপৰা লাহে লাহে ওলাই আহিছিল।

প্ৰায়ে আমন-জিমনকৈ চুপেচাপে  বহি থকা চুমকীয়ে সুৰীয়া গীত গাই গাই  ঋতুক  শুৱাই থৈছিল।

‘তুমকী বা’  কৈ ফুটো-নুফুটো মাতেৰে ঋতুৰ বাবে চুমকী হৈ পৰিছিল বিশ্বস্ত  সংগী। লাহে লাহে চুমকীৰ প্ৰতি মোৰ জঠৰতাও শিথিল(?) হৈ পৰিছিল, তাৰ অৱশ্যেই কাৰণ আছিল। লাভ নোহোৱা কোনো কামেই যে  মোৰ পছন্দ নহয়।  আজিৰ যুগত বিনাদ্বিধাই আৰু নিশ্চিত মনেৰে নিজৰ সন্তানক অফিচৰ সময়ত এৰি থৈ যাব পৰাটো কম ডাঙৰ কথা নহয়!সৰুতেই মাতৃহীনা হোৱা ৰীমা যিজনী মানুহৰ হাতত ডাঙৰ হৈছিল তেওঁৰেই ছোৱালী ,চুমকী।

-লোৱা।

ৰীমাৰ মাতত চক খাই উঠা যেন লাগিল। উভতি আহিলোঁ বৰ্তমানলৈ।

মুখেৰে কিবা কোৱাৰ শক্তি হেৰুৱাই পেলাইছোঁ মাথো হাতখন আগবঢ়াই দি ৰীমাৰ হাতৰপৰা চাহৰ কাপটো ল’লোঁ যেন সময়ৰ গতিক উপেক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ।

ৰীমাৰ দুচকুত এই সৰো এই সৰো মেঘ।  

চাহকাপ একাষৰীয়াকৈ থৈ ৰীমাৰ হাতদুখন খামোচ মাৰি ধৰিলোঁ।

-মৃত্যু এক নিৰ্মোহ সামৰণি।

অনুভৱ কৰিলোঁ মোৰ কথা শুনি ৰীমা যেন এক লহমাৰ বাবে মূক হৈ গৈছে।

-তাৰমানে চুমকী এতিয়া সকলো কষ্টৰপৰা মুক্ত যদিহে মৃত্যু সচাঁকৈয়ে নিৰ্মোহ সামৰণি হয়। আমাৰপৰা অৱহেলিত হোৱাৰ  বিষাদৰপৰা মুক্ত,  বিষাদগ্রস্ততাত ডুবি থাকোঁতে মানুহে প্ৰদৰ্শন কৰা পুতৌৰপৰা মুক্ত আৰু তাৰ বাবে যি হীনমান্যতাত ভুগিছিল এই সকলোবোৰৰ পৰা তাই এতিয়া মুক্ত।  পুৰি ছাই হৈ যোৱা দেহটো আৰু কেতিয়াও ধৰ্ষিতা নহয়। বিহুৱে ,পূজাই দুশটকীয়া কাপোৰৰ পৰিবৰ্তে হেজাৰটকীয়া পালে নেকি – সেইবোৰ এতিয়া নাই।তাই এতিয়া সম্পূৰ্ণৰূপে অস্পৰ্শা।

ৰীমাৰ প্ৰতিটো শব্দই বুকুত যেন একোপাট শেল হে বহুৱাই দিলে ঠিক তেনেকুৱাই অনুভৱ হ’ল। 

চুমকী দুঠেঙীয়া মানুহ আকৃতিৰ জন্তুৰদ্বাৰা ধৰ্ষিতা হৈছিল আৰু মই জীৱনৰ বাকী থকা সময়খিনি বিবেকৰ দ্বাৰা সেই একে অনুভৱেৰে বাচি থাকিব লাগিব। 

কিছুপৰ নিস্তব্ধতা আৰু সেই নিস্তব্ধতাৰ আঁৰ ভেদি শুনিলোঁ খোজৰ শব্দ। ঋতুৰ খোজৰ শব্দ। 

– মা, চুমকী বা কেতিয়া আহিব?

-আৰু নাহে।

– নাহে? কিয়? ক’লৈ গৈছেনো?

– তৰা হৈ গ’ল ।

– ময়ো হ’ম তৰা, চুমকী বাৰ লগত থাকিম।

ৰীমাৰ উচুপনিৰ মাজতে ঋতুক সাবট মাৰি ধৰিলোঁ।

উচুপি উচুপি ৰীমাই মোৰ বাহুৰ আবেষ্টনীৰ মাজৰপৰা ঋতুক লৈ ভিতৰ সোমাল। 

উফ্ , বৰ কষ্ট অনুভৱ কৰিলোঁ  ।মোৰ অৱহেলাই চুমকীক সামান্যৰূপেও চুব পৰাহেঁতেন,  ঋতুয়ে তাইক ইমান আপোন কৰি ল’ব নোৱাৰিলেহেঁতেন। 

দীঘলকৈ উশাহ এটা উজাই  ল’বলৈ গৈও থমকি ৰ’লোঁ, বতাহত যেন অনাঘ্ৰাতা গাভৰুৰ  আৰ্তনাদ। 

‘মই’ আৰু ‘মোৰ’ -এই শব্দ দুটাক জোৰকৈ খামোচ মাৰি ধৰি দুঠেঙীয়া শ্বাপদসকলে যেন অজ্ঞাতবাসৰ বাবে দৌৰি আছে। মাথো ৰৈ গৈছে মগজুত জিঘাংসাৰ পোকে কিলবিলাই থকা আন এজাক দুঠেঙীয়া শ্বাপদ।

চকু মুদি দিলোঁ। মই বাৰু এই দুটা সমদলৰ কোনটোত খোজ মিলাম নে নতুনকৈ কাটি উলিয়াম অন্য এক পথ? 

নীৰৱ, সুৰবিহীন পৃথিৱী!  

Leave a Reply

Your email address will not be published. Required fields are marked *