স্নেহ বন্ধন -জয়ন্ত গগৈ
গাড়ীখন বেক কৰি গেৰেজত সুমুৱাইছোঁহে,মাইনাজনীয়ে ওচৰলৈ আহি –
” পাপা আহিলা? আজি আইতা আহিছিল দেই। আইতা কোনোবা স্কুল এখনলৈ যাব হেনো।”…..বুলি মোক কৈ গ’ল।
বাহিৰৰ টেপটোতে হাত-মুখ ধুই ভিতৰত সোমালোঁগৈ। শ্ৰীমতীয়ে আগবঢ়াই দিয়া পানী গিলাছ খোৱাৰ লগে লগেই দেহাটো শাঁত লাগিল । গাড়ীৰ ভিতৰত এনেয়ে গুপগুপীয়া গৰমভাৱ এটি থাকেই। গাড়ীত এ চি থাকিলেও অনবৰতে এ চি চলাবলৈ মন নাযায়। ভাড়াত যোৱা যাত্ৰীসকলে এ চি বিচাৰিলে চলোৱা হয়। দেউতাই অৱসৰ গ্ৰহণ কৰাৰ পিচতে নতুনকৈ এ চি থকা গাড়ী এখন লোৱা হ’ল। আগৰ মাৰুতি কাৰখনত এ চি নাছিল। আজিকালি প্ৰায়ভাগ ভাড়াতীয়াই এ চিৰ বতাহ বিচাৰে। গাড়ীখন চলায়েই সংসাৰখন চলাই আছোঁ যেতিয়া ভাড়াতীয়াৰ মনবোৰো বুজিব লগা হয়। ডিগ্ৰীটো লোৱাৰ পিছত চাকৰিৰ ফালে মন নিদিলোঁ। চাকৰি এটা পাবলৈও সৌভাগ্যই লগ দিব লাগে। এইক্ষেত্ৰত দেউতায়ো আজিলৈকে একো ওজৰ-আপত্তি নকৰিলে। বৰঞ্চ ৰিটায়াৰমেণ্টৰ টকাৰে নতুনকৈ সৰু গাড়ী এখন লৈ দিলে। সেইখনেৰেই সৰু-সুৰাকৈ ভাড়া মাৰি ধন কেইটামান পাই থকা হয়। পৰিয়ালো সৰু, ধুনীয়াকৈ চলি থাকিব পৰা হৈছে।
শ্ৰীমতীয়ে ভাতৰ কাঁহী ডাইনিং টেবুলত ৰাখি মাত দি থকাত খোৱা ঘৰ সোমালোঁগৈ। খাই থকা অৱস্থাতে শ্ৰীমতীয়ে মাইনাজনীয়ে কোৱা কথাৰে আৰম্ভ কৰিলে।
“তোমাক বিচাৰি বৰমা আহিছিল। হঠাতে আহি তেওঁ কাইলৈ অনাথ স্কুলৰ সম্বৰ্দ্ধনা অনুষ্ঠান এটিলৈ আমন্ত্ৰণ জনাই থৈ গৈছে। তুমি যাব পাৰিবানে নাই সুধিছিল।”
মোৰো পিচদিনাৰ বাবে কোনো ভাড়া ঠিক হোৱা নাছিল। সেয়ে বৰমাক ফোন এটা কৰি যাম বুলি জনাই দিলোঁ। বৰমা আমাৰ প্ৰতিৱেশী, কোনো সম্পৰ্কীয় নহয়। পদূলিৰ সন্মুখৰ ঘৰখনেই বৰমাহঁতৰ ঘৰ। আমাৰ ঘৰৰ লগত বহু পুৰণি ঘৰুৱা সম্বন্ধ। বিপদে-আপদে প্ৰায়েই মই ইফালে-সিফালে লগত লৈ যাওঁ। ঘৰখন এসময়ত বৰদেউতা-বৰমা , একমাত্ৰ পুত্ৰ-বোৱাৰী, নাতি-নাতিনী, আৰু তোলনীয়া জী এজনীৰে ভৰপূৰ আছিল। পুত্ৰ-বোৱাৰী অৰ্থাৎ ককাইদেউ-বৌ দুয়োজনেই আছিল চিকিৎসক। তেওঁলোক