তেজীমলাৰ সৈতে অলপ বাঙ্ময় সময়-জ্যোতিমণি দেৱী

 (১)

অলপ স্বগতোক্তিৰে—হাতো নেমেলিবি ফুলো নিচিঙিবি ক’ৰে বাটৰুৱা তইঃ

গোটেই ৰাস্তাটোৱেই ভীৰ, বহুত ভীৰ৷ ভীৰ ঠেলি ঠেলি এক যান্ত্ৰিক অৱয়ব গোটেই শ্ৰী-চেহেৰাত সানি গৈ থাকোঁ। গোলকীকৰণৰ বাবে আজিকালি একো বস্তুৰেই অভাৱ নোহোৱাকৈ দোকানেই দোকান , যেন নানান বৰণৰ সমাহাৰেৰে সজা একো একোখন দলিচাহে আৰি থোৱা থাকে সমস্ত পথৰ দাঁতিত ৷ পথৰ দাঁতিয়ে দাঁতিয়ে বহা পাচলি বেপাৰীবোৰে আকৌ ৰাস্তাৰ কাষবোৰ একৰকম নানাৰঙী পাচলিৰে উদ্যানহেনকৈ  ফুল ফুলাই থয় ৷ মোৰ কৰ্মথলীৰ পৰা মাত্ৰ পঞ্চাশ মিটাৰমান দূৰৈৰপৰাই আৰম্ভ হয় এই পাচলি বজাৰখন৷ বজাৰখনৰ মাজেৰে আহ-যাহ কৰোঁতে কৰোঁতে বেপাৰীসকল একৰকম চিনাকি হৈ পৰিছে৷ সিহঁতে জানে আমি কামলৈ গৈ আছোঁ, তথাপি তাৰ মাজৰপৰাই মাত দিয়ে—

 “বাইদেউ,বেঙেনা লৈ যাওক, দাম কমাই দিম।” 

চটী এখন পাৰি আগত বেঙেনা, বিলাহী লৈ বহি থকা বেপাৰীজনে মাত লগায়।

বেঙেনা? ওহোঁ নোৱাৰি দেই এই আগতীয়াকৈ ওলোৱা বেঙেনাবোৰ খাবলৈ৷ সিদিনাখন কিল’ বিশ টকাকৈ দিওঁতে এক কিল’ কিনি নিলোঁ৷ দুদিন বেলেগ আঞ্জা মানে বেছিদিন সাঁচি ৰাখিবলৈ নোৱাৰা পাচলি থকাৰ বাবে বেঙেনাকেইটা থৈ দিলোঁ৷

উফ! তিনিদিনৰ দিনা বেঙেনা পুৰি ভাত খাম বুলি খৰাহীটো উলিয়াই দেখিলোঁ  আটাইবোৰ বেঙেনাই গেলি পচি আছে৷ সাধাৰণতে মই পাচলিৰ পচা বাকলিবোৰ ফুলৰ গুৰিত দিওঁ৷ কিন্তু সেই পচা বেঙেনাকেইটা যেন সাৰ কৰি গছত দিলেও গছবোৰ মৰহি যাব; মোৰ এনে লাগিল৷ বাৰীৰ মাজলৈ নি পেলনীয়া দ্ৰব্য পেলোৱা গাঁতত পেলাই দিলোঁগৈ৷ গতিকে বেঙেনা বুলি সিদিনাৰ পৰা আৰু অলপ বিতৃষ্ণা জাগিছে৷ গতিকে বেপাৰীহঁতক ক’লোঁ–

ওহোঁ নালাগে, নাখাওঁ বেঙেনা।

তথাপি নাচাওঁ বুলিও দুয়োকাষৰ পাচলিবোৰ এবাৰলৈ হ’লেও চাই যাওঁ৷ কেতিয়াবা হঠাতে এদিনীয়া বেপাৰীয়ে লৈ অহা ঘৰুৱা উৎপাদনৰ কলডিল, কোনোবা মথাউৰিৰ কানত গজা তেলাল ঢেঁকীয়া , কোনোবা পিতনিত গজা লহপহীয়া কলমৌ শাক , চুটি গোল টেকেলী আকাৰৰ পানীলাউ কেইটাৰ ওপৰে ওপৰে মোৰ লোভনীয় চকুকেইটা একমুহূৰ্তৰ বাবে বগাই যায়৷ কিন্তু কৰ্মথলীলৈ যাওঁতে এইবোৰ কিনিবলৈ মুঠেও সময় নাথাকে৷কেৱল চকুৰ তৃষ্ণা পূৰাই পাৰ হওঁ তাৰ কাষেৰে৷

