সুহৃদ-ড° মৃদুস্মিতা ফুকন
গুৱাহাটী
কোনোবা এটা সময়ত ভোগপুৰৰ গোলাপ পণ্ডিতে গাঁৱৰ আলি-কেঁকুৰিটোৰ আঁহতজোপাৰ তলতে ল’ৰা-ছোৱালী চাৰিটামান গোটাই আখৰ দুটামান শিকাবলৈকে বুলি সূচনা কৰিছিল এখন বিদ্যালয়ৰ৷ বুঢ়া আঁহতজোপাৰ তলত পতা এই বিদ্যালয়খন এসময়ত আঁহতৰ তলৰপৰা গৈ খেৰৰ চালি এখনৰ তল পালেগৈ আৰু তাৰ পাছত টিনপাতৰ তললৈ গৈ গপগপীয়া হ’ল যদিও সি আঁহতগুৰি বিদ্যালয় নামেৰেই পৰিচিত হৈ থাকিল৷ বছৰে বছৰে তাত শিক্ষাৰ্থীৰ সংখ্যা বাঢ়িবলৈ ধৰিলে।তাতে এদিন যোগেশ্বৰ গাঁওবুঢ়াই পুতেক অশোকৰ নাম লগালে৷ গাঁওবুঢ়াই বিদ্যালয়ৰ পিৰালিত পুতেকৰ হতুৱাই সেৱা এটা কৰাই, তাৰ হাতত চিলট-কিতাপ আৰু কঠখন দি শ্ৰেণীকোঠাৰ ভিতৰলৈ পঠাই দিলে৷ তাতেই অশোকে লাভ কৰিলে জীৱনৰ আদি পাঠ৷
ভোগপুৰ গাঁৱৰ গাতে লাগি আছে ৰাংচালি চাহ-বাগিচা৷ আঁহতগুৰি বিদ্যালয়লৈ ৰাংচালিৰ ল’ৰা-ছোৱালীও ক্ৰমান্বয়ে আহিবলৈ ধৰিলে৷ মিত্ৰতা হ’ল বিপুল, দিপালী, প্ৰণতিৰ সৈতে লালু, মালতী, ৰায়মনিহঁতৰ৷ অশোকৰো সুহৃদয়তা হৈছিল সেই বিদ্যালয়লৈ প্ৰথম যোৱাৰ দিনা কাষতে বহা ৰাংচালি চাহ-বাগিচাৰ স্থায়ী শ্ৰমিক চুকৰু কিষানৰ পুতেক জুগনুৰ সৈতে৷ আৰু সময়ৰ লগে লগে এই সুহৃদয়তা ক্ৰমাত্ বাঢ়ি আহিবলৈ ধৰিছিল৷
এতিয়া সেই আঁহতগুৰি বিদ্যালয়ৰে সোণালী জয়ন্তী৷ খবৰটো শুনাৰে পৰা অশোক কুমাৰ বৰুৱাৰ উগুল-থুগুল মন৷ কিমান ধৰণৰ ভাব, কিমান ধৰণৰ ছবিয়ে যে তেওঁৰ মনৰ মাজত অগা-ডেৱা কৰিছেহি…..
