চেমখৰ-ৰাজীৱ মহন্ত

২৩ বছৰৰ আগৰ কথা৷ ২০০০ চনতে চেমখৰলৈ গৈছিলো৷ তেতিয়া চেমখৰত দেখা, আমাক লৈ যোৱাসকলৰ মুখেৰে শুনা চেমখৰৰ পৰম্পৰাৰ লগতে যাত্ৰাপথত সন্মুখীন হোৱা পৰিস্থিতিৰ বিষয়ে কিছুদিন পূৰ্বে ‘আমাৰ অসম’ কাকত আৰু ফেচবুকত লিখিছিলো৷ এইকেইদিন চেমখৰক লৈ যথেষ্ট চৰ্চা চলিছে৷ এজন বন্ধুৰ অনুৰোধত পুনৰ লেখাটো দিলো৷

_________________________________________________

                                    (১)

—‘তালৈ আপোনালোক নাযাব! বিপদত পৰিব। খোজেৰে কেইবাঘন্টাৰো বাট। পাহাৰৰ লুংলুঙীয়া পথবোৰ বৰ ভয়ংকৰ। দুয়োকাষৰ গছবোৰে ঢাকি ৰখা পথবোৰ সুৰংগৰ দৰে।দিনতে এন্ধাৰ।গছৰ ডালবোৰত থোপা-থোপে ওলমি থাকে জোক। মানুহৰ গোন্ধ পালেই জাকপাতি জোকে আক্ৰমণ কৰে। বৰ ভয়ানক এই জোকবোৰ। আন বনৰীয়া জন্তুৰো আক্ৰমণৰ সন্মুখীন হ’ব পাৰে। গতিকে তালৈ যোৱাৰ চিন্তা বাদ দিয়ক। আপোনালোক উভতি যাওক।’—

চেমখৰ বস্তিলৈ আমি যাবলৈ ওলোৱাৰ কথা শুনি নগা যুৱকজনে এইদৰে ভয়ংকৰ বৰ্ণনাৰে বাধা দিয়াৰ চেষ্টা কৰিলে। এখন দোকানৰ গৰাকী তেওঁ। চাহ-তামোলৰ দোকানখন লাইচং বজাৰৰ সন্মুখতে। কথা প্ৰসংগত যুৱকজনে জনালে তেওঁৰ জন্মও সেই সৰু পাহাৰীয়া ঠাইটুকুৰাতে। বয়স ২৭-২৮ বছৰমান।

: আপুনি কেতিয়াবা তালৈ গৈছেনে?- মই প্ৰশ্ন কৰিলো তেওঁক।

:চেমখৰলৈ? – উচপ খাই প্ৰশ্ন কৰিলে যুৱকজনে।

: নাই নাই, তালৈ যাব নোৱাৰি। বাট-পথৰ কথাতো বাদেই দিয়ক! তাৰ মানুহবোৰো বৰ ভয়ংকৰ। সিহঁত যেন মানুহ নহয়! বাহিৰৰ মানুহ দেখিলেই আক্ৰমণ কৰিব বিচাৰে। সিহঁতে নিবিচাৰে চেমখৰলৈ বাহিৰৰ মানুহ যোৱাটো। চেমখৰৰ মানুহখিনিয়ে নিজৰ মতে থাকিব খোজে।

একে উশাহতে কথাকেইষাৰ কৈ যুৱকজন ভিতৰলৈ গ’ল কিবা এটা আনিবলৈ।

: দাদা, বাদ দিয়ক নহ’লে! –

এইবাৰ আমাৰ সৈতে গুৱাহাটীৰ পৰা যোৱা গাড়ী চালকজনেও বাধা দিয়াৰ চেষ্টা চলালে। সিও বিচাৰিছে আমি যাতে চেমখৰলৈ যোৱাৰ সিদ্ধান্ত বাতিল কৰোঁ।

লাইচং বজাৰ। তেতিয়াৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলা আৰু এতিয়াৰ ডিমা হাছাও জিলাৰ এটি সৰু পাহাৰীয়া অঞ্চল। চৌদিশে পাহাৰৰ মাজৰ অকণমান সমতল ভূমি। নগা বসতিপ্ৰধান এই ঠাইটুকুৰাতে মঙলবাৰে মঙলবাৰে হাট, মানে বজাৰ বহে। লাইচঙত আছে কেইখনমান সৰু সৰু দোকানো। লাইচং বজাৰলৈ আহে ওচৰ-পাঁজৰৰ বিভিন্ন ঠাইৰ লোক। তালৈ বজাৰ কৰিবলৈ আহে চেমখৰৰো নিৰ্দিষ্ট কেইজনমান লোক। তেওঁলোকেই সকলোৰে বাবে বজাৰৰপৰা লৈ যায় প্ৰয়োজনীয় সামগ্ৰী।

২০০০ চনৰ ২২ মে’ৰ দুপৰীয়া। দুখন জিপছী আৰু এখন টাটা চুম’ গাড়ীৰে গৈ আমি উপস্থিত হৈছিলো সেই লাইচং বজাৰত। কিনকিনীয়া বৰষুণৰ বতৰ। হাফলঙৰপৰা

