মই নাৰী-কুমকুম দেৱী শৰ্মাবৰুৱা
মই এগৰাকী নাৰী
এক প্ৰতিবাদী কণ্ঠ,
নম্ৰতাৰ প্ৰতীকো মই
নহওঁ সহজে উত্তপ্ত।
বয়োজ্যেষ্ঠজনক সন্মান কৰোঁ
পুৰুষ-নাৰী নিৰ্বিশেষে,
কিন্তু সঁচা কথাটিও
কওঁ মই শীতল মগজুৰে।
প্ৰকৃতিৰ নিয়ম মানি
সন্তান জন্ম আৰু পালন,
আনন্দেৰে কৰোঁ মই
সকলোৰে সন্তানক মৰম।
মই নহওঁ ক্লান্ত
ভীৰু, দুৰ্বলা, নাৰী,
সততাৰে যুঁজি যাম
নিজৰ প্ৰাপ্য ল’ম আঁজুৰি।
সৰুবোৰক কৰোঁ মৰম
তথাপি নুবুজে যদি,
থাকক নিজৰ পৃথিৱীতে
কদাপি নকৰোঁ আমনি।
এই পৃথিৱী সকলোৰে ঘৰ
বিচৰণ মাথোঁ দুদিনৰ,
কাল ধুমুহাই কেতিয়া উৰায়
মূল্য নাই অহংকাৰৰ।
5:22 PM
সুন্দৰ