মই কাপুৰুষ নহয়-প্ৰদীপ বৰা
২০১০ চনতে ভাগ্যপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা ৰাজ্যিক কৃতী শিক্ষকৰ
সন্মান পোৱা অধ্যক্ষ ভৱানী বল্লভ গোস্বামীয়ে বোৱাৰী পুৱাতে বিছনা ত্যাগ কৰি জুহালত অলপ পানী গৰম কৰি মুখ ধুই এগিলাচ গৰম পানী খাই শাকনিবাৰীত সোমাই কেইটামান পাচলি ছিঙি আনিলে। হেণ্ডালিত থকা লতাজাতীয় পাচলিৰ গছবিলাকৰ বুঢ়া পাতবিলাক কাটি পেলালে ৷ তাৰ পিছত কিছুসময় বাৰাণ্ডাৰ আৰামী চকীখনত গাটো এৰি দি কিছুমান বেবেৰিবাং চিন্তাৰ জগতখনৰ মাজত কুৰুকি কুৰুকি সোমাই পৰিল। মোবাইলটোত তেতিয়া সময় ৭ বাজি ৩৫ মিনিট । বহুত দিনৰ মূৰত সন্মুখত থকা বাগানখনৰ চিৰিচ গছৰ পাতৰ মাজেদি বেলিটোৱে খাওঁ খাওঁ মূৰ্তি ধৰি আগুৱাই আহিছে ৷ তেওঁৰ বাবে একাপ চাহৰ খুব প্ৰয়োজন হৈছে ৷ কিন্তু হ’লে কি হ’ব ! পৰিবাৰ, দুই পুত্ৰ দুই বোৱাৰী, দুই নাতি এতিয়াও নিদ্ৰাদেৱীৰ সুকোমল কোলাত।নাই, বাট চাই থাকি একো লাভ নাই।সেয়ে তেওঁ নিজে উঠি গৈ লাল চাহ অকণমান বনাই মেৰিগ’ল্ড বিস্কুট দুখনত গুড় অকণমান লগাই বাহিৰৰ বাৰাণ্ডাৰ চকীখনত বহি ল’লে।সন্মুখৰ ৰাষ্টাৰে টিউচন ল’বলৈ জাকপাতি ল’ৰা-ছোৱালী গৈ আছে ৷ দুই এটাৰ মুখত স্বতঃস্ফূৰ্তভাৱে অবাইচ মাতবিলাক ওলাই বায়ু তৰঙ্গত মিহলি হৈ গৈছে।কিছু সময়ৰ পিচত হয়তো পৰিয়ালৰ সদস্যসকল উঠিব। হুৰমূৰকৈ কাম কৰি ভাত বনাই স্কুল টিফিনৰ যোগাৰ কৰি নাতিক চাফচিকুণ কৰি স্কুললৈ নিব।নাতি আৰু বোৱাৰীক কোনোবা এটাই থৈ আহিবগৈ।
ঘৰত সময় পোৱাসকলে ‘বাবাৰ আমুকটো’ ‘বাবাৰ তামুকটো’ বুলি সমালোচনাত পঞ্চমুখ হৈ পৰিব। সমাজত অগ্ৰস্থান লৈ ফুলাম গামোচাৰে সততে সম্বৰ্দ্ধনা পোৱা গোস্বামীয়ে সকলো নিৰবে সহ্য কৰি যাব। ন’হলেতো উপায় নাই ৷ তেওঁ ভাবে তেওঁৰ দোষ নিজৰেই কাৰণ তেওঁ সংসাৰৰ জালখন বহলকৈ মেলি ল’লে। চাৰিটা ল’ৰা ছোৱালী মেজৰসহ গ্ৰেজুৱেট কৰিলে সঁচা কিন্তু কাকো এটা চাকৰিৰ সুবিধা কৰি দিব নোৱাৰিলে। তেওঁৰ পুতেকৰ লগৰ বন্ধু সদা কছাৰী , বীৰেন দাস আদিয়ে চাকৰি কৰি সুখে সন্তোষে ঘৰ চলাই আছে। গতিকে তেওঁক পৰিয়ালে কৰা তীৰ্যক সমালোচনা বিলাক শুনিবলৈ বাধ্য ৷ তেওঁৰ বৰ্তমান শৰীৰৰ এটা অংশৰ প্ৰায় ১০% নাৰ্ভৰ সমস্যাৰ বাবে অক্ষম ৷ এই সমস্যাৰ শতাংশ যদি আৰু বাঢ়ি যাই তেন্তে তেওঁৰ কি পৰিস্থিতি হ’ব!কথাবোৰ ভাবিলে মগজুৰ স্পন্দন বাঢ়ি যায়।
তেওঁ তেতিয়া পলায়ন কৰি মহাপ্ৰস্থান কৰিবনেকি ? তেওঁ আকৌ ভাবে,ওহোঁ তেওঁ কেতিয়াও তেনে গৰ্হিত কাম কৰিব নোৱাৰে ৷ হিন্দু শাস্ত্ৰমতে তেনে কাম কৰা মহাপাপ।চূড়ান্ত কাপৰুষালি ৷ তেনে লোকৰ বাবে পৰিয়ালৰ ব্ৰত,অশৌচ , শুদ্ধিকৰণ আৰু শ্ৰাদ্ধ নাথাকে বোলে।তেনে কাৰ্যৰ পিছত সমাজত তেওঁৰ বিষয়ে বিভিন্নজনৰ মুখত সঁচাই মিছাই বিভিন্ন মন্তব্য ওলাব।
নাই এনে সুবিধা আনক কেতিয়াও দিব নোৱাৰি। তাতকৈ তেওঁ ঘৰৰপৰা ৬ কিঃমিঃ আতঁৰত থকা ৬ বিঘা মাটিত বাসস্থান এটি সাজি সৰু ব্যৱসায় কৰি আমৃত্যু ঈশ্বৰ উপাসনা কৰি জীয়াই থকাই ভাল।
গোস্বামীয়ে আজি এই সিদ্ধান্ত চূড়ান্ত কৰি পেলালে।