আইদেউ বাচত উঠিছে,মূল লেখক:ভাল্লিক্কান্নান,অনুবাদ-চিত্ৰলেখা দেৱী
(ভাল্লিক্কান্নান হৈছে সাহিত্য একাডেমি বঁটা প্ৰাপক প্ৰখ্যাত তামিল সাহিত্যিক আৰ.এচ.ৰামস্বামীৰ ছদ্মনাম। তেখেতৰ এই গল্পটো বৰ্তমান SEBA ৰ দশম শ্ৰেণীৰ ইংৰাজীৰ পাঠৰ অন্তৰ্ভুক্ত Madam Rides the Bus ৰ পৰা অসমীয়ালৈ ভাবানুবাদ কৰা হৈছে । তামিল ভাষাৰপৰা গল্পটো কে.এচ.সুন্দৰমে ইংৰাজী ভাষালৈ অনুবাদ কৰিছে ।)
(১ম অংশ)
ইয়াত ভাল্লিয়াম্মাই নামৰ এজনী ছোৱালীৰ কথা ক’বলৈ লৈছো যাক চমুকৈ ‘ভাল্লি’ বুলি মতা হয়।তাইৰ বয়স আঠ বছৰ আৰু যিকোনো বিষয়তে তাই বৰ কৌতূহলী।নিজৰ ঘৰৰ আগফালৰ দুৱাৰ মুখত থিয় দি বাটৰ ফালে কি কি ঘটিছে তাক চাই থকাতো হৈছে তাইৰ আজৰি সময়ৰ প্ৰিয় কাম।এইটো বাটত তাই খেল-ধেমালি কৰি সময় কটাবলৈ কোনো সমনীয়া নাই।সেই কাৰণে তাই দিনৰ পাছত দিন এই কামটোকে কৰি থাকে।
আনবোৰ ল’ৰা-ছোৱালীয়ে খেল-ধেমালি কৰি লাভ কৰা আনন্দৰদৰেই এনেকৈ থিয় দি থকা প্ৰতিটো মুহূৰ্তই ভাল্লিৰ বাবে উপভোগ্য হৈ পৰে।বাটলৈ চাই থকা কামটোৱে তাইক ভালেমান নতুন নতুন অভিজ্ঞতা প্ৰদান কৰিছে।
এই সকলোবোৰৰ ভিতৰত তাইৰ গাঁৱৰ পৰা ওচৰৰ নগৰখনলৈ সদায় অহা-যোৱা কৰা বাচখনে তাইৰ মনটো বেছিকৈ আকৰ্ষিত কৰে।এই বাচখন তাইৰ ঘৰৰ আগৰ ৰাস্তাটোৰে ঘণ্টাত দুবাৰ অহা- যোৱা কৰে — এবাৰ গাঁৱৰ পৰা নগৰলৈ যায় আৰু আনবাৰ নগৰৰপৰা গাঁৱলৈ ওভটি আহে । প্ৰতিবাৰেই নতুন নতুন মানুহেৰে ভৰি থকা বাচখনৰ দৃশ্যবোৰ তাইৰ বাবে শেষ নোহোৱা মনোৰঞ্জনৰ সমল।
ইদিনাৰ পাছত সিদিনাকৈ বাচখনলৈ মনোযোগেৰে চাই থকাৰ ফলত লাহে লাহে অকণমান হেঁপাহ তাইৰ মগজুলৈও বগাই আহি তাতে বাহ পাতি বহিল —- তাই বাচখনত উঠিব , এবাৰলৈ হ’লেও উঠি চাব । এই হেঁপাহটো ক্ৰমে বাঢ়ি গৈ থাকিল আৰু এসময় ই তাইক প্ৰায় গ্ৰাস কৰি পেলালে । বাচখন যেতিয়া তাইৰ ঘৰৰ ওচৰৰ চুকটোত ৰয়হি , ইয়াত উঠা – নমা কৰা মানুহবোৰক তাই আকলুৱা ধৰণেৰে চাই থাকে। সিহঁতৰ মুখবোৰ আনন্দেৰে , সপোনেৰে আৰু আশাৰে জিলিকি উঠা যেন ভাব হয় তাইৰ । যদি কেতিয়াবা তাইৰ সখীয়েকহঁতৰ কোনোবা এজনী বাচত উঠে আৰু ওভটি আহি নগৰৰ দৃশ্যৰ কথা বৰ্ণনা কৰিব খোজে , ভাল্লিৰ মনত তাইৰ প্ৰতি ঈৰ্ষা জাগে আৰু ইংৰাজীতে চিঞৰি দিয়ে , “Proud ! Proud!” তায়েই হওক বা তাইৰ সখীয়েকহঁতেই হওক , কোনেও এই শব্দটোৰ অৰ্থ নাজানে —- কিন্তু, মানি নোলোৱা কথাটো বুজাবলৈ সিহঁতে পেংলাই কৰি এনেকৈ কয় ।
