ৰাজী?,লিখক: আশাপূৰ্ণা দেবী , ভাবানুবাদ-অঞ্জু মহন্ত

এজনী ছোৱালী আহি ল’ৰাজনক মাত দি ক’লে,
‘মোক বিয়া কৰাবলৈ ৰাজী নে?’
এনেকুৱা ঘটনা জগতৰ আন ক’ৰবাত ঘটিছেনে ভগৱানেহে জানে, অৱশ্যে শমিতৰ ভাগ্যত সেয়ে ঘটিল।
ছোৱালীজনী যে একেবাৰে অপৰিচিত সেইটো নহয়, শমিতহঁতৰ ঘৰৰ দক্ষিণফালে কিছুদিনৰপৰা সাজি থকা তিনিমহলীয়া ঘৰটোত  ছমাহ আগেয়ে ৰাজকীয়ভাৱে মালিকৰ ‘গৃহপ্ৰৱেশ’ ঘটিছিল,ছোৱালীজনী সেই ঘৰখনৰেই ছোৱালী।
সেই ঘৰখনৰেই ছোৱালী, সেইটো দেখিছে শমিতে এই ছমাহ ধৰি অৱশ্যে এতিয়াও নাজানে–ছোৱালীজনী মালিকৰ ছোৱালী নে ভতিজা,ভাগিনী,নে আশ্ৰিত কোনোবা।
কাৰণ ছোৱালীজনীক শমিতে নানা সময়ত নানা অৱস্থাত আৰু নানা সজ্জাত দেখা পায়। কেতিয়াবা দামী শাড়ী পিন্ধি সস্ত্ৰীক মালিকৰ লগত তেওঁৰ চিকচিকিয়া এম্বেচাদৰখনত উঠি যোৱা দেখে, কেতিয়াবা সাধাৰণ শাড়ী পিন্ধি নিজেই গাড়ী ড্ৰাইভ কৰি ওলাই যোৱা, আকৌ কেতিয়াবা দেখে সোঁতমোচ খোৱা শাড়ী এখন পিন্ধি আউলী-বাউলী চুলিৰে কাগজৰ ঠোঙাত বাদাম লৈ বাদাম চোবাই চোবাই ৰাস্তাত ঘূৰি ফুৰা।
কৌতূহল যে নহয় সেইটোও নহয়। কিন্তু আগুৱাই গৈ পৰিচয় হোৱাৰ সাহস হোৱা নাই। যেতিয়া ৰাস্তাত ঘূৰি ফুৰা দেখা পোৱা যায় তেতিয়াই সাহস কৰিব পৰা যায়। কিন্তু ঠিক তেতিয়াই  বাঘিনী বাঘিনী যেন লাগে তাইক। যেন কথা ক’বলৈ গ’লেই আক্ৰমণ কৰি পেলাব।
কিন্তু পাগল ছাগল যে নহয় এই বিষয়ে সন্দেহ নাই। কোনোবা দিনা যেতিয়া এপালমান ছোৱালীৰ লগত ৰাস্তা পোহৰ কৰি তোলে, অথবা ক’ব পাৰি হাঁহিৰ শব্দত ৰাস্তা ভাঙি যোৱা যেন দেখে, তেতিয়া দেখা যায় সেই ক্ষীণমীণ ওখ ক’লা ছোৱালীজনীয়েই দলৰ মধ্যমণি।তাৰ বাহিৰেও নিয়মিত কলেজ-টলেজলৈও যায় যেন লাগে। নহ’লে কিতাপ-পত্ৰ লৈ ক’লৈ যায় সদায়! অথচ সদায় একে সময়তেও নহয়,কোনে জানে ইউনিভাৰ্ছিটিতেই পঢ়ে নে ক’ত, ছোৱালীবোৰৰ বয়সটো বুজি পোৱা নাযায়।
অন্ততঃ শমিতে বুজিব নোৱাৰে।পাড়াৰ যিজনী ছোৱালীক নাইন টেনত পঢ়ে বুলি অগ্ৰাহ্য কৰিছিল, এদিন গম পালে সেই বেণী নচুৱাই নচুৱাই যোৱা ছোৱালী জনী হেনো স্কুলৰ মাষ্টৰণী।
আকৌ এজনী দিগগজ ছোৱালীক মাষ্টৰণী বুলি ভাবি সমীহ কৰি ‘আপুনি’ বুলি কথা পাতি গম পালে ছোৱালীজনী ক্লাছ এইটৰ ছাত্ৰী। বয়স মাথোঁ চৈধ্য। শমিতৰ অৱশ্যে ঘোৰ সন্দেহ হৈছিল বয়স কমাই কৈছে। কিন্তু কিমানেই বা কমাব?
