উদ্ভিন্ন যৌৱনা জলকন্যা,কাকচাং-প্ৰণৱ কুমাৰ বৰা 

২০১৭ চনত কাৰ্বি আংলং জিলাৰ ডিফুত চাকৰিত যোগদান কৰাৰপৰাই কাকচাঙৰ নামটো শুনি আছিলো। যাম যাম বুলি ভাবি থাকোতেই পাঁচোটা বছৰ পাৰ হ’বৰ হ’ল। প্ৰতিটো সপ্তাহতে নগাঁৱৰ ঘৰলৈ যোৱা হয়েই। এই বছৰৰ ছোৱালীৰ স্কুলৰ গৰম বন্ধ শেষ হ’বৰে হ’ল। সেয়েহে শ্ৰীমতীৰ লগত কথা পাতি এইবাৰ কাকচাঙলৈ যোৱাটোকে সিদ্ধান্ত কৰিলো। (কাকচাং যদিও কাৰ্বি আংলং জিলাত অৱস্থিত,বোকাখাতৰ দিশৰপৰাও যাতায়ত সুচল)।

কাকচাঙলৈ যাম যেতিয়া তাৰ স্থানীয় লোক এজন লগত থাকিলে যাত্ৰাটো সহজ হয়। গতিকে পলম নকৰি বোকাখাত চহৰৰে বাসিন্দা প্ৰাক্তন সহকৰ্মী তথা বন্ধু চাইফুৰ ৰহমানলৈ ফোন লগালো। ফোন ধৰিলে সাদৰী পত্নী স্বপ্নাই। যাম বুলি কথাষাৰ ক’বলৈহে পালো,তেওঁ ক’লে…একেবাৰে ব্ৰেকফাষ্টৰ পৰা লাঞ্চলৈ সকলো ৰেডি থাকিব, কোনো চিন্তা নকৰিব। মাথো যাব লাগে আৰু কোনো ক্ষেত্ৰতে যাতে যাত্ৰা বাতিল নহয় সেয়াও সতৰ্কবাণী শুনালে। 

সিদ্ধান্তমৰ্মেই যোৱা ২৩ জুলাই তাৰিখে পুৱা ৭.৩০ বজাত পত্নী-কন্যা সহিতে বোকাখাতলৈ নিজ গাড়ীৰে যাত্ৰা আৰম্ভ কৰিলো। পুৱা ৫ বজাৰপৰাই আকাশত সূৰ্যদেৱতাৰ খাওঁ খাওঁ মূৰ্তি। ইপিনে কাকচাঙ জলপ্ৰপাত চাবলৈ বোলে প্ৰায় ২.৫ কি:মি: খোজ কাঢ়িব লাগিব। ৰ’দৰ লগত মোকামিলা কৰিবলৈ আৰু খোজ কাঢ়িবলৈ সহজ হোৱাকৈ বেগত চানস্ক্ৰীণ ল’চন, পানী বটল, বিস্কুটৰ পেকেট, চকলেট, ততালিকে শুকাই যাব পৰা পাতল কাপোৰৰ জোতা, ছাতি, টুপী আৰু অতিৰিক্ত এযোৰ কাপোৰ লোৱা হৈছে। গতিকে চিন্তা নাই। ১০ বজাত বোকাখাতৰ গোসাঁইবৰিস্থিত বন্ধুৰ ঘৰ পালোগৈ। বন্ধু চাইফুৰ, বন্ধু পত্নী স্বপ্না আৰু তেওঁলোকৰ ১০ বছৰীয়া কন্যা আলফি আমাৰ বাবে ৰৈ আছিল। হাত-মুখ ধুই ইতিমধ্যে সাজু কৰি থোৱা লুচি, আলু ভাজি, বইল কণী, কল, মিঠাইৰে ব্ৰেকফাষ্ট কৰিলো। কিছুসময় জিৰাই ১১ বজাত আমি সকলো কাকচাঙলৈ বুলি ওলালো। বন্ধু পৰিয়ালসহ নিজৰ গাড়ীখন লৈ পথ প্ৰদৰ্শক হ’ল। তেওঁৰ ঘৰৰ কাষেৰে যোৱা পথটোৰে কিছুদূৰ গৈ বোকাখাত চহৰৰপৰা কাকচাঙলৈ যোৱা মূল পথটিত লগ হ’লোগৈ। ইয়াৰপৰা কাকচাঙলৈ দূৰত্ব ১২ কি:মি: । 

কিছুদূৰ আগবঢ়াৰ পিছতে এনে দৃশ্য চকুত পৰিল যে গাড়ী ৰাখিবলৈ বাধ্য হ’লো। ওপৰত দুপৰীয়াৰ গাঢ় নীলা আকাশ, তাৰ মাজে মাজে বগা মেঘৰ সৰু সৰু খণ্ডবোৰ, তলত হালোৱাৰ সৈতে দুহাল গৰু, ভূঁই ৰোৱা অসংখ্য ৰোৱনী আৰু এই গোটেই দৃশ্যটোক অনন্য মাত্ৰা প্ৰদান কৰিছে পথাৰৰ আলিবোৰত বহি থকা বগাকৈ অগণন বগলীয়ে। ভাবকচোন দৃশ্যতো! কেইবাখনো ফটো ম’বাইলৰ কেমেৰাত আবদ্ধ কৰিলো। সেই দৃশ্য চাই আপোন পাহৰা হৈ থাকোতেই স্বপ্নাই শ্ৰীমতীৰ ম’বাইলত ফোন কৰিলে বোলে ক’ত ৰৈ গ’লা? বাট হেৰুৱাবা এতিয়া, আমি ৰৈ আছো সোনকালে আঁহা। লৰালৰিকৈ পুনৰ গাড়ী আগবঢ়ালো। 

এইবাৰ গাড়ী আগবাঢ়িল পথৰ দুয়োকাষে থকা চাহ গছৰ মাজে মাজে। হয়, ৯ মাৰ্চ ১৮৯৫ চনত স্থাপিত Naharjan Tea Com Pvt.Ltd.ৰ অধীনস্থ এইখন নাহৰজান চাহ বাগিচা।বৰ্তমান কলকতাৰ সিংহানীয়া গ্ৰুপৰদ্বাৰা পৰিচালিত এই চাহ বাগিচাখন দেখি বৰ ভাল লাগিল যদিও ভাৰতৰ বিভিন্ন ঠাইত বহুতো চাহবাগিচা দেখিছো তথাপি এই বাগিছাখন যেন কিছু পৃথক। হয়তো কাৰ্বি পাহাৰৰ পাদদেশত হোৱা বাবেও হ’ব পাৰে। এই চাহ বাগিচা পাৰ হ’লেই পাম ইপ্সিত সেই কাকচাং। দূৰৈৰ কাৰ্বি পাহাৰ ক্ৰমে দৃশ্যমান হ’বলৈ ধৰিছিল আৰু ফটো ল’বলৈ গাড়ী ঘনাই ব্ৰেক মাৰিব লগা হৈছিল। এনেদৰে আৰু কিছুদূৰ আগবঢ়াৰ পিচতে চকুত পৰিল কাকচাং জলপ্ৰপাতলৈ আদৰণি জনাই নিৰ্মাণ কৰা আদৰণি তোৰণখন য’ত লিখা আছিল “Welcome to Kaiphulangso”. তাৰ মানে আমাৰ পৰম আকাংক্ষিত ঠাইখন পালোহি। লৰালৰিকৈ গাড়ীখন ৰখাই তোৰণখনৰ সৈতে ফটো উঠিলো। হঠাতে আগত গৈ থকা ৰহমানৰ গাড়ীখন পথৰপৰা তলত থকা পানীৰ জুৰি এটালৈ নামি পাৰ হৈ গ’ল। মোৰ গাড়ীখন ছেডান শ্ৰেণীৰ বাবে হঠাতে পানীত নমাই দিবলৈ ভয় লাগে। তথাপি পানীৰ আনুমানিক হিচাপ এটা কৰি গাড়ীখন নমাই সুকলমে পাৰ হ’লো। এনেকুৱা আৰু দুটা জুৰি পাৰ হৈ গাড়ী ৰখোৱা নিৰ্দ্ধাৰিত স্থান(Parking place) পালোগৈ। গাড়ী দুখন ৰখোৱা বাবে এশ টকাকৈ মুঠ দুশ টকা আদায় দিব লগা হ’ল। 

