স্বৰ্ণ নগৰী আৰু সোনালী বালিৰ দেশত এভুমুকি-ৰঞ্জনা দত্ত

(১)

নীলা সাগৰ , বৰফেৰে ঢকা পাহাৰ আৰু  ঘন সেউজীয়া প্ৰকৃতিৰ মাজত বহুত ফুৰা হ’ল। কৰোণা কালৰ মাজতে এইবাৰ ডিচেম্বৰ মাহৰ শেহৰফালে আমি যাবলৈ ওলালো ভাৰতৰ একেবাৰে পশ্চিম সীমান্তৰ থৰ মৰুভূমিৰ চাম বালিৰ পাহাৰ আৰু স্বৰ্ণ নগৰী জয়সালমেৰ চাবলৈ। দুবছৰ ঘৰত সোমাই থাকি থাকি আমনি লাগিছিল যদিও ওলাই যাবলৈ সাহস কৰা নাছিলো। তাতে মোৰ অৱস্থা পাখি কটা পাৰৰ দৰে। ভেক্সিনৰ মাত্ৰ এটা পালিহে লোৱা হৈছে। তাৰ পাৰ্শ্ব ক্ৰিয়াৰ ফলত এতিয়াও ভালদৰে খোজ কাঢ়িব নোৱাৰা অৱস্থা। ল’ৰা-ছোৱালী, জোঁৱাই সকলোৰে সাহসতে ওলালো। আমাৰ সাতজনীয়া দলটোত আমাৰ পৰিয়ালৰ লগতে জোঁৱাই ইৰফানৰ পৰিয়াল।পৰিয়াল মানে মাক আৰু ভনীয়েক।

জয়পুৰত চাৰি দিন থকাৰ পিছত  জয়সালমেৰলৈ ওলালো। স্পাইচ জেট বিমানেৰে  এঘন্টা বিছ মিনিটৰ যাত্ৰা । সৰু বিমানখনৰ সকলোবোৰ পৰ্যটক যাত্ৰী। জয়সালমেৰ বিমান বন্দৰৰপৰা স্বৰ্ণ নগৰীলৈ গাড়ীৰে ১২.৬ কিলোমিটাৰ বাট। ইনোভাখনৰ ওপৰত আমাৰ বেগ চুটকে’ছৰ দ’ম। ভিতৰত ঠেলা হেঁচাকৈ ড্ৰাইভাৰৰ সতে আমি সাতজন মানুহ। কিছুদূৰ আহি বাটৰপৰাই দূৰত সূৰ্যৰ পোহৰত চিকমিকাই থকা জয়সালমেৰ দুৰ্গ  ‘সোনাৰ কিলা’ দেখিবলৈ পালো। লেখক আৰু বোলছবি নিৰ্দেশক সত্যজিত ৰায়ৰ ফেলুদা চিৰিজৰ এখন অন্যতম উপন্যাস ‘সোনাৰ কেল্লা’। জয়ছালমেৰ দুৰ্গৰ ভিতৰৰ এটা ৰহস্য কাহিনীৰ ওপৰত ভিত্তি কৰি লিখা ‘সোনাৰ কেল্লা’ উপন্যাসখনৰ কাহিনীৰে নিৰ্মিত একে নামৰ বোলছবিখনৰ বাবে এই নামটো আমাৰ বহুতৰে বাবে চিনাকি। বহু দূৰৰপৰা দেখা বাবে দুৰ্গটো খুব সৰু যেন ভাব হৈছিল । আমাৰ সন্দেহ দূৰ কৰিবলৈ গাড়ী চালক জনক সুধি নিশ্চিত হ’লো। 