শমিতহঁতৰ ঘৰৰ সন্মুখত এটা ফ্লেট আছে। সেয়েহে নানান বয়সৰ আৰু নানান ৰঙৰ ছোৱালী দেখা পায় শমিতে। কেতিয়াবা বাছ-ষ্টপেজত দেখা হয় কোনোবা কোনোবাৰ লগত, উঃ কি ভীৰ! মানুহৰ ভৰত কলিকতা চহৰ এইবাৰ ভাঙিহে পৰিব। কি যে গৰম পৰিছে! ইমান বৰষুণ হৈছে তথাপি গৰম কমা নাই। আজি বৰষুণ দিব, আকাশৰ যি অৱস্থা! এনেকুৱাবোৰ স্বগতোক্তিৰ পৰিপ্ৰেক্ষিততে এটা-দুটা কথা পতা হৈ যায়, পৰিচয় হৈ যায়।
‘আপুনিতো সেই সন্মুখৰ ঘৰটোত থাকে?’
‘আপোনালোক সেই আঠ নম্বৰ ফ্লেটটোলৈ নতুনকৈ আহিছে, নহয়নে?’
কিন্তু সেই  পাগলী ছোৱালী জনীৰ লগত?
কেতিয়াও নহয়।
ছোৱালীজনীক কেতিয়াবা বাঘিনীৰ ৰূপত কেতিয়াবা উদাসীন ভাবত, কেতিয়াবা বিধ্বস্ত ৰূপত মাত্ৰ দূৰৰ পৰাই দেখিছোঁ। দহ ফুটৰ ভিতৰলৈও অহা নাই কেতিয়াও। গতিকে কথাবাৰ্তাও হোৱা নাই এতিয়ালৈ।
আৰু আজি দেখোন একেবাৰে দুইফুট দূৰত্বৰ এলেকালৈ আহি আক্ৰমণ কৰি কৈ উঠিল,
‘শুনকচোন আপোনাৰ লগত এটা কথা আছে।’
 শমিতে সচকিত হৈ থিয় হৈ ক’লে, ‘কওক।’
মনে মনে অৱশ্যে অলপ ভয়ো খালে।ঠিকতো নাই হঠাৎ যদি প্ৰশ্ন কৰি উঠে,
‘যেতিয়াই তেতিয়াই মোৰ ফালে চাই থাকে কিয়?’
এই আশঙ্কাটোৱেই হ’ল শমিতৰ, এই ভয়ঙ্কৰ প্ৰশ্নৰ আশঙ্কা।লগে লগে উত্তৰ সাজু কৰি ৰাখিলে শমিতে।
‘আপোনাৰ ফালে মই যে চাওঁ তাৰ প্ৰমাণ দিব পাৰিব আপুনি?’
যদি কয়, ‘ইয়াৰ আকৌ প্ৰমাণ কি লাগে? নিজ চকুৰে দেখিছোঁ।’
শমিতেও ক’ব,’তাৰমানে আপুনিও চায়। আৰু নিশ্চয় সেয়া অসৎ‌ উদ্দেশ্যেৰে নহয়। বৰ্হিজগতত গছ, চৰাই,গৰু, ছাগলী, মানুহ, গাড়ী আৰু বহু বস্তুৱেই আছে। চকু আছে যেতিয়া চকু পৰিবই।’
তাৰ পিছতো যদি কয়,’নহয় আপুনি বিশেষভাৱে মোৰ ফালেই চাই থাকে।’
তেনেহ’লে শমিতে ব্যঙ্গ হাঁহিৰে ক’ব, ‘সন্দেহ হ’বলগীয়া কাৰণটো কি কওকচোন, নিজকে বাৰু আপুনি বিশেষ  কিবা বুলি ভাবে নেকি?’
 কিন্তু মনে মনে সজাই-পৰাই ৰখা শমিতৰ কথাবোৰ বৃথাহে হ’ল। ছোৱালীজনীয়ে তেনেকুৱা একোৱেই নক’লে। ’আপোনাৰ লগত কথা আছে’ বুলি কৈ উঠিল, ‘আপুনি তুমি বুলি ক’লেও হ’ব। মই একো মাইণ্ড নকৰোঁ।‌ সুধিছোঁ—আপুনি মোক বিয়া পাতিবলৈ ৰাজী আছেনে?’
শমিতে যেন তিনিতলাৰ পৰা আচাৰ খাই পৰিল। এইটো আকৌ কেনেকুৱা প্ৰশ্নৰ সূচনা?
তথাপিও শমিতে লৰালৰিকৈ নিজকে চম্ভালি ল’লে। অতি গম্ভীৰ ভাৱে ক’লে,’আশাকৰোঁ আপুনি অথবা মই দুয়োজনৰ কোনোৱেই পাগল নহয়।’
ছোৱালীজনীয়ে  লগে লগে ক’লে, ‘তাৰমানে? আপুনি ক’ব বিচাৰিছে যে পাগলৰ বাহিৰে মোক বিয়া পাতিবলৈ আন কোনো ৰাজী নহ’ব?’
‘ঠিক ওলোটা’ শমিতে একে গাম্ভীৰ্যতা বজাই ৰাখিবলৈ চেষ্টা কৰি ক’লে, ‘মই ক’বলৈ বিচাৰিছোঁ যে পাগলৰ বাহিৰে মোৰ দৰে হতভগীয়াক কোনেও
বিয়াৰ প্ৰস্তাৱ নিদিয়ে।’
ছোৱালী জনীয়ে জেৰাৰ কণ্ঠেৰে ক’লে,’সেয়াতো এফালৰ কথাহে হ’ল, যদিও তাত মোকেই পাগল বোলা হ’ল। বাৰু সেইবোৰ থাকক। দুজনৰ কথা ক’লে কিয়?’
শমিতে মনে মনে এবাৰ এই  জটিল অঙ্কটো কৰি ল’লে। তাৰপিছত মৃদু হাঁহিৰে ক’লে, ‘এইটো ভাবিয়েই ক’লো, পাগল বুলি ভাবি হয়তো আপুনি মোক জোকালে। নহ’লে সাধাৰণতে ঠিক এনেধৰণৰ ঘটনা
তো নঘটে।’
‘ঘটনা?’
ছোৱালী জনীয়ে চেলাউৰি কোঁচাই ক’লে,’ও এই প্ৰস্তাৱটোক ঘটনা বুলি কৈছে?’
হাতত ওলোমাই লোৱা বেগটোৰপৰা দুটা টফি উলিয়াই এটা শমিতৰ ফালে আগুৱাই দিলে, আৰু আনটোৰ আৱৰণখন গুচাই নিজৰ মুখত সুমুৱাই লৈ মূৰ নচুৱাই নচুৱাই ক’লে, ‘সেইটো অৱশ্যে স্বীকাৰ কৰিছোঁ। এনেদৰে কোনো ছোৱালীয়ে কোনো ল’ৰাক বিয়াৰ প্ৰস্তাৱ নিদিয়ে। কিন্তু মই সেইবোৰ ফৰ্মেলিটি নামানো। এজন ল’ৰাই যি কাম কৰিব পাৰে, এজনী ছোৱালীয়ে সেই কাম কৰিব নোৱাৰিব কিয়? আৰু এই যুগত কিনো কৰিব পৰা নাই?’
শমিতেও চকলেটটোৰ আৱৰণখন গুচাই মুখত সুমুৱাই লৈ ক’লে,’সেইটোতো ঠিকেই, ছোৱালী আৰু ল’ৰাৰ প্ৰকৃতিগত পাৰ্থক্যৰ বাহিৰে অন্য পাৰ্থক্য ময়ো নামানো। অৱশ্যে মোৰ জ্ঞাত নহয়  কোনোবা ল’ৰাই কোনো অপৰিচিত ছোৱালীক প্ৰথম সম্ভাষণ কৰি এই ধৰণৰ প্ৰস্তাৱ দিব পাৰে নে?’
ছোৱালী জনীয়ে হঠাৎ অলপ খং কৰি ক’লে, ‘অপৰিচিত মানে? আপুনি মোক চিনি নাপায়? নে মই আপোনাক চিনি নাপাওঁ?
শমিতে অৱশ্যে মজা পালে।আৰু এইটোও সন্দেহ হ’ল হয়তো তাইৰ মূৰৰ ক’ৰবাত কিবা তাঁৰ ছিঙা আছে। অথবা কিবা চালাকি। আগৰ দিনৰ ছোৱালীয়ে  ইচ্ছা কৰি হাতৰপৰা ৰুমাল পেলাই দি ল’ৰাবোৰৰ লগত চিনাকি হৈ কথা পাতিছিল। আজিকালি বেপেৰোৱা অভদ্ৰতা কৰি পৰিচয় হৈ আড্ডা জমায়। অন্ততঃ চিনেমা টিনেমাত সেয়ে দেখিছে।
সেয়েহে সঠিককৈ বুজিব পৰা নাই। মূৰৰ তাঁৰ ছিঙা নে ঝানু নম্বৰ ওৱান?
