বক্তা, বক্তৃতা আৰু শ্ৰোতা: অপ্ৰতুল অনুভৱ -হৰগোবিন্দ দাস

(এই চমু নিবন্ধটি দেশৰ অজস্ৰ নৱ প্ৰজন্মৰ হাতত  সসন্মানে অৰ্পণ কৰিলোঁ ৷)   

সাম্প্ৰতিক সময়ত সমাজত শিক্ষানুষ্ঠান, ধৰ্মানুষ্ঠান, সাহিত্য, সাংস্কৃতিক, গ্ৰন্থ উন্মোচনী অনুষ্ঠান, বিভিন্ন বিষয়ৰ সম্বৰ্ধনা সভা,ভিন্ন ভিন্ন সামাজিক উৎসৱ- পাৰ্বন, বিভিন্ন সংঘ, সংগঠন আদিয়ে সমাজৰ হিতৰ বাবে সভা-সমিতি অনুষ্ঠিত কৰা দৃষ্টিগোচৰ হয় ৷ তদুপৰি বিজ্ঞান বিষয়ক, প্ৰদূষণ বিষয়ক আদিৰ নতুন নতুন সংগঠনৰ জন্ম হৈ থকাত সমাজত সভা-সমিতিৰ সংখ্যাও বৃদ্ধি পাই অহাটো পৰিলক্ষিত হয় ৷

এনেকুৱা বিভিন্ন সভা-সমিতিত মাজে সময়ে যোগদান কৰাৰ সৌভাগ্য আমাৰো নোহোৱা নহয় ৷ কিছুমান সভাত উপস্থিত থাকি বিমল আনন্দ অনুভৱ কৰোঁ আৰু দিনটো স্মৰণীয় হৈ ৰয় ৷ কেতিয়াবা আকৌ কোনো সভাত উপস্থিত থাকি নিৰুৎসাহ, বিৰক্তিৰে দিনটো অথলে যোৱা যেনহে ভাৱ হয় ৷

এই যে ওপৰত ‘বিমল আনন্দ’, ‘নিৰুৎসাহ’ বা ‘বিৰক্তিৰ  দিন’ বুলি ওপৰত উল্লেখ কৰা হৈছে– তাৰ মূল কাৰণ কেইবাটাও ৷ উদাহৰণস্বৰূপে ক’ব পাৰি–

উদ্যোক্তাসকলৰ পৰিকল্পনা, পৰিচালনাৰ আন্তৰিকতা আৰু দক্ষতাৰ কথা ৷ লগতে বক্তাসকলৰ বক্তৃতাৰ ধৰণ -কৰণ আৰু সভাৰ বিষয়বস্তুৰ আলোকপাত তদুপৰি শ্ৰোতা- দৰ্শকৰ সহযোগিতাৰ কথা উল্লেখ কৰিবপৰা যায়৷ আজি এই চমু নিবন্ধটিত উদ্যোক্তাসকলৰ বিষয়টোৰ বহুল আলোচনাৰ পৰিবৰ্তে বক্তা আৰু শ্ৰোতা মণ্ডলীৰ বিষয়েহে যৎকিঞ্চিৎ আলোচনাৰ বাবে আগবঢ়া হৈছে ৷

সভা এখন অনুষ্ঠিত কৰা বাবে –সভাপতি,  সভাৰ উদ্বোধক,মুখ্য অতিথি, নিৰ্দিষ্ট বক্তা , বিশিষ্ট অতিথি,সন্মানীয় অতিথি, আমন্ত্ৰিত অতিথি আদি বিভিন্ন পৰ্যায়ৰ ব্যক্তিক উদ্যোক্তাসকলৰ পৰিকল্পনা অনুসৰি আমন্ত্ৰণ কৰি অনা হয় ৷( অৱশ্যে সকলো সভাতেই ইমান অতিথি আমন্ত্ৰণৰ প্ৰয়োজন নাথাকিব পাৰে) সভাত তেখেতসকলে নিজৰ বক্তব্য প্ৰদান কৰে। তেতিয়া কোনোবাগৰাকী বক্তাৰ বক্তৃতাত শ্ৰোতা- দৰ্শক বিমুগ্ধ হৈ পৰে।আনপিনে কোনো বক্তাৰ বক্তৃতাত শ্ৰোতাই বিৰক্তি অনুভৱ কৰে আৰু শ্ৰোতাসকল অমনোযোগী হৈ পৰাত সভাত গুণগুণনি উঠে ৷ এনেকুৱা কিয় হয় বাৰু ? দৰাচলতে এগৰাকী বক্তাই বক্তৃতা প্ৰদানৰ আগতে তেখেতৰ কিছু কৰণীয় কাম থাকে ৷ সেইখিনি কৰা নকৰাৰ ওপৰতে নিৰ্ভৰ কৰে এজন বক্তাৰ সফলতা বিফলতা ৷