বজাৰখন চাফা কৰি কৰি য’ত আবৰ্জনাবোৰ গোটোৱা হয়, তাত দুদিন মানৰপৰা মন কৰিছোঁ এটি ৰঙালাউৰ পুলি লহপহকৈ বাঢ়ি আহিছে৷ এডেও দুডেওকৈ বাঢ়ি ডেৰাল দি উঠা পুলিটো অহা-যোৱা কৰোঁতে চোৱাটো মোৰ বজাৰখন চোৱাৰ দৰেই এটি নিত্য-নৈমিত্তিক অভ্যাসত পৰিণত হৈছে৷ পুলিটো চাই চাই মোৰ প্ৰায়েই মনত পৰে বেজবৰুৱাৰ তেজীমলালৈ ৷ মনে মনে কওঁ পুলিটো কোনোবাদিনা যদি কোনোবাই আঁজুৰি পেলাবলৈ যায়, পুলিটোৱে  কওক —

হাতো নেমেলিবি লাউৱো নিচিঙিবি

ক’ৰে বাটৰুৱা তই—

নাই , পুলিটো কোনেও আজুৰি পেলোৱা নাই এতিয়ালৈ৷পুলিটোক সুৰক্ষিত দেখিলেই স্বস্তিৰ নিশ্বাস এৰি আগলৈ বাট লওঁ৷ তাই বাঢ়ি বাঢ়ি আহি  ফুল পেলাইছে ৷ কমলা ৰঙৰ ফুলবোৰে দূৰৈৰপৰাই দৃষ্টি কাঢ়িব পৰা হৈছে ৷ দুদিনমান পিচতেই যেন সগৰ্ভা হৈ তাই ঘোষণা কৰিব তাইৰ অস্তিত্ব৷’লাউ ডাঙৰ হ’লেও সদায়ে পাতৰ তল’ বুলি কোৱাসকলক সিহঁতে প্ৰত্যুত্তৰ দিব — ভৱিষ্যত প্ৰজন্মৰ বাবে পাতবোৰ নহয়, লাউবোৰৰহে দৰকাৰ হ’ব৷ তাৰ গৰ্ভতহে থাকিব ভৱিষ্যতৰ বীজ।

                                (২)