দিনৰ পাছত দিন , মাহৰ পাছত মাহ ধৰি ভাল্লিয়ে তাইৰ ওচৰ চুবুৰীয়া আৰু প্ৰায়ে বাচত উঠি অহা – যোৱা কৰা মানুহৰ কথা- বতৰাবোৰ মন দি শুনিবলৈ ললে ; তাই মাজে- সময়ে আক- তাক দৰকাৰী প্ৰশ্ন দুই- এটাও সুধি ল’লে । এনেকৈয়ে তাই বাচত উঠি ভ্ৰমণ কৰিবপৰা দৰকাৰী সৰু- সুৰা তথ্যবোৰ গোটাই- পিতাই পেলালে । তাইৰ গাঁৱৰপৰা নগৰলৈ ছয় মাইল দূৰ । এবাৰত বাচৰ ভাড়া ত্ৰিশ পইচা —- “যিটো বৰ বেছি নহয় ” বুলি এজন ভাল পোছাক পিন্ধা মানুহে কোৱা শুনিছিল ; কিন্তু যিজনী ছোৱালীয়ে ইটো মাহৰ পৰা সিটো মাহলৈ কেতিয়াবাহে সিমান খিনি পইচা দেখিবলৈ পায় — তাইৰ বাবে সেইখিনি পইচা পোৱাতো পৰম সৌভাগ্যৰ কথাই হ’ব । নগৰলৈ যাব লগা যাত্ৰাটোত পঞ্চল্লিছ মিনিট সময় লাগিব । নগৰ গৈ পোৱাৰ পাছত , যদি তাই নিজৰ চিটতে বহি থাকে আৰু আকৌ ত্ৰিশ পইচা দিয়ে, তেনেহলে তাই একেখন বাছতে ঘৰলৈ ওভতি আহিব পাৰিব । ইয়াৰ মানে হ’ল — তাই দুপৰীয়া এক বজাৰ বাছত উঠিলে এক বাজি পঞ্চল্লিছ মিনিটত নগৰ পাবগৈ আৰু দুই বাজি পঞ্চল্লিছ মিনিট যাওঁতেই ওভতি আহি ঘৰ পাবহি – – –
তাই বাৰে বাৰে যিমানেই হিচাপ- নিকাচ আৰু আঁচনিবোৰ কৰিবলৈ ধৰিলে সিমানেই ভাবত বিভোৰ হৈ পৰিল ।
(২য় অংশ)
বাৰু , এদিনাখন বসন্ত কালৰ আবেলি এটাত বাচখনে গাঁৱৰ ষ্টপেজটো এৰি মূল বাটলৈ ঘূৰিবলৈ লওঁতেই সৰু মাত এটাই চিঞৰি থকা শুনা গ’ল ,
“ৰখোৱা ৰখোৱা—- বাচখন ৰখোৱা ।” আৰু লগতে এখন সৰু হাত আদেশৰ ভঙ্গীত দাঙি থোৱা দেখা গ’ল।
বাচখনৰ গতি কমাই প্ৰায় ৰখোৱাৰ নিচিনাই কৰিলে আৰু কণ্ডাক্টৰজনে দুৱাৰ মুখেদি মূৰটো উলিয়াই কলে ,
“খৰকৈ আহাঁ ! লগত কোন আছে সোনকালে আহিবলৈ কোৱা ।”
“মই হে ,” ভাল্লিয়ে চিঞৰিলে , ” মই অকলেই আহিছো বাছত উঠিবলৈ ।”
তেতিয়ালৈ বাছখন ৰৈ গৈছিল , আৰু কণ্ডাক্টৰজনে কলে ,
” ইয়ে হয় নেকি ? তুমি অকলে অকলে আহিছা তেনেহলে ?”
