এক পক্ষীৰ ক্ৰন্দন-অপৰাজিতা মাধৱ ঘাংগুৰ্ডে 

এক পক্ষী অভাগা, ডালত থাকে, 

সহচৰীৰ লগত সুখেৰেই জীৱন ব্যতীত কৰে। 

জীৱনত অহা ৰ’দ বৰষুণো, 

হাঁহি হাঁহিয়েই পাৰ কৰে, ইটোৱে-সিটোৰ

হাতত ধৰি সংসাৰখন চলাই নিয়ে। 

দিন যায় ৰাতি আহে, 

হাঁহি কান্দোনৰ খলকনি উঠে….

তথাপিও বিশ্বাস দুয়োৰে 

এদিন ফৰকাল হ’বই আকাশ, 

নোহোৱা হ’ব দৈন্যতাৰ কৰুণ ক্ৰন্দন। 

হঠাতে এদিন আহিল ধুমুহা….

ভাঙি দিলে পক্ষীৰ ঘৰৰ মূধচ….

সৰি পৰিব খোজোঁতেই ধৰি ল’লে তাইৰ মৰমে। 

ছিঙিব বিচাৰিলে সম্পৰ্কৰ এনাজৰী..

বন্ধ হ’ল সকলো সম্পৰ্কৰ লগৰী..

পক্ষীৰ দোষ ক’ত কোনেও নাজানে..

সকলোৱেই নিজৰ দোষ ঢাকি…

বিচৰণ কৰে, মুক্ত বিহঙ্গৰ দৰে…

কণমানি পক্ষীৰ মৰম নুবুজে কোনেও..

স্বাৰ্থৰ খাতিৰত ওচৰ চপা, তাইৰ মৰম

জীৱনৰ এক অবিচ্ছেদ্য অঙ্গ..

সময়ে আতঁৰাই নিলে, অকলশৰীয়া কৰি।

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *