ইকিগাই-কুঞ্জ খাউণ্ড
গ্ৰন্থখনৰ নামটোৰ অৰ্থই হ’ল দীৰ্ঘায়ু আৰু সুখী জীৱনৰ জাপানী ৰহস্য। আমাৰ মনত অলপো সন্দেহ নাই যে জাপানেই হৈছে বিশ্বৰ দীৰ্ঘ জীৱন লাভ কৰা ব্যক্তিসকলৰ অন্যতম হোতা। মই এটি থুলমূল আভাষেৰে আলোকপাত কৰিবলৈ লোৱা কিতাপখনৰ নাম হ’ল ‘ইকিগাই’। যিখন কিতাপ পৃথিৱীৰ ৬০ টাতকৈও অধিক ভাষালৈ অনুদিত হৈছে।
কিতাপখনৰ লেখক হ’ল-হেক্টৰ গাৰ্চিয়া আৰু ফ্ৰান্সেক মিৰালেছ। অসমীয়ালৈ সুন্দৰ অনুবাদ কৰিছে ড০ কুল কমল সেনাপতিয়ে, তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো।
‘ইকিগাই’ হ’ল এটা জাপানী শব্দ। অন্যান্য দেশৰ তুলনাত জাপানীসকলৰ দীৰ্ঘ জীৱনৰ সৈতে জড়িত হৈ আছে স্বাস্থ্যসন্মত আহাৰ, একত্ৰিত স্বাস্থ্যসেৱা প্ৰদ্ধতি আৰু স্বাস্থ্য সজাগতা। গোটেই জীৱনটো সক্ষম আৰু সক্ৰিয় হৈ থাকিবলৈ কৰা নিৰন্তৰ চেষ্টাই হৈছে দীৰ্ঘ জীৱনৰ মূল উপাদান।
‘ইকিগাই’ মানেনো কি?
‘ইকিগাই’ শব্দৰ অৰ্থ হ’ল এটা অৰ্থপূৰ্ণ জীৱন যিটো সুন্দৰ আৰু শোভনীয়।জীৱনৰ প্ৰকৃত উদ্দেশ্য বিচাৰি পোৱাৰ ধাৰণা।’ইকিগাই’ হৈছে এক জাপানী ধাৰণা, জীৱন সম্পৰ্কে আৰু ‘ইকিগাই’ক জাপানীসকলৰ সুখী আৰু দীৰ্ঘ জীৱনৰ ৰহস্য বুলি মানি লোৱা হয়। আমি জীৱনত ‘ইকিগাই’ বিচাৰিবলৈ হ’লে এই কথাখিনি মানি চলিব লাগিব।
ক) আশাহীন পৰিস্থিতিৰ মাজতো জীৱনৰ উদ্দেশ্য অন্বেষণ কৰাই মুখ্য লক্ষ্য।
খ)ভাল পোৱা কাম আৰু ৰুচিবোৰ বিচাৰি উলিওৱা যিবোৰৰ যোগাত্মক দিশ আছে।
গ)আনন্দপ্ৰাপ্তিৰ বাবে বেছি মনোনিবেশ কৰা।
ঘ) মানসিক চাপৰ পৰা হাত সাৰি থাকিবলৈ হাস্যমধুৰ কথা বাৰ্তা।
ঙ) সামাজিক জীৱন আৰু বাস্তৱ পৃথিৱীৰ সৈতে সংযুক্ত হোৱা।
চ) আপুনি কি কৰি ভাল পায় আৰু দক্ষতা কিহত বিচাৰি উলিওৱা।
ছ) বেছি আশা নকৰা, কিয়নো বেছিকৈ আশা কৰিলে হতাশাও বেছি হয়।
জ) সদায় ভাল অভ্যাস গঢ়ি তোলা, সৰু সৰু বস্তুবোৰ উপভোগ কৰা।
এইদৰেই যদি আমি ভাল পোৱা কামবোৰ কৰি নিদিষ্ট চৰ্তবোৰ মানি চলো তেতিয়া ‘ইকিগাই’ বিচাৰি পাম আৰু আমি বিমল সন্তুষ্টি লভিম।আমি জীৱনত জয় আৰু পৰাজয় দুয়োটাই স্বীকাৰ কৰিব পাৰিব লাগিব, আনকি সন্তানৰ ক্ষেত্ৰতো। আমাৰ প্ৰত্যেকৰ মাজতেই মহৎ বা অসাধাৰণ কাম কৰাৰ শক্তি বা সামৰ্থ্য আছে। আমি সেই মহান লক্ষ্য প্ৰাপ্তি কৰিমনে নাই, সেয়া কি পৰিস্থিতিৰ মাজেৰে জীৱন কটাইছো তাৰ ওপৰত নিৰ্ভৰ নকৰে, বৰং সেই পৰিস্থিতিত আমি কি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিছোঁ তাৰ ওপৰতহে নিৰ্ভৰ কৰে।