” হয় , মই কেৱল নগৰলৈহে যাম ।” ভাল্লিয়ে তেতিয়াও বাছৰ বাহিৰতে ৰৈ থাকি কলে , ” আৰু এয়া মোৰ পইচা । ” তাই তেওঁক কেইটামান ভঙা পইচা দেখুৱালে ।
” বাৰু , বাৰু, কিন্তু তুমি প্ৰথমতে বাছখনততো উঠি ল’ব লাগিব ,” কণ্ডাক্টৰজনে ক’লে আৰু তেওঁ তাইক উঠি অহাত সহায় কৰিবলৈ হাত এখন মেলি দিলে।
“চিন্তা নকৰিব ,” তাই কলে ,”মই বাছখনত নিজেই উঠিব পাৰিম ; আপুনি মোক সহায় কৰিবই নালাগে ।”
কণ্ডাক্টৰজন অলপ ফুৰ্তিবাজ মানুহ, ধেমালি কৰি ভাল পায়, ” অ- হয় নেকি? মোক পিছে অনুগ্ৰহ কৰি খং নকৰিব দেই , মোৰ ভাল বাইদেউ গৰাকী ,” তেওঁ কলে , “এইফালে, আগৰ শাৰীত চিট এটা আছে । সকলোৱে অনুগ্ৰহ কৰি আঁতৰি দিব –মহাশয়াৰ কাৰণে বাট উলিয়াই দিয়ক ।”
সেইটো সময়ত মানুহৰ ক’তো বিশেষ কাম- বন নেথাকে আৰু সেইবাবেই চাগৈ বাছখনত কেৱল ছয়- সাতজনমানহে যাত্ৰী আছে । সকলোৱে ভাল্লিলৈ চাই কণ্ডাক্টৰজনৰ কথাত হাঁহিবলৈ ধৰিলে । ভাল্লিৰ লাজত মূৰ ডাঙিব নোৱাৰা অৱস্থা হ’ল ; মানুহবোৰৰ চাৱনিক আওকাণ কৰি তাই খৰধৰকৈ খালী চিট এটাৰফালে গৈ বহি পৰিল ।
“এতিয়া আমি যাব পাৰোঁনে মহাশয়া ?” কণ্ডাক্টৰজনে হাঁহি হাঁহি সুধিলে । তাৰ পাছত তেওঁ দুবাৰ হুইছেলটো বজাই দিলে আৰু বাছখনে এটা গৰ্জন কৰি ৰাওনা হ’ল ।
সেইখন নতুন বাছ , ইয়াৰ বাহিৰ ফালটো সুন্দৰ বগা ৰঙৰ কাষে কাষে সেউজীয়া ৰঙেৰে আঁচ পৰা । ভিতৰ ফালটোৰ ওপৰখন ৰূপৰ দৰে জিলিকি আছে । একেবাৰে ভাল্লিৰ পোনে পোনে সমুখৰ খিড়িকীৰ ওপৰত এটা ধুনীয়া ঘড়ী লগাই থোৱা আছে । চিটবোৰ কোমল আৰু বিলাসী ।
ভাল্লিয়ে চকুৰে মনিব পৰা বাচৰ ভিতৰৰ সকলো বস্তু তন্ন তন্নকৈ চালে । কিন্তু যেতিয়া তাই বাহিৰলৈ চাওঁ বুলি ল’লে , খিড়িকীখনৰ তলৰ অংশটো বন্ধ হৈ থকাৰ বাবে চকুৰ আগত ক’লা কেনভাচ এখন আঁৰি থোৱাৰ দৰে লাগিল । সেই কাৰণে তাই চিটৰ ওপৰত থিয় হৈ তাৰ ওপৰেৰে বাহিৰলৈ জুপি জুপি চাবলৈ লাগিল ।
বাছখন এতিয়া খাল এটাৰ কাষেৰে গৈ আছে । ৰাস্তাটো বৰ ঠেক । এইখিনিতে এফালে খালটো আছে আৰু তাৰ সিফালে খেজুৰ গছ , ঘাঁহনি , দূৰৈত পৰ্বতলানি আৰু নীলা নীলা আকাশ । ৰাস্তাটোৰ আনটো ফালে এখন দ পিতনি আৰু একৰ একৰ জুৰি সেউজীয়া পথাৰ —- সেউজীয়া আৰু সেউজীয়া যিমান দূৰলৈকে চকুৰে মনিব পাৰি ।
উঃ ! এই সকলোবোৰ ইমান ধুনীয়া !