আগতে বুক কৰি থোৱা হোটেলখন সোনাৰ কিলাৰ ওচৰতে। তিনিতলাৰ ওপৰত থকা ৰেষ্টুৰেন্টত বহি সুন্দৰকৈ জয়সালমেৰৰ সূৰ্যাস্ত আৰু দুৰ্গৰ বিতোপন শোভা উপভোগ কৰিব পৰা যায়। সকলো ঠিকেই আছিল যদিও মোৰ বাবেহে অসুবিধা এটা হ’ল। হোটেলখনত লিফ্টৰ ব্যৱস্থা নাছিল।চিৰিবোৰ বেচ ওখ ওখ আছিল । উঠা নমা কৰাত অসুবিধা হ’ব বাবে আমি দুজনে তলৰ কোঠা এটাকে ল’লো। সূৰ্যাস্ত চোৱাৰ মোহ এৰিব নোৱাৰি  লাহে লাহে ওপৰলৈ উঠি গ’লো। গধূলিৰ সোণালী আভাৰে সোণৰ দৰে উজলি উঠা স্বৰ্ণ নগৰীখন দেখি মনটো পুলকিত হৈ উঠিল। পূব দিশে নাতিদূৰত ত্ৰিকুটা পাহাৰৰ ওপৰত অৱস্থিত জয়সালমেৰ দুৰ্গ আৰু পশ্চিমৰ হেঙুলীয়া আকাশত ডুবিবলৈ ধৰা সূৰ্য। তলত আমাৰ চাৰিওকাষে সোণালী বৰণ ধৰা হালধীয়া বালি পাথৰেৰে নিৰ্মিত ঘৰবোৰ। কি যে এক অপূৰ্ব অনুভুতি! 

চাহ জলপান খাই তললৈ নামি আহিলো।দুখন অ’টো লৈ আটাইকেইজন গাডিচৰ হ্ৰদলৈ আহিলো। এই হ্ৰদটো ১১৫৬ চনত জয়সালমেৰৰ সংস্থাপক প্ৰথম জন ৰজা ৰাৱাল জয়চালে সাজি উলিয়ায়। ১৩৬৭ চনত ইয়াক মহাৰাজ গাডছি সিঙে নতুনকৈ সাজি উলিয়াইছিল বাবে তেওঁৰ নামেৰে হ্ৰদটোৰ নামাকৰণ কৰা হয়। ৰাজস্থানৰ ইন্দিৰা গান্ধী নলাৰদ্বাৰা যোগান ধৰা পানীৰে শুকান মৰুভুমিৰ মাজৰ মৰুদ্যান যেন এই হ্ৰদটোত আজিকালি বছৰৰ বাৰটা মাহেই পানী থাকে। হ্ৰদটোৰ মাজে মাজে থকা মন্দিৰ আৰু পাৰত বান্ধি থোৱা ৰং বিৰঙী নাওবোৰত পৰা ৰঙীন লাইটৰ পোহৰেৰে এক মায়াবী দৃশ্যৰ সৃষ্টি কৰিছিল। নৌকা বিহাৰৰ বাবে কেইবাজনো নাৱৰীয়াই আমাক জোৰ দিছিল যদিও সময়ৰ অভাৱৰ বাবে পাৰৰপৰাই সৌন্দৰ্য উপভোগ কৰিলোঁ। দুৰ্গৰ তলত থকা সৰু সৰু গলিবোৰত ৰংচঙীয়া বান্ধনী কাম কৰা চুৰ্ণী,শাৰী আৰু ৰূপৰ গহনাৰ দোকান। আমি কাপোৰৰ দোকানৰ মাজে মাজে ইটো সিটো চাই ঘূৰি ফুৰাৰ সময়তে ল’ৰা, জোঁৱাই আৰু মোৰ শ্ৰীমানে খোৱাৰ দোকানবোৰত বিভিন্ন খোৱাৰ জুতি লোৱাত ব্যস্ত হৈ পৰিল। সৰু সৰু অকোৱা-পকোৱা গলিবোৰত অজস্ৰ দোকান। শুদ্ধ ঘিঁত বনোৱা মালাই ঘেঁৱৰ, কচুৰি, গৰম মাখন গাখীৰ, তিল আৰু বাদামৰ গুড়ৰ মিঠাই আৰু কত কি! আমি আহি এওঁলোকক ভাঙৰ দোকান এখনৰ আগত পালোহি। সকলোৰে হাতে হাতে ঘোটাৰ গিলাচ। এইখন চৰকাৰী অনুমোদিত ভাঙৰ দোকান। প্ৰকাণ্ড মোচ একোছাৰ অধিকাৰী দোকানীজনে বহুত প্ৰশ্ন সোধাৰ পিছতহে এওঁলোকক মনে বিচৰা ঘোটাবিধ বনাই দিলে। মই ল’ৰাৰপৰা সৰুকৈ এঢোক লৈ খাই চাইছিলো। ডাঠ গাখীৰ যেনেই লাগিল। দুৰ্গৰ ভিতৰত সোমোৱা সময় পাৰ হৈ গৈছিল বাবে পিছদিনা ৰাতিপুৱা আহি দুৰ্গৰ ভিতৰখন চোৱাটো  ঠিক কৰিলো। ঘূৰি আহোঁতে দুৰ্গৰ তলৰ ঠেক বজাৰৰ গলিবোৰৰ মাজে মাজে গুগল মেপৰ সহায় লৈ খোজকাঢ়ি হোটেল ওলালোহি। কাইলৈ মৰুভূমিৰ মাজত তম্বুত থকাকৈ যাম। তাৰ আগতেই ৰাতিপুৱাতে দুৰ্গৰ ভিতৰখন চাই আহিবগৈ লাগিব।

মৰুভূমিৰ কমলা হালধীয়া ৰঙৰ চেণ্ডষ্ট’ন পাথৰেৰে সজা এই দুৰ্গটো ১১৫৬ চনত ৰাজপুত শাষক ৰাৱত জেইচালে নিৰ্মাণ কৰিছিল। ২০১৩ চনত ইয়াক ৱৰ্ল্ড হেৰিটেজ চাইটৰ অন্তৰ্ভুক্ত কৰা হয়। দুৰ্গৰ ভিতৰত আছে বহুতো সুন্দৰ সুন্দৰ ঘৰ, হোটেল, দোকান, মন্দিৰ। লগতে সৈনিক আৰু ব্যৱসায়ীসকলৰ পৰিয়ালসমূহ থকা ঘৰ। দুৰ্গৰ ভিতৰৰ ক্ষুদ্ৰ নগৰী খন ৩০ ফুট ওখ সোণালী পাথৰৰ দেৱালেৰে ঘেৰা। দেৱালখন তিনি তৰপীয়া। প্ৰথম দেৱালখন পাৰ হৈ শত্ৰু সোমালেই দ্বিতীয় দেৱাল খন পাৰ হোৱাৰ আগতেই শত্ৰুৰ ওপৰত উতলা পানী ঢালি দিব পৰাৰ ব্যৱস্থা আছিল। দুৰ্গৰ ভিতৰলৈ প্ৰবেশ কৰিবৰ বাবে চাৰিখন বিশাল দ্বাৰ আছে। শত্ৰুৰপৰা ৰক্ষা পৰিবৰ বাবে তাৰে এখন দ্বাৰত টোপ লগোৱা আছে। বেচ ৰাতিপুৱাই যোৱা বাবে বেচিভাগ দোকান পোহাৰ বন্ধ আছিল। ভিতৰত ফটো তোলা নিষেধ আছিল বাবে দুই এখনহে ফটো তুলিব পাৰিলো।

এই দুৰ্গটোত ১৩শ শতিকাত আল্লাউদ্দিন খিলিজিয়ে আক্ৰমণ কৰে আৰু  ৯ বছৰ কাল ইয়াত শাসন কৰে। দুৰ্গৰ ভিতৰত খিলিজিৰ শাসন চলাৰ সময়কালত আত্মসন্মান ৰক্ষাৰ বাবে বহুতো ৰাজপুত মহিলাই জুইত জঁপিয়াই প্ৰাণ আহুতি দিছিল। ১৫৭০ চনত দ্বিতীয়বাৰৰ বাবে ইয়াত হুমায়ুনে আক্ৰমণ কৰে। ১৫৬২ চনত জয়সালমেৰৰ ৰজা হৰিৰাজ সিঙ দেৱ বাহাদুৰে মোগলৰ লগত সম্বন্ধ বঢ়াবৰ বাবে  সম্ৰাট আকবৰৰ সতে নিজৰ জীয়েক নথি বাইক বিয়া দিছিল। ১৯৬৫ আৰু ১৯৭১ চনৰ ভাৰত পাকিস্তান যুদ্ধৰ সময়ত এই দুৰ্গই সমস্ত জয়সালমেৰৰ বাসিন্দাক দুৰ্গৰ ভিতৰত আশ্ৰয় দি নিজৰ মহানতা প্ৰমাণ কৰিছিল। আমি দুৰ্গৰ ভিতৰত লগ পোৱা স্থানীয় লোক এজনে দুৰ্গৰ ভিতৰত থকা মন্দিৰ মহল আদি দেখুৱাই আমাক কথাবোৰ কৈ গৈছিল। কথাবোৰ  কওঁতে গৌৰৱ আৰু আৱেগত তেওঁৰ চকুযোৰ তিৰবিৰাই উঠা লক্ষ্য কৰিছিলোঁ। চাবলৈ আৰু বহুত আছিল যদিও মৰুভূমিৰ মাজলৈ যাবলৈ দেৰি হ’ব বাবে অ”টো এখনত উঠি খৰধৰকৈ হোটেল পালোহি। 

                                (২)

আজি জয়সালমেৰত আমাৰ দ্বিতীয় দিন। পুৱাতে সোনাৰ কিলাৰ ভিতৰ ভাগ চালো। হোটেললৈ ঘূৰি অহাৰ বাটত ৰেষ্টুৰেন্ট এখনতে পুৱাৰ আহাৰ কৰি ল’লো। মৰুভূমিৰ মাজত থকা চাম ৰিজৰ্টলৈ আমাক নিবৰ বাবে গাড়ী দুখন হোটেলৰ আগত ৰৈ আছিল। আমাক প্ৰথমেই নগৰৰ ভিতৰত থকা ৰিজ’ৰ্টৰ অফিচটোলৈ লৈ আনিলে। অফিচটো সোনাৰ কিলাৰ প্ৰায় তলতে। গোটেইকেইজন প্ৰথম তলাত থকা অফিচটোলৈ উঠি গ’ল। মই ৰ’দৰ পোহৰত চিকমিকাই থকা সোনাৰ কিলাৰ ফটো তোলাত লাগিলো। আমাৰ গাড়ীচালক শ্বাহৰুখে মোৰ ওচৰলৈ আহি ক’লে –

“মেডামজী, চাদৰ ওপৰৰপৰা কিলাৰ ধুনীয়া ফটো তুলিব পাৰিব।”

ভৰিৰ বিষ থকা স্বত্বেও লাহে লাহে ওপৰলৈ উঠি গ’লো। সঁচাকৈ কিলাৰ ফটো তুলিবৰ বাবে উপযুক্ত ঠাই। ওপৰৰ পৰা হালধীয়া বালি পাথৰৰ ঘৰেৰে ভৰা চহৰখন আৰু দুৰ্গৰ ফটো তুলি প্ৰথম তলাত বহি থকা বাকীকেইজনৰ ওচৰ পালোহি। মেনেজাৰজনে বেচ ডাঙৰ চাইজৰ এলবাম এটা খুলি মৰুভূমিত কি কি কৰিব পাৰি দেখুৱাই আছিল। জীপ চাফাৰি, কেমেল চাফাৰি, পেৰাছুটত উঠি কৰা পেৰাচেইলিং…।তেওঁ তৰাৰে তিৰবিৰাই থকা আকাশ এখন দেখুৱাই ক’লে…

“এই দৃশ্য মাজনিশাৰ জীপ চাফাৰিত গ’লে দেখিব।”

প্ৰতিটো প্ৰমোদ ভ্ৰমণৰ ধুনীয়া ধুনীয়া ফটো। দামবোৰ তাতকৈও ধুনীয়া। ল’ৰা ছোৱালীহঁতে মেনেজাৰৰ লগত কথা পাতিবলৈ ধৰিলে।

“ডেজাৰ্ট জীপ চাফাৰিত বেছি জোকাৰণি হ’ব নেকি বাৰু?আমাৰ ভিতৰৰ এজন জোকাৰণিৰপৰা খুব সাৱধানে থাকিব লাগে। আমাৰো বয়স হৈছে। বেছি জোকাৰণি সহ্য নহয়।”

তেওঁ ফটো এখন দেখুৱাই ক’লে- 

“আপোনালোকে ইচ্ছা কৰিলে জোকাৰণি নোহোৱা এই ধৰণৰ চাফাৰিও ল’ব পাৰে।”

বয়সীয়া মানুহ কেইজনমান সমান বালিময় ৰাস্তাৰে জীপত গৈ থকাৰ ফটো। আমি সেইটো ভ্ৰমণেই ল’ম বুলি ক’লো। সূৰ্য্যাস্ত আৰু মাজৰাতিৰ জীপ চাফাৰিৰ উপৰিও ল’ৰাই উটৰ চাফাৰিও কৰিম বুলি ক’লে। মেনেজাৰজনে ধ্বংসস্তূপেৰে ভৰা শুকান ঠাই এখনৰ ফটো এখন দেখুৱাই ক’লে –