দিনবোৰ যেন সাগৰ পাৰত অঘৰী চৰাই হ’লঃ

ক’ৰনা মহামাৰীয়ে বহুদিন আমাক শিশুবোৰৰপৰা দূৰৈত ৰাখিলে৷ বিদ্যালয়ত শিক্ষকতা চাকৰি কৰি দিনৰ দিনটো শিশুহঁতৰ লগত কটাই আমিও যেন কোনোবাখিনিত শিশু হৈ যাওঁ৷ সিহঁতক লগ নোপোৱা , ঘৰৰপৰা ওলাব নোৱাৰা বেদনাত চটফটাওঁ মাজে মাজে ৷ হঠাতে চৰকাৰে ঘোষণা কৰিলে বিদ্যালয়বোৰ খোলা দিব৷ মনটো ক’ৰবাত ভাল লাগিছে৷ বহুদিন লগ নোপোৱা সেই শিশুবোৰক লগ পাম, আকৌ ঘূৰি আহিব আগৰ স্বাভাৱিক দিন, নৈৰাশ্যই ক্ৰমাৎ গ্ৰাস কৰি অনা সাগৰ পাৰৰ অঘৰী চৰাইহেন দিনবোৰো যেন অঘৰী পখীৰ দৰেই উৰি গৈ নোহোৱা হ’ব আমাৰ  মাজৰপৰা৷ বিদ্যালয়লৈ যোৱাৰ দুদিন পিচতে বিদ্যালয় পৰিচালনাৰ দায়িত্বত থকা মণ্ডল সমল কেন্দ্ৰ বিষয়াই এদিন মাতি পঠিয়ালে তেওঁ মাজে মাজে বহা অস্থায়ী কাৰ্যালয়লৈ৷ আচলতে নিৰ্দিষ্টকৈ মোক মতা নাছিল, মাত্ৰ বিদ্যালয়ত ম’বাইল নেটত কাম কৰাৰ অভিজ্ঞতা থকা শিক্ষক এগৰাকী লাগে৷ বিদ্যালয় প্ৰধানে কামটোৰ বাবে মোক নিৰ্বাচন কৰা বাবেহে মই যাবলগীয়া হ’ল৷ গৈ গম পালোঁ তেওঁ ষ্টুডেণ্ট লিষ্টিং, প্ৰমোচন , আপগ্ৰেড আদি কাম অলপ দেখুৱাই দিবৰ বাবে মাতিছে৷ এতিয়াৰেপৰা বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীৰ অনলাইন ভৰ্ত্তি, প্ৰমোচন জাতীয় যাৱতীয় কাম কাজ কেৱল সেই বিদ্যালয়ৰ শিক্ষকেই কৰিব লাগিব, তেওঁ মাত্ৰ মণিটৰিং কামটোহে কৰিব৷ এসপ্তাহত এইখিনি কাম কৰি শেষ কৰিব লাগিব৷ তেওঁৰপৰা সেইখিনি নিৰ্দেশনা লৈ মই সিদিনালৈ তেওঁৰ পৰা বিদায় মাগিলোঁ৷

পিচদিনা বিদ্যালয়লৈ আহিয়েই মই বিদ্যালয় প্ৰধানৰ সহযোগত ভৰ্ত্তি বহী, ৰেজিষ্টাৰ আদি উলিয়াই ম’বাইলটো লৈ সেই কামত বহিলোঁ৷ বহুত ছাত্ৰ-ছাত্ৰীৰেই তাত ভৰাবলগীয়া যাৱতীয় তথ্য নাই৷ মই আৰু  প্ৰধান শিক্ষক লগ লাগি সেইসকলৰ অভিভাৱকক ফোন কৰি তথ্যবোৰ যোগান ধৰিবলৈ অনুৰোধ জনালোঁ৷ তেনেকৈ কৰি থাকোঁতেই আহি গ’ল পঞ্চম শ্ৰেণীৰ তনুশ্ৰী ঘোষৰ নামটো৷ তাইৰ অভিভাৱকৰ নম্বৰ নাই ফোন কৰিবলৈ৷ তাই য’ৰপৰা আহিছিল সেই ঠাইৰ ছাত্ৰী এগৰাকীক শ্ৰেণীত গৈ সুধিলোঁ–

 

শিল্পা,তনুশ্ৰী কিয় অহা নাই স্কুললৈ ?

বাইদেউ, তনুশ্ৰীৰ কথা কৈছে? তাই আৰু স্কুললৈ নাহে নহয় বাইদেউ!

নাহে? কিন্তু কিয়?

তাই গ’লগৈ৷

গ’লগৈ, ক’লৈ গ’ল তাই? কিয় গ’ল?

তাই ঢেঁকীয়াজুলিলৈ গুচি গ’ল ৷ আৰু কোনোদিনেই নাহেও ,নপঢ়েও৷

তাত তাইৰ কোন থাকে আৰু কিয় নপঢ়ে তাই? আহিছিলহে যোৱাবছৰ; কাৰ ঘৰত আছিল তাই?

তাইৰ দাদীয়েকে আনিছিল পঢ়াবলৈ৷ পিছে লৈ গ’ল ৷

কোনে লৈ গ’ল তাইক?

তাইৰ বাবাই ৷

তাতে পঢ়াব নেকি?

নপঢ়ায় বাইদেউ৷ তাইক বাচ্ছা ৰখাকৈ নিছে৷

অহ!

