বৈদিক যুগত নাৰীৰ স্থান -বিজয়া শৰ্মা

ভাৰতীয় সভ্যতা হৈছে অতি পুৰণি সভ্যতা। ভাৰতীয় সংস্কৃতিৰ বিশ্ব ইতিহাসত আছে এক বিশেষ মৰ্যাদা।আমাৰ ধৰ্মগ্ৰন্থ সমূহৰপৰাও জীৱন দৰ্শনৰ সুন্দৰ জ্ঞান আহৰণ কৰিবপৰা যায়।

আনুমানিক খ্ৰী:পূ: ১৫০০ ত সিন্ধু সভ্যতা ধ্বংসৰ পিচত বেদক ভিত্তি কৰি বৈদিক যুগৰ সূচনা হৈছিল। বেদ অৰ্থাৎ জ্ঞান —এই বেদ শব্দটি সংস্কৃত “ৱিদ্ ” ধাতুৰপৰা আহিছে। বেদক ‘শ্ৰুতি’ বুলিও কোৱা হয় কাৰণ ঋষিসকলে বেদমন্ত্ৰ মুখে মুখে উচ্চাৰণ কৰি শিষ্য সকলক শুনাইছিল আৰু শিষ্য সকলে মনত ৰাখিছিল।

চাৰি বেদ হৈছে— ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ । প্ৰত্যেক বেদৰ চাৰিটা ভাগ হৈছে সংহিতা, ব্ৰাহ্মণ, আৰণ্যক আৰু উপনিষদ। বৰ্তমান মানৱ সভ্যতা, সংস্কৃতি, ধৰ্ম, সাহিত্য আৰু নৃতত্বৰ ভেঁটি গঢ় দিছে এই বেদসমূহেই।

বিশ্ব সাহিত্যৰ সমল ৰামায়ণ, মহাভাৰতৰদৰে মহাকাব্য, ওঠৰখন পুৰাণ, জ্যোতিষ, ব্যাকৰণ, আয়ুৰ্বেদ,অৰ্থশাস্ত্ৰকে লৈ ১৪ খন সুপ্ৰসিদ্ধ শাস্ত্ৰৰ জন্ম এই চাৰি বেদৰ বুকুতেই। আজিৰ বিজ্ঞানৰ ভেঁটি গঢ়োঁতা এই বেদৰ কৃতিত্ব অস্বীকাৰ কৰিব নোৱাৰি। বেদৰ জ্ঞান হৈছে অতীন্দ্ৰিয়। অতীন্দ্ৰিয় জ্ঞান হৈছে আমাৰ  ইন্দ্ৰিয়ৰ পৰা ওপজা জ্ঞান বা মনৰ অনুমানৰ ওপৰত ভিত্তি কৰি ওপজা জ্ঞান ;  যি বস্তু বা তত্ত্ব ঢুকি পোৱা নাযায় অথবা যি কথা জনাটো আমাৰ বাবে সম্ভৱ নহয় সেয়া জ্ঞান আমাক বেদে দিয়ে।

ঋগ্বেদ হৈছে  বৈদিক সংস্কৃত ভাষাত লিখিত প্ৰাচীনতম গ্ৰন্থ । ঋগ্বেদেই হৈছে  সম্ভৱতঃ  পৃথিৱীৰ প্ৰাচীনতম ধৰ্মগ্ৰন্থ।

বৈদিক যুগত প্ৰথম অৱস্থাত সমাজ দুটা ভাগত বিভক্ত আছিল —আৰ্য আৰু অনাৰ্য । লাহে লাহে জনসংখ্যা বৃদ্ধিৰ ফলত গুণ আৰু কৰ্মৰ ভিত্তিত সমাজ চাৰিটা ভাগত বিভক্ত হয়—-ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ ।   মহাভাৰতত কোৱা হৈছে , যি সন্তোষকাৰী, সত্যবাদী, জিতেন্দ্ৰিয়, আৰু শাস্ত্ৰজ্ঞ তেওঁলোকেই ব্ৰাহ্মণ  অৰ্থাৎ গুণ আৰু কৰ্মানুসাৰেই  চতুৰ্বৰ্ণৰ সৃষ্টি হৈছিল। গুণ আৰু জ্ঞান অৰ্জনৰদ্বাৰা উচ্চ বৃত্তিও গ্ৰহণ কৰিব পাৰিছিল।পৰবৰ্তী কালত জন্মসূত্রে  বৰ্ণ নিৰ্ধাৰণ ব্যৱস্থা প্ৰচলিত হয়।

বৈদিক যুগত সমাজ পুৰুষতান্ত্ৰিক হ’লেও  নাৰীৰ স্থান উচ্চ আছিল। বাল্যবিবাহৰ প্ৰচলন নাছিল, সতীদাহ প্ৰথা নাছিল, পতি নিৰ্বাচনত নাৰীৰ স্বাধীনতা আছিল। উপনয়ন, সংস্কাৰ অকল পুৰুষৰ হ’লেও ছোৱালীয়ে বিচাৰিলে উপনয়ন পাতিব পাৰিছিল। ঋগ্বেদত প্ৰায় ত্ৰিশ গৰাকী নাৰী ঋষি বা ঋষিকাৰ নাম পোৱা যায়।

