বিলম্বিত লয়- সুভাষ শৰ্মা
মদন চৌধুৰীৰ মনটো আজি অস্থিৰ। অফিচৰ কামত একেবাৰেই মন বহুৱাব পৰা নাই । ফাইল দুটামান খুলি চাই পুনৰ জপাই থৈছে। এনেতে পিয়নটোৱে আহি চাহ একাপ দি গ’লহি।
এৰা, এই সময়ত চৌধুৰীৰ চাহ একাপৰ বৰ প্ৰয়োজন হৈছিল। চকু দুটা জ্বলি আছে। মূৰটোও কামুৰি আছে। যোৱা নিশা চকুৰে টিপ এটা নমৰাকৈ পাৰ হৈ গ’ল। দৰা পক্ষৰ মানুহখিনিৰ সেৱা শুশ্ৰূষাত যাতে কোনো বেমেজালি নঘটে ,তাৰ তদাৰক কৰি থাকোঁতে ৰাতি পুৱাবৰেই হ’ল।
ভাবিলে আচৰিত লাগে– সৌ সিদিনাখনলৈ কোলাই-বোকোচাই উঠি ডাঙৰ হোৱা চৌধুৰীৰ ককায়েকৰ ছোৱালী মাইনাৰ কালি বিয়া হৈ গ’ল। চাহকাপ আগত লৈ চৌধুৰীয়ে এৰি অহা দিনবোৰলৈ এবাৰ উভতি গ’ল।
ককায়েকৰ চাকৰি নাই। ঘৰৰ মাটিখিনিকেই চোৱা-চিতা কৰে। ঘৰখনত বহুত খৰচ। ল’ৰা-ছোৱালীৰ পঢ়া শুনা, কাপোৰ-কানি, দৰৱ-পাতি এই সকলোবোৰ ককায়েকে অকলে চম্ভালিব কেনেকৈ? গতিকে নিজৰ অসুবিধা হলেও ককায়েক নবৌৱেকে যাতে কষ্ট নাপায় তাৰ বাবে তেওঁ চকু ৰাখে। চৌধুৰীৰ দৰমহাৰ এটা অংশ প্ৰতি মাহতে নবৌৱেকৰ হাতত পৰেগৈ। শনিবাৰে ঘৰলৈ আহিলে নবৌৱেকে চৌধুৰীক কি খুৱাব কি নুখুৱাবকৈ উথপথপ লগায়। তেওঁ খাই ভাল পোৱা সুস্বাদু ব্যঞ্জনৰ দিহা কৰে। কাম-বন সামৰি নবৌৱেকে চৌধুৰীৰ কাষত বহি সুখ-দুখৰ কথা পাতে। চৌধুৰীয়ে মনে মনে ভাবে , ককায়েক বৰ ভাগ্যবান। সেই বাবেহে নবৌৱেকৰ দৰে লখিমী তিৰোতা পাইছে।
নবৌৱেকে কয় – ‘বাপু, তোমাৰ বিয়াখন পাতিব লাগিছিল নহয়। কিন্তু তাৰ আগতে ঘৰটো ভালদৰে সাজিব লাগিব। এই পুৰণা ঘৰটোত ন-ছোৱালী আনি সুমুৱাবা জানো?’
কথাটো চৌধুৰীয়েও নভবা নহয়। দেউতাকৰ দিনৰ সেই সাতামপুৰুষীয়া ঘৰটোত নতুন কইনাজনীক আনি সুমুৱাবলৈ তেওঁৰ নিজৰেই ভাল নালাগিব। সেয়ে বেংকৰপৰা ঋণ এটা লৈ ঘৰটো ধুনীয়াকৈ সজালে। ঘৰটো সাজোঁতে ডিঙিলৈকে ধাৰ এসোপা লাগিল যদিও তাৰ বাবে বিশেষ চিন্তা নকৰিলে। তেওঁ ভাবিলে ঘৰটোতো আৰু বাৰে বাৰে সাজিব নালাগে!
