এনাজৰী-কমলা দাস

নিৰজা দেৱীয়ে গৰম টাৱাখনত ৰুটিখন দুই ফালে লুটিয়াই সেকি লৈ চেপেনা ডালেৰে চেপি ধৰি টাৱাখনৰ পৰা উঠাই গেছৰ চুলাটোৰ ওপৰত লাহেকৈ পেলাই দি ধৰি থাকিল। আধা সেকা শুকান ৰুটিখনে জুইৰ তাপ পাই ফুটবলটোৰ দৰে ফুলি উঠিলত জুইৰ পৰা উঠাই আনিলে। তেওঁৰ ভাগৰ ৰুটি দুখন তেনেদৰে বনাই হটকেচটোত সাঁফৰ মাৰি থলে। শুকান ৰুটি হটকেচত গৰমে গৰমে তেনেদৰে কিছু সময় ভৰাই থলে কোমল হয়। ৰুটি দুখন বনাই থৈ তেওঁ পাকঘৰৰপৰা ওলাই আহিল। ৰাতিৰ আহাৰ খোৱা সময়ত সকলোৰে লগত একেলগে খাব।  বোৱাৰীয়েকে ভাত পানী বনায় যদিও তেওঁৰ ভাগৰ ৰুটি দুখন তেওঁ নিজে বনাই খাই ভাল পায় বাবে বোৱাৰীয়েকে মানা নকৰে। 

নিজৰ কামখিনি কৰি আহি আইতা আগফালৰ বাৰাণ্ডাত বহিল। ইফালে সিফালে চকু ফুৰাই দেখিলে গধূলিৰ সময়তকৈ ৰাস্তাত এতিয়া খোজ কঢ়া মানুহৰ ভিৰ কমিছে।  সকলোৱে চাগৈ ঘৰাঘৰি সোমাল।  গাড়ী-মটৰবোৰহে সঘনাই সাউত সাউতকৈ পাৰ হৈ গৈছে। 

এইখিনি সময়ত তেওঁ অকলশৰে কিছু সময় পাৰ কৰে।  ভাল লাগে তেওঁৰ।  পৰিৱেশৰ লগত, নিজৰ লগত কথা পাতি সময় কটায় তেওঁ।  

আজিকালি নিৰজা আইতাই শুকান ৰুটি দুখনেৰেই ৰাতিৰ খোৱা পৰ্বটো সমাধা কৰে।  মধুমেহ নামৰ ৰোগটোৱে নিৰজা আইতাক স্থায়ীভাৱে লগ দিয়াৰ পাছৰেপৰাই দৈনন্দিন খাদ্যৰ তালিকাত বহুতো খাদ্যৰ নাম যোগ বিয়োগ ঘটিল।   লগতে ৰুটিয়েও খোৱা তালিকাত দ্বিতীয় মুখ্য স্থান লাভ কৰিলে।  আজিৰ দৈনন্দিন খোৱা তালিকাত অন্তৰ্ভুক্ত হোৱা এই বস্তুবিধ পিছে আইতাৰ জীয়ৰী কালত তেওঁলোকৰ  ঘৰত একেবাৰেই প্ৰচলন নাছিল।  বিশেষকৈ  গাঁৱলীয়া সমাজত সান্দহ, লাৰু, পিঠা পনা আদিৰ আদৰে বুকুতে ঘৰ সাজি থকাত, ৰুটি নামৰ বস্তুবিধে ৰাজত্ব কৰিবপৰা নাছিল। দুই একে বস্তু বিধৰ বিষয়ে অলপ অচৰপ জানিছিল যদিও ৰুটিৰ বিষয়ে নিৰজা আইতাৰ জ্ঞান আছিল একেবাৰে শূন্য। 

আইতাৰ বিয়াও হৈছিল ধনে-ধানে চহকী খেতিয়কৰ ঘৰত।  সেইখন ঘৰতো পিঠা-পনাৰ আদৰে বৰঘৰত খোপনি পুতি আছিল।  