**** এতিয়া আহকচোন, এগৰাকী সফল বক্তা হবলৈ হ’লে কেনেধৰণে আগবঢ়া উচিত তাকেই অলপ ফঁহিয়াই চাওঁ ৷—

(১) ব্যক্তিগৰাকীয়ে উদ্যোক্তাসকলক যিদিনাই সভাত উপস্থিত থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বা কাৰ্যক্ৰমণিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে অনুমতি প্ৰদান কৰে , সেইদিনাই সভাৰ বিষয়বস্তু খৰচি মাৰি বুজি লৈ বক্তৃতাৰ বাবে প্ৰয়োজনীয় অধ্যয়ন বা চিন্তা-চৰ্চা আৰম্ভ কৰিব পাৰিলে বক্তাজনৰ বাবেই ভাল ৷

(২)সভাৰ নিৰ্দিষ্ট সময়সূচীৰ কিছু সময় পূৰ্বে সভাস্থলীত উপস্থিত হৈ উদ্যোক্তাসকলক চিন্তা মুক্ত কৰা কৰ্তব্য বুলি বিবেচনা কৰিলে সকলোৰে বাবে শুভফলদায়ক হয় ৷

(৩)সভাত উপস্থিত গৰিষ্ঠসংখ্যক শ্ৰোতা বৌদ্ধিক ক্ষেত্ৰত কোন স্তৰৰ সেইটো নিৰীক্ষণ কৰিব পাৰিলে সভাত কেনে পৰ্যায়ৰ ভাষা প্ৰয়োগ কৰিলে সহজতে বোধগম্য হব সেইটো নিশ্চিত কৰি ল’ব পৰা যায় ।(অৱশ্যে সকলো সভাতে এনেধৰণৰ সমস্যা নাথাকে )

(৪) অতি প্ৰাসংগিকভাবে বক্তৃতাৰ মাজে মাজে গীত, শ্লোক, উপমা আদি প্ৰয়োগেৰে শ্ৰোতাক বিষয়বস্তুৰ প্ৰতি আকৰ্ষিত কৰিব পৰাটো বক্তাগৰাকীৰ কৃতিত্ব বুলিব পাৰি ৷

(৫) বক্তাগৰাকী নিয়ন্ত্ৰিত কণ্ঠৰ অধিকাৰী হ’লে বক্তৃতা সুন্দৰ হোৱাৰ সম্ভাৱনা প্ৰবল হৈ উঠে।

(৬) বক্তৃতাৰ বাবে সভাপতিয়ে নাম ঘোষণা কৰাৰ লগে লগে সহযোগিতা আগবঢ়োৱা উচিত ৷ পাৰিলে কিমান সময় তেওঁ বক্তৃতা প্ৰদান কৰিলে সভাৰ অসুবিধা নহ’ব, সেই কথা সভাৰ সভাপতিৰপৰা জানি ল’ব পাৰিলে ভাষণ সামৰাত বক্তাগৰাকীৰ সুবিধা হয়।

(৭) বক্তাৰ সাজ-পাৰ পৰিবেশৰ লগত খাপ খোৱা হ’লে এক সুন্দৰ পৰিৱেশ সৃষ্টি হোৱাত সহায়ক হয়।

(৮) যিকোনো সভাতেই বক্তাই নিৰপেক্ষতা অৱলম্বন কৰা বাঞ্ছনীয়।

(৯) দীঘলীয়া বক্তৃতাত বক্তাৰ পুনৰাবৃত্তি প্ৰদোষ ঘটা দেখা যায় ৷তেনে ক্ষেত্ৰত শ্ৰোতা বিৰক্ত হৈ পৰে আৰু বক্তাগৰাকীৰ প্ৰতি আকৰ্ষণ কমে ৷সেয়ে তেনে নহবলৈ সচেতন হোৱাৰ প্ৰয়োজনীয়তা আহি পৰে।

(১০) বক্তাৰ শব্দ প্ৰক্ষেপণ আৰু শাৰীৰিক ভাষা বিষয়বস্তুৰ লগত খাপখোৱা হ’লে বক্তা সফল হোৱাৰ সম্ভাৱনাই গা কৰি উঠে।

