ভ’লী,মূল লেখক:খাজা আহমেদ আব্বাছ,ভাবানুবাদ-চিত্ৰলেখা দেৱী
তাইৰ নাম আছিল সুলেখা, কিন্তু নিচেই সৰুৰেপৰা তাইক সকলোৱে ‘ভ’লী’ অৰ্থাৎ ভেবেলী বুলিহে মাতিবলৈ লৈছিল৷
তাই আছিল খাজনা সংগ্ৰহৰ কাৰ্যালয়ত চাকৰি কৰা ৰামলালৰ চতুৰ্থ কন্যা৷ যেতিয়া তাইৰ বয়স দহ মাহ হৈছিল, এদিন তাই মজিয়াত মূৰটো দি পৰিল আৰু কিজানি এইবাবেই তাইৰ মগজুৰ কোনো অংশ বিকল হৈ পৰিল। তেতিয়াৰ পৰাই তাই মানসিকভাৱে অনগ্ৰসৰ শিশু হিচাবে থাকি গ’ল আৰু ‘ভ’লী’ অৰ্থাৎ ভেবেলী বুলি জনাজাত হৈ পৰিল।
জন্মতে ছোৱালীজনী বৰ ধুনীয়া আৰু মৰম লগা আছিল। কিন্তু, তাই দুবছৰীয়া হওঁতেই সৰুআইৰ আক্ৰমণৰ বলি হ’ল। মাত্ৰ চকু দুটাৰ বাদে তাইৰ গোটেই শৰীৰটো ক’লা ক’লা গভীৰ দাগেৰে ভৰি পৰি স্থায়ীভাৱে বিকৃত কৰি পেলালে। পাঁচ বছৰ বয়সলৈকে কণমানি সুলেখাজনীয়ে কথা ক’ব পৰা নাছিল, আৰু কথা ক’বলৈ আৰম্ভ কৰোঁতেও তাই খোনাবলৈহে ধৰিলে। আন ল’ৰা-ছোৱালীবোৰৰ বাবে তাই হাঁহিৰ খোৰাক হৈ পৰিল, আৰু সিহঁতে তাইৰ কথাবোৰ সিঁয়াৰি দিছিল। তাৰ ফলতে তাই কথা ক’বলৈ প্ৰায় এৰিয়েই দিলে।
ৰামলালৰ সাতোটা ল’ৰা-ছোৱালী—- তিনিটা ল’ৰা আৰু চাৰিজনী ছোৱালী, আৰু ভ’লী আছিল ছোৱালীবোৰৰ ভিতৰত সৰু। তেওঁলোকৰ ঘৰখন প্ৰতিপত্তিশালী খেতিয়ক তথা চাকৰিয়ালৰ ঘৰ হোৱাৰ বাবে খোৱা-বোৱাৰ কোনো অভাৱ নাছিল। ভ’লীৰ বাহিৰে বাকীবোৰ ল’ৰা- ছোৱালী স্বাস্থ্যৱান আৰু শক্তিশালী। ল’ৰাকেইটাক নগৰত ৰাখি স্কুল-কলেজত পঢ়ুওৱা হৈছিল৷ ছোৱালীবোৰৰ ভিতৰত ডাঙৰজনী ৰাধাৰ ইতিমধ্যে বিয়া হৈ গৈছে৷ দ্বিতীয়জনী মঙ্গলাৰো বিয়াৰ কথা- বতৰা চলি আছে আৰু এইখন বিয়াও হৈ যোৱাৰ পাছত ৰামলালে তৃতীয়জনী ছোৱালী চম্পাৰ বিয়াৰ কথা ভাবিলে। ছোৱালী কেইজনী ধুনীয়া আৰু স্বাস্থ্যৱান হোৱাৰ বাবে দৰা পোৱাত একো দিগদাৰ হোৱা নাছিল।
কিন্তু, ভ’লীক লৈহে ৰামলালৰ যতমানে চিন্তা। তাই শ্ৰীহীন হোৱাৰ লগতে বুদ্ধিহীনো আছিল।