লাইচঙলৈ তেতিয়া প্ৰায় ৩ ঘন্টাৰ বাট। দুপৰীয়া লাইচঙত উপস্থিত হোৱাৰ সময়ত আমাক ভোকে-পিয়াহে জুমুৰি দি ধৰিছিল। কিন্তু তেতিয়া তাত নাছিল কোনো ভাতৰ হোটেল। অৱশ্যে সকলো ব্যৱস্থা ততালিকে কৰি পেলালে আমাৰ সৈতে যোৱা এ.এছ.ডি ছি.ৰ নেতা জ্যোতিৰ্ময় খেৰছাই (সাংবাদিক ভাতৃপ্ৰতিম দিগন্ত দাসৰ মুখেৰে দুদিনমান পূৰ্বে শুনা মতে কিছুবছৰ পূৰ্বে জ্যোতিৰ্ময় খেৰছাৰ মৃত্যু হৈছে)।

নগা মানুহ এঘৰত কৰা হ’ল ৰন্ধা-বঢ়াৰ ব্যৱস্থা।চাউল, কণী, দাইল কিনি নিজেই ৰন্ধাত লাগিল জ্যোতিৰ্ময় আৰু তেওঁৰ লগত যোৱা এ.এছ.ডি.চি.ৰ সদস্যকেইজন। ভাত হোৱালৈ তেতিয়াও বহু সময় বাকী। আমাৰ বিশেষ কাম নাছিল। ইফালৰপৰা সিফালে ঘূৰি আমি চাবলৈ ধৰিলো দোকানৰ সন্মুখত বহি নগা গাভৰুৱে কাপোৰ বোৱাৰ বিৰল দৃশ্য। উত্‍পল বৰুৱা আৰু মনোজ ডেকাই নগা গাভৰুৰ কাপোৰ বোৱাৰ দৃশ্য বন্দী কৰিলে নিজ নিজ কেমেৰাত।সমান্তৰালভাৱে চেমখৰৰ বিষয়ে জানিবলৈ আমি কাষ চাপিলো বিভিন্নজনৰ।চেমখৰলৈ কেতিয়াবা গৈছেনে, তাৰ মানুহখিনি আচলতে কেনেকুৱা জানিবলৈ প্ৰশ্ন কৰিলো বিভিন্নজনক। আমাৰ চেমখৰলৈ যোৱাৰ কথা নাছিল। চেমখৰৰ নামটোও শুনা নাছিলো ২১মে’ৰ নিশালৈকে। আমি গুৱাহাটীৰপৰা এটা সাংবাদিকৰ দল গৈছিলো হাফলঙলৈ। তেতিয়া মই ‘আমাৰ অসম’ কাকতৰ ষ্টাফ ৰিপ’ৰ্টাৰ। হাফলঙৰ সাংবাদিক দিগন্ত দাসৰ অনুৰোধ আৰু এ.এছ.ডি.চি.ৰ আমন্ত্ৰণত ২০ মে’ৰ নিশা উপস্থিত হৈছিলো হাফলঙত। এতিয়াও মনত আছে, নিশা লঘোনে-ভোকে পুল এটাত বহি আমাৰ বাবে অপেক্ষা কৰিছিল দিগন্তই। আমি আছিলো হাফলং চাৰ্কিট হাউছত। ২১ মে’ৰ নিশা কথা পাতি থাকোঁতে উত্তৰ কাছাৰৰ উপায়ুক্ত তনু সিঙৰ মুখত প্ৰথম শুনিছিলো চেমখৰ নামটো।

: আপোনালোক আহিছে যেতিয়া চেমখৰৰ পৰা আহকগৈ এবাৰ। গাঁওখন চাই যাওক। চেমখৰৰ মানুহখিনি এতিয়াও আদিম অৱস্থাতে আছে। আধুনিক সভ্যতাৰ কোনো পৰশ পৰা নাই এই গাঁওখনত। দুৰ্ভাগ্য যে মই D.C হৈ থাকিও তালৈ যাব পৰা নাই। আচলতে

ছিকিউৰিটী লৈ গ’লে মানুহখিনিয়ে সহজভাৱে নল’ব বুলিয়েই মই যোৱা নাই চেমখৰলৈ। মানুহখিনিক অশান্ত কৰাৰ ইচ্ছা মোৰ নাই। কিন্তু আপোনালোকে পাৰিলে এবাৰ গৈ আহক।অৱশ্যে তালৈ যোৱাটো বৰ কষ্টসাধ্য হ’ব আপোনালোকৰ বাবে। – ক’লে উপায়ুক্ত সিঙে।

উপায়ুক্তৰ মুখত এই বৰ্ণনা শুনাৰ পিছত মনতো যেন উৰা মাৰিলে চেমখৰলৈ।

চেমখৰ গাঁওখননো কেনেকুৱা হ’ব ভাবিবলৈ ধৰিলো মনতে। কেতিয়াও নেদেখা, নজনা গাঁওখন চাবলৈ মনতো ব্যাকুল হৈ পৰিল। নিশাই মেম্বাৰ ল’জলৈ গৈ জ্যোতিৰ্ময় খেৰছাক চেমখৰলৈ যোৱাৰ প্ৰস্তাৱ দিলো। তেওঁ তেতিয়া ক’লে, আমাক চেমখৰলৈ নিয়াৰ ব্যৱস্থা ইতিমধ্যেই কৰি থোৱা হৈছে। মনটো আনন্দত ভৰি পৰিল। এনেদৰেই চূড়ান্ত হৈছিল আমাৰ চেমখৰ যাত্ৰা।সেয়ে চেমখৰক আৰু অধিক জানিবলৈ লাইচঙত আমি কাষ চাপিছিলো বিভিন্নজনৰ। কিন্তু কোনেও আমাক চেমখৰ সন্দৰ্ভত স্পষ্টকৈ একো জনাব নোৱাৰিলে। আচলতে লাইচঙত লগ পোৱা কোনো এজনেও কাহানিও যোৱা নাছিল চেমখৰলৈ। তেওঁলোকৰ মনত চেমখৰৰ প্ৰতি আছিল প্ৰচণ্ড ঘৃণা। আছিল সংশয়ো। এজনে ক’লে, ৮ বছৰমান আগতে আমি দুজনমান এবাৰ গৈছিলো চেমখৰলৈ।

তেতিয়া খৰালি। জোকৰ আক্ৰমণ নাছিল। কিন্তু চেমখৰলৈ গৈ আমি কাকো নেদেখিলো, লগ নাপালো। আমাক দেখি ঘৰৰ ভিতৰত সোমাই থাকিল সকলো। আমাৰ ভাষা বুজি পোৱাৰ বাবে অৱশ্যে আমাক একো নকৰিলে।

তেনেতে এজন নগা যুৱক আগবাঢ়ি আহিল আমাৰ ওচৰলৈ। ভাবিলো, এওঁ নিশ্চয় চেমখৰৰ বিষয়ে জানিব। কিন্তু তেওঁৰো একেই মন্তব্য- ‘আপোনালোকে কিয় নিজৰ বিপদ মাতিব বিচাৰিছে? এতিয়া ইয়াৰপৰা গ’লে সেই ঠাই পাওঁতে ৰাতি ১২ বাজিব। ১২ বজাতো নাপাবগৈ পাৰে।’

ঠিকেই, ঘড়ীৰ কাটা এতিয়া আঢ়ৈৰ ঘৰত। ল’ৰালৰিকৈ খেৰছাহঁতৰ ওচৰ পালো। ইতিমধ্যে আমাৰ খাদ্য সাজু হৈছিল। শুকান মাছৰ চাটনি, কণী সিজোৱা, দাইল আৰু ভাত। লগতে শুকান মাছৰ তৰকাৰী। পাহাৰীয়া অঞ্চলৰ জনপ্ৰিয় খাদ্য। এই খাদ্যৰেই খেৰছাহঁতে আমাক আপ্যায়ন কৰিলে। খাই-বৈ উঠি আমি সাজু হ’লো চেমখৰ যাত্ৰাৰ বাবে।…….

                                   (২)

জিনাম নৈৰ পাৰে পাৰে এটা লুংলুঙীয়া পাহাৰীয়া পথ। ক্ৰমান্বয়ে পাহাৰৰ ওপৰলৈ উঠি গৈছে পথটো। সেই পথেৰেই আমাৰ যাত্ৰা আৰম্ভ হ’ল- লক্ষ্যস্থান চেমখৰ।

এখন হাতত ছাতি, আনখন হাতত এটা টৰ্চ লাইট আৰু কঁকালত দুখন খুকুৰি লৈ দলটোৰ একেবাৰে আগত ডি ডাওবে। তেওঁ আছিল আমাৰ চেমখৰ যাত্ৰাৰ গাইড। ডাওবেৰ ঠিক পিছতেই আনজন গাইড ডিদানিনে ঝেমে।আমি অতি খৰ খোজেৰে আগবাঢ়িবলৈ ধৰিলো। যিমানেই আগবাঢ়িলো, সিমানেই ক্ষীণ হৈ আহিবলৈ ধৰিলে জিনাম নৈৰ শব্দ। থিয় পাহাৰটোৰ কাষেৰে যোৱা পথটোৰ পৰা এটা সময়ত জিনাম নৈখন এটা সৰু নিজৰাৰ দৰেই লাগিল। কাৰণ আমি যিমানেই আগবাঢ়িলোঁ, আমাৰ পৰা নদীখনৰ দূৰত্বও সিমানেই বাঢ়ি যাবলৈ ধৰিলে।অচিন চৰাইৰ কলৰৱ, জিলিৰ মাত- যাত্ৰাপথত এক অনন্য পৰিৱেশ। আমাৰ মনবোৰ ভৰি

পৰিল সেই পৰিৱেশত।গুৱাহাটী মহানগৰীৰ কংক্ৰিটৰ অৰণ্যৰপৰা গৈ  সঁচা অৰণ্যৰ এই পৰিৱেশে আমাক বাৰুকৈয়ে আকৰ্ষিত কৰিলে। নিজকে কোনো উপন্যাসৰ চৰিত্ৰৰ দৰেই লাগিল! এই পৰিৱেশ দেখি মনলৈ ভাৱ আহিল, মানুহবোৰে আমাক মিছাকৈয়ে ভয় খুৱাইছিল! ক’তা, ক’তোচোন জোক এডালো দেখিবলৈ নাই!আগুৱাই গৈ গৈ এটা সময়ত এখন কমলাৰ বাগিচা পালো। তেতিয়া আমি ক্ৰমান্বয়ে পাহাৰৰপৰা তললৈ নামিবলৈ আৰম্ভ কৰিছিলো। যাত্ৰাপথত উত্‍পলদা আৰু মনোজে তুলি গৈছিল ইখনৰ পিছত সিখনকৈ ফটো। উত্‍পলদাই জিনাম নৈৰ কিছু দৃশ্য মুভী কেমেৰাতো বন্দী কৰিলে। কমলাৰ বাগিছাখন পাৰ হ’লো।তাৰ পিছত আৰু কিছু সময়। কিছু আগবঢ়াৰ পিছত দেখিলো সন্মুখত আমাৰ যাত্ৰাপথৰ লগৰী পাহাৰী কন্যা জিনাম। খৰস্ৰোতা জিনামত মিলি গৈছে আমি যোৱা পথটো। আমাৰ সৈতে যোৱা গাইড ডি ডাওবেৱে ক’লে-