তাৰ পিছত ছানগ্লাছ, টুপী, ছাতি আদিৰে সৈতে সু-সজ্জিত হৈ ২.৫ কি:মি: খোজ কাঢ়িবলৈ সাজু হ’লো। গাড়ী ৰখোৱা স্থানৰ কাষতে প্ৰায় ডেৰ-দুবিঘা মাটিত এঢলীয়াকৈ কৰা আনাৰসৰ খেতিয়ে মন মুহিলে। কাৰ্বি পাহাৰত প্ৰচুৰ পৰিমাণে আনাৰস আৰু আদাৰ খেতি হয়। এইয়া তাৰ চাক্ষুষ অভিজ্ঞতা। গাড়ী ৰখোৱা স্থানৰ পৰা নামনিৰে কিছু আগবঢ়াৰ পিছতেই শীতল এক জলধাৰাই আমাক আদৰিলে। জুৰিটোৰ ওপৰেৰে খোজ কাঢ়ি যাব পৰাকৈ এখন ফুট ব্ৰিজ। কিন্ত আমি সকলোৱে পানীৰ মাজেৰেই গ’লো। এনেদৰে আৰু ছয়টাকৈ জুৰি পাৰ হোৱাৰ পিছত(প্ৰতিটোতে ফুটব্ৰিজ আছিল) পালোগৈ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে নতুনকৈ নিৰ্মাণ কৰি দিয়া আকাশী পদ পথ(Sky walk)। ইয়াৰ পৰা জলপ্ৰপাতৰ দূৰত্ব ৩৫০ মিটাৰ। এই আকাশী পদ পথে যদিও কাকচাঙলৈ অহা পৰ্যটকৰ কষ্ট বহু পৰিমাণে লাঘৱ কৰিছে, কিন্ত ই কাকচাঙৰ প্ৰাকৃতিক সৌন্দৰ্য হ্ৰাস কৰা যেন অনুভৱ হয়। কিয়নো কাৰ্বি পাহাৰৰ দাঁতিত অৱস্থিত কাকচাঙলৈ অহা বেছিসংখ্যক পৰ্যটকে এই দূৰত্ব সেই আগৰ দৰেই পাহাৰীয়া শিল বগাই খুপি খুপি যাবলৈয়ে ভাল পালে হয়। প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ আহি কৃত্ৰিমতা অকণো ভাল নালাগে। এই আকাশী পদ পথ ইয়াৰ পূৰ্বে দেখিছিলো শ্বিলঙৰ মাউলাইস্থিত Donbocso Meuseun ৰ ওপৰত। অৱশ্যে সেই আকাশী পদ পথ আৰু কাকচাঙৰ আকাশী পদ পথৰ মাজত বহু ভিন্নতা আছে। 

বাৰু যিয়েই নহওক এই আকাশী পদ পথেৰে কিছু আগুৱাই যোৱাৰ লগে লগে এজাক চেঁচা বতাহে আমাৰ দেহ-মন চুই গ’ল। গম পালো লক্ষ্য নিচেই ওচৰত। আকাশী পদ পথৰ কেঁকুৰি এটা ঘূৰি দিয়াৰ লগে লগে সন্মুখত সেয়া ৰূপকন্যা কাকচাঙৰ জলপ্ৰপাত যাক স্থানীয় ভাষাত  “কাইফুলাংছ” বুলি জনা যায়। যাৰ সৌন্দৰ্য পান কৰিবলৈ এই জুলাই মাহৰ প্ৰখৰ ৰ’দতো আমাৰ দৰে আৰু অনেকজন ঢপলিয়াই আহিছে। কাৰ্বি আংলং জিলাৰ এতিয়ালৈকে আৱিস্কৃত আৰু জনপ্ৰিয় সাতটা জলপ্ৰপাতৰ ভিতৰত কাকচাং অন্যতম। বাকী ছটা হ’ল- ১) Bheloghat Waterfall,ডকমকা ২)Kangthilangso Waterfall,দেনগাওঁ ৩) Langvoku Waterfall,মাঞ্জা ৪) Langsomepi Waterfall,ফুলনি ৫)Timlangpong Waterfall,লংনিত ৬)Tokolangso Waterfall,বোকাজান। 

