সম্পাদকীয়-ইলি তালুকদাৰ
চিৰ চেনেহী মোৰ ভাষা জননী।
বিদ্যালয়ত পঢ়ি থাকোঁতে ইংৰাজী সাহিত্যত ফ্ৰান্সৰ প্ৰখ্যাত সাহিত্যিক আলফন্স ডাউডেডে (Alphonse Dauded) লিখা ‘The last lesson’ নামৰ পাঠ এটা পঢ়াৰ সুযোগ মিলিছিল। সেই বয়সতে পাঠটো পঢ়ি মাতৃভাষা কিমান আপোন হ’ব পাৰে আৰু আপোন ভাষাটো হেৰুওৱাৰ বেদনা কিমান গভীৰ হ’ব পাৰে সেই কথা অনুধাৱন কৰি বুকুখন শোকে খুন্দা মাৰি ধৰিছিল। প্ৰুছিয়াৰ হাতত ফ্ৰান্সৰ পৰাজয়ৰ পাচত আলচেছ (Alsace) আৰু লোৰেইন(Lorraine)ৰ শিক্ষানুষ্ঠান সমূহত ফৰাচী ভাষাৰ পৰিৱৰ্তে জাৰ্মান ভাষা প্ৰচলনৰ বাবে বাৰ্লিনৰ পৰা নিৰ্দেশ আহিছিল। তাৰেই পটভূমিত ৰচিত এই কাহিনী।
কাহিনীটোত মিঃ হেমেল নামৰ শিক্ষকজনে তেওঁৰ জীৱনৰ শেষ পাঠটো বুজাবলৈ গৈ অতি আবেগিক হৈ পৰিছিল। ফ্ৰাঞ্জ নামৰ ছাত্ৰজনে পঢ়াশুনাত মনোযোগ নিদিয়া বাবে নিজৰ মাতৃভাষা ফৰাচী ভাষাটোকে ভালদৰে শিকিব নোৱাৰিলে।
সিদিনা বিদ্যালয়ৰ পৰিবেশ আছিল সম্পূৰ্ণ বিপৰীত। কিবা এক অজান আশংকাত বিদ্যালয়খনত অস্বাভাৱিক নীৰৱতাই বিৰাজ কৰিছিল। শ্ৰেণীকোঠাৰ পিচৰ বেঞ্চবোৰ ছাত্ৰ-ছাত্ৰীৰ উপৰিও গাঁৱৰ কিছু অন্য মানুহেৰে ভৰি আছিল। গোটেই পৰিবেশটো ফ্ৰাঞ্জৰ বাবে আচহুৱা আছিল। এনেতে শিক্ষক মিঃ হেমেলে অতি দুখেৰে ঘোষণা কৰিছিল যে এইটোৱেই হ’ব তেওঁৰ ফৰাচী ভাষাত শিকোৱা অন্তিমটো পাঠ। কিয়নো পিচদিনাৰপৰা শিক্ষানুষ্ঠানত ফৰাচী ভাষাৰ সলনি জাৰ্মান ভাষাত শিক্ষাদান কৰিবলৈ বাৰ্লিনৰ পৰা নিৰ্দেশ জাৰি কৰা হৈছিল। এই কথাত ফ্ৰাঞ্জকে ধৰি শ্ৰেণীকোঠাত থকা সকলোৱেই অনুশোচনা কৰিছিল যে যথাসময়ত নিজৰ ভাষাটো ভালদৰে নিশিকাৰ ফলত তেওঁলোকে মাতৃভাষাটো ভালদৰে শিকাৰ আৰু সুযোগ নাপাব। শিক্ষকজনে আক্ষেপ কৰি কৈছিল প্ৰুছিয়াৰ লোকসকলে যেতিয়া আমাক প্ৰশ্ন কৰিব যে তোমালোকে নিজৰ মাতৃভাষাটোক ভালদৰে নাজানা, তেন্তে তোমালোকে নিজক কেনেকৈ ফৰাচী বুলি দাবী কৰা? তেওঁ কৈছিল মাতৃভাষা হ’ল পৰাধীন জাতি এটাৰ স্বাধীনতাৰ চাবিকাঠি। বিদ্যালয়ৰ ছুটীৰ সময় আহি পৰাৰ লগে লগে শিক্ষকজন আবেগত বাকৰুদ্ধ হৈ পৰিছিল আৰু ব্লেকবোৰ্ডত লিখিছিল
—-ভিভো-লা-ফ্ৰান্স, যাৰ অৰ্থ——ফ্ৰান্স দীৰ্ঘজীৱী হওক।
