নৈপৰীয়া বতাহজাকৰ দৰে-পলাশ কুমাৰ নাথ
নৈপৰীয়া বতাহজাকৰ দৰে
বাদুলি এজাকৰ সৈতে
তামোল গছৰ পাতেদি
গাঁৱলীয়া সপোনবোৰ
অহা যোৱা কৰে………।
কলৰ পাতবোৰে আনন্দত
গা লৰাই নাচিছে।
চকু টিপিয়াই উৰি গ’ল
জোনাকী পৰুৱাজাক
টোকোৰা চৰাইৰ বাহলৈ….
আঁৰলে-নিৰলে কয়
বাৰীৰ থেকেৰা পকিছে……
তৰাবোৰে মিচিকিয়াই হাঁহে………
টোকোৰাই গেৰিয়ায়
বেলিফুল ফুলিছে
তহঁতৰ ঘৰৰ মূধচত
জোনে এঙামুৰি দিছে……।
6:11 PM
সুন্দৰ