জুগনু আছিল অশোকৰ নলে-গলে লগা বন্ধু৷ অশোকে জুগনুৰ সৈতে সখি পাতিবলৈ বুলি মুখৰ জুঠা তামোল আদান-প্ৰদান কৰিছিল৷ তেওঁলোকৰ লগৰ ছোৱালীবোৰৰো কোনো কোনোৱে এনেকৈ জুঠা তামোল সলাই সখী পাতিছিল যদিও অশোকৰ আজিও মনত আছে, প্ৰণতিয়ে ৰায়মনিৰ লগত টুচুৰ ঘাটত গৈহে ফুল-প্ৰাণ সখী পাতিছিল৷ সখী পতাৰ অংগীকাৰ কৰি ৰঙা পাৰীৰ শাৰী সলাই, পৰস্পৰে সেন্দুৰৰ ফোঁট দি নানান নিয়ম কৰিছিল। টুচুমাক উটাবলৈ যাওঁতে চামেলী, ৰাধাহঁতেও বোলে তেনেকৈ নদীৰ ঘাটত ‘ধৰমবহীন’ পাতিছিল৷
জুগনু ল’ৰাটো বৰ শকত-আৱত নহয় যদিও আটিল৷ সি অশোকৰ সখি হোৱাৰ সুবাদতে স্কুলীয়া কাজিয়া-পেচালবোৰলৈ অশোকে কেৰেপ নকৰাকৈ থাকিব পাৰে৷ কাৰণ অশোকৰ অহৰহ ‘বডিগাৰ্ড’ হৈ থাকিছিল শক্তিশালী জুগনু৷
শক্তিশালী জুগনুৰ পাছে ঘৰুৱা অৱস্থা ভাল নহয়৷ বাগিচাৰ স্থায়ী শ্ৰমিক হ’লেও তাৰ মদাহী দেউতাকে দৰমহাৰ টকাকেইটা চুলাই খায়েই উৰাই দিয়ে৷ মাকজনীয়ে ফাল্টু নিৰিখত কাম কৰি পোৱা টকাকেইটাৰে কোনোমতে চাৰিটা ল’ৰা-ছোৱালীৰ সৈতে ঘৰখন চলায়৷ জুগনুৰ বাবে অশোকে চল বুজি ঘৰৰপৰা মাজে মাজে ৰুটি এখন, পিঠা দুটা পেণ্টৰ জেপতে ভৰাই স্কুললৈ লৈ আহে আৰু স্কুলৰ পিছফালৰ জাৰ্মানী বনৰ হাবিখনৰ মাজত সৰুপানী চুবলৈ বুলি সোমাই জুগনুৰ সৈতে সেইবোৰ ভগাই খায়৷ জুগনুৱেও কেতিয়াবা মুড়ি বা ভজা চাউল কেইটামান জেপতে ভৰাই আনি অশোকক দিয়েহি৷ সেইকেইটা খাই অশোকে কি যে তৃপ্তি পায়! তেতিয়া অশোকৰ মনলৈ আহে আইতাকে কোৱা ‘সখা দামোদৰ’ৰ কাহিনীটোলৈ৷ কৃষ্ণয়ো চাগৈ তেওঁৰ সখাৰপৰা ভজা চাউল মুঠি খাই তেনে তৃপ্তিয়েই পাইছিল৷
অশোকহঁতে মাজে মাজে তামোলৰ শুকান ঢকুৱাৰে ‘গাড়ী গাড়ী’ খেলে৷ গছৰ পৰা সৰি পৰা শুকান তামোল-পাতটোৰ ঢকুৱাটো গাড়ীৰ দৰে ব্যৱহাৰ কৰে৷ এতিয়া ক’ৰবাত বল্গা হৰিণাই টনা শ্লেজ গাড়ী দেখিলেই অশোকৰ তাহানিৰ সেই খেলৰ কথা মনলৈ আহে৷ ঢকুৱাৰ ‘গাড়ীখনত’ অশোক বহে আৰু জুগনুৱে টানি দিয়ে৷ মাজে মাজে জুগনু বহে আৰু অশোকে টানে৷ জুগনুৱে কিন্তু অশোকক বেছিপৰ টানিবলৈ নিদিয়ে৷ তাৰ নিশকতীয়া বন্ধুটোৱে কষ্ট পাই বুলি জুগনুৰ বেয়া লাগে চাগৈ৷