হঠাতে এটা মাতত তাইৰ তন্ময়তা ভাগিল , “শুনাচোন মাইনাজনী “, মাতটোৱে কলে , ” তুমি তেনেকৈ থিয় দি থকাটো ভাল কথা হোৱা নাই , বহি লোৱা ।”
বহি লৈ ভাল্লিয়ে কথাটো কোনে ক’লে চাবলৈ বিচাৰিলে । মানুহজন বয়সস্থ আৰু তেখেতে বাস্তৱিকতেই তাইৰ প্ৰতি সহানুভুতি দেখুৱাইছে ; কিন্তু, তাই মানুহজনৰ তাইৰ প্ৰতি এই মনোযোগিতাত আমনি পালে ।
“ইয়াত কোনো মাইনা নাই ,” তাই গৌৰৱেৰে কলে , “মই আনবোৰ মানুহৰ নিচিনাকৈ ত্ৰিশ পইচা দি উঠিছো ।”
কণ্ডাক্টৰজনে কথাটো সমিলমিল কৰিব খুজিলে,”হয় , মহাশয় , এইগৰাকী একেবাৰে বয়স্ক মহাশয়া । এজনী সৰু ছোৱালীয়ে নিজৰ ভাড়া দি এনেকৈ অকলে অকলে ভ্ৰমণ কৰিব পাৰিব নেকি ?”
ভাল্লিয়ে কণ্ডাক্টৰজনলৈ খঙেৰে চাই কলে ,
“মই কোনো মহাশয়া নহয় । অনুগ্ৰহ কৰি কথাটো মনত ৰাখিব । আৰু এতিয়ালৈকে আপুনি মোক টিকটটোও দিয়া নাই ।”
“মই কথাটো মনত ৰাখিম ,” কণ্ডাক্টৰজনে তাইৰ মাতটো অনুকৰণ কৰি ক’লে । বাছৰ সকলোৱে হাঁহিলে , আৰু লাহে লাহে ভাল্লিয়েও এই হাঁহিত যোগ দিলে ।
কণ্ডাক্টৰে এটা টিকট তৈয়াৰ কৰি ভাল্লিৰ হাতত দিলে ,
“ভালকৈ চিটত আৰাম কৰি বহি লোৱা । চিটৰ বাবে পইচা দিয়াৰ পাছত তুমি নো কিয় থিয় হৈ যাবা ?”
“কাৰণ মই থিয় হ’বলৈ বিচাৰিছো ,” তাই আকৌ থিয় হৈ উত্তৰ দিলে ।
“কিন্তু, তুমি যদি চিটত থিয় হোৱা , বাছখনে কেঁকুৰিবোৰ জোৰেৰে ঘূৰোঁতে বা খলা- বমাবোৰ পাৰ হওঁতে তুমি লুটি খাই পৰি যাব পাৰা মাইনা ।”
“মই মাইনা নহয় বুলি আপোনাক কৈছিলো নহয় ,” তাই আমনিদায়ক ভাবেৰে কৈ উঠিল, ” মোৰ আঠ বছৰ হৈছে ।”
” হয়, হয় — কৈছিলা অৱশ্যে । ইমান মূৰ্খ নে মই ! আঠ বছৰ—- !”
বাছখন ৰ’ল । কিছুমান নতুন যাত্ৰী উঠি আহিল আৰু কণ্ডাক্টৰজন কিছু সময় ব্যস্ত হৈ পৰিল । নিজৰ চিটটো হেৰুওৱাৰ ভয়ত এইবাৰ ভাল্লি বহি পৰিল ।
এগৰাকী বয়সস্থ মহিলা আহি ভাল্লিৰ কাষতে বহিল । ” সোণজনী , তুমি একেবাৰে অকলেই আহিছা নেকি ?” বাছখন পুনৰ চলিবলৈ ধৰাত তেওঁ ভাল্লিক সুধিলে ।
ভাল্লিয়ে মানুহ গৰাকীক একেবাৰেই সহ্য কৰিব নোৱাৰিলে — তেওঁৰ কাণৰ লটিৰ ডাঙৰ ডাঙৰ ফুটা দুটাত কেনেকুৱা কুৎচিত ধৰণৰ কাণফুলি পিন্ধিছে ! আৰু মানুহগৰাকীৰ গাৰপৰা কেনে ধৰণৰ তামোলৰ গোন্ধ ভাহি আহিছে —- মুখেৰে তামোল চোবাই থকা তামোলৰপৰা কোৱাৰিয়েদি পিকবোৰ বৈ আহোঁ আহোঁ কৰিছে । উহ !—- এনেকুৱা মানুহৰ লগত কোনে কথা পাতি থাকিব নো বাৰু ?