এটা উল্লেখযোগ্য কথা হ’ল বয়স বাঢ়িছে বুলিয়েই শিকা কেতিয়াও এৰিব নালাগে।কেৱল এটাই শিকিবলগীয়া আছে আৰু সেইটোৱেই হ’ল শিকি থকাটো। শিকাটো এনেকুৱা এটা বস্তু যিটোৱে আমাক কেতিয়াও উদং কৰিব নোৱাৰে, কেতিয়াও উৎপীড়ন কৰিব নোৱাৰে, আৰু কেতিয়াও ভয় বা অবিশ্বাস নকৰে, কেতিয়াও অনুশোচনা কৰাৰ কথা নাহে। আমি শৰীৰৰ শক্তিতকৈ মনৰ ক্ষিপ্ৰতাক অগ্ৰাধিকাৰ দিব লাগিব। আমি আজি নহ’লেও কাইলৈ কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে, তাৰ বাবে মনক সাজু কৰিব লাগিব, মনক সঠিক প্ৰশিক্ষণ দিব লাগিব। আমাৰ সকলোৰে ইকিগাই ভিন ভিন। কিন্তু সকলোৰে সাদৃশ্য হ’ল জীৱনৰ অৰ্থ অন্বেষণ কৰি থকা। কৰ্মক ভাল পাবলৈ শিকিব লাগিব, সুখী হ’বলৈ নহয় সুখী হৈ কৰ্ম কৰিব লাগিব। আধুনিক জীৱনে আমাক প্ৰকৃত স্বভাৱৰপৰা পৃথক কৰিবলৈ চেষ্টা কৰি অৰ্থহীন জীৱন যাপনৰ চেষ্টা চলাই আহিছে। টকা-পইচা, ক্ষমতা, পৰিচৰ্যা আৰু আৰু সাফল্যই মূল স্বভাৱৰ পৰা আঁতৰাই লৈ গ’লেও এইবোৰৰ প্ৰভুত্ব চলাবলৈ দিব নালাগে।শেষত ‘ইকিগাই’ সন্দৰ্ভত আহৰণ কৰা বহুত নিয়মৰ ভিতৰত মাত্ৰ দহটা নিয়ম উল্লেখ কৰিছোঁ।
১) সদায় সক্ৰিয় হৈ থাকক,অব্যাহতি নল’ব।
২) খৰধৰ নকৰিব।
৩) পেটপুৰাই নাখাব।
৪) ভাল বন্ধুৰ আবেষ্টনীত থাকক।
৫) অহা জন্ম দিনলৈ অধিক স্বাস্থ্যৱান হৈ থাকক।
৬) হাঁহক,হঁহুৱাওক।
৭) ধন্যবাদ বা কৃতজ্ঞতা জনাওঁক।
৮)অতীত নহয় বৰ্তমানত জীয়াই থাকক।
৯)প্ৰকৃতিৰ সৈতে পুনঃ পুনঃ সংযুক্ত হওক।
১০)আপোনাৰ ‘ইকিগাই’ অনুসৰি জীৱন অতিবাহিত কৰক।
শেষত ইমানেই কওঁ যে ১৮৩ পৃষ্ঠাৰ কিতাপখনত প্ৰতিটো পৃষ্ঠা আৰু বাক্যই আমাৰ জীৱনটো সুচাৰুভাৱে পৰিচালনা কৰাৰ নিখুঁত ৰণকৌশল শিকায়। আৰু আমি কি কৰিব লাগিব সেয়া বিচাৰিবলৈ অধিক চিন্তা কৰিবও নালাগে। বৰ্তমান মানসিক চাপে থকা-সৰকা কৰা সময়বোৰত ‘ইকিগাই’ এখন সকলোৱে পঢ়িবলগীয়া কিতাপ। এবাৰ আপুনি আপোনাৰ জীৱনৰ উদ্দেশ্য বিচাৰি পালে আপুনি কৰা প্ৰতিটো কামতেই আনন্দৰ প্ৰবাহ ঘটিব। শেষত ৰৈ যোৱা সাম্ভাব্য ভুলৰ বাবে ক্ষমা বিচাৰিলো।
2:48 PM
সুন্দৰ