মোৰ বুকুৰপৰা অজানিতে হুমুনিয়াহ এটি ওলাই আহিল৷ তাই আহিছিলহে ইয়ালৈ! সৌ সিদিনা তাই নাচিছিল পঞ্চম শ্ৰেণীৰ বিদায়সভাত৷ তাইৰ মুখখন মই সদায়ে চাইছিলোঁ৷ বৰ কৰুণ এখন মুখ, স্বল্পভাষী ৷ তাইৰ বয়সত ছোৱালী এজনীৰ মুখমণ্ডল কেনেকৈ ইমান কৰুণ, নিস্তেজ হ’ব পাৰে, কেতিয়াবা শ্ৰেণীত থাকিলে মই তাইলৈ চাই চাই ভাবিছিলোঁ৷ কিন্তু তাইৰ বিষয়ে ভালকৈ একো জানিবলৈ নাপাওঁতেই বিদ্যালয়বোৰ বন্ধ হৈ গ’ল৷ ছাত্ৰ-ছাত্ৰীৰ সৈতে যোগাযোগবোৰ প্ৰায় বিচ্ছিন্ন হৈ পৰিল৷ তনুশ্ৰী ঘোষৰ কৰুণ মুখখনৰ আঁৰৰ কাহিনীৰ অনুসন্ধান মোৰ বাবে আধৰুৱা হৈ ৰ’ল৷ কিন্তু আজি হঠাতে তাই নাহে বোলাত মোৰ বৰ দুখ লাগিল৷ শিল্পাক মই তনুশ্ৰীৰ দাদীয়েকৰ ফোন নম্বৰ আছে যদি আনি দিবলৈ বাৰে বাৰে কৈ সিদিনাৰ বাবে তাইৰ নামটো অনলাইন ভৰ্ত্তিৰপৰা বিৰত ৰাখি বাকীবোৰৰ কাম কৰি গ’লোঁ৷

জিৰণিৰ সময়ত সহকৰ্মী ববিতাক ক’লোঁ——-

“ ববিতা, আজি পাচলি আৰু মাছৰ বজাৰত সোমাম দিয়াচোন! আহোঁতে বৰ ধুনীয়া টোপোৰা টোপোৰ টেকেলীহেন পানীলাউ কেইটামান দেখি আহিছোঁ৷ একদম কোমল, গতিকে তাৰে আছে যদি কিনি নিম৷ লগতে কাষৰে মাছৰ বজাৰখনতো সোমাম৷ পানীলাউৰ লগত খাব পৰাকৈ অলপ ডাঙৰ মাছ নিব লাগিব৷” (ববিতা মোতকৈ বয়সত সৰু, কৰ্মক্ষেত্ৰলৈয়ো মোতকৈ পিচত অহা,সেয়ে তাইক নাম কাঢ়ি মাতোঁ)৷ মোৰ কথাৰ উত্তৰত তাই ক’লে–

“এহ বাইদেউ,আমি সেইবোৰ পানীলাউ নাখাওঁ জানানে!”

“নোখোৱা, কিন্তু কিয়?মোৰ হ’লে ইমান মৰমলগা পানীলাউ কেইটা দেখিলেই খাওঁ খাওঁ লাগে!”

 মই আচৰিত হৈ তাইক অলপ শব্দ কৰিয়েই সুধি পেলালোঁ৷

“সেইবাবেইতো নাখাওঁ৷ সেইকেইটাক আমাৰ মানুহে ‘তেজীমলা লাউ ‘ বুলিহে কয় আৰু সেইবাবে খাবলৈ নিদিয়ে৷ তেনেকৈ জৰা নেমুও আমাৰ মানুহে নাখায়৷ সেই যে তেজীমলাৰ কাহিনীটো—” 

ববিতা বেলেগ জিলাৰ বাসিন্দা৷ কৰ্মসূত্ৰে আহিছে আমাৰ জিলালৈ, ভাড়াঘৰত থাকি আমাৰ বিদ্যালয়ত শিক্ষকতা কৰে৷ তাইৰ কথাখিনি শুনি মই ক’লোঁ—

“এহ, কি কথা কোৱা! এনেকৈ হ’লে দেখোন তেজীমলা পদুম ফুলো হৈছিল৷ পদুমফুল দেখোন লক্ষ্মী পূজাত নহ’লেই নহয়৷ আমি এইবোৰ নামানো যেতিয়া লৈ যাম দিয়া বজাৰৰপৰা৷”

