কাতি বিহু: লোকবিশ্বাস আৰু বৈজ্ঞানিক দৃষ্টিভংগী-সমীৰণ শৰ্মা
আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। কাতি বিহুৰ দিনা সমগ্ৰ অসমীয়াই তুলসী গছৰ পুলি ৰোৱে আৰু গধূলি সেই তুলসীজোপাৰ তলত চাকি-বন্তি জ্বলায়। আচলতে ঘৰে ঘৰে ৰোৱা সেই তুলসীজোপাৰ তলত গোটেই মাহ জুৰি চাকি-বন্তি জ্বলায়। কাতি বিহুৰ দিনাৰপৰা আকাশ বন্তিও জ্বলায় যাতে আকাশ বন্তিয়ে সমগ্ৰ অঞ্চল আলোকিত কৰি ৰোগ ব্যাধি নিবাৰণ কৰাৰ লগতে শস্য অনিষ্টকাৰী পোক-পৰুৱাবাৰ নাশ কৰে। ইয়াৰ উপৰি ধনৰ অধিষ্ঠাত্ৰী লক্ষ্মী দেৱীৰ স্তুতিৰ অর্থে কাতিবিহুৰ দিনা ভঁৰাল আৰু শস্য ক্ষেত্ৰত চাকি বন্তি জ্বলায় যাতে লক্ষ্মী দেৱী সন্তুষ্ট হয় আৰু শস্যৰে ভঁৰাল নদন-বদন হৈ থাকে। কাতি বিহুক ‘কঙালী বিহু’ বুলিও কোৱা হয়।
যিটো সময়ত কৃষকে সেউজীয়া দলিচাৰে ফুল গুঠাৰ ফলত শস্যৰে ধৰাৰ বুকু উপচি পৰা দেখি তেওঁলোকৰ অন্তৰত আশাৰ ৰেঙনি জাগি উঠে, ঠিক সেই সময়ত পালনীয় কিছু নীতি-নিয়ম আমাৰ সমাজত আজি পাহৰণিৰ গৰ্ভত। আজিৰ একাংশ নৱপ্ৰজন্মই কাতি বিহুক বিহু বুলি চিনাকি দিবলৈ লাজ কৰে। আচলতে মানুহে অকল যে কাতি বিহুৰ আনন্দ উপভোগেই পাহৰি গৈছে তেনে নহয়, বহাগ বিহু আৰু মাঘ বিহু উৎযাপনৰ পৰাও একাংশই নৱ প্ৰজন্ম দূৰত অৱস্থান কৰা পৰিলক্ষিত হয়। কিন্তু তাৰ বিপৰীতে একাংশ অসমীয়াই কাতি বিহু আজিও বহু আন্তৰিকাৰে উদযাপন কৰে। তেওঁলোকে উদ্যাপন কৰা এই বিহুৰ মাজতে লুকাই থাকে কিছু বৈজ্ঞানিক দৃষ্টিভাগী। কাতি বিহু উদ্যাপন কৰা সময়ৰপৰা পথাৰত চপোৱা শস্যক্ষেত্ৰৰ ধানবোৰে গেৰ ধৰি উঠে আৰু এই সময়তে পথাৰতে হওক বা ঘৰতেই হওক আমি পোক-পতংগবোৰ দেখিবলৈ পাওঁ। আমাৰ মানুহৰ মনত এক ভয় থাকে যে সেই ধানবোৰত পোকে ধৰিব আৰু শস্যক্ষেত্র নষ্ট কৰিব। সেইবাবে সকলোৱে কাতি বিহুৰ দিনাৰপৰা শস্য পথাৰত চাকি জ্বলায় আৰু আকাশবন্তিও জ্বলায় যাতে শস্যক্ষেত্ৰ পোক-পৰুৱাৰ পৰা সুৰক্ষিত হৈ থাকে।
ইয়াৰোপৰি কাতি বিহুত আমি ঘৰে ঘৰে ৰোপন কৰা ‘তুলসী বৃক্ষ’ বিভিন্ন ব্যাধিনাশক।তুলসী গছ থকা ঘৰ একোখনৰ চাৰিওকাষৰ বায়ু নিৰ্মল হৈ থকাৰ লগতে এনে অঞ্চলত কিছুমান বেমাৰৰ বীজাণু প্ৰৱেশ কৰা অসম্ভৱ।পুৰাণত অসুৰ পত্নী বৃন্দা কিদৰে পবিত্ৰ তুলসী বৃক্ষলৈ পৰিবৰ্তন হৈছিল,সেই সম্পৰ্কে এক মনোৰম কাহিনী উল্লেখ আছে।এই কাহিনীমতে নাৰায়ণৰ আশীৰ্বাদ অনুসৰি তুলসী বৃক্ষ সদা পবিত্ৰ আৰু স্বাস্থ্যবৰ্দ্ধক হৈ থাকিব। ইয়াৰোপৰি তুলসী বৃক্ষৰ ঔষধি গুণো সৰ্বজনবিদিত।
এয়াই হৈছে কাতি বিহুৰ লগত জড়িত বৈজ্ঞানিক দৃষ্টিভংগী।
বিহু অসমীয়াৰ বাপতি সাহোন। এই বিহুক বিশ্ব দৰবাৰলৈ আমিয়েই আগুৱাই নিব লাগিব আৰু তাৰ বাবে অসমীয়াই বিহুক প্ৰথমে নিজে আদৰি ল’ব লাগিব। কোনো অসমীয়াই যেন বিহু আৰু ইয়াৰ স্বকীয়তাক পাহৰি নাযায় আৰু এনে কৰা উচিতো নহয়।