: ‘জোতা-চেণ্ডেলবোৰ খুলি লওক’।

সকলোৱে জোতা খুলি সাজু হ’ল। মোৰ কিন্তু বিশেষ অসুবিধা নহ’ল। ভৰিত থকা চেণ্ডেলযোৰ হাতত লৈ ভৰি দিলো জিনামৰ বুকুত। খৰস্ৰোতা জিনামৰ পানী অত্যন্ত চেঁচা। নদীৰ বুকুৰ শিলবোৰ অত্যন্ত পিছল। খোপনি পুতি লাহে লাহে আগবাঢ়িলো। মোৰ সৈতে একেলগে আগবাঢ়িল মনোজ, মহানন, জ্যোতিৰ্ময় খেৰছা। সহযাত্ৰী এল ৰালচান, হিটমা চাকি, সূৰ্য থাওচেন, উত্‍পলদা আছিল আমাতকৈ বহু পিছত। নৈখনৰ সিপাৰ পাবলৈ তেতিয়া মাথোঁ কেইফুটমান বাকী। হঠাত্‍ মোৰ বাওঁ ভৰিখন দুটা শিলৰ মাজত আবদ্ধ হৈ পৰিল। বহু চেষ্টা কৰিও ভৰিখন মুক্ত কৰিব পৰা নাই। অজান আশংকাত মোৰ বুকুখন কঁপি উঠিল। কি কৰা যায়? কেনেকৈ শিলৰ ফাঁকৰ পৰা উলিয়াম ভৰিখন! কি কৰিম, কি নকৰিম ভাবি ওচৰতে গছৰ ডাল এটা দেখি শিলদুটাৰ মাজত সুমুৱাই হেঁচি দিলো। কেনেবাকৈ মুক্ত হ’ল দুটা শিলে আঁকোৱালি ধৰা ভৰিখন। লৰালৰিকৈ আহি পাৰ পালোহি।পাৰ পাইহে মন কৰিলো, সন্মুখত কোনো পথ নাই। পাৰত ৰৈ থকা ডাওবেক সুধিলো-

: এতিয়া কেনি যাম?

: সেইফালে…

সি আঙুলিৰে ইংগিত দিলে। সেইফালে চাই দেখিলো, গছ-বনে আৱৰি ৰখা এটা লুংলুঙীয়া বাট। ঠিক সুৰংগৰ দৰেই। এন্ধাৰে আৱৰি ৰাখিছে বাটটো। গছ-লতাই আৱৰি ৰখা পথটো দেখিয়েই লাইচঙত শুনা কথাবোৰ মনত ভাহি উঠিল। জোকৰ আক্ৰমণৰপৰা নিজকে ৰক্ষা কৰিবলৈ সাজু হ’লো।ইতিমধ্যে উত্‍পলদাহঁতো আহি পালে। উকি এটা মাৰি ডাওবেই পুনৰ যাত্ৰা আৰম্ভ

কৰিলে। আমিও পিছ ল’লো তেওঁৰ। জোকৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ মূৰত গামোচা এখন মেৰিয়াই ছাতিটো মেলি ল’লো। কিন্তু ইমান সতৰ্কতাৰ পিছতো জোকৰ আক্ৰমণৰ পৰা ৰক্ষা নাপালো। হঠাত্‍ দেখিলো, মোৰ সোঁ ভৰিত দুডাল জোক। থু লগাই জোক দুটা আঁতৰাই আগবাঢ়িবলৈ লওঁতেই দেখিলো ইখন ভৰিতো এটা জোক লাগি আছে। সেইডালো এৰুৱাই একপ্ৰকাৰ দৌৰি দৌৰি আগবাঢ়িলো। কেইবাডালো জোকৰ পৰা নিজকে বচাই এটা সময়ত সুৰংগসদৃশ পথটো অতিক্ৰম কৰি এখন মুকলি পথাৰ পালোগৈ। পথাৰখনত উপস্থিত হৈ সকলোৱে নিজৰ গা-বোৰ পৰীক্ষা কৰি ল’লো। প্ৰায় সকলোৰে গাতে এডাল নহয় এডাল জোক। সকলোৱে থু লগাই জোকবোৰ আঁতৰাই ল’লে।এইবাৰ মুকলি পথাৰৰ মাজেৰে আৰম্ভ হ’ল আমাৰ যাত্ৰা। ইতিমধ্যে কিনকিনিয়া বৰষুণজাক লাহে লাহে টান হ’বলৈ আৰম্ভ কৰিছিল। দূৰৈত পথাৰৰ মাজত এটা জুপুৰি দেখি আমি সকলো সেইফালে দৌৰিলো। জুপুৰীটো পাওঁ পাওঁ মানে সকলো তিতি জুৰুলি-জুপুৰি হ’ল। অৱশ্যে ছাতি থকাৰ বাবে মই, ডাওবে আৰু খেৰছা কিছু পৰিমাণে ৰক্ষা পৰিলো।