মঙ্গলাৰ বিয়াৰ সময়ত ভ’লী সাত বছৰীয়া আছিল। সেই বছৰতে গাঁৱত এখন ছোৱালীৰ বাবে প্ৰাথমিক বিদ্যালয় খোলা হয়। জিলাৰ তহচিলদাৰ চাহাব এই বিদ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত ভাগ ল’বলৈ আহে। তেওঁ ৰামলালক ক’লে,
“এজন ৰাজহ সংগ্ৰহকাৰী বিষয়া হিচাবে আপুনি গাঁওখনৰ চৰকাৰী প্ৰতিনিধি, সেইবাবে আপুনি গাঁওখনৰ বাবে এটা উদাহৰণ হোৱা উচিত। আপোনাৰ ছোৱালীকেইজনীক বিদ্যালয়লৈ পঠিয়াওক।”
সেইদিনা ৰাতি ৰামলালে যেতিয়া তেওঁৰ পত্নীক কথাটো ক’লে, মানুহজনীয়ে চিঞৰি উঠিল,
“আপুনি বলিয়া হৈছে নেকি? ছোৱালীহঁত পঢ়িবলৈ গ’লে সিহঁতক কোনে বিয়া কৰাব?”
কিন্তু, ৰামলালৰ তহচিলদাৰক অমান্য কৰাৰ সাহস নহ’ল। অৱশেষত তেওঁৰ পত্নীয়ে উপায় এটা উলিয়ালে,
“কি কৰিব লাগে মই কওঁ শুনক; ভ’লীকে বিদ্যালয়লৈ পঠিয়াই দিয়ক— যিহেতু তাইৰ কুৎসিত চেহেৰা আৰু বুদ্ধিহীনতাৰ বাবে দৰা পোৱাৰো সম্ভাৱনা নাই। বিদ্যালয়ৰ শিক্ষকসকলকে তাইৰ কথা চিন্তা কৰিবলৈ এৰি দিয়ক।”
পিছদিনা ৰামলালে ভ’লীক এহাতেৰে ধৰি লৈ কলে,
“মোৰ লগত আহচোন; তোক মই বিদ্যালয়লৈ লৈ যাওঁ।”
ভ’লীয়ে বৰ ভয় খালে; বিদ্যালয় খায়েই নে কাণতে পিন্ধে তাই নাজানে। তাইৰ মনত পৰিল—- কেনেকৈ কেইদিনমানৰ আগতে সিহঁতৰ বুঢ়ী গাই লক্ষ্মীক ঘৰৰপৰা উলিয়াই নি বেচি দিছিল!
“ন- ন- ন- নহ- নহ- নহয়”,
তাই ভয়তে চিঞৰি গগণ ফালিলে আৰু দেউতাকৰ হাতৰ খামোচৰপৰা নিজৰ হাতখন এৰুৱাবলৈ টানিবলৈ ধৰিলে।
“কি হৈছেনো তোৰ—- ইমানকৈ চিঞৰিছ যে! মূৰ্খ ছোৱালী”— ৰামলালেও চিঞৰিলে,
“মই তোক কেৱল বিদ্যালয়লৈহে নিবলৈ লৈছোঁ।”
তাৰ পাছত তেওঁ পত্নীৰ ফালে চাই ক’লে,
“তাইক আজি পৰিপাটিকৈ ভাল কাপোৰ পিন্ধাই দিয়া— নহ’লে শিক্ষকসকলে আৰু আন ল’ৰা- ছোৱালীবোৰে তাইক এনেকৈ দেখিলে আমাক কি বুলি ভাবিব বাৰু?”
