এটুকুৰা বগা দাগ-গীতামণি দত্ত

নিজৰাহঁত আজি যোৰহাটলৈ আহিছে ।খুড়াকৰ ছোৱালী দীপাৰ বিয়া।জোৰণ আৰু বিয়া একেদিনাই পৰিছে।সেয়েহে নিজৰাহঁতে পুৱাই গোলাঘাটৰপৰা আহি যোৰহাট পালেহি।সোনকালে নাহিলে নহয় কাৰণ এদিনীয়া বিয়া,জোৰণ  পিন্ধোৱাৰ সময় বাৰটা বজাৰ আগতেই।

নিজৰাৰ আহিবলৈ অকণো ইচ্ছা নাছিল।মাক ৰমলাইহে তাইক বুজাই বঢ়াই জোৰ কৰি লৈ আহিছে।নিজৰাই দীপাক খুব মৰম কৰে । তথাপি তাইৰ বিয়াখনলৈ আহিবলৈ অকণো ইচ্ছা নাছিল। আজি দহ বছৰে নিজৰাই বিয়া-সবাহ ক’তো যোগদান কৰা নাই।কেৱল স্কুললৈ যোৱা আৰু ৰাতুলক চোৱা-চিতা কৰাটোৱেই তাইৰ জীৱন।মাকে জোৰ কৰিলত নিজৰাই দীপাৰ বিয়ালৈ নহাকৈ থাকিব নোৱাৰিলে।অৱশ্যে বিয়াঘৰত উপস্থিত হৈ নিজৰাৰ বেয়া নালাগিল।খুড়াক -খুড়ীয়েকে তাই অহাত বৰ ভাল পালে।দীপাইতো নিজৰাক মৰমতে সাবতি ধৰিলে আৰু বৰমাকৰ পৰা বিয়াৰ আৰ্শীবাদ ল’লে।ৰমলাই হিয়া উজাৰি দীপাক আৰ্শীবাদ দিলে।

জোৰণৰ কইনা সজোৱা পাল নিজৰাৰ ওপৰত পৰিল।দীপাক নিজৰাই ইমান ধুনীয়াকৈ সজালে ,সকলোৱে নিজৰাক প্ৰসংশা কৰিলে।সকলোৰে মুখে মুখে – ‘বিউটিচিয়ানেও জোৰ নাপায় !’ কইনা সজোৱাত নিজৰা খুবেই পাকৈত।বংশ পৰিয়ালৰ ক’ত ছোৱালীক নিজৰাই কইনা সজাইছে তাৰ হিচাপ নাই ।কিন্তু আজি দহ বছৰৰ পাছত দীপাক কইনা সজাই নিজৰাৰ মনটো ভাল লাগিল। 

মাক ৰমলাই নিজৰাক দীপাৰ কপালত কপালী এটা পিন্ধাই দিবলৈ ক’লে।

:অ’ নিজৰা কপালী এডাল লগাই দিলে আৰু ধুনীয়া দেখিব।

মাকৰ কথাতে নিজৰাই দীপাক কপালী আছে নেকি সুধিলে,দীপাই নাই বুলি কোৱাত নিজৰাই নিজৰ ডিঙিত পিন্ধি থকা সৰু লকেট থকা চেইনডাল খুলি কপালী হিচাপে দীপাৰ কপালত পিন্ধাই দিলে।সৰু লকেটটোৰে দীপাৰ কপালখন জিলিকি পৰিল।নিজৰাই তাইৰ বিয়াৰ পাছত পোনপ্ৰথমবাৰৰ বাবে চেইনডাল ডিঙিৰপৰা খুলি খালী খালী অনুভৱ এটা কৰিলে।

জোৰণ আহি পালেহি ।জোৰণ আদৰিবলৈ উথপ-থপ লাগিল।নিজৰাই কইনাক ৰভা তললৈ উলিয়াই আনিলে।জোৰণৰ কাম-কাজ সুকলমে হৈ গ’ল।দৰাৰ ঘৰ বৰ ধনী মানুহ।তেওঁলোকে সোণৰ অলংকাৰ পাতিৰ লগতে কেইবাজোৰো কাপোৰো দিছে।

নিজৰাই জোৰণ যোৱাৰ পাছতেই দীপাৰ অলংকাৰ পাতিৰ লগতে কাপোৰ কানিবোৰ খুলি দিলে।কাৰণ এদিনীয়া বিয়া লৰালৰি নকৰিলে দেৰি হৈ যাব।কইনা নোৱাবলৈ ওচৰৰ আয়তী সকল আহিলেই।

নিজৰাই দীপাৰ কপালৰপৰা কপালি ডাল খুলি বাকচৰ ওপৰতে থ’লে ।ব’হাগ মাহ,বৰ গৰম পৰিছে।একেবাৰে গাটো ধুই আহিহে চেইনডাল পিন্ধি ল’ব।গাটো ধুই আহি নিজৰাৰ মনটো মুকলি লাগিল।তাই পোনতে চেইনডাল পিন্ধিবলৈ দীপাৰ ৰূমত সোমাল।দীপা ৰূমত নাই ,হয়তো তাইক নোৱাবলৈ লৈ যোৱা হৈছে।নিজৰাই দেখিলে বাকচৰ ওপৰত চেইনডাল নাই।তাই বাকচটো খুলি চালে, জানোচা দীপাই বাকচৰ ভিতৰত থৈ দিছে ! কিন্তু তাতো নাই । নিজৰাৰ বুকুখন চিৰিং কৈ গ’ল ।কোনে নিলে ! 

নিজৰাই মাকক মাতি কথাষাৰ ক’লে । ৰমলাই মন কৰিলে নিজৰাই উচুপি উচুপি কান্দিবলৈ আৰম্ভ কৰিছে কাৰণ চেইনডাল তাইৰ অতি আপোন । এই চেইনডালৰ বাবেই তাই জীয়াই আছে।চেইনডালৰ সলনি যদি নিজৰাৰ আন কিবা মূল্যবান বস্তু হেৰালেহেঁতেন তাই ইমান বেজাৰ নকৰিলেহেঁতেন।

আজি  চেইনডালৰ লগতে নিজৰাৰ জীৱনৰপৰা ৰজত সম্পূৰ্ণ ৰূপে আঁতৰি গ’ল।ইমান দিনে নিজৰাই এই চেইনডালৰ মাজতেই ৰজতক বিচাৰি পাইছিল।কিমান অকলশৰীয়া সময় নিজৰাই এই চেইনডালৰ স্মৃতিৰ লগত জড়িত কথাবোৰ ভাবি সময় নিয়াইছিল এক মাত্ৰ নিজৰাইহে জানে!আজি নিজৰা সম্পূৰ্ণৰূপে অকলশৰীয়া হ’ল।ৰজতৰ যেন আজি মৃত্যু হ’ল ,তাইৰ তেনে অনুভৱ হ’ল।

ৰজত হৈছে নিজৰাৰ গিৰীয়েক।সামান্য এটুকুৰা শৰীৰৰ বগা দাগৰ বাবেই ৰজত তাইৰ জীৱনৰ পৰা আঁতৰি গৈছিল।

এই ৰজতক এদিন নিজৰাৰ দেউতাকে নিজৰাহঁতৰ ঘৰলৈ লৈ আহিছিল ।দেউতাকৰ লগত চৈধ্য -পোন্ধৰ বছৰীয়া ল’ৰাটো দেখি মাক ৰমলাৰ লগতে নিজৰাও আচৰিত হৈছিল।নিজৰাৰ ভনীয়েক তৰাই দেউতাকক সুধিয়েই পেলালে “এওঁ কোন হয় দেউতা?”

:এওঁ আজিৰ পৰা আমাৰ ঘৰতেই ,আমাৰ লগত থাকিব। এওঁৰ নামটো হৈছে ৰজত,তহঁত দুয়োজনীৰ লগত ৰজতো আজিৰ পৰা স্কুললৈ যাব।

দেউতাকে ৰজতৰ বিষয়ে বিশেষ একো নিজৰাহঁতক নজনালে ।পিছত নিজৰাই মাকৰ মুখৰপৰাহে সকলো কথা গম পালে।

দুখীয়া ঘৰৰ ল’ৰা,দেউতাক ঢুকালত ৰজতৰ পঢ়া-শুনাৰ দায়িত্ব নিজৰাৰ দেউতাকে  কান্ধ পাতি লৈ নিজৰ লগত লৈ আহিল।দহ বছৰীয়া নিজৰাৰ বাবে এইবোৰ কথা জনাৰ বিশেষ একো দৰকাৰ নাছিল।

