পাপুৰ কথাৰে -সমুজ্জ্বল কাশ্যপ 

আকাশখন গোমা। সন্ধিয়াৰ আগতেই চৌদিশ অন্ধকাৰ হৈ আহিছে। হয়তো এজাক বৰষুণ  ডাঙৰকৈয়ে আহিব। গৌৰী মাষ্টৰ এতিয়াও স্কুলৰ পৰা অহা নাই৷ কণমানিটোক বুকুত বান্ধি মঞ্জুৰ মনত চিন্তা। পথাৰৰ মাজৰ অকলশৰীয়া টিঙৰ চালিৰ ঘৰটোত তেওঁৰ অকলে বৰ ভয় লাগে। তাতে আজি বতৰটো যেনেকৈহে আহিছে!

: মাষ্টৰ বোপা এতিয়াও অহা নেকি আই? 

: অ’…… আমৈ আহিছ! তেওঁচোন আহিয়েই পোৱা নাই৷ পাঁচ বাজিবৰ হ’ল। ইফালে পাপু স্কুলৰপৰা আহিয়েই ওলাই গ’ল, এতিয়াও ঘৰ সোমোৱা নাই। মোৰ বৰ চিন্তা হৈছে।

: তহঁতৰ গৰুদুটা আনি পিচফালে বান্ধি থৈছোঁ । ক’লা আকাশখন দেখি ভালদৰে খোৱা লোৱা কৰা নাই, পথাৰত একেবাৰে চেপেটা লাগি থিয় হৈ আছিল। মাষ্টৰ আহিলে কিবা অলপ দানা-পানী দিবলৈ ক’বি। মই যাওঁ। মোৰ গৰুকেইটা ঘৰ পালেগৈ। 

: আমৈ! বৰ ভয় লাগিছে। এওঁ নহালৈ মোৰ লগত থাকিব নোৱাৰিবিনে? বতাহৰ শব্দটোও বেছি হৈ আহিছে।

: মই ঘৰলৈ যাব লাগিছিল অ’ আই। সিহঁতহালে বা কি কৰিছে! চোতালত কিবাকিবি মেলি থোৱাও আছে, গৰুহালো গৈ ঘৰ পালেগৈ। 

: বান্ধিব দে সিহঁতে গৰুহাল। চোতালৰ বস্তুও সামৰিব। ভিতৰলৈ আহচোন, নিপুটো বিছনাতে আছে। তাৰ ওচৰতে বহ, মই এবাতি চাহ বনাওঁ। 

হঠাতে ধাৰাষাৰ বৰষুণজাক নামি আহিল, লগতে বতাহৰ কোবটোও বেছি হ’ল। বৰষুণত তিতি-বুৰি সাত-আঠ বছৰীয়া পাপুটো ক’ৰবাৰ পৰা দৌৰি আহি ভিতৰ সোমাল। মঞ্জুৱে তাৰ ভিজা কাপোৰযোৰ খুলি কাণখন চেপি ধৰিলে।

: বতৰ কিমান বেয়া দেখা নাই, ইমান দেৰি ক’ত খেলি আছিলি? ভায়েৰৰ ওচৰত বহি থাকিব নোৱাৰ নেকি? সিযে অকলে ভয় কৰে নাজাননে?

: হ’ব দে অ’! সৰু ল’ৰা। খেলা-ধুলা নকৰি কি কৰি থাকিব! নহয়নে পাপু?

মাকে দিয়া কাপোৰযোৰ সলাই চলচলীয়া চকুৰে পাপু আমৈৰ ওচৰ চাপি আহিল। আমৈৰ কোলাত থকা দুবছৰীয়া নিপুৰ কপালত টপককৈ এটা চুমা খালে। আমৈয়ে নিপুক মাকৰ কোলালৈ আগবঢ়াই এইবাৰ পাপুক বুকুৰ মাজলৈ চপাই ল’লে। মাকৰ কাণ চেপা খাই তাৰ কাণখন তেতিয়াও চেকচেকাই আছিল। আমৈয়ে তাৰ ৰঙা কাণখন লাহে লাহে হাতখনেৰে মোহাৰি থাকিল।

: হঠাতে পথাৰৰ মাজলৈ কিয়নো গুচি আহিলি? ঘৰত কিবা কাজিয়া লাগিল বুলিয়েইনো আগপাচ নাভাবি এনেদৰে গুচি আহেনে? সি বৰ খঙাল, তই বুজাব লাগিছিল। অন্ততঃ বাৰিষাটো  গ’লেও যেন তেন। ইমান ডাঙৰ ঘৰখন থাকোঁতে ইয়াত কিমান কষ্টত থাকিবলগীয়া হৈছে বুজি পাইছোঁ নহয়!

: মানুহজনে মোৰ কথা শুনিলেহে!

: এৰাতিৰ ভিতৰত বন্ধা এই ঘৰটো কিমান মজবুত নাজানো৷ এই বাৰিষাৰ পৰা পৰিত্ৰাণ পোৱাহে কথা। আজি বতৰটো দেখোন বেছিকৈয়ে বেয়া হ’ল!

: তেওঁ বা কিয় আহি পোৱা নাই এতিয়ালৈ!

: এহ্ এই বতৰত নালাগে দে আহিবলৈ। য’ত আছে তাতেই থাকক। ইমান বতাহত কেনেকৈ চাইকেল চলাব!

মাকৰ কোলাত কণমানি নিপুৱে কান্দিছে। ইমান শব্দ সি আগতে শুনা নাই। ইফালে আমৈৰ কোলাত পাপুৱেও উচুপি আছে। এনেদৰে বতাহ ধুমুহা আগতে দেখা তাৰো মনত নাই। ঠিক তেনেতে পিচফালৰ তৰ্জাবেৰখন বাগৰি পৰিল। মঞ্জুৱে ভয়ত চিঞৰি দিলে। হো-হোৱাই এসোপামান বতাহ সেইফালেৰে সোমাই আহিল। বৰষুণৰ পানীৰে মজিয়াখন ভৰি গ’ল। পাপু আৰু নিপু দুয়োটাই ভয়তে কান্দিবলৈ ধৰিলে। 

: আমৈ, টিঙবোৰ যদি গাত পৰে?

: একো নহয় ৰ, নাকান্দিবি। ভুলেই হ’ল, তহঁতক আমাৰ ঘৰলৈকে লৈ যাব লাগিছিল। এনে কিবা এটা হ’ব বুলি ভবাই নাছিলোঁ নহয়।

: এওঁ বা কি কৰিছে, মোৰ হ’লে বৰ চিন্তা হৈছে।

: নিশ্চয় সি ক’ৰবাত সোমাইছে। নহ’লে নহাকৈ নাথাকে৷

 তহঁতলৈ চিন্তা নহ’বনে তাৰ? কিবা বিপদ হোৱাতকৈ এতিয়া আহিবই নালাগে। ঈশ্বৰে সহায় কৰিব, তেওঁৰ নাম লৈ থাক।

এইবাৰ কাষতে আন এখন বেৰ বাগৰি পৰিল। ওপৰৰ ভলুকা বাঁহবোৰেও শব্দ কৰিবলৈ ধৰিলে। আমৈয়ে মঞ্জুক সকাহ দিবলৈ চেষ্টা কৰিছে যদিও মনতে বিচাৰিছে গৌৰী মাষ্টৰটো সোনকালে ঘৰ আহি পাওক। টিঙবোৰ ওপৰতে পৰিলে কৰিবলগীয়া আৰু একোৱেই নাথাকিব।

: মঞ্জু! যাচোন নিপুক লৈ সেই কাঠৰ আলমাৰিটোত সোমাগৈ। কাপোৰ কানি যি আছে আটাইবোৰ বাহিৰলৈ উলিয়াই দে। পাপুক মই বুকুত বান্ধি ৰাখিম। বিশ্বাস কৰ, মৰি গলেও তাৰ গাত এটা আঁচোৰো পৰিবলৈ নিদিওঁ।

: আমৈ….

: যা যা…দেৰি নকৰিবি। টিঙবোৰ যিকোনো মুহূৰ্ততে গাত পৰিব পাৰে। 

: আমৈ….তয়ো আহ।

: চাৰিটা নোৱাৰিম তাত সোমাবলৈ। তই নিপুক লৈ সোমাই দে, মই পাপুক চাম।

মঞ্জুৱে কাঠৰ আলমাৰিটোৰ পৰা কাপোৰবোৰ বিছনালৈ দলিয়াই খালী কৰিলে, কোলাত নিপুক লৈ ভিতৰলৈ সোমাই পৰিল। ইফালে আমৈয়ে কোঠাটোৰ একোণত থকা বাঁহৰ বিছনাখনৰ তললৈ পাপুক ঠেলি সুমুৱাই দিলে। বিছনাখনৰ চাৰিওফালে কাঠৰ চকী কেইখনমান ভেঁটা দিলে যাতে টিং পৰিলেও বিছনাৰ তললৈ সোমাই পাপুক আঘাত কৰিবগৈ নোৱাৰে।

: তই তাতেই সোমাই থাকিবি দেই সোণ, যি হ’লেও ওলাই নাহিবি।

: নাহোঁ আমৈ আইতা।

আমৈয়ে মেখেলাখন কঁকালত খুচি উঠি আহিল। বাগৰি পৰা তৰ্জাবেৰ এখন তুলি ধৰিবলৈ বহুত চেষ্টা কৰিও নোৱাৰিলে। দীঘলীয়া বেৰখন এফালে তুলি দিলে আনটো ফাল আকৌ পৰি যায়। ইফালে বাহিৰৰপৰা বতাহ বৰষুণে হো-হোৱাই কোবাই আছেই।

: গৌৰী, তই ক’ত সোমাই আছ !সোনকালে ঘৰলৈ আহ অ’ বোপাই। ল’ৰা দুটা আৰু ঘৈণীয়েৰক অকলে কেনেকৈ চাওঁ! হে প্ৰভু, ক’ত আছা….সহায় কৰা।

                    *******

 

মুৰালী, বিমল, দিলীপ, মহাদেৱ আৰু কেইজনমান গাঁৱৰে ডেকা ল’ৰাই মিলি বতাহ বৰষুণে মষিমূৰ কৰি পেলোৱা মঞ্জু গৌৰীৰ ঘৰটো পুনৰাই সাজি দিলে। সকলোৱে নিজৰ ঘৰৰ দুডালকৈ বাঁহ দিলে। সিহঁতে প্ৰথমে গৌৰী মাষ্টৰৰ ঘাইঘৰ খনলৈ গৈছিল, নতুনকৈ সাজিবলৈ ওলোৱা ঘৰটোৰ বাবে কেইডালমান বাঁহ বিচাৰি। কিন্তু ঘৰৰ মানুহে এডাল বাঁহো দিবলৈ অমান্তি হ’ল। সিহঁত আচৰিত হোৱা নাছিল, গৌৰী মাষ্টৰে ঘৰত কাজিয়া কৰি ওলাই আহিছে যেতিয়া ঘৰৰপৰা ভাল ব্যৱহাৰ আশা কৰাটো ভুল। বৰঞ্চ তালৈ সহায় বিচাৰি যোৱা খবৰটো পাই মাষ্টৰে সিহঁতক ওলোটাই খংহে কৰিলে।

ঘৰটো সাজি  থাকোঁতে পাপুৰ মনত খুব ফূৰ্তি। ক’ত কি হৈছে সি ভালদৰে নুবুজে। তাৰ মতে কিবা যেন উৎসৱহে। ইমান মানুহ সিহঁতৰ ঘৰত। মাকে বাহিৰৰ চালিখনৰ তলতে বহি মুকলিকৈ সকলোৰে বাবে চাহ, ভাত বনাইছে। ইফালে সিফালে তাৰ কেৱল দৌৰি ফুৰাই কাম। মাকৰ কাষতে মুৰালীয়ে কাপোৰেৰে এখন ঝুলনাৰ দৰে বনাই দিছে, ভায়েক নিপু তাতেই শুই আছে। কেতিয়াবা দৌৰাৰ মাজতে আহি পাপুৱে ভায়েকৰ গালদুখনত লাহেকৈ চিকুটি থৈ যায়।

ভাত হোৱাৰ আগে আগে মাষ্টৰে আমৈক লৈ হাস্পতালৰ পৰা উভতি আহিল। ৰাতিৰ ধুমুহাজাকত আমৈয়ে বেয়াকৈ আঘাত পাইছিল। হাত আৰু ভৰিৰ বিভিন্ন ঠাইত টিঙে কাটিছিল। সেইবোৰ পৰিষ্কাৰ কৰোৱাই টিটেনাছ আৰু বিষৰ বেজী আদি লওঁতে দুপৰীয়া হ’ল। পাপু দৌৰ মাৰি আমৈৰ কোলাত উঠিব লওঁতে দেউতাকে বাধা দি নিজেই কোলাত উঠাই ল’লে।

: তহঁতক কি বুলি ধন্যবাদ জনাওঁ ভাবিয়েই পোৱা নাই অ’, মুৰালী।

: কিনো কোৱা ককাইদেউ। ধন্যবাদ জনাবলগীয়া একো নাই। তোমাৰ পৰিয়ালটো এনেদৰে আলৈ-আথানি হ’বলগীয়া হোৱা বাবে আমিহে মনত বৰ কষ্ট পাইছোঁ।

: এইবাৰ ঘৰটো অলপ মজবুত হৈছেনে?

: একদম। এইবাৰ বতাহে সহজতে ভাঙিব নোৱাৰে। হ’লেও লাহে লাহে এটা পকীঘৰ সাজিবলৈ চেষ্টা কৰা। এনেদৰে বাঁহৰ ঘৰটোত কিমান দিনলৈ থাকিবা? 

: সময় লাগিব অ’। টকা পইচা যিকেইটা আছে নোজোৰেইচোন। মই দৰমহাও বেছি নাপাওঁ নহয়। হ’বদে….. তহঁতে সকলোৱে বাঁহৰ ঘৰতেই নাথাক জানো? আমিও থাকিম এনেদৰে।

: ঘৰৰ পৰা একো নোলোৱাকৈ ইয়াত পথাৰৰ মাজত এখন নতুন ঘৰ সাজি লোৱাটো কম কথা নহয়। তুমি স্কুললৈ যোৱাৰ পিছত বৌ আৰু ল’ৰা দুটা অকলে থাকিব। ঘৰৰ পৰা ওলাইছাই যেতিয়া স্কুলৰ ওচৰতে মাটি অলপ চাই তাতেই ঘৰটো সাজিব পাৰিলা হয়। 

: তাৰমানে তহঁতে মোক গাঁৱৰ পৰা খেদিবলৈ ওলাইছ? মই গাঁও এৰি নাযাওঁ কিন্তু। ১৪ কিলোমিটাৰকৈ দৈনিক ২৮ কিলোমিটাৰ চাইকেল চলাই অহা-যোৱা কৰাটো একো টান কাম নহয় দে।

: তোমালোকে যি ভাল দেখা, মই তোমাৰ কষ্টৰ বাবেহে কৈছিলোঁ।

: হ’ব দে। ভাত খাওঁগৈ ব’ল এতিয়া।

লাহে লাহে মঞ্জু আৰু গৌৰীয়ে নতুনকৈ ঘৰখন সঁজাই তুলিলে। মাটিডৰাৰ এচুকত সৰুকৈ এটা পুখুৰী খান্দি তাত কেইটামান মাছ পোনা এৰি দিলে। পুখুৰী খান্দোতে ওলোৱা মাটিৰে পথাৰৰ কিছু অংশ পুতি তাত শাক-পাচলি আদিও লগালে। লাহে লাহে আলু, পিঁয়াজ, ফুলকবি, বন্ধাকবি,ওলকবি,বিলাহী, বেঙেনা সকলোবোৰে পোখালি মেলিবলৈ ধৰিলে। মাষ্টৰ স্কুললৈ যোৱাৰ পিছত মঞ্জুৱে সেইবোৰ চোৱাচিতা কৰে। মুৰালীয়ে কোৱা পকীঘৰ এটাৰ কথা মাষ্টৰেও নভবা নহয়। এইবিষয়ে মঞ্জুৰ লগত কেইবাবাৰো আলোচনাও কৰিছে। কিন্তু বাৰে বাৰে মঞ্জুৰ এটাই উত্তৰ,

: এতিয়া থাকক দিয়কচোন। পকীঘৰ পিচে পৰেও হ’ব, আগতে আপোনাৰ কাৰণে এখন স্কুটাৰ লওক। সদাই আঠাইছ ত্ৰিছ কিলোমিটাৰ চাইকেল চলাই অহা-যোৱা কৰাৰ পিছত সেইটো মানুহ হৈ থাকেনে?

মাষ্টৰেও ভাবে, ৰাতি বেছি হৈ অহা ভৰিৰ বিষটোৰ কথা উলাই কৰিব নোৱাৰি। চলিব নোৱাৰা হ’লে তিনিওটাকে কোনে চাব! পৰিয়ালৰ কথা ভাবিবলৈ প্ৰথমতে নিজেই ভালে থাকিব লাগিব।

: লোন এটা হয় নেকি চাওঁ, বুজিছা!

: অ, সোনকালেই কিবা এটা কৰক৷ ৰাতিটো ভৰিৰ বিষত টোপনি মাৰিব নোৱাৰে, মইহে জানো।

: হ’ব দিয়া, স্কুটাৰ এখনকে লম। ই পাপুটো ক’ত? স্কুলৰ পৰা অহাৰ পিছত দেখাই নাই যে? ইমান দেৰিলৈ ক’ত যোৱা কৰিছেনো?

: নাজানো, ইয়াৰ অভ্যাসটো বেয়া হৈছে। স্কুলৰপৰা আহি দিনৰ দিনটো অনাই-বনাই ঘূৰি ফুৰে। বিত্ত, চানু, ৰূপহঁতৰ লগত কাৰোবাৰ বাৰীৰ পাচফালে জামু, টকৌ বিচাৰি ফুৰেগৈ। সিহঁত তাতকৈ বয়সত ডাঙৰ আৰু চালাকো। ইহে মস্ত বুৰ্বক। কেতিয়াবা ক’ৰবাত ইয়াক ফঁচাই থৈ সিহঁত আঁতৰি যাব আৰু ই মুখ মেলি চাই থাকিব। মোৰ বৰ ভয় লাগে৷ 

: ঘৰলৈ আহিলে তাক বুজাম দিয়া। অলপ আগুৱাই যাওঁ নেকি বিচাৰি?

: নালাগে সৌৱা আহিছে চুচুক চামাককৈ। আজি আপুনি সোনকালে আহি গম পালে৷ মোৰ সদায় এইখনেই মেলা। সন্ধিয়া লেম চাকিয়েই জ্বলাম নে গৰু বান্ধিম নে ইহঁত দুয়োটাকে চাম।

পাপু আহি দেউতাকৰ কোলাত উঠিল, ফুচফুচাই কিবা এটা কলেও দেউতাকৰ কাণত। দেউতাকে তাক ভৰি হাত ধুৱাই মাকৰ ওচৰলৈ পঠিয়ালে আৰু নিজে নঙলা মুখলৈ আগুৱাই গ’ল। পাপু আহি শান্ত শিষ্ট ল’ৰাটোৰ দৰে তুলসীজোপাৰ তলতে মাকৰ পিচফালে বহিল। কাষতে নিপু আগৰপৰাই সাজু প্ৰাৰ্থনা কৰিবলৈ। পাপুৰ চকু দুটা এবাৰ নঙলা মুখলৈ আৰু এবাৰ মাকৰ চকুলৈ। মাষ্টৰে কোলাত এটা অকণমানি ক’লা কুকুৰৰ পোৱালি লৈ চোতাললৈ আহিল। পাপুৰ চকু দুটা উজলি উঠিল। মাকৰ লগতে সিও আৰম্ভ কৰিলে-

……

তুমি চিত্ত বৃত্তি মোৰ

প্ৰবৰ্তক নাৰায়ণ

তুমি নাথ মঞি নাথৱন্ত…..