কিন্তু মজাটো বেয়াও লগা নাই।সেয়ে উত্তৰ দিয়ে,
‘আপুনি মোক চিনি পাইনে নাপায় সেইটো আপুনি জানে, কিন্তু  মই আপোনাক চিনি নাপাওঁ।’
‘কৈছো দেখোন, ‘আপুনি আপুনি’ কৈ ক’ব নালাগে।’ ছোৱালী জনীয়ে প্ৰায় ধমকিৰ সুৰেৰে কৈ উঠিল, সেইবোৰ কৃত্ৰিম ভদ্ৰতা দুচকুৰ বিষ। ক’ম, নিশ্চয়  ক’ম, প্ৰফেচৰক আপুনি বুলি ক’ম,বাবাৰ বন্ধুসকলক ক’ম। তোমাৰ দৰে এজন ৰাস্তাৰ ডেকা ল’ৰাক আপুনি বুলি ক’বলৈ যাম কিয়? আৰু তুমিয়েই বা কিয় তোমাতকৈ পাঁচ বছৰৰ সৰু এজনীক ‘আপুনি আপুনি’ বুলি ক’বা। এৰা সেইবোৰ।
এয়া মই কৈছোঁ তুমি, তুমি, তুমি!হ’লনে বাধা ভাঙিলেনে? উঃ! ল’ৰাবোৰ হৈছে এক নম্বৰ চালাক।
দিনে-ৰাতিয়ে চাই চাই চকুৰ বিষ তুলিব, আকৌ ক’ব বোলে চিনি নাপাওঁ।’
শমিতে হাত বঢ়াই ক’লে, ‘চাওঁ আৰু এটা।’
‘কি?’
‘টফি।’
ছোৱালীজনীয়ে উৎফুল্লিত মুখেৰে বেগৰপৰা আৰু দুটা উলিয়াই সমান ভাগ কৰি লৈ এমুখ হাঁহিৰে
ক’লে, ‘তুমিও মোৰ দৰে টফি ভালপোৱা বোধহয়? ভালেই হ’ল। বিয়াৰ পিছত কাজিয়া নহ’ব। দুয়োৰে একেই পছন্দ।’
শমিতে ব্যঙ্গ হাঁহি ভৰা মুখেৰে ক’লে, ‘বিয়াখন তাৰমানে হ’ব ধৰিয়েই লৈছা?’
‘নহ’বলগীয়া কি আছে?’
তাই আকৌ খঙেৰে ক’লে, ‘মই জানো দলিয়াই পেলাবলগীয়া পাত্ৰী? মই যে বাবাৰ একমাত্ৰ ছোৱালী সেইটো জানাতো?’
শমিতে মূৰ জোকাৰি ক’লে,’ নাজানোতো, তুমি কাৰ ছোৱালী সেইটোও নাজানো।
‘তুমি ইমান মিছলীয়া!’
ছোৱালীজনীয়ে খঙেৰে ক’লে, ‘মই সেই ঘৰখনৰ ছোৱালী সেইটো তুমি নাজানা?’
সঁচাকৈয়ে খং উঠিছে বোধহয়।শমিতে কৌতুকৰ দৃষ্টিৰে অন্য ফালে চাই নিৰীহ কণ্ঠেৰে ক’লে, ‘সেই ঘৰৰ ছোৱালী সেইটো অৱশ্যে জানো। কিন্তু ঘৰৰ মালিকৰ তুমি ছোৱালী নে ভতিজী,ভাগিনী নে কোনোবা দূৰ সম্পৰ্কীয় সেইটো কেনেকৈ জানিম কোৱা?’