নিজৰাহঁতৰ স্কুলখনতে ৰজতক নৱম শ্ৰেণীত নাম লগাই দিলে।পঢ়া-শুনাত ৰাপ থকা ৰজতে সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ নিজৰাহঁতৰ ঘৰৰ ওচৰৰ কলেজ এখনত বিজ্ঞান শাখাত নামভৰ্তি কৰিলে।কেতিয়াবা ৰজতে নিজৰাহঁতক পঢ়া শুনা দেখুৱাই দিছিল ।ৰজতৰ নম্ৰ স্বভাৱৰ বাবে নিজৰাৰ মাক ৰমলাই ৰজতক নিজৰ ল’ৰাৰ দৰে মৰম কৰিছিল।

এদিন চ’ত মহীয়া গৰমত ৰজতে নিজৰাক অংক এটা বুজাই থাকোঁতে ৰজতে নিজৰাক হঠাতে সুধি পেলালে ,নিজৰাই কিয় সদায় ভৰিত মোজা পিন্ধি থাকে।নিজৰাই সঁচা কথাষাৰ কবলৈ বেয়া পালে।

নিজৰাৰ মাক ৰমলাই সৰুৰেপৰাই নিজৰাক সদায় ভৰিত মোজা এযোৰ পিন্ধাই থয়।তাই কেৱল  শোৱাৰ সময়তহে মোজাযোৰ ভৰিৰপৰা খোলে।কাৰণ মাকে তাইক মোজা নিপিন্ধাকৈ থাকিবলৈ  মানা কৰি আহিছে।মাকৰ কথা মতেই নিজৰাই  মানুহৰ আগত কোনো দিনেই  মোজা নিপিন্ধাকৈ ওলোৱা নাই । ডাঙৰ হৈ অহাৰ লগে লগে নিজৰাই সকলো কথা বুজি পোৱা হৈছে।মাকে কোৱামতে জন্মৰ ঠিক এবছৰমানৰ পিছতেই তাইৰ দুয়োটা ভৰিৰ সৰু গাঁঠিৰ ওচৰত  এডোখৰ বগা দাগ হৈছিল।বহুত চিকিৎসা কৰিও দাগডোখৰ ভাল কৰিব নোৱাৰিলে।যদি দাগটো বাঢ়ি নাযায় ,তেনেহলে ভয় কৰিবলগীয়া কোনো কথা নাই বুলি কোৱা চিকিৎসকৰ মতে দাগডোখৰে নিজৰাৰ একো অপকাৰ নকৰে।

মাক ৰমলাই কিন্তু মানুহৰ সমালোচনাৰপৰা হাতসাৰি থাকিবৰ বাবে নিজৰাৰ ভৰিত অনবৰতে মোজাযোৰ পিন্ধাই থয়।বহুতে কাৰোবাৰ শৰীৰত বগা দাগ দেখিলে নানা ধৰণৰ কথা কোৱা ৰমলাই নিজ কাণেৰে শুনিছে।কোনোৱে কয় তেনে লোকৰ মুখ চাব নাপায় । কিবা এটা পাপৰ ফলতেহে এনেকুৱা বগা দাগ  মানুহৰ গাত পৰে, আদি নানা কথা ।ৰমলাই জানে বগা দাগ এটা ছালৰ বেমাৰহে, ই কোনো পাপৰ কাৰণে নহয়।তথাপি ৰমলাই মানুহৰ সমালোচনালৈ ভয় কৰে,তাতে নিজৰা হৈছে সৰু ছোৱালী।এই কথাবোৰে নিজৰাক আগলৈ অপকাৰ কৰিব পাৰে বুলি মাক ৰমলা সদায় সাৱধান।

নিজৰা দেখাই শুনাই যিমান ভাল,পঢ়া শুনাতো সিমানেই ভাল।তাই  এম.এ পাছ কৰি ঘৰৰ ওচৰৰ স্কুল এখনত সোমাল।ইফালে ৰজতেও সুখ্যাতিৰে পঢ়া-শুনা সমাপ্ত কৰি ভাল চৰকাৰী চাকৰি এটাত যোগদান কৰিলে।

নিজৰাৰ বিয়া দিয়াৰ বয়স হৈছে যদিও বগা দাগ ডোখৰৰ বাবে তাইক বিয়া দিবলৈ ভয় কৰিছে জানোচা বিয়াৰ পাছত সমস্যাই দেখা দিয়ে।আজি অত বছৰে দাগ ডোখৰ একে ভাগে আছে বাঢ়ি যোৱা নাই গতিকে ভয়ৰ কাৰণ নাই, কিন্তু সমাজে?