চৰণ চত্ৰৰ ছায়া

দিয়া দূৰ কৰা মায়া

কৰা দয়া প্ৰভু ভগৱন্ত!

 

                  ********

 

পাপু নাই।

গোটেইখন হাহাকাৰ লাগি পৰিল। ল’ৰাটো ক’লৈ গ’ল? মাকে চাৰিওফালে বিচাৰিলে। নিপুক কোলাত লৈ ইফাল সিফাল কৰা অসুবিধা বাবে তাক আমৈহঁতৰ ঘৰত থলে। ইফালে দেউতাক আহি পোৱা নাই। পুৱাই কৈ গৈছে আহোঁতে দেৰি হ’ব। টাউনলৈ গৈ মঞ্জুৰ বাবে এখন তাঁতশাল কিনিব। সেইখনৰ বাবে মানুহজনীৰ বৰ হেঁপাহ আৰু প্ৰয়োজনো। ঊঘা কেইটামান, যঁতৰ, মহুৰা, সূতা আদি সকলোখিনি ইতিমধ্যে যোগাৰ হৈ আছে৷ কেৱল শালখন আনিলেই বনাই থোৱা ফ্ৰেমটোত সেইখন লগাব পৰা হ’ব। টাউনতে বিমলৰ ঠেলাখন লগ কৰি মাষ্টৰ আৰু বিমল লাহে লাহে আহি থাকিব।

: মঞ্জু বৌ! পাপুক সন্ধিয়া নদীৰ পাৰৰ ফালে যোৱা দেখিছোঁ, লগত আৰু দুটামান আছিল। আন্ধাৰৰ বাবে ভালকৈ ধৰিব নোৱাৰিলোঁ, কিন্তু কণমানি কুকুৰৰ পোৱালীটো থকা বাবে সিহঁতৰ এটা পাপুৱেই হ’ব বুলি ভাবিছোঁ।

কোনোবা এজনীয়ে আন্ধাৰৰ মাজেৰে আহি মঞ্জু আৰু আমৈক পাপুৰ খবৰ দিলে। তিনিওটা নৈৰ পাৰলৈ দৌৰি গ’ল।

: কিমান কওঁ নৈৰ পাৰলৈ যাব নালাগে, নুশুনে। কিবা বিপদ নহ’লেই হৈছে।

: ৰবিচোন….অমঙ্গলীয়া কথাবোৰ কিয়নো মনলৈ আনিব লাগে। একো নহয়, তাক বিচাৰি পাম ব’ল।

আমৈয়ে ধমক এটা দি প্ৰায় দৌৰাৰ দৰে নৈখনলৈ আগুৱাই গ’ল। পিছে আন্ধাৰৰ মাজত ল’ৰাটোৰ একোৱেই চিন চাব পোৱা নগ’ল। কান্দি-কাটি মঞ্জু ভাগৰি পৰিল। আমৈয়ে যেনেতেনে ধৰি মানুহজনীক ঘৰলৈ ওভতাই আনিলে। নিশা আঠমান বজাত মাষ্টৰ আৰু বিমল আহি পোৱাৰ পিছত আকৌ বিচাৰ-খোঁচাৰ আৰম্ভ হ’ল। পাপু যাব পৰা সকলোৰে ঘৰলৈ গৈ মাষ্টৰে খবৰ ল’লে। নাই.. কোনেও ভালদৰে একো ক’ব নোৱাৰে। নৈৰ পাৰলৈ টকৌ বিচাৰি যোৱা বুলি সকলোৱে ক’লে হয় কিন্তু উভতি আহিলনে নাই কোনেও মনেই কৰা নাছিল।

 নিপু শান্ত হৈ বিছনাত অকলে খেলি আছে। মাজে মাজে মাকে কন্দা দেখিলে সিও কান্দি উঠে। ক’ত কি হৈছে বুজি পোৱা নাই৷ কিন্তু ককায়েকক ওচৰত নেদেখি তাৰো বেজাৰ নলগা নহয়।

: গৌৰী কা, তহঁতৰ ঘাইঘৰৰ পৰা আহিলোঁ। নাই! পাপু সেইফালেও যোৱা নাই । বিমল আৰু মই নদীত নামোগৈ, তহঁত আহিব নালাগে। ৰাতিও হ’ল, কিবা খবৰ পালে আমি জনাম।

এইবাৰ মাষ্টৰ ভাঙি পৰিল। হুকহুককৈ ওলাই অহা কান্দোনটো বাধা দিব নোৱাৰিলে। আমৈয়ে মাষ্টৰৰ কান্ধত ধৰি সান্ত্বনা দি থাকিল। সাহসী মানুহগৰাকীৰ অন্তৰখনো কোনোবাখিনিত কঁপি উঠিছিল। 

ৰাতি বাৰটামান বজালৈ সকলো চোতালতে বহি থাকিল। মুৰালী আৰু বিমলো নৈৰ পৰা উভতি আহিছে। ল’ৰাটোৰ কোনো সম্ভেদ নাই। কাৰো মুখত এটা শব্দও নাই।  মাত্ৰ মাজে মাজে ভিতৰৰ পৰা নিপুৱে সপোনতে উচুপি উঠাৰ শব্দ ভাহি আহিছে। ঠিক তেনেতে নঙলা মুখৰ পৰা কিবা শব্দ হোৱা শুনি সকলোৰে চকু সেইফালেই থৰ লাগিল।

: সেইটো পাপুৰ কুকুৰটো নহয়নে?

ক’লা কুকুৰৰ পোৱালীটো কু-কু শব্দ কৰি চোতালৰ মাজলৈ দৌৰি আহিছিল। সকলোৱে ঠিয় হৈ দেখিলে পোৱালীটোৰ পিচে পিচে এজন ল’ৰা সোমাই আহিছে। তেওঁৰ মুখখন কাপোৰেৰে ঢকা। কোলাত কিবা এটা টোপোলা। ওচৰলৈ আহি ল’ৰাজনে টোপোলাৰ দৰে লৈ অহা পাপুক মাষ্টৰৰ হাতত তুলি দিলে। ল’ৰাজনৰ মুখলৈ চাই মাষ্টৰে তাক নিজৰ কোলালৈ ল’লে ।

: ক’ত পালে তাক? আপুনি কোন?

: মই কোন সেইটো ডাঙৰ কথা নহয়। তাক এতিয়া শুবলৈ দিয়ক।

ল’ৰাজনে কাকো একো ক’বলৈ সুবিধা নিদি যেনেদৰে আহিছিল তেনেদৰেই নোহোৱা হৈ গ’ল। পিচে পিচে যোৱা কুকুৰৰ পোৱালিটোৱে নঙলা মুখত কিছুসময় কু-কুৱাই থাকি চোতাললৈ উভতি আহিল। সকলোৰে মুখলৈ তেতিয়াহে পানী আহিল। ভোক-পিয়াহ পাহৰি থকা আটাইকেইজন লাহে লাহে যাবলৈ ওলাল। সকলোৱে পিচদিনা আহিম বুলি কৈ বিদায় ল’লে। মাষ্টৰে পাপুক ভিতৰলৈ আনি মঞ্জুৰ কাষতে শুৱাই দিলে। কান্দি-কাটি ভাগৰত মানুহজনী বিছনাতে বাগৰি আছিল। মাষ্টৰো আহি কাষতে বহিল। মঞ্জুৱে পাপুৰ কাপোৰযোৰ খুলি আন এযোৰ পিন্ধালে। চোলাটো ওলোমাই থবলৈ গৈ  চোলাৰ মোনাত  খমখমীয়া কাগজ এখিলা পাই মাষ্টৰৰ চকুলৈ চালে। মাষ্টৰে অলপ আচৰিত হৈ লেম্পটো ওচৰলৈ চপাই সেইখন লিৰিকি-বিদাৰি চাবলৈ ধৰিলে। মাষ্টৰক চিন্তান্বিত দেখি মঞ্জুৱে নিজে চিঠিৰ দৰে কাগজখন হাতত তুলি ল’লে।

‘ডাঙৰীয়া,

বিপ্লৱী সেৱা গ্ৰহণ কৰিব।

আপোনাৰ ল’ৰাজন নৈৰ পাৰত টকৌ এজোপাৰ তলত পৰি আছিল৷ তাক উদ্ধাৰ কৰোঁতে ভীষণ আন্ধাৰ। প্ৰথমতে কোন কিয় তেনেদৰে পৰি আছে ধৰিবলৈ অসুবিধা হৈছিল। হয়তো চোৰাত গছৰ পাত ভৰিত লাগি অত্যধিক খজুৱতি উঠাত কান্দি কান্দি তাতে পৰি আছিল আৰু ভাগৰতে টোপনি আহিল। তাৰ ভৰি দুখন শুশ্ৰূষা কৰি ইতিমধ্যে প্ৰয়োজনীয় ঔষধ পাতি লগোৱা হৈছে৷ ৰাতিপুৱালৈ সি সম্পূৰ্ণ ভাল হৈ উঠিব। সতীৰ্থ এজনে আপোনাৰ বিষয়ে জনোৱাত তাক ওভতাই পঠিয়াইছোঁ। নৈৰ পাৰত যথেষ্ট মানুহ জমা হোৱা বাবে কিছু পলম হ’ল যদিও ল’ৰাটোক ভোকত ৰখা নাই। আচল কথাটোলৈ আহোঁ । কাইলৈ আপোনাৰ ঘৰত পোন্ধৰজন মানুহৰ বাবে ৰন্ধা-বঢ়া কৰিবলৈ অনুৰোধ জনালোঁ। ৰন্ধন সামগ্ৰীৰ বাবে চিন্তা নকৰিব, ইতিমধ্যে আপোনাৰ ঘৰৰ পিচফালে সকলো প্ৰয়োজনীয় সামগ্ৰী জমা কৰি থোৱা হৈছে। সেইখিনি ভিতৰলৈ লৈ যাব আৰু চিঠিখন ফালি পেলাব। এইবিষয়ে কোনেও গম নোপোৱাটোৱেই সকলোৰে বাবে মঙ্গল। অতি সোনকালেই লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে..

~দেশৰ সৈনিক 

 দেশমাতৃৰ জয় !’

 চিঠিখন পঢ়ি দুয়ো এবাৰ ইজনে সিজনলৈ আৰু এবাৰ পাপুৰ ফুলি থকা ভৰিদুখনলৈ চাবলৈ ধৰিলে।

***********

 

একে একে দুই

একে দুয়ে তিনি

একে তিনিয়ে চাৰি

একে চাৰিয়ে পাঁচ…

একে পাঁচে…..

পাপুৱে চিঞৰি চিঞৰি নেওতা পঢ়িছে। কাষতে ঢাৰিখনৰ ওপৰত ককাকে নিপুক কোলাত লৈ বহি আছে। তেওঁ অহা দুদিনেই হ’ল। এইকেইদিন পুলিচ ষ্টেচনলৈ গৈ থাকিবলগীয়া হোৱাত মঞ্জুৱে দেউতাকক মাতি পঠিয়াইছিল। ৰাজ্যিক পৰিবহণ নিগমৰ পৰা অৱসৰ লোৱাৰ পিছত ঘৰতেই বহি বহি আমনি লগাত তেৱো কিছুদিন জী-নাতিৰ ঘৰলৈ অহাত আপত্তি নকৰিলে। মাষ্টৰক মিলিটাৰীৰ পোচাকত অহা কেইজনমান মানুহে লৈ যোৱা তিনিদিন হ’ল। কিয় নিলে আৰু ক’ত ৰাখিছে কোনেও নাজানে। মঞ্জুৱে সদায় সদৰলৈ গৈ থানাত খবৰ কৰিছে৷ পুলিচেও হেনো মাষ্টৰৰ কোনো খবৰ নাপায়। পুৱাই মুৰালীয়ে চাইকেলত মঞ্জুক লৈ যায়। বৌৱেকক থানাত থৈ সি বজাৰলৈ যায় আৰু সন্ধিয়া আহোঁতে লৈ আহে। দিনৰ দিনটো থানা, ডিষ্ট্ৰিক্ট ক’ৰ্ট, মণ্ডল অফিচ সকলোতে গিৰিয়েকৰ খবৰ বিচাৰি অনাই-বনাই ঘূৰি ফুৰা মঞ্জু লঘোনে ভোকে আধামৰা হৈছেগৈ।

 লোনটো হোৱাত মাষ্টৰে স্কুটাৰ এখন লৈছিল। ঘৰৰ ভেঁটিটোৰ কামো আৰম্ভ কৰিছিল। বেৰৰ আধাখিনিলৈ পকী কৰি ওপৰত তৰ্জাবেৰ লগাব। একেবাৰে ওপৰত কাঠৰ ফ্ৰেম লগাই টিঙকেইখন উঠোৱাৰ কথা। কাঠো আনি থোৱা হৈছে।

:গৌৰী কা ভালে আছে বৌ, চিন্তা কৰি নাথাকিবা।

: ক’ত বা আছে মানুহটো, মোৰ বৰ ভয় হৈছে। আজি তিনিদিন হ’ল, কোনেও একো নকয়।

: পুলিচে জানে, নকয়। বিনা দোষে লৈ অহা বাবে সিহঁতৰো ক’বলৈ একো নোহোৱা হৈছে।

: মিলিটাৰীও হ’ব পাৰে। ইউনিফৰ্মবোৰ তেনেকুৱা আছিল আৰু ভঙা ভঙা হিন্দীত কথা কৈছিল।

: সিহঁতেই হ’ব। কালিলৈ বেলেগ এঠাইত খবৰ কৰিবলৈ যাম৷

ঘৰৰ মুধচৰ বাবে আনি থোৱা কাঠখিনি চোতালত সজাই থোৱা আছে। তাৰ কাষতে ঢাৰিখন পাৰি ককাকে দুয়োটা নাতিৰ লগত বহি মঞ্জুলৈ অপেক্ষা কৰি আছে। নিপুক অলপ চেৰেলেক খুৱাই দিওঁতে সি শুলে। পাপু ককাকৰ কোলাত। তাৰ চকুদুটা সেমেকা। যোৱা তিনিটা দিনত হৈ যোৱা ঘটনাবোৰ সি ভালদৰে নুবুজে। কিন্তু ককাক অহাত ফূৰ্তিও পাইছে।

: ককা, এটা সাধু কোৱানা।

: কি সাধু শুনিবানো পাপু মইনা?

: তুমিযে ফুটবলৰ সাধুটো কৈছিলা, সেইটো।

: সেইটো দেখোন আগতেও বহুবাৰ কৈছোঁ।

: আকৌ কোৱা, মোৰ ভাল লাগে।

 ককাকে তিয়ঁহ কেইটুকুৰামান কাটি লৈ সাধু আৰম্ভ কৰিলে।

: বহুদিনৰ আগৰ কথা৷ এখন গাঁৱত ক’ৰবাৰ পৰা এজন বাবাজী আহি বাস কৰিবলৈ ল’লে ।গাঁৱত কাৰোবাৰ বেমাৰ আজাৰ হ’লে তেওঁ জৰা-ফুঁকা কৰি চিকিৎসা কৰে। মানুহবোৰেও জৰা পানী খাই ভাল হোৱা বুলি কয়। সকলোৱে তেওঁক বহুত সন্মান কৰে। এবাৰ ওচৰৰ গাঁৱ এখনৰ লগত ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত হ’ল। গাঁৱখনৰ  ল’ৰাবোৰ বৰ এলেহুৱা আৰু খেলা-ধুলাত সিমান ভাল নাছিল। সিহঁতে ভাবিলে যদিহে বাবাজীৰ পৰা কিবা যাদু মন্ত্ৰ কৰা তাবিজ এটা ল’ব পাৰে, সিহঁত খেলত অনায়াসে জিকিব পাৰিব। পৰিকল্পনা অনুসৰি বাবাৰ পৰা তাবিজ লৈ সকলো খেলপথাৰত সোমাল। পিছে বিপৰীত পক্ষ আছিল সাংঘাতিক পাৰ্গত। অতি সহজতে তেওঁলোকে খেলখন নিজৰ হস্তগত কৰিলে। ইফালে খেলত হাৰি এলেহুৱা ল’ৰাকেইজনে খুব লাজ পালে আৰু বাবাজীৰ ওপৰত খঙতে পোতক তুলিবলৈ সিদ্ধান্ত ল’লে। কেইজনমানে মিলি তাবিজটো ভাঙি পেলালে। তাৰ ভিতৰৰ পৰা এখিলা কাগজ ওলাই পৰিল। তাত কি লিখা আছিল জানানে?

: কি লিখা আছিল ককা?

: তাত কোনো মন্ত্ৰ নাছিল৷ মাত্ৰ লিখা আছিল – ‘উৰাই ঘূৰাই মাৰিবা, গল দিব পাৰিবা’!

: হা হা। তাৰমানে বাবাজন ভণ্ড আছিল নেকি ককা?

: সেইটো নাজানো , কিন্তু সাধুটো শুনি কি শিকিলা?

: আমি কিবা পাবলৈ হ’লে নিজে কষ্ট কৰিব লাগে, কোনো বাবাজীয়ে আহি আমাক খেলত জিকাব নোৱাৰে।

: ঠিকেই কৈছা। যত্ন কৰিলেহে ৰত্ন পায়।

নাতিয়েকৰ হাঁহিত ককাকৰ মনটো অলপ পাতলিল যদিও জোৱায়েকৰ চিন্তাত মনটো অশান্ত হৈ আছিল। এবাৰ দুয়ো নাতিৰ মুখলৈ আৰু এবাৰ পদূলি মূৰত হোৱা এখিলা পাতৰ শব্দও আওকান নকৰাকৈ চোতালত বহি ৰ’ল। কিছুদেৰি পিছত কিবা অলপ খোৱাৰ যোগাৰ কৰিবলৈ পাকঘৰলৈ উঠি যাওঁতে জোনাকৰ পোহৰ ভালকৈয়ে চোতালত পৰিছিল। ঢাৰিখনৰ মাজত নিপু তেতিয়া টোপনিত আৰু পাপুৱে কাষতে বহি তাক বিছনীখনেৰে বা দি আছে। মাক আৰু মুৰালী খুড়াক তেতিয়াও ঘূৰি অহা নাই৷

তাৰ মনতো চিন্তা নোহোৱা নহয় – আৰু বা কিমান দেৰি …!