বিদ্যালয় ছুটীৰ পিছত আমি দুয়ো প্ৰথমে মাছৰ বজাৰত সোমালোঁ৷ বহুদিন ধৰি মাছৰ বজাৰবোৰত পছন্দৰ মাছ নাই৷ কেৱল ভাঙন, লাচিম, চন্দা, বিকেট, চিলভাৰ, কচ এইবোৰ মাছেৰে বজাৰ ভৰি থাকে৷ আজিও বজাৰখনত সোমাই তাৰ গত্যন্তৰ নেদেখিলোঁ৷ মাখিয়ে ভেন ভেনাই থকা বজাৰখনৰ প্ৰায়কেইজন বেপাৰীৰ আগে আগে ৰ’লোঁ, মাছবোৰ বহুসময়ৰ পৰা ৰাখি থোৱাৰ চিন স্পষ্ট, ছালবাকলি শুকান শুকান লগা৷ বেপাৰীবোৰে মাজে মাজে পানী চটিয়াই আছে তাৰ ওপৰত ৷ পানী পৰি কিছু সজল যেন হৈ উঠা চকুবোৰো চাই দেখোঁ ঢেলঢেলীয়া , ধৱল ৰোগৰ ছাল যেন আৰু কৰুণ ৷ সেই চকুবোৰ চাই মোৰ আকৌ তনুশ্ৰীলৈ মনত পৰিল৷এনে লাগিল তাইৰ চকুকেইটাও কোনোবাখিনিত এই মাছ বেপাৰীৰ জালত বন্দী হৈ মৃত্যু হোৱা , ক্ৰমাৎ ঢেলা বৰণ লোৱা মাছবোৰৰ দৰেই কৰুণ ৷ মাছ লোৱাৰ আগ্ৰহটো মোৰ নোহোৱা হৈ আহিছিল চকুবোৰ চাই চাই৷ ববিতাক ক’লোঁ 

“আজি নিকিনো ব’লা। একো ভাল মাছ নাই৷ গতিকে আজি পানীলাউ কিনাও বাদেই দিলোঁ৷ মাছ বজাৰৰপৰা ওলাই পাচলি বজাৰ বাদ দি দুয়ো দুফালে গতি কৰি ঘৰমুৱা হ’লোঁ৷আমাৰ মূৰৰ ওপৰত এজাক কাউৰীয়ে মাছ বজাৰৰ আশে পাশে চিঞৰি  থাকিল –কা কা কা—৷ বাটটোৰ বহুদূৰলৈ সেই কলৰৱ বাজি থাকিল কৰ্কশ সুৰেৰে আৰু গোটেই সময়চোৱা সেই কৰ্কশ শব্দ ভেদি মোৰ সিহঁতক কওঁ কওঁ লাগি থাকিল—“নেখাবি নেখাবি অজাতি কাউৰী, কলিজাই আমনি কৰে–৷”

 সেইদিনা ৰাতি টোপনিত নপৰালৈকে মোক আমনি কৰি থাকিল তনুশ্ৰী নামৰ কিশোৰীজনীৰ কৰুণ চকুহালিয়ে অঁকা বিষাদগধুৰ মুখখনলৈ৷

                                    (৩)