শ্বিলঙৰ এখন মিছনেৰী চিকিৎসালয়ত কৰ্মৰত আছিল। বিহুৱে-সংক্ৰান্তিয়ে নাতি নাতিনীক লৈ আহি থাকে। তিনি চাৰিদিনমান থাকি ঘৰখন জীপাল কৰি যায়। গাভৰু হোৱা তোলনীয়া জী জনীয়েও ঘৰৰ অমতত বিয়া হৈ যায়। বৰদেউতা আৰু বৰমা ঘৰখনত ভালদৰেই আছিল। কিন্তু হঠাতে বৰমাক অকলশৰীয়া কৰি বৰদেউতা ঢুকাল। শ্বিলঙত থকাৰ সময়ত ককাইদেৱেও অনবৰতে আহি থাকিব নোৱাৰিছিল। ছুটী নাপাইছিল। গতিকে ঘৰখনৰ প্ৰায়ভাগ কাম মোকে সাৰথি কৰি সমাপন কৰিবলৈ বৰমাই আশা কৰা হ’ল। পেন্সনৰ কামত, বেংকৰ ইটো-সিটো কামত , ডাক্তৰৰ ওচৰলৈ যোৱা আদিত ময়েই বৰমাৰ লগৰীয়া হৈ পৰিলোঁ। মাহেকীয়া বজাৰ, গেছৰ চিলিণ্ডাৰ আদি আটাইবোৰ যোগাৰ ময়ে কৰি দিব লগা হয়। বেয়াও লাগে অকলশৰীয়া মানুহ। বয়সো চাপি আহিছে।তাতে লেঠা লাগিল তেতিয়া, যেতিয়া যোৱা বাৰ বছৰৰ আগেয়ে পুত্ৰ-বোৱাৰী, নাতি-নাতিনী বিদেশলৈ গৈ বিদেশত থাকিবলৈ ল’লে আৰু আগৰদৰে ঘৰখনলৈ আহোঁ বুলিলেও আহিব নোৱাৰা হ’ল। গতিকে বৰমাই কিবা এটা ক’লে নোৱাৰোঁ বুলি ক’ব নোৱাৰোঁ। পুৱাই গাড়ীখন পানীৰে অলপ চাফ-চিকুণ কৰি ৰেডি হৈ ন মান বজাত বৰমাহঁতৰ পদূলিত ৰ’লোঁগৈ। বৰমা সাজি-কাচি আছিলেই। স্কুলখনলৈ দুঘণ্টাৰ বাট। ধীৰ গতিৰে গাড়ী আগবঢ়াই লৈ গৈ আছোঁ । বৰমাই ভাল পাওক বুলি অডিঅ’ চিষ্টেমত হৰি নামকে বজালোঁ । বৰমাই হৰি নামৰ তালে তালে মূৰটো লৰাই লৰাই মোৰ লগত ইটো সিটো কথা পাতি গৈছে। গৈ থকা অনাথ স্কুলখনৰ লগত বৰমাৰ পোন্ধৰ বছৰৰ আগৰ সম্পৰ্ক। ককাইদেউ চিকিৎসক হৈ ঘৰৰপৰা আঁতৰি যোৱাৰ পিচত ঘৰখনত বৰ নিজান পৰিবেশ এটাৰ সৃষ্টি হৈছিল। বিশেষকৈ বৰদেউতা কৰ্মস্থলীলৈ যোৱা সময়কণত বৰমাৰ সময়বোৰ বৰ নাযায় নুপুৱায় যেন হৈছিল। তাতে বয়স বাঢ়ি অহাৰ বাবে সকলোবোৰ কাম কাৰোবাৰ সহায় নহ’লে কৰাত অলপ অসুবিধাও হৈছিল। সেয়ে ঘৰৰ সকলোৰে সহমতত এই অনাথ স্কুলখনৰপৰা এগৰাকী ছোৱালী পঢ়াই-শুনাই লালন-পালন কৰাৰ চুক্তি কৰি তাইক তোলনীয়া জী হিচাপে তুলি-তালি ডাঙৰ-দীঘল কৰিছিল। জী জনী থকাৰপৰা বৰমাৰ বহুতো সহায় হৈছিল। কামে বনে ছোৱালীজনী পাকৈত আছিল। ছোৱালীজনী ঘৰখনলৈ নিয়াৰ পিছৰেপৰা বৰমাহঁতে স্কুলখনলৈ মাহেকীয়াকৈ অৰ্থ সাহায্য আগবঢ়াই আহিছিল। আনকি ককাইদেউ চিকিৎসক হৈ অহাৰ পিচত দুবাৰমান অনাথ শিশুসকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ কেম্প কৰাইছিল।