“ এইখন কুলধৰা গাওঁ। পালিৱাল ব্ৰাহ্মণসকলৰদ্বাৰা শাপগ্ৰস্ত আৰু পৰিত্যক্ত এই গাওঁখনত ৰাতি জীৱ-জন্তুও থাকিব নোৱাৰে । বহুতে ‘ভূতৰ গাওঁ’ বুলিও কয়। গাওঁখন চাম ৰিজ’ৰ্টলৈ যাওঁতে ইচ্ছা কৰিলে চাই যাব পাৰিব। ৰিজ’ৰ্ট আৰু প্ৰমোদ ভ্ৰমণৰ বাবে টকাখিনি জমা দি আমি অফিচটোৰপৰা ওলাই আহিলো।

থৰ মৰুভূমিত জয়সালমেৰৰপৰা যাব পৰা দুটা ধুনীয়া বালিৰ টিলাৰে ভৰি থকা অঞ্চল আছে। চাম চেণ্ড ডিউনচ আৰু খুৰী চেণ্ড ডিউনচ। চামৰ ৰিজৰ্টবোৰলৈ চহৰৰপৰা ৪০ কি:মি: বাট। দুয়োকাষে শুকান পাথৰ আৰু বালিৰ সমতল। মাজে মাজে দুই এটা সৰু ডাঙৰ শিলৰ পাহাৰ। ৰাস্তাত বতাহত ঘূৰি থকা বহুতো বতাহ যন্ত্ৰ দেখিবলৈ পালোঁ। জয়সালমেৰৰ বায়ুবিদ্যুত কেন্দ্ৰ হেনো পৃথিৱীৰ চতুৰ্থ বৃহত্তম স্থল বায়ুবিদ্যুত কেন্দ্ৰ। গাড়ীত বাজি থকা ৰাজস্থানী লোক সঙ্গীতৰ লগে লগে বালিৰ ঢৌবোৰৰ দৰে সামান্য উঠা নমা ৰাস্তাৰে আমাৰ গাড়ী দুখন গৈ আছিল। কাষৰ শিলৰ টিলাবোৰত দেখিছিলো বতাহত ঘূৰি থকা বহুতো বতাহ যন্ত্ৰ।

নিৰৱতা ভঙ্গ কৰি শ্বাহৰুখে ক’লে-

“কুলধৰালৈ যাবলৈ হ’লে ৫০০ টকাকৈ আমাক দিব লাগিব।”

আমি যাম বুলি জনালো। কিছুদূৰ গৈ গাড়ীখন বাওঁফালৰ সৰু ৰাস্তা এটাৰে সুমুৱাই দিলে। আমাৰ পিছে পিছে আন এখন গাড়ীও আহি আছিল। কিছুদূৰ গৈ কুলধৰা গাঁৱৰ চাইনবোৰ্ড এখন দেখিলো। ধূলিয়ৰি বাটেৰে গাঁৱৰ মাজেৰে আমাৰ গাড়ী দুখন আগুৱাই গ’ল। দুকাষে আধাভঙা ঘৰৰ ধ্বংসস্তূপ। গাঁৱৰ মানুহে বিশ্বাস কৰে এইখন ভূতৰ গাওঁ। ৰাতি হেনো গাওঁখনৰপৰা অদ্ভুত শব্দ কিছুমান ভাঁহি আহে। লোক কথা অনুযায়ী সমৃদ্ধিশালী এই গাওঁখনত প্ৰায় ৩০০ বছৰ আগতে পালিৱাল ব্ৰাহ্মণসকলে বাস কৰিছিল। ৰাজ্যখনৰ শাসক নিষ্ঠুৰ, লোভী দেৱান চেলিম সিঙৰ লোভী দৃষ্টিৰ পৰা নিজৰ ছোৱালীজনী ৰক্ষা কৰিবৰ বাবে গাওঁ প্ৰধান জনৰ সতে সমূহ গাওঁবাসী এৰাতিৰ ভিতৰতে গাওঁখনৰ পৰা অন্তৰ্ধান হৈ পৰিছিল। যোৱাৰ সময়ত তেওঁলোকে অভিশাপ দি থৈ গৈছিল যে তেওঁলোকৰ প্ৰপিতামহে স্থাপন কৰা এই গাওঁখনত কেতিয়াও কোনো মানুহে বসতি স্থাপন কৰিব নোৱাৰিব।