” অঁ , মই অকলেই আহিছো ,” তাই তেওঁক আওকান কৰা ধৰণেৰে কলে , “আৰু মই এটা টিকটো কিনিছো ।”
” হয়, তেওঁ নগৰলৈ আহিছে — ত্ৰিশ পইচাৰ টিকট কিনি ।” কণ্ডাক্টৰজনে কলে ।
” এ—আপুনি নিজৰ কামত মন নিদিয়ে কেলেই ?” , ভাল্লিয়ে কলে । কিন্তু এতিয়া তাই হাঁহি আছে আৰু কণ্ডাক্টৰজনেও হাঁহিলে ।
কিন্তু, বয়সস্থ মহিলাগৰাকীয়ে অদৰ্কাৰীভাৱে হস্তক্ষেপ কৰিবলৈ নেৰিলে ,
” ইমান সৰু ছোৱালী এজনীয়ে এনেকৈ অকলে ভ্ৰমণ কৰাতো ভাল কথা হৈছে জানো ? নগৰৰ কোন ঠাইলৈ যাবানো সেয়া তুমি ভালকৈ জানানে ? কোনটো ৰাস্তাৰে যাবা ? যাৰ ঘৰলৈ যাবা তেওঁৰ ঘৰৰ নম্বৰ কি?”
” আপুনি মোক আমনি কৰি থাকিব নালাগে । মই নিজৰ কথা নিজেই চিন্তা কৰিম ।” ভাল্লিয়ে তাইৰ মুখখন খিড়িকীৰফালে ঘূৰাই ক’লে আৰু সেইফালেই তধা লাগি চাই থাকিল ।
(৩য় অংশ)
তাইৰ প্ৰথম বাৰ ভ্ৰমণ—- কেনেকুৱা সাৱধানেৰে , কিমান নিখুঁতভাবে তাই ইয়াৰ বাবে আঁচনি কৰিব লগা যে নহৈছিল ! তাই অতি মিতব্যয়ীতাৰে তাইৰ হাতলৈ অহা প্ৰতিটো পইচা সাঁচি থৈছিল —- মৰ্টন , পুতলা , বেলুন আদি কিনাৰ লোভ সম্বৰণ কৰি । আৰু অৱশেষত তাইৰ হাতত মুঠ ষাঠি পইচা গোট খালে। এইবোৰ তাইৰ বাবে কিমান কষ্টকৰ কাম আছিল—- বিশেষকৈ গাঁৱলৈ মেলা অহাৰ দিনাখন হাতত পইচা থাকিও যেতিয়া চকৰিত উঠিবলৈ জন্মা উগ্ৰ হেঁপাহক কঠোৰ ভাবেৰে নিয়ন্ত্ৰণ কৰিব লগা হৈছিল ।
তাইৰ হাতত দৰকাৰী পইচাখিনি গোট খোৱাৰ পাচত তাইৰ পাচৰ সমস্যাটো হ’ল —- মাকে গম নোপোৱাকৈ তাই ঘৰৰপৰা ওলাই অহাতো । কিন্তু, তাই এইটো বৰ বেছি কষ্ট নকৰাকৈয়ে সমাধান কৰিব পাৰিলে । সদায়ে দুপৰীয়াৰ ভাতসাঁজ খোৱাৰ পাছত তাইৰ মাকে এঘণ্টাৰ পৰা চাৰিঘণ্টালৈকে ভালকৈ এঘুমটি মাৰে । এই সময়ছোৱা ভাল্লিয়ে সদায় তাইৰ ‘এক্সকাৰ্চন’ সময় হিচাবে খৰচ কৰে —- হয় তাই দুৱাৰ মুখত ৰৈ বাটলৈ চাই থাকে, নহয় গাঁওখনত এপাক মাৰি আহে । আজি তাই গাঁৱৰপৰা বাহিৰলৈ প্ৰথমবাৰৰ বাবে এক্সকাৰ্চনত ওলাই যাবলৈ এই সময়ছোৱা ব্যৱহাৰ কৰিবলৈ ল’লে ।