সেয়ে বৰমাহঁত স্কুলখনৰ বাবে এক আদৰ্শ অভিভাৱক আছিল।
স্কুলৰ চৌহদৰ মুখ্যদ্বাৰ পোৱাৰ লগে লগেই দুজন ল’ৰা আহি গেটখন খুলি দিলে। সোমাই গৈ নিদিষ্ট কৰি ৰখা পাৰ্কিং এৰিয়াত আমাৰ গাড়ী ৰখাই স্কুলৰ ভিতৰলৈ আগবাঢ়ি গ’লোঁ। স্কুলখন যথেষ্ট ডাঙৰ। তিনিমহলীয়া বিল্ডিঙৰ একেবাৰে তলৰ মহলাটোত শ্ৰেণীকোঠাবোৰ আছে।ওপৰৰ দুটা মহলাত দল’ৰা-ছোৱালীবোৰৰ আৱাসিক কোঠাবোৰ। বিল্ডিঙটোৰপৰা অলপ দূৰৈত খাদ্যগৃহ। আৱাসিক অনাথ স্কুলখনত মুঠ ১২০ জন ল’ৰা-ছোৱালী আছে বুলি জানিবলৈ পালোঁ। বৰ্তমানলৈকে মুঠ সাতখন ৰাজ্যৰ বিভিন্ন ভাষাভাষী অনাথ শিশু এই স্কুলত ডাঙৰ দীঘল হৈছিল। স্কুলৰ সন্মুখ ভাগত থকা প্ৰকাণ্ড ফিল্ডখনত ল’ৰা-ছোৱালী বিলাকে আপোনমনে খেলি থকা দৃশ্যটো এনেয়ে ভাল লাগিল। ফিল্ডৰ সিপাৰে বিস্তীৰ্ণ এলেকাজুৰি থিয় হৈ থকা সেউজীয়া চাহ বাগানখনিৰ পৰিবেশটোৱে কিবা মন মুহি নিছিল। বাগানৰ সেউজীয়া পৰিবেশত থিয় দি থকা চিৰিছ গছৰ তলেৰে বৈ অহা এচাতি মৃদু বতাহে স্কুলৰ চৌহদৰ এলেকাত প্ৰায়ে খুন্দিয়াই আছে। ১২০ জনকৈ অনাথ শিশুক লালন-পালন কৰা পৰিচালকসকললৈ মই মনে প্ৰাণে সশ্ৰদ্ধ প্ৰণাম জনালোঁ। কিমান আন্তৰিকতা আৰু কিমান ঐকান্তিক মনোভাৱৰ গৰাকী হ’ব লাগিব -এই আৱাসিক অনাথ স্কুলৰ কৰ্মৰত ব্যক্তিসকল। মনে মনে ভাবিলো -এজনী ছোৱালীৰ বাপেক হওঁতেই লালন-পালন কৰা মোৰ আৰু শ্ৰীমতীৰ জুৰিছে ! এসোপা ল’ৰা-ছোৱালীক লালন-পালন কৰা , সিমান সহজসাধ্য নহয়। কেইজনমান অনাথ শিশুৱে অনুষ্ঠানটিলৈ অহা অতিথিসকললৈ আৱেগপ্ৰৱণ হৈ ৰৈ ৰৈ চোৱা চকুবোৰলৈ চাই মোৰ হৃদয়ৰ কোণত অজানিতে সেমেকি উঠা আৱেগে দুচকু চলচলীয়া কৰি তুলিলে। মনে মনে ৰুমালখন উলিয়াই চকুৰ কোণত জমা হোৱা পানীখিনি মোহাৰি ল’লোঁ। বৰমা সভাস্থলীৰ মুখ্য অতিথিৰ আসনত বহিলগৈ। মই শেষৰ ফালে থকা চকী এখনত বহি অনাথ শিশুসকলৰ জীৱনৰ বিষয়ে মন মগজুত নানান চিন্তাৰ মাজত ডুবি থাকোঁতে সভাত কোনে কি ক’লে মই তলকিবকে নোৱাৰিলোঁ । আৱেগপ্ৰৱণ চিন্তাই মগজুত বাহ লৈ থাকিলে এনে হয়েই চাগে। ইতিমধ্যে সুদৃশ্য প্ৰেক্ষাগৃহৰ ভিতৰৰ আসনসমূহ অনাথ স্কুলৰ ল’ৰা-ছোৱালী , বিশিষ্ট অতিথি আৰু অভিভাৱক অতিথিৰে ভৰি পৰিছিল ৷ স্কুলখনৰ লগত জড়িত দুগৰাকীমান স্বনামধন্য অভিভাৱকক চৰকাৰৰ ফালৰপৰা “শ্ৰেষ্ঠ পিতৃ-মাতৃ” ৰ সন্মান যাচিব ৷এই বিশিষ্ট সন্মান প্ৰদান কৰিব জিলাৰ উপায়ুক্ত মহোদয়ে ৷ হঠাতে লাউড স্পীকাৰত বৰমাক সম্বৰ্দ্ধনা জনোৱাৰ ঘোষণাত মই সচকিত হ’লোঁ। সন্মুখলৈ চকু দিওঁতেই আদৰণি পৰ্বৰ পাছত অতি বিমৰ্ষ মনেৰে বৰমায়ে সভাক উদ্দেশ্য কৰি ক’বলৈ ল’লে –
_”হে সুধীগণ! আপোনালোকে হয়তো ভুল কৰিয়েই এই অভাগিনীক এনে এক বিৰল সন্মানৰ বাবে নিৰ্বাচিত কৰিলে ৷ মই ব্যক্তিগতভাৱে অত্যন্ত অপৰাধ অনুভৱ কৰিছোঁ ৷ মোৰ অন্তৰত বলি থকা ব্যথাৰ জোৱাৰ-ভাটাবোৰৰ কথাই আপোনালোকক হয়তো দুখ দিব ।নোকোৱাকৈ থাকিব পাৰিলোহেঁতেন। কিন্তু কথাবিলাক বৰ্তমান সময়ত অতিকৈ প্ৰাসংগিক বাবেই কবলৈ বিচাৰিছোঁ । মোৰ দৰে ইয়াত আন বহুতো অভিভাৱক নিশ্চয় আছে। তেওঁলোকৰো চাগে মোৰ দৰে একেই এখন হাহাকাৰ কৰি থকা অন্তৰে নিৰৱে কান্দি আছে। স্নেহ আৰু মমতাৰ বন্ধনৰ কথা তেওঁলোকে আনৰ আগত প্ৰকাশ কৰিব পৰা নাই।
আমাৰ সংসাৰখন তেনেই সৰু আছিল। একমাত্ৰ ল’ৰাটোক অশেষ কষ্টৰ মাজেৰে ডাক্তৰী পঢ়ুৱালোঁ। ল’ৰাই ডাক্তৰী ডিগ্ৰী শেষ কৰা বছৰেই স্বামীয়ে চাকৰিৰপৰা অৱসৰ লয়। তেখেতে গাঁৱৰ পৰিয়াল-পৰিজনৰ কাষতে ঘৰ সাজিলে। সেই ঘৰখনৰপৰাই ল’ৰাৰ বিয়া পাতিলোঁ। ল’ৰাই একেলগৰ সহপাঠী ডাক্তৰণী এগৰাকীকে বিয়া কৰাই শ্বিলঙৰ এখন মিছনেৰী চিকিৎসালয়ত দুয়ো চিকিৎসা সেৱাত ব্যস্ত হল। শ্বিলঙত থকা সময়ছোৱাতে নাতি নাতিনীৰ মুখ দেখিলোঁ। বিহুৱে-সংক্ৰান্তিয়ে সিহঁত সপৰিয়ালে গাঁৱৰ ঘৰখনলৈ আহি আছিল। নাতি-নাতিনীক লৈ আমি দুয়োজনে মনত অপাৰ আনন্দৰ সুখানুভুতি