প্ৰখৰ ৰ’দত ঘূৰি ফুৰি গাওঁখনৰ কিছু অংশ চালো। এসময়ত যে বেছ সুন্দৰ গাওঁ আছিল দেখিলেই ধৰিব পাৰি। মন্দিৰৰ গাত খোদিত ভাস্কৰ্য্য,পানী জমা কৰা শিলৰ চৌবাচ্চা, পানী নিষ্কাষনৰ ব্যৱস্থা আদি দেখি গাওঁখন যে যথেষ্ট উন্নত আছিল সেয়া অনুমান কৰিব পাৰিলো।

গাড়ী চালক শ্বাহৰুখে ভূতৰ প্ৰমাণ পোৱাৰ কথা কিবাকিবি কৈ আছিল। আমি বিশ্বাস অবিশ্বাসৰ দোমোজাত আছিলো যদিও কিবা এটা ভয় লগা ভাব মনলৈ আহিছিল। দুপৰীয়াৰ খোৱা আমি জয়সালমেৰতে পেক কৰাই আনিছিলো যদিও ৰিজ’ৰ্টলৈ গৈ হাত-মুখ ধুইহে খাম বুলি ঠিক কৰিলো।

শুকান বালিৰ মাজত ঘূৰণীয়াকৈ ৫০ টা মান তম্বু। মাজৰ খালী ঠাইখিনিত এটা চুইমিং পুল আৰু তাৰ কাষতে এখন ঘূৰণীয়া মুকলি মঞ্চৰ দৰে ঠাই। খোলা মঞ্চৰ চাৰিওফালে মানুহ বহিব পৰাকৈ পকাৰে বনাই থোৱা আছিল। আমাক এটা কোণৰ চাৰিটা তম্বু দেখুৱাই দিলে। জিপাৰেৰে বন্ধ কৰি থোৱা দুৱাৰ খুলি ভিতৰলৈ সোমাই গ’লো। বেচ ডাঙৰ কোঠা। তম্বুৰ ভিতৰতে সংলগ্ন সুন্দৰ গাধোৱা ঘৰ।

আবেলি ৪ -৩০ মান বজাত মৰুভূমিৰ বালিৰ টিলাবোৰৰ পৰা সূৰ্য্যাস্ত চাবলৈ ওলালো। আমাৰ চাফাৰিৰ জীপ দুখন বাহিৰত ৰৈ আছিল। আমি ভাগে ভাগে দুখন জীপত উঠিলো। আটাইকেইজনে জীৱনত পাহৰিব নোৱাৰা এক ভয়ঙ্কৰ অভিজ্ঞতাৰ সন্মুখীন হ’লো। যদিও আমি চিধা সমান ৰাস্তাৰে যোৱা জীপ চাফাৰিটো বন্দবস্ত কৰিছিলোঁ,আমাক বালিৰ পাহাৰৰ উঠা নমাবোৰৰ মাজেৰে ভয়ঙ্কৰ জোকাৰনিৰে লৈ গ’ল। কেতিয়াবা পথালিকৈ ১৮০ ডিগ্ৰীৰ তীব্ৰ জোকাৰণি আৰু মাজে মাজে ভেঁকুলীৰ দৰে তল ওপৰ কৰি জঁপিয়াই জঁপিয়াই যেন গাড়ীখন আগুৱাই গৈছে। মই মূৰত আৰু হাতত জোৰেৰে খুন্দা এটা খালো। ভগৱানক খাটিলো সোনকালে যেন এই যাত্ৰা শেষ হয়। ১০ মিনিটমান গৈ গাড়ীখন এঠাইত ৰ’লগৈ। ঠাইডোখৰত আন কেইবাখনো জীপ ৰৈ আছিল। সমুখত ৰং-বিৰঙী কাপোৰ পিঠিত লৈ কেইবাটাও উট বহি আছিল। চাৰিওফালে বালিৰ ওখ চাপৰ টিলাবোৰ। আমাৰ দলৰ বাকী কেইজনক লৈ অহা গাড়ীখন তেতিয়াও আহি পোৱা নাছিল। আমি বালিৰ টিলা এটাৰ ওপৰলৈ উঠি গৈ তেওঁলোক অহালৈ অপেক্ষা কৰি এঠাইত বহি পৰিলো। ল’ৰাটো আহি পায়েই উটৰ পিঠিত উঠি অন্য এফালে গুচি গ’ল। গাড়ীৰ জোকাৰণিত তেওঁলোকেও খুব ভয় খালে। আমি টিলাৰ ওপৰত বহি থকাৰ সময়তে দুখনমান জীপ কিছু দূৰেৰে পাৰ হৈ গ’ল। ডেকা ল’ৰা ছোৱালীৰ জাক। গাড়ীৰ জোকাৰণিৰ সতে কিৰিলিয়াই কিৰিলিয়াই গৈছে।