আই মোৰ ভৰি কুটেকুটায়ঃ

 তনুশ্ৰীৰ কথাটোৰ পৰা মোৰ বুকুত তেজীমলাই ঘৰ বান্ধিছে৷ বিদ্যালয়ৰপৰা আহি ম’বাইলত ফেচবুক খোলোঁতে এগৰাকী বান্ধৱীৰ সাধু সম্পৰ্কীয় আপদেট এটিত চকু পৰিল৷ আপদেটটো চাই নিজেও এটি মতামত দিবলৈ গৈ চালোঁ অন্যান্য মতামত কিছুমান৷ তাৰে এটি মতামতে মোক বহুসময়লৈ ভবাই ৰাখিলে৷ তাত লিখিছিল তেজীমলাৰ দৰে বিভৎস সাধুবোৰ শিশুৰ বাবে নালাগে৷ কথাষাৰ মই মানি ল’ম নে নল’ম ! কামৰ মাজে মাজে যেতিয়াই সুৰুঙা পাওঁ তেতিয়াই মই ভাবি থাকিলোঁ — ৰসৰাজৰ ভুল হৈছিল জানো? ৰসৰাজে ভুল লিখিব পাৰে জানো? তেজীমলা এটি প্ৰতিবাদী সত্ত্বা ৷ তেজীমলা গছ হৈ গজে, ফুল হৈ ফুলে, নেমু হৈ তৃষ্ণা জুৰায়, পাচলি হৈ সোৱাদযুক্ত অন্নৰে ক্ষুধা নিবাৰণ কৰে৷ কিমানবাৰ কাটিব তেজীমলাক? কিমান অত্যাচাৰেৰে পুতিব পাৰে তেজীমলাক? তথাপি তেজীমলা অপ্ৰতিৰোধ্য, অপৰাজিতা ৷ এই অপ্ৰতিৰোধ্য বিক্ষোভেইতো হৈছে অগতিৰ গতি প্ৰগতি৷ নাই ,ৰসৰাজে ভুল নকৰে৷ তেজীমলাই মোৰ বুকুত তেতিয়াৰপৰা এতিয়ালৈ আগতকৈও নিগাজীকৈ বহি ল’লে।

 পিচদিনা বিদ্যালয়লৈ গৈ মই পুনৰ আগৰ ৰৈ যোৱা কামবোৰ কৰিবলৈ ধৰিলোঁ৷ তনুশ্ৰীৰ দাদীয়েকৰ ফোন নম্বৰ নাই, কথাটো সিদিনা শিল্পাক থ’বলৈ অহা শিল্পাৰ মাকে ক’লে৷ মই শিল্পাৰ মাকক আছুতীয়াকৈ মাতি নি তনুশ্ৰীৰ বিষয়ে জানিবলৈ বিচাৰিলোঁ৷ তনুশ্ৰীৰ বিষয়ে শিল্পাৰ মাকে কোৱা কথাখিনি আছিল এনেধৰণৰ—

 তনুশ্ৰীৰ মাকে ভাল পাই বিবাহত বহিছিল তাইৰ দেউতাকৰ লগত৷ কিন্তু তনুশ্ৰীৰ জন্মৰ পিছত তাইৰ দেউতাকে মাকক অত্যাচাৰ কৰিবলৈ ল’লে৷ তাৰ কাৰণ আছিল তেওঁৰ আন এগৰাকী নাৰীৰ লগত নতুনকৈ হোৱা প্ৰেম৷ অসহনীয় অত্যাচাৰত তাইৰ মাকে সিদিনা নৈৰ কানৰ মাখিয়তী গছবোৰৰ আঁৰ লৈ নৈৰ মাজলৈ হাউলি থকা পাকৰি গছজোপাৰ ডালত গাত লোৱা চাদৰখন ডিঙিত মেৰিয়াই ওলমি ৰৈছিল৷ নৈৰ পানীয়ে চুই গৈছিল তেওঁৰ চেঁচা দুভৰি ৷ তনুশ্ৰীৰ মাক তেজীমলা হৈছিল ৷ বহুতেই কৈছিল তাইৰ মাকৰ সেয়া আত্মহত্যা নাছিল, সেয়া আছিল এক পৰিকল্পিত হত্যাকাণ্ড ৷ তথাপি হত্যাকাণ্ডৰ এই ঘটনাক বেলেগ ৰূপেৰে সজাই পৰাই তাইৰ দেউতাক অপৰাধী নোহোৱাকৈ সাৰি গ’ল৷ ইয়াৰ পিচতে তাইৰ দেউতাকে আনিলে তেওঁৰ দ্বিতীয়গৰাকী প্ৰেমিকাক পত্নীৰূপে৷ দুয়োৰে অনাদৰ অৱহেলাত তনুশ্ৰীৰ জীৱনটো অন্ধকাৰ হৈ পৰিল ৷ তাকে সহিব নোৱাৰি এদিন আইতাকে তাইক লৈ আহিল তেওঁৰ সৈতে ৰাখিবলৈ৷ কিন্তু দেউতাকে তাইক এনেকৈ ৰাখিবলৈ নিদিয়ে৷ কাৰণ দ্বিতীয় পত্নীৰ ফালৰ সন্তান ৰাখিবলৈ তেওঁক ছোৱালী লাগে৷ গতিকে কাম কৰা ছোৱালীৰ স্থান পূৰাবলৈ তনুশ্ৰীৰ দৰকাৰ৷ আইতাকে বাধা দিবলৈও আৰ্থিকভাবে দুৰ্বল;এনে মানুহৰ মাত মাতিবলৈ বহু সময়ত ভিতৰত জোৰ থাকিলেও বাহিৰত প্ৰকাশ কৰাৰ সাহস নাথাকে৷ তনুশ্ৰীক আইতাকে কথাৰ জোৰেৰে ৰাখিব নোৱাৰিলে৷ 