এদিন ৰজতৰ মাক-দেউতাকে আলোচনা কৰি জীয়েকক ৰজতলৈ বিয়া দিবলৈ মন কৰিলে।তেওঁলোকে ৰজতৰ আগত বিয়াৰ প্ৰস্তাৱ ৰাখিলে আৰু বগা দাগ ডোখৰৰ বিষয়ে খোলোচাকৈ ৰজতৰ লগত আলোচনা কৰিলে।

সৰুৰেপৰাই ৰজতে নিজৰাক পাই আহিছে।বেয়া স্বভাৱ একো নাই।তাতে এই মানুহ ঘৰৰ বাবেই আজি সি ইমান খিনি পাইছেহি।গতিকে তেওঁলোকৰ প্ৰস্তাৱটো ৰজতে নাকচ কৰিব নোৱাৰিলে।নিজৰায়ো ৰজতক বেয়া নাপায়।গতিকে দুয়োৰে সন্মতি সাপেক্ষে বিয়াখন বৰ ধুমধামেৰে হৈ গ’ল।নিজৰাৰ দেউতাকে ঘৰৰপৰা কিছু নিলগত নিজৰাহঁতৰ বাবে এটা ঘৰ সাজি দিলে।

বিয়াৰ এবছৰ মানৰ পাছত ৰজত আৰু নিজৰাই হনিমুনৰ বাবে দিল্লীলৈ গ’ল।তাত ৰজতৰ এজন স্কুলীয়া দিনৰ বন্ধুক লগ পালে।বন্ধুজন এপল’ হস্পিতলৰ স্কিনৰ ডাক্তৰ।বন্ধুৱে জোৰ কৰিলত নিজৰাহঁত ডাক্তৰজনৰ ঘৰত থাকিবলগীয়া হ’ল।কথাৰ মাজতে ৰজতে বন্ধুৰ আগত নিজৰাৰ দাগডোখৰৰ কথা সুধিলে।অপাৰেচন কৰিলে ঠিক হৈ যাব পাৰে বুলি ডাক্তৰজনে কোৱাত, ৰজতে নিজৰাক কথাটো ক’লে।নিজৰাই প্ৰথমে আপত্তি কৰিছিল কাৰণ তাইক আগতেও ভাল ভাল ডাক্তৰক দেখুৱা হৈছিল।কিন্তু ৰজতৰ কথা পেলাব নোৱাৰি তাই অপাৰেচন কৰিবলৈ সাজু হ’ল।অপাৰেচন সুকলমে হৈ গ’ল।দিল্লীত এসপ্তাহ মান থাকি সিহঁত ঘৰলৈ ওভতি আহিল।আহোঁতে ডাক্তৰে সাৱধানেৰে থাকিবলৈ ক’লে নহ’লে ইনফেকচন হোৱাৰ ভয় আছে। ঘৰলৈ আহি প্ৰথম কেইদিন মান ভালেৰে গ’ল।লাহে লাহে নিজৰাৰ দুয়োটা ভৰি ফুলি যাবলৈ ধৰিলে।বিষত নিজৰাই বিচনাৰপৰাই নামিব নোৱাৰা হ’ল।

অপাৰেচনৰ কথা গম পাই নিজৰাৰ দেউতাকৰ খুব খং উঠিল।ভালকৈ বুজাই দিয়াৰ পাছতো ৰজতে কিয় তেনে কাম কৰিলে!খঙতে জোৱাঁয়েকক কিবাকিবি ক’লে আৰু নিজৰাক চিকিৎসাৰ বাবে নাৰ্চিং হোম এখনত ভৰ্তি কৰালে।সেই সময়খিনিত ৰজতে নিজৰাৰ খবৰ এদিনো নল’লে।ডাক্তৰে নিজৰা অন্তঃসত্বা বুলি জনালে।কথাটো শুনাৰ পিছত তাই আনন্দতে ৰজতক লগ পাবলৈ বৰ মন গ’ল।এফালে ৰজতে ফোন কৰিলেও ফোন নধৰে।নিজৰাই ভাবিলে দেউতাকে খং কৰাৰ কাৰণে হয়তো ৰজতে তাইৰ ওপৰত অভিমান কৰি আছে।ঘৰলৈ গৈ তাই ৰজতৰ অভিমান ভাঙিব আৰু সিহঁতৰ জীৱনলৈ আহিবলৈ ধৰা নতুন আলহীজনৰ খবৰটো দিব ।খবৰটো পালে ৰজতৰ সকলো অভিমান নিমিষতে নোহোৱা হৈ যাব। কিন্তু নিজৰাই ভবাৰদৰে কথাবোৰ ইমান সহজ হৈ নাথাকিল। নিজৰাৰ দেউতাকে খং কৰাৰ পিচদিনাৰ পৰাই ৰজত ঘৰত নাই ,উভতি আহিব আহিব বুলি ভাবি থাকোঁতেই কেইবামাহো পাৰ হৈ গ’ল । ৰজতৰ ক’তো একো খবৰ-খাতি নাপালে।সকলোতে খবৰ কৰিলে আনকি বাতৰি কাগজ, টি.ভিতো বিজ্ঞাপন দিলে । নিজৰাৰ ল’ৰা ৰাতুলৰ জন্ম হোৱাৰ খবৰ পৰ্যন্ত দিলে কিন্তু একোৱে কামত নিদিলে।