আমাৰ কাষলৈ পইচা বিচাৰি সৰু ছোৱালী এজনীৰ সতে স্থানীয় সাজপাৰ পিন্ধা মানুহ এগৰাকী আহিল । একে ধৰণৰ আৰু কিছুমান মাইকী মানুহ আৰু দুটামান ল’ৰা ছোৱালী যাত্ৰীসকলৰ পিছে পিছে ঘূৰি ফুৰা দেখিবলৈ পালো।

আকাশত সূৰ্য্যটোৱে ৰং সলাবলৈ আৰম্ভ কৰিছিল। উজ্জ্বল হালধীয়াৰপৰা ৰঙচুৱা হৈ সুমথিৰা বৰণৰ হোৱাৰ লগে লগে আকাশখনো ৰঙচুৱা হৈ পৰিছিল। আকাশত পেৰাগ্লাইডিঙ কৰা লোকসকলৰ ৰং-বিৰঙী পেৰাছুটবোৰ ইটোৰ পিচত সিটোকৈ উৰি ফুৰিছিল । তলত প্ৰমোদ ভ্ৰমণৰ বাবে যাত্ৰী কঢ়িয়াই নিয়া উটবোৰ। আমি বহি থকা টিলাটোত আমাৰ নিচেই কাষতে  থকা পৰিয়ালটোৰ এগৰাকী মহিলাই সুললিত কন্ঠেৰে ভজন গাই আছিল। কি যে এক সুন্দৰ স্বৰ্গীয় পৰিবেশ! আমি সকলোবোৰে হাতত মোবাইল , কেমেৰা আদি লৈ সূৰ্যাস্তৰ এই অপূৰ্ব দৃশ্য কেমেৰাত বন্দী কৰাত ব্যস্ত হৈ পৰিছিলোঁ। পশ্চিমৰ বহুৰঙী আকাশখনৰ মাজত ক্ৰমান্বয়ে সৰু হৈ হৈ উজ্জ্বল সূৰ্য্যটো লাহে লাহে আমাৰ চকুৰ আগৰপৰা নোহোৱা হৈ পৰিছিল। আধাঘন্টামান  বালিৰ পাহাৰবোৰত থকাৰ পাছত এটা পূৰ্ণ মনেৰে তম্বুলৈ ঘূৰি আহিছিলোঁ। মনটো ভৰি থকাৰ বাবেই নে আগৰপৰা প্ৰস্তুত হৈ থকা বাবে নাজানো, এইবাৰৰ জোকাৰণিবোৰ আগতকৈ কিছু কম যেন ভাব হৈছিল।

 