********* 

 

শৰীৰত অসহনীয় বিষ লৈ মাষ্টৰে পথাৰৰ মাজে মাজে দৌৰিছে। যিকোনো মুহূৰ্ততে সিহঁতৰ গুলীয়ে পিঠিখন হয়তো থকাসৰকা কৰি পেলাব। প্ৰাণৰ সংশয়ত কোনফালে খোজ দিছে তেওঁ নিজেই নাজানে। কেতিয়াবা পথাৰৰ মাজৰ আলিত উজুতি খাই চিটিকি পৰিছে। গাত দৌৰিবলৈ অকণো শকতি নোহোৱা স্বত্ত্বেও অকল মঞ্জু আৰু পাপু-নিপুৰ ছবিকেইখন মনলৈ আনি প্ৰাণ বচোৱাৰ আপ্ৰাণ চেষ্টা চলাই গৈছে মানুহজনে।

চাৰিদিন আগতে ধৰি লৈ অহাৰ পৰাই তেওঁৰ ওপৰত চলিছিল অকথ্য অত্যাচাৰ। উগ্ৰপন্থী দলৰ সৈতে সম্বন্ধ থকাৰ অভিযোগত তেওঁক লৈ আনিছিল মিলিটাৰীৰ কোনোবা এটা বেটালিয়নে। প্ৰত্যেকটো প্ৰশ্নৰ লগতে চৰ, লাঠি, ভুকু, এইবোৰ পৰিছিল তেওঁৰ ওপৰত। চামৰাৰ বেল্টেৰে কোবোৱা হৈছিল পিঠিত। কাৰো সৈতে সম্পৰ্ক নাই বুলি কোৱাৰ পিচতো সিহঁতে বিশ্বাস কৰা নাছিল। 

সিহঁতৰ বিভিন্ন প্ৰশ্ন – 

স্কুটাৰখন কোনে আৰু কিয় ব্যৱহাৰ কৰে? 

ঘৰত চাৰিখনকৈ বিছনা কিয়? 

ঘৰ বান্ধিবলৈ পইচা ক’ৰপৰা পাইছে ইত্যাদি। 

একেকেইটা উত্তৰ দি দি মাষ্টৰো ভাগৰি পৰিল। অত্যাচাৰ সহিব নোৱাৰি অৱশেষত তেওঁ মানি ললে – কেইজনমান ল’ৰা-ছোৱালীয়ে এদিন তেওঁৰ ঘৰত খোৱা-বোৱা  কৰাটো হয়, কিন্তু তেওঁলোকৰ কি কাম বা কিয় তেনেকৈ ঘূৰি ফুৰিছে সেই বিষয়ে একোৱেই নাজানে। 

প্ৰথম দিনৰ তুলনাত দ্বিতীয় দিনালৈ শাস্তিৰ পৰিমাণ কিছু কম হ’ল। হয়তো তেওঁৰ কথাত মিলিটাৰী দলটো পতিয়ন গৈছিল। ৰাতি মজিয়াত শুবলৈ এখন বস্তাৰ লগতে খাবলৈ দুখন ৰুটি আৰু অলপ দাইল দিলে। মাষ্টৰে বুজি পালে যে তেওঁৰ নিচিনাকৈ বন্দী কৰি থোৱা আৰু বহুতো মানুহ ওচৰত আছে৷ কিন্তু সকলোফালে অন্ধকাৰ হোৱা বাবে একোৱেই মণিব নোৱাৰি।

তৃতীয় দিনা মাষ্টৰক এটা গাঁতলৈ নমাই দিয়া হ’ল। ডিঙিলৈ পানী ভৰা গাঁতটোত এসোপামান ভেকুলী, এন্দুৰ আৰু জোক এৰি দিয়া হৈছিল। সামান্য অন্তৰ্বাসটোৰ বাদে প্ৰায় উলঙ্গ অৱস্থাত তেনেকুৱা আৰু কেইটামান গাঁতত আন বহুকেইজন লোকে চিৎকাৰ কৰি থকা মাষ্টৰে ইতিমধ্যে দেখিছে। গাঁতটোত সোমোৱাৰ কেইঘন্টামানৰ পিচতে কঁপি কঁপি মাষ্টৰে সংজ্ঞা হেৰুৱাই পেলালে। ৰাতি তেওঁৰ শৰীৰটো তাৰপৰা উঠাই আনি বস্তাৰে মেৰিয়াই পুৱালৈ মজিয়াতে পেলাই থোৱা হ’ল।

পিচদিনা সন্ধিয়া লগাৰ পিছত মাষ্টৰক আন চাৰিজন মানুহৰ লগত একেলগে জীপেৰে এটুকুৰা অচিনাকি ঠাইলৈ লৈ যোৱা হ’ল। সকলোৰে চকু ক’লা কাপোৰেৰে বন্ধা। এটা সময়ত তেওঁলোকক দৌৰিবলৈ ক’লে । মাষ্টৰে বুজি উঠিল তেওঁলোকৰ সময় শেষ হৈ আহিছে। যিকোনো মুহূৰ্ততে হয়তো সিহঁতৰ গুলীয়ে পিঠিখন ভেদ কৰিবহি। অন্তিম বাৰলৈ পত্নী আৰু দুয়োটা ল’ৰাৰ ছবিকেইখন মনলৈ আনি মাষ্টৰে প্ৰাণপণে দৌৰিবলৈ ধৰিলে। 

ইফালে মিলিটাৰী কেম্পত মঞ্জু আৰু মুৰালীয়ে জানিবলৈ পালে মাষ্টৰক কোনোবা অজান স্থানলৈ লৈ যোৱা কথাটো। কথাবোৰ শুনি মঞ্জু তাতেই মূৰ্ছা গ’ল। মুৰালীয়ে অফিচাৰ কেইজনৰ ওচৰত কাবৌ-কোকালি কৰিলে মাষ্টৰক এৰি দিবলৈ। মাষ্টৰৰ ঘৰলৈ কেইজনমান ল’ৰা-ছোৱালীয়ে ভাত খোৱাকৈ অহাৰ কথাটোও সি পুনৰ দোহাৰিলে। লগতে এইটোও ক’লে যে মাষ্টৰ কোনো কাৰণতেই এইবোৰত জড়িত নহয়। কিছুসময় পিছত অফিচাৰ কেইজনে দুয়োকে তাৰপৰা খেদি পঠিয়ালে।

গুৰুম! গুৰুম! গুৰুম! গুৰুম!

ৰৈ ৰৈ চাৰিটাকৈ গুলী আৰু লগতে কাৰোবাৰ আৰ্তনাদৰ শব্দ মাষ্টৰৰ কাণত পৰিল। তেওঁৰ বুজিবলৈ বাকী নাথাকিল যে সেয়া তেওঁৰ লগত থকা আনকেইজনৰ মাজৰেই কোনোবা। কিছুসময়ৰ পিছত গুলীৰ শব্দ বন্ধ হ’ল। মাষ্টৰো ভাগৰে-জুগৰে পথাৰৰ মাজতেই বহি পৰিল। ভৰিদুখন অচল হৈ আহিছিল, খোজ কাঢ়িব পৰাকৈ অকণো বল নাই। আঙুলিত প্ৰচণ্ড বিষ। গোটেই শৰীৰটোৰ বিভিন্ন স্থানৰ পৰা তেজ ওলাই আছে। হয়তো সিহঁতে কোবাওতে ফাটি যোৱা বা জোকে কামুৰি তেজ উলিয়াইছে।

ইফালে সিফালে চাই ওচৰত কাকো নেদেখি মাষ্টৰে চুঁচৰি বাগৰি পথাৰখন পাৰ হ’বলৈ চেষ্টা কৰিলে। অন্ধকাৰৰ মাজেৰে কোনে জুমি চাই আছে বা আগত কি ৰৈ আছে ভাবিবলৈ তেতিয়া সময় নাই। যিকোনো মুহূৰ্ততে হয়তো আন এটা গুলীয়ে আহি তেওঁৰ বুকুখন ভেদি যাবহি। কিন্তু তথাপিও তেওঁ আগুৱাই গৈ থাকিল। কোনে জানে হয়তো আগলৈ কোনোবাখিনিত ৰৈ আছে মুকুতিৰ দুৱাৰখন।

 

        ××××××××××

 

মুক্তিত নিস্পৃহ যিটো

সেহি ভকতক নমো

ৰসো মঞি মাগোহো ভকতি

সমস্ত মস্তক মণি

নিজ ভকতৰ বৈশ্য

ভজো হেন দেৱ…..যদুপতি!

তুলসীজোপাৰ কাষতে ঢাৰিখন পাৰি পাপুৱে প্ৰাৰ্থনাত বহিছে। কাষতে আমৈৰ কোলাত নিপু। মঞ্জুৱে ভিতৰত ভাত দুটামান, আলু ভাজি অলপ, দাইল এবাতি টিফিন বক্স এটাত ভৰাই হাস্পতাললৈ যাব সাজু হৈছে। মুৰালীয়ে বৌৱেকক চাইকেলত লৈ যাব। যোৱা এমাহে সি এনেকৈ মঞ্জুক চাইকেলত অনা-নিয়া কৰিছে। টাউনলৈ ঢলপুৱাতে বাছ এখন যায় ; সেইখনত উঠিবলৈ তিনি মাইলমান খোজকাঢ়ি যাবগৈ লাগে। আকৌ দুপৰীয়া দুইমান বজাতেই সেইখন উভতি আহে। সেয়ে বাছখন ধৰিবলৈ মঞ্জুৰ অসুবিধা। আজি বৌৱেকক হাস্পতালত থৈ পাপু-নিপুৰ মোমায়েকক ঘৰলৈ লৈ আনিব মুৰালীয়ে। দিনটো তেওঁ হাস্পতালত ভিনীহিয়েকৰ  ওচৰত আছে।

মাষ্টৰৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় টকাকেইটা যোগাৰ কৰিবলৈ মঞ্জুৱে হাবাথুৰি খাই ফুৰিছে। চাৰিওফালে দৌৰিও ক’তো একো হোৱা নাই। সকলোৱে আশ্বাস দিয়ে যদিও সময়ত কথা নাৰাখে। মাষ্টৰৰ স্কুলৰ পৰা যিয়ে যেনেকৈ পাৰে সহায় কৰিছে; ভেঞ্চাৰ স্কুল, সকলোৰে অসুবিধা। ইফালে আকৌ আত্মীয় বুলিবলৈ অকল মঞ্জুৰ ঘৰখন৷ তাৰপৰাওনো আৰু কিমান ল’ব। ইপিনে মাষ্টৰৰ ঘাইঘৰ খনে এটকাও নিদিয়ে বুলি কৈ পঠিয়াইছে। এবাৰ ঘৰৰ মাটি এডোখৰ বিক্ৰী কৰি দিয়াৰ কথাও মঞ্জুৱে ভাবিলে৷ কিন্তু পথাৰৰ মাজৰ ঠাইখিনি তেওঁলোকক থাকিবলৈ হে দিয়া হৈছে, কাগজে পত্ৰই এতিয়াও ভাগ বটোৱাৰা নোহোৱা বাবে বিক্ৰী কৰিব নোৱাৰে। 

মিলিটাৰী কেম্পৰ পৰা অহাৰ পিছৰ পৰা মাষ্টৰ হাস্পতালত। বোকাৰে লুতুৰিপুতুৰি হৈ পথাৰৰ মাজত পৰি থাকোঁতে বেলেগ এখন গাঁৱৰ মানুহে পাই সদৰৰ হাস্পতালত  ভৰ্তি কৰাইছিল। তামোল-পাণৰ বেপাৰী মুৰালীয়ে চহৰত ঘূৰি থাকোঁতে ইকাণে-সিকাণে কথাটো শুনি হাস্পতাললৈ উধাতু খাই আহে আৰু মাষ্টৰক জীৱিত অৱস্থাত লগ পায়। সেইদিন ধৰি আজি এমাহৰ বেছি হ’ল, মাষ্টৰৰ স্বাস্থ্যৰ অকণো উন্নতি হোৱা নাই।

ৰাজহাড়ৰ মজ্জাত হেনো মেলেৰিয়াৰ বীজাণু সোমাইছে। দিনে দুটাকৈ বেজী ল’ব লাগে। বেজীবোৰ আকৌ অনাব লাগে গুৱাহাটীৰ পৰা, সদৰত নাপায়। একোটা বেজীৰ বাবে ১৩৫ টকাকৈ প্ৰতিদিনে প্ৰায় ৩০০ টকা দিব লাগে, যিটো মঞ্জুৰ বাবে যোগাৰ কৰাটো অসুবিধা হৈ পৰিছে। তেনেকৈ হাস্পতালৰ  বিলো দিনে দিনে বাঢ়ি গৈ আছে।

পাপুক মই লৈ যাওঁ। মোৰ লগত থাকক কেইদিনমান। ভিনদেউ ভাল হ’লে লৈ আহিম।

মোমায়েকে পাপুক লগত নিয়াৰ ইচ্ছা প্ৰকাশ কৰিলে। কথাটোত মঞ্জুৱে অকণো আপত্তি নকৰিলে। ল’ৰাটোক নিজৰ পৰা আঁতৰাই ৰখাটো কঠিন হ’ব যদিও নিপুকো চাব লাগিব৷ তাতে সি পাপুতকৈও সৰু। আমৈয়েনো সদায় তাক কেনেকৈ ৰখিব। প্ৰথমতে পাপুৱে আপত্তি কৰিছিল যদিও বিশেষ একো নকৈ মোমায়েকৰ লগত গুছি গ’ল।

ইফালে মুৰালীৰ লগত চাইকেলত সদৰলৈ অহা-যোৱা কৰা বাবে গাঁৱৰ কিছুমান মানুহে মঞ্জুৰ বিষয়ে বিভিন্ন কথা উলিয়াবলৈ ধৰিলে। কথাবোৰ মাষ্টৰৰ ঘাইঘৰখনতো ওলাল। তেওঁলোকে গাঁওবুঢ়াৰ আগতো কথাটো উলিয়ালে। 

: মাষ্টৰৰ ঘৈণীয়েকৰ লগত তোৰ কিহৰ ইমান হলিগলি অ’ মুৰালী?  –  এদিন নৈৰ পাৰত আগভেটি ধৰি গাঁওবুঢ়াই  মুৰালীক সকিয়াইছিল।

: অকলশৰীয়া মানুহজনীক হাস্পতাললৈ অনা-নিয়া কৰাৰ বাহিৰে মোৰ আন একো অভিপ্ৰায় নাই গাঁওবুঢ়া ডাঙৰীয়া।

: তই ক’লেই আমি মানিম নে? – গাঁওবুঢ়াৰ পিচফালে ঠিয় হৈ থকা ডেকাদুজনে হাতৰ দীঘলীয়া লাঠীদুডাল মাটিত খুন্দিয়াই উত্তেজিত হৈ উঠিল।

: মনা বা নমনা সেইটো তোমালোকৰ কথা। মই জনাত একো বেয়া কাম কৰা নাই আৰু মোৰ মনত কোনো বেয়া ভাব নাই। তেওঁ মোৰ বৌ, নিজৰ আইৰ দৰে সন্মান কৰোঁ। যাৰ কথা শুনি তোমালোকে এনেদৰে খদমদমখন লগাইছা তেওঁ বৌৰ নিজৰ দেওৰ নহয় জানো? তেওঁকে নোকোৱাগৈ কিয় বিপদৰ সময়ত মানুহজনীৰ কাষত অলপ ঠিয় হ’বলৈ?

: আমি কাৰো কথা শুনি এইবোৰ তোক কোৱা নাই, নিজে যি দেখিছোঁ সেইটোহে কৈছোঁ।

: ঠিক আছে, মই তেওঁৰ লগত অহা-যোৱা নকৰোঁ বাৰু৷ কিন্তু গাঁৱৰ মানুহখিনিয়ে যেতিয়াই প্ৰয়োজন হয় সদৰলৈ যাব পৰাকৈ গাড়ী এখনৰ ব্যৱস্থা কৰি দিয়াচোন। ইমান দিনে, এবাৰ মাষ্টৰৰ খবৰ লৈছা জানো কোনোবাই? 

মুৰালীৰ খং উঠি আহিছিল। কথাখিনি কৈ সি নৈৰ পাৰৰ পৰা ঘৰলৈ খোজ দিলে। গাঁওবুঢ়াৰ লগতে ডেকাদুজন তাতেই ঠিয় হৈ ৰ’ল।

 

                            ××××××××××

 

চাৰিওফালে চিঞৰ-বাখৰ। যিয়ে যেনেদৰে পাৰিছে পথাৰলৈ দৌৰিছে। সকলোৰে হাতে হাতে জাকৈ, খালৈ। কেইজনমানে চেপা দুটামান আৰু জালখনো লৈছে।

পথাৰত হেনো মাছৰ উজান উঠিছে।

যোৱাৰাতিৰ নেৰানেপেৰা বৰষুণ জাকত নৈৰ পানী হঠাতে বাঢ়ি আহি ওচৰৰ পথাৰবোৰলৈ পাৰ বাগৰি ওলাই গৈছিল। সেই পানীতেই এসোপামান মাছ আহি পথাৰবোৰত ভৰি পৰিছে। মাছ ধৰাতকৈয়ো যেন কিবা উৎসৱহে পাতিছে। গাঁৱৰ সকলো ৰাইজ ওলাই আহিছে পথাৰলৈ। 

মঞ্জুও পিচ পৰি নৰ’ল। আমৈহঁতৰ ঘৰৰপৰা অনা জাকৈ এখন এহাতে আৰু আনখন হাতেৰে নিপুক কোলাত লৈ পথাৰলৈ ওলাই গ’ল। কিবা দুটা সৰু মাছ পালেও সন্ধিয়া গিৰীয়েকৰ বাবে হাস্পাতাললৈ নিব পাৰিব। নিপুৱেও বেয়া নাপায় মাছ। পথাৰৰ মাজৰ সৰু আলি এটাত তাক বহুৱাই থৈ মঞ্জুৱে মাছ বিচাৰিবলৈ ধৰিলে। কিন্তু তেনেদৰে মাছ ধৰাৰ অভ্যাস নথকা বাবে সৰহকৈ নাপালে। সাধাৰণতে মাষ্টৰে কিনিয়েই আনে মাছ, এনেদৰে পথাৰত আগতে ধৰি পোৱা নাই। 

বোকাৰে লুতৰি পুতুৰি নিপুক লৈ ঘৰলৈ ওভতে মানে দুটামান বাজিল। ভাগৰুৱা দেহাটোৰেই তাক পৰিষ্কাৰ কৰি খুৱাই মেলি অটাই মঞ্জুৱে আমৈক গটাই থৈ আহিল আৰু ৰাতিৰ খোৱাখিনি সামৰি হাস্পাতাললৈ ওলাল। নিশাটো নিপু আমৈৰ লগত থাকিব আৰু মঞ্জু সদৰৰ হাস্পাতালত। মাষ্টৰৰ স্বাস্থ্য অলপ উন্নতি হৈছে আৰু সোনকালেই হয়তো ঘৰলৈ আনিব পৰা হৈ উঠিব। 

সিফালে মোমায়েকৰ ঘৰত পাপুৱে বহু চেষ্টা কৰিও মন বহুৱাৱ পৰা নাই। বাৰে বাৰে মাক দেউতাকলৈ মনত পৰে। ভায়েকৰ সৈতে খেলিবলৈ মন যায়। গাঁৱৰ লগৰীয়াবোৰৰ লগত পথাৰৰ মাজত খেলা, টকৌ বিচাৰি বাৰীয়ে পদূলিয়ে ঘূৰি ফুৰা সকলোবোৰ কথাই আমনি কৰিছে তাক। চহৰৰ পৰিবেশলৈ প্ৰথমবাৰৰ বাবে অহা পাপু পদে পদে অসুবিধাৰ সম্মুখীন হ’ল।

 মোমাযেক-মামীয়েক, ককাক-আইতাকে তাক যথেষ্ট  মৰম কৰে, কিন্তু তাৰ মাজতো কোনোবাখিনিত মাকৰ বুকুৰ উম বিচাৰি সি কান্দি উঠে। দেউতাকৰ চাইকেলৰ আগত বহি দোকানলৈ যাবলৈ মন যায়। দেউতাকে স্কুলৰ পৰা ঘূৰি আহোঁতে অনা চেৰীৰ পেকেটকেইটা, তাৰ বৰ প্ৰিয়। চহৰত মামীয়েকে ব্ৰেডৰ মাজত জেলী সানি দিয়ে, কিন্তু সি সেইবোৰ ভাল নাপায়।

: ব্ৰেডখন কিয় মাজতে কামুৰিছা, পাপু?