ভ’লীলৈ তেতিয়ালৈকে একো নতুন কাপোৰ লোৱাই হোৱা নাছিল। বায়েকহঁতৰ এৰেহা পুৰণি কাপোৰহে তাই পিন্ধিবলৈ পাইছিল। তাইৰ কানি- কাপোৰবোৰ ধুই-পখালি তাইৰ গাত হোৱাকৈ কোনেও ঠিক- ঠাক কৰি দিয়াও নাছিল। কিন্তু আজি সৌভাগ্যবশতঃ বায়েক চম্পাৰ এযোৰ কেইবাৰমান ধোৱাৰ পাছত সৰু হৈ গাত নোখোৱা পৰিষ্কাৰ পোছাক তাই পিন্ধিবলৈ পালে। তাইক আনকি গা ধোওৱা হ’ল আৰু শুকান, জঁট বন্ধা চুলিখিনিত তেলো ঘঁহি দিয়া হ’ল। তেতিয়াহে তাই বিশ্বাস কৰিবলৈ ল’লে যে নিজৰ ঘৰতকৈ ভাল ঠাই এখনলৈ তাইক নিয়া হ’ব।
যেতিয়া তেওঁলোক বিদ্যালয় পালেগৈ, ল’ৰা-ছোৱালীবোৰ নিজৰ নিজৰ শ্ৰেণীকোঠাত সোমাই আছিল। ৰামলালে তেওঁৰ জীয়েকক প্ৰধান শিক্ষয়িত্ৰী গৰাকীক চমজাই দিলে। অকলে থাকি গৈ দুৰ্ভগীয়া ছোৱালীজনীয়ে ভয়ে ভয়ে চাৰিওফালে চালে। তাত ভালেমান কোঠা আছিল, আৰু প্ৰতিটো কোঠাতে তাইৰ সমান ছোৱালীবোৰে একোখন ঢাৰিৰ ওপৰত নিজৰ গোৰোহা পাৰি বহি হয় কিতাপ মেলি কিবা পঢ়ি আছিল, নহয় শ্লেটত কিবা লিখি আছিল। প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে ভ’লীক এটা কোঠালৈ নি চুক এটাত বহিবলৈ ক’লে।
বিদ্যালয় মানে নো কি আৰু ইয়াত কি কৰা হয় ভ’লীয়ে একোৱেই নাজানিছিল, কিন্তু প্ৰায় তাইৰ সমানেই ইমানবোৰ ছোৱালী দেখি তাইৰ বৰ ভাল লাগিল। তাই তাৰে এজনী হলেও তাইৰ সখী হৈ পৰিব বুলি আশা কৰিলে।
শ্ৰেণী কোঠাত থকা শিক্ষয়িত্ৰীগৰাকীয়ে ছোৱালীবোৰক কিবা এটা কৈ আছিল, কিন্তু ভ’লীয়ে একো বুজিব পৰা নাছিল৷ তাই বেৰত আঁকি থোৱা ছবিবোৰ চোৱাত লাগিল। ছবিৰ ৰংবোৰে তাইক একেবাৰে মুহি পেলালে— ঘোঁৰাৰ ৰংটো কেতিয়াবা গাঁৱলৈ আহোঁতে তহচিলদাৰ উঠি অহা ঘোঁৰাটোৰ নিচিনা বাদামী ৰঙৰ; ছাগলীজনী ক’লা— ওচৰৰ ঘৰৰ ছাগলীজনীৰ নিচিনা; ভাটৌ চৰাইটো আমৰ বাৰীত আম খাবলৈ অহা ভাটোবোৰৰ নিচিনা সেউজীয়া; আৰু গৰুজনী একেবাৰে সিহঁতৰ লক্ষ্মীৰ নিচিনাই। আৰু হঠাতে ভ’লীয়ে দেখিলে যে শিক্ষয়িত্ৰীগৰাকী তাইৰ নিচেই কাষতে ৰৈ তাইলৈ চাই মিচিকিয়াই হাঁহি আছে।
“কণমানিজনী, তোমাৰ নামটোনো কি বাৰু?”