জুপুৰীটোৰ ভিতৰত এখন চাং। এটা চৌকা আৰু কেইটামান বাঁহৰ চুঙা। ভিতৰত সোমাই চাংখনত বহি পৰিলো আমি। ডাওবে লগত নিয়া দিয়াচলাইৰে খেৰ, বন গোটাই চৌকাত জুই ধৰিলে আৰু বাহিৰৰপৰা এটা চুঙাত পানী আনি গৰম কৰিলে। অলপ সময় পিছতে পানী গৰম হ’ল। জুপুৰীটোত থকা গিলাচৰদৰে বাঁহৰ চুঙাবোৰত গৰম পানী ভৰাই ডাওবেয়ে আমালৈ আগবঢ়াই দিলে। আমি অমৃতৰদৰেই সেই পানী খাই পিয়াহ নিবাৰণ কৰিলো। এন্ধাৰ হ’বলৈ তেতিয়া আৰু বেছি সময় নাছিল। ইতিমধ্যে বৰষুণজাক এৰিছিল।

:দেৰি নকৰিব, ব’লক-

ডাওবেয়ে ক’লে।

আকৌ আৰম্ভ হ’ল আমাৰ যাত্ৰা। একেই পাহাৰীয়া পথ। মাজে মাজে সুৰংগসদৃশ পথ‍, গছ-লতাই আৱৰা । চলি থাকিল জোকৰ আক্ৰমণো। জোকবোৰ এৰুৱাই এৰুৱাই আগবাঢ়িলো চেমখৰ অভিমুখে।

যাত্ৰাপথত মুঠ ৮ বাৰ পাৰ হ’বলগীয়া হ’ল জিনাম নৈ। যিমানেই আগবাঢ়িলো, সিমানেই পোহৰ কমি আহিবলৈ ধৰিলে। এটা সময়ত এন্ধাৰে আৱৰি ধৰিলে চৌদিশ। তথাপিও চেমখৰ নাপাওঁহে নাপাওঁ!

: আৰু কিমান দূৰ বাকী?

ভাৰাক্ৰান্ত হৈ পৰা জ্যোতিৰ্ময় খেৰছাই প্ৰশ্ন কৰিলে

ডাওবেক।

: আৰু দুঘণ্টামান লাগিব। –

ডাওবেৰ চমু উত্তৰ।

এটা সময়ত আমাৰ হাতত থকা টৰ্ছবোৰ উলিয়াই ল’ব লগা হ’ল। পাহাৰীয়া পথ। গছ-বনেৰে আৱৰা পথবোৰ দিনতে এন্ধাৰ। টৰ্ছ জ্বলাই খুপি খুপি আগবাঢ়িলো আমি। কিন্তু সমস্যা হ’ল মহাননক লৈ। মহানন কুকুৰীকণা। সন্ধিয়াৰ পিছত চকুৰে নেদেখা মহাননক ধৰি ধৰি আগবাঢ়িল ডাওবে। থিয় পাহাৰীয়া পথ,ইতিমধ্যে বৰষুণৰ পানী পৰি পথবোৰ পিচল হৈ পৰিছিল।চেমখৰ গাঁৱলৈ তেতিয়া আৰু কিছু দূৰ বাকী। আমাৰ অৱৰোহণ আৰম্ভ হ’ল।

: টৰ্ছবোৰ নুমুৱাই লওঁক। সিহঁতে ভয় খাব পাৰে।’ ক’লে ডাওবেয়ে।

আকৌ এক সমস্যা। টৰ্ছৰ পোহৰতে আগবাঢ়িব নোৱাৰা পথেৰে এইবাৰ আমি যাবলগীয়া হ’ল এন্ধাৰে এন্ধাৰে। হঠাত্‍ পিছফালে এটা শব্দ শুনা পালো। কোনোবা পৰাৰ শব্দ। কেঁকনি এটাও ভাঁহি আহিল। লগে লগে আমি ৰৈ যাবলৈ বাধ্য হ’লো। খেৰছাই ভয়ে ভয়ে পিছলৈ টৰ্ছ মাৰিলে। দেখা পালো উত্পল বৰুৱা পৰি আছে। আমি সকলো আগবাঢ়ি গ’লো।তেওঁৰ উঠিব নোৱৰা অৱস্থা। ভৰিৰ সৰু গাঁঠিত বেয়াকৈ দুখ পাইছে। আটায়ে উঠালো উৎপলদাক আৰু  ধৰি ধৰি আগবাঢ়িলো। এইদৰে আধাঘণ্টামান যোৱাৰ পাছতে হঠাত্‍ শুনিবলৈ পালো কুকুৰৰ ভুঁকভুকনি।

: হিন্দীত কথা নাপাতিব। চেমখৰ পালোহি।’- ক’লে ডাওবেয়ে।

ডাওবেয়ে আমাক তাতে এৰি আগুৱাই গ’ল। পাহাৰৰ নামনিৰ প্ৰথম ঘৰটোৰ ভিতৰত চিঞৰ-বাখৰ শুনিবলৈ পালো। ডাওবেয়ে আমি নুবুজা ভাষাত কিবা-কিবি কোৱাত চিঞৰ-বাখৰ নোহোৱা হ’ল। কিছু সময় পিচতে ডাওবে উভতি আহিল। এইবাৰ সি আমাক লৈ গ’ল এঘৰলৈ। এটা জুপুৰি ঘৰ। ডাওবে কিবা কোৱাত বাঁহৰ চুঙাত চাকিৰ দৰে শলিতাৰে জ্বলোৱা জোঁৰ লৈ মানুহ

