সৰাপাতৰ সখী-ৰঞ্জিত কুমাৰ শৰ্মা
মোৰ দৃষ্টিদূৰত্বৰ ব্যাসাৰ্ধত থকা
জলফাইজোপাৰ তললৈ
ফাগুণৰ পচোৱাই তাইক লৈ আহে৷
তাইৰ আপোন আপোন লাগে
ফাগুনৰ সৰাপাত—
পথিকৰ গচকত পৰা
সম্পৰ্ক ত্যাগী বান্ধোন ছিগি সৰা৷
তাইৰ বাৰু নামটো কি
জানকী নে সীতা?
কেতিয়াবা গুণগুণায় কেতিয়াবা উচুপে
মাতটো যে ইমান মিঠা!
তাই যেন সৰাপাতৰ সখী
আলফুলে তুলি লয় সৰাপাত—
সেউজীয়াখিনি বিলাই পতিত হোৱা
যদিওবা ৰং সনা ৰঙা-সেন্দূৰীয়া৷
তায়ো বাৰু ত্যাগ কৰিছে নেকি সেউজীয়া
বনবাসত নাইবা স্বৰ্ণলংকাত?
নহ’লেনো ইমান আপোন কিয় সৰাপাত—
ৰঙীন অথচ বিচ্ছিন্ন
বৰ্ণিল অথচ অনাদৃত!
তাইৰ সেওঁতাত সমাজক দেখুওৱা ৰং
সৰাপাতেও বোলাই লয় নেকি একেই ৰং?
কেতিয়াবা তাই ইমান যে থৰ লাগি চায়
হাতত তুলি লোৱা পাতখিলা!
তাই বাৰু সৰাপাতত নিজকে চায় নেকি?
দেখে নেকি প্ৰতিবিম্ব জীৱনৰ?
সুধিবলৈ মন গ’লেও
তাইক সোধা নাই একোৱেই।
ৰামে সুধিছিলনে সীতাক
বিচ্ছেদৰ কি বেদনা?
অযোধ্যাই সুধিছিলনে
লোকনিন্দাৰ কি যন্ত্ৰণা?
নোসোধোঁ একোকে,
নিবিচাৰোঁ তাইৰ জীৱনৰ ক’লাজ,
মই পুৰুষ তাই নাৰী
মাজত এখন সুযোগসন্ধানী সমাজ৷
6:12 PM
সুন্দৰ