“ভ- ভ- ভ-” তাই খোনাই খোনাই ইয়াতকৈ আৰু বেছি একো ক’ব নোৱাৰিলে।
তাৰ পাছত তাই এনেকুৱাকৈ কান্দিবলৈ আৰম্ভ কৰিলে যে তাইৰ চকুৰপৰা চকুপানীবোৰ অসহায়ভাৱে বানপানীৰ দৰে বৈ আহিবলৈ ধৰিলে। তাই মূৰটো তললৈ কৰি মজিয়াৰ চুকটোত বহি ল’লে; ছোৱালীবোৰলৈ মূৰ দাঙি চোৱাৰো সাহস নহ’ল —- তাই গম পাইছে সিহঁতে তাইলৈ চাই হাঁহি আছে।
বিদ্যালয়ৰ ঘণ্টা বজাৰ লগে লগে চিঞৰ বাখৰ কৰি কৰি ছোৱালীবোৰ বাহিৰলৈ ওলাই গ’ল, কিন্তু ভ’লীয়ে চুকটো এৰি থৈ উঠি যাবলৈ সাহস নকৰিলে। তাই তেতিয়াও তলমূৰকৈয়ে আছিল, কান্দোনটোও এৰা নাছিল ।
“ভ’লী”
শিক্ষয়িত্ৰী গৰাকীৰ মাতটো ইমান কোমল আৰু মৰমসনা! তাইৰ গোটেই জীৱনটোতে এনেকুৱা মাত এটা পোৱা নাই। ই তাইৰ অন্তৰ স্পৰ্শ কৰি গ’ল।
“উঠা।” শিক্ষয়িত্ৰীগৰাকীয়ে ক’লে। এয়া আদেশ নহয়— বন্ধুত্বসুলভ আহ্বানহে। ভ’লী থিয় হ’ল।
“এতিয়া তোমাৰ নামটো কোৱাচোন।”
তাইৰ গোটেই শৰীৰ ঘামেৰে তিতি গ’ল। তাইৰ খোনা জিভাই আকৌ নঠগিবনে? যেই কি নহওক, এই দয়ালু মানুহগৰাকীৰ বাবে তাই আকৌ এবাৰ চেষ্টা কৰিব খুজিলে। তেওঁৰ মাতটো ইমান মৰমসনা যে তেওঁ নিশ্চয় তাইক নাহাঁহিব।
“ভ’- ভ’- ভ’- ভ’-“, তাই খোনাবলৈ ধৰিলে।
“খুউব ভাল হৈছে, খুউব ভাল হৈছে।”
শিক্ষয়িত্ৰীগৰাকীয়ে তাইক উৎসাহিত কৰিলে।
“আৰু কোৱা, এতিয়া— গোটেই নামটো কোৱা।”
“ভ’- ভ’ – ভ’ – ভ’লী” অৱশেষত তাই ক’বলৈ সমৰ্থ হ’ল আৰু সকাহ পালে যেন এটা মহান কামহে কৰিলে।
“খুউব ভাল হৈছে।” শিক্ষয়িত্ৰীগৰাকীয়ে মৰমেৰে তাইৰ পিঠিত থপৰিয়াই দি ক’লে,
“তোমাৰ কলিজাত থকা ভয়টো উলিয়াই দিয়া আৰু তেতিয়া তুমি আনবোৰৰ নিচিনাকৈয়ে কথা ক’ব পাৰিবা।”
ভ’লীয়ে মূৰ তুলি চালে, যেন সুধিছে, ‘সঁচাকৈয়ে নে?’
“হয়তো! এইটো তেনেই সহজ কথা— তুমি মাত্ৰ সদায় বিদ্যালয়লে আহিব লাগিব। আহিবানে?”