: চাৰিটা কোণ আছে, কোনফালে আগতে কামুৰিব লাগে নাজানো, সেইকাৰণে মাজতে……..

কোঠাত উপস্থিত থকা সকলোৰে মুখলৈ চাই পাপুৱে লাজতে চকুপানী টুকি তাৰ কোঠালৈ দৌৰি আঁতৰি গ’ল। কোনফালে কামুৰিব বুজি নাপাই ব্ৰেডখনৰ মাজতে দাঁতেৰে কামুৰি ফুটাবলৈ চেষ্টা কৰি থকা দেখি সকলোৱে হাঁহি দিছিল। 

তাৰ এটা বেয়া স্বভাৱ আছে৷ কপালৰ ঘাম ওলালে চোলাটোৰ হাতখনেৰে মচি দিয়ে৷ সেইবাবে কেইবাদিনো কথাও শুনিছে। ধোৱা চোলাটো বাৰে বাৰে ধুবলৈ স্বাভাবিকতে সকলোৱে আমনি পায়। কোনোবাই কিবা ক’লে তাৰ মাকলৈ বৰকৈ মনত পৰে আৰু ঘৰলৈ যাবলৈ মোমায়েকক খাটনি ধৰে। আইতাকে বিভিন্ন সাধুকথাৰ মাজত তাক সকলো পাহৰাই ৰখাৰ যত্ন কৰিলেও কোনোবাখিনিত তাৰ কিবা এটা ভয় লাগি থাকে।

ইফালে মঞ্জুৱে আৰ তাৰ পৰা ধাৰলৈ কেইটামান টকা গোটাই মাষ্টৰক ঘৰলৈ অনাৰ ব্যৱস্থা কৰিবলৈ ধৰিলে। হাস্পতালৰ বিলৰ টকা দিনে দিনে বাঢ়ি গৈ আছে। আকৌ প্ৰতিদিনে কোনোবা নহয় কোনোবা চিনাকি-অচিনাকি বহুতো মানুহ খবৰ লবলৈও আহি আছে৷ সকলোৰে বাবে চাহ বিস্কুটৰ যোগাৰ কৰা মঞ্জুৰ বাবে অলপ অসুবিধা। আকৌ মাষ্টৰে সকলোৰে লগত মুকলিকৈ কথা পাতি থকাও ভাল নহয়। পুলিচে বা ক’ৰ পৰা কাৰ ওপৰত নজৰ দি আছে আৰু কেতিয়া আহি আকৌ কিবা বিপদ ঘটায়, তাৰ ঠিক নাই। বেজীকেইটা ফাৰ্মাচিৰ পৰা কিনি ঘৰতেই ল’ব পাৰিব। ডাক্তৰেও মাষ্টৰৰ কিছু উন্নতি হোৱাত যাবলৈ অনুমতি দিছে। পিছে হাস্পতালৰ বিলৰ পৰিমাণ দেখিহে মঞ্জুৱে সাহস কৰিব পৰা নাই। 

: ইমানসোপা টকা ক’ৰপৰা পাম অ’ মুৰালী! কি যে কৰোঁ মই..!

: বৌ, তাকেই ময়ো ভাবি পোৱা নাই। মোৰ ওচৰতো ইমান টকা নাই নহয়…..!

টকা-পইচা হিচাপ কৰি মূৰে কপালে হাত থৈ বহি থকা মঞ্জুৰ মুখলৈ পিচদিনা পানী আহিল৷ ডাক্তৰে আহি ক’লে ,মাষ্টৰ ঘৰলৈ যাব পাৰিব, হাস্পাতালৰ সকলোখিনি দিবলগীয়া টকা ইতিমধ্যে পৰিশোধ কৰা হৈছে। মঞ্জুৱে জানিবলৈ বহুত চেষ্টা কৰিলে যদিও ডাক্তৰে নাম ক’বলৈ অস্বীকাৰ কৰিলে। তেওঁৰ মতে মাষ্টৰৰেই কেইজনমান ছাত্ৰ-ছাত্ৰীয়ে হেনো আটাইখিনি টকা হাস্পতালত জমা কৰিছে আৰু তেওঁলোকে নিজৰ পৰিচয় জনাবলৈ মান্তি নহয়। 

কৃতজ্ঞতাৰ চকুলোৰে মঞ্জুৰ দুগাল ভৰি আহিল। মাষ্টৰক টেক্সি এখনত লৈ ঘৰলৈ গৈ থাকোঁতেও কোনে এনেদৰে ইমান ডাঙৰ এটা সহায় কৰিলে তাকেই আলোচনা কৰি গৈ থাকিল দুয়ো। মাষ্টৰেও এই বিষয়ে একো অনুমান কৰিব নোৱাৰিলে। মাষ্টৰৰ টেক্সিখন হাস্পাতাল এৰাৰ লগে লগে কৰিড’ৰৰ এটা কোণৰপৰা মনে মনে সকলো নিৰীক্ষণ কৰি থকা ছোৱালীজনীও তাৰ পৰা লাহেকৈ আঁতৰি গ’ল। গাল-মুখ ক’লা দোপাত্তা এখনেৰে ঢাকি লোৱা ছোৱালীজনীলৈ হয়তো কোনেও লক্ষ্য কৰা নাছিল।

 

                               *******

সময় বাগৰি গৈ থাকিল৷ চাওঁতে চাওঁতে কেইবাটাও বসন্ত পাৰ হ’ল। চোতালৰ আগফালে শেৱালী জোপা ফুলিল, মৰহিল, আকৌ ফুলিল। মঞ্জু আৰু গৌৰী মাষ্টৰে মৰমেৰে বোৱা কঠীয়াডৰাও লহপহকৈ বাঢ়ি আহিল। 

পাপু-নিপুৱেই তেওঁলোকৰ কঠীয়া। সিহঁত দুয়ো ডাঙৰ হ’ল। 

স্কুলৰ চাকৰিটো তেতিয়াও প্ৰাদেশিকীকৰণ নোহোৱা বাবে পৰিয়ালটো যথেষ্ট  অসুবিধাৰ সম্মুখীন হৈছিল। আৰ্থিক দীনতাৰ পৰা কিছু সকাহ পোৱাৰ উদ্দেশ্যেৰে পাপুক মঞ্জুৱে মাকৰ ঘৰলৈ পঠিয়াই দিলে। চহৰত সি মোমায়েক, মামীয়েক, মাহীয়েক আৰু ককাক আইতাকৰ লগত থাকি পঢ়া-শুনা কৰিব। পিছে মাকৰ বুকুৰ উমৰ পৰা আঁতৰি থাকিবলগীয়া হোৱাত লাহে লাহে পৰিয়ালৰ প্ৰতি বিদ্ৰোহী হৈ উঠা তাৰ মনৰ ভাৱবোৰ কোনেও অনুধাৱন কৰিব নোৱাৰিলে। 

ইফালে গাঁৱৰ পৰিবেশত মাক দেউতাকৰ লগত নিপুৰো স্কুলীয়া জীৱন আৰম্ভ হৈছিল। নতুন বন্ধু বান্ধৱৰ মাজত ককায়েকৰ সান্নিধ্য বিচাৰি মনটো অস্থিৰ হৈ থাকিলেও তাৰ কৰিবলগীয়া বিশেষ একো নাছিল৷ ককায়েকক ঘৰলৈ ঘূৰাই আনিবলৈ সি বহুদিন মাকক কাকূতি মিনতি কৰিছে। বিহুৱে উৎসৱে পাপু ঘৰলৈ আহিলে সেইকেইদিন তাক কোনে পায়, সন্ধিয়া বহুদেৰিলৈ দুয়ো নৈৰ পাৰত বহি কটাই দিয়ে। কিন্তু মোমাযেকৰ চাকৰিৰ বাবে পাপুও তেওঁৰ লগতেই পিছদিনাই পুনৰ চহৰলৈ গুচি যাবলগীয়া হয়। কেতিয়াবা মাহীয়েকৰ লগত আহিলেও গাভৰু ছোৱালীকেইজনীক মিলিটাৰীৰ ভয়ত গাঁৱত এৰাতিৰ বেছি থাকিবলৈ নিদিয়ে ভিনীহিয়েকে। ৰাতিপুৱাৰ বাছখনত চহৰলৈ পঠিয়াই দিয়ে।

পাপুৰ অনুপস্থিতিয়ে মঞ্জুৰ হৃদয়ত কি পৰিস্থিতিৰ সৃষ্টি কৰে সেয়া তেওঁ কোনোদিনে কাৰো আগত খুলি নকয়। নিপুৰ টোপনি অহাৰ পিছত মাষ্টৰৰ বুকুত সোমাই ওৰেটো ৰাতি তেওঁ চকুলো টোকে। বুকুৰ কলিজাটো চিৰাচিৰ কৰি আঁতৰাই পঠোৱাটো কিমান কষ্টকৰ সেয়া হয়তো মঞ্জুৰ বাহিৰে আন কোনেও ভাবি নাপায়। তথাপিও মাষ্টৰৰ লগত তেওঁ সপোন দেখে – এদিন চহৰৰ পৰিবেশত পঢ়ি-শুনি পাপু ডাঙৰ মানুহ হ’ব। বোপা ককাকৰ দিনৰ মাষ্টৰ বৃত্তি এৰি নিজে চলিব পৰাকৈ আন কিবা এটা চাকৰি কৰিব। দৰমহা নোপোৱা মাষ্টৰৰ চাকৰিৰে চলিব পাৰি জানো…! 

গাঁৱৰ পৰিবেশ দিনে দিনে বেয়া হৈ আহিছে। ডেকা ল’ৰাবোৰ হঠাতে নোহোৱা হৈ যায়। অনবৰতে পুলিচ মিলিটাৰী চাৰিওফালে পিয়াপি দি ফুৰে। কেতিয়া কাৰ ঘৰৰপৰা কাক ধৰি লৈ যায় কোনেও টলকিবই নোৱাৰে। মাষ্টৰৰ ঘৰখনৰ ওপৰতো পুলিচৰ কাঢ়া নজৰ। কোন ক’ৰপৰা আহিছে, কিয় আহিছে আদি বিভিন্ন খবৰবোৰ মিনিটে মিনিটে ঘৰৰপৰা সাত মাইল দূৰত থকা মিলিটাৰী কেম্পটোলৈ কোনোবাই গোপনে প্ৰেৰণ কৰে। বহু চেষ্টা কৰিও মাষ্টৰে সেই চোৰাংচোৱাৰ নাম আজিলৈ উলিয়াব নোৱাৰিলে। ইতিমধ্যে কোনো দোষ নকৰাকৈ বহুবাৰ সিহঁতৰ হাতত মাষ্টৰৰ পৰিয়ালটো লাঞ্চিত হৈছে।

সেইদিনা মাষ্টৰ স্কুলৰপৰা আহি পাওঁতে অলপ দেৰি হৈছিল। সন্ধিয়া গৰু দুটা সামৰি লেম্পটো জ্বলাবলৈ লৈ মঞ্জুৱে দেখিবলৈ পালে প্ৰায় এশজনমান মানুহে সিহঁতৰ ঘৰটো ঘেৰাও কৰি ধৰিছে। সকলোৰে হাতত উদ্যত মাৰণাস্ত্ৰ। পিন্ধনত মিলিটাৰীৰ পোচাক। ভয়তে কি কৰিম কি নকৰিম হৈ মঞ্জুৱে জ্বলাবলৈ সাজু কৰা লেম্পটো  তেনেকৈয়ে থৈ দিলে। ইফালে নিপুও ঘৰত নাই, সি খেল পথাৰৰ পৰা ঘূৰি অহাৰ সময় হৈছে। বেৰৰ ফুটাৰে মঞ্জুৱে দেখিলে কেইজনমান মানুহ আহি ইতিমধ্যে চোতালত থকা বেঞ্চখনতে বহিছে, আন কেইজনমান বাৰীৰ পিচফালে সোমাইছে। কেইজনমান আকৌ ৰাস্তাত। চোতালৰপৰা হিন্দী মিহলি ভঙা ভঙা অসমীয়াত কোনোবাই গিৰীয়েকৰ নাম ধৰি মতাও শুনিছে।

ভয়ে ভয়ে মঞ্জু বাহিৰলৈ ওলাই আহিল। দুৱাৰৰ সম্মুখতে এজন দৈত্যকায় ব্যক্তি ঠিয় হৈ আছিল। তেওঁক তেনেদৰে দেখি মঞ্জুৱে ভয়তে আকৌ ঘৰৰ ভিতৰলৈ দৌৰ দিলে। মানুহজনে কিবা বিচাৰিছিল, কিন্তু হিন্দী ভালদৰে বুজি নাপাই মঞ্জুৱে ভয়তে ঈশ্বৰৰ নাম লৈ মনৰ মাজতে চিঞৰিবলৈ ধৰিলে।

মিলিটাৰীজনে এইবাৰ দুৱাৰখন ঠেলি ভিতৰলৈ সোমাই আহিল। হাতৰ টৰ্চটো জ্বলাই তেওঁ এফালৰপৰা কোঠাটো নিৰীক্ষণ কৰি গ’ল। এবাৰত টৰ্চৰ পোহৰ আহি আলনাৰ কাপোৰৰ পিচফালে কুচি মুচি বহি থকা মঞ্জুৰ চকুৱে মুখে পৰিল।

: আপ্ নি ভয় কিয় পাইছে….আমি একো প্ৰব্লেম নাকৰিব। একটা বেগ লাগে।

 বেগ…..মোনা! …….আছ্ছে ?

মানুহজনৰ কথাখিনি শুনি মঞ্জুৱে অলপ সাহস পালে। আলনাৰ পিচৰপৰা উঠি আহি মোনা এখন বিচাৰি মানুহজনৰ হাতত দিলে। সেইখন লৈ তেওঁ ঘৰৰপৰা ওলাই আহিল।  লেম্পটো জ্বলাই পিচে পিচে মঞ্জুও বাহিৰলৈ আহি  দেখিলে এজন মিলিটাৰীৰ কান্ধত উঠি নিপুৱে খেলি আছে। তাক তেনেদৰে দেখি মানুহজনীয়ে অলপ সকাহ পালে।

: মাষ্টৰ আহি পোৱা নাই….দেৰি হ’ব। আপোনালোক কিয় বা আহিছে!

মঞ্জুৰ কথাত কোনেও একো উত্তৰ নিদি চোতালতে বহি থাকিল। কিছুসময় পিছত ঘৰৰ ভিতৰলৈ সোমোৱা ওখ-পাখ মানুহজন পিচফালৰপৰা আহি চোতালত থিয় হ’ল। তেওঁৰ হাতত থকা মোনাটো তেতিয়া নেমুটেঙাৰে ভৰি আছিল।

: আপনাৰ ঘৰত বহুত টেষ্টি নিম্বু আছে……আমি অলপ লৈছোঁ। আকৌ কতিয়াবা আহিম। মাষ্টৰ বাবুক বতিয়াই দিব। অ’ আৰ কইটামান কমলা ভী আছে। হে হে!

বাৰীৰ পিচফালে থকা নেমু ডালৰপৰা এমোনা লহপহকৈ বাঢ়ি অহা নেমু ছিঙি মিলিটাৰীৰ দলটো আঁতৰি গ’ল। তাৰে কেইটামান খাবলৈ ৰাখি বাকীবোৰ  মাষ্টৰে বজাৰলৈ নিয়াৰ কথা ভাবিছিল। নিপুৱে তাৰ কমলা কেইটাও নিয়া বুলি গম পাই কান্দিবলৈ ধৰিলে। মঞ্জুৱে মিলিটাৰী সোপাক উধাই মুধাই গালি দি থাকিল যদিও আন একো অনিষ্ট নকৰাকৈ সকলো আঁতৰি যোৱা বাবে মনতে ঈশ্বৰলৈ ধন্যবাদ জনালে।

নিপুক কোলাত লৈ মঞ্জু নঙলা মুখলৈ আগবাঢ়ি গ’ল, হেঙাৰ দুখন সিহঁতে ভাঙি থৈ গৈছে। মাষ্টৰ আহিলে ৰাতিয়েই সেইবোৰ মেৰামতি কৰিব লাগিব, নহ’লে পুৱাই গাঁৱৰ এৰাল দিয়া গৰুবোৰ সোমাই বাৰীৰ শাক-পাচলি খাই তহিলং কৰিবহি। মাষ্টৰলৈ বাট চাই, নিপুক কোলাত লৈ মঞ্জুৱে নঙলাতে আন্ধাৰৰ মাজত থিয় হৈ থাকিল। পিচফালে চোতালৰ একোণত তুলসী জোপাৰ তলত তেতিয়া চাকিগছি ঢিমিক-ঢামাককৈ জ্বলি  আছিল।

                          **************                               

 

মাক দেউতাকৰ পৰা আঁতৰত পাপু শান্তিৰে থাকিব পৰা নাই। ককাক, আইতাক, মোমায়েক ,মামীয়েকৰ লগত থাকিলেও সেইখন ঘৰ যেন তাৰ আপোন নহয়। বহুতো নীতি নিয়মৰ মাজেৰে চলিবলগীয়া হোৱাত অনবৰতে মনত কিবা এটা ভয় ভাবে বৰকৈ আমনি কৰে। ঘৰলৈ সঘনাই যাবলৈ নোপোৱাৰ দুখেও মনটো বিদ্ৰোহী কৰি তোলে।

মাক দেউতাকে নিপুকহে কিয় প্ৰাধান্য দিলে! তাক কিয় আঁতৰাই পঠালে!

