স্তৱক-পলাক্ষী লস্কৰ
(১)
এতিয়া যে …আশাৰ শাওণ মাহ
খেতিয়কৰ সপোন সেউজী কৰাৰ ..
প্ৰতিশ্ৰুতিৰ মাহ ।
কপালৰ ঘাম, ন-আশা, ন-প্ৰত্যাশাৰে
সপোনক বাস্তৱ কৰিবলৈ ….এজাক মুষলধাৰ বৰষুণক কৰে আহ্বান।
(২)
ৰিমঝিম বৰষা নামি আহা
তোমাৰ পৰশে আশাৰ সপোন কঢ়িয়াই আনে
সেউজ প্ৰতিশ্ৰুতি আৰু ভৱিষ্যতৰ সোণালী বাস্তৱ ।
(৩)
এয়া যে প্ৰতিশ্ৰুতিৰ মাহ ….শাওণ
নাহিবি বান, নকৰিবি আশাৰ সপোনক থান-বান।
অনাগত দিনবোৰ ৰঙীন আৰু হেঁপাহ সাকাৰ
কৰাৰ বাবে ব্যস্ত খেতিয়ক …..
আঘোণলৈ সোণগুটি চপাবলৈ বহু আশা আৰু প্ৰত্যাশা …।
(মনৰ অনুভৱ …বানপানীয়ে সকলো নষ্ট কৰিলে যদিও লিখিলোঁ। শাওণ মাহ যে সমাগত।)