বহু কেইগৰাকী ব্ৰহ্মবাদিনী নাৰীৰ পৰিচয় পোৱা যায়—  যিসকলে বেদমন্ত্ৰ ৰচনা কৰিছিল।সেইসকলৰ ভিতৰত  আছিল লোপামুদ্ৰা, অপলা, ঘোষা, গাৰ্গী,  মৈত্ৰেয়ী, বিশ্বম্বৰা, ৰোমসা, সূৰ্যা, সৰমা আদি । বিশ্বম্বৰাক ব্ৰহ্মবাদিনী আৰু মন্ত্ৰদ্ৰষ্টা কোৱা হৈছিল, যি ঋগ্বেদৰ স্তোত্ৰ ৰচনা কৰিছিল। 

ঋগ্বেদত  বৃহস্পতি আৰু তেওঁৰ পত্নী জুহুৰ কথা পোৱা যায় । বৃহস্পতিয়ে এবাৰ পত্নীক এৰি অকলে তপস্যা কৰিবলৈ গৈছিল, কিন্তু দেৱতা সকলে ক’লে, —পত্নীৰ অনুপস্থিতিত কৰা তপস্যাৰ কোনো ফল নধৰিব। এই উদাহৰণৰপৰা প্ৰমাণ পোৱা যায় যে নাৰীয়েও পুৰুষৰ লগত তপস্যা কৰাৰ সমান অধিকাৰ পাইছিল।

‘ব্ৰহ্মবাদিনী’ নাৰী গাৰ্গী হৈছে বৈদিক যুগৰ এগৰাকী  মহান দাৰ্শনিক বিদুষী নাৰী , যি নিজৰ সাধনা আৰু কৰ্মশক্তিৰে নাৰীশক্তিক কাললৈ যুগমীয়া কৰি থৈ গৈছে।

‘ব্ৰহ্মবাদিনী’ সেইসকল নাৰীক কোৱা হৈছিল যিসকল বেদজ্ঞ মহিলাই যজ্ঞ আদিত অংশগ্ৰহণ কৰিছিল আৰু শাস্ত্ৰক লৈ হোৱা আলোচনা  আদিত পণ্ডিতসকলৰ লগত সমানে  অংশগ্ৰহণ কৰিছিল । মহান ঋষি যাজ্ঞবল্ক্যয়ো এইগৰাকী নাৰীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ স্তব্ধ হ’বলগীয়া হৈছিল ।  যাজ্ঞবল্ক্য আৰু গাৰ্গীৰ প্ৰশ্নোত্তৰৰপৰাই বৃহদাৰণ্যক উপনিষদৰ সৃষ্টি হৈছিল।

আনহাতে যাজ্ঞবল্ক্যৰ প্ৰতি পত্নী মৈত্ৰেয়ীৰ এই উক্তি  আজিও বিখ্যাত।

“যেনাহং নামৃতা স্যাম কিমহং তেন কুৰ্যাম।” 

অৰ্থাৎ  যিবোৰে মোক অমৰত্ব দিব নোৱাৰে সেইবোৰ অসাৰ বস্তুক লৈ মই কি কৰিম? আপুনি মোক অমৰত্ব সাধনৰ বিষয়ে উপদেশ দিয়ক । যাজ্ঞবল্ক্যই যেতিয়া ব্ৰহ্মপ্ৰাপ্তিৰ কাৰণে সংসাৰ ত্যাগৰ সিদ্ধান্ত ল’লে  আৰু তেওঁৰ অজস্ৰ সম্পত্তি দুই পত্নী কাত্যায়নী আৰু মৈত্ৰেয়ীক ভগাই দিয়াৰ উদ্দেশ্যে দ্বিতীয় পত্নী মৈত্ৰেয়ীক তেওঁৰ  সিদ্ধান্তৰ কথা জনালে, তেতিয়া মৈত্ৰেয়ীয়ে উক্ত শ্লোক ফাকি গাইছিল । ঋগ্বেদৰ দহটা  স্তোত্ৰৰ  মন্ত্ৰদ্ৰষ্টা আছিল মৈত্ৰেয়ী।

মৈত্ৰেয়ীয়ে স্বামীৰ পৰা তত্ত্বজ্ঞান লাভ কৰিছিল।  বৃহদাৰণ্যক উপনিষদৰ এটা কথোপকথনত মৈত্ৰেয়ীয়ে  হিন্দু দৰ্শনৰ  আত্মা সংক্ৰান্ত ধাৰণাটো পৰ্যালোচনা কৰিছিল।”মৈত্ৰেয়ী-যাজ্ঞবল্ক্য” নামেৰে পৰিচিত এই কথোপকথন অনুসাৰে ব্যক্তিৰ আত্মাৰপৰাই প্ৰেম উৎপন্ন হয়।