এজন ওলাই আহিল। তেওঁ চেমখৰৰ  মুজাৰি(মৌজাদাৰ)। ডাওবেয়ে তেওঁৰ লগত

কিবা-কিবি কথা পাতিলে। খেৰছায়ো কিবা-কিবি ক’লে। ইতিমধ্যে ঘৰখনত আহি আন কেইবাজনো লোক গোট খাইছিল। হঠাত্‍ চাকিৰ পোহৰত দেখিলো উৎপলদাৰ  খাকী পেণ্টটোৰ প্ৰায় আধা অংশ তিতি

গৈছে তেজেৰে।

: উৎপলদা জোক। –

কথাষাৰ কোৱাৰ লগে লগে সকলো সতৰ্ক হৈ পৰিল।

সকলোৱে নিজক পৰীক্ষা কৰাত লাগি গ’ল। মহাননৰ চোলাটোতো দেখিলো তেজৰ চেঁকুৰা।তেওঁ চোলাটো লৰালৰিকৈ খুলি দিলে। গাত ৮ডাল মান জোক লাগি আছে। আমাৰ লগত যোৱা হাফলঙৰ মানুহকেইজন মহাননক লৈ ব্যস্ত হৈ পৰিল। এডাল এডালকৈ জোকবোৰ টানি টানি এৰুৱাই দিলে গাৰ পৰা। মহাননৰ গোটেই গাটো তেজেৰে ৰাঙলী হৈ পৰিল। বহু সময়লৈ বিৰিঙি থাকিল তেজ।

                                  (৩)

ৰাতি ক’ত থাকিম, খাম কি?-

হঠাত্‍ মোৰ মনলৈ আহিল এই প্ৰশ্ন। দীৰ্ঘ যাত্ৰাৰ অন্তত চেমখৰ পোৱাৰ পিছত ভাৰাক্ৰান্ত হৈ পৰিছিলো আমি। ভোকো লাগিছিল যথেষ্ট। সেয়ে কিবা এটা খাই যেনে- তেনে শুবলৈ মন গৈছিল।তেনেতে ডাওবেই মাত দিলে-

 : ব’লক।

: ক’লৈ যাম?- প্ৰশ্ন কৰিলো মই।

: মোৰ স’তে আহি থাকক।’-

কথাষাৰ কৈয়েই সি আগবাঢ়িল। পিছে পিছে আগবাঢ়িলো আমি।

পাহাৰৰ ওপৰত এটা এচলীয়া ঘৰ। সোমাই দেখিলো- এটা কোঠাৰ ঘৰটোত আছে কেইখনমান বেঞ্চ। দেখিয়েই ধাৰণা কৰিব পাৰিলো- কোঠাটো আন একো নহয়, এখন স্কুল। বহুদিন হয়তো স্কুললৈ কোনো অহা নাই! বেঞ্চবোৰ ধূলিৰে পোত খাই থকা দেখি অনুমান হ’ল। ভাবিলো, ইয়াতেই এই ধূলিৰে পোত খাই থকা বেঞ্চতে নিশাটো পাৰ কৰিব লাগিব!তেনেতে দেখিলো মাটিৰ এটা ডাঙৰ পাত্ৰ, দুটামান টোপোলা লৈ দুজনমান মানুহ সোমাই আহিছে। এজনৰ হাতত অলপ খৰি। নিশ্চিত হ’লো- সেয়া আমাৰ নিশাৰ খাদ্যৰ যোগাৰ। এইবাৰ এটা পাত্ৰত পানী লৈ সোমাই আহিল আন দুজন লোক।খাদ্য সামগ্ৰীখিনি অহাৰ পিছতে খেৰছা-ডাওবে আৰু অন্যান্য কেইজন ব্যস্ত হৈ পৰিল  ৰন্ধা-বঢ়াত। ইমান দূৰ খোজ-কঢ়াৰ পিছতো যে তেওঁলোকৰ ৰন্ধা-বঢ়া কৰিবলৈ ধৈৰ্য আছে, ভাবিয়েই আচৰিত লাগিল।প্ৰায় এঘন্টামানৰ ভিতৰতে আমাৰ আহাৰ সাজু হ’ল। আহাৰ মানে, ভাত, নিমখ আৰু তেল-হালধী বিহীন শাক-পাতৰ এখন তৰকাৰী। এটা সময়ত গছৰ কেঁচা পাতত পৰিবেশন কৰা আহাৰ খাই বেঞ্চবোৰত আমি শুই পৰিলো। মই শিতানত গামোছাখন মেৰিয়াই ল’লো। কিন্তু ইমান ভাগৰৰ পিছতো মোৰ টোপনি নাহিল। নিশা শুনিবলৈ পালো বিভিন্ন অচিনাকি জীৱ-জন্তুৰ মাত। মাজে মাজে কোনো পক্ষীৰ কৰ্কশ মাতো ভাহি আহিল। ভগৱানক খাটিলো, নিশা যাতে বাহিৰলৈ যাবলগীয়া নহয়! এক অচিনাকি পৰিবেশত এনেকৈয়ে পাৰ হ’ল এটা উজাগৰী নিশা।

পুৱা পোহৰ হোৱাৰ লগে লগেই বাহিৰলৈ ওলাই প্ৰথমবাৰৰ বাবে দেখা পালো চেমখৰ গাঁওখন। নিশা এন্ধাৰত ঘৰবোৰ দেখা নাছিলো। ইটোৰ গাত সিটো লগাকৈ শাৰী শাৰীকৈ বাঁহ-খেৰেৰে নিৰ্মাণ কৰা হৈছে ঘৰবোৰ।  ঘৰবোৰ ক্ৰমান্বয়ে পাহাৰৰ নামনিলৈ নামি গৈছে। তেনেদৰে নিৰ্মাণ কৰা ঘৰ আগতে কাহানিও দেখা নাছিলো।