ৰিজ’ৰ্টৰ মূল প্ৰবেশদ্বাৰৰ ওচৰত পাৰম্পৰিক সাজপাৰ পিন্ধা লোক কেইজনমান ৰৈ আছিল । আমি আহি পোৱাৰ লগে লগে আমাক কপালত তিলক দি ঢোলে ঢগৰে আদৰণি জনালে।মুকলি মঞ্চৰ চাৰিওফালৰ বহা ঠাইবোৰত সুন্দৰ দলিচা পাৰি থোৱা আছিল। আমি চিধা গৈ তাতে বহিলোগৈ। ঘোষকজনে অতি মনোমোহা কথন শৈলীৰে অনুষ্ঠানটো আগুৱাই নিছিল। অপূৰ্ব সুন্দৰ কণ্ঠৰ অধিকাৰী মানুহজনে দুই এটা ৰাজস্থানী জনপ্ৰিয় গীত গাইছিল।তাৰ মাজে মাজে ছোৱালী কেইজনীমানে  ৰাজস্থানী কোলবেলিয়া, ঘুমৰ , ভাৱাই আদি নৃত্য পৰিবেশন কৰিছিল। অনুষ্ঠান চলি থকাৰ মাজে মাজে  সকলোকে গৰম চাহ পকোৰী, পাপৰ ভজা আদি পৰিবেশন কৰি গৈছিল। ল’ৰা এজনে মুখত কেৰাচিন ঢালি মুখেৰে জুই উলিয়াই উলিয়াই সকলোকে খেল দেখুৱাইছিল। মুকলি মঞ্চৰ মাজভাগত সুন্দৰকৈ দ’মাই থোৱা খৰিখিনিত ল’ৰাজনে ফু মাৰি দিয়াৰ লগে লগে দপদপাই জ্বলি উঠিছিল। লগে লগে ঘোষকজনে আৰম্ভ কৰিছিল সুৰাৰ লগত জড়িত প্ৰসিদ্ধ শ্বায়েৰী আৰু গজলবোৰ। যেন সকলোকে সুৰা গ্ৰহণৰ বাবাহে আমন্ত্ৰন জনাইছে!

“ শৰাব ঔৰ মেৰা কোই বাৰ ব্ৰেকঅপ হো চুকা হে

পৰ কমবখ্ত হৰ বাৰ মুঝে মনা লেতী হে।”

এইবাৰ গালিবৰ জোক আৰম্ভ কৰিলে-

গালিব সে একবাৰ অপনে দোস্ত নে কহা

“ শুনা হে জো শৰাব পীতে হে

ওসকা দুৱা কবুল নহী হোতী”

গালিব নে জবাব দিয়া-

“ জিন্হে শৰাব মিল গই

ওন্হে দুৱা কী জৰুৰত নহী হোতী….”

সুৰা প্ৰেমীসকলৰ সুৰা তৃঞ্চাৰে ডিঙি শুকাই আহিছিল হ’বলা। তেওঁলোক এজন দুজনকৈ উঠি পিছফালে খোলা তম্বুত সজাই থোৱা ৰঙীন পানীয়ৰ কাষ পাইছিলগৈ। গান বাজনা চলি থকাৰ মাজতে আমি ডাইনিং হললৈ গৈ সম্পূৰ্ণ ৰাজস্থানী শাকাহাৰী খোৱাৰ সোৱাদ লৈছিলোঁগৈ। 

আবেলিৰ জীপ চাফাৰিৰ ভয়ঙ্কৰ জোকাৰণিৰ বাবে আমি ৰাতিৰ জীপ চাফাৰি বাতিল কৰিছিলোঁ। 

কাইলৈ পুৱাই আমি ভ্ৰমণ সমাপ্ত কৰি ভাগে ভাগে উভটিম। মোৰ ছোৱালী আৰু জোঁৱাইৰ পৰিয়ালটো পুৱা ৫ বজাতে মুম্বাইলৈ ৰাওনা হ’ব।  আমি দুজন ল’ৰাৰ সতে ৩ বজাৰ বিমানত দিল্লীলৈ উভটিম। তম্বুলৈ ঘূৰি আহি আমি বাৰান্দাত কিছু সময় মনে মনে বহি আছিলো। তেতিয়াও ওচৰৰ অন্য এটা ৰিজ’ৰ্টৰপৰা ৰিণি ৰিণি গানৰ সুৰ ভাঁহি আহিছিল । ৰাতিৰ জীপ চাফাৰিত মৰুভূমিৰ মাজৰপৰা ৰাতিৰ আকাশখন চাবৰ বাবে  বহু লোক নিজৰ তম্বুৰপৰা ওলাই গৈছিল। মই তম্বুৰ বাহিৰৰপৰাই নীলা আকাশখনৰ তৰাবোৰ চাবলৈ চেষ্টা কৰিছিলোঁ। মোৰ এই অৱস্থাৰ মাজতো যে ইমানবোৰ সুন্দৰ ঠাই দেখিবলৈ পালো তাৰ বাবে নেদখাজনলৈ প্ৰণাম জনাইছিলোঁ। 

Leave a Reply

Your email address will not be published. Required fields are marked *