ভ’লীয়ে মূৰ দুপিয়ালে।
“নহ’ব— ডাঙৰকৈ কোৱা।”
“হ- হ- হয়।” আৰু ভ’লী নিজেই অবাক হ’ল— তাই চোন ক’ব পাৰিলে ।
“সেয়া, মই নকৈছিলো নে? এতিয়া কিতাপখন লোৱা।”
কিতাপ খন ধুনীয়া ধুনীয়া ছবিৰে ভৰি আছে; আৰু ছবিবোৰ ৰঙীণ—- কুকুৰ, মেকুৰী, ছাগলী, ঘোঁৰা, ভাটৌ, বাঘ আৰু লক্ষ্মীৰ নিচিনা এজনী গাই গৰু। আৰু প্ৰতিটো ছবিতে ডাঙৰ ডাঙৰ ছপা আখৰৰ একোটা শব্দ আছে।
“এমাহৰ ভিতৰতে তুমি এই কিতাপখন পঢ়িবলৈ সমৰ্থ হ’বা। তেতিয়া মই তোমাক ইয়াতকৈ ডাঙৰ কিতাপ এখন দিম। সময়ত তুমি গাঁৱৰ আন মানুহবোৰৰ নিচিনাই জনা-বুজা হ’বাগৈ। তেতিয়া তোমাক কোনেও হাঁহিব নোৱাৰিব। মানুহে তোমাৰ কথা সম্ভ্ৰমেৰে শুনিব আৰু তুমি অকণো নোখোনোৱাকৈ কথা ক’ব পাৰিবা। বুজিছানে? এতিয়া ঘৰলৈ যোৱা, আৰু কাইলৈ ৰাতিপুৱা সোনকালে ইয়ালৈ আহিবা।”
ভ’লীয়ে অনুভৱ কৰিলে— হঠাতে যেন গাঁৱৰ মন্দিৰটোৰ সকলোবোৰ ঘণ্টা বাজিবলৈ ধৰিছে আৰু বিদ্যালয়ৰ সমুখত থকা গছবোৰ ৰঙা ৰঙৰ ডাঙৰ ডাঙৰ ফুলেৰে ভৰি পৰিছে। তাইৰ কলিজাটো নতুন আশা আৰু এটা নতুন জীৱনেৰে ঢিপ্ ঢিপ্ কৈ কোবাবলৈ ধৰিলে।
এনেকৈয়ে বছৰবোৰ পাৰ হ’ল।
গাওঁখন এখন সৰু নগৰ হৈ পৰিল। সৰু প্ৰাথমিক বিদ্যালয়খন মাধ্যমিক বিদ্যালয় হ’লগৈ। তাত টিঙৰ চালি এখনৰ তলত এটা সৰু চিনেমা ঘৰ আৰু এটা কপাহৰপৰা সূতা কটা যন্ত্ৰও বহুওৱা হ’ল। তাত থকা ষ্টেচনটোত মেইল ট্ৰেইনখনো ৰখোৱা হ’ল।
এদিনাখন ৰাতি ভাত-পানী খাই উঠি ৰামলালে তেওঁৰ পত্নীক ক’লে,
“বিশ্বম্ভৰৰ প্ৰস্তাৱটো মানি লওঁ নে কি?”