(১১) বক্তাই শ্ৰোতাৰ মনজগতত প্ৰৱেশ কৰিব পাৰিছে  নে নাই ,সেইটো নিজেই অনুধাৱন কৰিব পাৰিব লাগে। সেই মতে বক্তৃতাৰ আঁত নিছিগাকৈ সুন্দৰ সামৰণি কৰিব পাৰিলে ভাল।

(১২) বক্তৃতা অতি খৰকৈ বা অতি লেহেমীয়াকৈ প্ৰদান কৰা উচিত নহয় ৷ বক্তৃতাত ব্যৱহাৰ কৰা শব্দ , বাক্য গাঁথনিৰ অৰ্থ অনুসৰি দ্ৰুত, মধ্যম বা বিলম্ব লহৰত প্ৰক্ষেপ কৰিব পাৰিলে শ্ৰোতাক আকৰ্ষণ কৰা কিছু সহজ হৈ পৰে।

(১৩) বাক্যৰ ভাৱৰ লগত মিল ৰাখি বক্তৃতাৰ মাজত খন্তেক বিৰাম দি শ্ৰোতাক সচকিত কৰিব পৰাটো সফল বক্তাৰ এক সুন্দৰ কৌশল ৷ এনে কৰিবলৈ হ’লে বিশেষকৈ নতুন বক্তাৰ বাবে অনুশীলনৰ প্ৰয়োজনীয়তাৰ বিষয়টো নিশ্চয় নুই কৰিব নোৱাৰি ৷

(১৪) বক্তাগৰাকীয়ে অনুভৱ কৰা উচিত যে– শ্ৰোতাসমূহৰ মাজত তেওঁতকৈ বিজ্ঞ তথা তথ্যসমৃদ্ধ ব্যক্তি থাকিব পাৰে ৷সেয়ে সন্দেহ থকা বা অশুদ্ধ তথ্য উল্লেখ কৰাৰপৰা বিৰত থকাই সমীচীন ৷ কিবা কাৰণত ভুল তথ্য প্ৰকাশ পালে নিজকে লঘু কৰাৰ সম্ভাৱনা থাকি যায় ৷ সেয়ে তথ্য প্ৰকাশত যথেষ্ট সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আহি পৰে ৷

(১৫) কিছুমান বক্তাৰ ক্ষেত্ৰত ভিন্ন মুদ্ৰাদোষ পৰিলক্ষিত হয় ৷ তেনেকুৱা অভ্যাস থাকিলে অনুশীলনৰ জৰিয়তে কমাবলৈ চেষ্টা কৰা ভাল।

(১৬) বক্তাই পৰিস্থিতি সাপেক্ষে “লাউড্‌ স্পীকাৰ”টো নিজৰ সুবিধা অনুসৰি উপযোগীকৈ লোৱাৰ অভ্যাস কৰাটো ভাল।

উল্লেখনীয় যে– সুবক্তা সকলে এনেধৰণৰ বিষয়সমূহত গুৰুত্ব প্ৰদান কৰি শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হয় আৰু সমাজত সুবক্তা স্বৰূপে পৰিচিতি লাভ কৰে ৷

প্ৰিয় পাঠক, এইবাৰ বক্তাৰ অন্য দিশ কেইটামান চাওঁ আহকচোন —–

(১) উদ্যোগতা সকলে বিশিষ্ট ব্যক্তিসকলক ভিন ভিন দায়িত্বৰে কাৰ্যক্ৰমণিকাত নাম সন্নিবিষ্ট কৰি আমন্ত্ৰণ জনায় ৷ সেই অনুসৰি আমন্ত্ৰিত ব্যক্তিসকলে নিজৰ দায়িত্ব পালন কৰিলে সভাৰ সৌষ্ঠৱ বৃদ্ধি পায় আৰু শ্ৰোতাসকলেও আমনি নাপায়।

উদাহৰণ স্বৰূপে কব পাৰি যে—- উদ্বোধকৰ দায়িত্ব হ’ল সভাখন বা মঞ্চখন মুকলি কৰা ৷ কিন্তু কিছুমান ক্ষেত্ৰত দেখা যায় যে – উদ্বোধকে বহুত দীঘলীয়া ভাষণ  দিয়াৰ ফলত অন্যান্য বক্তাৰ বাবে সময়ৰ নাটনি হৈ পৰে। তেওঁ এইটো অনুধাৱন কৰা উচিত যে উদ্বোধনী ভাষণ আৰু নিৰ্দিষ্ট বক্তাৰ ভাষণৰ মাজত কিছু পাৰ্থক্য বিৰাজমান ৷বহুক্ষেত্ৰত এই ব্যৱধান মানি নচলাৰ বাবে সভাৰ সৌষ্ঠৱ বিনষ্ট হয় ৷যিটো অনুচিত বুলি গণ্য হোৱাৰ যোগ্য।