কথাবোৰ ভাবি ভাবি সি পাৰ নাপায়। তেনেদৰে দিনৰ পিছত দিন, মাহৰ পিছত বছৰ বাগৰি গৈ থাকে আৰু এদিন সি মেট্ৰিকৰ দেওনা পাৰ কৰে। 

সকলোৱে আশা কৰাৰ দৰেই তাৰ ৰিজাল্ট ভাল হ’ল। মোমায়েকে ফূৰ্ত্তিতে ওচৰৰ সকলোকে মিঠাই খুৱালে। আইতাকে সন্ধিয়া দুই চাৰিজনক নিমন্ত্ৰণ কৰি সত্যনাৰায়ণৰ পাঁচালীখনো পাঠ কৰিলে। দুবছৰৰ আগতে ককাকৰ মৃত্যুৰ পিছত সিয়েই আইতাকৰ লাখুটি হৈ পৰিছিল। আইতাকেও গোঁসাইঘৰত গাবলৈ নামৰ বহীখনত নাম লিখাৰ পৰা ঘৰৰ বজাৰ সমাৰলৈকে সকলো দায়িত্ব  তাৰ ওপৰতে এৰা হ’ল। 

গাঁৱৰ ঘৰলৈ খুব কমেই আহে সি। আহিলেও ক’লৈকো নোলায়। গাঁৱৰ পুৰণি লগৰীয়াবোৰেও তাক বেলেগ চকুৰে চায়। চহৰৰ ল’ৰা, আগৰ দৰে খেলিবলৈ বেয়া পাব বুলিয়েই হয়তো সিহঁত আঁতৰি থাকে। সিও নঙলা মুখৰ পৰা বাহিৰ নহয়। যিকেইদিনৰ বাবে ঘৰলৈ আহে কণমানি নিপুৱেই তাৰ পুতলা। তাক লৈয়ে সি ব্যস্ত। মাক দেউতাকৰ সৈতেও বেছি কথা নহয়৷ তেওঁলোকৰ প্ৰতি যেন কিবা এটা আক্ৰোশে তাৰ মনটো ভৰাই ৰাখিছিল।

: ইয়াক মই লৈ যাওঁনে মা? মোৰ লগতে ৰাখিম!

: কেনেকৈ ৰাখিবি তাক? আগতে নিজেই ডাঙৰ হৈ লচোন । তাৰ পিছত তাক তয়েই চাব নালাগিব জানো? …..আৰু তাক লৈ গ’লে আমি অকলে কেনেকৈ থাকিম?

: সৰুৰে পৰা মই যেনেকৈ অকলেই থাকিলোঁ৷ 

ভায়েকক মাকৰ ওচৰত এৰি পাপু বাহিৰলৈ ওলাই যায়। তাৰ চলচলীয়া চকুদুটালৈ চাই মঞ্জুৰ মনটোৱে হাহাকাৰ কৰি উঠে। সন্ধিয়া মাষ্টৰ ঘৰলৈ অহাৰ পিছত মঞ্জুৱে কথাটো উলিয়ায়  যদিও তেওঁ একো মাত নিদিয়ে। ৰাতি ভাতৰ টেবুলত নিপুক কোলাত লৈ মঞ্জুৱে খুৱাবলৈ বহে। ক্লাচ ফাইভ পালে যদিও তাক আজিও মাকে খুৱাই দিব লাগে৷ খোৱাৰ মাজতে মাষ্টৰে পাপুলৈ চাই সোধে –

: কেইদিনমান থাকিবিনে?

: কাইলৈ যাম।

: মাৰৰ পৰা এডমিছনৰ টকাকেইটা লৈ, মোমায়েৰৰ  হাতত দিবিগৈ।

: মই কটনত পঢ়িম, তাত বেছি পইচাও নালাগে।

: মোমায়েৰাই  কৈছে সেইখনৰ ল’ৰা ছোৱালীবোৰ আজিকালি হেনো বেয়া হৈছে ।মদ ভাং চিগাৰেট আদি সকলো চলিবলৈ লৈছে লাহে লাহে। আৰু মেট্ৰিক পাছ কৰিয়েই কলেজৰ হাৱা লগাটো ভাল নহয়। তোক জুনিয়ৰ কলেজ এখনত নাম লিখাই দিব  বুলি ভাবিছে হেনো সি। কথাটো ময়ো  নভবা নহয়।

: নপঢ়োঁ মই জুনিয়ৰ কলেজত। সকলোৱে কটনত পঢ়িবলৈ আশা কৰে আৰু মোৰ নম্বৰো ভাল, সহজতেই চিট পাম। তাতেই দিবলৈ কোৱাচোন মামাক।

: হয় নেকি ? কিবা এটা ভাবিব লাগিব তেনেহলে। কাইলৈ ময়ো যাম দে তোৰ লগত গুৱাহাটীলৈ।

দেউতাকৰ কথাত পাপুৰ মনটো ভাল লাগিল। দেউতাকে তাৰ কথাটো যে না নক’লে। জুনিয়ৰ কলেজত পঢ়িলে পুৱাৰ পৰা সন্ধিয়ালৈ তাতেই সোমাই থাকিবগৈ লাগিব। কলেজত পঢ়িলে ইফালে সিফালে নিশ্চয় ওলাব পাৰিব। নিপুক কোলাত লৈ সি চোতাললৈ আহিল। আকাশৰ তৰাবোৰ দেখুৱাই কিবাকিবি ক’বলৈ ধৰিলে। সি ডাঙৰ হৈ আহিছে যদিও ককায়েকৰ কোলাত উঠি ভাল পায়। ইফালে বাৰাণ্ডাখনৰ পৰা দুয়োটালৈ চাই থকা মাষ্টৰ আৰু মঞ্জুৱে মনতে সন্তোষ ল’বলৈ ধৰিলে। 

: ইহঁতৰ মৰমবোৰ এনেদৰে থাকিবনে সদায়?

: থাকিব দিয়া। ইটোৱে সিটোক কম ভাল পায়নে  দুয়োটাই?

: নাজানো! মোৰ হ’লে ভয় হয়। পাপুৰ চকুদুটালৈ চালে লাগে যেন সি কোনোবাখিনিত অসুখী। কিবা একুৰা জুইৰ তাপত জ্বলি আছে ল’ৰাটো। আমালৈ খং নেকি ? 

: নহয়! সি হয়তো নিজৰ ওপৰতেই অসন্তুষ্ট। সময়ত সকলো ঠিক হৈ যাব। যোৱা শোৱাৰ যা-যোগাৰ কৰাগৈ। আজি পাপুৰ লগত তুমি শুবা। নিপুক মোৰ ওচৰত দিবা।

ফৰকাল আকাশখনৰ পৰা তেতিয়া জোনৰ পোহৰ একাঁজলি নামি আহি বাটৰ কচুপাত এটাৰ ওপৰৰ পানীখিনিত পৰিছিল। পাপুৱে জিলিকি থকা পানীখিনি দেখুৱাই নিপুক কিবা এটা কৈ আছিল , দুয়োটাই যেন হাঁহি ৰখাব নোৱাৰি বাগৰিহে পৰিব।

 

              ***********

 

নামনিমুৱা সম্পৰ্ক্ ক্ৰান্তি এক্সপ্ৰেছখন লাহে লাহে প্লেটফৰ্মৰ পৰা আগুৱাই গ’ল। দীঘলীয়া উকিটোৰে ৰেলখনে বিদায় জনালে প্লেটফৰ্মত অপেক্ষাৰত সহস্ৰাধিক আত্মীয়ক। পিচলৈ  সকলোৱে হাত জোকাৰি ঠিয় হৈ ৰ’ল প্ৰিয়জনৰ স্মৃতি মনত সামৰি। লাহে লাহে কোনোবাই চকুপানী মচি আঁতৰি আহিল আৰু আন কোনোবাই দৃষ্টিৰ অগোচৰ হ’বলৈ ধৰা শেষৰ ডবাকেইটালৈকে চাই থাকিল।

তাৰে কোনোবা এটা ডবাৰ ভিতৰত বহি থকা চেমনীয়া এজনৰ বুকুত তেতিয়া আত্মাভিমান আৰু গ্লানিৰ  এখন তয়াময়া যুঁজ চলিছিল। ঘৰৰ সকলোকে এৰি কোনোবা অচিনাকী ঠাই এখনলৈ গুচি যাম বুলি ল’ৰাজনে ডবাটোত জপিয়াই দিছিল। হিতাহিত জ্ঞান হেৰুৱাই এটা ডাঙৰ বিপদৰ মাজত সোমাই পৰিবলৈ ওলোৱা চেমনীয়াজন আন কোনো নহয়, মঞ্জু আৰু গৌৰী মাষ্টৰৰ ডাঙৰ পুতেক পাপু।

কি কৰিবলৈ ওলাইছে আৰু ক’লৈ  যাব সি নাজানে। তাক মুঠতে সকলোৰে পৰা আঁতৰি থাকিবলৈ লাগে।

: পাপু….বজাৰৰ পৰা ইমান গেলা পচা বস্তুবোৰ কিয় আনিছ? পইচা  কি গছত লাগে? বাপেৰাই দিব নেকি পইচা.

: পাপু….চিলিণ্ডাৰটো লৈ অহা নাই কিয়? ভাত কেনেকৈ বনাম?

: পাপু… স্কুলৰপৰা আহোঁতে ইমান দেৰি কিয় হ’ল? ক’তনো সোমাই আছিলি অতপৰলৈ?

: পাপু…. কণমানিটোৱে কান্দিছে। যাচোন পেচাব কৰিলে নেকি চাবিগৈ। কেথাখন  সলাই দিবি দেই বিছনাৰ। কাপোৰ কেইটাও ধুই দিবি।

: পাপু…. কণমানিটোক চেৰেলেকখিনি খুৱাই দেচোন। ঠাণ্ডাই হ’ল কিজানি!

: পাপু…..তই বোলে পাঁচদিনমান স্কুললৈ যোৱা নাই? কিয়? ক’লৈ গৈছিলি তেনেহলে?

: Hei boy…why can’t you answer a single question? ইংৰাজী শিকোৱা নাছিল নেকি স্কুলত? কিমান marks পাইছিলা? ইংৰাজীত ক’লে মোৰ কথাবোৰ বুজি নোপোৱা নেকি?

: hei ‘vernacular medium’…. ইংৰাজী নাজানিলে ইয়াত কিয় এডমিছন লৈছিলা? why don’t you go back to your old Assamese school….হা? 

পাপুৱে কাণদুখন জোৰেৰে চেপি ধৰিলে। এফালৰ পৰা বিভিন্ন দৃশ্যবোৰ চকুৰ আগেৰে চিনেমাৰ ৰীলডালৰ দৰে ঘূৰি আছিল। চকুদুটা মোহাৰি সহজ হ’বলৈ চেষ্টা কৰিলে সি। 

“সি বাৰু ভুল কৰিবলৈ ওলাইছে নেকি…! নাই, ভুল হ’লেও হ’ব। এইবোৰৰ মাজত আৰু নাথাকে। সকলোৰে পৰা আঁতৰি যাব। কিন্তু ক’লৈ…!” 

: ভাইটি? টিকট..! টিকট? 

টিটিজনৰ মাতত তাৰ সম্বিত ঘূৰি আহিল। ছেঃ, টিকট সি লোৱাই নাই। কি কৰিব এতিয়া ?

: ক….ক’লৈ যাব এইখন? মই শেষ ষ্টেচনটোলৈ যাম।

: দিল্লী। তুমি দিল্লী যাবা? অকলে আহিছা? টিকট লোৱা নাই? এহ..!

: দেৰি হৈছিল, সেয়েহে দৌৰি উঠি দিলোঁ। টিকট লোৱা নহ’ল।

: হ’ব কোনো কথা নাই; মই বনাই দিম তোমাৰ টিকট। ৪৭৫ টকা দিয়া।  একেবাৰে পৰহি পুৱাই আমি দিল্লী গৈ পাম। কোনোবা আছে নেকি তাত?

: ওঁ!

পাপুৱে লাহেকৈ মূৰটো দোৱাই মানুহজনৰ কথাত সন্মতি দিয়াৰ দৰে কৰি জেপৰ পৰা খুঁচৰি খুঁচৰি এশটকীয়া নোটকেইখন উলিয়াই হিচাপ কৰি চালে। চাৰিশ পয়সত্তৰ টকা মিলাই মানুহজনৰ হাতত তুলি দি তেওঁৰ পৰা ৰছিদখন লৈ জেপত সুমুৱাই বাহিৰলৈ মন দিয়াৰ দৰে কৰিলে। এনেকুৱা দেখুৱালে যেন সি এইবোৰত সিদ্ধহস্ত, মানুহজনে যাতে কোনো সন্দেহ নকৰে। এবাৰ বেঁকাকৈ তাৰ মুখলৈ চাই টিটিজন আগুৱাই গ’ল। সেই বাৰ্থটোত তেতিয়া তাৰ বাহিৰে আন কোনো নাছিল। 

কটনত পঢ়াৰ বৰ হেঁপাহ আছিল তাৰ। মেট্ৰিকত ভাল নম্বৰ পোৱা পাপুৱে বিজ্ঞান শাখাত চিট পাইও এডমিছন ল’বগৈ নোৱাৰিলে। দেউতাক আৰু মোমায়েকৰ মতে তাত পঢ়িলে হেনো কলেজীয়া হাৱা লাগিব। সেইদিনা সি এডমিছন হলত বহি আছিল৷ নামটো বাৰে বাৰে এনাউঞ্চ কৰা শুনি  নিৰৱে চকুপানী টুকিছিল, উঠি গৈ নামভৰ্তি কৰিবলৈ তাৰ হাতত যে পইচা নাই।

সেইসময়ৰ কটনৰ সমপৰ্যায়ৰে জুনিয়ৰ কলেজ এখনত কটনৰ চাৰিগুণতকৈও অধিক মাচুল ভৰি তাৰ নামভৰ্তি কৰোৱাই দিয়া হ’ল। স্কুলখন তাৰ মুঠেই পচন্দৰ নহয়, লগতে তাৰ ছাত্ৰ-ছাত্ৰীবোৰো। অসমীয়া মাধ্যমৰ পৰা যোৱা ল’ৰা-ছোৱালীখিনিক তাৰ আন ছাত্ৰ-ছাত্ৰী বাদেই আনকি শিক্ষক-শিক্ষয়িত্ৰী সকলেও ককৰ্থনা কৰে। প্ৰতিটো ক্লাছতে ‘ভাৰ্ণীকুলাৰ মিডিয়াম’ বুলি অপমান কৰা হয়। পুৱা ৮:৪৫ বজাৰপৰা আবেলি ৫:৩০ বজালৈ এবাৰ চৌহদত সোমোৱাৰ পিছত ওলাই অহাৰ কোনো ব্যৱস্থা নাই, যাৰ বাবে সি নিজকে কাৰাগাৰৰ বন্দীৰ দৰে ভাবিবলৈ ধৰিলে। 

তেনেকৈয়ে পৰিয়ালৰ প্ৰতি জমা হৈ থকা বিৰূপ ভাৱবোৰে লাহে লাহে বিদ্ৰোহৰ ৰূপ ললে। তাৰ মনৰ ভাৱ – মাক, দেউতাকে তাৰ কথা চিন্তা নকৰিলে। মোমায়েক মামীয়েকেও আজিকালি তাক মৰম নকৰে। তেওঁলোকৰ জীৱনলৈ এটা শিশুৰ আগমনৰ পিছত সি কেৱল আলপৈচান ধৰোঁতা ভৃত্য এজন হৈ পৰিল। পদে পদে অপমান, লাঞ্চনা তাৰ লাহে লাহে অসহ্যকৰ হৈ আহিল আৰু অতি সোনকালেই ঘৰখন এৰি যোৱাৰ পৰিকল্পনাবোৰে মনত শিপাবলৈ ধৰিলে। 

স্কুললৈ ওলাই আহি কেতিয়াবা কোনোবাখন পাৰ্কত আৰু কেতিয়াবা কোনোবাটো চিনেমাহলত কটাই দিয়া কৰিলে সি। সন্ধিয়া ঘৰলৈও দেৰিকৈ সোমায় । মোমায়েকে  কথাবোৰ মন কৰি থাকি এদিন বহুত বেয়াকৈ ক’লে। সেইদিনাই সি সিদ্ধান্ত ল’লে যে পিচদিনা কৰবালৈ গুচি  যাবগৈ; আৰু সেইখন ঘৰত নাথাকে। 

প্ৰথমতে সি ঘৰলৈকে যোৱাৰ কথা ভাবিছিল। কিন্তু দেউতাকে বুজাই বৰাই আকৌ মোমায়েকৰ ওচৰলৈকে লৈ আহিব, সেইটোও সি জানে। সেয়েহে ঘৰলৈ নগৈ মনে মনে আন কোনোবা ঠাইলৈ গুচি যোৱাৰ কথা ঠিক কৰি ৰেলখনত জপিয়াই দিলে। 

: অ’ই ল’ৰা, অলপ সিফালে যাচোন, আমিও বহোঁ ।

কাৰোবাৰ মাতত বাস্তৱলৈ ঘূৰি আহিল সি৷ ৰেলৰ দীঘলীয়া উকিটোৱেও চিন্তাত যতি পেলাইছিল। কথাবোৰ ভাবি থাকোঁতে কেতিয়া অইন মানুহেৰে তাৰ কাষৰ খালী  আসনকেইখন ভৰি পৰিছিল সি গম নাপালে। ইতিমধ্যে ৰেলখনে বঙাইগাঁও ষ্টেচনৰ পৰা ওলাই আগুৱাই গৈ থাকিল…..লক্ষ্য ‘নতুন দিল্লী’।

    ××××××××××××××××

পাপু নোহোৱা হোৱা খবৰটোৱে গোটেইখন হুৱাদুৱা লগালে। সন্ধিয়া মোমাযেক গুৱাহাটীৰ পৰা আহি পোৱাৰ লগে লগে ঘৰখনত কন্দা কটা আৰম্ভ হ’ল। চাৰিওফালে কথাটো মুহূৰ্তৰ ভিতৰতে বিয়পি পৰিল। মোমায়েকক চোতালৰ মাজতে বহুৱাই সকলোৱে জেৰা কৰিবলৈ ধৰিলে। যিয়েই খবৰ কৰিবলৈ আহিছে সকলোকে একেখিনি কথাকে বাৰে বাৰে বুজাই তেওঁ ভাগৰি পৰিছে।

 ইফালে ভিতৰত মঞ্জু অৰ্ধচেতন অৱস্থাত। আমৈয়ে মানুহজনীৰ মূৰত তেল পানী দি শান্ত কৰিবলৈ চেষ্টা কৰিছে। নিপু সৰু যদিও কথাবোৰ বুজে, দেউতাকৰ কাষতে বহি সিও ককায়েকৰ কথাকে ভাবি আছে।

: আজি তিনিদিনৰ পিচত কিয় আহিছ খবৰ দিবলৈ?

: আমি চিন্তা কৰিম বুলিয়েই সি কোৱা নাছিল অ’! আৰু পুলিচেও চৌবিশ ঘণ্টা নোহোৱাকৈ গোচৰ নলয় নহয়। পুলিচে গোচৰ লোৱাৰ পিছত সিহঁতে নিজে বিচাৰি খোচাৰি চাবলৈ সময় লাগিবই।

ভিতৰৰ পৰা মঞ্জু আৰু আমৈৰ কথাবোৰ বাহিৰলৈ শুনা গৈছিল। নিপুক ভিতৰলৈ যাবলৈ কৈ গৌৰী মাষ্টৰে খুলশালীয়েকৰ লগত পৰবৰ্তী পৰ্যায়ত কি কৰা হ’ব তাৰেই আলোচনা কৰিবলৈ ধৰিলে।

: কাইলৈ ময়ো  গুৱাহাটীলৈ যাওঁ। তাৰ লগৰ কোনোবাই কিবা হয়তো জানিব এইবিষয়ে?