 তনুশ্ৰীৰ কথাবোৰে মোৰ চকু সেমেকাই আনিছে৷ মোৰ এনে লাগিছে তায়ো যেন তেজীমলা হ’ল ৷ বঙহৰ শতৰুৱে শেলা শালত বলি হ’ল তাইৰ শৈশৱ, কৈশোৰ, যৌৱন,আবেগ আৰু ভৱিষ্যত৷ তাইৰ জীৱনটো যেন

“কুটুমে ৰান্ধিলে, কুটুমে কাটিলে, কুটুমে কুটুমক খালে৷ 

কুটুমৰ তেজেৰে বন্তি জ্বলালে, মজিয়া ভকেভকালে৷ ”

ৰসৰাজ ভুল নাছিল৷ তেজীমলা বিভৎস নাছিল৷ বিভৎস হ’লে তনুশ্ৰীক ক’ত থ’ম, তাইৰ মাকক ৰাখিম ক’ত!

ভৰি দুখন মোৰ কিহবাই কুটিছে৷ এই কুটকুটনিৰ ফলশ্ৰুতিত আগলৈ চলিবলৈ নোখোজা খোজৰ গতি আৰু এক গধুৰ মনেৰে ওভতনি যাত্ৰাত লগ পোৱা ৰঙালাউ জুপিলৈ চাব খোজোঁতে দেখিলোঁ ঠাইখিনি চাফা হৈ আছে৷ তাত কোনো ৰঙালাউ গছৰ অস্তিত্ব নাই৷ আগন্তুক লক্ষ্মীপূজাৰ বাবে তাত সমূহীয়া পূজাথলী কৰাৰ নিমিত্তে ঠাই অকণ মুকলি কৰিছে৷ তাৰ খাতিৰতেই কটা গ’ল ঠাইখনৰ দাঁতিত গজা লহপহকৈ বাঢ়ি অহা ৰঙালাউজুপি৷

বেজাৰেৰে উপচি পৰিছে মন৷ কি কৰিব পাৰোঁ মই কাৰ বাবে? যদি তেজীমলাই পাৰে প্ৰতিবাদ কৰিবলৈ তেন্তে তনুশ্ৰীয়ে কৰক প্ৰতিবাদ তাইৰ কুটুমৰ বিৰুদ্ধে৷ ৰঙালাউ জুপিয়েও কৰক প্ৰতিবাদ পদুম ফুল হৈ৷ লক্ষ্মী প্ৰিয় ফুল বিচাৰি পদুম চিঙিবলৈ যাওঁতে ফুল জুপিয়ে কওক, 

হাতো নেমেলিবি ফুলো নিচিঙিবি ক’ৰেনো পূজাৰী তই—

প্ৰতিবাদ হওক!

পৃথিৱীৰ প্ৰতিটো চুক-কোণ কঁপাই তেজীমলা তনুশ্ৰীহঁতৰ মুখেৰে

প্ৰতিবাদ হওক প্ৰতিগৰাকী স্বাৰ্থান্বেষী লোকৰ বিৰুদ্ধে ৷

প্ৰতিবাদ হওক অপমৃত্যুৰ বিৰুদ্ধে!

মানুহে কওক প্ৰতিবাদী ভাষা মানেই তেজীমলা৷

হাৰি হাৰি জিকা মানেই তেজীমলা৷

জীৱন মানেই তেজীমলা;

যাৰ মৃত্যু নাই৷

মৃত হৈয়ো অমৰ হোৱা

তেজীমলাহঁত হওক অমৃতৰ সন্তান৷

Leave a Reply

Your email address will not be published. Required fields are marked *