ককাৰ ঘৰখন ধনে-ধানে, খেতিয়ে-বাতিয়ে নদন বদন আছিল। আইতা আহি সেই সংসাৰখনত সুখৰ সোণগুটি চটিয়ালে।  সুখৰ সোণগুটি চটিওৱা ককা -আইতাৰ সংসাৰ নামৰ পথাৰখনত, সুখবোৰে গজালি মেলি ঠন ধৰি উঠিল। অপয়া বনবোৰ নিৰণি কৰি দি কেৰোণৰ বাটবোৰ সংসাৰত সোমাবলৈ ককা-আইতা দুয়োজনেই সুৰুঙা ৰখা নাছিল। সেয়ে তেওঁলোকৰ সংসাৰখন সুখেৰে উপচি পৰিছিল।  

নিৰজা আইতাৰ মানুহ জন আছিল খাদ্যৰসিক। ক’ৰবাত কিবা নতুন খোৱাবস্তু দেখিলে নাইবা খাই ভাল পালে, সেই বস্তুবিধ যেনেকৈ নহওক নিজৰ ঘৰত বনাই নোখোৱালৈকে তেওঁ শান্তি নাপায়।   সেই কথাটো লৈয়েই আইতাই মাজে মাজে ককাক জোকাইছিল। আইতাই জোকালে ককাই একো নকৈ মাথো মিচিক-মাচাক হাঁহিছিল। তেনেকুৱা কথা এটা আইতাৰ এতিয়াও মনত পৰে। 

বিয়াৰ  দুটামান বছৰ যোৱাৰ পাছত এবাৰ ককা-আইতাই গুৱাহাটীত থকা ককাৰ ভনীয়েকৰ ঘৰলৈ আলহী খাবলৈ গৈছিল।  সেয়া আছিল আইতাৰ প্ৰথম গুৱাহাটী যাত্ৰা। 

ঘূৰণীয়া এটাৰ মাজত গঁড়ৰ ছাব  মৰা, ৰঙা ট্ৰেন্সপোৰ্ট (এ.এচ.টি.চি) বাছত উঠি ককা আৰু আইতাই গুৱাহাটী গৈছিল। টাউনীয়া ৰেহৰূপবোৰ দেখি আইতাই তবধ মানিছিল। দুদিনমান ভনীয়েকৰ ঘৰত থকাৰ পাছত এদিন ভনীয়েকে গুৱাহাটীতে থকা, ভনী জোঁৱাইৰ সম্পৰ্কীয় মানুহ এঘৰলৈ তেওঁলোকক  ফুৰাবলৈ লৈ গল।  মানুহঘৰে খুব আথেবেথে তেওঁলোকক আপ্যায়িত কৰিলে।  ককা-আইতাই বৰ ভাল পালে। তাতোকৈ ভাল পালে তেওঁলোকৰ ঘৰত চাহৰ লগত খাবলৈ দিয়া বস্তু এবিধ। তেওঁলোকৰ ঘৰত চাহৰ লগত ককা-আইতাই জীৱনত খাই নোপোৱা “লুচি ভাজি” খাবলৈ দিলে। ককাহঁতে বহা ৰুমত গৃহস্থৰ লগত কথা পাতি থাকোঁতে আইতা আৰু ননদ দুয়ো গৈ গৃহস্থনীৰ লগত ভিতৰত বহিছিল।  আইতাই আগতে কেতিয়াও নেদেখা কেৰাচিনৰ ষ্টোভ এটাত গৃহস্থনীয়ে লুচি-ভাজি কৰি থাকোতেই মলমলীয়া গোন্ধ এটা বিয়পি পৰিছিল। সেই গোন্ধ শুঙি জিভাৰ পানী পৰিছিল আলহীৰ। সুন্দৰ কৈ সজাই দিয়া লোভনীয় বস্তুবিধ আলহীৰ সন্মুখত আহি পৰাত  সময় নষ্ট নকৰি জুতি লবলৈ ধৰিলে। খোৱাৰ লগতে ককাই গৃহস্থৰপৰা লুচিৰ বৃত্তান্তও জানি ললে। 

ককাটো খাদ্যৰসিক মানুহ হয়েই, এইবাৰ আইতায়ো লুচি ভাজি খাই ইমানেই ভাল পালে যে  বহুদিনলৈ ককাৰ সৈতে সেয়া মনত পেলাইছিল। 