ছোৱালীজনীৰ খঙেৰে ভৰি থকা মুখখন হঠাৎ হাঁহিৰে ভৰি পৰে। বৰ অন্তৰঙ্গ কণ্ঠেৰে ক’লে,’যি তি কৈছা। বাবায়ো সেয়াই কয়। কয় তোক দেখিলে পাড়াৰ মানুহে কি যে ভাবিব নহয়। হয়তো ভাবে। কিন্তু কি কৰোঁ, সকলো সময়তে সাজি-কাচি ফিটফাট হৈ থকাতো
মোৰ বাবে সম্ভৱ নহয়। আৰু মোৰ মা! হি হি হি, গা ধোৱাৰ পিছত ৰোজ ক্ৰীম, লিপস্টিক,কাজল এইবোৰ ব্যৱহাৰ নকৰাকৈ ভগৱানৰ সন্মুখলৈও নোলায়। এবাৰ নহয় হি হি, মাৰ এজনী মাহীয়েকৰ খুব অসুখ, এই মাহীয়েকজনীক  মায়ে ভীষণ ভাল পায়, মাৰ মাহীয়েকৰ অৱস্থা গুৰুতৰ বুলি খবৰ আহিল। মায়ে নহয় সেই পড়িতো মৰি অৱস্থাতো ইমান যে চেলাউৰি আঁকিছিল হি হি, গা-ধুই অহা মাৰ তেতিয়া আগতে আঁকি থোৱা চেলাউৰি মচ খাই গৈছিল যে সেইবাবে ভিজা ভিজা চেলাউৰিত—-।
শমিতে গম্ভীৰ কণ্ঠেৰে ক’লে, কোনোবাই তেওঁৰ গুৰুজন সম্পৰ্কে এনে ধৰণৰ শ্ৰদ্ধাহীন কথা ক’লে মই ভাল নাপাওঁ।
ছোৱালীজনীয়ে খং কৰি নুঠে, লগে লগে বৰং বিষণ্ণ হৈ পৰে। সেই বিষণ্ণ কণ্ঠেৰে ক’লে, ‘মোৰো তো ভাল নালাগে। ময়োতো শ্ৰদ্ধা কৰিবলৈ বিচাৰোঁ কিন্তু ডাঙৰ মানুহৰ ঘৈণীয়েকবোৰ—বাদ দিয়া এইবোৰ কথা! অৱশ্যে এই যে ক’লো, সাজোন-কাচোন সকলো সময়তে মোৰ ভাল নালাগে। ইচ্ছা গ’লেও মই যেনেকৈ তেনেকৈ অলপ সময় ৰাস্তাত ফুৰিবলৈ নোৱাৰোঁ, ফুটপাথৰ মাকৈ, মধুৰী, বাদাম কিনি খাবলৈ  নাপাওঁ, সকলো সময়তে গাড়ীত উঠি ফুৰিব লাগিব,জুখি মাখি কথা ক’ব লাগিব। অঙ্ক কৰি কৰি মানুহৰ লগত মিলিব লাগিব এনেকুৱা জীৱনত  কিবা সুখ আছে?’
শমিতে অলপ হাঁহে।
কয়, ‘বহুতো ছোৱালীৰ বাবে এনেকুৱা জীৱন কাম্য।’
‘হ’ব পাৰে।’ছোৱালী জনীয়ে উদাস ভাবেৰে ক’লে, মোৰতো এনেকুৱা জীৱনৰ কথা ভাবিলেই  নিজকে চিৰিয়াখানাৰ বাঘ যেন অনুভৱ হয়।’
‘উৎকৃষ্ট তুলনা। অৱশ্যে বাঘ নহয় বাঘিনী।’
‘ও একেই।’
তাই আৰু উদাস উদাস কণ্ঠেৰে ক’লে, ‘মোৰ বন্ধু সকলেও কয়,’তই এটা অদ্ভুত।’ কিন্তু মই ভাবি নাপাওঁ কেনেকৈ স্বাধীনতাহীন জীৱন মানুহৰ কাম্য হ’ব পাৰে।…. তুমিতো কৈছা গুৰুজন সম্পৰ্কে সমালোচনা কৰা উচিত নহয়। কিন্তু দেখা পালে যি কষ্ট হয়। মই জানো বাবাই গৰমৰ দিনত খালী গায়ে থাকিবলৈ ভাল পায়, সেই অভ্যাসেই আছিল বাবাৰ, কিন্তু ডাঙৰ মানুহ হৈ এই দুৰ্দশা হৈছে বাবাৰ। সকলো সময়তে অন্ততঃ গেঞ্জী হ’লেও পিন্ধি থাকিব লাগে বেচেৰাই।…আৰু নানা ৰকমৰ কষ্ট আছে যিবোৰ মাৰ ভয়ত কৰিবলৈ বাধ্য হয় বাবাই। মানে এই ডাঙৰ মানুহ হোৱাৰ পিছৰ পৰাই—-।’
শমিতে ঈষৎ চমকিত কণ্ঠেৰে ক’লে,’কিন্তু তুমিতো একেবাৰে স্বাধীনতাৰ প্ৰতিমূৰ্ত্তি হৈ—‘
কথা শেষ হোৱাৰ আগেয়েই আত্মস্থৰ হাঁহি মাৰি কৈ উঠে, ‘মোক বান্ধি ৰাখিব পৰা নাই।’
‘সেইটো বিশ্বাস হৈছে।’
‘হৈছে?’
’হুঁ। ভাব হৈছে যিজন হতভগীয়াই তোমাক বিয়া কৰাব, তাৰ জীৱন মহানিশা।’
‘যিজন হতভগীয়া মানে?’