ৰাংচালি চাহ-বাগিচাৰ খেল-পথাৰখনত বল খেলিবলৈ অশোকো মাজে মাজে আহে৷ সিহঁতৰ বাৰীত তিনিজোপা ৰবাব টেঙাৰ গছ আছে৷ সি মাকে গম নোপোৱাকৈ তাৰে টেঙা দুটামান পাৰি ৰ’দত লেৰেলাই লয় আৰু সেইকেইটা ফুটবল খেলিবলৈ বুলি লৈ যায়৷ ৰ’দত কোমল হৈ পৰা সেই টেঙাকেইটা বহুতপৰ খেলিব পাৰি৷ সোনকালে নাফাটে৷
খেল-পথাৰখনৰ কিছু দূৰৈত থকা বাগিচাৰ মূল ৰাস্তাটোৱেদি কেতিয়াবা চিনেমা দেখুৱাই ফুৰা প্ৰকাণ্ড টকী গাড়ীখনে ডাঙৰ শব্দ কৰি যায়৷ ট্ৰেলাৰ এটাৰ সৈতে অহা সেই গাড়ীখন দেখিলে সিহঁত ল’ৰাবোৰ এক অবুজ আনন্দত অধীৰ হৈ একে লৰে গৈ গাড়ীখনৰ ওচৰ পায়গৈ৷ বাগিচাৰ মাজলৈ অহা সেই টকী গাড়ীখনেই যেন সিহঁতক জনাই দিয়ে যে শাৰদীয় দুৰ্গা পূজা সমাগত৷
পূজাৰ এমাহমানৰ আগৰেপৰা সিহঁত স্কুলৰপৰা ঘৰলৈ ওভতাৰ বাটটো সলনি হয়| সিহঁতে নিতৌ পূজা-মণ্ডপলৈ আহি প্ৰতিমা গঢ়া চায়হি৷ জুমুঠি বন্ধাৰে পৰাই সিহঁতে চাবলৈ আহে৷ প্ৰতিমা গঢ়িবলৈ অনা কুমাৰ মাটিৰ অনন্য গোন্ধটো নাকত লাগিলেই যেন সিহঁতৰ মনবোৰ এক সুকীয়া মাদকতাৰে ভৰি পৰে৷
ৰাংচালি বাগিচাত পতা দুৰ্গা পূজালৈ ওচৰ-পাঁজৰৰ গাঁৱৰ মানুহো আহে৷ কোনো কোনোৱে বাগিচাৰ এই পূজাত নৈবেদ্য আগবঢ়ায়, হাঁহ-পাৰ উচৰ্গা কৰে৷ চাহ-বাগিচাৰ দুৰ্গা পূজাৰ এক আকৰ্ষণ চিনেমা৷ এই কেইদিন চিনেমা চোৱাৰ মাদকতাই সুকীয়া৷
ৰাংচালি বাগিচাৰ প্ৰকাণ্ড ফুটবল ফিল্ডখনত দুৰ্গা পূজা হয়৷ চুবুৰীয়া অঞ্চলৰ বহুতে দিনতে গৰু-ছাগলী চপাই নিশা বাগিচাৰ চিনেমা চাবলৈ বুলি সাজু হয়৷ বাগিচাৰ বাসিন্দাসকলে আগতীয়াকৈ নিজৰ পীৰা, মুঢ়া আদি আনি বহা ঠাই অধিকাৰ কৰি থয়৷ জুগনুৱেও নিজৰ পৰিয়ালৰ লগতে অশোকৰ কাৰণেও এনে বহা ঠাই থৈ দিয়ে যদিও অশোক সদায় আহিব নোৱাৰে– দেউতাকে নিদিয়ে৷ দেউতাকৰ অনুমতি ল’লে, পছন্দৰ চিনেমা থাকিলে এদিন বা দুদিনহে তাক আহিবলৈ দিয়ে। অশোকে দাৰা সিং, কিংকঙৰ চিনেমা চাই ভাল পায়। জুগনুৱে চিনেমাৰ তালিকা এখন স্কুললৈও লৈ যায় আৰু প্ৰতিদিনৰ চিনেমাৰ নামবোৰ লগৰবোৰক দেখুৱায়৷ পাছে জুগনুৰ তালিকাৰ লগত পূজাৰ কাৰ্যত: চিনেমাবোৰৰ কাচিতহে মিলে৷ তাৰ লগৰবোৰে আশা কৰি থাকে দাৰা সিং, কিংকঙৰ চিনেমা চাবলৈ আৰু পৰ্দাত জিলিকি উঠে আন কিবাহে৷ কেতিয়াবা অশোকে দিনতে আহি বাগিচাৰ পূজা চাই যায়হি৷ পূজাৰ কেইদিন চিনেমা দেখুৱাবলৈ থোৱা ডাঙৰ বগা পৰ্দাখন দিনতো ওলমি থাকে৷ তাৰ কাষে কাষে মিঠাই, পুতলা, বেলুনৰ শাৰী শাৰী দোকান৷ গোটেই বছৰটো বাঁহৰ খুটাৰ চুঙাত ভৰাই পূজা চাবলৈকে বুলি বৰ আশাৰে গোটোৱা খুচুৰা পইচাকেইটা লৈ অশোক আহি জুগনুৰ লগ লাগেহি৷ দুয়োটা হাতত ধৰাধৰিকৈ দোকানবোৰৰ মাজে মাজে ঘূৰি ফুৰে৷ দুই-এটা বস্তু কিনে৷ এবাৰ জুগনুৱে অশোকৰ পইচাৰেই ঝাণ্ডি-মুণ্ডা খেলি দুটকামান পালে৷ তাৰে অশোকে বিলাতী চিগাৰেট এটা কিনিব খুজিছিল৷ জুগনুৱে তাক কোনোমতে বঢ়াই-বুজাই ৰাখিলে৷ পইচাকেইটাৰে সিহঁত দুটাই ৰং-বিৰঙৰ চেনিগুটি দুটামান কিনি দুয়োখন ঘৰলৈকে লৈ গ’ল৷ পাছে চিগাৰেট খোৱাৰ হেঁপাহটোৱে অশোকক অহৰহ আমনি কৰি থাকিবলৈ ধৰিলে৷ অশোকৰ দেউতাকে চিগাৰেট খায়৷ সি জনা হোৱাৰেপৰা দেউতাকৰ মুখত সি চিগাৰেট দেখি আহিছে৷ দেউতাকৰ মুখত জ্বলন্ত চিগাৰেট দেখিলে সি অবাক হৈ চায়৷ দেউতাকে তৃপ্তিৰে চিগাৰেটত হোপাটো দি নাকে-মুখে ধোঁৱাবোৰ উলিয়াই দিয়া দেখিলে তাৰ শিশুমন অবাক হৈ ৰয়৷ তাৰ কৌতূহল ওপজে৷ অৱশ্যে সি সদায় শুনি আহিছে, বিড়ি-চিগাৰেট কেৱল ডাঙৰৰ বাবেহে৷ শিশুৱে সেইবোৰ বস্তু খোৱাটো দূৰৰে কথা, চুবও নাপায়৷ কিন্তু অশোকে কোনোমতে তাৰ মনটোক দমাব পৰা নাই৷ সি এদিন চিগাৰেট খাবই৷ কিন্তু কেনেকৈ? কেনেবাকৈ লুকাই-চুৰকৈ হ’লেও এই কামফেৰা কৰিবলৈ বুলি সি দৃঢ়প্ৰতিজ্ঞ হ’ল আৰু এই ক্ষেত্ৰত যে তাক তাৰ প্ৰিয়বন্ধু জুগনুৱে সহায় নকৰে এই বিষয়েও সি নিশ্চিত হ’ল৷ দেউতাকে খোৱা চিগাৰেটৰ পেকেটৰপৰা চিগাৰেট চুৰ কৰিলে ধৰা পৰিব বুলি অশোকৰ ভয়৷ দোকানত গৈ কিনিবলৈকো তাৰ সাহ নাই৷ ওচৰ-পাঁজৰৰ আটাইকেইজন দোকানীয়ে তাক চিনি পায়৷ তেওঁলোকে তাৰ দেউতাকক কৈয়েই দিবগৈ চাগৈ৷ কিন্তু চিগাৰেট খোৱাৰ ভূতটো যে অশোকৰ মূৰৰপৰা নাঁতৰা হ’ল৷
