ঋতুকালীন বিলাপ-মূৰ্ছনা বেজবৰুৱা
(১)
কি আনিছা?
ৰঙা !!
এয়া কি তুলি দিলা
প্ৰেম নে বিষাদ?
বিষাদ ৰঙা,ৰঙা প্ৰেমো
তেন্তে নীলা?
এয়া কোনো ৰুগ্ন হৃদয়ক
নিঃশেষ কৰাৰ ষড়যন্ত্ৰ নহয়তো?
(২)
নৈৰ পাৰেই যদি প্ৰেমৰ ঘাট,
ধুঁৱলিকুঁৱলী কিয় সেই
অকোৱা-পকোৱা বাট?
গোলাপেই যদি সূচনাৰ আলাপ
দীঘলীয়া কিয় সেই কাঁইটৰ বিলাপ ?
মদাৰেই যদি প্ৰেমৰ ৰং
নিসংগ কিয় সেই লঠঙা ডাল?
(৩)
পচোৱাত নীলা,ডালত ৰঙা
গোলাপে কয়, “মই কাঁইটীয়া নহয়।”
ফাগুনে কয় “মই বিষাদ নহয়।”
অভ্যস্ত পথত
বহাগ, শাওণ,আহিন..
কেতিয়াবা ফাগুণ..!!
খোজত সলনি ৰঙৰ
সলনি বহুতো
চিনাকি অচিনাকি ঋতুৰ
আৰু সলনি কিছু হেঁপাহৰ!!
5:29 PM
ভাল লাগিল