                                   (৪)

চেমখৰ বস্তি। প্ৰায় ছশ বছৰ পুৰণি এখন গাঁও। হাগজাও হাডিং পাহাৰৰ দাঁতিত অৱস্থিত গাঁওখনত তেতিয়ালৈকে পৰা নাছিল আধুনিক সভ্যতাৰ পোহৰ। প্ৰায় ২৩ বছৰৰ আগৰ কথা এয়া। চেমখৰবাসীয়ে তেতিয়াও নাজানে তেওঁলোক কোন দেশৰ নাগৰিক। কাহানিও শুনা নাই অসম বা ভাৰতৰ নাম। দেশ-ৰাজ্যৰ কথা কওঁতে আমাক ওলোটাই তেওঁলোকে প্ৰশ্ন কৰিছিল- ‘অসম মানে কি?’ ‘ভাৰত মানে কি?’

পুৱাই গাঁওখন চাবলৈ ওলাই গৈছিলো আমি। আমাৰ গাইড ডাওবে আছিল দোভাষী।কাৰণ তেওঁলোকে নিজৰ ভাষাৰ বাহিৰে আন একো বুজি নাপায়। গাঁওখনৰ মানুহখিনিক জনাৰ দুৰ্বাৰ ইচ্ছা আমাৰ! মানুহকেইজনৰ সৈতে ডাওবেৰ জৰিয়তে কথা পাতি থাকোঁতেই হঠাত্‍ আকাশেৰে পাৰ হৈ গ’ল এখন উৰাজাহাজ। লগে লগে মানুহকেইজনে সেৱা কৰিলে উৰাজাহাজখনক। কিয় উৰাজাহাজক এওঁলোকে সেৱা কৰিছে?- সুধিলো ডাওবেক। ডাওবেয়ে ক’লে- এওঁলোকে উৰাজাহাজক ভগৱান বুলি ভাবে এতিয়াও। কথাষাৰ শুনি আচৰিত যেন লাগিল। তেতিয়াও বৰ্হিজগতৰপৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন চেমখৰ। খোজেৰে মাইবাঙৰ পৰা ৮ ঘন্টা, লাইচঙৰ পৰা ৫ ঘন্টাৰ বাট চেমখৰলৈ। কোনো পথ যোগাযোগ নাই। অহা-যোৱা কৰিব লাগে পাহাৰীয়া লুংলুঙীয়া পথেৰে। গাঁৱৰ একাংশ নিৰ্দিষ্ট লোক এই পথেৰেই মাহত ৩ বা ৪ বাৰ নিমখ আৰু কেৰাচিন তেল কিনিবলৈ যায় মাইবাং বা লাইচঙলৈ। তেওঁলোকে চিনি নাপায় দালি, মিঠাতেল। নিজৰ খেতিৰ বাহিৰে আন কোনো সামগ্ৰী কিনি নাখায়। গাড়ী-মটৰ কেতিয়াও দেখা নাই চেমখৰৰ অধিকাংশ লোকে। গাঁওখনৰ ৯-১০জনমান মানুহেহে দেখিছে গাড়ী-মটৰ। লাইচং, মাইবঙৰপৰা গৈ এইসকল লোকে গাড়ী-মটৰৰ বৰ্ণনা কৰিলে সাধু শুনাৰ দৰেই গাঁওবাসী হৈ পৰে ৰোমাঞ্চিত। মাইবাং বা লাইচঙত লগ পোৱা মানুহখিনিৰ বাহিৰে আন মানুহক লগ পোৱাটো তেতিয়া আছিল তেওঁলোকৰ বাবে সপোনৰো অগোচৰ।বৰ্হিজগতৰ সৈতে সেয়াই তেওঁলোকৰ একমাত্ৰ সম্পৰ্ক। দুৰ্গম পথ অতিক্ৰমি চেমখৰবাসীৰ মনৰ কথা জানিবলৈ তেওঁলোকৰ কাষলৈ কোনো যাব নোখোজে। এক কথাত চেমখৰ তেতিয়া আছিল এক ‘গণ বিচ্ছিন্ন দ্বীপ’! পঢ়া-শুনাৰে নাই তেওঁলোকৰ কোনো সম্পৰ্ক। চেমখৰবাসী পৰিচালিত হয় নিজা শাসন ব্যৱস্থাৰে। মুজাৰী(মৌজাদাৰ), খুনাং(গাঁও প্রধান), দিলীক, ডাওলা খুৰাওক, মিস্ত্ৰী আদিয়ে পৰিচালনা কৰে চেমখৰ ভূ-খণ্ড। এইসকলেই বিচাৰ কৰে সকলো অভিযোগৰ। বিচাৰত দোষী প্ৰমাণিত হ’লে ভৰিব লাগে জৰিমনা। কাৰোবাৰ বাবে সেই জৰিমনা হ’ব পাৰে গাহৰি, কাৰোবাৰ বাবে হ’ব পাৰে ম’হ। দোষ যিমানেই গুৰুতৰ হয়, সিমানেই বেছি ভৰিব লাগে জৰিমনা।