অশোকহঁতৰ ঘৰৰ কাষতে জোনহঁতৰ ঘৰ৷ জোন অশোকতকৈ তিনি বছৰমানৰ ডাঙৰ৷ হ’লেও সি পঢ়ে অশোকৰ লগতহে| অশোক মাজে মাজে সিহঁতৰ ঘৰলৈ যায়৷ সিদিনা অশোক জোনহঁতৰ ঘৰলৈ যাওঁতে জোন গোহালিত সোমাই আছিল৷ জোনে অশোককো তালৈকে মাতিলে আৰু তাকো সি খাই থকা বিড়িটো খুৱাব খুজিলে৷ অশোকৰ মূৰততো ইমান দিনে বিড়ি-চিগাৰেট খোৱাৰ ভূতটোৱে কিলবিলাই আছিলেই৷ গতিকে জোনৰ প্ৰস্তাৱত সি একে আষাৰেই মান্তি হ’ল৷
সেইদিনাই অশোকে জীৱনত প্ৰথমবাৰৰ বাবে বিড়ি এটা মুখত দিলে৷ জোনে জুইশলা কাঠী মাৰি জ্বলাই দিয়া বিড়িটো মুখত লৈ অশোকে ইমানদিনে সপোনত দেখি অহা ভংগীৰে এনে এটা হোপা মাৰিলে– লগে লগে তাৰ নাকে-কাণে ধোঁৱা ওলাই ধাতু বাজ হোৱাৰ উপক্ৰম হ’ল৷ কাহি কাহি তাৰ অৱস্থা নাই৷ তাৰ মূৰটোও অলপ অলপ ঘূৰোৱা যেন লাগিল৷ অলপপৰ তাতে ৰৈ অৱশেষত কোনোমতে আহি সি যেনিবা ঘৰ ওলালহি৷ তেতিয়াও মাকহঁতৰ নাক-চকুৰপৰা নিজকে বচাবলৈ সি কিমান যে কি কৰিবলগা নহ’ল! এই ঘটনাৰ পাছৰেপৰা জোন আৰু অশোকৰ মাজত এক সুকীয়া বন্ধুত্ব গঢ়ি উঠিল৷ জুগনুৱে অশোকৰ কাষ চাপিবলৈ বিশেষ সুবিধাই নাপায়৷ নানানটা কথাৰ অচিলা লৈ জোন আৰু অশোক একেলগে থকা হ’ল– স্কুললৈ অহা-যোৱা কৰা বা স্কুলৰ পাছত আবেলি সময়কণতো সিহঁত দুটা একেলগে থকা হ’ল৷ এইবোৰ দেখি-শুনি জুগনুৰ মনত বৰ বেজাৰ লাগিল৷ কোনো কাৰণ নোহোৱাকৈ অশোকে তাৰ ইমানদিনীয়া বন্ধুত্বক আওকাণ কৰি হঠাতে জোনৰ দৰে পঢ়া-শুনা নথকা, অঘাইটং ল’ৰাটোৰ লগ লোৱাৰ নিশ্চয় কিবা কাৰণ আছে৷ সেয়ে জুগনুৱে আলেঙে আলেঙে সিহঁতৰ গতি-বিধি লক্ষ্য কৰি থাকিল৷
সেইদিনা জুগনুৱে হাতত কেটেপা লৈ অকলে অকলে ঘৰৰ ওচৰে-পাঁজৰে ঘূৰি আছিল৷ তাৰ চকু তামোল-নাৰিকলৰ কলিবোৰ খাই ফুৰা অপকাৰী কেৰ্কেটুৱাকেইটাত৷ গাত বাটলুগুটি দুটামান লাগিলে সিহঁত অলপদিনলৈ এইমুৱা নহ’ব৷ গছত তামোল-নাৰিকল দুটামান ৰ’ব৷