কি জানো মন গ’ল, খেতিৰ ৰজা ককাই সেইবাৰ বাৰিষা উঠাৰ পাছত ঘেঁহুৰ খেতি কৰিবলৈ লৈছিল। দূৰ ঠাইৰপৰা ঘেঁহুৰ বীজ মগাই আনি, মাটি আধা বিঘা চহ কৰি পৰীক্ষামূলকভাৱে   জীৱনত কৰি নোপোৱা ঘেঁহুৰ খেতি কৰিলে ককাই। অকল ককাই বুলিয়েই নহয়, সেইটো অঞ্চলৰ কোনেও ঘেঁহু খেতি কৰাও নাছিল, দেখাও নাছিল।  সেয়ে ককাৰ ঘেঁহু খেতি চাবলৈ দূৰ দূৰণিৰ পৰা লোক আহিছিল। লহপহকৈ বাঢ়ি অহা ঘেঁহুৰ খহটা পাতবোৰ মানুহবোৰে চুই চাইছিল। 

সময়ত ককাই ঘেঁহু খেতি চপাইছিল। নতুন খেতিৰ ফচল খিনি বহুত কষ্ট কৰি বাহিৰ কৰিছিল। 

ঘেঁহুৰ যোগাৰ হোৱাৰ পাছত ডাঙৰ সমস্যা এটা আহি পৰিছিল। সেইটো হ’ল ঘেঁহুৰ পৰা আটা কেনেকৈ তৈয়াৰ কৰিব পাৰি!  

ককাৰ যিমান চিনাকি মানুহ আছে, তাৰে বহুতকে সুধি পুচি জানিব পাৰিলে যে পঁচিশ মাইল দূৰৰ চহৰখনত হেনো এটা আটা ভঙা মিল আছে!  ককাই ঘেঁহুৰ বস্তা চাইকেলৰ কেৰিয়াৰত বান্ধি লৈ এদিন নিজেই ওলাল ঘেঁহু ভাঙি আনিবলৈ। 

আইতাহঁতৰ ঘৰত প্ৰথম দিনা ৰুটি বনোৱা পৰ্বটো যেন এক উৎসৱ হে আছিল!  ঘৰৰপৰা দূৰৈত থকা ভাই ভতিজা,বিয়া দিয়া ছোৱালী আদি সকলোকে নিমন্ত্ৰণ দিয়া হৈছিল।  

উৎসৱমুখৰ ঘৰখনত হাঁহি তামাচা, আলহী, অতিথিৰে ভৰি পৰিছিল। কৰাই কৰিছে, কথা পতাই কথা পাতিছে।  হাঁহৰ মাংস, ছাগলী মাংসৰ মন মতলীয়া কৰা  ফুৰফুৰীয়া গোন্ধ বতাহত বিয়পি পৰিছে।  সকলো যোগাৰ হৈ গ’ল। এতিয়া লুচিখিনি বনালেই হৈ যাব। 

পিছে লুচি বনাবৰ সময়ত হে আহিল আচল লেঠাতো।  আটা কেনেকৈ মথিব,লুচি কেনেদৰে বনায় সেইয়া ঘৰৰ কোনেও নাজানে।  ঘৰৰতো বাদেই, আলহীভাগৰো কোনেও নাজানে!  

কি কৰা যায় এতিয়া! এনেতে পেহী এজনীয়ে জনালে যে তেওঁ হেনো এবাৰ টাউনৰ মানুহ এঘৰত লুচি বনোৱা আৰু আটা মথা দেখিছিল!  বেছ, তেখেতৰ সেই সামান্য জ্ঞানকেই সাৰথি কৰি আটা মথা কাম আৰম্ভ হৈ গল! 