বাচখন এতিয়া এখন বিশাল মুকলি পথাৰৰ মাজেৰে যাবলৈ ধৰিলে ; তাৰ পাছত এখন সৰু গাওঁ পাৰ হ’ল — বাটৰ কাষত একোখন কেতিয়াবাহে খোলা দোকান । কোনো সময়ত বাচখনে সমুখেৰে অহা আন গাড়ীবোৰ বা পথচাৰীসকলক যেন মহটিয়াইহে নিব তেনে লাগে । কিন্তু চোৱা ! কেনেকৈ ই সুন্দৰভাৱে নিৰাপদে সকলোবোৰ পাৰ হৈ যায় ! গছবোৰ আঁতৰৰপৰা দৌৰি আহে আৰু বাচখন সেইখিনি পালত সিহঁত অসহায়ভাবে সেইখিনিতে কিছু সময়ৰ বাবে ৰৈ যায় পুনৰ ওলোটা ফালে দৌৰিবলৈ ধৰে ।
হঠাতে ভাল্লিয়ে আনন্দত চাপৰি বজাই দিলে । এজনী গাইগৰুৱে নেজদাল ওপৰলৈ দাঙি তীব্ৰ গতিত দৌৰি আছে — এবাৰ বাচৰ সোঁফালে যায়, একোবাৰ আকৌ বাছৰ আগে আগে দৌৰে । বাচখন একেবাৰে ৰখোৱাৰ দৰে কৰি ড্ৰাইভাৰে বাচৰ হৰ্ণটো জোৰে জোৰে বজাই দিলে । যিমানে হৰ্ণ বজালে , সিমানে তাই বেছি ভয় খাই জঁপিয়াই জঁপিয়াই দৌৰিবলৈ ধৰিলে আৰু একেবাৰে বাচৰ আগে আগে সোঁফালে ।
এই দৃশ্যটোৱে ভাল্লিক আমোদ দিলে । তাইৰ হাঁহোতে হাঁহোতে চকুপানী ওলাই গ’লগৈ ।
” হ’ৰা , আইদেউ ,ইমানকৈ হাঁহিছা নে ?” কণ্ডাক্টৰজনে মাত মাতিলে , “অলপমান কাইলৈৰ বাবেও থোৱা ।”
অৱশেষত গৰুজনী ৰাস্তাৰপৰা আঁতৰি গ’ল । আৰু তাৰ পাছতে বাচখন ৰেলপথ ক্ৰছিং এটাৰ মুখামুখি হ’ল । বহু দূৰত ৰেল এখনৰ কণিকা এটা যেন দেখা গ’ল , ই ক্ৰমে ওচৰলৈ আগবাঢ়ি আহি থাকোঁতে ডাঙৰ হৈ গৈ থাকিল । তাৰ পাছত এইখন প্ৰচণ্ড গৰ্জন কৰি আৰু ঠাইখন কঁপাই ৰেল ক্ৰছিংটোৰে পাৰ হৈ গ’ল । বাছখন পুনৰ চলিবলৈ ধৰিলে আৰু ৰেল ষ্টেচনটো পাৰ হৈ গ’ল । তাৰ পাছত ই ব্যস্ততাপূৰ্ণ দোকান- বজাৰেৰে ভৰা ধুনীয়া ৰাস্তাৰে যাবলৈ ললে আৰু পাক এটা ঘূৰি এখন আহল- বহল বজাৰ পালেগৈ । ইমান ডাঙৰ ডাঙৰ আৰু ধুনীয়া ধুনীয়া দোকান ! কাপোৰ আৰু আন আন বস্তুবোৰৰপৰা কি যে এক জিলিকনি ওলাইছে ! ইমান বেছি মানুহৰ জুম ইয়াত !
সকলোবোৰ দেখি- শুনি ভাল্লি বোবাৰ দৰে হৈ পৰিল । অঁকৰা লাগি চাই থাকোঁতে তাইৰ মুখ মেল খাই গৈছেগৈ ।
তেনেকুৱাতে বাছখন ৰ’লগৈ আৰু ভাল্লিৰ বাহিৰে আন সকলো মানুহ নামি গ’ল ।
” হ’ৰা — আইদেউ ,” কণ্ডাক্টৰজনে কলে , ” তোমাৰ নামিবৰ হোৱাই নাই নেকি ? তোমাৰ ত্ৰিশ পইচাৰে এইখিনিহে পোৱাব পাৰিম দেই ।”
” নাই হোৱা ,” ভাল্লিয়ে কলে ” মই এইখন বাচতে ঘূৰি যাম ।” তাই আৰু ত্ৰিশ পইচা জেপৰপৰা উলিয়াই কণ্ডাক্টৰক দিলে ।
” কেলেই — কিবা হ’ল নেকি ?”