: মই পুলিচৰ লগত ইতিমধ্যে তাৰ যিমানবোৰ লগৰীয়াক জানো সকলোৰে ঘৰলৈ গৈছোঁ, ভিনদেউ। কোনেও তাৰ কথা একোৱেই নাজানে। শুনামতে নতুনকৈ তাৰ কোনো বন্ধুৱেই নাছিল, আগৰ স্কুলৰ লগৰবোৰৰ পৰাও আঁতৰি থাকিবলৈ লৈছিল।

: হয় নেকি, পিছে কিয় বা?

: নাজানো । সি স্কুললৈও বহুদিন যোৱা নাই; আমি তাতো খবৰ কৰিছোঁ।

: ক’তনো যাব অ’ ? কাক চিনি পায় সি ? কাৰ লগত আছে? কি খাইছে? বিপদত পৰিছে নেকি? মই কি কৰোঁ এতিয়া? বায়েৰাক কেনেদৰে চম্ভালো…..!

: আগতে নিজকে চম্ভালকচোন ভিনদেউ।

মাষ্টৰে আন্ধাৰতে চকুদুটা মোহাৰি থ’লে । খবৰ ল’বলৈ অহা মানুহবোৰ এজন এজনকৈ আঁতৰি গ’ল। চিনাকি অচিনাকি  সকলোকে হাতযোৰ কৰি বিদায়  জনাই চোতালৰ মাজতে আহি খুলশালীয়েকৰ সৈতে বহিলহি মাষ্টৰ। ঠিক তেনেতে সকলোৰে মাজতে চোতালত একোণত আছুতীয়াকৈ বহি থকা ল’ৰা ছোৱালী এহাল লাহেকৈ আতঁৰি গ’ল৷ মুখত কাপোৰেৰে ঢাকি বহি থকা ল’ৰা ছোৱালীহাললৈ কোনেও মন কৰা নাছিল৷

ভিতৰলৈ কান্দি কাটি ভাগৰতে মঞ্জু শুই পৰিল। আমৈয়ে নিপুক লৈ সকলোৰে বাবে খোৱাৰ দিহা কৰিবলৈ পাকঘৰলৈ সোমাল। বাহিৰত আন্ধাৰৰ লগতে দূৰৈৰ পৰা জিলীৰ  মাতটো তীব্ৰতৰ হৈ আহিবলৈ ধৰিলে। 

                    *****

: এই পোৱালি, ক’লৈ যাবি?

: দিল্লী…

: দ… দিল্লী যাবি….উ ভি অক্লে অক্লে? ঘৰৰ পৰা ভাগি আহিছ?

: কিয়?….কিয় ভাগি আহিম…?

: আৰে বাবা মজ্জাক কৰিছোঁ গো! আচ্ছা …..এক চ টাকা দে না। ঈশ্বৰে তোৰ মঙ্গল কৰিব…

: নাই মোৰ লগত এশ টকা।

: আৰে….এক চ টাকা নাই, আৰ তই দিল্লী যাব আহিচ? ভিক্ষাৰী চাল্লা!

: আপোনালোকে নিজেই ভিক্ষা খুজি ফুৰিছে আৰু মোক ভিক্ষাৰী কৈছে?

: আৰে ….বেটা। তোৰ চোন তামাম জুবান চলে গো…! আচ্ছা, আমি ভি দিল্লী যাব। দিল্লীত আমি বিজনেছ কৰি। পিছে তুই কি কৰিবি? অকলে যাই আছ? সাথ মে কোনো ভী নাই?

: নাই, অকলেই।

: আচ্ছা? দিল্লীত কোন জাগাত যাবি?

: নাজানো । যাম আৰু য’তেই  কাম পাওঁ।

: তই কাম বিচাৰি দিল্লী যাবি, উ ভি ইচকুলেৰ ডেচত?

: মই যিয়েই কাপোৰ নিপিন্ধো, তাতে আপোনাৰ কিবা অসুবিধা?

: একো অচুবিধা নাই, মাত্ৰ ইচকুলেৰ ডেচত কাকোৱেই ভী দিল্লী যোৱা আগতে দেখা নাই তো…. চেইকাৰণেই ভাবিছোঁ, তই পাক্কা ঘৰৰ পৰা ভাগিছ!

পাপুৱে শাৰী পিন্ধি তিৰোতাৰ ভাও লোৱা মতাকেইটালৈ চাই থাকিল। মনতে ভাবিলে ইহঁত সঁচাকৈয়ে হাত তালি বজোৱা কেইটাই নে? মুখতচোন আধা কটা দাঢ়িও আছে। অৱশ্যে ইহঁতক ইমান ওচৰৰ পৰা আগতে কেতিয়াও দেখা নাই সি।

 

    ******

নুনমাটি পুলিচ ষ্টেচনৰ বাহিৰৰ বেঞ্চখনত বহি আছে মাষ্টৰ। চকু দুটা চলচলীয়া। আজি এসপ্তাহ পাৰ হ’ল, পুলিচৰ ওচৰত পুতেকৰ কোনো শুংসুত্ৰ  নাই। পাপুৰ লগৰীয়া সকলৰ ঘৰলৈকো তেওঁ নিজেই গৈছে, কিজানিবা কোনোবাই কিবা তথ্য দিয়েই। ওচৰৰ দোকানখনৰপৰা খুলশালীয়েকে  আনি দিয়া পানীৰ বটলটোৰ পৰা এঢোক ডিঙিত সুমুৱাই ওচৰেৰে পাৰ হৈ যোৱা কনিষ্টবলজনলৈ হাত যোৰ কৰি সহায় ভিক্ষা কৰিছে। চোলাটোৰ কান্ধত কপালৰ ঘামবোৰ মচি লৈ এবাৰ ঠিয় হৈছে আকৌ পিচ মুহূৰ্ততে বহি পৰিছে।

: ঘৰলৈ গৈ বায়েৰাক কি কম? আজি সাতদিন পাৰ হ’ল, ল’ৰাটোৰ কথা একোৱেই গম নাপালোঁ।

: বৰুৱা চাৰলৈ ৰৈ আছোঁ, তেওঁ কিনো পৰামৰ্শ দিয়ে চাওঁ।

: কিনো ক’ব আৰু, এইকেইদিন যি কৈ আছে তাকেই ক’ব। মই ঘৰলৈকে যাওঁ। সিফালে বায়েৰাৰ বা কি অৱস্থা হৈছে।

: এতিয়া বাছ পাব জানো ভিনদেউ?

: নাপালেও নাই, ট্ৰাকে চাকে উঠাই হ’লেও মোক যোৱাৰ ব্যৱস্থা কৰি দিয়া।

: ঠিক আছে, বলকচোন ভুতনাথলৈকে যাওঁ। কিবা বাছ পাবও পাৰোঁ।

 

                  *******

চকুদুটা বহুদেৰিলৈ মেলিব পৰা নাছিল সি। মূৰত প্ৰচণ্ড বিষ। হাতদুখনো পিচফালে বান্ধি থোৱা আছে । চকুমেলি চাৰিওফালে ধূলিৰ বাদে আৰু একোৱেই মণি নাপালে। ক’ত আছে সেইটো বুজা অসম্ভৱ যদিও কিবা এটা গুদামজাতীয় ঘৰ বুলি উমান পালে। ওচৰে পাজৰে কোনো নাই। মাটিত লেপেটা খাই বহি থকাৰ পৰা উঠিবলৈ চেষ্টা কৰি ব্যৰ্থ হ’ল। শৰীৰটো একেবাৰে অৱশ, যেন কোনোবাই গোটেইবোৰ হাড় ভাঙি থৈছে। হাতত বান্ধি থোৱা ঠাই ডোখৰ চেক চেকাই আছে, সেইখিনিৰে তেজ ওলাইছে। প্ৰচণ্ড ভোকত তাৰ চিঞৰিবলৈ মন গ’ল। কিন্তু মাতটো নোলাল। বহু কষ্ট কৰিও চিঞৰিব নোৱাৰাত হে বুজি পালে তাৰ মুখখনত এটা ডাঙৰ টেপ লগাই থোৱা আছে। 

মাকলৈ বৰকৈ মনত পৰিল তাৰ। দেউতাকৰ মুখখনো চকুৰ আগত ভাঁহি আহিল। অনুতপ্ত মনটোৱে বাৰে বাৰে ভায়েকৰ কথা সোঁৱৰাই দিলে আৰু সি হুকহুকাই কান্দি উঠিল। চকুপানীবোৰ গালেৰে বৈ ডিঙিলৈ নামি আহিছিল কিন্তু তাৰ কান্দোনৰ শব্দবোৰ ডিঙিৰ ভিতৰতে হেৰাই থাকিল।

                ××××××××××× 

 

নুনমাটি থানাৰ অচি দীপক বৰুৱাৰ সৈতে মাষ্টৰ, খুলশালীয়েক আৰু গাঁৱৰ দুজন ডেকা বহি আছে। সকলোৰে মনত শংকা। অচি চাৰে মাতি পঠিয়াইছিল কালিয়েই, কিবা হেনো সম্ভেদ পাইছে। ৰাতিপুৱাৰ বাছখনত মুৰালী, দণ্ড আৰু আন এজন ল’ৰাৰ সৈতে মাষ্টৰ আহি গুৱাহাটী ওলাইছে। ইফালৰ পৰা মোমায়েকো আহিছে। পিচে থানালৈ আহি অচিয়ে সকলোকে মতাৰ কাৰণটো জানিবলৈ পাই আটাইৰে মুখৰ মাত হৰিল। পুলিচে হেনো ৰেল লাইনৰ কাষতে ১৫ / ১৬ বছৰীয়া ল’ৰা এজনৰ মৃতদেহ এটা পাইছে।

: মাষ্টৰ বাবু, বডিটো চাই লওঁক এবাৰ।

অচি বৰুৱাৰ কথাত অসহায় ভাৱে মাষ্টৰে সকলোৰে মুখলৈ চাই থানাখনৰ একোণত বগা কাপোৰেৰে ঢাকি থোৱা মৃতদেহটোলৈ চাওঁ নাচাওঁকৈ চকু দিলে। বহাৰ পৰা উঠিবলৈ তেওঁ হাত ভৰিবোৰ লৰাব পৰা নাছিল। পৃথিৱীৰ সকলো বস্তুৱেই যেন কঁপি উঠিছে। থৰক বৰক কৰি থকা মাষ্টৰক মুৰালীয়ে ধৰি উঠাবলৈ চেষ্টা কৰে মানে অচিজনৰ আগ্ৰহত পাপুহঁতৰ মোমায়েক আগুৱাই গ’ল। ভয়ে ভয়ে বগা কাপোৰখন এফালৰপৰা অকণমান আঁতৰাই তেওঁ ভিনদেৱেকলৈ চালে আৰু পিছমুহূৰ্ততে কাপোৰখন পুনৰাই ঢাকি মৃতদেহটোৰ ওচৰৰপৰা লাহেকৈ আঁতৰি আহিল।

: যাওঁগৈ বলক, সি নহয়।

: ককাইদেউ, মই কৈছিলোঁ নহয়। এইজন আন কোনোবা। – মুৰালীৰ মনটো অলপ হ’লেও ফৰকাল হৈছিল।

মাষ্টৰে চকুদুটা মুদি ঈশ্বৰক ধন্যবাদ জনালে। অচি চাৰৰপৰা বিদায় লৈ আটায়ে বাহিৰলৈ ওলাই আহিল। মৃত শৰীৰটো পাপুৰ নহয় বুলি জানি মাষ্টৰে যিমান আনন্দ পাইছিল সিমানেই মনত আন এটা শোকেও খুন্দিয়াই আছিল।

: কোনবা ল’ৰাজন! আমাৰ তাৰ সম বয়সীয়া হ’ব হেনো! পৰিয়ালৰ মানুহে বা খবৰ পাইছেনে নাই!

মুৰালীহঁতে তেওঁক থানাৰপৰা আঁতৰাই লৈ আহিল। পুনৰ কিবা খবৰ পালে অচিজনে মাতি পঠিয়াব বুলি কোৱা কথাষাৰ মাষ্টৰৰ কাণত বাৰে বাৰে বাজি থাকিল।

: তাৰমানে এওঁলোকে অকল মৃতদেহ পালেহে আমাক খবৰ কৰিব, এনেই তাক নিবিচাৰে?

: ককাইদেউ, ঘৰলৈ যাওঁ ব’লা।

                      *****

ৰুটি দুখন খোৱাৰ পিছত সিহঁতে পাপুৰ মুখত আকৌ টেপ লগাই দিলে। হাতদুখনো বান্ধি পেলোৱা হ’ল। তাৰপিছত তাক ঠেলি গতিয়াই এটা সৰু কোঠালিত সুমুৱাই  দিলে। পাপু আঁঠুকাঢ়ি বহি পৰিল। কোঠাটোৰ ভিতৰত আগৰে পৰাই আন কেইজনমান ল’ৰাও আছিল, সকলোৰে মুখত টেপ লগোৱা আৰু হাতবোৰ পিচলৈ বন্ধা। আটাইৰে বয়স ১৫ ৰ পৰা ২০ ৰ ভিতৰত। সকলোৰে চকুত ভয়। কাৰো মুখত শব্দ এটাও নাই। অলপ আগতে সিহঁতৰ মাজৰ এজনক টানি উলিয়াই নিয়াৰ পিছত এতিয়ালৈকে সেইজন ঘূৰি অহা নাই। তাতে নতুনকৈ আৰু এজন কোঠাটোলৈ সোমাই অহা দেখি সকলোৱে ভয়তে বেৰত চেপেটা লাগি বহি পৰিল। তেনেদৰে সিহঁতৰ মাজত কিছুসময় আঁঠুকাঢ়ি বহি থাকি পাপুৰ মূৰটো বেয়া লাগিবলৈ ধৰিলে আৰু কিছুসময় পিছত মজিয়াত সি শুই পৰিল।

কিমান দেৰিলৈ শুইছিল নাজানে। চকু মেলি বাহিৰলৈ চাওঁতে অকণমান পোহৰৰ আভাস পোৱাত সি উঠি বহিল। কাৰোবাৰ মাত শুনি বেৰত কাণখন লগাই সিহঁতৰ কথাবোৰ শুনিবলৈ চেষ্টা কৰিলে। কোঠাটোৰ বাকীবোৰ ল’ৰা তেতিয়াও গভীৰ টোপনিত।

: এইৰকম আৰ কতদিন ৰাখবো বাচ্ছাগিলা?

: ওপ্ৰৰ পাৰা অৰ্ডাৰ নাহা থেকে ইহঁতক দেখভাল কৰতে হবে গো।

: কাল একটাকে চালান দিয়া হয়ে গেছে…

: মালটো জল্দি পালেই হ’ল, অচমত পুলিচে গম পাৱাৰ আগতেই সবকেইটা বাচ্ছাকে চালান দিতে হবে।

: এই চল ৰে…. শাৰীটা বাঁধ আৰ বাইৰে ব’ল। ইয়াত থাকলে আমাৰ দমটা ঘুটি যাই গো।

: হায় ৰে! হয় না কি? …..চল বেটী চল।

পাপুৰ কিবা এটা সন্দেহ হ’ল। এই মাতকেইটা যেন সি আগতেও ক’ৰবাত শুনিছে। হয়! সি ঠিকেই ভাবিছে। ট্ৰেইনত শুনিছে। সেই কিন্নৰ কেইটাৰ মাত। তাৰমানে সিহঁতেই তাক এনেদৰে বান্ধি থৈছে নেকি? কিন্তু কিয় আৰু কোন ঠাই এয়া? দিল্লী নে আন কিবা? সি মনত পেলাবলৈ চেষ্টা কৰিলে কিন্নৰ কেইজনৰ লগত একেলগে ট্ৰেইনত কটোৱা সময়খিনি। কেইজন আছিল জানো…….! হয়…..তিনিজনেই হ’ব। কিন্তু আৰু বেছিও থাকিব পাৰে। তিনিজন আহি তাৰ বাৰ্থটোত বহা তাৰ স্পষ্টকৈ মনত আছে। সেইদিনা ৰাতি নিউ জলপাইগুড়ী ষ্টেচন পাৰ হোৱা পৰ্যন্ত মনত আছিল৷ প্লেটফৰ্মৰ পৰা কিন্নৰ কেইজনৰ সৈতে সিও নামি গৈ ভাত কিনি খাইছিল। কিন্তু তাৰপিছত তাৰ একো মনত নাই। ভাত কিনিবলৈ নামি যাওঁতে কোনোবাই মনে মনে তাৰ পানীৰ বটলটোত মিহলাই দিয়া ঔষধপালিলৈ সি মন নকৰিলে৷ 

লাহেকৈ উঠি পাপুৱে বাকী ল’ৰাকেইজনক জগাবলৈ চেষ্টা কৰিলে। হাতদুখন পিচফালে বান্ধি থোৱা বাবে যথেষ্ট কষ্ট হৈছিল। তথাপিও সি উলটি বাগৰি বিভিন্ন চেষ্টা কৰি এজনক জগাবলৈ সক্ষম হ’ল আৰু চকুৰ ইঙ্গিতেৰে সিহঁত দুয়ো কথা পাতিবলৈ ধৰিলে। কিছুদেৰি পিচত দুয়ো মুখেৰে কামুৰি ইজনে সিজনৰ হাতৰ বান্ধকেইটা খুলিবলৈ ধৰিলে।

 

                        ****

নিপুক চোতালতে পাটি এখন পাৰি আমৈয়ে বহুৱাই লৈছে। এইকেইদিন তেওঁ মঞ্জুহঁতৰ ঘৰতেই আছে। ভিতৰত বহুত গৰম। চোতালত মহৰ জাকে আমনি কৰে যদিও এজাক ফিৰফিৰীয়া বতাহ বলি থকা বাবে এইখিনি সময়ত বহি ভাল লাগে। মঞ্জুৱে গোহালীত ধোৱা কৰি দিছে। মাকৰ গাখীৰ খোৱাত ব্যস্ত পোৱালীটোৰ পিঠিখন চেলেকি চেলেকি গাইজনীয়ে ধূলিবোৰ আঁতৰাবলৈ চেষ্টা কৰিছে আৰু সি আমেজতে নেজদাল জোকাৰি মাকৰ মৰমৰ সঁহাৰি দি গৈছে। অলপ পিছতেই তাৰ খোৱা হ’লে চোতাললৈ আহি নিপুৰ সৈতে খেলিব। 

জন্মৰ পিচত কেইদিনমান দামুৰীটোক  ৰাতিটো মাকৰ পৰা বেলেগে ৰাখিছিল, পুৱাই অলপ গাখীৰ উলিয়াবলৈ বুলি। নহলে যে ৰাতিয়েই সি মাকৰ গাখীৰ গোটেইখিনি শেষ কৰি পেলায়। কিন্তু যোৱা কেইদিনমানৰ পৰা মঞ্জুৱে পোৱালিটো নাবান্ধে, মাকৰ লগত খোলাকেই থাকে ওৰে ৰাতি। তথাপিও পুৱালৈ তাই অকণমান হ’লেও গাখীৰ দিবলৈ এৰা নাই। কথাটো নিপুৱেই কৈছিল – পোৱালিটোকনো কিয় মাকৰ পৰা আঁতৰাই ৰাখিব লাগে? তেনেকুৱা কৰিলে সি দাদাৰ নিচিনাকৈ মাকক বেয়া পোৱা নহ’বনে? 