“হয় , নিশ্চয় মানি ল’ম।”
তেওঁৰ পত্নীয়ে ক’লে,
“এনেকুৱা ভাল ঘৰৰ দৰা পোৱাতো ভ’লীৰ বাবে ভাগ্যৰ কথাহে। এখন ডাঙৰ দোকান, তেওঁৰ নিজৰ এটা ঘৰ আৰু মই শুনিছো— বেঙ্কত তেওঁৰ ভালেমান টকা আছে। তাতকৈও ডাঙৰ কথাটো হৈছে যে তেওঁ একো যৌতুক বিচৰা নাই।”
“সেইবোৰ বাৰু ঠিকেই আছে; কিন্তু, তেওঁৰ বয়সটোহে অলপ বেছি— প্ৰায় মোৰ সমানেই আৰু তেওঁ লেঙেৰাও। তেওঁৰ আগৰ ঘৈণীয়েকৰ ফালৰ ল’ৰা- ছোৱালীবোৰো ডাঙৰ হ’ল।”
“তাতে কি হ’ল?” তেওঁৰ পত্নীয়ে উত্তৰ দিলে।
“পঞ্চল্লিছ বা পঞ্চাশ— এয়া মতা মানুহৰ কাৰণে বৰ বেছি বয়স নহয়। তেওঁ যে বেলেগ গাঁৱৰ মানুহ বাবে তাইৰ মুখৰ বসন্তৰ দাগ আৰু তাই আঁকৰী বুলি নাজানে, সেইবাবে আমি ভাগ্যৱান হে। আমি যদি এই প্ৰস্তাৱটো মানি নলওঁ, তেন্তে তাই গোটেই জীৱনটো আবিয়ৈ হৈ ৰৈ যাব।”
“বাৰু, পিছে ভ’লীয়ে কি ক’ব মই ধৰিব পৰা নাই।”
“সেই অভংজনীয়েনো কি ক’ব? তাই এজনী বোবা গৰুৰ নিচিনাহে।”
“তোমাৰ কথাই ঠিক তেনেহ’লে।” ৰামলালে থেৰোগেৰোকৈ ক’লে।
চোতালখনৰ সিটো চুকত ভ’লীয়ে তাইৰ ঢাৰিখনত পৰি থাকি মাক- দেউতাকৰ ফুচফুচিয়া মেলখন শুনি থাকিল।
বিশ্বম্ভৰ নাথ এজন আঢ্যৱন্ত দোকানী। তেওঁ বিয়াৰ বাবে বন্ধু-বান্ধৱ তথা মিতিৰ-কুটুম্বৰ এটা বৃহৎ দল লৈ কইনাৰ ঘৰলৈ আহিল। এটা বেণ্ডপাৰ্টিৰ দলে এখন জনপ্ৰিয় হিন্দী চিনেমাৰ গীতৰ সুৰ এটা বজাই বজাই সুসজ্জিত ঘোঁৰা এটাৰ পিঠিত দৰাক লৈ শোভাযাত্ৰা কৰি আহিছে। ৰামলালে এই হুলস্থূলীয়া জাকজমকতাখিনি আনন্দেৰে উপভোগ কৰিলে। তেওঁ আগতে কেতিয়াও কল্পনাই কৰা নাছিল যে তেওঁৰ এই চতুৰ্থ জীয়ৰীৰ ইমান ডাঙৰকৈ বিয়া এখন হ’ব! ভ’লীৰ বিয়ালৈ অহা বায়েক কেইজনীয়ে তাইৰ সৌভাগ্য দেখি ঈৰ্ষাই কৰিলে।
যেতিয়া সম্প্ৰদানৰ সেই মাঙ্গলিক সময় আহি পৰিল, পুৰোহিতে ক’লে,
“কইনাজনী লৈ আনা।”
পাটৰ ৰঙা কইনাৰ পোছাকেৰে আবৃত্ত ভ’লীক পবিত্ৰ অগ্নিৰ ওচৰৰ কইনাৰ ঠাইলৈ অনা হ’ল।
“কইনাক মালাদাল পিন্ধাই দিয়া।”
বিশ্বম্ভৰক তেওঁৰ বন্ধু এজনে মনে মনে ক’লে।
দৰাই হালধীয়া নাৰ্জীফুলৰ মালাদাল দাঙি ল’লে। তেনেতে এগৰাকী মহিলাই কইনাৰ মূৰৰ ওৰণিখন অকণমান পিছলৈ টানি দিলে। বিশ্বম্ভৰে মূহূৰ্তৰ বাবে কইনাৰ মুখখন দেখা পালে—–মালাদাল তেওঁৰ হাততে ৰ’ল। কইনাই আকৌ ওৰণিখন টানি মুখখন ঢাকিলে।
“তুমি তাইক দেখিলানে?”