(২) সভাৰ কিছু সভাপতিয়ে আকৌ প্ৰতিগৰাকী বক্তাৰ বক্তব্যৰ ইমান দীঘলীয়া বিশ্লেষণ আগবঢ়ায় যে শ্ৰোতা বিৰক্ত হয় আৰু সময়ৰো অপচয় হয়।

(৩) কেতিয়াবা এনেকুৱাও হোৱা দেখা যায় যে- আমন্ত্ৰিত অতিথিৰ দুআষাৰ গৈ নিৰ্দিষ্ট বক্তাৰ ভাষণতকৈ দীঘলীয়া হ’ব খোজে ৷ তেনেদৰে মুখ্য অতিথি, বিশিষ্ট অতিথি আদিৰ ক্ষেত্ৰতো সভা বিশেষে একে ঘটনাৰ পুনৰাবৃত্তি দেখা যায়।যি কাৰ্য সকলোৰে বাবে সমৰ্থনযোগ্য নহয় বুলি কব পৰা যায়।

(৪) গ্ৰন্থ উন্মোচকৰ ক্ষেত্ৰতো কিছুমান সভাত বিসংগতি অনুভৱ হয় ৷ তেখেতক আমন্ত্ৰণ জনোৱা হৈছে গ্ৰন্থ উন্মোচনৰ বাবে , কিন্তু কিছু উন্মোচকে গ্ৰন্থখনৰ নাম আৰু লেখকৰ নাম উচ্চাৰণ কৰিয়েই নিজৰ পাণ্ডিত্যৰ বৰ্ণনা দি অন্যান্য প্ৰসংগ টানি আনি ভাষণ দীঘলীয়া কৰে। এই কাৰ্যও সমৰ্থনৰ যোগ্য হ’ব নোৱাৰে নিশ্চয়( লাগিলে তেখেত যিমান বিদগ্ধ পণ্ডিতে নহওক কিয় ৷কাৰণ স্থান, কাল, পাত্ৰৰ কথা থাকে৷)

(৫) কিছুমান বক্তাই আকৌ প্ৰথমতে কৈ লয় – “এই বিষয়ত বহুতে ক’লেই, মই অন্য কথাহে অলপ কওঁ” বুলি জীৱন বুৰঞ্জীৰ পাতনি মেলে ৷এচামে আকৌ সভাপতিৰ লগত আলোচনা কৰি নিজৰ নামটো পাচলৈ ৰাখি পূৰ্বৱৰ্তী বক্তাৰ উদ্ধৃতিৰে জোৰা টাপলি মাৰি সভাৰ অমূল্য সময়ৰ অপচয় কৰে ৷এনে লোকে কোনো পূৰ্ব প্ৰস্তুতি অবিহনেই ভাষণ দিয়ে ৷এনে হোৱা উচিত নে ? কোনোৱে আকৌ নিজৰ ভাষণ সামৰিম বুলি আৰু ভাষণ আৰম্ভ কৰে ৷এনেদৰে তিনি চাৰিবাৰ কোৱাৰ পাচত যেনিবা ভাষণৰ সামৰণি মাৰে ৷ এনে কাৰ্যই বক্তাগৰাকীৰ মৰ্যাদা বঢ়োৱাৰ পৰিৱৰ্তে নিজক লঘু কৰে। আন এচাম বক্তা দেখা যায়- তেখেতসকলে “কেছেট” বনোৱাৰ লেখিয়া এটা বক্তৃতা যুগুত কৰি লৈ সকলো সভাতে একেখিনি কথাকে গাই ফুৰে ৷(এনেবোৰ হোৱা দেখা যায় বিশেষকৈ ধৰ্মীয়,বিহু, ৰাস উৎসৱ আদিৰ নিচিনা সভা সমিতি আদিত )