চেমখৰৰ মহিলাসকলে দেহৰ ঊৰ্ধাংশত নিপিন্ধে কোনো কাপোৰ। অৱশ্যে বাহিৰা মানুহ দেখিলে তেওঁলোকে পিন্ধা একমাত্ৰ কাপোৰখনেৰেই ঊৰ্ধাংশ ঢাকি লোৱাটো পৰম্পৰা।

যিখন বিদ্যালয়ত আমি নিশা কটাইছিলো, সেই বিদ্যালয়খন স্থাপন কৰিছিল স্বায়ত্ত্ব শাসিত পৰিষদে। কিন্তু বিদ্যালয়খনত শিক্ষা ল’বলৈ নায়ায় চেমখৰৰ কোনো ল’ৰা-ছোৱালী। ২০২০ চনলৈকে তেওঁলোকে দেখা পোৱা নাছিল এশ টকীয়া নোট। ঝুম খেতিৰ পথাৰৰ বাহিৰে কেইজনমানক বাদ দি বাকীসকলে দেখা নাই আন কোনো ঠাই। চেমখৰ গাঁওখনত তেতিয়া মুঠ ২৯০ ঘৰ মানুহ। তেওঁলোকে কেৰাচিনেৰে আৰিয়া জ্বলাই পূজা কৰে নিজৰ উপাস্য দেৱতাক। কিন্তু উপাস্য দেৱতানো কোন সেই কথা কাকো জনাব নোখোজে তেওঁলোকে। যুৱকসকল ১৩-১৪ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হোৱাটো গাঁওখনৰ পৰম্পৰা। কিন্তু অন্য অঞ্চলৰ লোকৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰিব নোখোজে তেওঁলোকে। গাঁওখনৰ যুৱতীৰ সৈতে বিয়া পতাই তেওঁলোকৰ নিয়ম। যুৱতীসকলৰ বিয়া হয় পুষ্পিতা হোৱাৰ ঠিক পিছতেই। বিয়াৰ পিছতে পৰিয়ালৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰি আছুতীয়াকৈ ঘৰ সাজি থাকিবলৈ লয় যুৱকসকল। কোনো ক্ষেত্ৰতে পৰম্পৰা ভংগ হ’বলৈ নিদিয়ে চেমখৰবাসীয়ে।আমি যোৱাৰ কেইমাহমান পূৰ্বে স্বায়ত্ত্ব শাসিত পৰিষদে কেইঘৰমান মানুহক দিছিল টিনপাত। কিন্তু সেই টিনপাতেৰে ঘৰ সাজি চেমখৰৰ শাসকৰ ৰোষত পৰিবলগীয়া হয় মানুহকেইজন।বিচাৰত তেওঁলোকক দোষী সাব্যস্ত কৰি বিহা হৈছিল জৰিমনা। এয়াই আছিল তেতিয়াৰ চেমখৰৰ পৰিৱেশ। লোকবিশ্বাস মতে, ডিমাচা ৰজাই স্থাপন কৰিছিল এইখন গাঁও। প্ৰথমে তেওঁলোকক ৰজাই সংস্থাপিত কৰিছিল ফ্ৰাচা ডিমডিক নামৰ ঠাইটুকুৰাত। তাৰ পিছত স্থানান্তৰ কৰা হয় ডিহাৰাঙলৈ। ডিহাৰাঙৰ পৰা বনফুৰচা হামৰিঙলৈ। পিছত সেই অঞ্চলৰপৰা ডিমাচা ৰজাই নিক্ষেপ কৰা কাঁড় আহি পৰিছিল হাগজাও হাডিঙৰ নামনিৰ চেমখৰত। চেমখৰবাসীৰ বিশ্বাস সেই সময়তে ৰজাই তেওঁলোকক সেই ঠাই নেৰিবলৈ সঁকিয়াই গৈছিল। ঠাই সলনি কৰিলে ভয়ংকৰ বিপদ আহিব বুলিও কৈছিল। সেই লোকবিশ্বাসকে খামুচি ধৰি চেমখৰবাসীয়ে এৰা নাই হাগজাও হাডিঙৰ নামনিৰ এই অঞ্চল। সেই চেমখৰ লাগিলে যিমানেই দুৰ্গম নহওক, দুটা দশকৰ পিচত এতিয়া হয়তো চেমখৰ বহু সলনি হ’ল। নিশ্চয় পৰিবৰ্তন হ’ল চেমখৰৰ মানুহখিনিও। আমি যোৱাৰ সময়ত চেমখৰৰ একমাত্ৰ শিক্ষিত যুৱকজন আছিল লাইথাৰ। জ্যোৰ্তিময় খেৰচাৰ মাতৃয়ে তুলি তালি ডাঙৰ কৰা লাইথাৰে তেতিয়া স্নাতক শ্ৰেণীত পঢ়ি আছিল গুৱাহাটীৰ এখন কলেজত। এতিয়া চাগৈ চেমখৰৰ ঘৰে ঘৰে আছে শিক্ষিত যুৱক-যুৱতী। কিন্তু মোৰ মনত আজিও জীৱন্ত হৈ আছে সেই পুৰণি চেমখৰখনেই।

(বাহিৰৰ মানুহ হিচাপে সম্ভৱ আমিয়েই প্ৰথম গৈছিলো চেমখৰলৈ৷ ক’ৰবাত যদি কিবা ভুল কথা লিখিছিলো তাৰ বাবে ক্ষমা বিচাৰিছো আৰু আঙুলিয়াই দিবলৈ অনুৰোধ জনাইছোঁ৷)

Leave a Reply

Your email address will not be published. Required fields are marked *