বিশ্বম্ভৰে তেওঁৰ ঠিক পিছতে থকা বন্ধুজনক সুধিলে। “তাইৰ মুখত বসন্তৰ দাগ আছে।”
“তাতে কি হ’ল? তোমাৰোতো বয়স হৈছে।”
“হ’ব পাৰে। কিন্তু মই তাইক বিয়া কৰাবলৈ হ’লে তাইৰ দেউতাকে মোক নগদ পাঁচহাজাৰ টকা দিবই লাগিব।”
ৰামলাল আগুৱাই আহি তেওঁৰ তেওঁৰ মান-সন্মান পাগুৰিটো খুলি বিশ্বম্ভৰৰ ভৰিৰ ওচৰত থ’লে।
“মোক এনেকৈ লাজত নেপেলাব । দুহেজাৰ টকাহে দিব পাৰিম।”
“নহ’ব— পাঁচ হাজাৰ লাগিবই, নহ’লে আমি ঘূৰি যাওঁ। তোমাৰ ছোৱালী লৈ যোৱা।”
“অকণমান দয়া কৰক। যদি আপুনি ঘূৰি যায় মই আৰু কেতিয়াও গাঁৱত মুখ উলিয়াব নোৱাৰিম।”
“তেনেহলে পাঁচহাজাৰ টকা উলিয়াই দিয়ক।”
ৰামলালৰ মুখলৈ চকুপানী বৈ আহিল। তেওঁ ভিতৰলৈ সোমাই গৈ চেফটো খুলি টকাখিনি হিচাব কৰি উলিয়াই আনিলে আৰু দৰাৰ ভৰিত সেইখিনি থ’লেগৈ।
বিশ্বম্ভৰৰ লুভীয়া মুখখনত জয়ৰ হাঁহিয়ে দেখা দিলে। তেওঁ জুৱা খেলি জিকিল।
“মোক এতিয়া মালাদাল দিয়া”— তেওঁ ঘোষণা কৰিলে।
আকৌ এবাৰ কইনাৰ মূৰৰপৰা ওৰণিখন খহি পৰিল—- কিন্তু, এইবাৰ তাইৰ চকুযোৰ তললৈ নগ’ল। তাই ওপৰলৈ চালে, পোনে পোনে তাইৰ হ’বলগা স্বামীলৈ চালে; আৰু তাইৰ দৃষ্টিত খঙো নাছিল, ঘৃণাও নাছিল—- আছিল এক শীতল চাৱনি।
বিশ্বম্ভৰে মালাদাল ঘূৰণীয়া কৰি কইনাৰ ডিঙিত থ’বলৈ আকৌ দাঙি ল’লে; কিন্তু তেওঁ কামটো কৰাৰ আগতেই ভ’লীয়ে বিজুলী সঞ্চাৰে নিজৰ হাতেৰে মালাদাল আঁজোৰ মাৰি নি জ্বলি থকা জুইকুৰাত দলিয়াই দিলে। তাই ওৰণিখন দলিয়াই থিয় হ’ল।
“দেউতা”
ভ’লীয়ে পৰিষ্কাৰ ডাঙৰ মাতেৰে কলে ; আৰু তাইৰ দেউতাক, মাক , বায়েককেইজনী , ককায়েক-ভায়কহঁত , আত্মীয়সকল আৰু ওচৰ-চুবুৰীয়াসকল—- সকলোৱেই অবাক হৈ শুনিলে এবাৰো নোখোনোৱাকৈ কোৱা তাইৰ কথাখিনি।
“দেউতা, আপোনাৰ টকাখিনি ঘূৰাই লওক। মই এই মানুহজনৰ লগত বিয়া নহওঁ।”
ৰামলালৰ মূৰত যেন বজ্ৰপাতহে পৰিল। আলহীবোৰে ফুচফুচনি আৰম্ভ কৰিলে,
“ইমান নিলাজ ছোৱালী! দেখিবলৈতো কুৎচিতেই— তাতে নিলাজ!”
“ভ’লী, তোৰ মূৰ বেয়া হৈছে নেকি?”
ৰামলালে চিঞৰিলে— “তই ঘৰখন পাপত ডুবাব খুজিছ নেকি? আমাৰ সন্মানৰ প্ৰতি চিন্তা আছেনে তোৰ?”