কিন্তু ইয়াৰ পাছতো চৌধুৰীক এটাৰ পাছত এটা লেঠাই এৰা নিদিয়া হ’ল। এইবাৰ বোলে গা-ধোৱা ঘৰটোহে বনাব লাগে, সিবাৰ বোলে বাংগালোৰত পঢ়ি থকা বাবলুলৈ পইচা পঠিয়াব লাগে, মাইনাৰ ফৰ্ম ফিল-আপ, টিউচন ফিজ, ইত্যাদি ইত্যাদি।
ইয়াৰ মাজতে চৌধুৰীৰ বাবে দুই এজনী ছোৱালীৰ খবৰ নহাও নহয়। আহিছিল। কিন্তু নবৌৱেকৰহে পছন্দ নহয়। কিবা নহয় কিবা কাৰণত বিয়াখন নহয়গৈ। নবৌৱেকে কয়,
-‘আচলতে তোমাৰ বিয়া নমাই নাই বাপু। তুমি চাই থাকা, বিয়া নামিলে ছোৱালী আপোনা-আপুনি মিলি যাব।’
অফিচতো মাজে মাজে সহকৰ্মী সকলে তেওঁক বিয়াৰ বাবে হেঁচা দিয়ে।
-‘বিয়াখন পাতক চৌধুৰী। বয়সতো কাৰো বাবে ৰৈ নাথাকে। চুলিত ৰং সানি কিমান দিন ডেকা হৈ থাকিব?’
এদিন অফিচৰ বৰ বাবুজনে সুবিধা পাই তেওঁক অপ্ৰত্যাশিতভাবেই প্ৰস্তাৱ এটা আগ বঢ়ালে।
-‘চৌধুৰী বিয়া-বাৰুৰ কথা চিন্তা কৰা নাই নেকি?
চৌধুৰীয়ে উত্তৰ দিছিল
-‘নকৰা নহয়, পিছে ছোৱালীহে পোৱা নাই।’
বৰবাবু খাৰাংখাচ মানুহ। তেওঁ ঘপহকৈ কৈ পেলালে।
-‘বাৰু চৌধুৰী মিনতিক আপোনাৰ কেনে লাগে?’
প্ৰশ্নটো শুনি চৌধুৰী অলপ অপ্ৰস্তুত হৈ পৰিল। মিনতি তেওঁৰ সহকৰ্মী। গাৰ বৰণ অলপ ক’লা হলেও বেচ সুগঢ়ী। মানুহজনী বৰ খোলা মনৰ। মুখৰপৰা হাঁহিটো নুগুচেই। অফিচৰ সকলোৱে জানে, যৌৱনৰ এটা ভুলৰ বাবেই তাই এটা অবৈধ সন্তানৰ মাতৃ। চৌধুৰীয়ে কি উত্তৰ দিব ভাবি থাকোঁতেই বৰবাবুৱে পুনৰ ক’লে,
-‘চাওক চৌধুৰী, মিনতি আচলতে বেয়া ছোৱালী নহয়। তাইৰ অলপ বয়স হৈছে সঁচা। আপোনাৰো জানো হোৱা নাই? আপুনি মত দিয়ক। মিনতিক সন্মত কৰাৰ দায়িত্ব মোৰ।’
চৌধুৰীয়ে হেহো-নেহোকৈ ‘ভাবি চাম বাৰু ‘ বুলি কৈ বৰবাবুৰ কোঠাৰ পৰা ওলাই আহিছিল।
বৰবাবুৰ প্ৰস্তাৱটো নবৌৱেকক কওঁ বুলি চৌধুৰীয়ে পিছদিনাখনেই গাঁৱৰ ঘৰ পালেগৈ। কিন্তু চৌধুৰীয়ে কথাখিনি কোৱাৰ আগতেই নবৌৱেকে তেওঁক কাষতে বহুৱাই লৈ কৈছিল,
-‘মাইনাৰ বাবে বৰ ভাল ল’ৰা এজন আহিছে বাপু। দৰাঘৰৰ পছন্দ হৈছেই। অহা আঘোণতেই বোলে লাগে। প্ৰথম ছোৱালীৰ বিয়া। ৰাইজে বেয়া দেখাকৈ দিবও নোৱাৰোঁ দিয়াচোন। ককায়েৰাই বাৰীৰ পাচফালে থকা মাটিডৰাকেই বিক্ৰী কৰাৰ কথা ভাবিছিল। মই বোলে নাই নহ’ব। বাপু থাকোঁতে মাটিখিনি বিক্ৰী কৰিলে তেওঁ দুখ পাব। তুমি কি কোৱা বাপু?’
নবৌৱেকৰ কথাখিনি শুনি চৌধুৰীয়ে লাহেকৈ উত্তৰ দিছিল,
-‘নাই নালাগে। পৈতৃক সম্পত্তি বিক্ৰী কৰি ছোৱালী বিয়া দিমনে? হ’ব দিয়া কিবা এটা। পইচাৰ যোগাৰ হৈ যাব।’
পইচাৰ যোগাৰ তেওঁ কৰিছিল। চাকৰি জীৱনৰ সঞ্চয়ৰ ধন ভৱিষ্যনিধিত জমা হোৱা টকাখিনি উলিয়াই আনি বৌৱেকৰ হাতত তুলি দিছিল– মাইনাৰ বিয়াৰ খৰচৰ বাবে।
বৰ ধুমধামেৰে বিয়াখন হৈ গ’ল।
ৰাতিপুৱা কইনা উলিয়াই দিয়াৰ পাছত ৰভাতলি নিজম পৰিছে। চৌধুৰীয়ে অকণমান টোপনিয়াই লওঁ বুলি বিছনাত বাগৰ দিছে যদিও টোপনি অহা নাই। ৰাতি বিয়া চোৱা আলহী দুই এজনে ঘৰৰ মানুহবোৰক মাত লগাই বিদায় ল’ব ধৰিছে। মাহীয়েকে যাবলৈ ওলাই চৌধুৰীক দেখা নাপাই নবৌৱেকক সুধিছে…..