এই কাহিনীটোৰপৰা অসমীয়া জাতিয়ে শিকিবলগীয়া কথাটো হ’ল ভাষা হৈছে এটা জাতিৰ মূল পৰিচয়। মাতৃভাষা হেৰোৱা মানে এটা জাতিৰ পৰিচয় লুপ্ত হোৱা। কোনো এটা জাতিৰ ভাষা মাথোঁ ভাব প্ৰকাশৰ মাধ্যমেই নহয়, ইয়াত জড়িত হৈ আছে সেই জাতিৰ ঐতিহ্য, লোককথা, লোকাচাৰ-পৰম্পৰা, জাতিটোৰ আচাৰ-ব্যৱহাৰ সকলো। গতিকে ভাষা হেৰাই যোৱা মানে সেই জাতিৰ পৰিচয় হেৰাই যোৱা।
বৰ্তমান বিশ্বায়নৰ যুগত সমগ্ৰ পৃথিৱীখনেই এক গাঁৱলৈ উন্নীত হোৱাৰ সময়ত ক্ষুদ্ৰ জাতি-জনগোষ্ঠী সমূহলৈ আহি পৰিছে অস্তিত্বৰ সংকট। বৃহৎ জাতিগোষ্ঠী আৰু ভাষাৰ আগ্ৰাসনৰ কবলত ক্ষুদ্ৰ জাতি সত্বা আৰু ভাষাসমূহে ককবকাব লাগিছে। অসমীয়া ভাষাও এই দুৰ্যোগৰ পৰা মুক্ত নহয়। বৰ্তমান অসমীয়া ভাষা শুদ্ধকৈ ক’ব আৰু লিখিবপৰা লোকৰ সংখ্যা কমি আহিছে। আজি ব্যক্তিগত বৈদ্যুতিন মাধ্যম, এফ এম ৰেডিঅ’ আদিত অসমীয়া ভাষাৰ ব্যৱহাৰ দেখি, শুনি দুখ লাগে। আইৰ মুখৰ ভাষা আজি এনেদৰেই বিকৃত হ’ব লাগিছে।
প্ৰায় ডেৰহাজাৰ বছৰ ধৰি আমাৰ সুৱদী সুৰীয়া অসমীয়া ভাষাটোৱে স্বমহিমাৰে মহিমামণ্ডিত হৈ বিশ্ব দৰবাৰত মূৰ দাঙি থিয় হৈ আছে যদিও এই পথ মসৃণ বুলি ক’ব নোৱাৰি। নানা ঘাত-প্ৰতিঘাত অতিক্ৰমি ভাষাটো আজি এই পৰ্যায় পাইছেহি। মানৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ অজুহাতত ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম বৃটিছৰ অধীনলৈ যায় আৰু লগে লগে অসমৰ স্বাধীনতাৰ বেলি মাৰ যায়। ইয়াৰ লগে লগে বৃটিছৰাজ আৰম্ভ হোৱাত ১৮৩৬ চনত এচাম সুবিধাবাদী বঙালী ভদ্ৰলোকে অসমৰ শিক্ষানুষ্ঠান আৰু অফিচ কাছাৰীত চক্ৰান্ত কৰি অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙালী ভাষা জাপি দিয়ে। এই আঘাতৰপৰা ভাষা জননীক উদ্ধাৰ কৰাৰ বাবে অসম মাতৃৰ অনেক সুসন্তানে অহোপুৰুষাৰ্থ কৰিছিল। ইয়াৰ পাচতো ১৯৬০ চনৰ ভাষা আন্দোলন, ১৯৭২ চনৰ মাধ্যম আন্দোলনত অসমীয়া ভাষাটো প্ৰতিষ্ঠা কৰাৰ বাবে অসমীয়া ৰাইজ ৰাজপথলৈ ওলাই আহিব লগা হৈছিল। আন্দোলনত কেবাগৰাকীও ব্যক্তি ছহিদ হ’বলগা হৈছিল।
অৱশ্যে এই কথাও সত্য যে ভাষা-সংস্কৃতি স্থিতিশীল বিষয় নহয়। আৰ্থসামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক পৰিবেশৰ বাবে ভাষাৰ বিকাশ, ৰূপান্তৰ আৰু পৰিবৰ্তন হয়। আমাৰ ভাৰতবৰ্ষত সৰু বৰ ১৯,৫০০তকৈও অধিক ভাষা আৰু দোৱানৰ ভাষা আছে। ইয়াৰ মাজৰে ১৯৬ টা ভাষা সম্প্ৰতি বিপদাপন্ন ভাষা বুলি চিহ্নিত হৈছে। সমীক্ষাই কয় যে ভাৰতত বিগত ৬০ টা বছৰত ২৫০ টা ভাষাৰ ইতিমধ্যে কৰুণ মৃত্যু ঘটিছে। সেই ভাষা কোৱা লোকৰ সংখ্যা হ্ৰাস পোৱাটোৱেই ইয়াৰ মূল কাৰণ।