প্ৰকাণ্ড পিতলৰ চৰিয়া এটাত আটা লৈ,  পানী দিলে পনীয়া হয়, আটা দিলে শুকান হয় কৰি কৰি চৰিয়াটোৰ ভিতৰত যেন এখন যুদ্ধ হে লাগিল। ইজনী এৰি সিজনীকৈ  যুদ্ধ কৰি কৰি যেনেতেনে অৱশেষত আটা আৰু পানীৰ মিশ্ৰণটো সমপৰিমাণে মিলন ঘটাই দিলে। 

ইয়াৰ পিছত আহিল লুচি বেলা পৰ্যায়। পুনৰ পেহীয়ে ক’লে লুচি হেনো কাঠৰ ঘূৰণীয়া পতা এখনৰ ওপৰত নিমজ মাৰি এডালেৰে বেলে!  আইতায়ো গুৱাহাটীৰ আলহীৰ ঘৰত তেনেকুৱা সৰঞ্জাম দেখি আহিছিল।  পিছে সেইবোৰ এতিয়া ক’ত পাব! আইতাই বুধি উলিয়ালে। কাঁহৰ কাঁহী দুখনমান উভতাই লৈ দীঘলীয়া পিতলৰ গিলাচ লৈ লুচি বেলা পৰ্ব আৰম্ভ হ’ল। তেনেদৰে অনভিজ্ঞ হাতেৰে বেলা লুচিৰ আকাৰে যাৰ যি মন যায় তাকেই ললে। সেইবোৰ দেখি আইসকলৰ হাঁহিত ঘৰৰ চাল উৰি যোৱাকৈ  ৰজনজনাই গল।  

আকৃতি যিয়েই নহওক, আইসকলৰ নেৰানেপেৰা চেষ্টাৰ বলত কেইখনমান লুচি গোট খালে।  সেইফালে যুঁজি থাকোতে এইফালে আঞ্জা, ভাজিবোৰ তেনেই ঠাণ্ডা হৈ গ’ল। 

লুচিৰ ৰেহৰূপ দেখি আইতাই সাউতকৈ গৈ ভাত এচৰু ৰান্ধি থৈ আহিছিল। এতিয়া খাবৰ সময়ত আলহীয়ে, গৃহস্থয়ে নামমাত্ৰ লুচিৰ ভাগ লৈ সকলোৱে ভাতকে খালে। এনেকৈয়ে খুব স্ফুৰ্তিৰ মাজেৰে আইতাহঁতৰ প্ৰথম দিনা লুচি খোৱা পৰ্বৰ সামৰণি পৰিছিল। 

সিদিনা ৰাতি আইতাই ককাক সুধিছিল— 

“হয়নে, আপুনি বাৰু এই লুচি খোৱাৰ বাবে যোৱা কেইবামাহো ধৰি কেলেইনো ইমানকৈ লাগি আছে! আমি গাঁৱলীয়া মানুহ যেতিয়া এইবোৰ নহ’লেও হয় চোন।  পিঠা পনা খায়েই ভাল পোৱা মানুহ আমি। এইবোৰেইহে আমাক শুজে।”

ককাই তেতিয়া বৰ মৰমেৰে হাঁহি এটা মাৰি আইতাক কৈছিল- 

“তই যে গুৱাহাটীত খোৱা লুচি ভাজিকে মনত পেলাই থাক, তোৰ বাবেই চেষ্টা এটা কৰিলো দে।”

ককাৰ কথা শুনি আইতাই মনতে ভাবিলে-

“ঔ আই! এইজনেচোন মোৰ বাবে হে ইমানকৈ কষ্ট কৰিছে!”

লাজতে আইতাৰ ক’ত লুকাওঁ,ক’ত লুকাওঁ লাগিছিল।   কথাটো ভাবোতে আইতাৰ মুখত এতিয়াও লাজৰ মিচিকিয়া হাঁহি এটাই ঢৌ খেলি গ’ল! 

“হেই মাই ড্ৰিমগাৰ্ল! মই  তোমাকে বিচাৰি ফুৰিছোঁ আৰু তুমি ইয়াত মিচিক মিচিক হাঁহি মাৰি ককাৰ কথা মনত পেলাই আছা, নহ!  তোমাক যে মানিছো আৰু দেই। ইমান যে মমতাজ আছিলা ঔ। অ’ আইতা, কোৱাচোন আজি নো তুমি ককাৰ কোনটো কথা মনত পেলাই মিচিকিয়াই আছিলা?