-‘হেৰি নহয় বোৱাৰী, ই মদন ক’লৈ গ’ল? শুলে নেকি? বেচেৰাই বিয়াখনত বৰ কষ্ট কৰিলে দেই। সিনো নিজৰ বিয়াখন পাতি নলয় কিয়?’
মাহীয়েকৰ কথাখিনি শুনি চৌধুৰীয়ে ভাবিছিল, বৌৱেকে নিশ্চয় ক’ব –
‘হয় মাহী। বিয়াখনত বাপুৰ বৰ কষ্ট হ’ল। তেওঁ নথকা হ’লে ছোৱালীজনীক যে কেনেকৈ উলিয়াই দিলোঁহেঁতেন! সকলো জঞ্জাল মৰিল যেতিয়া এইবাৰ বাপুৰ বিয়াখন যেনেতেনে পাতিব লাগিব।’
তেওঁ বৌৱেকৰ উত্তৰটো শুনিবৰ বাবে ব্যগ্ৰ হৈ কাণ পাতি থাকিল। কিন্তু নবৌৱেকে তেওঁ ভবামতে উত্তৰটো নিদিলে। নবৌৱেকে ক’লে-
-‘সেই অভংটোলৈ বাৰু এই দুকুৰি আঠ বছৰ বয়সত কোনে ছোৱালী দিব মাহী? সময় থাকোতেই সি বিয়াখন নাপাতিলে। এতিয়া বুঢ়া বয়সত তালৈ কোন আহিব?’
কথাখিনি শুনি কিবা এক অজান উত্তেজনাত তাৰ কাণ-মূৰ গৰম হৈ যোৱা যেন অনুভৱ কৰিলে। সি ভাবিলে, –হয়। চাওঁতে চাওঁতে তাৰ বিয়াৰ বয়সেই পাৰ হ’ল তেনেহলে! ককায়েক, নবৌৱেক আৰু ভতিজাকহঁতৰ কথা চিন্তা কৰোঁতে তাৰ নিজৰ কথা ভাবিবৰ সময়েই নহ’ল। সি লাহেকৈ বিছনাৰ পৰা উঠি টিউবৱেলৰ পাৰলৈ গৈ মুখ-হাত ভালদৰে ধুই ল’লে। কাপোৰ কানি পিন্ধি নবৌৱেকক মাত লগালে,
-‘বৌ, মই আহোঁ দিয়া। অফিচ পাবগৈ লাগিব নহয়।’ কান্ধত বেগটো ওলোমাই লৈ সি কোবাকুবিকৈ পদূলিৰ পিনে ওলাই গ’ল।
এনেতে কাৰোবাৰ মাতত উচপ খাই উঠি মদন চৌধুৰী বাস্তৱ জগতলৈ ঘূৰি আহিল। মূৰ তুলি চাই দেখে সমুখত মিনতি।
-‘চৌধুৰীদা, ব’লক। আজি ঘৰলৈ নাযায় নেকি? মই অথনিৰে পৰাই লক্ষ্য কৰি আছোঁ, আপুনি চাহকাপ সমুখত লৈ কিবা চিন্তা কৰি আছে। কি হৈছে আপোনাৰ?’
মিনতিয়ে চৌধুৰীৰ পিনে লক্ষ্য কৰি কথাখিনি কৈছিল।
সন্মুখত মিনতিক এনেদৰে দেখি চৌধুৰী অলপ অপ্ৰস্তুত হৈ পৰিছিল। মিনতিলৈ চাই তেওঁ উত্তৰ দিলে,
‘নাই, নাই….এনেয়ে…। কিবা এটা কথা ভাবি থাকোঁতে চাহকাপ খোৱাই নহ’ল। ৰ’বা, মিনতি ময়ো তোমাৰ লগতে যাওঁ।’
মিনতিৰ চকুত সন্মতিৰ দৃষ্টি।চৌধুৰীৰ লগে লগে মিনতি আগ বাঢ়িল।