“আপোনাৰ সন্মান ৰক্ষাৰ বাবেই” ভ’লীয়ে ক’লে, “মই এই লেঙেৰা বুঢ়া মানুহজনৰ লগত বিয়া হ’ব খুজিছিলো। কিন্তু মই এতিয়া এই লোভী, অথৰ্ব, কাপুৰুষ মানুহজনক মোৰ স্বামী হিচাবে মানি নলওঁ। মই নামানো, মই নামানো, মই নামানো।”
“কেনেকুৱা নিলাজ ছোৱালী অ’ এইজনী! আমি আক’ একেবাৰে নিমাখিত বোবা গাইগৰুৰ নিচিনা বুলিহে ভাবিছিলো।”
ভ’লীয়ে হিংস্ৰভাৱেৰে বুঢ়ী মানুহ গৰাকীলৈ ঘূৰি চালে,
“হয় খুৰীদেউ, আপুনি ঠিকেই কৈছে। আপোনালোক সকলোৱে ভাবিছিল যে মই এজনী আনে খেদি লৈ ফুৰিব পৰা গাইগৰু। সেইকাৰণে আপোনালোকে মোক এই অন্তৰহীন প্ৰাণীটোক দি দিব খুজিছিল। কিন্তু এতিয়া সেই গৰুজনীয়ে, সেই খোনা মূৰ্খজনীয়ে কথা ক’বলৈ ধৰিছে। আপুনি আৰু শুনিব নেকি তাইৰ কথা?”
বিশ্বম্ভৰ নাথ দোকানী তেওঁৰ দল বল লৈ ঘূৰি যাবলৈ ধৰিলে। বেণ্ডপাৰ্টীৰ দলটোৱে কথাবোৰ ধৰিব নোৱাৰি বিয়াখন শেষ হ’ল বুলি ভাবিলে আৰু সামৰণিৰ গীতৰ সুৰ এটা বজাবলৈ লাগিল৷
মাটিত ৰুই থোৱা গছ এজোপাৰ নিচিনাকৈ ৰামলাল থৰ হৈ থিয় দি থাকিল। লাজ আৰু দুখত তেওঁৰ মূৰটো তললৈ দোঁ খাই পৰিল।
হোমৰ জুইকুৰা লাহে লাহে জ্বলি শেষ হৈ গ’ল। সকলো মানুহ গুচি গ’ল। ৰামলালে ভ’লীলৈ ঘূৰি চাই ক’লে,
“কিন্তু তই এতিয়া কি কৰিম বুলি ভাবিছ? কোনেও আৰু তোক বিয়া কৰাবলৈ নাহে। তোক লৈ আমি কি কৰোঁ এতিয়া কচোন।”
আৰু সুলেখাই শান্ত তথা দৃঢ় মাতেৰে ক’লে,
“আপুনি চিন্তা নকৰিব দেউতা। আপোনালোকৰ বুঢ়া বয়সত মই আপোনাক আৰু মাক সুশ্ৰূষা কৰিম আৰু মই যিখন বিদ্যালয়ৰপৰা ইমান কথা শিকিলো তাতে মই পঢ়ামগৈ। মই ঠিকেই কোৱা নাইনে বাইদেউ?”
শিক্ষয়িত্ৰীগৰাকীয়ে নাটকখন চাই চাই গোটেই সময়খিনি চুক এটাত থিয় দি আছিল।
“হয় ভ’লী, ঠিকেই কৈছা”, তেওঁ উত্তৰ দিলে।
আৰু তেওঁৰ হাঁহি থকা চকুহালে গভীৰ সন্তুষ্টি প্ৰকাশ কৰিলে—- যেন এজন শিল্পীয়ে বহুত দিন ধৰি সৃষ্টি কৰি থকা তেওঁৰ শ্ৰেষ্ঠ শিল্পকৰ্মটোৰ সামৰণিহে মাৰিলে।