‘তাই চেলাউৰি কোঁচাই ক’লে,’বিয়াখনতো তোমাৰ লগতেই হ’ব—-‘
শমিতে কষ্টেৰে হাঁহি চেপি ৰাখিবলৈ গৈ কাহ উঠি যায়। সি ক’লে ‘কিন্তু মইতো এতিয়াও মনঃস্থিৰ কৰিবপৰা নাই।’
‘হৈ যাব।’ তাই মুখত পৰি থকা ৰুক্ষ চুলিবোৰ হাতেৰে ঠিক কৰি অতি প্ৰত্যয়ৰ সুৰেৰে ক’লে,’ হৈ যাব মনঃস্থিৰ। অৱশ্যে এই ‘হতভগীয়া’ ‘মহানিশা’ শব্দবোৰ মই পছন্দ নকৰোঁ। বাৰু, ইমান সময়ে যে কথা হ’ল মোৰ নামটোও নাজানিলা। নে জানা?’
 ‘কেনেকৈ জানিম?’
শমিতেও চেলাউৰি কোঁচায়।
ছোৱালী জনীয়ে অম্লানবদনে ক’লে, ‘নহয়, মানে বহুতো ল’ৰাৰ আকৌ পাড়াৰ ছোৱালীবোৰৰ সম্পৰ্কে তথ্য সংগ্ৰহৰ বৰ উৎসাহ দেখা যায় নহয়? কি নাম,ক’ত পঢ়ে, কেতিয়া ঘৰৰপৰা বাহিৰলৈ ওলায়, কেতিয়া ঘৰলৈ উভতে, এইবোৰ।’
‘মই তেনেহলে সেই লৰাবোৰৰ দলৰ নহয়।’
‘ভাল, এইটো মই ভাল পালোঁ। কিন্তু আমি জানো এইদৰে ৰাস্তাত থিয় হৈ হৈ  সম্পৰ্ক কৰিম? ক’ৰবালৈ গৈ অলপ সময় বহিলে ভাল আছিল?’
শমিতে ক’লে,’ কিন্তু সম্পৰ্ক কৰিবই লাগিব, এনেকুৱা কথাটো নাছিল।’
‘বিয়াৰ আগেয়ে কিছুদিন সম্পৰ্ক কৰিব লাগে এইটোৱেই ৰীতি। ছোৱালীজনীয়ে গম্ভীৰভাৱে ক’লে,
‘ৰেষ্টুৰেণ্ট, পাৰ্ক, গঙ্গাৰ পাৰ, ভিক্টোৰিয়া মেমৰিয়েল এইবোৰ ঠাইত আৰুনো ক’ত। আগতে লেকটো আছিল, এতিয়া পুৰণা হৈ গৈছে।’
‘তুমি তেনেহলে ভাবিয়েই লৈছা, বিয়াখন হ’ব?’
ছোৱালী জনীয়ে ক’লে,’কিয়, তুমি ভবা নাই? কোৱা তেনেহ’লে এতিয়াই স্থগিত কৰোঁ। ৰাজী নহ’লে মই সম্পৰ্ক কৰিবলৈ নোখোজো। বহুত ঠগ খালো।’
শমিতে গম্ভীৰভাৱে ক’লে, ‘বহুত ঠগ খালা? তাৰমানে বহুতৰ লগত সম্পৰ্ক কৰি ঘূৰিছিলা।তেনেহ’লে আকৌ…’ বুলি কওঁতেই ছোৱালী জনীয়ে ঝঙ্কাৰ দি ক’লে,
‘সেই চৈধ্য বছৰ বয়সৰপৰাইতো সম্পৰ্ক কৰি ফুৰিছো। কিন্তু ঝামেলা কি জানা?  সুন্দৰ সম্পৰ্ক গঢ়ি উঠিছে, একেলগে ইফালে সিফালে ঘূৰি ফুৰিছো, এটা ঠোঙাতে চীনাবাদাম খাইছো, তাৰপিছত যেতিয়াই বিয়াৰ কথা কলো, বাচ, আৰম্ভ হৈ যায়।… তেতিয়া  চাকৰি নাই, বেকাৰ… তোমাক নি কি খুৱাম, এইবোৰ ইননি বিননি। ইমানেই যদি দিব্যজ্ঞান তেনেহলে মৰিবলৈ সম্পৰ্ক কৰিবলৈ আহিছিলি কিয়?’