ইতিমধ্যে কাকচাঙৰ পানীয়ে বতাহৰ লগত মিলি আহি আমাক স্পৰ্শ কৰিলেহি। যেন আমাক দেখি বতাহতে নাচি উঠিছে। মন্ত্ৰমুগ্ধ হৈ বেচ কিছুসময় কাকচাঙৰ জলধাৰা চাই ৰ’লো। প্ৰায় ৪০-৫০ ফুট  উচ্চতাৰপৰা বৈ আহিছে পানী। কোনোবাই কৈছিল জলপ্ৰপাতৰ পানী বোলে নপৰে, উৰেহে-When water fall, it flies.  জলপ্ৰপাতটো ঠিক মাজত ৰাখি আকাশী পদ পথৰ পৰাই কেইখনমান ফটো উঠি ল’লো। তাৰ পিছত জলধাৰাৰ শীতল পানীৰ অনুভৱ ল’বলৈ পত্নী-কন্যাসহ তললৈ নামি গ’লো। কাৰ্বি আংলং জিলাৰ সীমান্তত , পাহাৰৰ দাঁতিত এক মনোমোহা পৰিবেশত অৱস্থিত এই কাকচাং। জলপ্ৰপাতটো থকা পাহাৰখন সম্পূৰ্ণ কাক’ বাঁহেৰে ভৰি থকা বাবেই ইয়াৰ নাম কাকচাং হ’ল বুলি বহুতে ক’ব খোজে। কিছুমানে অৱশ্যে ঠাইখনৰ নাম কাকচাং নহয় কাকজান বুলিহে ক’ব খোজে। 

অৱশ্যে প্ৰথম অৱস্থাত এই জলপ্ৰপাতটোৰ বোলে কোনো নামেই নাছিল। নাম নথকা প্ৰপাতটোৰ সেয়ে নাম এটাও দিয়া হৈছিল। ‘লাংচুন’ নামেৰে নামকৰণ কৰা হৈছিল জলপ্ৰপাতটো। সেয়া আছিল ১৯৯৮ চনৰ কথা। এই বিষয়ে অৰূপ বল্লভ গোস্বামীয়ে লিখিছে—–

“এইদৰে প্ৰায় ৫ কি:মি: দুৰ্গম পাহাৰ অতিক্ৰম কৰি জলপ্ৰপাতটো দেখাৰ সৌভাগ্য ঘটিছিল। কি মনোমোহা দৃশ্য! ওপৰৰ পৰা বৈ অহা পানীৰ হৰহৰ শব্দই এক মনোৰম পৰিবেশৰ সৃষ্টি কৰিছিল। ওপৰৰপৰাই পানীৰ কণিকাই তিয়াই পেলাইছে চৌপাশৰ গছ-লতাবোৰ। জলপ্ৰপাতটোৰ ওচৰ চাপি যোৱাত এক চেঁচা বায়ুপ্ৰবাহৰ অনুভৱ হৈছিল। দলৰ সকলোৱে আলোচনা কৰি নামবিহীন এই জলপ্ৰপাতটোৰ নামকৰণ কৰে। কাৰ্বি আংলঙত অৱস্থিত বাবে কাৰ্বি ভাষাৰে ‘লাংচুন’ নামেৰে জলপ্ৰপাতটোৰ নামকৰণ কৰা হ’ল। কাৰ্বি ভাষাত ‘লাং’ মানে পানী আৰু ‘কেচুন’ মানে ওখ ঠাইৰ পৰা নামি অহা। গতিকে জলপ্ৰপাতটোৰ নাম লাং আৰু কেচুনৰ সংযোজন কৰি ‘লাংচুন’ কৰা হ’ল”।  লাংচুন- এটা ভাল লগা শব্দ। এক অৰ্থবহ নাম। কিন্ত এই নামটো বহুল প্ৰচলিত নহ’ল। কিয় নহ’ল সতকাই কোৱা টান। মানুহৰ মাজত জলপ্ৰপাতটো লাংচুনৰ সলনি কাকচাং নামেৰেহে জনপ্ৰিয় হ’ল।” (দাদুল দেৱকৃষ্ণ বৰুৱাৰ কাকচাঙৰ কথকতাৰ পৰা উদ্ধৃত)। 