লভিছিলোঁ। এই অনাথ বিদ্যালয়ৰপৰা লালন-পালন কৰি ডাঙৰ কৰা তোলনীয়া জী জনীয়েও আমাৰ অমতত ডেকা ল’ৰা এজনৰ লগত সংসাৰ গঢ়িলেগৈ। সেই সময়তে মোৰ স্বামী দুৰাৰোগ্য নৰিয়াত পৰি পৰলোকগামী হয়। ইয়াৰ পিচৰেপৰা মোৰ অকলশৰীয়া জীৱন আৰম্ভ হয়। বৃহৎ আৰ চি চি ঘৰটোত দিনতে আন্ধাৰৰ ছায়াই লগ ল’বলৈ ল’লে। মানসিকভাৱে বেছিকৈ হতাশাগ্ৰস্ত হ’লোঁ তেতিয়া, যেতিয়া পুত্ৰ-বোৱাৰীয়ে বিদেশগমন কৰাৰ কথা ঠিক কৰিলে। মই বোলো নালাগে বিদেশৰ মাটিত চিকিৎসা সেৱা কৰিবলৈ, হেৰ’ দেশৰে কোনোবা এখন নগৰত বা মহানগৰত কৰি থাকচোন ! নাই সিহঁতৰ বিদেশত থকাৰ হে মন। এগৰাকী মাতৃ হিচাপে সদায়েই পুত্ৰৰ জীৱন সুখ-শান্তি, ঐশ্বৰ্যৰে ভৰি পৰক বুলিয়েই কামনা কৰিছিলোঁ। কিন্তু ল’ৰাৰ এই উচ্চাকাংক্ষী সিদ্ধান্তত মই খুব বিচলিত হৈছিলোঁ । সিহঁত যোৱা আজি কেইবা বছৰেই হ’ল। এতিয়া সি বিদেশৰ এজন লেখত ল’বলগীয়া জ্যেষ্ঠ চিকিৎসক ৷ তাৰ নাম আৰু কীৰ্ত্তি সমগ্ৰ বিশ্বতে ৰৈ বৈ যোৱা।বিশ্বৰ নানান চিকিৎসালয়ত সি চিকিৎসা সেৱা আগবঢ়াবলৈ গৈ থাকে । আজিৰেপৰা বাৰ বছৰৰ আগতেই আমাৰ ওচৰৰপৰা বিদেশলৈ যোৱা পুত্ৰই নিজৰ জন্ম হোৱা ঘৰখনলৈ আহি মাকৰ খবৰ এটা ল’বলৈ আহৰি পোৱা নাই ৷ বিদেশলৈ যোৱাৰ দুবছৰ পিচত এবাৰ আহিছিল, শ্বিলঙৰ মিছনেৰী হস্পিটেলত নিজৰ কেইটামান কামৰ অজুহাতত। এদিন থাকি পুনৰ ঘূৰি গ’ল। মোকো বিদেশলৈ লৈ যোৱাৰ কথা কৈছিল। মই যিখন দেশৰ মাটি, পানী,বায়ু, শিক্ষা গ্ৰহণ কৰি লালিত-পালিত হ’লো, সেই দেশমাতৃক এৰি, সাত সাগৰৰ সিপাৰে মোৰ এই বয়সে ভাটি দিবলৈ ধৰা দেহাটো বিলীন হ’বলৈ দিয়াৰ আৰু মন নাই বুলি ল’ৰাক একেষাৰে জনালোঁ। যি কেইদিন এই ধৰাত থাকিম অকলশৰে থাকিম সোণটো (পুত্ৰক মৰমতে মতা ঘৰুৱা নাম)! সি বেয়া পালে বুলিও বুজিলোঁ। সেই যোৱাৰ দিন ধৰি ল’ৰাটোৰ লগত একেবাৰে আঙুলি মূৰত গণিব পৰাকৈহে ফোনত কথা হৈছে। ল’ৰাই অসুবিধা পায় বুলিয়েই মই আজি বহুদিন ধৰি এটা ফোনো কৰা নাই ৷ মানে মন নোযোৱা হৈছে। নাতি-নাতিনীৰ মাত এটাও শুনাৰ সৌভাগ্য হোৱা নাই ৷ ল’ৰালৈ ফোন কৰাত