মঞ্জুৰ গাটো শিয়ৰি উঠিল, গালিও দিলে তাক৷ এইবোৰ কথা কোনে কৈছে পেৰি পেৰি সুধিলে। ককায়েকক সৰুতে কিয়নো নিজৰ পৰা আঁতৰাই ৰাখিবলগীয়া হৈছিল সেয়াও নিপুক বুজাবলৈ চেষ্টা কৰিলে। দেউতাকে চাকৰিটোৰ বাবদ যে প্ৰয়োজনীয় দৰমহাকেইটাও নাপায় আৰু তাৰ বাবে পৰিয়ালটোৱে কিমান কষ্ট কৰিবলগীয়া হয় সেই কথাখিনি কওঁতে মঞ্জু ভাঙি পৰিল। তেওঁ নিপুক বুজাবলৈ চেষ্টা কৰিলে কেনেদৰে দেউতাকে বজাৰৰ পৰা কম দামত পোৱা পুৰণি বাতৰি কাকত কিনি আনে আৰু ৰাতি দুয়ো মিলি সেইবোৰৰ পৰা গেলামাল দোকানত বস্তু ভৰোৱা কাগজৰ ঠোঙা বনাই দোকানে দোকানে বিক্ৰী কৰে। যিহেতু মাষ্টৰে দৰমহাৰ নামত নামমাত্ৰ কিবা এটাহে পায় ,তেনেদৰেই তেওঁলোকে দুপইচা উপাৰ্জনৰ পথ উলিয়াই লয়। ইফালে মাষ্টৰৰ দৈনিক দৰব পাতিৰ খৰচো যথেষ্ট, তাতে ঘৰত দুটাকৈ শিশু। বহু কথা ভাবি তেওঁলোকে পাপুক মোমায়েকৰ  ওচৰলৈ পঠিয়াই দিছিল যাতে সি কষ্ট নাপায় আৰু পঢ়া-শুনা ভালদৰে কৰিবগৈ পাৰে। নিপু বেছি সৰু হৈ থকা বাবে তাক বুকুৰ মাজত সুমুৱাই ৰাখি পাপুক আতঁৰাই পঠিয়াইছিল যদিও মাষ্টৰ আৰু মঞ্জুৱে এটা মুহূৰ্ত্তৰ বাবেও তাক মনৰ আঁতৰ কৰা নাই। 

নিপুৱে মাকৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰে যদিও ককায়েকক সুঁৱৰি মনটোৱে উচপিচাই  থাকে।

পাপুৱে কথাবোৰ বিপৰীতে লৈ মাক দেউতাকৰ প্ৰতি মনতে এটা ক্ষোভ পালিবলৈ ধৰিছিল যাৰ বাবে কাকো খবৰ নকৰাকৈ ঘৰ এৰি কোনোবা অজান ঠাইলৈ গুচি যাবলৈকো সি কুণ্ঠাবোধ নকৰিলে আৰু আজি বিপদৰ গৰাহত এনেদৰে সোমাই পৰিল যে ওলাবলৈ কোনো বাট নাই।

  

                             *********

 

আকাশত ক’লা মেঘবোৰে ঘনাই ইফাল সিফাল কৰিছে। চিপচিপিয়া বৰষুণজাকো নেৰাই হ’ল। মঞ্জুৰ মনত চিন্তা; মানুহটোৱে আবেলিপৰতেই গৰুহাল বিচাৰি ওলাই যোৱা, এতিয়াও উভতি অহা নাই। ইফালে গৰুদুটা আহি কেতিয়াবাই গোহালিত সোমালহি। লেম্প চাকিকেইটা জ্বলাই মঞ্জুৱে গোহালিত গাইজনীৰ সম্মুখত ধোৱা কৰি দিলে। মনটো উচপিচাই আছে – মাষ্টৰ কিয় ঘৰলৈ অহা নাই! গোহালিৰ বিপৰীতে থকা মূল ঘৰটোৰ বাৰান্দাখনত দামুৰী পোৱালিটো নিপুৰ ওচৰত বহি আছে। নিপুৱে ডিঙিটো চুই দিলে তাৰ বিৰাট আৰাম। তেনেকৈয়ে দুয়োটা খেলত ব্যস্ত।

আমৈ নাই, গাটো বেয়া হোৱা বাবে দুদিনমান অহা নাই। নহ’লে এইখিনি সময়ত তেওঁ সদায় চোতালত বহি থাকেহি। মানুহজনী থাকিলে মঞ্জুৱেও অলপ সাহস পায়।

মাষ্টৰ স্কুললৈ নোযোৱা কেইদিনমান হ’ল। আজিকালি আমন জিমনকৈ বাৰীৰ পিচফালে অকলে বহি থাকে। বৰ বেছি কথাও নকয়। পাপু নোহোৱা হোৱাৰ পৰাই তেওঁৰ স্বভাৱটো সলনি হৈছে। তাক বিচাৰি প্ৰায় সদায় গুৱাহাটীলৈ অহা-যোৱা কৰিও তেওঁ ভাগৰি পৰিছে। শৰীৰৰ দুৰ্বলতা আঁতৰাই নাছিল, তাতে আকৌ পুতেকৰ শোকে মানুহজনক ভাঙি পেলাইছে। 

: এয়া আকাশবাণী। সন্ধিয়াৰ বাতৰি পঢ়িছোঁ, নিবিড় কাকতিয়ে। আজিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে – ৰাজ্যত হঠাতে বৃদ্ধি হোৱা বিভিন্ন অপৰাধজনিত কাৰ্যকলাপৰ ওপৰত ৰেখাপাত, মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান আৰু বাহিৰৰ পৰা আমদানি হোৱা মৎস্যজাতীয় সামগ্ৰীৰ বৰ্দ্ধিত মূল্যৰ ওপৰত এটি আলোচনা। এতিয়া বিতং বাতৰি ৷ ৰাজ্যত হঠাতে বৃদ্ধি হোৱা হত্যা, লুণ্ঠন, অপহৰণৰ বাতৰিয়ে স্বাভাবিকতে সকলোৰে মনত উদ্বেগৰ  সৃষ্টি কৰিছে। নৱ নিৰ্বাচিত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘটনাৰ তদন্ত অধিক ক্ষীপ্ৰতৰ কৰিবলৈ ৰাজ্যৰ আৰক্ষীলৈ নিৰ্দেশনা জাৰি কৰিছে। যোৱা তিনিদিনৰ ভিতৰত ৰাজ্যৰ বিভিন্ন স্থানত উদ্ধাৰ হোৱা মৃতদেহ কেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত আৰক্ষীৰ ভাষ্য মতে এয়া কোনোবা এটা মানৱ অংগ সৰবৰাহকাৰী সংগঠনৰ কাম হ’ব। বিষয়টো সন্দৰ্ভত পুলিচে তদন্ত………

: মঞ্জু…. মঞ্জু…..আহাচোন এইফালে।

: কিনো হ’ল, ক’ত আছিলেগৈ ইমান ৰাতিলৈ? আহক, ইয়াতে গোহালিত আছোঁ।

: এই নৈৰ পাৰতে পিছলি পৰিলোঁ ৰ’বা। আ….হ!

: ইয়ে হৰি, একেবাৰে দেখোন খোজেই দিব পৰা নাই?

: নৈৰ পাৰত কেইজনমান ডেকা ল’ৰাৰ লগতে অলপ সময় কথা পাতি থাকিলোঁ। সিহঁতে উঠাই নিদিলে আজি মথাউৰিৰ তলতেই পৰি থাকিলোহেঁতেন।

: ইস ৰাম….কোননো আছিল তেওঁলোক?

: নাজানো….! আন্ধাৰৰ মাজত মুখবোৰ ভালদৰে ধৰিবলৈ অসুবিধা হ’ল, কিন্তু আমাৰ গাঁৱৰ নহয় বুলি খাতাং।

: অলপ জুইতে কঁকালটো সেকি দিওঁ আহক।

: সিহঁতে আমাৰ ইয়াৰ কথাও কৈছিলে হে। সি হেনো…..

মাষ্টৰে পাপুৰ বিষয়ে নৈৰ পাৰত লগ পোৱা মানুহকেইজনৰ সৈতে হোৱা কথা বতৰাবোৰ মঞ্জুৰ আগত ক’বলৈ ধৰিলে। সিফালে বাৰান্দাত নিপু দামুৰী পোৱালিটোৰ সৈতে তেতিয়াও খেলাত ব্যস্ত। গোহালিৰ ধোৱাখিনি লাহে লাহে কমি অহাত গাইজনীও মাষ্টৰ আৰু মঞ্জুৰ কাষতে বাগৰি ল’লে। মাষ্টৰে কথাৰ মাজতে তাইৰ পিঠিখনত হাত ফুৰাই থাকিল আৰু মঞ্জুৱে কাপোৰ এখন জুইত গৰম কৰি মাষ্টৰৰ পিঠিত সেক দিবলৈ ধৰিলে।

 

                  *****

 

দুজন ল’ৰা ৰাস্তাৰ মাজেৰে দৌৰি গৈছে। সিহঁতৰ পিছে পিছে এখন জীপত চাৰিজন লোক। দুয়ো প্ৰাণপণে দৌৰাৰ মাজতে উজুতি খাই এজন চিটিকি পৰিল৷ পিচ মুহূৰ্ততে আকৌ উঠি দৌৰিবলৈ ধৰিলে। ৰাস্তাৰ সকলোৱে দৃশ্যটো প্ৰত্যক্ষ কৰি আছে যদিও কোনেও ধৰিব পৰা নাই প্ৰকৃততে কি হৈছে। এবাৰত দুয়োটা গুমটি এখনৰ পিচফালে লুকাই পৰিল। জীপখনে সিহঁতক নেদেখি কিছুদূৰলৈ আগুৱাই গ’ল। সুবিধা পাই ল’ৰা এজন ততাতৈয়াকৈ তাৰপৰা উঠি কিছু পিছুৱাই আহি এছ. টি. ডি. বুথ এটাৰ ভিতৰলৈ সোমাল। কঁপা হাতখনেৰে বাকচটোত কইন এটা ভৰাই এটা নম্বৰ ডায়েল কৰিলে। বাহিৰত ৰৈ আনজন ল’ৰাই পহৰা দিয়াৰ দৰে ইফালে সিফালে চাই থাকিল। 

কেইজনমান মানুহ সেইফালে আগুৱাই আহিছিল। বুথটোৰ বাহিৰত থিয় হৈ থকা ল’ৰা জনে আইনাৰ বেৰখনত টুকুৰিয়াই সিজনক ক্ষিপ্ৰতাৰে কামটো কৰিবলৈ ইংগিত দিবলৈ ধৰিলে। ঠিক তেনেতে হঠাতে ক’ৰবাৰ পৰা জীপখন পুনৰ তাতে আহি উপস্থিত হ’ল আৰু ফোন বুথটোৰ ফালে বেগেৰে আগুৱাই গ’ল।

কা….ৰা….ছ্!!

এটা বিকৎ শব্দ কৰি এছ. টি. ডি. বুথটো চূৰ্ণ বিচূৰ্ণ হৈ গ’ল। ভিতৰৰ ল’ৰাজন তেজেৰে ৰাঙলী হৈ ৰাস্তাৰ মাজতে পৰি গ’ল। ভৰি এখন বেয়াকৈ জখম হৈছিল। চেষ্টা কৰিও সি উঠিব নোৱাৰিলে। আইনাৰ টুকুৰাবোৰৰ মাজত পৰি থকাৰ পৰা সহায়ৰ আশাত সি ইফালে সিফালে চালে। কিন্তু….কোনো আগুৱাই নাহিল। ইফালে জীপখনে এটা ভীষণ গোজৰণি মাৰি পুনৰ তাৰফালে চোঁচা ল’লে। যিকোনো মুহূৰ্ততে হয়তো তাৰ শৰীৰটো জীপখনৰ তলত সোমাবহি। 

তেনেতে ঘটিল ঘটনাটো। নাটকীয় ভাৱে জীপখনে ল’ৰাজন পৰি থকাৰ দিশে যোৱাৰ পৰিবৰ্তে আন এফালে প্ৰচণ্ড গতিৰে আগবাঢ়ি গ’ল আৰু পথৰ কাষতে থকা বিজুলীৰ খুটা এটাত খুন্দিয়াই দিলে। খুটাটো বেঁকা হৈ ওপৰৰ তাঁৰবোৰ চিঙি আহি ইঞ্জিনৰ ওপৰতে পৰিল। কেইমিনিটমানৰ ভিতৰতে জীপখন দাউ দাউকৈ জ্বলি উঠিল।

ঘটনাৰ আকস্মিকতাত কোনেও টলকিবই নোৱাৰিলে কেনেকৈ কি হ’ল। মাত্ৰ জুইয়ে আৱৰি ধৰা জীপখনৰ পৰা তিনিজন মানুহ তললৈ পৰি যোৱা সকলোৱে দেখিবলৈ পালে। তাৰে দুগৰাকী শাৰী পিন্ধি থকা অৱস্থাত কিছুদূৰ ঢলং পলংকৈ আগবাঢ়ি আহি ৰাস্তাৰ মাজতে পৰি গ’ল। তৃতীয়জনে কাষৰ দোকান এখনৰ পৰা এবাল্টি পানী আনি জীপখনৰ ওপৰলৈ দলিয়াবলৈ ধৰিলে। ধোৱাৰ মাজৰ পৰা টানি উলিয়াই ড্ৰাইভাৰৰ চিটত বহি থকা যুৱকজনৰ শৰীৰটো আনি মাটিত থ’লে আৰু নিজেও কাষতে বাগৰি পৰিল। 

ড্ৰাইভাৰজনৰ কপালৰ এটা অংশ থেঁতেলি গৈছিল। সেইফালেৰে লাওখোলাৰ একাংশ ওলাই আহি মাটিত পৰি গ’ল। কপালৰ ঠিক মাজতে সোমাই যোৱা গুলীৰ  দাগটো তেতিয়া স্পষ্ট হৈ পৰিছিল।

ইফালে ভৰিত আঘাত পাই তেজেৰে লুতুৰিপুতুৰি হৈ থকা ল’ৰাজনক হাতত ধৰি আনজনে উঠাই দিলে। সি ভৰিখন পাতিব পৰা নাছিল, আনজন ল’ৰাৰ কান্ধত ভৰ দি ভৰিখন চোঁচৰাই দুয়ো তাৰপৰা আঁতৰি যাবলৈ ওলাই মানে পুলিচে গোটেই ঠাইখন ঘেৰি ধৰিলেহি। মাটিত পৰি থকা চাৰিওটা শৰীৰৰ ওচৰলৈ দুয়ো চুঁচৰি চুঁচৰি  আহি খং আৰু ঘৃণাত নাক কোঁচাই লথিয়াবলৈ ধৰিলে। দুয়ো যেন লথিয়াই  সিহঁতৰ প্ৰাণ উলিয়াই দিব। 

ইতিমধ্যে পুলিচ আহি উপস্থিত হৈছিল। তেওঁলোকে মাইকত এনাউন্স  কৰিলে৷ দুয়োকে হাতদুখন ওপৰলৈ কৰি ঠিয় হৈ থাকিবলৈ নিৰ্দেশ দিয়া হ’ল। দুয়ো এবাৰ ইজনে সিজনলৈ আৰু এবাৰ মানুহৰ জুমটোৰ মাজত মুখ কাপোৰেৰে ঢাকি থিয় হৈ থকা ল’ৰা ছোৱালীহাললৈ অসহায় ভাৱে চাবলৈ ধৰিলে।

ঠিক তেতিয়াই কাষতে পৰি থকা জীপখনৰ ইঞ্জিনটো এটা বিকৎ শব্দ কৰি বিস্ফোৰিত হৈ গ’ল। মানুহবোৰ চাৰিওফালে ছেদেলি-ভেদেলি হৈ পৰিল। সকলোৱে প্ৰাণৰ ভয়ত তাৰপৰা যেনিয়ে-তেনিয়ে পলাবলৈ ধৰিলে। পুলিচে কিংকৰ্তব্যবিমূঢ় হৈ মানুহবোৰক দৌৰা ধপৰা নকৰিবলৈ অনুৰোধ কৰিবহে পাৰিলে, মানুহৰ চিঞৰ বাখৰত পুলিচৰ সৰু মাইকটোৰ শব্দলৈ কোনেও কাণষাৰ দিয়া নাছিল।

দৌৰা দৌৰিৰ মাজতে দুয়োজন ল’ৰাও তাৰপৰা অন্তৰ্ধান হ’ল। এহাল ল’ৰা-ছোৱালীয়ে দুয়োকে কাপোৰ একোখনেৰে ঢাকি সন্তৰ্পণে আঁতৰাই লৈ যোৱা কোনেও মন নকৰিলে।

                          ×××××××

গোৱালপাৰা।

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান তৃতীয়খন দলঙৰ নিকটৱৰ্তী অঞ্চলৰ এখন সৰু গাঁও। ইয়াতেই ৰখা হৈছে পাপুহঁতক। তাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ আৰু সাতজন ল’ৰা। যিখন ঘৰত সিহঁত আছে, তাতে বুঢ়া-বুঢ়ী এহাল আৰু তেওঁলোকৰ বিধৱা জীয়েক এগৰাকীৰ বাহিৰে আন কোনো নাই। প্ৰায় এমাহ বন্দী হৈ থকাৰ পিচত আজি সিহঁতে মুকলি আকাশৰ তললৈ ওলাইছে। ঘৰখনত থৈ যোৱা দাদা-বাইদেউ দুজনে কৈছে যে আজি  বা কাইলৈৰ ভিতৰত সিহঁত আটাইকেইজনকে ঘৰলৈ পঠিওৱা হ’ব। পুলিচৰ লগত সকলো আলোচনা হৈছে আৰু গুৱাহাটীৰ পৰা পুলিচৰ এটা দল ইতিমধ্যে গোৱালপাৰা অভিমুখে ৰাওনা হৈছে।

: দলংখনৰ নাম কি বাইদেউ?

: এইখনৰ নাম ’নৰনাৰায়ণ সেতু’ হ’ব। এতিয়া ৰেলৰ লাইনটোৰ কাম চলি আছে। সেইখিনি সম্পূৰ্ণ হ’লেই ওপৰৰ মূল পথটো বনাব আৰু দুবছৰ মানৰ ভিতৰতে এইখন সম্পূৰ্ণ হৈ উঠিব লাগে।

: বাইদেউ, এইখনেৰে কিমান দূৰলৈকে যাব পাৰি?