এই জলপ্ৰপাতৰ ওপৰত আৰু দুটামান জলপ্ৰপাত থকা বুলি শুনা গৈছে,কিন্তু এতিয়াও অনাৱিস্কৃত হৈ আছে। বেচ কিছুসময় কাকচাঙৰ পানীত ভৰি ডুবাই শিল এটাত বহি ৰূপহী কাকচাঙৰ ৰূপ চাই ৰ’লো। দুপৰীয়াৰ ৰ’দজাকত কাকচাঙৰ পানী আৰু ৰৌদ্ৰোজ্বল হৈ উঠিছিল। ইতিমধ্যে জলপ্ৰপাতৰ পানী বতাহত উৰি আহি আমাক সম্পূৰ্ণকৈ তিয়াই পেলাইছিল। এৰি আহিবলৈ মন নাছিল। ৰহমানে ইংগিতেৰে হাত ঘড়ীটোলৈ দেখুৱালে। প্ৰায়  ৩ বাজিবৰ হ’ল। লৰালৰিকৈ ওপৰলৈ উঠি আহি আকাশী পদ পথেৰে আৰু কিছু ওপৰলৈ গৈ সমতল অঞ্চল এটাত ৰ’লোগৈ। তাৰপৰা কাকচাঙৰ আন এক অনন্য ৰূপ দেখা পালো। সকলোৱে লগত নিয়া বিস্কুট, চকলেট, পানী আদি খাই উভতনি যাত্ৰাৰ বাবে শক্তি গোটালো। উভতি আহোতে আমি আকাশী পদ পথ ব্যৱহাৰ নকৰি আন এটা পথেৰে আহিলো, যিটোত শিলৰ খটখটি আছিল। লক্ষ্যপ্ৰাপ্তিৰ আনন্দই উভতনি যাত্ৰা সহজ কৰি তুলিলে। সকলোৱে আহি নিজৰ নিজৰ গাড়ীত বহিলোহি। আধা ঘণ্টামানৰ ভিতৰতে ৰহমানৰ ঘৰ পালোহি। সকলোৱে গা-ধুই কাপোৰ কানি সলাই ল’লো। ভাগৰ লাগিছিল সকলোৰে। সেয়েহে স্বপ্নাক ক’লো সাধাৰণ দালি-ভাত হ’লেই হৈ যাব। স্বপ্নাই ক’লে বোলে সকলো ৰেডি আছে কেৱল গৰমে গৰমে ভাত কেইটা বনালেই হ’ল। আৰু সচাঁকৈয়ে কিছুসময় পিচতে সকলো সাজু কৰি আমাক ডাইনিং টেবুললৈ মাতিলে। খাদ্যসম্ভাৰ দেখি চকু থিয় হ’ল- ভাত, পোলাও, দালি, লোকেল মুৰ্গীৰ তৰকাৰী, খাহী মাংসৰ তৰকাৰী, লেচেৰা আলু ভাজি, চালাদ, ভোট জলকীয়াৰ আচাৰ, দৈ, মিঠাই। সকলোৱে উদৰ পূৰাই খালো। আমি আহিম বুলি পুৱা সোনকালে উঠি এই সকলোবোৰ বনাই কাকচাঙলৈ যাবলৈ সাজু হৈ আছিল। বন্ধু পত্নীক ধন্যবাদ নিদি  নোৱাৰিলো। খাই উঠি কিছু সময় জিৰণি লৈ সন্ধিয়া ৫ বজাত নগাঁৱৰ ঘৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলো। মনত কঢ়িয়াই আনিলো কাকচাঙৰ অপৰূপ সৌন্দৰ্যৰ মাদকতা আৰু বন্ধু পৰিয়ালৰ অকৃত্ৰিম আতিথ্যৰ সুবাস। 

(যাৰ লেখা পঢ়ি কাকচাঙলৈ যাবলৈ উদ্দীপনা পাইছিলো- দাদুল দেৱকৃষ্ণ বৰুৱাৰ নামত সমৰ্পিত)

Leave a Reply

Your email address will not be published. Required fields are marked *