শমিতে ক’লে,’ কিন্তু মোৰোতো সেই একেই অৱস্থা। বিয়া পাতি খুৱাম কি, সেয়ে চিন্তা।’ ছোৱালীজনীয়ে আত্মস্থৰ কণ্ঠেৰে ক’লে, ‘সেইবোৰ খবৰ মই লৈছোঁ। আৰু ঠগ নাখাওঁ বুলি ঠিক কৰি আগতেই সকলো খবৰ লৈছোঁ, তুমি কিবাকিবি পাছ তাছ কৰিছা, কোনোবা কলেজ এখনত কিছুদিন পঢ়াইছাও। আড্ডা তাড্ডা নিদিয়া—-তোমাৰ নাম শমিত সেন—।
শমিতে মৃদু হাঁহিৰে ক’লে, ‘বহুতো ছোৱালীৰো তেনেহ’লে ল’ৰাবোৰৰ বিষয়ে জনাৰ উৎসাহ আছে?’
‘উপায় কি?’
 তাই সপ্ৰতিভ কণ্ঠে ক’লে, ‘ঠেকি শিকিছো। এজন ল’ৰাই জানানে এবছৰ লগে লগে ঘূৰিলে, ঘৰত সকলোৰে খং, মায়ে ক’লে, আইতাৰ ওচৰলৈ পঠিয়াই দিব গাঁৱৰ ঘৰলৈ,বাবাই ক’লে, ল’ৰাটোক ধৰি আনি এদিন ভাল শিক্ষা দিব, মহা অশান্তি। তেতিয়া  ক’লো,
 ‘আৰু সহ্য নোহোৱা হৈ গৈছে, বলা বিয়া পাতিয়েই পেলাওঁ এইবাৰ।’ কথা শুনি লক্ষীচাৰাই কি ক’লে জানা? বিশ্বাস কৰিবা? ক’লে,
’তোমাৰ দৰে ছোৱালীক যিয়ে বিয়া কৰিব সি পাগল।’…. …খঙতে অৱশ্যে খামুচি-তামুচি দিছিলো, কিন্তু শেষত ধিক্কাৰ জন্মিল। এইবোৰ মানুহ খঙৰ যোগ্য। ঠিক নে? সেয়ে তাক খুন কৰি পেলোৱাৰ ইচ্ছাটোক চম্ভালি থ’লো।’
শমিতে ক’লে,’ভালেই কৰিলা কিন্তু ক’ৰবালৈ গৈ অলপ বহাৰ কথা হৈছিল নহয়?’
 ‘ও বলা না অলপ আগলৈ। সেই যে ‘ওৰিয়েণ্ট কেবিন’ আছে। আমি তাতেই বহোঁ। মানে যেতিয়া যাৰ লগত সম্পৰ্ক হয়, সি আৰু মই।’
শমিতে আগবাঢ়ি আগবাঢ়ি ক’লে,’মই তোমাৰ  কেই নম্বৰৰ বন্ধু হ’ম?’
‘আৰে বাবা, সেইটো কি এতিয়াই কোৱা যায়। সম্প্ৰতি যিটোৱে দগাবাজে বিশ্বাসঘাটকতা কৰিলে তাৰ নাম আছিল অভী, তাৰ আগত বিজন, তাৰ
আগত পাৰ্থ, তাৰ আগত নিত্যানন্দ,তাৰ আগত—-
নাই ঠিক মনত পৰা নাই।’
’সকলোৱে তোমাক বিশ্বাসঘাটকতা কৰিছে?’ অতি নিৰীহ কণ্ঠেৰে কয় শমিতে।
ছোৱালী জনীয়ে ঝঙ্কাৰ দি ক’লে, ‘সেইটো কথা তোমাক মই কোৱা নাই। ময়ো খেদিছো দুটামানক। অসহ্য লাগিছিল। ভণ্ডৰ ৰজা, কেঁচুৱাৰ অৱতাৰ, এইফালে আকৌ পকি তুলতুলিয়া, এইবোৰ ল’ৰাক সহ্য কৰিব পাৰি? কোৱা?’
শমিতে তাইৰ চৰণছন্দৰ তালে তালে আগুৱাই আগুৱাই ক’লে,’ এনেকুৱাওতো হ’ব পাৰে যে ল’ৰা বোৰেও চাগৈ তোমাৰ সম্পৰ্কেও এনেকৈয়েই ভাবে?’
ছোৱালী জনীয়ে আকৌ তেতিয়াৰদৰেই থমকি ৰল। ক’লে,’ কিয়? তুমিও তেনেকৈ ভাবিছা নেকি?’