আন এগৰাকী ঋষিকা আছিল  অগস্ত্য  মুনিৰ পত্নী লোপামুদ্ৰা । অগস্ত্য আৰু লোপামুদ্ৰাক মন্ত্ৰদ্ৰষ্টাৰ ৰূপত জনা যায় । লোপামুদ্ৰাই বেদমন্ত্ৰত পুৰুষ আৰু স্ত্ৰীৰ সম্বন্ধ ব্যাখ্যা কৰিছিল।

অত্ৰিৰ পত্নী সতী অনুসূয়া অতি ধাৰ্মিক নাৰী আছিল।

নাৰী ঋষি ঘোষাই  দুটা স্তোত্ৰত ১৪ টা সুক্ত ৰচনা কৰাৰ কথা পোৱা যায়।

ঋগ্বেদৰ নাৰীয়ে যুদ্ধতো  অংশগ্ৰহণ কৰিছিল । বীৰ নাৰী বিষ্পলাই যুদ্ধত ভৰিও হেৰুৱাইছিল। বৈদিক কালৰ এখন যুদ্ধত মুদ্গলিনী নাৰী সেনা প্ৰধান আছিল।

সেই সময়ত শিক্ষাৰ ক্ষেত্ৰত মহিলাৰ স্থিতি বহুত উচ্চ খাপৰ আছিল । যজ্ঞ আদিত পুৰুষৰ লগত মহিলাই সমানে অংশগ্ৰহণ কৰিছিল । বেদৰ এটা শ্লোকৰপৰা স্ত্ৰীৰ মহত্বৰ কথা গম পোৱা যায়।

“য়ত্ৰ নাৰ্যস্ত পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা:,

য়ত্ৰৈতাস্তু ন পূজ্যন্তে

সৰ্বস্তত্ৰফলাং  ক্ৰিয়াঃ।”

অৰ্থাৎ  য’ত নাৰীৰ পূজা হয় অৰ্থাৎ নাৰীক সন্মান কৰা হয়, তাত দেৱতা নিবাস কৰে আৰু য’ত নাৰীক সন্মান কৰা নহয় তাত সকলো কৰ্মই নিষ্ফল হয়।

মহিলা ছাত্ৰীৰ দুটা ভাগ আছিল…

(১)ব্ৰহ্মবাদিনী    (২)সদ্যোদ্বাহা

প্ৰথম গৰাকীয়ে আজীৱন ধৰ্ম তথা দৰ্শনৰ অধ্যয়ন কৰিছিল আৰু দ্বিতীয় গৰাকীয়ে বিবাহৰ সময়লৈকেহে অধ্যয়ন কৰিছিল।

সতীদাহ প্ৰথা, পৰ্দা প্ৰথা নাছিল।বিধবা বিবাহ প্ৰচলন থকাৰ প্ৰমাণ ঋগ্বেদত আছে।ঋগ্বেদৰ ১০/৪০/২/ ঋকত স্বামীৰ মৃত্যু হ’লে  স্ত্ৰীগৰাকীয়ে নিজৰ দেওৰৰ লগত পুনৰ্বিবাহ হোৱাৰ কথাও উল্লেখ আছে।

কিন্তু দুটা বিষয়ত নাৰীক অনুপযুক্ত ঘোষণা কৰা হৈছিল।

১।সম্পত্তিৰ অধিকাৰ নাছিল 

২। তেওঁলোক শাসনৰ যোগ্য নাছিল

ঋগ্বেদত নাৰীক সম্পত্তি তথা শাসনৰ অধিকাৰ বঞ্চিত কৰাৰ কাৰণ দৰ্শাইছিল এইদৰে…

তেওঁলোকে শক্তিশালী শত্ৰুৰপৰা বলপূৰ্বক ভূ-সম্পত্তি ৰক্ষা কৰিবলৈ সমৰ্থ নহ’ব, এইদৰে অসমৰ্থতা শাসনৰ ক্ষেত্ৰতো আছিল।

বৈদিক যুগত নাৰীক কিমান উচ্চ স্থান দিছিল ঋগ্বেদৰ এই শ্লোকটোৰপৰাই জানিব পাৰি…

বিয়াৰ পিছত স্বামীগৃহত নৱবধুৰ আগমনৰ সময়ত ঋগ্বেদত কোৱা হৈছে এইদৰে….

“সম্ৰাজ্ঞি শ্বশুৰে ভব, সম্ৰাজ্ঞি শ্বশ্ৰুং ভব।

ননান্দৰী সম্ৰাজ্ঞি ভৱ সম্ৰাজ্ঞি অধিদেবৃষূ ।।

অৰ্থাৎ —-শহুৰ, শাহু, দেওৰ, ননদ সকলোৰে সম্ৰাজ্ঞী হৈ থাকা তুমি।

অৱশ্যে পৰবৰ্তী বৈদিক যুগত নাৰীৰ সেই মৰ্যাদা অক্ষুন্ন নাথাকিল।এয়া নিশ্চিতভাৱে অত্যন্ত দুখৰ বিষয়।

উৎস—–বেদ তত্ত্ব আৰু ৰহস্য , আধ্যাত্মিক আলোচনী আৰু কিছু তথ্য গুগলৰ পৰা লোৱা হৈছে)

   

                     

Leave a Reply

Your email address will not be published. Required fields are marked *