অসমীয়া ভাষাও আজি সংকটৰ গৰাহত। বিগত কিছু বছৰৰ তথ্যই প্ৰমাণ কৰে যে অসমত অসমীয়াভাষী লোকৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাইছে। লোকপিয়লৰ তথ্য অনুসৰি ১৯৯১ চনত অসমীয়াভাষী লোকৰ সংখ্যা আছিল ৫৭.৮১%, ২০০১ চনত এই সংখ্যা হ্ৰাস হৈ হয়গৈ ৪৮.৩৮%। বিপৰীতে এই সময়ছোৱাত বাংলাভাষী আৰু হিন্দীভাষী লোকৰ সংখ্যা বৃদ্ধি হয়। ২০০১ চনত বাংলাভাষী লোকৰ সংখ্যা আছিল ২৭.৫%, ২০১১ চনত এই সংখ্যা বৃদ্ধি হৈ হয় ২৯.৯১%। চৰ চাপৰিৰ বংগমূলীয় ইছলামধৰ্মী লোকে মাতৃভাষা অসমীয়া বুলি পৰিচয় দিয়া বাবেহে অসমীয়া ভাষাটো অসমত তিষ্ঠি আছে। তেওঁলোকে যদি অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলাভাষা মাতৃভাষা বুলি লিখিবলৈ লয়, অসমীয়াভাষী লোকৰ সংখ্যা কিমানলৈ নামিব সেয়া সহজেই অনুমেয়।
এনে পৰিস্থিতিত আজি নিজৰ ৰাজ্যতে অসমীয়া ভাষাটোক ৰক্ষা কবচৰ প্ৰয়োজন আহি পৰিছে। অসমীয়া ভাষাৰ মৰ্যাদা অক্ষুন্ন ৰাখিবলৈ হ’লে ভাষাটোক ভালপোৱা ৰাইজৰ উপৰিও চৰকাৰৰ সদিচ্ছাৰ প্ৰয়োজন হ’ব। আজি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰিবলৈ শিক্ষাৰ্থী আৰু অভিভাৱক ইচ্ছুক নহয়। শিক্ষাৰ্থীৰ অভাৱত বহু বিদ্যালয় ইতিমধ্যে বন্ধ হৈ পৰিছে। কিয় এনে পৰিস্থিতি? মাতৃভাষাৰ বিদ্যালয়সমূহক গুৰুত্বহীন কৰি অসমীয়া ভাষাৰ শ্মশান যাত্ৰাৰ পথ প্ৰশস্ত কৰিবলৈ এয়া কাৰোবাৰ ষড়যন্ত্ৰ নহয়তো? এই ষড়যন্ত্ৰ প্ৰতিজন অসমপ্ৰেমীয়ে প্ৰতিহত কৰিবই লাগিব।
অসমীয়া ভাষাৰ চৰকাৰী বিদ্যালয় সমূহক ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ মুখামুখি হ’ব পৰাকৈ সক্ষম কৰি তুলিব লাগিব। চৰকাৰী শিক্ষকক নিৰ্বাচন, লোকপিয়ল, এন আৰ চি আদি কামৰপৰা ৰেহাই দি কেৱল শিক্ষাদান কাৰ্যত মনোনিবেশ কৰাৰ সুবিধা দিয়ক। বিদ্যালয় মহাবিদ্যালয় আদিত শিক্ষকৰ খালী হৈ থকা পদসমূহ শীঘ্ৰে পূৰণ কৰি শিক্ষাৰ পৰিবেশ সৃষ্টি কৰক। ইয়াৰ লগে লগে ইংৰাজী বিষয়টোত অধিক গুৰুত্ব প্ৰদান কৰি শিক্ষাৰ্থীৰ মাজত হীনমন্যতাবোধ দূৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। এনে কৰিলেহে অভিভাৱক আৰু শিক্ষাৰ্থীসকলৰ চৰকাৰী বিদ্যালয়ৰ প্ৰতি আস্থা ঘূৰি আহিব। ইতিমধ্যে দিল্লী, কেৰেলা আদি ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে। সদিচ্ছা আৰু একান্ত আগ্ৰহ থাকিলে অসমতো এনেকুৱা পৰিবেশ এটা ঠন ধৰি উঠা অসম্ভৱ নহয়।