‘আ-হা মই নাভাবিলেও অন্য মানুহেতো ভাবিব পাৰে।’
‘অন্য মানুহে ভাবিলে কি হ’ল? ছোৱালীজনীয়ে নিশ্চিত কণ্ঠেৰে ক’লে, ‘তুমি নক’লেই হ’ল। এতিয়া যেতিয়া তোমাকেই কিন্তু, তুমি জানো মোৰ কথাৰ
উত্তৰ দিছিলা?’ সন্দেহৰ কণ্ঠেৰে ক’লে তাই, ‘ক’ত মনত পৰা নাই তো?’
শমিতে অবাক হৈ ক’লে, ‘কোনটো কথাৰ?’
‘উ-মা এতিয়াই পাহৰি গ’লা? তোমাক লৈ দেখিছোঁ পিছত মই ভুগিব লগা হ’ব। প্ৰথমতে  কি কৈছিলো মই?’ শমিতে যেন ভাবিছে।কেই চেকেণ্ডমান ভাবে।
তাৰপিছত কৈ উঠে, ‘ও হো হো! সেই বিয়াৰ কথাটো?’
 ‘হয় মহাশয়। সেই ব্ৰহ্ম ঠগন খোৱাৰ  পিছত এইবাৰ ঠিক কৰিছোঁ আগেয়ে কবুল কৰোৱাই  ল’ম বিয়া পাতিবলৈ ৰাজী হ’ব নে। তাৰপিছত হে তাৰ লগত
সম্পৰ্ক আগবঢ়াম।’
শমিতে গম্ভীৰভাৱে ক’লে, ‘কথাবাৰ্তাতো বেছ পটু, বুদ্ধিটো ইমান ভোটা কিয়? কথা দি যে কথা ৰাখিম, ইয়াৰ গেৰাণ্টি তোমাক দিছে কোনে? এতিয়া মই ক’লো, ও ৰাজী, তাৰপিছত কেইদিনমান তোমাৰ
পইচাৰে চপ ফ্ৰাই চাহ কফি খাই তাৰপিছত ক’লো, ’তোমাক যিয়ে বিয়া কৰিব সি পাগল।’
 ছোৱালীজনী হঠাৎ গম্ভীৰ হৈ পৰে। গম্ভীৰ ভাৱেই ক’লে, মায়েও এনেকৈয়ে কয়। তোৰ পইচাৰে চপ কাটলেট খাব পাব বুলি লৰাবোৰে তোৰ লগত ভালপোৱাৰ অভিনয় কৰে। কিন্তু কি কৰিম কোৱা?
আৰু  নিৰিবিলিত  কথা দুষাৰ পাতিবলৈ ঠাই এই পৃথিৱীত আছেনে, ৰেষ্টুৰেণ্টবোৰৰ বাহিৰে?’
শমিতে ক’লে, ‘সেইটো হয়, কিন্তু তুমি মোৰ কথাৰ উত্তৰ নিদিলা?’ যদি ময়ো পিছত কওঁ তোমাক কোনে বিয়া কৰাব? যিয়ে কৰিব, সি হয় পাগল, নহয় সোনকালে পাগল হৈ যাব। তেতিয়া কি কৰিবা?’
ছোৱালী জনীয়ে শান্ত বিশ্বাসৰ কণ্ঠেৰে ক’লে, ‘নাই তুমি তেনেকুৱা নকৰা। তুমি ভদ্ৰ।’
‘টেৰিলিন পেণ্ট চাৰ্ট পিন্ধিলে সকলোকে ভদ্ৰ যেন লাগে।’
ছোৱালীজনীয়ে হাঁহি উঠে, ‘তুমি যে আকৌ মোৰ বাবাৰ দৰে মন্তব্য কৰিছাঁ। বাবায়ো ঠিক এইটো কথাকে কয়। মানে মই মোৰ ভদ্ৰলোক বাবাৰ একমাত্ৰ ছোৱালী, ৰাস্তাৰ ল’ৰাবোৰৰ লগত মিলামিছা কৰা দেখিলে মোক খং কৰে। মই যদি কওঁ সিহঁত ভদ্ৰঘৰৰ ল’ৰা তেতিয়া বাবাই খং কৰি এই কথাষাৰ কয়। হি হি হি,’ ছোৱালীজনীয়ে  হাঁহি হাঁহি কয়,’ বাবাৰ বৰ চিন্তা। মানে এটায়ে সন্তান তো? মোৰতো দৃঢ় বিশ্বাস, আৰু ল’ৰা ছোৱালী থকা হ’লে বাবাই নিৰ্ঘাত মোক ত্যাজ্যপুত্ৰী কৰিলেহেঁতেন।’

Leave a Reply

Your email address will not be published. Required fields are marked *