” নাই , একো হোৱা নাই ; মই কেৱল বাচত উঠি চাবহে খুজিছিলো –‐ সেইটোৱেই কথা ।”
“তুমি নগৰৰ দৃশ্যবোৰৰ ফালে চকু দিব নোখোজানে ? তুমিতো এইখিনি পালাহিয়েই ?”
” গোটেইবোৰ ময়েই চামনে ? আঐ— মোৰ ভয়েই লাগে পায় । “
ছোৱালীজনীৰ কথা কোৱাৰ ধৰণটোত কণ্ডাক্টৰজনে বৰ আমোদ পালে।
” কিন্তু, তুমি বাছত আহিবলৈ ভয় নকৰা নেকি ?”
“ইয়াত ভয় কৰিব লগা একো নাই ,” তাই উত্তৰ দিলে ।
“তেনেহলে সৌ দোকানখনলৈ গৈ কিবা পানী- দুনি অকণ নোখোৱানো কেলেই ? ইয়াতো ভয় কৰিব লগা একো নাই ।”
” ই— নহ’ব নহয়, মই এয়া কৰিব নোৱাৰোঁ ।”
” হয় নেকি ? তেতিয়াহলে ময়ে তোমাক কিবা এটা আনি দিওঁ ৰ’বা ।”
“নহয়, মোৰ হাতত বেছি পইচা নাই । মাত্ৰ মোৰ টিকতটো দিয়ক — সেয়াই হব ।”
” এয়া মোৰ ফালৰপৰা দিছো , তুমি পইচা দিব নালাগে ।”
” নাই – নালাগে ।” তাই দৃঢ়ভাবে কলে ,” অনুগ্ৰহ কৰি নিদিব ।”
কণ্ডাক্টৰে বাউসী লৰাই মানি লোৱা যেন দেখুৱালে , আৰু তেওঁলোকে বাছখনে ওভোটনি যাত্ৰা আৰম্ভ কৰালৈকে অপেক্ষা কৰি থাকিল । এইবাৰো বেছি যাত্ৰী নুঠিল।
(৪ৰ্থ অংশ)
“তোমাৰ মাৰাই তোমালৈ বাট চাই থকা নাইনে ?” কণ্ডাক্টৰজনে তাইক টিকটটো দিওঁতে সুধিলে ।
” নাই থকা -‐- কোনেও মোৰ বাবে বাট চাই থকা নাই।” ।” তাই ক’লে।
বাচখনে গতি ল’লে , আৰু আকৌ সেই ধুনীয়া ধুনীয়া দৃশ্যবোৰ দেখা গ’ল ।
একেবোৰ দৃশ্যই ভাল্লিক অকণো আমনি দিয়া নাছিল , বৰঞ্চ তাই প্ৰথমবাৰৰদৰে একেধৰণেৰে উত্তেজিত হৈ উঠিল । কিন্তু , হঠাতে তাই ৰাস্তাৰ কাষত গাই গৰু এজনী মৰি পৰি থকা দেখিলে , যেন কিবা দ্ৰুত বেগী গাড়ী এখনে তাইক খুন্দিয়াই থৈ গৈছে ।
“এইজনী অথনি আমি নগৰলৈ যাওঁতে আমাৰ বাছৰ আগত দৌৰি ফুৰা গাইজনী নহয় নে ?” তাই কণ্ডাক্টৰজনক সুধিলে ।
কণ্ডাক্টৰজনে মুৰ দুপিয়ালে আৰু তাইক এটা বেজাৰৰ ভাবে হেঁচি ধৰিলে । কেনেকৈ এটা মৰমলগা ধুনীয়া প্ৰাণী মাত্ৰ কিছু সময়ৰ আগতে ইয়াত দৌৰি ফুৰিছিল আৰু হঠাতে ই জীৱনৰ ৰং হেৰুৱাই পেলালে আৰু ইমান ভয়ানক যেন হৈ পৰিল , কেনে ভয় লগা ধৰণেৰে এতিয়া তাত পৰি আছে — ঠেংকেইটা মেলখোৱা , চকু কেইটা এফালে থৰ হৈ মেল খোৱা , যেনিয়ে তেনিয়ে তেজেই তেজ – – –