প্ৰিয় পাঠক, এইবাৰ অকণমান শ্ৰোতা মণ্ডলীৰ কথালৈ অহা যাওক।

(১) শ্ৰোতাই সদায় জিজ্ঞাসু মন এটা লৈ সভাত আসন গ্ৰহণ কৰিব পাৰিলে ভাল ৷ৰাজন পৰীক্ষিতে শাস্ত্ৰজ্ঞ শুকৰ পৰা যি নিষ্ঠা আৰু পৰম একাগ্ৰতাৰে মহাভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিছিল, তেনেদৰে সভাত ভাষণ শুনাৰ প্ৰয়োজন ৷ এনে কৰিব পাৰিলে সকলোৱে উপকৃত হোৱাৰ থল থাকে।

(২) সভা চলি থকা সময়ত বাতৰিকাকত পঢ়া, মোবাইল চাই থকা, ফুচফুচাই বাৰ্তালাপ কৰা আদি কাৰ্য অতিশয় দৃষ্টিকটু,নিতান্তই অশোভনীয় ৷প্ৰকৃত শ্ৰোতাই সদায়ে এনেকুৱা কাৰ্যৰ পৰা বিৰত থাকে।

(৩) বক্তাৰ কিবা কথা বুজি নাপালে বা মনত কিবা প্ৰশ্নৰ উদয় হ’লে কাগজ এখনত লিখি বক্তাগৰাকীৰপৰা সমিধান পোৱাৰ ব্যৱস্থা কৰিব পৰা যায় ৷নজনা কথা শুনিলে বা বিশেষ প্ৰসংগ উত্থাপন কৰিলে, পৰৱৰ্তী পৰ্যায়ত বিজ্ঞজনৰপৰা বা কিতাপ-পত্ৰ অধ্যয়ন কৰি জানিবৰ সুবিধাৰ বাবে তেনেবোৰ কথা টোকাকৈ ৰখাৰ ব্যৱস্থা কৰাটো এটা সু অভ্যাস বুলি কব পাৰি ৷

(৪) একোখন সভাক একোখন ফুলনি বুলি ধৰিলে, এগৰাকী শ্ৰোতাক মৌ মাখিৰ সৈতে তুলনা কৰিবপৰা যায় ৷মৌমাখিয়ে যেনেকৈ বিভিন্ন ফুলৰ পৰা ৰস পান কৰি নিজৰ সন্তানৰ নিমিত্তে খাদ্য প্ৰস্তুতৰ বাবে অহোপুৰুষাৰ্থ কৰে তেনেকৈ শ্ৰোতাসকলেও বক্তা সকলৰপৰা ৰস পান কৰি নিজৰ অভিজ্ঞতাৰ ভঁৰাল চহকী কৰি ভৱিষ্যত প্ৰজন্মৰক দান কৰি যাব পাৰে।

(৫) এগৰাকী শ্ৰোতাই ধৈৰ্য্য, সহিষ্ণুতা, একাগ্ৰতাৰে এখন সভাত উপস্থিত থাকিলে এখন বিশেষ গ্ৰন্থ অধ্যয়নৰ সমানেই জ্ঞান আহৰণ কৰিবলৈ সক্ষম হ’ব পাৰে ৷ কিয়নো বিজ্ঞ লোকে এখন সভাৰ বক্তব্যৰপৰাই একোখন গ্ৰন্থৰ সৃষ্টি কৰিব পাৰে ৷সেয়ে এখন সভাত শ্ৰোতা অধিক লাভান্বিত হোৱাৰ সুযোগ থাকে ৷সেই সুযোগ গ্ৰহণ কৰাৰ বাবে আমাৰ নৱপ্ৰজন্ম আগ্ৰহী হোৱা উচিত বুলি ভাবিব পাৰি ৷

পৰিশিষ্টঃ এখন সভা সৰ্বাঙ্গসুন্দৰ আৰু সফল পৰিসমাপ্তিৰ বাবে উদ্যোক্তাসকলৰ নিখুত পৰিকল্পনা তথা সুব্যৱস্থাপনা, নিৰপেক্ষ উপযুক্ত ব্যক্তিক বক্তা স্বৰূপে আমন্ত্ৰণ জনোৱা লগতে বক্তাসকলৰ সদিচ্ছা, সহিষ্ণুতা আৰু শ্ৰোতা মণ্ডলীৰ পূৰ্ণ সহায়-সহযোগিতাৰ প্ৰয়োজন হয় ৷ সেয়া হৈ উঠিলেই উদ্যোক্তাসকল সফল হোৱাত সহায়ক হয় আৰু সমাজৰো মঙ্গল সাধন হয় ৷

Leave a Reply

Your email address will not be published. Required fields are marked *