বিশেষ অসুবিধা আছে কাৰণ সি কামৰ হেঁচাত সময় নাপায় কথা পাতিবলৈ ৷—‘পিচত ফোন কৰি আছোঁ’—- বুলি সি মোক জনাই ব্যাকুল কৰি ৰাখে। এটি ফোনৰ আশাত মই প্ৰায়েই ৰৈ থকা হ’লোঁ । কেতিয়াবা ৰৈ ৰৈ টোপনিত ঢলি পৰোঁ। বিগত দহ বছৰ ধৰি তাৰ মাতটোও ভালদৰে শুনাৰ সৌভাগ্যও মোৰ হোৱা নাই।
_হে সুধীসমাজ! এয়াই আমাৰ সন্তানৰ কৃতিত্ব ৷ যিখন দেশৰ শিক্ষা প্ৰতিষ্ঠানে সিহঁতক শিক্ষাৰ উচ্চ শিখৰলৈ নি স্বনামধন্য কৰিলে, সেই মাতৃভূমিৰ প্ৰতি সেৱা আগবঢ়াবলৈ সিহঁতে আজি অতি নিৰ্লজ্জভাৱে প্ৰত্যাখ্যান কৰিলে। সিহঁতে সুদূৰত এৰি যোৱা মাকৰ কথা এবাৰো নাভাবে ! মাকৰ সৈতে ফোনেৰে কথা পতাৰ দায়িত্বও অনুভৱ নকৰা এনে সন্তানসকল কি যুক্তিত আৰু কাৰ বাবে ‘কৃতী সন্তান’ ? কৃতী সন্তানৰ পৰিভাষা কি?এনে কৃতী সন্তান দেশৰ নে পিতৃ-মাতৃৰ?মই যে এক অচিন দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছোঁ সেই কথা জানিবলৈও মোৰ পুত্ৰৰ আহৰি নাই।মোৰ পুত্ৰৰে বন্ধু চিকিৎসক এজনেই মোৰ এই দুৰাৰোগ্য ৰোগ ধৰা পেলাইছিল আৰু তেওঁ মই চেম্বাৰত বহি থকা অৱস্থাতেই মোৰ ৰোগ সম্পৰ্কে মোৰ পুত্ৰক জনাইছিল।মাক হিচাপে নিজ ল’ৰাটোক এবাৰ কাষত পাবলৈ, নাতিটোক, নাতিনীজনীক এবাৰ চুই চাবলৈ মোৰ মনে বৰ ব্যাকুল হৈ আছে , এই কথাও সিহঁতে বুজিব নোৱাৰে ! মাকৰ শেষ খবৰটো শুনিবলৈও চাগে সিহঁতৰ সময় নহ’ব।
বৰমাৰ কথাবোৰ ক্ৰমে থোকাথুকি হৈ আহিল।
বৰমাৰ মুখত আমি বৰমাৰ আলাসৰ ল’ৰা ‘সোণটো ককাইদেউ’ৰ গুণ গৰিমাৰ কথা প্ৰায়ে শুনিবলৈ পাইছিলোঁ।কিন্তু সেইদিনা প্ৰথমবাৰলৈ এগৰাকী মাতৃৰ আৱেগ-অনুভূতিক অৱমাননা কৰা সোণটো ককাইদেউৰ অকৃতজ্ঞ মনক ধিক্কাৰ দি বৰমাই ৰাজহুৱাকৈ ক্ষোভ উজাৰিলে। বৰমাৰ হিয়াত , অন্তৰাত্মাত কেনে একুৰা জুই দপদপকৈ জ্বলি আছে দুচকুৰে বৈ অহা চকুলো দেখিয়েই মোৰ অন্তৰে হাহাকাৰ কৰি উঠিল। মই আৰু প্ৰেক্ষাগৃহত বহি থাকিব নোৱাৰিলোঁ । চকুৰে ধাৰাসাৰ চকুপানী বৈ আহিল ৷ চকুকেইটা ৰুমালখনেৰে মচি প্ৰেক্ষাগৃহৰপৰা খৰখেদাকৈ ওলাই আহিলোঁ বাহিৰৰ মুক্ত বতাহ অলপ লোৱাৰ আশাত।