বাছখন গৈ থাকিল । মৰা গৰুজনীৰ স্মৃতিয়ে তাইক আমনি কৰি থাকিল , তাইৰ সকলো উদ্যম সেমেকাই পেলালে । তাই আৰু খিড়িকীৰে বাহিৰলৈ চাবলৈ মন নকৰিলে ।
তাই তিনি বাজি চল্লিছ মিনিটত নিজৰ গাঁওখন পোৱালৈকে এনেদৰে চিটটোত বহি থাকিল যেন আঠা লগাইহে থৈছে । তাই থিয় হৈ এঙামুৰি এটা দিলে । তাৰ পাছত তাই কণ্ডাক্টৰজনৰফালে ঘূৰি লৈ কলে ,
“ভাল লাগিল ডাঙৰীয়া , আপোনাক আকৌ দেখা পাম বুলি আশা কৰিছো ।”
” ঠিক আছে আইদেউ, ” তেওঁ হাঁহি হাঁহি উত্তৰ দিলে, “যেতিয়াই তুমি বাছত উঠিবলৈ মন কৰা , আহিবা আৰু আমাৰ লগ লাগিবা । আৰু ভাড়াটো আনিবলৈ নাপাহৰিবা আক’ ।”
তাই হাঁহিলে আৰু জঁপিয়াই বাচৰপৰা নামিল । তাৰ পাছত দৌৰি দৌৰি চিধা ঘৰৰফালে পোনালে ।
যেতিয়া ভাল্লি ঘৰ সোমাইহি তাই মাকক শুই উঠাৰ পাছত পালেহি আৰু তেওঁ তেতিয়া ভাল্লিৰ পেহীয়েকহঁতৰ এগৰাকীৰ লগত কথা পাতি আছে । তেওঁ চাউথ ষ্ট্ৰীটৰ পৰা আহিছে আৰু তেওঁ ইমানেই কথকী যে মুখখন এবাৰ মেল খালে আৰু দিনটোলৈ বন্ধ নহয় ।
” আৰু অথনিৰেপৰা তই বাৰু আছিলি ক’ত ?” ভাল্লি সোমাই অহাৰ লগে লগে পেহীয়েকে সুধিলে । তেওঁ সুধিব লাগে বাবেহে সোধে , কাৰোপৰা হলে উত্তৰ আশা নকৰে । সেয়ে ভাল্লিয়ে মাত্ৰ অকণমান হাঁহিলেহে—একো নকলে , আৰু মাকৰ লগত পেহীয়েক আকৌ কথা পতাত ব্যস্ত হৈ পৰিল ।
“হয় পায় , তুমি ঠিকেই কৈছা ,” তাইৰ মাকে কলে , “আমাৰ মাজত আৰু বাহিৰৰ জগতখনত ইমান যে কথা আছে । চব কথা আমিনো কেনেকৈ জানিম হে ? আৰু কেনেবাকৈ যদি আমি কিছুমান জানোও , সববোৰ কথা আমি বুজি পাওঁ জানো ? হয় নে নহয় ?”
” অঁ হয় তো !” ভাল্লিয়ে দীঘলকৈ উশাহ ললে ।
” কি?” মাকে সুধিলে , ” তই আক’ কি কৈছ ?”
“অঁ ,” ভাল্লিয়ে কলে , ” মই মাত্ৰ তুমি যে কৈছা আমি নজনাকৈ কিছুমান কথা ঘটে বুলি, তাতহে হয়ভৰ দিছো ।”
” দেখিছা , কেনেকুৱা চটাইপাখৰি তাই ,” পেহীয়েকে কলে , ” আৰু তাই চোৱাচোন , কেনেকৈ ডাঙৰৰ কথাৰ মাজত নাক সুমুৱাইছে — যেন একেবাৰে বুঢ়ীজনীহে !”
ভাল্লিয়ে নিজে নিজে হাঁহিলে । তাইৰ হাঁহিৰ অৰ্থ তাই তেওঁলোকক বুজিবলৈ নিদিলে । কিন্তু , তেতিয়া আৰু তাত ইয়াতকৈ বেচি সুৰুঙা নাছিলো —– আছিল জানো?
4:58 PM
বৰ সুন্দৰ লেখা বাইদেউ
5:27 PM
ধন্যবাদ জনালো তোমাক মন্তব্যৰ বাবে ।