সঁচাকৈয়ে -হৰিচন্দ্ৰ ডেকা
গোলাপৰ যদি কাঁইটেই নাথাকে
ফুলৰ সুবাসৰ মাদকতা ক’ত?
উষাৰ উজ্জ্বল ৰশ্মিত
যদিহে চকু চাট মাৰি নধৰে
সূৰ্য্যোদয়ৰ সৌন্দৰ্য্যই বা ক’ত?
দুবৰি বনৰ শীতল পৰশত যদি
নিয়ৰৰ চিটিকনি নপৰে
প্ৰাতঃভ্ৰমণৰ আনন্দ ক’ত?
দুখেই যদি নাথাকে জীৱনত
সুখী হোৱাৰ বিলাসিতা ক’ত?
খলাবমা শিলাময় পথত
যদি তুমি উজুটিয়ে নোখোৱা
ৰক্তক্ষৰণৰ আঘাতৰ শিহৰণ
কিদৰে অনুভৱ কৰিবা?
অনাহাৰী বন্যাৰ্তৰ মাজত যদি
তুমি এটা দিনো নকটোৱা
বানপানীৰ তাণ্ডৱৰ কথা
কিদৰে হৃদয়ঙ্গম কৰিবা?
সোঁতৰ বিপৰীতে যদি
এবাৰো সাঁতুৰি নোচোৱা
বিশাল জলধাৰাৰ শক্তি
কিদৰে অনুভৱ কৰিবা ?
তোমাৰ সোঁহাতখনেৰে যদি
মোৰ হাতৰ মুঠিত নধৰা
বিশ্বাসৰ এৱাঁসূতাডাল
কিদৰে ধৰি ৰাখিবা?