নিজৰা পগলাৰ নিচিনা হ’ল ।সকলোৱে বুজাই বঢ়াই ধৈৰ্য্য ধৰিবলৈ ক’লে।পাছলৈ নিজৰাৰ ৰজতৰ ওপৰত খং উঠিবলৈ ধৰিলে ।ৰজতৰ তাইৰ প্ৰতি কিমান ভাল পোৱা আছিল সেয়া তাই বুজি পালে।কথা এষাৰ নোকোৱাকৈ এনেকৈ আঁতৰি যাব লাগেনে!নিজৰাৰ একোতে মন নবহা হ’ল,আনকি তাই স্কুললৈ যাবলৈও বাদ দিলে।দেউতাকে খঙতে টানকৈ দুষাৰ কলেই বুলিয়েই ইমান ডাঙৰ সিদ্ধান্ত এটা ল’ব লাগেনে!

ৰাতুল ডাঙৰ হৈ অহাৰ লগে লগে দেখাত সাইলাখ দেউতাকৰ চেহেৰাৰ হৈ পৰিছে।ৰাতুলক লৈয়ে জীয়াই থকাৰ সিদ্ধান্ত এটা ল’লে নিজৰাই।বিয়াৰ প্ৰথম ৰাতি অৰ্থাৎ সিহঁতৰ ফুলশয্যাৰ নিশা ৰজতে নিজৰাক নিজ হাতেৰে এই সৰু লকেট থকা চেইনডাল ডিঙিত পিন্ধাই দিছিল ,আৰু কৈছিল-  

“জানা নিজৰা এই সৰু চেইনডালেই আমাৰ যুগ্ম জীৱনৰ মৰমৰ চিন।গতিকে এই চেইন ডাল কেতিয়াও নিজৰ পৰা আঁতৰ নকৰিবা।এই চেইনডাল তোমাৰ লগত থাকিলে মই তোমাৰ ওচৰতে আছোঁ বুলি ভাৱিব পাৰা।”

ৰজতে কোৱাৰদৰে নিজৰাই ৰজত নথকা সময়খিনিত এই চেইনডালৰ লগতে মনৰ কথা পাতি কিমান সময় যে পাৰ কৰিছে তাৰ ঠিক নাই !আজি সেই চেইনডাল চুৰি হোৱাত নিজৰাৰ সৰ্বস্ব শেষ হৈ যোাৱাৰ দৰে লাগিল।আজিৰপৰা তাই আজৰি সময়ত কাৰ সৈতে কথা পাতি সময় নিয়াব!

ৰজতে তাইক বিয়া পাতিলে যদিও সি যেন তাইৰ ভৰিৰ বগা দাগ ডোখৰ সহজভাৱে ল’ব পৰা নাছিল।নহ’লেনো ইমান এটা সৰু কথাতে তাইৰ সকলো মৰম- স্নেহ জলাঞ্জলি দি তাইৰপৰা আঁতৰি যায়নে!

মাকৰ নিচিনাকৈ ৰজতৰো যেন তাইৰ এই বগা দাগ ডোখৰৰ কাৰণে সমাজৰ প্ৰতি ভয় সোমাই গৈছিল জানোচা তাই কাৰোবাৰ সমালোচনাৰ সন্মুখীন হয়।

 

Leave a Reply

Your email address will not be published. Required fields are marked *