হঠাতে জুগনুৰ চকু পৰিল কিছু দূৰৈৰ নাৰিকল এজোপাৰ কাষৰপৰা অহা এলানি ধোঁৱাত৷ ক’ৰপৰা আহিব পাৰে সেই ধোঁৱা? অলপ ওচৰ চাপি যাওঁতেই জুগনুৱে দেখা পালে নাৰিকলজোপাত আওজি মুখত চিগাৰেট একোটা লৈ ফিল্মষ্টাৰৰ ভংগিমাৰে চিগাৰেটৰ ধোঁৱা উৰুৱাই থকা অশোক আৰু জোনক৷ জুগনুৱে খঙত একো নাই হৈ হিতাহিত জ্ঞান হেৰুৱাই হাতৰ কেটেপাৰে অশোকৰ কপাললৈ বাটলুগুটি এটা মাৰি পঠিয়ালে৷ বাটলুগুটি লাগি অশোকৰ সোঁ চেলাউৰিৰ ওপৰফালে কপালৰ ছালখন ডাঠকৈ ফাটি এৰাই গ’ল আৰু তাৰপৰা ধাৰাসাৰে তেজ ওলাবলৈ ধৰিলে| অশোকৰ কপালৰ তেজ দেখি জুগনু আৰু ৰৈ থাকিব নোৱাৰিলে৷ সি লৰালৰিকৈ আগবাঢ়ি গৈ ওচৰৰে জাৰ্মানী বন এসোপা হাতেৰে মোহাৰি অশোকৰ কপালত লগাই দি হাতেৰে হেঁচি থাকিল৷ কিছু সময়ৰ পাছত অশোকৰ কপালৰ তেজ ওলোৱাটো অলপ কমিল৷ অশোক আৰু জুগনু কাৰো মুখত কোনো মাত নাই৷ কেতিয়াবা নীৰৱতায়ো বহুত কথা কৈ যায়…..
নিতৌ মূৰ ফণিয়াওতে আইনাত চেলাউৰিৰ সেই দাগটোলৈ চকু গ’লেই অশোকৰ মনত পৰে জুগনুলৈ। এতিয়া ক’ত বা আছে সি! এইবাৰ স্কুলৰ সোণালী জয়ন্তীলৈ যাওঁতে তাক লগ পাবই লাগিব…..৷
আঁহতগুৰি বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানৰ মূল সভাৰ বিশিষ্ট অতিথি এই স্কুলৰে প্ৰাক্তন ছাত্ৰ, বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণাগাৰৰ আগশাৰীৰ বিজ্ঞানী অশোক কুমাৰ বৰুৱা৷ সময়ত সভাৰ কাৰ্যসূচী আৰম্ভ হ’ল| সভাৰ মঞ্চত উপবিষ্ট বিজ্ঞানী বৰুৱাৰ চকুৱে উপস্থিত ৰাইজৰ মাজত কাৰোবাক পিটপিটকৈ বিচাৰি ফুৰিছে৷ সভাৰ কাৰ্যসূচীত তেওঁ যেন মন বহুৱাব পৰা নাই৷
সভাত এইবাৰ স্থানীয় আদৰ্শ পিতৃ-মাতৃৰ সম্বৰ্ধনা অনুষ্ঠান৷ প্ৰথমে মঞ্চলৈ আমন্ত্ৰণ কৰা হ’ল আদৰ্শ পিতৃ-মাতৃ জুগনু কিষান আৰু মালতী কিষানক৷ তেওঁলোকৰ পুত্ৰ বিক্ৰমে যোৱাবাৰ আঁহতগুৰি বিদ্যালয়ৰপৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম স্থান লাভ কৰি বিদ্যালয় তথা অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে৷ মঞ্চলৈ উঠি অহা এই পিতৃজনলৈ থৰ লাগি চাই ৰ’ল বিজ্ঞানী অশোক কুমাৰ বৰুৱাই। সময়ে কোবাই যোৱা এইখন মুখখনকে তেওঁ অতপৰে বিচাৰি থকা নাইনে? ৰৈ থাকিব নোৱাৰিলে আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানীজন৷ চকীৰপৰা উঠি আহি তেওঁ সাবটি ধৰিলেহি তেওঁৰ একালৰ সহপাঠী, তাহানিৰ সুখ-দুখৰ লগৰী– সুহৃদ জুগনুক৷