: সৌৱা যে কাম কৰি আছে তাৰ অলপ আগলৈ।

বিধৱা মানুহজনীয়ে পাপুহঁতক আবেলিপৰত দলঙৰ কাম চলি থকা দেখুৱাবলৈ নিওঁতে সিহঁতে বেচ ফূৰ্ত্তি পালে। ব্ৰহ্মপুত্ৰৰ পাৰত বহি অন্যমনস্ক হৈ থকা পাপুক মানুহজনীয়ে সুধিছিল কেনেকৈ সিহঁতৰ এই অৱস্থা হ’লগৈ। সিও মানুহজনীৰ ওচৰত কিবা এটা আপোনত্ব বিচাৰি পালে। সোঁভৰিখনত বেয়াকৈ আঘাত হোৱা বাবে তেওঁ হাতত ধৰি লাহে লাহে লৈ গৈছিল পাপুক।

গুৱাহাটীৰ পৰা ৰেলেৰে আহি নিউ জলপাইগুৰি ষ্টেচনত ভাত কিনি খোৱাৰপৰা কূটাঘাটকাৰী দলটোৰ কবলত পৰা আৰু তাতেই কেনেদৰে এই সাতজন ল’ৰাক লগ পালে সকলো এফালৰপৰা বৰ্ণনা কৰি গ’ল পাপুৱে। সিহঁতৰ লগৰ আন কেইজনমান এতিয়াও নিৰুদ্দেশ হৈ আছে আৰু উদ্ধাৰকাৰী দলটোৰ মতে হয়তো ইতিমধ্যে সিহঁতক হত্যা কৰা হৈছে।

: তেওঁলোক কোন জানানে?

: কাৰ কথা কৈছে?

: যিসকলে তোমালোকক বিচাৰি উলিয়ালে?

: নাজানো। মুখকেইখন ঢাকি আছিল দুয়ো।

: হ…হ….ম্।

 

*****

মহাজনৰ ঘৰত টেলিফোনটো লোৱা ভালেকেইদিনেই হ’ল। গাঁৱৰ দুই এজনে চহৰত কাৰোবাৰ সৈতে কথা হ’বলগীয়া থাকিলে মহাজনৰ ফোনটোৱেই ব্যৱহাৰ কৰে। তাৰ বিনিময়ত তেওঁক দিবলগীয়া হয় পাচ টকাকৈ। প্ৰতিমিনিটৰ ব্যৱধানত এই মূল্য ক্ৰমান্বয়ে বৃদ্ধি হয়। গাঁৱৰ ডেকা, ল’ৰা, বুঢ়া সকলোৱে মহাজনক চকুপাৰি দেখিব নোৱাৰে। সকলোৱে তেওঁক ‘ঢেঁকী’ বুলি জোকায়। নামটো কেনেকৈ কিয় কোনে দিলে সেইটো পিচে আজিও সাঁথৰ। ফোনটো বাজিলেই মহাজনে আগফালৰ কোঠাটোলৈ দৌৰি যায়। নুঠাওঁ বুলি ভাবিও কিবা জৰুৰী বাৰ্তাৰ আশাত তেওঁ ফোনটো উঠায়। সিটো মূৰৰ পৰা ‘এইটো ঢেঁকী নে?’ বুলি কৰা তাচ্ছিল্যসূচক বাৰ্তাবোৰলৈ আজিকালি তেওঁ ভ্ৰূক্ষেপ নকৰে। কোনোবাই তেনেকৈ ক’লেও ‘নহয়’ বুলি ফোনটো লাহেকৈ নমাই থয়।

কিন্তু আজি ৰাতিপুৱাই যিটো খবৰ পালে, তেওঁৰ মনটো আনন্দত সাতখন আঠখন। একে জাপে মানুহজনে ঘৰৰ পিচফালৰ পৰা চাইকেলখন উলিয়াই মাষ্টৰৰ পদূলি পালেগৈ।

: ল’ৰাটোৰ খবৰ পালে ঔ গৌৰী। সি ভালেই আছে। দুই এদিনতে হেনো ঘৰ পাবহি। আইজনী ক’ত? খবৰটো দেগৈ যা, তাইৰ মুখলৈ এটোপাল পানী আহিব।

 : ধন্যবাদ মহাজন ককাইদেউ। খবৰটো ৰাতিয়েই পালোঁ, মই গুৱাহাটীলৈকে যাবলৈ ওলাইছোঁ। তাক আজিয়েই লৈ আহিম।

 : বেচ। বঢ়িয়া কথা। ঈশ্বৰে মূৰ তুলি যে চালে তহঁতলৈ। নামঘৰত শৰাই এখন দিয়াৰ ব্যৱস্থা কৰিবি। ল’ৰাটো আহিলে চাবলৈ আহিম দে, মই এতিয়া যাওঁ। 

: বাৰু ককাইদেউ। ৰাতিপুৱাই অহাৰ কাৰণে তোমাক অশেষ ধন্যবাদ।

: হ’ব দে। আজিহে মনটো অলপ পাতল হ’ল, বুজিছ।

*****

নুনমাটি থানাৰ ভিতৰত এটা উৎসৱমূখৰ পৰিবেশ। আঠজনকৈ নিৰূদ্দিষ্ট কিশোৰক গোৱালপাৰাৰ পৰা লৈ অনা হৈছে। আটাইকেইজন সুস্থ সবল অৱস্থাত। তাৰ মাজতে পাপুও আছে। তাৰ ভৰি এখন অলপ জখম হৈছে যদিও চিন্তাৰ বিশেষ কাৰণ নাই বুলি ইতিমধ্যে ডাক্তৰে লিখি দিছে। সকলোকে ঘৰে ঘৰে পঠিওৱাৰ বাবে প্ৰয়োজনীয় কাম-কাজখিনি সম্পূৰ্ণ কৰাত ব্যস্ত থানাখনৰ সকলোখিনি কৰ্মচাৰী।

অচি দীপক বৰুৱাই সাংবাদিক সকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াত ব্যস্ত। কাষতে পাপুক বহুৱাই লৈ তেওঁ এফালৰপৰা সকলোকে উদ্দেশ্য কৰি কৈ গৈছে –

: ৰঙিয়াৰ পৰা এটা কূটাঘাটকাৰী দলে এই ল’ৰাজনৰ পিচ লয়। সিহঁতে সাধাৰণতে ৰেল, বাছ আদিত এনেদৰে অকলশৰীয়াকৈ লগ পোৱা কিশোৰ সকলক টাৰ্গেট কৰে। বিভিন্ন ছল চাতুৰী কৰি কথাৰে ফুচুলাই সিহঁতে ল’ৰা-ছোৱালীবোৰৰ সৈতে আত্মীয়তা দেখুৱাবলৈ চেষ্টা কৰে আৰু সুযোগ বুজি টাৰ্গেটক কোনোবা ষ্টেচনত নমাই লয়। এই দলটোত বহুকেইজন কিন্নৰো আছে।

: আপোনালোকে ঘটনাটোৰ সম্ভেদ কেনেদৰে পালে? শুনিবলৈ পোৱামতে পুলিচে নহয়, কোনোবা এটা নিষিদ্ধ ঘোষিত সংগঠনৰ মানুহে ইহঁতক উদ্ধাৰ কৰিছে?

: এইবোৰ কথা আপোনালোকে কেনেদৰে গম পায় হে? তেনেকুৱা একো হোৱা নাই। চোৰাংচোৱাৰ খবৰ অনুসৰি আমি গোৱালপাৰাৰ এখন ভিতৰুৱা গাঁৱত এওঁলোকক ট্ৰেক কৰিবলৈ সক্ষম হওঁ। এই ল’ৰাজনক নিউ জলপাইগুৰি ষ্টেচনৰ পৰা সিহঁতে গোৱালপাৰাৰ ফালে ঘূৰাই আনিছিল। তাতেই সিহঁতৰ লগত হোৱা গুলীয়াগুলীত ল’ৰা জনেও ভৰিত বেয়াকৈ জখম হৈছে।

: কিন্তু চাৰ…..আমি শুনিবলৈ পোৱা মতে – ৰাজ্যত হোৱা বিভিন্ন অপহৰণৰ ঘটনাৰ পিচতো যেতিয়া পুলিচে কোনো ব্যৱস্থা নললে, তেতিয়া এটা নিষিদ্ধ সংগঠনে নিজেই কামটো মূৰ পাতি লয় আৰু তেওঁলোকৰ নেটৱৰ্কৰ সহায়ত কোচবিহাৰৰ ওচৰৰপৰা এই ল’ৰাকেইজনক এটা মানৱ অংগ সৰবৰাহকাৰী সংগঠনৰ হাতৰপৰা উদ্ধাৰ কৰি অসম পুলিচৰ হাতত গতাই দিয়ে। আমাৰ হাতত কোচবিহাৰ পুলিচৰ ভাষ্যও আছে। এইবিষয়ে আপুনি কি কয়?

: নাই নাই, এইবোৰ সম্পূৰ্ণ মিছা কথা। ল’ৰাজনকেই সোধক, আমি কেনেদৰে ইহঁতক গোৱালপাৰা জিলাৰ পৰা উদ্ধাৰ কৰিছোঁ। কোচবিহাৰৰ ঘটনাটো বেলেগ, এই ল’ৰাকেইজনৰ লগত সেইটো ঘটনাৰ কোনো সম্পৰ্ক নাই।

: ধন্যবাদ চাৰ, আপোনাৰ বহুমূলীয়া সময়কণ দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।

: ধন্যবাদ।

                    ×××××××××

মঞ্জুহতৰ ঘৰত গোটেই গাঁওখনে ভিৰ কৰিছেহি। অলপ পিচতেই ল’ৰাটো আহি পাব। কেইগৰাকীমান আয়তীয়ে চোতালতে নাম প্ৰসংগ যুৰিছে। আমৈয়ে সকলোৰে মাজত ঠিয় হৈ এপাক বিহুও নাচিলে। তেওঁৰ মনত কিমানযে ফূৰ্ত্তি প্ৰকাশ কৰিব পৰা নাই। একেবাৰে নিজৰ নহ’লেও সদায় পাপুক নিজৰ নাতিয়েকৰ দৰেই মৰম কৰি আহিছে মানুহজনীয়ে।

ভিতৰত মঞ্জুৰ কাষত কেইগৰাকীমান বহিছে। তেওঁলোকে বিভিন্ন কথাৰে মানুহজনীৰ মনটো ভাল লগাবলৈ চেষ্টা কৰিছে। মঞ্জুৰ কাষতে বহি থকাসকলৰ মাজতে এগৰাকী পাপুহঁতৰ  খুড়ীয়েক। ল’ৰাটো নোহোৱা হোৱাৰ পিছত লাহে লাহে ঘাইঘৰখনৰ লগত অলপ অহা-যোৱা হৈছে। কেতিয়াবা খুড়ীয়েক আহি মঞ্জুৰ কাষত বহি থাকে আৰু কেতিয়াবা খুড়াকে নিপুক কোলাত লৈ ঘাইঘৰলৈ গৈ কিবা অলপ খুৱাই-বুৱাই সন্ধিয়া আকৌ মাষ্টৰৰ ঘৰত থৈ যায়হি।

আৰু ককাক….

এদিন পুতেক বোৱাৰীয়েকক ঘৰৰপৰা উলিয়াই দি মানসিক অশান্তিত ভোগা বুঢ়াজন আজিকালি প্ৰায়ে আহে বোৱাৰীয়েকৰ হাতেৰে একাপ চাহ খাবলৈ। উদ্দেশ্যে নাতিয়েকৰ খবৰ লোৱা, পুতেক বোৱাৰীয়েকক অলপ সান্ত্বনা দিয়া।

: সি কিবা খাবলৈ পাইছেনে নাই বা, মই তাৰ কাৰণে কিবা এখন কৰোঁগৈ নেকি বৌ?

ওচৰৰে সোণটি বায়েকে মঞ্জুৰপৰা দিহা লৈ পাকঘৰত পাপুৰ পছন্দৰ কিবাকিবি বনাবলৈ লৈছে। বাহিৰত মুৰালী আৰু আন কেইজনমান ডেকাই বাটতে বহি তাচ খেলিছে। সকলোৰে মনত উৎকণ্ঠা – ‘ল’ৰাটো কেতিয়া আহি পাব !”

আজি গৰুদুটাও পথাৰলৈ উলিয়াই দিয়া নহ’ল। নিপুৱে সিহঁতৰ লগত ঘৰৰ পিচফালে খেৰৰ পুঁজিটোত খেলিছে। দামুৰি পোৱালিটোৱে অগণন মানুহৰ সমাগমত ভয় খাই, পিচফালে বহি আছিল। তেনেতে দূৰৈত টেক্সিৰ হৰ্ণটো শুনা গ’ল। যিয়ে যেনেদৰে আছিল পদূলি মূৰলৈ দৌৰ দিলে। মঞ্জুৰ বুকুখনে তেতিয়া ধান বনা ঢেঁকীটোৰ দৰে ধপধপাবলৈ ধৰিছে।

টেক্সিখন আহি ৰোৱাৰ লগে লগে সকলোৱে ঘেৰি ধৰিলেহি। দুৱাৰখন লাহেকৈ খুলি প্ৰথমতে মাষ্টৰ আৰু খুলশালীয়েক নামিল। মানুহবোৰে ডিঙি মেলি মেলি পাপুক গাড়ীৰ ভিতৰতেই চালে। লাখুটিডালেৰে মাটিত ভৰ দি পাপু লাহেকৈ নামি অহাত সকলোৰে চিঞৰ-বাখৰবোৰ নিজম পৰিল। ল’ৰাটোক স্বচক্ষে দেখিহে যেন তেওঁলোকৰ মুখলৈ পানী আহিল। এফালৰপৰা এজন এজনকৈ সকলোৱে তাক সাবটি ল’বলৈ ধৰিলে। মুৰালীয়ে এজন এজনকৈ মানুহবোৰক আঁতৰাই তাক কোলাত উঠাই চোতাল পোৱালেহি আৰু বৌৱেকৰ ওচৰত নমাই দিলে।

এটা চিঞৰ মাৰি মঞ্জুৱে পুতেকৰ ওপৰত যেন জপিয়াই হে পৰিল। ঠাঁচ ঠাঁচকৈ গালত একেলগে কেইবাটাও চৰ সোধাই মানুহজনীয়ে তাক বুকুৰ মাজলৈ সুমুৱাই ল’লে। চোতালত উপস্থিত সকলোৱে হুকহুকাই কান্দিবলৈ ধৰিলে আৰু এফালৰ পৰা বিভিন্ন প্ৰশ্নবাণেৰে পাপুক থকাসৰকা কৰি গ’ল।

: এতিয়া সেইবোৰ থাকক দেচোন, লৰাটোক আমনি নকৰিবি। তাক অলপ শুবলৈ দে।

আমৈৰ ধমকত সকলো আঁতৰি আহিল। বিছনাত বাগৰি পাপুৱে সকলোৰে মুখলৈ চাই ৰ’ল। আত্মগ্লানিৰে পুষ্ট মনটোৱে তাক বাৰে বাৰে সোঁৱৰাই দিলেহি সকলোৰে মৰমক উপেক্ষা কৰিবলৈ গৈ সোমাই পৰা পাকচক্ৰটোৰ কথা।

মনত বাৰে বাৰে আমনি কৰিবলৈ ধৰিলে আন তিনিজন ল’ৰাৰ কথা, যাৰ শৰীৰৰ পৰা কেইবাটাও অংগ নোহোৱা অৱস্থাত অকল মৃতদেহ কেইটাহে উদ্ধাৰ হোৱা কথাটো গোৱালপাৰাৰ বিধৱা মানুহজনীৰ পৰা গম পাইছিল। মৰমীয়াল বাইদেউগৰাকীৰ উকা কপালখনেও তাক আমনি দি থাকিল। হেজাৰটা প্ৰশ্নই তাৰ চৌপাশে ভিৰ কৰিলে, একো উত্তৰ নিদিয়াকৈ সি তলমূৰকৈ বহি ৰ’ল।

আকাশখন লাহে লাহে মুকলি হৈছে। উৎসৱমুখৰ পৰিবেশটোৰো অন্ত পৰিল। মানুহবোৰ ঘৰাঘৰি যাবলৈ ওলাল। 

সকলোৰে শেষত গাঁওবুঢ়াক বিদায় দিবলৈ পদূলি মূৰলৈ আহি মাষ্টৰ কিছুসময়ৰ বাবে থমকি ৰ’ল। গুৱাহাটীৰ পৰা আহি থাকোঁতেই তেওঁ মন কৰিছিল টেক্সিখনৰ পিচে পিচে অহা মটৰ চাইকেল এখন। সেইখন তেতিয়াও তাতেই ৰৈ আছে। মাষ্টৰক বাহিৰলৈ ওলাই অহা দেখি আৰোহীদুজনে মূৰে গায়ে এড়ি চাদৰ এখনেৰে ঢাকি কোনোবাই কিবা কোৱাৰ আগতে তাৰপৰা যাবলৈ উদ্যৎ হ’ল। মাষ্টৰে স্পষ্টকৈ দেখিলে এহাল যুৱক-যুৱতী মটৰ চাইকেলখন লৈ লাহে লাহে তাৰপৰা আঁতৰি গৈছে।

: সেয়া কোন আছিল? মটৰত আৰু কোনোবা আহিছিল নেকি?

হঠাতে পিচফালে মঞ্জুৰ মাতত মাষ্টৰে খকামকাকৈ ঘূৰি চালে। আজি এমাহৰ অন্তত মানুহজনীৰ মুখখন উজ্জ্বল। সকলোৰে লগত ভালদৰে কথাও হৈছে।

: নাই নাজানো, কোনোবা শুভাকাঙ্ক্ষীয়েই হ’ব নিশ্চয়। ব’লা ভিতৰলৈ যাওঁ। 

মাষ্টৰে এবাৰ পিচলৈ ঘূৰি চাই মঞ্জুৰ কান্ধত হাতখন থৈ ভিতৰলৈ সোমাল। মটৰচাইকেলখনৰ ওপৰত কোন আছিল, তেওঁ নাজানে৷ কিন্তু সেই অজান ব্যক্তিকেইজনৰ বাবে তেওঁৰ চকুৰপৰা বৈ আহিছিল কৃতজ্ঞতাৰ কেইবাটোপালো চকুপানী।

: সি শুলে নেকি?

: নাই, দুয়ো ভায়েকে মিলি দামুৰিটোৰ লগত খেলিছে। একেবাৰে বিছনা পোৱাইছেগৈ গৰু পোৱালিটোক।

: হয় নেকি! ব’লা ব’লা। আমিও ভিতৰলৈকে যাওঁ।

গৌৰী মাষ্টৰ আৰু মঞ্জু ঘৰৰ ভিতৰলৈ সোমাই গ’ল। ভিতৰৰ পৰা পাপু নিপুৰ মাতবোৰ ভাঁহি  আহিছে। বাৰান্দাত ঢিমিক-ঢামাককৈ জ্বলি থকা লেম্পটোৰ পোহৰখিনি এজাক চগাই আৱৰি আছে, মঞ্জুহঁত ওচৰলৈ আহোঁতে জাকটো উৰি গ’ল। বতাহজাক ক্ৰমে বাঢ়ি আহিবলৈ ধৰিলে৷ হয়তো আজি এজাক টানকৈয়ে বৰষুণ আহিব।

 

                                 (সমাপ্ত)

Leave a Reply

Your email address will not be published. Required fields are marked *