অসমীয়া ভাষাৰ প্ৰতি আহিবপৰা সকলো ভয়াবহ সমস্যা মষিমূৰ কৰিবলৈ সকলো অসমীয়াই সজাগ হ’বৰ হ’ল। এইটো কোনো অসমীয়া ব্যক্তিৰে কাম্য নহয় যে আমাৰ চিৰচেনেহী ভাষা জননী অসমীয়া ভাষাৰ আলাই আথানি হওক। আমি আমাৰ অসমীয়া ভাষাটো শুদ্ধকৈ চৰ্চা কৰাৰ সময় সমাগত। নহ’লে আমাৰ অমনোযোগিতা আৰু অসাৱধানতাৰ বাবে অসমীয়া ভাষাটো যদি আমাৰ মাজৰ পৰা হেৰাই যাবলগীয়া পৰিস্থিতি আহে, শিপা হেৰুওৱা জাতি হিচাপে আমিও এদিন অনুতপ্ত হ’ব লাগিব। আলফন্স ডাউডেডৰ ‘শেষ পাঠ’ গল্পটোত উল্লেখ কৰা আলচেছৰ বাসিন্দাসকলৰ দৰে আমিও এদিন অনুশোচনাত দগ্ধ হ’ব লাগিব। সেয়া আমি কোনোৱে নিবিচাৰোঁ। জয় আই অসম।
ই-আলোচনী সম্পৰ্কে দুআষাৰ : শব্দচিত্ৰ গোটৰ প্ৰথম বছৰ, তৃতীয় সংখ্যাৰ সম্পাদিকাৰ দৰে গুৰু দায়িত্ব এটা যি আস্থা আৰু বিশ্বাসেৰে প্ৰশাসকসকলে মোৰ ওপৰত ন্যস্ত কৰিছিল, তাৰবাবে মই তেওঁলোকৰ কাষত চিৰদিন ঋণী হৈ ৰ’ম। আলোচনী এখনৰ সম্পাদকে অকলে এখন আলোচনী কেতিয়াও উলিয়াব নোৱাৰে যদি লেখক-লেখিকাৰ সঁহাৰি নাপায়। মোৰ সৌভাগ্য যে মই ভবাতকৈ বেছি বিভিন্ন লেখা পালোঁ। আলোচনীখনলৈ সঁহাৰি দিয়া সকলোলৈকে মই আন্তৰিক ধন্যবাদ জনালোঁ। বৰ্ণাশুদ্ধি গোটটোৱে লেখকৰ অজানিতে ৰৈ যোৱা ভুল ভ্ৰান্তি দূৰ কৰাত সহায় সহযোগ আগবঢ়াই মোৰ বহু কষ্ট লাঘৱ কৰিলে। তাৰবাবে তেওঁলোকক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। অসমীয়া ভাষাৰ দুৰ্দিনৰ সময়ত ‘শব্দচিত্ৰ’ গোটটোৱে অসমীয়া ভাষাৰ উন্নতি সাধনৰ হকে ই-আলোচনী প্ৰকাশৰ বাবে লোৱা প্ৰচেষ্টাক আদৰণি জনাই মোৰ চমু সম্পাদকীয়ৰ সামৰণি মাৰিলোঁ।
সম্পাদিকা,’শব্দচিত্ৰ-ই আলোচনী
প্ৰথম বছৰ,তৃতীয় সংখ্যা
7:08 PM
শুভকামনা জনালো বাইদেউ। বৰ ধুনীয়াকৈ লিখিলে সম্পাদকীয়।
7:12 PM
সুন্দৰ সম্পাদকীয়।
7:30 PM
সম্বপাদকীয় অতি সুন্দৰ , মনোগ্ৰহী আৰু সময়োপযোগী হৈছে। আলোচনীখনো নিশ্চয় খুবেই সুন্দৰ হৈছে।
8:21 PM
সুন্দৰ লিখা !অভিনন্দন !
10:03 PM
সুন্দৰ সম্পাদকীয়। অভিনন্দন জনালো বাইদেউ।
10:47 PM
সুন্দৰ সম্পাদকীয় , আপোনাৰ ব্যস্ততাৰ মাজতো এখন সুন্দৰ আলোচণী উপহাৰ দিয়া বাবে আপোনাক ধন্যবাদ।
10:54 PM
সুন্দৰ আৰু সময় উপযোগী সম্পাদকীয়৷
11:58 AM
তথ্যসমৃদ্ধ সম্পাদকীয়।ভাল লাগিল