ধুমুহাৰ গতিৰে আহি নাতিনীজনীয়ে সাৱটি ধৰি আইতাকৰ অতীতৰ কথা শুনিবলৈ উদ্বাউল হৈ পৰিল। 

এইখিনি সময়ত নীৰজা আইতাই ইফালে সিফালে ঘূৰি সময় কটায়। কাৰণ এইখিনি নাতিনীহঁতৰ পঢ়াৰ সময়। তেওঁ সিহঁতক দিগদাৰ নিদিয়ে। পিছে কলেজত পঢ়ি থকা নাতিনীজনীয়ে যেতিয়াই সময় পায়, তাই গৈ আইতাকৰ লগত আড্ডা মাৰে। কিমান যে কথা সিহঁতৰ! যেন দুয়োজনী নলেগলে লগা বান্ধৱী হে! আজিও তাই পঢ়া সামৰি উঠি আহি দেখে আইতাকে মুখত জান নেজানকৈ মিচিকিয়া হাঁহি এটা লৈ কিবাকিবি  ভাবি বহি আছে।  আইতাকৰ মনৰ কথা জানিবলৈ তাই উদগ্ৰীব হৈ পৰিল। 

“যাঃ এইজনী, একো ভবা নাই মই।”

আইতাকে হাঁহি মাৰি তাইক মৰমৰ ধমক দি আসৈ মাতিলে। 

“নহ’ব নহ’ব ড্ৰিমগাৰ্ল! তুমি মোক ক’বই লাগিব ককাৰ কথা কি ভাবি আছিলা।”

হেঁপাহৰ পথৰুৱা আলিত বয়স গৌণ হৈ পৰে।  নাতিনীৰ মৰমৰ আব্দাৰত আইতাই লুচিৰ বৃত্তান্ত বিৱৰি ক’লে।  আইতা আৰু নাতিনীৰ মধুৰ হাস্য ৰসেৰে সন্ধিয়াতো জীপাল হৈ উঠিল। হাঁহিবোৰ ক্ৰমান্বয়ে ঘৰৰ আনবোৰলৈও বিয়পি পৰিল। 

ককাক আৰু আইতাকৰ জীৱনৰ সৰু সুৰা ঘটনাবোৰ শুনি শুনি নাতিনীৰ মনত প্ৰেমৰ এখন সুন্দৰ ছবি গঢ়ি উঠে। বহু বছৰ আগতে আইতাকক চিৰদিনৰ বাবে এৰি থৈ যোৱা ককাকৰ কথা ওলালে আইতাকৰ মুখ এতিয়াও সলাজ উজ্জলতাৰে পোহৰ হৈ উঠে!  পতি-পত্নীৰ মাজত কিমানখিনি বুজাবুজি আৰু মৰম থাকিলে এনেকুৱা প্ৰেম হয়, নাতিনীয়ে বুজি নাপায়।  আইতাকৰ মতে-ইজনে সিজনৰ প্ৰতি কৰা শ্ৰদ্ধা,  বুজাবুজি আৰু নিঃস্বাৰ্থ মৰমৰ মাজেৰে সুখে হেনো নিজে নিজেই সেন্দুৰীয়া বাট লয়! জানো পাই, হ’বও পাৰে! 

হাঁহি থকা আইতাকলৈ আঁৰ চকুৰে চাই নাতিনী সুখী হয়। বৃদ্ধাৱস্থাত আইতাকে এনেদৰেই, হাঁহি-ধেমালি কৰি থকাতো বিচাৰে নাতিনীয়ে।

4 Comments

  • বন্দিতা জৈন

    বৰ ভাল লাগিল পঢ়ি।আমি সৰু থাকোঁতে মাকো দেখিছিলো কাঁহৰ কাঁহী এখন উল্টা কৰি তাতে ৰুটি বেলিছিল

    Reply
  • ৰাজু কুমাৰ নাথ

    গল্পটো বৰ ভাল লাগিল বাইদেউ।

    Reply
  • বৰ সুন্দৰ গল্প।

    Reply
  • মানসী

    লুচিৰ কাহিনীয়ে আমোদ দিলে..লগতে নাতিনী আৰু আইতাৰ মধুৰ সম্পৰ্কই মনটো ভাল লগাই দিলে।সুন্দৰ গল্প।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *